অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন দুই ৷৷ দিনাংক ১১.৪.২০১৫
৫. পালোঁহি সোণৰ ঠাই
ৰাস্তা তৰাভৰা নিমিলিলেও 'মন কা দীপক' জ্বলাব লাগিব৷ শিল্পীয়ে গীতটোত তেনেদৰেই গাইছিল৷ মনত সাঁচ বহুৱাই আমাকো অনুপ্ৰাণিত কৰিছিল৷ ট্ৰেভেল ছং এগালমান মোৰ পে'ন ড্ৰাইভটোতো ভৰাই লৈ আহিছোঁ৷ পেটেলৰটো আগতে শেষ হওক৷ তেওঁৰ কালেকচনখিনি শুনো৷ তাৰ পিছত আস্তেকৈ উলিয়াম৷ এতিয়া থাওক৷ নিজৰ পে'ন ড্ৰাইভটো উলিয়াওঁ বুলি ভাবিও ৰৈ গ'লোঁ৷
পানী-বালি অৰ্থাৎ নামচাই অতিক্রম কৰাৰ পিছতে আহিল এখন ডাঠ হাবি৷ কাষেৰে এখন বোঁৱতী নৈ৷ ৰাস্তাডোখৰ মাজে মাজে বেয়া৷ নিৰ্মাণ কৰি থকা হৈছে অৱশ্যে৷ বাটটো চিধা কৰি আছে৷ কালভাৰ্ট সাজি আছে৷ এই হাবিখন পাৰ হ'লেই পাম চৌখাম৷ পুৰণি অসমৰ এসময়ৰ অতি বিখ্যাত আৰু ঐতিহাসিক গাঁও৷ লোহিত জিলাৰ চৌখাম এচিয়াৰ ভিতৰতে সবাতোকৈ ধনী গাঁও হিচাপে গৰিমামণ্ডিত৷ ব্ৰিটিছৰ আমোলতে এই স্বীকৃতি প্ৰদান কৰা হৈছিল৷ ইয়াৰ প্ৰতিটো বস্তুৱেই নিজস্ব বৈশিষ্ট্যসম্পন্ন স্বকীয়তাৰে মহিমামণ্ডিত৷
আমাৰ চকুৰ সন্মুখত দেখা দিয়া চৌখামে সদ্যহতে গাঁৱতকৈ ডাঙৰ, চহৰতকৈ সৰু আকৃতি পৰিগ্ৰহ কৰিছে৷ মূলতঃ বৌদ্ধধৰ্মী লোকৰ আৱাসভূমি এই বিস্তীৰ্ণ অঞ্চল৷ ক'ৰবাত পঢ়িছিলোঁ, অৰুণাচল প্ৰদেশ চৰকাৰৰ চাইনব'ৰ্ড নেদেখিলে হেনো ম্যানমাৰ বা থাইলেণ্ডৰ ভিতৰুৱা জেগা যেনেই লাগে চৌখামক৷ কথাটো হয়৷ পাঁচ বছৰৰ পূৰ্বে মই থাইলেণ্ড ভ্ৰমণ কৰোঁতে যেনি-তেনি দেখা সোণালী দৃশ্যপটবোৰৰ সৈতে চৌখামৰ আংশিক সাদৃশ্য লক্ষ্য কৰিলোঁ৷ তাতো, কৰেল আইলেণ্ডৰ পাহাৰৰ মাজতযে ভাবিব নোৱাৰা ধৰণে ইমান সোণালীৰ সমাৱেশ থাকিব পাৰে, আন্দামান চীৰ বীচ্চত তহল দি ফুৰিলে সেয়া বিশ্বাসেই নহয়৷ সেই থাইভূমিৰ থাই লোকে দান দিয়া, তাৰ বিভিন্ন স্থানৰ পৰা অনা সোণখটোৱা বুদ্ধৰ মূৰ্তি অসমৰ কেইবাঠাইতো আছে৷ ইয়াতো আছে৷ এক কথাত নামচাই, চৌখামৰ বিশেষত্বই হৈছে ইফালে-সিফালে চিক্মিকাই মূৰ তুলি থকা সোণোৱালী পেগোডাবোৰ৷ খামতি অঞ্চল এইটো৷ টাইমূলীয় ভাষাৰ 'খামতি' শব্দৰ আভিধানিক অৰ্থটোৱেই হ'ল 'সোণৰ ঠাই'৷ 'খাম' মানে সোণ, 'তি' মনে ঠাই৷ ম্যানমাৰ, চীন আৰু থাইলেণ্ডৰ ভাষাৰ লগত খামতি ভাষাৰ সাদৃশ্য আছে বুলি শুনিছোঁ৷ এওঁলোকৰ গোষ্ঠীগত অৱস্থান শ্বান আৰু থাইৰ সৈতে একেটা ইথনিক গ্ৰুপতে৷
এটা সূত্ৰৰ মতে, তিব্বতৰ আমডোৰ পৰা মিছিমি পাহাৰৰ মাজেৰে লোহিতৰ কাষেৰে আহি ব্ৰহ্মপুত্ৰৰ বুকুৱেদি শদিয়া হৈ ভটীয়াই বিহাৰৰ বুদ্ধগয়ালৈ বাট আছিল৷ সেইফালেদি অতীতত বৌদ্ধ তীৰ্থযাত্ৰীৰ অহা-যোৱা চলিছিল বুলি অনুমান কৰা হয়৷ তাৰে নিদৰ্শন বুলিও কোৱা হয় চৌখাম আৰু ইয়াৰ স্তুপবোৰক৷ বৌদ্ধ ভিক্ষুসকলৰ নিজা পাঠশালা এতিয়াও আছে ইয়াত৷ আন কিছুৰ মতে, ইয়াৰ লোকসকল অষ্টাদশ শতিকাৰ মাজভাগত ইৰাৱতী নদীৰ ওচৰৰ বৰ-খামতি নামৰ ঠাইৰ পৰা প্ৰব্ৰজন কৰা৷ এই মানুহখিনি সম্প্ৰতি মূলতঃ কৃষিজীৱী৷ অনেকে চাকৰি-বাকৰি, ব্যৱসায় আদিও নকৰা নহয়৷ জীৱন-জীৱিকাৰ সন্ধানত বাহিৰলৈকো ওলাই গৈছে অঞ্চলটোৰ মানুহ৷ অসমৰ কেইখনমান জিলাৰ লগতে অৰুণাচল প্ৰদেশৰ টিৰাপ, নামচাই, লোহিত জিলাত ভালেসংখ্যক টাই-খামতি গাঁও আছে৷ টকৌপাত-জেঙুপাত দিয়া কাঠ-বাঁহৰ ওখ তেওঁলোকৰ চাংঘৰবোৰ চাবলগীয়া৷ দেখিলেই ভাব হয় যে সুন্দৰ, সমৃদ্ধিশালী, শান্তিপূৰ্ণ ঠাই এইবোৰ৷ বুদ্ধৰ অনুগামীসকল স্বভাৱতেই শান্তিপ্ৰিয় বুলি নিজস্ব অভিজ্ঞতাপ্ৰসূত এটা ধাৰণা আগৰে পৰাই মোৰ চিন্তা-চেতনাত বদ্ধমূল হৈ আছে৷ বৌদ্ধধৰ্মী লোকৰ সংশ্ৰৱত থাকি মানসপটত এইটো বিশেষভাৱে প্ৰকট হৈছে৷ ভান্তেই দিয়া পঞ্চশীল প্ৰতিজন মানুহৰ বাবেই প্ৰয়োজনীয় আৰু কাৰ্যকৰী, য'ত থাকে পৰিশীলিত জীৱনচৰ্যাৰ উপদেশ৷ বুদ্ধ দৰ্শন সকলোৰে বাবেই প্ৰযোজ্য৷
আনহাতে অসম বুৰঞ্জীয়ে কয়, অতীতত খামতিসকলে পাহাৰৰ পৰা নামি আহি আহোম ৰজাৰ অনুমতি সাপেক্ষে এই অঞ্চলৰে টেঙাপানীত বসবাস কৰিছিল৷ অসমীয়া ভাষা সলসলীয়াকৈ ক'ব পাৰে ইয়াৰ মানুহে৷ শিল্পকৰ্মৰ ক্ষেত্ৰতো এই মানুহখিনি আগ বঢ়া৷ তেওঁলোকৰ মোনাখনৰ কদৰেই বেলেগ৷ চাংকেন তেওঁলোকৰ মূল উৎসৱ৷ বাটৰ দাঁতিত খামতি মোনা লোৱা মানুহ আমি দেখা পালোঁ৷ খামতি গাভৰুৰ জুম এটা দেখি ‘… খামতি ছোৱালী …’ শীৰ্ষক গীতটোলৈ মনত পৰিল৷৷
নামচাইৰ চাও সুখেন থাওম্যুং ডাঙৰীয়াক সাক্ষাৎ কৰিম বুলি মনতে ভাবি আহিছিলোঁ৷ মানুহজনৰ সৈতে মোৰ দেখাদেখি বা শাৰীৰিক সাক্ষাৎ আগতে কাহানিও হোৱা নাই৷ 'খাময়্যাঙৰ ইতিহাসত থাওম্যুংসকল' শীৰ্ষক লেখা এটা পঢ়িছিলোঁ থাওম্যুং বংশৰ উজ্জ্বল আভা 'ছে-হুন-থাওম্যুং'ৰ প্ৰিণ্টিঙৰ কাম কৰোঁতে৷ তেখেতেই লিখিছিল৷ গতিকে মানুহজনৰ নামটোৰ সৈতে অন্ততঃ পৰিচয় অকণমান আছিল৷ ত্তাই খাময়্যাং সম্প্ৰদায়ৰ থাওম্যুং বংশৰ প্ৰথম অধিৱেশন উপলক্ষে প্ৰকাশিত সেই স্মৃতিগ্ৰন্থখনিৰ সহকাৰী সম্পাদিকা ডক্টৰ লক্ষ্যহীৰা থাওম্যুং বাইদেৱে কলকাতাৰ পৰা তেখেতক ফোন কৰি জনাই থৈছিল আমি সেই বাটে যোৱাৰ কথাটো৷ তেখেতৰো হেনো 'চীন সীমান্তলৈ যোৱা মানুহকেইজন'ক চোৱাৰ খুব হেঁপাহ আছিল৷
কিতাপত পঢ়িবলৈ পোৱামতে লেংলন্ বা লেংডনৰ সন্তান থিনখাম আৰু খুনখাম৷ থিনখামৰ পুত্ৰ খুনলুং৷ খুনলুঙৰ এগৰাকী অন্ধ কন্যা আছিল৷ তেওঁৰে সন্তান ক্রমে চ্যুজাৎফা, চ্যুখানফা আৰু চ্যুকাফা৷ চ্যুখানফাৰ বংশজ এই খাময়্যাংসকল৷ চ্যুকাফাৰ পৰা আহোমসকল৷ কোৱা হয় যে ১২১৫খ্ৰীষ্টাব্দত ম্যুংকং ৰাজ্যৰ মং মাও এৰি উত্তৰ-পশ্চিম দিশৰ সৌমাৰলৈ অভিযান চলাইছিল চাওলুং চ্যুকাফাই৷ যুন্নানৰ পৰা মিটকিনা, মগাউং হৈ ইৰাৱতী, খামজাং নৈ পাৰ কৰি নংয়াং হ্ৰদ আৰু তাৰ পিছত পাংচাও পাছেৰে পাটকাই পৰ্বত অতিক্ৰমি উপস্থিত হৈছিলহি ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামৰূপত, ১২২৮খ্ৰীষ্টাব্দত৷ ৯,০০০জনীয়া মানুহৰ সেই বৃহৎ দলটোৰ সৈতে আহিছিল স্বৰ্গদেউৰ বিশ্বস্ত আৰু অন্তৰংগ ৭ঘৰ থাওম্যুং৷ খাময়্যাংসকলৰ ১৯টা ফৈদৰ মাজৰে এটা হৈছে থাওম্যুং৷ 'থাও' মানে জ্যেষ্ঠ, 'ম্যুং' মানে দেশ বা ৰাজ্য৷ এওঁলোক টাইমূলীয় আৰু ধৰ্ম-বিশ্বাসত বৌদ্ধ৷ অসমৰ কেইবা ঠাইৰ বাদেও ডিৰাকৰ পৰা আৰম্ভ কৰি নামচাইক সামৰি এওঁলোকৰ বিশাল বসতি৷ সৌভাগ্যক্ৰমে মহামতি চ্যুকাফা অহাৰ বাটটো দেখিলোঁগৈ দুবছৰৰ আগতে, ম্যানমাৰৰ অন্তৱৰ্তী নংয়াং হ্ৰদ অৰ্থাৎ লে'ক অফ ন' ৰিৰ্টাৰ্ণ পৰ্যন্ত খোজেৰে গৈ৷ নামচাই অঞ্চলত বসতি কৰি থকা থাওম্যুং জনগোষ্ঠীটোৰ সম্পৰ্কেও জনাৰ হাবিয়াহ আছিল৷ একমাত্ৰ সময়ৰ পৰিপ্ৰেক্ষিততে বহুপ্ৰত্যাশিত এই সাক্ষাৎ অনিচ্ছাসত্ত্বেও বাতিল কৰিবলগীয়া হ'ল৷

কথাবোৰ ভাবি থাকোঁতে থাকোঁতেই চকুৰ আঁতৰ হওঁ হওঁ হ'ল নামচাই, চৌখাম, ‘সোণৰ ঠাই’৷
পৰৱৰ্তী খণ্ড
:
৬. ১৫টাকৈ তাৎপৰ্যবহনকাৰী থলী!
৬. ১৫টাকৈ তাৎপৰ্যবহনকাৰী থলী!
No comments:
Post a Comment