Friday, 19 June 2015

অৰুণোদয়ৰ বাট বিচাৰি, 
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন দুই ৷৷ দিনাংক ১১.৪.২০১৫
১২. অৰুণাচলৰ দীৰ্ঘতম দলংখনত ৰৈ


পেটেল আগে-ভাগে আহি আমালৈ ৰৈ আছিল৷ কেতিয়ানো ইমান আগ বাঢ়িল ধৰিবই নোৱাৰিলোঁ! আমি অত-তত ৰৈ ফটো তোলা, দৃশ্য চোৱা আৰু কথা পতাত মগন আছিলোঁ৷ মুঠতে কিমান ষ্টেপ আছে ইয়াত? কুণ্ডৰ মূৰৰ পৰাই তাৰ হিচাপ এটা লোৱাৰ প্ৰয়াস কৰিছিলোঁ যদিও মাজতে এটা কেঁকুৰিত ৰুদ্ৰাক্ষৰ গুটি বুটলিবলৈ লৈ যতচব খেলিমেলি লাগি গল৷ অহা আৰু যোৱা ভাগ কৰি যাত্ৰীক শৃংখলাবদ্ধ কৰিবৰ বাবে দুকাষৰ উপৰি ফুটপাথৰ মাজতো ৰেলিং দিয়া হৈছে৷ ঠায়ে ঠায়ে ছলাৰ লাইট স্থাপন কৰা দেখা পালোঁ৷ গছৰ ওপৰত মাইকো চকুত পৰিল৷ কেইবাটাও মন্দিৰ, তীৰ্থবাসীৰ আবাস ইত্যাদি পাৰ হৈ আহিছোঁ৷ অসংখ্য পাৰ চৰাই৷ উচ্ছিষ্ট খাই থকা গৰু আৰু কুকুৰো আছে৷

আসনত বহাৰ পিছতে গাড়ী আকৌ মূল পথলৈ উঠিল৷ অৱশ্যে বেছি পৰ নচলিল৷ ৰাইট টাৰ্ণ লৈ দলঙৰ ওপৰত ৰলোঁ৷ এইখনেই পৰশুৰাম কুণ্ডৰ দলং৷ লোহিতৰ ওপৰত, অৰুণাচল প্ৰদেশৰ ভিতৰত আটাইতকৈ দীঘলখন৷ দৈৰ্ঘ্যটো কৰবাত লিখা আছে নেকি চালোঁ, নাপালোঁ৷ ২০০৪চনত সেতুখন সম্পূৰ্ণ হৈ উঠিছিল৷ তাৰ পিছৰ পৰা লোহিত জিলাৰ সদৰ ঠাই তেজুলৈ বা আন কোনো জেগালৈ বছৰৰ যিকোনো সময়তে মানুহে ইচ্ছা বা প্ৰয়োজন হলেই আহ-যাহ কৰিব পৰা হল৷ সিপাৰ হব পৰা হল৷ পূৰ্বৰ দৰে বাৰিষাত তেজু চহৰখন এতিয়া আৰু দেশৰ অন্যান্য অংশৰ সৈতে দিনৰ পিছত দিন ধৰি যোগাযোগ বিচ্ছিন্ন হৈ নাথাকে৷ দুৰ্যোগপূৰ্ণ সেই অমানিশাবোৰৰ অৱসান ঘটিল৷ তাৰ আগৰছোৱাত কিন্তু অবৰ্ণনীয় দুৰ্ভোগ ভুঞ্জিবলগীয়া হৈছিল, বিশেষতঃ এইফালৰ মানুহখিনিয়ে৷ চৌখামেৰে গৈ পোৱা আলুবাৰী ঘাটৰ সেই সাগৰখন পাৰ হোৱাৰ পৰা তেও ৰক্ষা এতিয়া! বাইশ বছৰৰ আগতে তেজুলৈ যাওঁতে অভিজ্ঞতাফেৰি মোৰ হৈছে৷ বালিয়ে, শিলগুটিয়ে, পানী ফালি, সেনাৰ বেলুন ব্ৰীজেৰে পাৰ হৈ গৈয়ে আছোঁ গৈয়ে আছোঁ, নাপাওঁহে নাপাওঁ পাৰ৷ লোহিতৰ বুকুত কেইবাটাও ঘণ্টা ধৰি অকাই-পকাই গৈ থাকিব লাগে৷ ৰাস্তা হেৰাবও পাৰে৷ অথচ সিপাৰেই তেজু! অৰুণাচলী বান্ধৈ ধৰ্মেনহঁতক বাৰিষা ঘৰলৈ যা বুলিলেও নাযায়, হোষ্টেলতে থাকি দিব লাগিলে, হোটেলতে খাব৷ অগত্যা যাবলগীয়া হ’লে ৰৰৈয়াৰ পৰা হেলিকাপ্তাৰত উৰিব তেজুলৈ৷ কিযে দিন আছিল সেইবোৰ! গতিকে এই দলংখনক এক অৰ্থত ‘পুণ্যস্থলৰ আশীৰ্বাদ’ বুলিয়ে অভিহিত কৰি পেলালোঁ৷

এইডোখৰতে লোহিতৰ সিটো পাৰৰ পৰা আৰম্ভণি হৈছে অৰুণাচল-হিমালয়ৰ লানি লানি পৰ্বতৰ৷ ভাবি ভাল লাগিল যে আমি সেই পৰ্বতমালাৰ ফাঁকে ফাঁকেই আগুৱাব লাগিব৷ তেনেকৈয়ে অদৃশ্য হম ভালেকেইদিনৰ বাবে৷ হয়তো আগলৈ আকৌ কোনোবাখিনিত লোহিতখন পাৰ হম, হয়তো নহম৷ নাজানো৷ ইমানেই মাত্ৰ জানিছোঁ যে নেদেখা হৈ পৰিবলগীয়া পইণ্টটো সৌৱা, নিচেই সন্নিকট! আচম্বিতে মনটোত এটা পুলক জাগি উঠিল৷

দলঙৰ ওপৰৰ পৰা লোহিতৰ দুয়োপাৰৰ সৌন্দৰ্য নয়ন ভৰি চালোঁ৷ খোজ কাঢ়ি আগুৱাই গ’লোঁ৷ অলপ আগতে এৰি অহা পৰশুৰাম কুণ্ডৰ দিশেও চালোঁ৷ দৌৰি সিটো কাষলৈ গৈ অসমৰফালেও চালোঁ৷ বিভিন্ন দৃশ্যৰ সমাহাৰ৷ চালে চাই থাকিবলৈ মন যায়৷ কিমানযে চালোঁ গুগুলত, অহাৰ আগেয়ে! বাস্তৱ এতিয়া এয়া, চকুৰ সন্মুখত৷

নৈখনৰ নামেৰেই আমি এতিয়া পোৱা জিলাখনৰো নামটোও৷ লোহিত৷ নদীপ্ৰধান ৰাজ্য অৰুণাচলৰ কেইবাখনো জিলাৰ নাম নৈৰ নামেৰেই হৈছে৷ নামবোৰো ভাল লাগে উচ্চাৰণ কৰি৷ মিউজিকেল, সাংগীতিক৷ মনটো উৰা মাৰে চাবলৈ, পাৰলৈ যাবলৈ৷ ইষ্ট কামেং, ৱে’ষ্ট কামেং, ইষ্ট চিয়াং, ৱে’ষ্ট চিয়াং, আপাৰ চিয়াং, ল’ৱাৰ সোৱণশিৰি, আপাৰ সোৱণশিৰি, ল’ৱাৰ দিবাং ভেলী, আপাৰ দিবাং ভেলী, কুৰুং কুমেই, নামচাই, লোহিত৷ প্ৰাণটোক যেন জগাই তোলে! এই লোহিতেই শদিয়াৰ আগলৈ ছিবিয়াৰ লগ লাগি নাম লৈছে ব্ৰহ্মপুত্ৰ৷ ছিবিয়াখন চিয়াং অৰ্থাৎ দিহাঙৰ এটা ধাৰা৷ চিয়াং অৰ্থাৎ দিহাঙেই তিব্বতত চাংপো৷ ব্ৰহ্মপুত্ৰৰ মুখ্য আধাৰ৷ লোহিত হৈছে পূব প্ৰান্তৰ মূল নৈ৷ ছিবিয়াৰ সৈতে মিলন ঘটাৰ পূৰ্বেই দিবাংখন লগ লাগিছে লোহিতৰ৷ চাংপোৰ পানী দিহাঙেৰে দক্ষিণলৈ বৈ আহি পূবৰ পৰা গৈ থকা লোহিতৰ লগত মিলিবৰ পৰাই সকলোৱেই নিজৰ নিজৰ নাম সলাই উমৈহতীয়াভাৱে ব্ৰহ্মপুত্ৰ হ’ল৷ দিহাং আৰু দিবাঙৰ জলৰাশিয়ে সেইখিনিত এইখন লোহিতক প্ৰবল শক্তিশালী কৰিলে৷

দৰাচলতে সেয়া ‘লৌহিত্য সংগম’, য’ত লগ লাগিছে নখনকৈ সৰু-বৰ নৈ৷ ডিব্ৰু, ডাঙৰী, ডিয়ুন বা ন-দিহিং বা নোৱাদিহিং, লোহিত, কুণ্ডিল, দিবাং, গংগো বা দটং, ছিবিয়া আৰু চিয়াং বা দিহাং৷ এই মহাসংগম সৃষ্টিত চাৰিখন ডাঙৰ নদীয়ে মুখ্য ভূমিকা পালন কৰিছে৷ সেয়া হ’ল লোহিত, দিবাং, ছিবিয়া আৰু চিয়াং৷ ইয়াৰে লোহিত আৰু চিয়াং হৈছে আন্তঃৰাষ্ট্ৰীয় নদী৷ আমি লোহিতৰ দলঙত থিয় দি আছোঁ৷ তলেৰে স্বাভিমানেৰে সৈতে বৈ আছে এখন আন্তঃৰাষ্ট্ৰীয় নৈ! চাবগৈ লাগিব, কোন বাটেৰেনো চীনৰ পৰা ভাৰতলৈ আহিছে এই নৈ৷ মিলনত অৰিহণা যোগোৱা ডিব্ৰু আৰু ডাঙৰীৰ বাদে বাকীকেওখন নৈয়ে অৰুণাচলৰ মাজেদি অহা৷ সেই সংগমস্থলীৰ আগলৈ জলভাগক মহাবাহু ব্ৰহ্মপুত্ৰ বা বৰলোহিত বুলি অভিহিত কৰা হয়৷ উজনি অসমৰ উত্তৰ দিশত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ অন্তৰ্গত বিশ্বৰ সৰ্ববৃহৎ নদী-দ্বীপ ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-ছৈখোৱাক কেন্দ্ৰ কৰি অসম উপত্যকাত সৃষ্টি হৈছে সেই মহাসংগম৷ মহানদ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ইতিহাসৰ বিভিন্ন ক্ষণক সাক্ষী কৰি গঢ় লৈ উঠিছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতা৷ আমি ব্ৰহ্মপুত্ৰ উপত্যকাৰ, কাৰবি পাহাৰৰ মানুহ৷ আহিছোঁ লোহিত উপত্যকাৰ মিছিমি পাহাৰলৈ৷ ইয়াৰ মাটি, মানুহ আৰু প্ৰকৃতিক নিচেই ওচৰৰ পৰা চাবলৈ, অনুভৱ কৰিবলৈ৷

বিশ্বৰ ভিতৰত সৰ্বাধিক নদী থকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ এই আৰম্ভণি অংশটো এজোপা প্ৰকাণ্ড গছৰ শিপাৰ দৰেই বিস্তৃত৷ গুগুল মেপত সেয়া চাব পাৰি৷ এই শিপাবোৰৰ সৃষ্টি একেবাৰে হিমালয়ৰ বুকুৰ পৰা৷ লৌহিত্য মহাসংগমত এইসমূহ শিপা একমুঠ হৈ মহাবাহু ব্ৰহ্মপুত্ৰ নামৰ পূৰ্ণাংগ বটবৃক্ষৰ ৰূপত গৰ্বৰে থিয় দি আছে৷ অনুৰূপ, বিস্তৃত অৱৱাহিকা অঞ্চলটোত যুগ যুগ ধৰি বসতি কৰি অহা বিভিন্ন জাতি-জনগোষ্ঠীবোৰ৷ এই নানাজাতি, উপজাতি মিলিয়েই এদিন সৃষ্টি হৈছিল অসমীয়া মহাজাতি, বৰ-অসম৷ ডক্টৰ ভূপেন হাজৰিকাই গাই যোৱা ‘চিয়াঙৰে গালং, লোহিতৰে খামতি’ গীতটো আপোনাআপুনি ওঁঠলৈ আহিল৷ 

লোহিত পালোঁ, খামতিও পালোঁ৷ এদিন চিয়াং পামগৈ৷ দিবাঙো দেখিম নিশ্চয়৷ সেই আশা সদ্যহতে মনৰ গোপন কোণত পুহি থৈছোঁ৷ আচলতে তেতিয়াহে ব্ৰহ্মপুত্ৰ দৰ্শনটো পূৰা হ’ব৷ নহ’লেবা ব্ৰহ্মপুত্ৰৰ পাৰত ৰৈ মাথো ইপাৰ-সিপাৰলৈ চাই থাকি কোনোপধ্যেই উপলব্ধি কৰিব নোৱাৰি ইয়াৰ প্ৰকৃত বিশালতা৷ তেনেকৈ অসমীয়া জাতিৰ বিশালতাক বুজি পোৱাটোও মুখৰ কথা নহয়৷ নিষ্ঠুৰ সময়ে আজি কাৰ্যতঃ সংকুচিত কৰি পেলোৱা অসমীয়া মহাজাতিৰ বিশালতাক প্ৰেক্টিকেলি জানিবলৈ হ’লে বহ্নিমান ব্ৰহ্মপুত্ৰৰ দৰ্শন, অধ্যয়ন আৰু উদাৰ দৃষ্টিভংগীৰ দৰকাৰ আছে৷

শিল আৰু সোঁতৰ ঘৰ্ষণৰ শব্দবোৰে বহু কথাই যেন কৈ দিলে অলপ সময়ৰ ভিতৰতে৷ ভবাই তুলিলে ব্ৰহ্মপুত্ৰ, লোহিতে৷ ভাবনাত একান্তমনে ডুব গৈ থকাৰ পিছত সম্বিৎ যেতিয়া ফিৰি আহিল, তেতিয়াহে খেয়াল হ'ল যে ৰৈ থাকিলে নহ’ব, আগলৈ যাব লাগে৷ নহ’লে খুপা পাওঁতে পাওঁতে ৰাতি হৈ যাব৷

লোহিত ব্ৰীজ পাৰ হৈয়ে এটা কেঁকুৰি৷ পাহাৰৰ দেহত অকোৱা-পকোৱাকৈ ৰাস্তাটো অনুমান কৰা যায় যদিও আগলৈ একোকে নেদেখি৷ কেঁকুৰিত হেৰাই গৈছে আমাৰ পথটো! কেঁকুৰিটোতে, পাহাৰৰ নামনিত হোটেল এখন৷ পেটেলৰ পৰামৰ্শ, ‘ইয়াতে ভাত খাই লওক ছাৰ৷ চালাংগাম পাওঁতে পাওঁতে বহুত দেৰি হৈ যাব৷’  প্ৰস্তাৱ উঠিল, দিনৰ ভাতসাজ সেই স্থানতে মোকলোৱা হওক৷ সমতলৰ দৰে য’তে-ত’তে ভাত-চাহৰ হোটেল এইবাটে সুলভ নহ’ব বুলিও পেটেলে সকীয়াই দিছিল৷ ইফালে অবিৰতভাৱে পাহাৰ বগাই কৰা ‘তীৰ্থটন’ৰ পিছত ভোকটোৱেও স্বাভাৱিকতে আমনি কৰি আছিলেই৷ অনিলদায়ো ক’লে, ‘গাটো ধোৱাৰ পিছতে মোৰ ভোক লাগে৷ ঘৰত পৰিবাৰ বা ছোৱালীয়ে জানেই, মই গা ধুবলৈ সোমালোঁ মানে সিফালে ভাত বাঢ়িব লাগিব৷ নহ’লে ঘমঘণ্ট৷’ প্ৰস্তাৱটো সমৰ্থন কৰি দিলোঁ আটায়ে আৰু সোমাই গ'লোঁ সেই হোটেল নামৰ ঘৰটোলৈ৷

মিছিমি পৰ্বতৰ পাদদেশত লোহিতৰ কিনাৰত ৰাজ্যখনৰ দীৰ্ঘতম দলঙৰ কাষত ঘাইপথৰ দাঁতিত প্ৰথমসাজ ভাত! দিনৰ এক বাজিছিল তেতিয়া৷ অনিলদাৰ মতে ‘একদম উচিত সময়’৷









পৰৱৰ্তী খণ্ড :
১৩. লোহিত ভিউ পইণ্টত এখন্তেক

No comments:

Post a Comment