Sunday 27 September 2015

বই নোৱাৰোঁ যে
সেইদিনা বিশ্ব পৰ্যটন দিৱস আছিল

বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত চেক্‌-ইন৷ লগত ধনছিংদা৷ হাতত টিকট আৰু আইডেন্‌টিটি কাৰ্ড৷ ব’ডিং পাছ ল'লোঁ৷ হেণ্ডবেগ হিচাপে নিয়া লাগেজত লগাবৰ বাবে কিংফিচাৰ এয়াৰলাইনছৰ টেগ ল’লোঁ৷ কাউণ্টাৰত বহা ছোৱালীজনীয়ে ৰাষ্ট্ৰীয় কাকত Eastern Chronicle একোখনকৈ পঢ়িবৰ বাবে দিলে৷ ১২.২০বজাৰ ফ্লাইট৷ আৰামী চকীত বহি পৃষ্ঠাবোৰ মেলি গৈ আছোঁ৷ ১২ অৰ্থাৎ শেষ পৃষ্ঠাটোৱে হঠাতে চকু দুটা মস্ত কৰি পেলালে৷ বিশ্ব পৰ্যটন দিৱস উপলক্ষে Assam Tourismৰ আধা পৃষ্ঠাজোৰা বিজ্ঞাপন এটা৷ সেইটো দেখিহে গম পালোঁ যে কাইলৈ (২৭ছেপ্টেম্বৰ ২০১০) World Tourism Day! আৰু সেই বিশেষ দিনটোতে আমি উৰা মাৰিম কলকাতাৰ পৰা বেংককলৈ৷ এতিয়া প্ৰথম খেপ, গুৱাহাটীৰ পৰা কলকাতালৈ৷ পৰিকল্পনাবিহীনভাৱেই কেনেকৈনো কথাটো ইমান মিলি গ’লজানো, ক’ব নোৱাৰোঁ৷ টিকট কাটোতে খেয়ালেই নাছিল ধনছিংদাৰ৷ কাকতালীয় সংঘটনটোৰ কথা জানি নিজেই আচৰিত হ’লোঁ৷ লগতে অদ্ভুত ধৰণে পুলকিতও৷

বিশ্ব পৰ্যটন দিৱসৰ দিনাই মোৰ জীৱনৰ প্ৰথম বিদেশ ভ্ৰমণ! পুৱা হোটেল এৰাৰ আগতেই বিভিন্নজনলৈ SMS কৰিলোঁ : Distance should not matter. Celebrate World Tourism Day. Choice your destination, pack your essentials and move. Let us explore the world.

দমদমৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমান বন্দৰৰ হ'ল্ড ৰুমৰ লবীত বহি ব’ৰ্ডিঙৰ অপেক্ষাৰে স্ফূৰ্তিতে বন্ধু-বান্ধৱ কিছুমানক আকৌ SMS কৰি জনালোঁ : Jet Airways 9W 066, Boarding pass received, Immigration done, Security checked at NSCB International Airport, Kolkata. World Tourism Day special.

দিনৰ ১১.৫৫ত বিমানখনে গাটো লৰালে৷ এসময়ত ভাৰতৰ মাটি এৰি ওপৰলৈ উঠিল৷ তেনেকুৱাতে ভ্ৰমণ-সংগী ধনছিংদাই উৎসাহেৰে সৈতে হেণ্ডচেক্‌ কৰিলে, এটা ড্ৰিম ফুলফিল্‌ হোৱাৰ আনন্দত৷ জীৱনলৈ সহজেই মনত ৰৈ গ’ল, সেই দিনটো৷

আজিও বিশ্ব পৰ্যটন দিৱস৷ ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থা, চমুকৈ UNWTOৰ মূল লক্ষ্য হৈছে বিশ্বৰ বিভিন্ন জাতি-সম্প্ৰদায়ৰ মাজত পৰ্যটন উদ্যোগৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক মূল্য সম্পৰ্কে সচেতনতা বৃদ্ধি কৰা৷ দিৱসৰ এইবাৰৰ মূল বাণী হৈছে 'এক বিলিয়ন পৰ্যটক, এক বিলিয়ন সুযোগ' (1 billion tourists, billion opportunities)৷ UNWTOৰ সাধাৰণ পৰিষদৰ সিদ্ধান্ত মৰ্মে এইবাৰৰ বিশ্ব পৰ্যটন দিৱস কেন্দ্ৰীয়ভাৱে উদ্‌যাপন কৰা হৈছে আফ্ৰিকা মহাদেশৰ পশ্চিম অংশৰ এখন দুখীয়া তথা অনগ্ৰসৰ দেশত৷ দেশখনৰ নাম বুৰকিনা ফাছ’৷ আকৰ্ষণীয় আৰু মনোমোহা ইয়াৰ প্ৰাকৃতিক দৃশ্যাৱলী৷ বিচিত্ৰ ইয়াৰ লোক-সাংস্কৃতিক উপাদান৷ চহকী ইয়াৰ শিল্প-কলা৷ বিশ্বৰ পৰ্যটন মানচিত্ৰত অন্তৰ্ভুক্ত হোৱাৰ উপৰি পৰ্যটনপ্ৰেমী আৰু পৰ্যটকসকলৰ মাজত এতিয়া এই দেশ বহুলভাৱে চৰ্চিত হৈ পৰিছে, আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে৷

আজি পুৱাতে ‘আমাৰ অসম’ কাকতখন মেলিলত Assam Tourismৰ বিজ্ঞাপন এটা দেখা পালোঁ৷ লিখিছে : Every time we travel, for whatever reason, we are part of a global movement; a movement that has the power to drive inclusive development, create jobs and build the sustainable societies we want for our future, a movement that builds mutual understanding and can help us safeguard our shared natural and cultural heritage.

ঠিক কথা৷ কিন্তু তাৰ লগে লগে 'এক বিলিয়ন পৰ্যটক, এক বিলিয়ন সুযোগ’ কথাষাৰ আমাৰ মুলুকত কেনেভাৱে প্ৰযোজ্য হয় সেইটোও নিশ্চয়কৈ লক্ষ্যণীয় আৰু গুৰুত্বপূৰ্ণ হ'ব৷ মোক চা মোক চা কৰা প্ৰকৃতি, মানৱ বৈচিত্ৰ্য আৰু চিত্ৰ-বিচিত্ৰ সংস্কৃতিৰ আমাৰ ফালে দেখোন অকণোৱেই অভাৱ নাই৷ পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ লক্ষ্যত সকলোৱে সদিচ্ছা আৰু আন্তৰিকতাৰে কাম কৰি গ'লে সুযোগ আপোনা-আপুনি ওলাব৷ অসম, উত্তৰ-পূৰ্বাঞ্চল নিজেই হৈ উঠিব এচিয়াৰ বুৰকিনা ফাছ'৷

Saturday 26 September 2015

কোৰবানি ঈদ : স্মৃতি আৰু অনুভৱ

আমি তেতিয়া প্ৰাথমিক বিদ্যালয়ত পঢ়ো৷ বক্রীদত দেউতাহঁতৰ ঘৰলৈ যোৱাটো এটা বছৰেকীয়া দস্তুৰ৷ চকীহোলাত চাকৰি কৰা দুই নম্বৰ দদাইদেউজন ডিফুলৈ আহে৷ তেৱোঁ আমাৰ সৈতে একেলগে ঘৰলৈ যায়৷ মিটাৰগজ ট্ৰেইনেৰে আমাৰ যাত্ৰা৷ কয়লা ইঞ্জিনে টনা যাত্ৰীবাহী ৰেলগাড়ী৷ চানা-বাদাম চোবাই চোবাই গৈ শিমলুগুৰি ষ্টেচনত নামো৷ দেউতাই টেক্সী এখন ভাড়া কৰে৷ ধোদৰ আলিৰে ঘটংমটংকৈ গৈ থাকোঁ৷ আহোম ৰজাদিনীয়া শিলৰ সাঁকো এখন পাৰ হওঁ৷ আৰু অলপ আগুৱাই শিলাসাঁকো, চোমনি গাঁও৷ ককা, আইতা, দদাই, পেহীহঁতৰ ওচৰ পাওঁগৈ৷ ঘৰ সোমাওঁতে আন্ধাৰ নামি আহে৷ হাত-লেম, টেবুল লেম্প, টিপ চাকিবোৰ জ্বলি উঠে৷ সত্তৰ দশকৰ কথা এয়া৷ তেতিয়া সেইফালে ইলেকট্ৰিছিটি সংযোগ হোৱাই নাই৷

কৃষক ককাদেউতাহঁতৰ খেৰ-বাঁহৰ মাটি লেপা বেৰত চূণ দিয়া ঘৰ৷ গাড়ী ৰোৱাৰ শব্দটো শুনা পায়ে ভিতৰত খদমদম লাগি যায়৷ ঘৰখনৰ প্ৰতিজনেই ওলাই আহে আমাক আদৰিবলৈ৷ কোনোবা এজনে লেম এটা লৈ খৰধৰকৈ নঙলামুখলৈ আগুৱাই আহে৷ টালি-টোপোলাবোৰ ধৰি ধৰি নিয়ে৷ আমাকো গায়ে-মূৰে হাত ফুৰায়৷ স্নেহবন্ধনত আবদ্ধ হৈ আমি ভিতৰ সোমাওঁ৷

হাত-মুখ ধোৱা নহয়েই, চাকি বা হাত-লেমৰ পোহৰ দেখুৱায়ে ডাঙৰ দদাইদেউজনে আমাক চিধাই পিছফাললৈ নিয়ে৷ ভঁৰালৰ তলত গোহালিত বান্ধি থোৱা, কোৰবানিৰ বাবে চণ্টক, সোণাৰী নহলে দক্ষিণ হেঙেৰা বা ৰাজমাইৰ গৰু বজাৰৰ পৰা আগৰ দেওবাৰে কিনি অনা নোদোকা গৰুটো দেখুৱায়৷ কথা-বতৰা, হাঁহি-ধেমালিৰে উৎসৱমুখৰ পৰিৱেশ এটা ঘৰখনলৈ আহি পৰে, আমাৰ উপস্থিতিৰ পিছৰে পৰাই৷

পিছদিনাখন টোপনিৰ পৰা সাৰ পাওঁতেই এটা বেলেগ ধৰণৰ অনুভূতি৷ নতুন ঠাইৰ আচহুৱা পৰিৱেশটোৰ বাবেই তেনেকুৱা হয়৷ পুৱাৰে পৰাই ভিতৰে-বাহিৰে উখল-মাখল৷ চাহটোপা খায়ে যেনিতেনি আমাৰো অবাধ বিচৰণ৷ যেন এৰাল ছিগা গৰু! পিছফালৰ পুখুৰীটো, আগফালৰ নৈখন, নৈৰ সিপাৰৰ বাৰীখন, বাৰীৰ শেষলৈ কঠীয়াতলী, কঠীয়াতলীৰ পৰা আৰম্ভ হোৱা পথাৰ, ইফালে সিফালে থকা খাৱৈ, মেটেকানি, বৰশী, মাৰ্বল, ৰবাব টেঙাৰ বল, ছাগলী-হাঁহ-কুকুৰাৰ গঁৰাল, ঢেঁকীশাল, ভঁৰাল, কাষৰ ইঘৰ-সিঘৰ, গছবোৰত কত কি ফলমূল লাগি আছে পিতপিতাই ফুৰাটো চুৰু হৈ যায়৷ বহুদিনৰ মূৰত দেখা পাই সকলোৱে আমাক বৰকৈ আলৌ-উঠৌ কৰে৷ পঢ়া-শুনাৰ পৰা আদি কৰি ঢেৰ কিবাকিবি সোধে৷ খাবলৈকো দিয়ে৷ সৰু দদায়ে তেওঁৰ বেঞ্জুখন উলিয়াই বজাই শুনায়৷ আমিও চেষ্টা কৰোঁ তেনেকৈ বজাবলৈ, কিন্তু সফল নহওঁ৷ সোণাৰী বা নামৰূপৰ বাছখনত শিৱসাগৰ কলেজত পঢ়ি থকা তিনি নম্বৰ দদাইদেউজন আহি নামে৷ তেওঁৰ লগত আমাৰ দোস্তি বাঢ়ে৷ ইফালে বজাৰ-সমাৰৰ লগতে বাকী যা-যোগাৰবোৰো সম্পূৰ্ণ হৈ উঠে৷ মা, পেহীহঁতে চোতালতে বেঞ্চ এখনত মেছিন লগাই ছেৱৈ পেৰে৷ আইতাই তেলপিঠা, কৰাইগুড়িৰ লাড়ু আদি সাজে৷ ককাদেউতাই মস্ত শিল এটাত ছুৰী-ছুৰিকা, মিট, বলিকটীয়া ডেগাৰ আদি ধৰায়৷ গধূলি ইস্ত্ৰিটোত আঙঠা ভৰাই লৈ সৰু দদাইজনে পায়জামা-পঞ্জাবীবোৰ ইস্ত্ৰি কৰে৷ পিছদিনা ঈদ৷ ঈদ-উজ-জোহা৷ ত্যাগৰ উৎসৱ৷

পুৱা সোনকালে উঠা হয়৷ ঘৰৰ পিছফালে কোৰবানি দিবলগীয়া ঠাইখিনিত গাঁত এটা খন্দাৰ পৰা আৰম্ভ কৰি ছাল ছেলোৱা, মাংস কটা, ভাগ পতা, মানুহ বহা, ৰন্ধা-বঢ়া কৰা ঠাইবোৰ পৰিষ্কাৰ কৰি থোৱা হয়৷ কলপাত-তমাল, ঢাৰি-পাটী-কঠ, পানী-খৰি, ডেগচি-কেৰাহী-বাল্টি-হেতা, বাচন-বৰ্তন-গিলাচ, তামোল-পাণ-চূণ-ধঁপাত-চুৰটৰ যোগাৰৰ উপৰি চালনী, ধোঁৱা চাং আদি যতনাই ৰখা হয়৷ তাকে কেন্দ্ৰ কৰি পুৱাৰে পৰাই ঘৰখনে প্ৰাণ পাই উঠে৷ গা ধুবলৈ ডাঙৰ কোনোবাই আমাক পুখুৰীৰ পৰা বাল্টিৰে পানী তুলি দিয়ে৷ গা-পা ধোৱাৰ পিছত মাহঁতে ছেৱৈ আৰু মিঠা বস্তু খাবলৈ দিয়ে৷ বগা পোছাকযোৰ পিন্ধিবৰ বেলি হৈ আহে৷ মছজিদলৈ ওলাই যোৱাৰ আগতে দেউতাৰ নিৰ্দেশত ডাঙৰবোৰক এফালৰ পৰা সেৱা কৰাটো ধৰাবন্ধা নিয়ম৷ মনে মনে বৰ টান পাওঁ এই কাৰবাৰটো৷ ইফালে কথা অমান্য কৰিবও নোৱাৰি৷ ঈদ বুলি স্নেহাশিস লভাৰ লগতে ইজনে-সিজনে দিয়া পইচাকেইটামানো অৱশ্যে হাতলৈ নহাকৈ নাথাকে৷ আলিংগনমুক্ত হোৱাৰ পিছত কোনে কিমান পালে তাকে গন্তি কৰি স্ফূৰ্তিত আত্মহাৰা হওঁ৷

ককাদেউতা, দেউতা, দদাইহঁতৰ লগত খোজ কাঢ়িয়েই আমি টেঙাপুখুৰী মছজিদলৈ যাওঁ৷ উজনিৰ দিশৰ পৰা অহা দিজৈখানা নৈখন সোঁহাতে নীৰৱে বৈ থাকে৷ ডাঙৰবোৰৰ কোনো কোনোৱে চাইকেল মাৰিও যায়৷ গাড়ী, স্কুটাৰ, মটৰ চাইকেল কাৰো নাই৷ খোজেৰে যাওঁতে বাটে বাটে গাঁওখনৰ ইজন-সিজনকৈ আহি লগ লাগি দলটো ডাঙৰেই হয়গৈ৷ বাঁহৰ মুকলি দলং এখনেৰে খাৱৈ এটা পাৰ হৈ বাঁওহাতে অৱস্থিত নাতিবৃহৎ উপাসনা গৃহটিত আমি সোমাই পৰোঁ৷ বিভিন্ন শিতানৰ ধন সংগ্ৰহৰ বাবে মজিয়াত বহি ৰোৱা লোককেইজনৰ কাষ চাপি গৈ দেউতাই ভাগে ভাগে অৰিহণা দিয়ে৷ মাত-কথাত মানুহবোৰক একেটি পৰিয়ালৰ যেন লাগে৷ প্ৰাৰ্থনাৰ সময় হৈ আহে৷ সমনীয়াবোৰৰ সৈতে আমাক পিছৰফালে পোনকৈ শাৰী পাতিবলৈ নিৰ্দেশ দিয়া হয়৷ ঈদ-মোবাৰক জনাই ইমাম চাহাবে পৰ্বটিৰ তাৎপৰ্য ব্যাখ্যা কৰে৷ নামাজৰ নিয়তটোৰ উপৰি নিয়মখিনি এবাৰ সোঁৱৰাই দিয়ে৷ ডাঙৰে যিদৰে কৰে চাই চাই আমিও সেইদৰেই উঠা-বহা কৰোঁ৷ ভুল হয় বুলি পেটে পেটে চিন্তা এটাও লাগি থাকে৷ তাৰ মাজতে বাঘৰ আগতেল খোৱাকেইটামানে হহুঁৱাবৰো যত্ন কৰে৷ সেই দহ-পোন্ধৰ মিনিটলৈ সিহঁতৰ পৰা খুব সাৱধানে থাকোঁ৷ কথা নকওঁ, নাচাওঁ, নাহাঁহো৷ সমূহীয়া নামাজ অঁতাই আগৰ দৰেই একেলগে সকলোটি ঘৰলৈ ঘূৰি আহোঁ৷ তাৰ পিছতে কোৰবানিৰ কাৰবাৰটো আৰম্ভ হৈ যায়৷

ককাহঁতৰ ঘৰত যেন সিদিনা ঈদৰ কেন্দ্ৰীয় অনুষ্ঠানৰহে আয়োজন! তেনেকুৱা লাগে৷ ইষ্ট-মিত্ৰকে ধৰি গাঁৱৰ গোটেইবোৰ মানুহেই আহে৷ কোৰবানিৰ জন্তু হালাল কৰিবলৈ কটোৱাল মৌলবীজন উপস্থিত হয়৷ তেওঁক যথাস্থানলৈ আগ বঢ়াই নিয়া হয়৷ তেওঁৰ শুধবগা ধুনীয়া সাজযোৰৰ ওপৰত লুঙী এখন মেৰিয়াই দিয়া হয় যাতে তেজৰ ছিটিকনি নপৰে৷ ধুৱাই-পখলাই চিকুণ কৰি ৰখা, বলিদান দিব লগা নিপোটল গৰুটো নিৰ্দিষ্ট জেগালৈ আনে৷ জন্তুটোক বগৰাই লৈ ঠেংকেইখন বান্ধে৷ লৰচৰ কৰিব বা ধৰফৰাব যাতে নোৱাৰে সেইবাবে কেইবাজনেও ভালকৈ ধৰি থাকে৷ প্ৰচণ্ড ধাৰাল ডেগাৰখন হাতত লৈ কটোৱালজনে অৱস্থান কৰে৷ আৰবী ভাষাত কিবাকিবি শ্লোক বিৰবিৰাই প্ৰাৰ্থনা কৰে৷ সেয়া আমাৰ বোধগম্য নহয়৷ কাগজ এটুকুৰাত লিখি দিয়া ককাদেউতা, দেউতা, দদাইহঁতৰ নামবোৰ একাদিক্ৰমে মাতি যায়৷ বিছমিল্লা বুলি আল্লাৰ দোহাই দি জন্তুটোৰ ডিঙিত ৰেপ দিয়ে৷ লগে লগেই শ্বাসনলী বিচ্ছিন্ন৷ জন্তুটোৱে ছটফটাব বিচাৰে, কিন্তু নোৱাৰে৷ দিজৈখানাৰ স্ৰোতধাৰাৰ দৰেই ৰঙা ৰঙা তেজবোৰ হোৰা হোৰে ওলাই গৈ গাঁতটো চপচপীয়া হৈ পৰে৷ সেইটো পিছত পুতি পেলোৱা হয়৷ মাটিত পৰি থকা তেজবোৰো চাঁচি-চুৰুকি চিন-মোকাম নোহোৱা কৰা হয়৷ প্ৰাণবায়ু বাজ হোৱা জন্তুটো ইমান পৰে নিথৰ হৈ পৰে৷

আগেয়ে দেখিছিলোঁ যদিও পিছলৈ এই দৃশ্যটো মই নোচোৱা হলোঁ৷ অকলে অকলে কোঠালি এটাত সোমাই বিছনাতে বাগৰি থাকোঁ৷ কিবিকিবি ভাবি থাকোঁ৷ নিজে যিহেতু সৰুৰে পৰাই নিৰামিষভোজী গতিকে কোৰবানিৰ গোছ খোৱাৰ প্ৰতিও কোনো আকৰ্ষণ নাই৷ কামফেৰা হৈ যোৱা যেন অনুমান কৰি কোঠাৰ পৰা আস্তেকৈ বাহিৰ ওলাই আহোঁ, কি চলিছেনো চাওঁ বুলি৷ সিফালে হাতে হাতে কটাৰী লৈ ছাল ছেলোৱা কাৰ্য আৰম্ভ হৈ যায়৷ ছালখন গুচোৱাৰ পিছত মাংস উলিওৱাৰ কাম৷ ভঁৰালৰ সন্মুখত তাৰ বাবে ব্যৱস্থা কৰি থোৱা থাকে৷ জবাই কৰা স্থানৰ পৰা মাংসবোৰ সেইটুকুৰালৈ অনা হয়৷ সুবিধা হবৰ বাবে কছাইখানাত ওলোমাই লোৱাৰ দৰে ঠেংকেইখন ৰছীৰে বান্ধি ওলোমাই লোৱা হয়৷ দপনা-দপন মাংস আৰু হাড়বোৰ কাটিবলৈ গড় ব্যৱহাৰ কৰে৷ স্থানীয় ডেকাসকলক এইবোৰ কামত বৰ এক্সপাৰ্ট দেখিছিলোঁ৷ তেওঁলোকে কেনেকৈ ছালখন সুন্দৰভাৱে ছেলাব লাগে, কোনখিনিৰ পৰা অপাৰেচনটো আৰম্ভ কৰি কত সমাপ্ত কৰিব লাগে, মাংসবোৰ কেনেকৈ সহজতে এৰুৱাই আনিব লাগে, সমস্ত জানে৷ গৰুৰ ছালখন পিছত বিক্রীও হয়৷ বেপাৰী আহি দৰ-দাম মিলাই ঘৰৰ পৰাই লৈ যায়৷ তেজ নিগৰিবৰ বাবে মূৰটো একাষৰীয়াকৈ এঠাইত থৈ দিয়ে৷ চকুহালে ট ট কৰে চাই থাকে৷ মূৰৰ অপাৰেচনটো ককাদেউতাই পিছদিনা অকলেই চলোৱা দেখোঁ৷

মাংস কাটি থকাৰ সময়ত চাহ-তামোলৰো পয়োভৰ চলে৷ সমভিব্যাহাৰে কৰিবলগীয়া সিদিনাৰ সমূহীয়া ভোজনটোৰ বাবে ভাল চাই কিছু মাংস কেৰাহীত উঠেগৈ৷ মহিলাসকলৰ তত্ত্বাৱধানত ৰন্ধা-বঢ়া পূৰ্ণোদ্যমে আগ বাঢ়ি থাকে৷ মোলৈ আমাৰ মায়ে পাকঘৰৰ ভিতৰতে দাইল আৰু ভাজি ৰান্ধে৷ মূল কামটো চলি থকাৰ মাজতে কোৰবানিৰ ভাগ বিলাবলৈ কোন কেনি যাব, মোনা আৰু চাইকেলৰ যোগাৰ ইত্যাদিক লৈ আলোচনা হয়৷ ঘৰৰ পৰা ওলাই সোঁহাতে শিমলুগুৰি, নাজিৰাত দিখৌৰ পাৰত সম্পৰ্কীয় বৰদেউতাহঁতৰ ঘৰলৈকে, চূণপোৰাৰ সম্বন্ধীয় জেঠাইহঁতৰ তালৈকে একেটা লাইন৷ বাঁওহাতে টেঙাপুখুৰী, চৰাইদেউ, বামুণবাৰী, দলবাগান পৰ্যন্ত অন্য এটা লাইন৷ ৰহদৈ আলিৰে চণ্টকলৈকে বেলেগ এটা৷ গাঁৱৰ ওচৰ চুবুৰীয়া ঘৰকেইটাত বিলোৱা, দূৰলৈ যোৱাৰ দায়িত্ব আকৌ বেলেগে৷ সেই আলোচনাতে বিভিন্ন দিশে বাস কৰা, পৰিয়ালৰ ভিতৰুৱা আৰু চিনাকি মানুহৰ সুদীৰ্ঘ নামতালিকা প্ৰস্তুত কৰি উলিওৱা হয়৷ ডাঙৰজন দদাইদেৱে এঘৰো বাদ নপৰাকৈ নামবোৰ এফালৰ পৰা কৈ যায়৷ সকলো যেন তেওঁৰ নখ দৰ্পণত৷ দীঘল কাগজত ক্রমিক নম্বৰ দি দেউতাই সেইমতে লিখি যায়৷ আবুতালি, সোণজান, ববাজান, ধনটি, দেবিৰত, নবাব, মফজল, আজিজ, গোলাপ, হামিদ...৷ কাৰ ঘৰত কেইটা ভাগ দিব লাগিব তাকো বটাই দিয়ে৷ ব্ৰেকেটৰ ভিতৰত সেইটো উল্লেখ থাকে৷ আবুতালি (২) মানে বুজিব লাগিব যে আবুত আলিৰ ঘৰত দুটা ভাগ দিব লাগিব৷ লিখি থকাৰ লগে লগে ঘৰ চিনাকিৰ ট্ৰেইনিং এটাও দি থকা হয়৷ গাঁওখনৰ আৱাসীসকলৰ ছবি এখন তেনেকৈয়ে মনৰ মাজত অংকন হৈ যায়৷

উছৰ্গিত প্ৰাণীটোৰ তপিনা, কলিজা, মাংস, হাড় আদি ভক্ষণীয় অংশবোৰ জোখমতে বেলেগে বেলেগে জুকিয়াই পেলোৱা হয়৷ সেইবোৰেৰে চৰিয়াজাতীয় পাত্ৰবোৰ উপচি পৰে৷ তাৰ পিছতে ঠাইডোখৰ পৰিষ্কাৰ কৰা কাম৷ তাৰ পিছত শাৰী শাৰীকৈ ভাগ পতা হয়৷ প্ৰতিটো ভাগ সমান সমান৷ প্ৰতিটো ভাগতে প্ৰতিবিধৰে মাংস অকণমান হলেও পৰিবই লাগিব৷ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ উপৰি এইবোৰ কথাত ককাদেউতাই যথেষ্ট গুৰুত্ব দিয়া দেখিবলৈ পাইছিলোঁ৷ এভাগ এভাগকৈ কলপাতত উঠাই তমালেৰে ভাগটোহঁত ভালকৈ বন্ধা হয়৷ তাৰ পিছত গন্তব্য দিশ আৰু হিতাধিকাৰীৰ তালিকামতে হিচাপ মিলাই মোনাত সুমুৱাই পেলোৱা হয়৷ ডেৰ ঘণ্টা, দুঘণ্টাৰ ভিতৰত গোটেইখিনি কাম সমাপ্ত হয়গৈ৷ চাৰিভাগৰ এভাগ মাংস ঘৰৰ বাবে ৰাখি দিয়ে৷ তাৰে কিছু অংশ ধোঁৱা চাঙত শুকুৱাই ভৱিষ্যতলৈ সংৰক্ষণ কৰে, সময়-সুবিধা বুজি দূৰৰ আত্মীয়লৈকো প্ৰেৰণ কৰে৷

ডেকা-বুঢ়া, লৰা-ছোৱালী, পুৰুষ-মহিলা আটায়ে মিলি ককাহঁতৰ ঘৰতে আনন্দেৰে দুপৰীয়াৰ সাঁজ খায়৷ অলপপৰ জিৰণি৷ তাৰ পিছতে পকেটত লিষ্ট আৰু চাইকেলত মোনা ওলোমাই কোৰবানিৰ গোছ বিতৰকৰ দলকেইটা দিহা-দিহি ওলাই পৰে৷ মাছ-মাংসৰ লগত কাৰবাৰ নাই যদিও এই কামটোত কোনোবা এজন দদাইৰ লগত কোনোবা এটা ডিৰেকচনত ময়ো যাবলৈ পাওঁ৷ তাৰ বাবে আগদিনাৰ পৰাই কুটুৰি থাকোঁ৷ বেক কেৰিয়াৰত পাৰি লোৱা গাৰু নহলে কুচন এটাত বহি লওঁ৷ কেতিয়াও নেদেখা আত্মীয় কিছুমানক তেনেকৈয়ে লগ পাওঁ, চা-চিনাকি হওঁ৷ অলপ ডাঙৰ হৈ ভালকৈ চাইকেল চলাব পৰা হলত নিজেও স্বাধীনভাৱে আন এজনৰ সৈতে যাবলৈ অনুমতি পালোঁ৷ কোনটো দিশে গলে বেছি ভাল লাগিব সেইটো আগতে নিৰ্বাচন কৰি থওঁ৷ ভাল চাই চাইকেল এখনো আগে ভাগে অধিগ্ৰহণ কৰি চাবিটো লুকুৱাই পেলাওঁ৷ তেনেকৈয়ে ঈদৰ নামত চাইকেলেৰে আনন্দদায়ক ভ্ৰমণ এটা হৈ যায়৷

ডাঙৰ হওক সৰু হওক দদাইদেউহঁতৰ চিনাকি সেই অঞ্চলৰ হিন্দুধৰ্মীসকলেও জানে আমি মোনাত কিহৰ টোপোলা লৈ ওলাইছোঁ৷ বাটত দেখা পালেই বিহু লাগিছেনে ঐ বুলি উলাহতে চিঞৰ একোটা মাৰে৷ এইফালৰ পৰাও উত্তৰ যায়, অঁ ককাইদেউ, লাগিছে আৰু…’ সিফালৰ পৰা আকৌ কয়, বিহু খাবলৈ মাতিবি আকৌ…’ দূৰ হৈ যোৱাত মাতষাৰ সৰু হৈ আহে৷ মিলা-প্ৰীতিটোৱে মনটো পুলকিত কৰি পেলায়৷

চূণপোৰা পাওঁগৈ মানে নিশা নামি আহে৷ জেঠাইহঁতৰ ঘৰতে টোপোলাও শেষ হয়৷ দদাইদেৱে সুস্থিৰে বহি লৈ লিষ্টখন মিলাই চায়, বিতৰণ ঠিক-ঠাক আছেনে নাই৷ কেনেবাকৈ পাহৰণিত বা ভুলতে দুটাৰ ঠাইত এটা যদি দি থৈ আহিল, ঘূৰি গৈ লাগিব ঘমঘণ্ট৷ ৰিপৰ্টিঙৰ সময়ত তাৰ বাবে অকথ্যও শুনিব লাগিব৷ কোনোবাই আকৌ ককাদেউতালৈ দিবলগীয়া তেওঁলোকৰ ঘৰৰ কোৰবানিৰ ভাগটো সুবিধা বুজি আমাৰ হাততে দি পঠায়৷ সেইকেইটা টোপোলা মোনাৰ তলত পৰি থাকে৷ ইফালে সোমোৱা মাত্ৰক জেঠাই-জেঠু, বাইদেউ-ভনীহঁতে হেঁপাহেৰে জুমুৰি দি ধৰে৷ ভাত-পানী নোখোৱাকৈ নেৰে৷ তাতে ৰাতিৰ সাঁজ মোকলাই ঘৰলৈ উভতো৷ জোনাক নিশা চাইকেল মাৰি আনন্দেৰে আহি থাকোঁ৷ ঘৰ পাই ককাদেউতা বা দেউতাক ৰিপৰ্ট কৰাৰ পিছতহে গা-চা পখালি বিছনাত পৰোঁগৈ৷ বক্রীদৰ দিনটোও তেনেকৈয়ে অন্ত পৰে৷

পুচ্ছাংশ : চল্লিশ-পঞ্চলিশ বছৰৰ আগৰ সেই সামাজিক পৰিৱেশ আৰু মানসিকতালৈ সময়ৰ লগে লগে অনেক পৰিৱৰ্তন আহিছে৷ এতিয়া আমাৰ ককাদেউতাও নাই, কোৰবানিও নাই৷ দেউতা, দদাইহঁত জীৱিত থাকিলেও কোৰবানিৰ নামত গো হত্যা কৰাৰ পক্ষপাতী নহয়৷ সৰুতে আমি গৰুৰ ৰচনাখন পৰীক্ষাত লিখিবৰ বাবে মুখস্থ কৰিছিলোঁ৷ পিছত বোধ হৈছে যে কিমান উপকাৰী চতুষ্পদী প্ৰাণী এটাক বলিৰ নামত হত্যা কৰা হৈছিল! ঈশ্বৰৰ কৰুণা প্ৰাপ্তিৰ বাবে তেনেকৈ জীৱহত্যা কৰাটো মনে নিবিচাৰে৷ গো পালনহে হব লাগে৷ পশুধনৰ পালনেৰে ঈশ্বৰৰ কৃপাত আজিৰ দিনত একোটা পৰিয়াল নিশ্চিতভাৱে স্বাৱলম্বী হব পাৰে৷ আমাৰ ঘৰত দীৰ্ঘদিনে গাখীৰ যোগান ধৰি অহা ইনচান আলি তাৰে এটা সৰু উদাহৰণ৷

সঁচা-মিছা নাজানো, কালি নিশা শুনা পাইছিলোঁ বোলে কোৰবানিৰ নামত এইবাৰ বক্রীদত ভাৰতবৰ্ষত একেদিনাই দুই লাখ বকৰী অৰ্থাৎ ছাগলী উছৰ্গা কৰা হল৷ ভাৰতৰ সমুদায় মুছলমান ৰাইজে মিলি হেনো এইবাৰ বিশ হাজাৰ কোটি টকা কোৰবানিৰ নামত ব্যয় কৰিলে৷ ধৰ্মনিৰপেক্ষ দেশ এখনৰ কোনোজন নাগৰিকৰে ব্যক্তিগত ধৰ্মীয় বিশ্বাস, আনুগত্য আৰু অনুভূতিত আঘাত দিয়াৰ মতলব আমাৰ নাই৷ পিছে, গৰু চোৰৰ পৰা গাড়ী চোৰলৈ, বজাৰৰ মুৰ্গী কটা কছাইজনৰ পৰা অপৰাধী ঘাতকলৈ নামবোৰ লক্ষ্য কৰিলে সৰহভাগেই মুছলমানহে ওলায়! আল্লাৰ কৰুণা লাভৰ অচিলাৰে কৰা জীৱহত্যাই নিৰ্দয় মানসিকতা এটা গঢ়ি তোলাত আওপকীয়াকৈ ইন্ধন যোগাই আহিছে বুলি আজিৰ সময়টোলৈ চাই মোৰ মনে মনে ভাব হয়৷ জীৱহত্যাৰ এই বাৰ্ষিক প্ৰেকটিচটো নিজজ্ঞানে বুজি কিবা এটা নকৰিলে অন্য বাট নাই৷

Tuesday 22 September 2015

স্কুটী চলোৱা ছোৱালী এজনী
(গল্প নহয়, সত্য)

মুগা বৰণীয়া কৰি লোৱা চুলিকোছা উৰুৱাই কাণত ইয়েৰ ফোন গুজি ভুৰুংকৈ কোন গলঅ সেইজনী?

সেইজনী দেখোন ৰূপলীন! বাঃ, স্পীড দেখা!

কিনকিনকৈ আৰম্ভ হৈ যোৱা বৰষুণজাকত তিতি তিতি সিদিনা এইজনীয়েইতো সোমাইছিলহি আমাৰ ঘৰত৷ আংকল আংকল বুলি মৰা কাৰোবাৰ চিঞৰকেইটামান শুনিয়ে বিতত হৈ দৰজাখন খুলি প্ৰথমে ওলাই আহিছিল মা৷ পিছে পিছে মই৷ ৰাতিখন কাৰ কি বিপদ হল আকৌ? বাহিৰত ইফালে বৰষুণজাকে ধাৰাসাৰ ৰূপ লৈছে৷

বাৰাণ্ডাৰ চকীখনত বহি লৈ তায়েইতো কৈছিল, আংকল, মোৰ স্কুটীখন ষ্টাৰ্ট নহয়৷ আপোনালোকৰ ঘৰতে নিশাটোৰ বাবে থৈ যাব পাৰিমনে? কাইলৈ পুৱাই মেকানিক লৈ আহিম৷

উপায় নোহোৱাত ষ্টেপকেইটা নামি ইয়াতে সোমাইছেহি বেচেৰী! সদায় দেখি থকা চকুৰ চিনাকি, সৰু ছোৱালী৷

চাওঁচোন মই বুলি ছাতি এখন মেলি ওপৰলৈ উঠি গলোঁ৷ ৰাস্তাৰ প্ৰায় মাজ-মজিয়াতে স্কুটী খাড়া! কিংকৰ্তব্যবিমূঢ়তাত ঠিকমতে চাইড কৰিবলৈও পাহৰিলে! নম্বৰ প্লেক্সটলৈ চালোঁ৷ উকা৷
ৰেজিষ্ট্ৰেচন নোহোৱাকৈয়ে পুৰণি হব ধৰিছে বেঙেনাবুলীয়া মহেন্দ্ৰ ৰডিঅ

চাবিটো খুজিলোঁ৷ চালোঁ৷ তেল আছেনে? আছে৷ চেল্‌ফ? নাই৷ বেয়া৷ তাৰ মানে কিক্‌ মাৰিব লাগিল৷

কিক্‌ মাৰোঁতে মাৰোঁতে গাৰ ঘাম বাজ হল৷ বৰষুণজাক কমি গল৷ একোবত ষ্টাৰ্ট হলগৈ যেনিবা৷ কি কৰোঁ কি নকৰোঁকৈ ইমানপৰে দাঁতিতে ৰৈ মস্ত মবাইলটোকে পিটিকি পিটিকি চাই আছিল তাই৷ কিবা নটিফিকেচন আহিছিল যদি নাজানো৷ কাৰোবাক ফোন কৰিব খুজিছিল যদিও কব নোৱাৰোঁ৷ ইঞ্জিনৰ শব্দতহে যেন সম্বিৎ ফিৰিল!

যেই ষ্টাৰ্ট হল, মবাইল গৈ জিনছৰ পকেটত সোমাল৷ হেণ্ডেলডাল চমজি ললে৷ বহিল৷ লাইট অন কৰিলে৷ এক্সেলাৰেটৰ পকাই ঢাপলি মেলিলে৷

হেলমেট আছেনে? নাই৷ লাইচেন্স আছেনে? নাজানো৷ বয়সটো চাই নথকাযেনেই লাগে৷

সেইজনী ৰূপলীনেই এতিয়া গৈ আছে, মুগা বৰণীয়া কৰি লোৱা চুলিকোছা পিছলৈ উৰুৱাই৷ কাণৰ পৰা ওলমিছে বগা ইয়েৰ ফোনৰ ৱায়াৰ৷ হেলমেট? নাই৷ নম্বৰ? নাই৷ লাইচেন্সো নাই চাগৈ৷ চকুত ৰঙীন চানগ্লাছ৷ তাৰ মাজেৰে মোক এতিয়া নেদেখাটোৱেই স্বাভাৱিক৷



আপুনিও মবাইল এডিক্টেড 
হৈ পৰিছে নেকি?



এই ধৰক আপুনি আৰু মই৷ আৰু কোনো নাই মাজত৷ মুখামুখিকৈ বহিছোঁ৷ প্ৰত্যক্ষ সাহচৰ্য বা উষ্ম সান্নিধ্য যাক একে আষাৰে বুলিব পাৰি৷ আপুনি মোতকৈ বয়সত ডাঙৰ বা সৰু বা সমান৷ মই আপোনাৰ অভিজ্ঞতাৰ পৰা জীৱনৰ বাবে কিবা এটা শিকাৰ তালত আছোঁ৷ মই আপোনাৰ উদ্যমতাৰ পৰা শক্তি আহৰণ কৰাৰ প্ৰয়াস কৰিছোঁ৷ বহুদিনৰ মূৰত লগ পাই মই আপোনাৰ সৈতে নতুন কিবা আদান-প্ৰদানৰ চেষ্টা চলাইছোঁ৷ সাৰুৱা কথা-বতৰা বৰ্তি আছে আমাৰ মাজত৷ বিষয়ৰ পৰা বিষয়ান্তৰলৈ গতি কৰিছে আমাৰ আলোচনাই৷ মনটো ভাল লাগি গৈছে৷ 

তেনেকুৱাতে টিং-টাং-টুং-টুং... বাজিল আপোনাৰ ম’বাইল ফোন৷

মই ম’বাইলৰ ভক্ত বা বহতীয়া নহওঁ৷ মোৰ সিবিধ নাই৷ থাকিলেও চুইচ অফ৷ বা বাজিলেও যাৰেই নহওক কিয়, এতিয়া নধৰাৰ সিদ্ধান্তত অটল৷ কাৰণ মই যন্ত্ৰক নহয়, আপোনাক, অৰ্থাৎ মুখৰ আগত পোৱা আপুনি মানুহজনক সন্মান জনাইছোঁ, আপোনাৰ উপস্থিতি আৰু বহুমূলীয়া কথাখিনিক গুৰুত্ব দিছোঁ৷

আপুনি ম’বাইলৰ ভক্ত৷ আপুনি এই যন্ত্ৰবিধৰ প্ৰতি যথেষ্ট শ্ৰদ্ধাশীল দেখিছোঁ৷ নৱজাতকৰ দৰেই হাতৰ মুঠিত মৰমেৰে লৈ ঘূৰাই-পকাই আছে সেইটো বা টেবুলখনৰ ওপৰতে আলফুলে থৈ দিছে৷ মোক গুৰুত্ব দি কথা পাতি আছে ঠিকেই, কিন্তু মাজে মাজে সেইপিনলৈ চাৱনি নিক্ষেপ কৰিও নথকা নহয়৷ মই গম পাইছোঁ, ঘনে পতি ম’বাইলটোলৈ চাই থকা আপোনাৰ সেই 'ম’বাইল মেনীয়া' নামৰ মহামাৰীবিধ ইতিমধ্যে লাগি গৈছে৷

আপোনাৰ মনোযোগ ফালৰি কাটি যোৱা দেখি পেটে পেটে মোৰ অসন্তুষ্টি নজন্মাকৈ থকা নাই৷ তথাপি, গভীৰতাত অৱগাহন কৰি আপোনাৰ কথাবোৰ একান্তমনে শুনি আছোঁ৷ প্ৰবল অনুসন্ধিৎসাৰে প্ৰশ্ন কিছুমান সুধি আছোঁ৷ জানিবৰ চেষ্টা কৰি আছোঁ আপোনাৰ পৰা৷ নিজেও যিখিনি পাৰোঁ কৈ আছোঁ৷ জ্ঞানগৰ্ভ এটা পৰিৱেশ আহি গৈছে আমাৰ মাজত৷

টিং-টাং-টুং-টুং...৷ আকৌ ডিষ্টাৰ্ব৷ আপুনি কথা ৰখালে৷ সুন্দৰ পৰিৱেশটোত হঠাতে তেনেকৈ ব্যাঘাত জন্মাত আপোনাৰ ম’বাইলটোলৈ মনে মনে মোৰ খং এটা নুঠা নহয়৷ পৰা হ’লে থেকেচিয়ে দিলোঁহেঁতেন যেন! কিন্তু তেনেকৈ নোৱাৰি নহয়৷ গতিকে একো নকৈ ভদ্ৰভাৱেই সহ্য কৰি আছোঁ৷ সেয়া আপোনাৰ ব্যক্তিগত যন্ত্ৰ, ব্যক্তিগত বাৰ্তা বুলি মানি লৈছোঁ৷

সিমানখিনিলৈকে ঠিকেই আছিল৷ এইবাৰ আপুনি মোলৈ চাই কিবা এক ইংগিত দিলে৷ চকীৰ পৰা উঠিল৷ ৰিচিভ বুটামটো টিপি কলটো ল’লে৷ সিফালৰ পৰা শুনা কথাখিনিয়ে আপোনাৰ চিন্তাটোক আধাতে কবৰ দি দিলে! আপোনাৰ মনটো মোৰ মনৰ পৰা আঁতৰাই ক'ৰবালৈ লৈ গ’ল৷ নেদেখা জেগাৰ পৰা হঠাতে কাৰনো মাত এটা আহি ওলাল, সেইটোহে বেছি গুৰুত্বপূৰ্ণ হৈ পৰিল! আমি ইমানপৰে কৰি থকা আলোচনাখিনিৰো তেতিয়াই আঁত হেৰাল৷ পৰিৱেশটোতো আউল লাগিল৷ মুহূৰ্ততে স্তব্ধ হৈ গ'ল উৎকৰ্ষমূলক সকলো ভাবনা, কল্পনা, পৰিকল্পনা৷

ম’বাইলক সঁহাৰি জনাই সিমানতে আপুনি ওলাই যাবলগীয়া হ’ল৷ মই আপোনাৰ সাহচৰ্য হেৰুৱালোঁ৷ মোখনিৰ অভাৱত আমাৰ অন্তৰংগ আলাপখিনি তেনেকৈয়ে ওলমি থাকিল৷ ইমানপৰে ব্যয় কৰা সময়খিনি অবাবত আৰু অযথা খৰচ কৰাৰ লেখীয়া হৈ পৰিল৷ মুঠতে আল্টিমেট জিৰ’৷ দুয়ো মিলি মস্ত শূন্য এটা পালোঁ৷

এই ফোনকলটো আহিয়ে সব পণ্ড কৰি দিলে৷ আপোনাৰ কেনেকুৱা নাজানো, মোৰ এনে লাগিল যেন আমি কথাবোৰ ইমান গভীৰভাৱে নপতাই ভাল আছিল নেকি! অদৰকাৰী বাৰে-বিংকৰা অগ্ৰং-বগ্ৰং মুখৰোচক কথাৰে এনেয়ে টাইম পাছ কৰি থকাই ভাল আছিল! গলগ্ৰহৰূপী ম'বাইলটোলৈ বীতশ্ৰদ্ধ হৈ গুজৰি-গুমৰি ৰ'লোঁ মই৷

তাৰ পিছৰে পৰা মই আগতীয়াকৈ চাই লোৱা হ'লোঁ, আপুনি হাতৰ মুঠিত জিনিচটো লৈ আহিছে নেকি, ঘূৰাই-পকাই আছে নেকি, ক্ষণে ক্ষণে তালৈ চাই আছে নেকি, মাজে মাজে চাৰ্টটোত বা পেণ্টটোত স্ক্ৰীণখন মোহাৰি আছে নেকি৷ আপুনি আপোনাৰ সেই স্বাভিমানী সম্পদ(!)বিধৰ বহতীয়া হৈ পৰিছে নেকি, আগতেই হিচাপ কৰি উলিয়াই লওঁ৷ যদিহে সি আপোনাক নিয়ন্ত্ৰণ কৰিছে, যদিহে আপুনি তাক নিয়ন্ত্ৰণ কৰিব পৰা নাই, তেনেহ’লে মন থাকিলেও মিছাতে একো প্ৰসংগই তৰি নলওঁ৷ যন্ত্ৰটোতে ব্যস্ত হৈ থাকিবলৈ আৰামছে এৰি দিওঁ আপোনাক৷ কাৰণ আপুনি, আপোনাৰ হাত, কাণ, চকু, মুখ, জিভা, মন, মগজু আদি ইতিমধ্যে ম’বাইল এডিক্টেডযে!

Saturday 19 September 2015

বাইল ফোন নথকাৰ আনন্দ



এতিয়া হাতে হাতে মবাইল৷ এতিয়া কাণে কাণে মবাইল৷ চাপ্ৰাচীৰ পৰা উচ্চপদস্থ বিষয়ালৈ, মাটিত থৈলা পাৰি বহা পোহাৰীৰ পৰা উদ্যোগপতিলৈ, বেজী চোৰৰ পৰা মিনিষ্টাৰলৈ কাৰ নাই চেলফোন, স্মাৰ্টফোন? টিউচনৰ পৰা আহি থকা ছোৱালীজনীক সদায় দেখো, কান্ধত বেগ আৰু এহাতত যদি ছাতি, আনখন হাতত মস্ত মবাইলটো৷ খোজ কেনি পৰিছে টলকিবই পৰা নাই বেচেৰীয়ে৷ ফোনত ব্যস্ত৷ বাইকৰ পিছফালে টিংটোত বহি যোৱা ডেকাটিৰো হাতৰ বুঢ়া আঙুলিয়ে কাণৰ লতি চুয়েই থাকে৷ কথা ওলাই গৈ আছে অনৰ্গল৷ আই-টেনখন চলাই যোৱাজনৰো অৱস্থা একেটাই৷ সোঁহাতৰ মুঠিটো গালত, বাওঁহাত ষ্টিয়েৰিঙত৷ আইনাৰ ভিতৰত শব্দৰ পাকঘূৰণি৷ জাবৰ কঢ়িয়াবলৈ অহা টাউন কমিটিৰ চুইপাৰকেইটায়ো বেলচা মাৰিবলৈ এৰি মাজে মাজে এখন হাত কাণলৈ তোলে৷ মুঠতে এতিয়া হাতে হাতে মবাইল, কাণে কাণে মবাইল৷ চেলফোন, স্মাৰ্টফোন৷ অগ্ৰাহ্য কৰিবলৈ টান হৈ পৰা, সময়-অসময়ৰ প্ৰশ্ন নোহোৱাকৈ কথা পাতিবলৈ বাধ্য কৰোৱা এটা যন্ত্ৰ৷

১৮৭৬চনৰ মাৰ্চ মাহৰ ১০ তাৰিখ৷ আলেকজেণ্ডাৰ গ্ৰাহাম বেল বোলা টেলিফোন আৱিষ্কৰ্তাজনেই প্ৰথমে মুখ খুলিছিল Mr. Watson, come here, I want to see you. বাক্যটিৰে৷ সহায়ক টমাচ আগষ্টাচ ৱাটচনে গোটেইকেইটা শব্দ পৰিষ্কাৰকৈ শুনা পালত জন্ম লভিলে কথা কোৱা যন্ত্ৰ৷ পিটচবাৰ্গৰ চেণ্ট্ৰেল ডিষ্ট্ৰিক্ট এণ্ড প্ৰিণ্টিং টেলিগ্ৰাফ কম্পেনীৰ প্ৰেচিডেণ্ট টি. বি. এ. ডেভিদলৈ টমাচ এডিচনে লিখিছিল Friend David, I do not think we shall need a call bell as Hello! can be heard 10 to 20 feet away. বুলি৷ তেনেকৈয়ে ১৮৭৭চনত আগমন ঘটিল Hello বোলা টেলিফোনিক সম্ভাষণৰ বিশ্বজনীন শব্দটোৰ৷ জাতি, ধৰ্ম, ভাষা, বৰ্ণ, সম্প্ৰদায়, সম্পৰ্ক, অৱস্থিতি, পৰিস্থিতি নিৰ্বিশেষে পূব-পশ্চিম-উত্তৰ-দক্ষিণ যেনিয়ে তেনিয়ে কাণে কাণে ইংৰাজী ভাষাৰ সেই শব্দটোৰ আজি সৰ্বব্যাপী পয়োভৰ৷ পৰিহাৰ কৰিব নোৱাৰা এটা শব্দ৷

সৃষ্টিকৰ্তাৰ ডিজাইনমতে মানুহ নামৰ জন্তুবিধৰ কাণ দুখন, মুখ এখন৷ গূঢ়াৰ্থটো বোলে, শুনিব লাগে বেছি, কব লাগে কম৷ পিছে বেলৰ সেই কথা কোৱা যন্ত্ৰটি টেবুলৰ ওপৰৰ পৰা গৈ সংস্কাৰিত ৰূপ ধৰি কালক্রমত পকেটে পকেটে সোমাই অপৰিহাৰ্য হৈ পৰাৰ পিছত এতিয়া মানুহে তাক এৰে কেনেকৈ? এটা হেল্লৰেই প্ৰতিজন উপভোক্তাই সূচনা কৰি পেলায় কথন প্ৰক্রিয়া৷ মুখৰ কামেই সৰহ৷ গতিকে যেতিয়াই তেতিয়াই মুখ মেলিবলৈও উন্মুখ৷ ইচ্ছা থাকক নাথাকক, বাধ্যত পৰি নিতৌ আগতকৈ বহু বেছি বলকিবলগীয়া হৈছে এতিয়া৷ ফলত কথাৰ পৰিমাণ বেছি হৈছে, কামতো ব্যাঘাত নঘটাকৈ থকা নাই৷

১৯৭৫চনৰ ২৫জুন৷ ৰাজনৈতিক অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশত জৰুৰী অৱস্থা ঘোষণা কৰিলে৷ ১৯৭৭চনৰ ২১মাৰ্চ পৰ্যন্ত বাহাল থাকিল সেই ঘোষণা৷ আমি তেতিয়া স্কুলীয়া সৰু লৰা৷ আন কথা নুবুজিলেও সঞ্জয় গান্ধীয়ে জনপ্ৰিয় কৰা Kaam zyada, baatein kum শ্লগানটো শুনিবলৈ পাইছিলোঁ৷ ইংৰাজীত তাকে কৈছিল work more, talk less৷ তাকে লৈ খুচৱন্ত সিঙেও এঠাইত লিখিছিল, ভাৰতীয়ই সপ্তাহটোৰ ৩ দিন কাম কৰে৷ আনহাতে চীনাসকলে কাম কৰে সপ্তাহত ৮ দিন৷’ কথাচহকী মানুহৰ পাল্লাত পৰি শ্ল'গানেও ৰূপ সলালে৷ হলগৈ talk more, work less৷ ক্ষণে ক্ষণে উপৰ্যুপৰি ফোন বাজে, নধৰি উপায় নাই৷ চুইচ অফ কৰিলেও বোলে শিষ্টাচাৰ নাজানে!

আমাৰ মুলুকত আজিকালি এনেয়েও আচল কামতকৈ কথা কৈ, ফাকি মাৰি ভাল পোৱা কামচোৰ মানুহৰ সংখ্যাটো বাঢ়িছে৷ মবাইল নামৰ এই যন্ত্ৰৰে আকৌ ফাকি মাৰিবলৈও ভালহে৷ আছে যদি পূবত, কব পশ্চিমত৷ কোনেনো চাই আছে? বেলেন্স নাই বুলি হাত সাৰিবও পাৰি৷ মাতিবৰ মন নাথাকিলে আস্তেকৈ মবাইলটো উলিয়াই ললেই হয়৷ সেইটোকে টিপি-পিটিকি, কথা পতা দেখুৱাই বা স্ক্ৰীণত কিবা চোৱাৰ নাটক কৰি পাৰ হৈ যাব পাৰি৷ সচৰাচৰ দেখি থকা কথা৷ এটা বিৰাট সুবিধা৷

ভগা হওক, ছিগা হওক, সাতোটা দাঁত সৰি পৰা কাণ ফুচফুচ এভাগি হওঁতে মোৰো আছিল৷ শিষ্টাচাৰ ভংগ হয়, যি হয় হওক যাঃ বুলি এদিন স্বইচ্ছাই চুইচ অফ কৰি দিলোঁ৷ পৃষ্ঠপটত অৱশ্যে কাহিনী অকণমানো নথকা নহয়৷ অৰুণাচলৰ দুৰ্গম পাহাৰৰ ভিতৰত মবাইলৰ নেটৱৰ্ক দৰবত দিবলৈও নাই৷ হেণ্ডছেট যিমান বাহাদুৰী মৰাকৈ দামী বা দেখনিয়াৰ নহওক কিয়, থকা-নথকা একে কথা৷ নতুন কথা এটা আৱিষ্কাৰ হৈ গ'ল সেই তেতিয়াই৷ এই যন্ত্ৰ নাথাকিলে কিমান সুখ তাক বুজিলোঁ৷ দৰাচলতে তেনেকুৱা স্থানলৈ গলেহে কথাটো গভীৰভাৱে অনুভৱ কৰা যায়৷ সেই অনিত্য সুখ উপভোগ কৰি ধন্য হলোঁ৷ ভ্ৰমণ সামৰি ঘূৰি অহাৰ পিছতো সুখকণে লোভ লগাই ৰ'ল৷ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব বিচাৰি জুন মাহৰ ১ তাৰিখে ইচ্ছাকৃতভাৱে দিলোঁ চুইচ অফ কৰি৷ আজি পৰ্যন্ত চুইচ অফ৷ সগৌৰৱে ১১১ দিনত ভৰি দিছেহি৷ উঃ! কিমানযে শান্তি এই মবাইল ফোনৰ অবিহনে! আপোনমনে কি কিযে কৰি থাকিব পৰা যায় ইয়াৰ অবিহনে! বিৰাট মস্তি৷

এজনে ইনবক্সতে সুধিলে বোলে আঢ়ৈ মাহ হৈ গল, ৰিং মাৰোঁ, সদায় চুইচ অফ, চুইচ অফ৷ কি কথা? একেদৰে, ফোন বন্ধ পাই চিন্তিত হৈ ১০০ কিল'মিটাৰ দূৰৰ পৰা গাড়ী দৌৰাই ঘৰ ওলালহি অভিন্নহৃদয় দুই-এক৷ মবাইল চুইচ অফ মানে কি হব পাৰে? হয় বেমাৰ, নহলে সিপুৰী৷ পিছে এটাও নহয়৷ ফোন-চোন কৰবাতে বিসৰ্জন দি সম্পূৰ্ণ সুস্বাস্থ্য আৰু আনন্দ মনেৰে অমুকা সোঁশৰীৰে বিৰাজমান নিজৰ কৰ্মস্থলীৰ টেবুলত৷ একান্তমনে আৰু হেঁপাহ পলুৱাই লিখি আছোঁ অৰুণোদয়ৰ বাট বিচাৰি উত্তৰ-পূবৰ অন্তিম পূবলৈ যোৱা ভ্ৰমণ কাহিনী৷ তৃতীয়বাৰৰ বাবে যাত্ৰাটোৰ আনন্দ লৈ আছোঁ৷ কোনেও ডিষ্টাৰ্ব কৰাটো তিলমানো বিচৰা নাই৷ স্বাধীনচিতীয়া মনে মবাইলৰ বহতীয়া কেতিয়াও হব নোখোজে৷

পিছে কি হব? শান্তিত থাকিবলৈ দিলেহে! ৰাইজৰ দাবী৷ দাবীত পৰি বিশ্বকৰ্মা পূজাৰ দিনটোতে চুইচ অন কৰা হব বুলি ঘোষণা এটা দি দিলোঁ৷ কাৰ্যতঃ কিন্তু নুখুলিলোঁ৷ সুখকণ এৰিবৰ মনেই যোৱা নাই দেখোন! কিমান টানিব পাৰিম নাজানো৷ কাণে কাণে কওঁ, মবাইল ফোন নথকাৰ আনন্দই বেলেগ বুইছে? বিশ্বাস নকৰে যদি প্ৰেক্টিকেল কৰি চাওক, নিজেই গম পাই যাব৷ পিছে অনুকৰণ কৰিবলৈ গৈ কিবা বিঘিনি ঘটিলে আমাৰ দায় নাই আকৌ দেই৷ সেইটোও আগতীয়াকৈ কৈ থলোঁ৷

Thursday 17 September 2015

উদ্যোগ
(গল্প নহয়, সত্য)


সদ্যহতে কিহত লাগি আছা?

কামটো হৈ যোৱাৰ পিছত মিৰজেঙৰ চকুলৈ চাই মই সুধিলোঁ৷ সি দেউতাকৰ নতুন কিতাপখনৰ আগধন দিবলৈ মাকৰ নিৰ্দেশক্রমে মোৰ ওচৰলৈ আহিছিল৷

মমবাতি উৎপাদন কৰা গোট এটা প্ৰতিষ্ঠাৰ কামত লাগি আছোঁ দাদা৷

সজ সজ৷ খুব ভাল আৰু সময়োপযোগী চিন্তা কৰিছা৷

চেষ্টা এটা কৰিছোঁ আৰু দাদা, কি হয় জানো!

‘নাই, নাই; একদম ঠিক আছে৷ আজিকালি নগৰ-মহানগৰৰ কথাই নাই, গাঁৱে-ভূঁয়েও বিজুলী সৰৱৰাহৰ খুঁটা আছে৷ দেখিছাই নহয়৷ তথাপি কিন্তু মমৰ দৰকাৰ নোহোৱা হোৱা নাই৷ কাৰণ ইলেকট্ৰিচিটিৰ পঁয়া লগা অৱস্থা৷ আমাৰ ডিফুততো আৰু ক’বই নালাগে৷ তিতা-কেঁহা-জ্বলা চব একেলগতে লাগি গৈছে৷ বিৰাট খং উঠেহে’৷ ঘণ্টাৰ পিছত ঘণ্টা ধৰি কাৰেণ্টৰ টিকনিয়েই নাই হৈ যায়৷ কটোৱালকেইটাও কম নহয়৷ দুঘণ্টা একেৰাহে কাটে! তৃতীয় ঘণ্টাটোত আকৌ পাঁচ-দহ-পোন্ধৰ মিনিটহে থাকে, পঞ্চলিশ-পঞ্চাশ-পঁচপন্ন মিনিটলৈ খবৰ নাই! কৰিম বুলি ভাবিলেও একো এটা কৰিব নোৱাৰি৷ ল’ৰা-ছোৱালীৰ পঢ়া-শুনাতো কম অসুবিধা নহৈছেনে! মিছা ক’লোঁ নেকি?’

ঠিক কৈছে আপুনি৷ বিতৃষ্ণা লাগি গৈছে আৰু...

গতিকে চিন্তা নকৰিবা৷ মমৰ চাহিদা আছেই আছে৷ প্ৰয়োজন দিনক দিনে বাঢ়িছেহে৷ একাগ্ৰতাৰে তুমি কামত লাগি যোৱা৷ সময়ত ফল পাবা৷’

কি কৰিব আৰু... পঢ়ি-শুনি...

পঢ়ি-শুনি কি? চাকৰি এটা নাপালা? সিমানেইতো কথা?

মিৰজেঙে সেমেনা-সেমেনি কৰিলে৷ মই তাৰ মানসিক অৱস্থাটো অনুধাৱন কৰিব পাৰিলোঁ৷ সি হয়তো চাকৰি এটাৰ দৰকাৰ অনুভৱ কৰিছিল৷ মাক-দেউতাক বা ঘৰখন চলাবৰ বাবে নহয়, ভাল পাই থকাজনীক ঘৰ সুমুৱাবৰ বাবেইতো নিৰাপদ সংস্থাপন এটা লাগে৷ গতিকেই চাকৰি এটা জৰুৰী৷ কাম নকৰিলেও মাহেকৰ দৰমহা নিজে নিজেই বেংক একাউণ্টত সোমাই পৰে! কি মস্তিৰ জীৱন! সি সেইবোৰ মন নকৰা নহয়৷ মই পিছে এতিয়া মিৰজেঙক কওঁ কি?

বাৰু, দূৰলৈ নাযাওঁ৷ আমাৰ নিজৰ জেগাখনলৈকে চোৱা৷ দেখিছা নহয়, কিমানবোৰ চাকৰিয়াল! চাৰে এঘাৰ-বাৰটাত অফিচলৈ ওলায়, তিনি-চাৰেতিনিত ঘৰ! ঘৰে ঘৰে চাকৰিয়াল আছেই আছে৷ একেই অফিচ-ঘৰ-বজাৰ৷ তাৰ মাজতেই সীমাবদ্ধ গতানুগতিক জীৱন৷ অন্ন-বস্ত্ৰ-বাসস্থান৷ আহাৰ-নিদ্ৰা-মৈথুন৷ কিনো বেলেগডাল হৈছে? তুমি অলপ অন্য ধৰণৰ কিবা এটা কৰাচোন৷ পাৰিবা দিয়া৷’

চাওঁ কি হয়গৈ৷ মমবাতিকে লৈছোঁ আৰু...

ঠিকেই আছে৷ দিনদিয়েকতে আয়ত্ত কৰি ল’ব পৰা কাম৷ এনে বিদ্যাৰেই নিজৰ ইউনিট খুলি শিক্ষিত নিবনুৱাই আনলৈ হাত নাপাতি স্বাধীনচিতীয়াভাৱে চলি যাব পাৰে৷ মূৰ দাঙি জীয়াই থাকিব পাৰে৷ কাৰেণ্টৰ অৱস্থাটো দিনক-দিনে আৰু বেয়া হ’বই৷ মাটি খান্দিলে পানী ওলায়, বিদ্যুৎ কেতিয়াও নোলায়৷ জনা কথা৷ গতিকে চিন্তা নকৰিবা৷ তোমাৰ প্ৰজেক্টটোৰ ভৱিষ্যৎ আছে৷ আমি নমৰা পৰ্যন্ত এই ঠাইত তোমাৰ প্ৰডাক্ট চলিব৷ গেৰাণ্টি দিলোঁ৷ ভাল দাম পাবা তুমি৷ মাৰ্কেটিঙতো বৰ বেছি মাথা মাৰিব নালাগিব যেন পাইছোঁ৷’

কি হয় জানো! লাগি আছোঁ দাদা৷ মাৰ্কেটতো কথা পাতি চাইছোঁ৷ চলাৰ আশা এটা আছে৷

কৰা কৰা, নিজে কিবা এটা কৰাৰ লক্ষ্যৰে তোমাৰ দৰে ময়ো এদিন মমৰ কথাই ভাবিছিলোঁ৷ তেতিয়াই ধৰা হ’লে এতিয়ালৈ বহুত কিবাকিবি কৰিব পাৰিলোঁহেঁতেন চাগৈ৷ ভুল হৈ গ’ল বুইছা৷ আমি ডেইলী সন্মুখীন হোৱা ল’ড শ্বেডিং, ট্ৰেন্সফৰ্মাৰ বিকল, লাইনৰ বিজুতি, লাইনমেনৰ হামবৰা ভাব, এ.এছ.ই.বি.ৰ হ্ৰাসমান কৰ্মসংস্কৃতি, চৰকাৰৰ পদক্ষেপশূন্যতা, জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ প্ৰতি ৰাইজৰ বিপুল সঁহাৰি আদিবোৰ এনে উদ্যোগৰ কাৰণে একোটাহঁত প্লাছ পইণ্ট৷ চোৱা, বিজুলীৰ পোহৰ নাইকিয়া হোৱাৰ লগে লগে মানুহে মম-চাকি নজ্বলাই কি জ্বলাব? সিফালে ইনভাৰ্টাৰেও মাতে টি-ট টি-ট৷ জেনেৰেটৰত তেল পুৰি ফেনৰ বতাহ খোৱাটো কি মুখৰ কথা? বাই দি বাই, ৰাইজৰ সহায় হোৱাকৈ টিপচাকি আৰু বিচনিৰ ইউনিট এটাৰ কথাও কোনোবাই পজিটিভলি চিন্তা কৰিব পাৰে দেই৷ লাভ হ’ব৷ চুঙাচাকিও আজিকালি বৰ জৰুৰী হৈ পৰিছে৷ ৰাস্তাৰ অৱস্থা যিহে, টৰ্চ নহ'লেই নহয়৷ টৰ্চ থকা মস্ত ম’বাইল হেণ্ডছেট হাতে হাতে থাকিলেওনো কি ডাল হ’ব? চাৰ্জ দিবলৈ কাৰেণ্ট হ’লেহে! ইতিহাসৰ পুনৰাবৃত্তি বুজিছা? আমি সেই চাকি, বিচনিৰ যুগৰ পৰাই আহিছিলোঁ৷ এতিয়া আকৌ সেইবোৰলৈকে ঘূৰি গৈ আছোঁ৷ It is always better to light a candle than curse the darkness. গ্ৰাম্য বৈদ্যুতিকীকৰণৰ ভেঁকো-ভাওনাখনো দেখিছাই নহয়৷ মানুহ অতিষ্ঠ নহ’ব? বাৰু কোৱাচোন, তোমাৰ মেইন কেঁচামাল পেৰাফিন ৱাক্স এভেইলেবলনে? মই জনাত আগতে সিমান নাছিল কিন্তু৷’

হয় আজিকালি এভেইলেবল দাদা৷ সেই বিষয়ে মই কেইবাটাও পাৰ্টীৰ লগত কথা পাতিছোঁ৷ নিশ্চিতিও পাইছোঁ৷ পাই যাম৷

তেনেহলে ভাটা-কেৰাহী, সাঁচ, কেঁচি-কটাৰী, পেকিং মেটেৰিয়েল, ৰং-সূতা, শ্ৰমিক-যোগালি আদিৰহে কথা৷ ঘৰ-মাটিটো আছেই তোমাৰ৷

বেছি জেগা নালাগে৷ হৈ যাব৷

তেনেকুৱা ইউনিট নিজে চাইছাগৈনে নাই?

চাইছোঁ দাদা৷

গুড৷ যোৱা এতিয়া৷ একধ্যানে লাগি থকা৷ অল দ্যা বেষ্ট৷

ৰঙা নেন’খন ঠাইতে ঘূৰাই লৈ উৎসাহেৰে মিৰজেং গ’লগৈ৷ মই তাৰফালে একধ্যানে চাই থাকিলোঁ৷ কাৰেণ্টটো আহিছিল৷ পাঁচ মিনিটমান থাকি আকৌ গ’ল৷ ৰাতি ৰাতি সদায় লুকাভাকু৷ বৰষুণৰ টোপালকেইটামান পেলাবহে লাগে, লগে লগেই অন্তৰ্ধান৷ বতাহত গছৰ পাত লৰিবহে লাগে, পোহৰকণ ততালিকে গায়েব৷ গোটেইখন মৰিশালি! তাৰ মাজত আমি আৰু আমাৰ অনিশ্চিত জীৱনবোৰ৷

মিৰজেঙৰ ইউনিটটো চলিব৷ বেছ চলিব৷ ভৱিষ্যতে এই লৰাটোৰ উত্তৰণ ঘটিবই৷ স্পষ্ট ইংগিত এইবোৰেই৷

Thursday 10 September 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন আঠ  ৷৷ দিনাংক ১৭.৪.২০১৫
৫. নিশা ১১.৩০ত পালোঁহি ঘৰ



মুলাই কাঠনিৰ পৰা ওলাই টাউনৰ মাজেৰে সোমাই যোৰহাট এৰিছোঁ৷ ঘড়ীত ৬ বাজি ৩০ মিনিট গৈছে৷ ট্ৰেক্তৰৰ থেকেচনিত পেটৰ ভিতৰৰ নাড়ী-ভুঁৰু সঘনাই লৰচৰ হোৱাৰ বাবেই নেকি জানো, এতিয়া সকলোৰে ভোক ভোক লাগিছে৷ অনিলদাৰ তাৎক্ষণিক পৰামৰ্শক্ৰমে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ ভাল চাই ধাবা এখনতে ৰুটী কেইখনমানকৈ চোবাই লোৱাটো ঠিক হ’ল৷ কাৰণ ঘৰ পাওঁতে ৰাতি এপৰ হ’বগৈ৷ সেয়া খাই লৈ ক’তো নোৰোৱাকৈ ডিফুলৈ গাড়ী দৌৰিব৷

সুখকৰ অনুভূতি কিছুমানত ডুবি থাকি নিশব্দে যাত্ৰা কৰি আছোঁ৷ কাষত বহা অনিলদা টোপনি৷ সঞ্জুও টোপনি৷ সৰিয়হজানত ৩৯নং ৰাষ্ট্ৰীয় মাৰ্গ এৰি গাড়ী সোঁহাতে কেতিয়ানো সোমাল খবৰেই নাই৷ অৰুণদাই টোপনিওৱা নাই পিছে৷ ডিফুৰ ৰাস্তাটো পাওঁতে পেটেলক সেইদিশে সোমাবলৈ কৈছিল৷ এতিয়া কিবা এটা ভাবি গৈ আছে যেন লাগিছে৷ পেটেলে একান্তমনে ষ্টিয়েৰিং পকাই আছে৷ কম ভলিউমত গান এটা বজাই লৈছে৷ ৰাস্তা অকোৱা-পকোৱা৷ দুয়োফালে হাবিয়নি৷ তথাপিও আমি যেনেকুৱা ভয়ংকৰ দুৰ্গমতাৰ পৰা আহি আছোঁ তাৰ তুলনাত এয়া সাংঘাতিক একো নহয়৷ গতিকে একো গাতেই লগা নাই আমাৰ৷ এভাৰেষ্ট বগাই অহাজনৰ মানত বাকীবোৰ পৰ্বত নগণ্যযেন লগাৰ দৰে, একে ধৰণৰ ভাব!

৪০ কিল’মিটাৰমান বাকী আছে ডিফুলৈ৷ তেনেতে ফোনটো সশব্দে ৰিং হ’ল৷ নীলা স্ক্ৰীণত জিলিকিল ধৰ্মেন গগৈৰ নাম৷ নামটো দেখিয়ে কিবা এটা ভাল লাগি গ'ল৷ বেচেৰাই খবৰ লৈছে৷ সি এতিয়াও খুপা পোৱাগৈয়ে নাই৷ গুৱাহাটীতহে আছেগৈ৷ আমাৰ অৱস্থান জনালত সুখী হ’ল৷ তেজুৰ পৰা প্ৰস্থানৰ পিছত আমি পদাৰ্পণ কৰা ৰ’য়িং, মায়’ডিয়া, শদিয়া, গুঁইজান, মুলাই কাঠনিৰ হাইলাইটছ শুনাবলগীয়া হ’ল তাক৷ সহযোগিতাৰ বাবে বন্ধুবৰ্গৰ হৈ ধন্যবাদ জনালোঁ৷ ফোনটো ডিচকানেক্ট কৰাৰ আগে আগে সি মাতিলে, ‘আকৌ আহিবি৷ এইবাৰ নিশ্চয় লগ পাম৷ লোহিতৰ বালিত একেলগে পিকনিক খাম৷’

ডিলাইত ৩৬নং ৰাষ্ট্ৰীয় পথত উঠিলোঁ৷ ৰাস্তাত অন্য গাড়ী এখনো নাই৷ ধৰ্মেনৰ আহ্বানটোৱে সমস্ত যাত্ৰাটোকে যেন আদিৰ পৰা অন্তলৈ এবাৰ ৰিৱাইণ্ড কৰি থৈ গ’ল! সুখ্যাত ভ্ৰমণ-লেখক সিদ্ধাৰ্থ পিক' ৰাঘবন আয়াৰৰ বাক্যকেইটামান মনলৈ আহিল৷ 'We travel, initially, to lose ourselves; and we travel, next to find ourselves. We travel to open our hearts and eyes and learn more about the world than our newspapers will accommodate. We travel to bring what little we can, in our ignorance and knowledge, to those parts of the globe whose riches are differently dispersed. And we travel, in essence, to become young fools again, to slow time down and get taken in, and fall in love once more.'

ভাৰতৰ পূব প্ৰান্তৰ অৰুণাচল প্ৰদেশত, আমাৰ পৰা মাথো কেইশমান কিল’মিটাৰ নিলগতে মনোমোহা প্ৰকৃতিৰ বুকুত ইমানবোৰযে দৰ্শনযোগ্য থলী আছে! ভাবিবই পৰা নাযায়৷ তাকে লৈ এটা পেছাৰ কথা মনত খেলাব ধৰিলে৷ কোনোবাই কিবা এটা কৰি চলি থাকিল বুলি সেইটোতেইযে জীৱনভৰ লাগি থাকিব লাগিব, তাৰ কি মানে আছে? একঘেয়ামীৰ পৰা মুক্তি, প্ৰত্যাহ্বান স্বীকাৰ আৰু বিচিত্ৰতাৰ মুখামুখি হোৱাৰ লগতে নিৰ্ভেজাল আনন্দৰ সন্ধানেইতো প্ৰতিজন মানুহৰ স্বাধীনচিতীয়া মনটোৱে অনৱৰতে কৰি ফুৰে৷ অৱশ্যে এইটো ঠিক যে মনৰ সমৰ্থনক্রমে বৃত্তিৰ পৰিৱৰ্তন সাধিবলৈ সাহস লাগে৷ জীৱন-জীৱিকা সলনি কৰাৰ প্ৰৱণতাত মাজে-মধ্যে নিজেও হাবুডুবু নোখোৱা নহওঁ৷

পূবৰ ভ্ৰমণটোত প্ৰেকটিকেলি যিখিনি পালোঁ, চালোঁ আৰু বুজিলোঁ, তাৰ ভিত্তিতে আইডিয়াটো মনলৈ আহিল৷ কামটোৰ বাবে, প্ৰথম কথা, নিজাববীয়াকৈ ভাল গাড়ী এখন লাগিব৷ গাড়ীখন নিজে চলাব জানিব লাগিব৷ চলোৱাৰ উপৰি কাৰিকৰী কথাবোৰ আৰু প্ৰয়োজন অনুপাতে মেৰামতি কৰিবও পাৰিব লাগিব৷ কাৰণ, বিচাৰিলেই গেৰেজ বা মেকানিক নোপোৱা ঠাইবোৰেই হব লক্ষ্যস্থান৷ গতিকে মানুহজন লাইচেন্স, পাৰ্মিট আদি আপ-টু-ডেট থকা সাহসী, শিক্ষিত আৰু কুশলী ড্ৰাইভাৰ হোৱাটো দ্বিতীয় দৰকাৰী কথা৷ এই যাত্ৰাৰ আৰম্ভণিতে ড্ৰাইভিং কৰি ভাল পোৱা মানুহ এজন বিচাৰিছিলোঁ৷ পিছে পোৱা নগ'ল৷ কথাটো এতিয়া আকৌ মনলৈ আহিল৷

পাহাৰীয়া নৈৰ পানী ফালি, দুৰ্গম পাহাৰত আলতীয়া মাটিৰ বোকা খচকি নিৰ্বিঘ্নে ওলাই যাব পৰা ড্ৰাইভিং স্কিলৰ একান্তই দৰকাৰ৷ গতিকে গাড়ীচালনা যাৰ প্ৰিয় হবী তাৰ বাবেহে এই কাম৷ গাড়ী চলোৱা ৰুচিটোৰ লগতে প্ৰয়োজন অনুপাতে হিল ট্ৰেকিং কৰাৰো অভ্যাস লাগিব৷ খাদ্য-পদাৰ্থকে ধৰি প্ৰয়োজনীয় বস্তু-বাহানি গাড়ীৰ ভিতৰত মজুত থাকিব৷ ড্ৰাইভিঙৰ লগে লগে মানুহজন শেহতীয়া আৰু শুদ্ধ তথ্যৰে পুষ্ট, অধ্যয়নশীল আৰু দক্ষ গাইডো হব লাগিব৷ শেহতীয়া আৰু শুদ্ধ তথ্যসমৃদ্ধ দৰকাৰী লিফলেট্‌, বুকলেট, ভ্ৰমণ আলোচনী, ফটো, ৰড-মেপ, কিতাপ ইত্যাদি লগত ৰাখিব৷ বাটৰ ঠাইসমূহ, নৈ-নিজৰা, জান-জুৰি, জলপ্ৰপাত, পথ-উপপথৰ নামকে ধৰি অঞ্চলসমূহৰ ভূগোল, বুৰঞ্জী আয়ত্তত থাকিব লাগিব৷ জনগোষ্ঠীয় কলা-সংস্কৃতি, উৎসৱ-পাৰ্বণ, পোছাক-পৰিচ্ছদ, খাদ্য-পৰম্পৰা, জীৱন-শৈলী সম্বন্ধে জ্ঞাত হব লাগিব৷ চাবলগীয়া কত কি আছে সেয়া নখ দৰ্পণত ৰ'ব লাগিব৷ যোগাযোগত আৰু ভাষাজ্ঞানত শক্তিশালী হোৱাটো অপৰিহাৰ্য৷ সৰ্বোপৰি, ভিতৰি লাগিব এটা এডভেন্সাৰাচ পজিটিভ মাইণ্ডছেট৷

কেৱল ড্ৰাইভাৰ বা গাইডেই নহয়, নিজে এজন পাৰ্গত ফটোগ্ৰাফাৰো হ’ব লাগিব৷ ভাল কেমেৰা থকাৰ উপৰি স্থিৰ ফটো আৰু চলমান ফটো দুয়োটাই সুন্দৰভাৱে তুলি দিব পৰা হাত আৰু দৃষ্টিভংগীৰ গৰাকী হ’ব লাগিব৷ ৰোমাঞ্চকৰ কাহিনী, ভ্ৰমণ ডায়েৰী আদি লিখি উলিওৱাৰ দক্ষতা থকাটো আন এটা প্লাছ পইণ্ট৷ কৌতূহলী আৰু সৃষ্টিশীল মনৰ লোক হিচাপে বাটে-পথে পোৱা অভিজ্ঞতাসমূহক নিৰ্মোহ আৰু সাৱলীলভাৱে লিখিত ৰূপ দিয়াত সিদ্ধহস্ত হ’ব পাৰিলে আনন্দৰ মাত্ৰাও দুগুণে চৰিব৷ গতিকে নিজাববীয়াকৈ লেপটপ বা পিচি থকাৰ লগতে ইণ্টাৰনেটৰ ব্যৱহাৰতো অভ্যস্ত হ’ব লাগিব৷

ভাৰত-চীন সীমান্তক সাৰথি কৰি মানুহজন হ’ব এজন ভাল টুৰ অপাৰেটৰ৷ ইনাৰ লাইন পাৰ্মিটৰ পৰা আৰম্ভ কৰি থকা-মেলাৰ বন্দৱস্ত ইত্যাদি তেওঁ কৰি দিব৷ ভ্ৰমণকাৰীৰ বাবে সুযোগ-সুবিধা আৰু ইয়াৰ সৈতে জড়িত সেৱাৰ যোগান ধৰিব৷ পৰ্যটনকাৰীক লৈয়ে হ’ব তেওঁৰ জীৱন আৰু অন্নমুঠি৷ সাংস্কৃতিক, শৈক্ষিক, সংহতিমূলক, আনন্দদায়ক, ৰোমাঞ্চকৰ, স্বাস্থ্যমূলক, ক্রীড়ামূলক, পৰিৱেশ পৰ্যটন, তীৰ্থটন সম্পৰ্কীয় যোগাত্মক চিন্তা আৰু কৰ্মই এই কামটো ফলৱতী কৰি তুলিব পাৰে৷ ডাঙৰ কথা যে মানুহজন প্ৰকৃতিপ্ৰেমী হ'বই লাগিব৷ প্ৰকৃতি আৰু জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ প্ৰতি তেওঁৰ দায়বদ্ধতা থাকিব লাগিব৷

মোৰ গাড়ীও নাই, চলাবও নাজানো৷ হ’লেও, কিয় নাজানো, চিন্তাটো অকস্মাতে মগজুলৈ আহিল৷ কি ঠিক, কোনোবাই হয়তো বৃত্তিটোক আন্তৰিকতাৰে আঁকোৱালি ল’বও পাৰে৷ মনৰ পৰিৱৰ্তনৰ জৰিয়তে মানুহে নিজৰ জীৱন সলনি কৰি পেলাব পাৰে৷ কৰণীয় কামটো হ’ব, আমি এইকেইদিনত দেখি অহা অৰুণাচল প্ৰদেশৰ ১৫টা পইণ্টলৈ নিজৰ গাড়ীত বহুৱাই, নিজে ড্ৰাইভ কৰি, নিজে গাইড কৰি এবাৰত চাৰিজনকৈ আগ্ৰহী আৰু অনুসন্ধিৎসু পৰ্যটকক কঢ়িয়াই নি পূৰ্ণাংগ ৰূপত সেইবোৰ দেখুওৱা৷ দেশৰ পূব মূৰৰ সূৰ্যটোলৈ চাই কৰা তেনেকুৱা একোটা ভ্ৰমণ কৌতূহলী মানুহৰ জীৱনৰ বাবে হৃদয়ত ৰৈ যাব, যেনেদৰে সপ্তাহজোৰা ঘূৰা-ফিৰাৰ জৰিয়তে আমাৰ হৈছে৷ সূৰ্যটোলৈ চাই যাত্ৰা কৰাৰ অধিকাৰ সকলোৰে আছে৷ তাৰ ভিত্তিতে এই সেৱামূলক বৃত্তি বা পেছা৷

মাঞ্জাত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথ এৰি আমাৰ গাড়ী ডিফুলৈ বাঁৱে ঘূৰিল৷ আৰু ১৬কিল'মিটাৰ মাত্ৰ৷ অনিলদাই পেটেলক বাট বটাই আহিছে৷ ৰাস্তাছোৱা বৰ ঠিক নহয়৷ নিজে সৰু গাড়ী চলাই ফুৰে বাবে কত গাঁত আছে, সমান কেনি আছে সেয়া অনিলদাই ভালকৈ জানে৷ 'এটা কথা মন কৰিছেনে ছাৰ?' 'কি কথা?' 'আমি য'তে নাযাওঁ কিয় আন্ধাৰতহে ঘৰ সোমাওঁ!' হঠাতে অনিলদাই প্ৰশ্ন কৰিলে অৰুণদাক৷ 'ঘূৰি অহা কামটো দিনত আৰম্ভ কৰিলেও, ঘৰ পাওঁতে ৰাতি হয়েই৷ নহয়নে?' দুয়ো পুৰণি ৰেকৰ্ড বুক মেলিলে৷ আগৰ কেইবাটাও যাত্ৰাৰ টাইমিঙক লৈ বিশ্লেষণ চলিল৷ প্ৰতিপন্ন হ'ল যে অনিলদাই কোৱা কথাই সঁচা৷ আজিও সেই একেটাই ঘটিছে৷ তিনিচুকীয়াৰ পৰা পুৱা ৯.৩০ বজাত আৰম্ভ কৰিলে পোহৰতে পাবগৈ লাগিছিল ডিফু৷ পিছে নহ'ল৷ নিয়ম ভংগ নহ'ল! ঘড়ীৰ কাঁটা এতিয়া মাজনিশাৰ ফালে আগ বাঢ়িছে৷

৪কিল'মিটাৰমান বাকী থাকোঁতেই ৰিক্ৰিয়েশ্বন পাৰ্কৰ ওচৰত থকা টাউন কমিটিৰ চাইনব'ৰ্ড এখনে আমাক নিজৰ ঠাইখনলৈ স্বাগতম জনালে৷ তেনেতে অনিলদাই কওঁ-নকওঁকৈ স্বীকাৰোক্তি এটা দাঙি ধৰিলে, 'আচৰিত জানে ছাৰ, এইকেইদিন মই এটাও টেবলেট খোৱা নাই৷ বেমাৰ এনেয়ে ভাল হৈ গ'ল! আপুনিতো জানে, যাবৰ দিনালৈ মোৰ গা সিমান ভাল নাছিল৷ ভাবিছিলোঁ, ইমানখিনি প্ৰস্তুতি হৈ উঠাৰ পিছত নোযোৱাটো বৰ বেয়া কথা হ'ব৷ তাকে লৈ কিমানে কিমান ধৰণেযে গাব! আপোনালোকেও কি বা ভাবি লয় আকৌ! সেয়ে যেনে-তেনে ওলাই আহিলোঁ৷ কিন্তু কি জানে ছাৰ, যেই ট্ৰেইনত উঠিলোঁ, আপোনা-আপুনি চব ঠিক হৈ গ'ল! সঁচাকৈ কৈছোঁ৷ বিশ্বাস কৰক৷' এইবুলি অনিলদা ৰ'ল৷ তাৰ পিছত হাঁহি এটা মাৰি আকৌ ক'লে, 'ঔষধৰ টোপোলাটো মিছাতে কঢ়িয়ালোঁ, অ' ছাৰ৷'

ভ্ৰমণটোৱে সঞ্জীৱনী সুধাৰ কাম দিলে অনিলদাৰ বাবে৷ তদুপৰি মন কৰিলোঁ যে যোৱাৰ পৰা উভতি অহালৈকে দলৰ কোনো এজনৰো হাঁচি-কাহ, চৰ্দি-জ্বৰ, মূৰৰ বিষ, পেটৰ অসুখ একোটোৱেই নহ'ল৷ ঈশ্বৰৰ কৃপাত সকলোটি সুকলমেই ঘূৰি আহিলোঁ৷ বুজাব নোৱাৰা সুখেৰে হৃদয়-মন-মগজু ভৰিহে আহিল৷ অনিলদালৈ চাই মুখ খুলিলোঁ, 'ভ্ৰমণ নিজেই এক উৎকৃষ্ট মহৌষধ, অনিলদা৷ অৰুণাচলৰ মুক্ত প্ৰকৃতিৰ স্বয়ংক্ৰিয় থেৰাপীত আপুনি সুস্থ-সবল আৰু টেনচনফ্ৰী হৈ উঠিল!' অনিলদাই মিচিকিয়াই মূৰ দুপিয়ালে৷ বেছ আনন্দিত যেন দেখা গ'ল তেওঁক৷

ঘৰ পাবৰ হৈছেহি৷ অনিলদাক অলপ জোকাওঁ বুলিয়ে আকৌ আৰম্ভ কৰিলোঁ, 'পিছে এটা কথা... অৰুণদাৰ দৰে আপুনিও ডঙত উঠিবগৈ পৰাহেঁতেন! ভ্ৰমণ কাহিনীত অৰুণদাইতো আপুনি যোৱা নাছিল বুলিয়ে লিখিব৷' অনিলদাৰ কপালৰ ৰেখাকেইডাল কোঁচ খাই পৰিল৷ 'মই ডঙত নাই উঠা বুলি কিন্তু নিলিখিব দেই ছাৰ৷ আৰু কাকো নক'বও৷ প্লিজ৷ আপোনালোকে লিখিব জানে৷ মই নাজানো৷ অনিলো লগত গৈছিল বুলিয়ে লিখি দিবচোন৷' তেনেকুৱাতে সঞ্জুৱে মাত দিলে, 'সেইটো কেনেকৈ হ'ব? ভ্ৰমণ কাহিনীত গল্প, উপন্যাসৰ নিচিনাকৈ সাজি সাজি মিছা কথা লিখিব নোৱাৰি নহয়৷ সত্যটোহে লিখা হ'ব৷ আপুনি নোযোৱাৰ বাবে এতিয়া পস্তাই থাওক৷ অৰুণদা যাব পাৰিলে৷ সৌৱা, এতিয়া গপচত আছে, চাওক৷' গাড়ীৰ ভিতৰখনত হাঁহিৰ ৰোল উঠিল৷


'বাৰু বাৰু, এতিয়া এটা কাম কৰকচোন৷' অনিলদাই কৌতূহলেৰে মোৰ ফালে ঘূৰি চালে৷ 'টেবলেটৰ টোপোলাটো ক'ত?' 'কিয় লাগে?' 'খিৰিকীৰে সৌ জংঘললৈ দলিয়াই দিওঁ৷' সকলোৱে গিৰ্জনি মাৰি আকৌ এবাৰ হাঁহিলে৷ 'এতিয়াই কৈ দিছোঁ দেই, অহাবাৰ যাতে ঔষধ-চৌষধ মিছাতে কঢ়িয়াই নুফুৰে৷ আমাৰ বেগ খুলি চাওকচোন৷ দৰবৰ দ-টোও নাপাব৷ প্ৰকৃতি মাতৃৰ বুকুলৈ যাওঁতে সেইবোৰৰ কোনো প্ৰয়োজন নাই বুলি নাজানে নেকি? দেখিলেনে সেই বাটে এখনমান নাৰ্ছিং হোম, হস্পিতাল, ফাৰ্মাচী? নেদেখিলেনে টিংকা, কমলা দিদিহঁত কিমান সুখী? পৃথিৱীৰ অসুখৰ কাৰণটো কি বুজিলে?'


ডিফু সোমালোঁ৷ প্ৰথমে ৰুকাছেনলৈ উঠি গৈ অৰুণদাক ড্ৰপ কৰা হল৷ সফল যাত্ৰা সামৰি নিজৰ টোপোলা-টাপলি আৰু অতদূৰ বাট কঢ়িয়াই অনা বনৰীয়া গছ-লতিকাবোৰৰ সৈতে পৰিপূৰ্ণ মন এটা লৈ জ্যেষ্ঠ যাত্ৰিকজন গেটৰ ভিতৰত প্ৰৱেশ কৰিলে৷ তাৰ পিছত গাড়ী শিক্ষক কলনীত ৰ'ল৷ স্বৰ্ণালী আৰু ৰথী দুৱাৰমুখত আশাভৰা চকু দুহাল লৈ ৰৈ আছে৷ সঞ্জু নামিল৷ তাৰ পিছত ডিফু-লামডিং ৰডত নিজঘৰৰ সন্মুখত মই৷ অটৰিক্সা, ট্ৰেইন, গাড়ী, পদযাত্ৰা, ফেৰী, মেছিন নাও, ট্ৰেক্তৰ যাত্ৰাৰে জীৱন্ত আৰু সজীৱ হৈ আছোঁ৷ স্কৰপিঅ'ৰ দৰজাখন বাহিৰৰ পৰা ঠেলি বন্ধ কৰি দিলোঁ৷ নিশা ঠিক ১১.৩০ বাজিছে৷ গাড়ীসহ পেটেল আজি ৰাতিটোৰ বাবে ঝিলপাৰত 'স্পনছৰ' অনিলদাৰ ঘৰত আলহী৷ মোক নমাই থৈ দুয়ো গুচি গ'ল৷ কেঁকুৰিত অদৃশ্য নোহোৱালৈকে গাড়ীখনৰ ক্ৰমহ্ৰাসমান পোহৰটোলৈ অপলক নেত্ৰে চাই থাকিলোঁ, যিখনে আমাক অতদূৰ ঘূৰাই-ফুৰাই নিজৰ নিজৰ জেগা পৌচাই দিলেহি৷ ঘৰ সোমায়ে আন কথা বাদ দি গাড়ীৰ গৰাকী তিনিচুকীয়াৰ দেৱজিত দুৱৰাক ফোন কৰি জনাই দিলোঁ যে পালোঁহি, পেটেলক কাইলৈ পুৱা পঠাম৷ বন্দৱস্ত যিহেতু ময়েই কৰিছিলোঁ গতিকে সেইটো মোৰ কৰ্তব্য৷
.........................
পুচ্ছাংশ...
পিছদিনা পুৱাতে হিচাপ-কিতাপ সম্পূৰ্ণ কৰি, বকচিচৰ লগতে টেংকীভৰ্তি ডিজেল ভৰাই গাড়ী সাজু কৰা হ’ল, পূবলৈ বুলি৷ ঘৰে ঘৰে এখন্তেক বহি পৰিয়ালৰ সৈতে চা-চিনাকি হোৱাৰ উপৰি চাহপানীৰ আতিথ্য গ্ৰহণ কৰিবলগীয়া হ'ল পেটেলে৷ মুখত সুখৰ হাঁহি আৰু অন্তৰত বিচ্ছেদৰ বেদনা লৈ ডিফু এৰি তেওঁ উভতিল তিনিচুকীয়া অভিমুখে৷ অৰুণোদয়ৰ বাট বিচাৰি উত্তৰ-পূবৰ অন্তিম পূবলৈ কৰা এই ভ্ৰমণটোত অনেক প্ৰাপ্তিৰ উপৰি সুমিত সিং পেটেলৰ ৰূপত আমি এজন ভাল ড্ৰাইভাৰ তথা গাইড লগ পালোঁ যি ভৱিষ্যতৰ কাৰ্যসূচীত টীম মাৰ্ক’ পল’ৰ সৈতে চালকৰ আসনত বহি ছিট বে'ল্ট কচিবলৈ স্বেচ্ছাই আগ্ৰহী হৈ ৰ’ল৷
.........................

সহায়ক গ্ৰন্থপঞ্জী, তথ্যসূত্ৰ, তথ্যদাতা ইত্যাদি : 
১. অসমৰ জনজাতি, সম্পাদক : শ্ৰী প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, ১৯৬২
২. মপিন্‌ উৎসৱ, শ্ৰী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অসম সাহিত্য সভা, যোৰহাট, অক্টোবৰ ১৯৭৪
৩. অসম বুৰঞ্জী, মূল লেখক : চাৰ এডোৱাৰ্ড গেইট, অনুবাদিকা : চেনেহী বেগম, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, অক্টোবৰ ১৯৯১
৪. অসমৰ নদ-নদী, ডক্টৰ যোগেন্দ্ৰনাথ শৰ্মা, অসম সাহিত্য সভা, যোৰহাট, জানুৱাৰী ১৯৯৩
৫. অসমীয়া সংস্কৃতিৰ কণিকা, সম্পাদক : ডক্টৰ নাৰায়ণ দাস আৰু ডক্টৰ পৰমানন্দ ৰাজবংশী, স্নাতকোত্তৰ অসমীয়া অধ্যয়ন কেন্দ্ৰ, অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, গুৱাহাটী, মে ১৯৯৬
৬. চিত্ৰ-বিচিত্ৰ অসম, প্ৰদীপ বৰুৱা, জ্যোতি প্ৰকাশন, গুৱাহাটী, জানুৱাৰী ২০০৩
৭. অসমকোষ, সংকলক আৰু সম্পাদক : হেমন্ত কুমাৰ ভৰালী, বনলতা, ডিব্ৰুগড় আৰু গুৱাহাটী, ডিচেম্বৰ ২০০৫
৮. অসমৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান, সৌম্যদ্বীপ দত্ত আৰু মৃদু পৱন ফুকন, নেচাৰ্চ বেকন, ধুবুৰী, ২০০৬
৯. ছাংপোৰ পৰা ব্ৰহ্মপুত্ৰলৈ, মৃণাল তালুকদাৰ, নন্দ তালুকদাৰ ফাউণ্ডেচন আৰু ভবানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনচ, গুৱাহাটী, অক্টোবৰ, ২০১১
১০. ১৯৬২, মৃণাল তালুকদাৰ, নন্দ তালুকদাৰ ফাউণ্ডেচন আৰু ভবানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনচ, গুৱাহাটী, ছেপ্টেম্বৰ, ২০১৩
১১. পৰ্যটন, উত্তৰ-পূব ভাৰতৰ হাতবাউলি, গুপ্তজিৎ পাঠক, জ্যোতি প্ৰকাশন, গুৱাহাটী, জুলাই ২০১৩
১২. অসমৰ অভয়াৰণ্য (ৰাষ্ট্ৰীয় উদ্যানসহ), সংকলন আৰু সম্পাদনা : অনিল বৰুৱা, অসমীয়া ভাষা আৰু ছফট্‌ৱেৰ বিকাশ কেন্দ্ৰ, ছেপ্টেম্বৰ ২০১৪
১৩. ডিব্ৰু-ছৈখোৱা, নিৰন্ত গোহাঁই আৰু ৰূপমা চুতীয়া, আখৰ প্ৰকাশ, গুৱাহাটী, জানুৱাৰী ২০১৪
১৪. আছাম এণ্ড ট্ৰেভেল গাইড, ৰবীন্দ্ৰ কুমাৰ বৰা, সংগীতা এডভাৰটাইজিং চাৰ্ভিছ, তেজপুৰ, নবেম্বৰ ২০১৪
১৫. আমাৰ অসম (দৈনিক বাতৰি কাকত, গুৱাহাটী) : ২৫.৩.২০১৫, ২৯.৩.২০১৫, ৬.৪.২০১৫, ১০.৪.২০১৫, ১২.৪.২০১৫, ১৪.৪.২০১৫, ৩০.৪.২০১৫


Wikipedia, the free encyclopedia

Travel Diary, Blogs ~
1. The Road to Walong : Following the Lohit River By TravelLenz (October 11, 2012)
Great Himalayan Drive by Ajay Jain, March 30, 2010
2. Northeast Travel Diary by GREENER PASTURES, April 11, 2012
3. Trip to Kibithoo By Greener Pastures
4. Road Trip to Mayodiya

Books ~
1. Indo Tibet China Conflict : Dinesh Lal, Neha Publishers & Distributors, Gyan Book Pvt Ltd
2. 1962 and the McMahon Line Saga : Claude Arpi
3. Himalayan Blunder, The Angry Truth About India's Most Crushing Military Disaster : Brig J. P. Dalvi, Natraj, Dehra Dun, 2010
4. India's China War : Neville Maxwell

Magazines ~
1. Frontline : Vol. 26, Issue 12, June 6-19, 2009, Opium Valley
2. Frontline : Vol. 29, Issue 23, November 17-30, 2012, The Truth about 1962

বিশেষ কৃতজ্ঞতা : 
সুমিত সিং পেটেল, দেৱজিত দুৱৰা, পাৰ্থসাৰথি দাস, তিনিচুকীয়া; ডক্টৰ লক্ষ্যহীৰা থাওম্যুং, হেমাঞ্জলি সন্দিকৈ, ডিফু; ৰত্নেশ্বৰ সোণোৱাল, প্ৰজ্ঞাশীল থেৰ, চৌখাম; ধৰ্মেন গগৈ, চিমা তামাং, কমল ধুংগানা, ভূপেন দুৱৰা, খুপা; কানেক্ট, কমলা, গাইবস্তি; কৃষ্ণ প্ৰধান, দেউকণ গগৈ, উত্তম অধিকাৰী, ৱালং; এছ. শেখৰ, দীনেশ কুমাৰ, হেলমেট টপ; টিংকা, টপডেন, পেটমা, ডং; গণেশ শৰ্মা, দীপক, মিষ্টাৰ ত্ৰিবেদী, হাৱাই; শকুন্তলা গগৈ, দীপক কলিতা, তেজু; জিবি পলো, ৰয়িং; কে. আৰ. শ্ৰীনিবাস, মায়ডিয়া; ৰূপম ৰুণ গগৈ, ছাজিদ, ছাহনাজ, শদিয়া; গোপাল ৰজক, জয়নাল আবেদিন, গুঁইজান; যাদৱ পায়েং, দেবেন দলে, পুষ্পক সিং, ককিলামুখ; মনজিত পাতিৰ, ঢকুৱাখনা৷

Wednesday 9 September 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ


দিন আঠ ৷৷ দিনাংক ১৭.৪.২০১৫
৪. 'অৰণ্য মানৱ' যাদৱ পায়েঙৰ 'মুলাই কাঠনি' চালোঁ



'যাদৱ পায়েঙৰ তাত সোমাই যাব পাৰি৷' আহি থাকোঁতেই কথাষাৰ উলিয়ালে সঞ্জুৱে৷ টীয়ক পাৰ হৈ আহিছোঁ৷ যোৰহাটলৈ কিছু আছে৷ 'ভাল কথা ক'লে দেই৷' লগে লগে আটাইৰে সমৰ্থন৷ এই মানুহজন মাত্ৰ কেইদিনমানৰ আগেয়ে ডিফুলৈ গৈছিল৷ তাৰালাংছ'ৰ সম্বৰ্ধনা সভাখনত সঞ্জুৱে লগ পাইছিল৷ গতিকে বিশেষ ভাবিবলগীয়া নাই৷ 'পিছে আছেবা নাই আকৌ? সেইটোহে ডাঙৰ কথা৷' সঞ্জুৱে ফোন কৰি চালে৷ খবৰ আহিল যে মানুহজন ঘৰতে আছে৷ উৎসাহবোৰ আমাৰ বুকুৱে বুকুৱে উভৈনদী হৈ পৰিল৷

কলীয়াপানীত নেছনেল হাইৱে'ৰ দাঁতিত অৱস্থিত 'মাইহাং ধাবা'৷ তাতে দিনৰ ভাতকেইটা মোকলোৱা হ'ল৷ এই ভ্ৰমণৰ এইসাঁজেই লাষ্ট৷ নিশাৰ ভাগি ঘৰত মিলিব৷ ভাত খাই উঠিয়ে আমি ‘মুলাই কাঠনি’ৰ সন্ধানত নামি পৰিলোঁ৷ তাৰ আগতে দুই-একৰ পৰা বাটৰ শুদ্ধ বৰ্ণনা লৈ ল'লোঁ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট বাইপাচ এৰি ককিলামুখৰ বাটে সোঁহাতে সোমাই এসময়ত ব্ৰহ্মপুত্ৰৰ মথাউৰিত উঠিলোঁগৈ৷ ধূলি উৰুৱাই আগ বাঢ়িল আমাৰ স্কৰপিঅ’খন৷ মিচিং মানুহ এঘৰৰ পিছফালেৰে যোৱা কেঁচা উপপথটোৰে ধেনুভিৰীয়াকৈ পাক মাৰি ঘূৰি পুনৰ মথাউৰি৷ সৰ্বাইবন্ধাৰ ফালৰ পৰা অহা পকী ৰাস্তাটো সেইখিনিতে ককিলামুখ পাইছেহি৷ ৫ নম্বৰ স্পাৰ৷ ৰাইট টাৰ্ণ লৈ তলৰ ফালে ‘ভাৰতবৰ্ষৰ অৰণ্য মানৱ’জনৰ ঘৰ৷ 

ঘৰ মানে পৰম্পৰাগত মিচিং আৰ্হিত অৰ্ধনিৰ্মিত, পকী ফ্ৰেমৰ সাধাৰণ এটা চাংঘৰ৷ জপনামুখৰ চাইনব’ৰ্ডখনে নিশ্চিত কৰিলে যে আমি বিচাৰি যোৱা ঘৰটোৱেই হয়৷ ঠিকে-ঠাকে উলিয়াব পাৰিছোঁ৷ ওপৰলৈ উঠি যোৱা খটখটিটোতে গামোচা আৰু হাফ গেঞ্জী পিন্ধি মানুহজন বহি আছিল৷ হাতত এখন আলোচনী৷ দূৰৰ পৰাই চিনি পালোঁ৷ সেইজনেই ভাৰত চৰকাৰৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীকে ধৰি অনেক সম্বৰ্ধনাৰে বিভূষিত যাদৱ পায়েং৷ ঘৰুৱা নামটো মুলাই৷ সঁচা অৰ্থত যি এজন ফৰেষ্টাৰ৷ যাৰ প্ৰকৃতি সংৰক্ষণমূলক একক আৰু বিচিত্ৰ চিন্তা তথা কৰ্মৰ বিষয়ে আজি পৃথিৱীৰ চুক-কোণৰ নিৱাসী বিভিন্নজন মানুহ বাৰুকৈয়ে অৱগত৷ জন্ম যোৰহাটৰ সমীপৱৰ্তী ককিলামুখত, ১৯৬৩ চনত৷

তেতিয়া তেওঁৰ বয়স ১৬ বছৰ৷ চন ১৯৭৯৷ বানপানীৰ কবলত পৰি গছ-গছনি ধ্বংসপ্ৰাপ্ত হোৱাৰ পিছত উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছিল৷ ফলস্বৰূপে বহুসংখ্যক সাপৰ মৃত্যু ঘটিছিল৷ তাকে দেখি চাপৰি এটাত তেওঁ ৰুই দিছিল ২০ জোপা বাঁহগছ৷ সেয়াই আৰম্ভণি৷ গোলাঘাট জিলাৰ সামাজিক বনানীকৰণ বিভাগৰ জৰিয়তে ২০০ হেক্টৰ এলেকাত কৰিবলৈ লোৱা বৃক্ষৰোপণত শ্ৰমিক হিচাপে কাম কৰা মুলাই আঁচনিখনৰ সমাপ্তিত চাপৰিটোতে থাকি গ’ল৷ ৰুই যোৱা গছপুলিখিনিৰ প্ৰতিপালন কৰাৰ উপৰি আৰু অধিক ৰোপণ কৰি বৃক্ষৰ সংখ্যা বঢ়াই গৈ থাকিল তেওঁ৷ দিনে দিনে পৰিৱৰ্তন আহিল পৰিৱেশটোলৈ৷ সেয়াই যাদৱ পায়েঙৰ সঁচা অতীত৷ পায়েঙৰ দ্বাৰা কৃত অৰণ্য সৃষ্টিৰ কথা ২০০৮ চনত অসম চৰকাৰৰ বন বিভাগে পোহৰলৈ আনিছিল৷ তাৰ পাছৰ পৰাই মানুহজন জনাজাত হৈ পৰে৷

দীঘল পদূলিটোৰে সোমাই গ’লোঁ৷ থিয়ৈ থিয়ৈ পৰিচয় বিনিময়৷ মানুহজনৰ হাতত গঢ়ি উঠা কাঠনিখন চাবলৈ তৎমুহূৰ্ততে ব্যগ্ৰতা প্ৰকাশ কৰিলোঁ৷ বিয়লি ২.৩০ বাজি পাৰ হৈছে৷ পায়েঙৰ পত্নী বিনীতাই কুঠাৰ এখনেৰে খৰি ফালি আছে৷ তেওঁলোকৰ সন্তান তিনিটা৷ ২ পুত্ৰ আৰু কন্যা ১৷ সময় গণনা কৰি লগে লগেই আমাক চাপৰিৰ দিশে গতি কৰিবলৈ পৰামৰ্শ দিলে৷ তেহে আন্ধাৰৰ আগে আগে ঘূৰিব পৰা হ’ব৷ অন্ধকাৰ হ’ব লাগিলে অনেক অসুবিধা আছে৷ কালবিলম্ব নকৰি আমিও ততাতৈয়াকৈ আৰম্ভ কৰি দিলোঁ পদচালনা৷ গাইড হিচাপে লগত গ’ল স্থানীয় মানুহ দেবেন দলে৷ ঢকুৱাখনাৰ বকুলগুৰিৰ পৰা অহা মনজিত পাতিৰ ওলাল সহযাত্ৰী হিচাপে৷ ‘প্ৰাকৃতিক ভিক্ষু দল’ নামৰ সংগঠন এটাৰ তেওঁ এজন পৰিৱেশ কৰ্মী৷ ‘অৰণ্য মানৱ’জনৰ সমৰ্থন, পৰামৰ্শ আৰু সংগঠনটোৰ নিজা সামৰ্থৰে নিজৰ অঞ্চলত বৃক্ষৰোপণ আৰু সংৰক্ষণমূলক কাম-কাজ যৎপৰোনাস্তি কৰি গৈছে তেওঁলোকে৷ মিচিং গাঁৱৰ মাজেৰে কথা পাতি পাতি ১ কিল’মিটাৰমান খোজ কাঢ়ি ব্ৰহ্মপুত্ৰৰ সুঁতি এটাৰ পাৰত আমি ৰ’লোঁগৈ৷ যোৰহাটত পঢ়ি থকা দিনত এবাৰ শিৱৰাত্ৰিত চাইকেল লৈ গৰখীয়া দৌল বিচাৰি ওলাইছিলোঁ৷ বাট-পথ চিনি নাপাওঁ৷ মানুহে কোৱামতেই ঘূৰি-পকি আন্ধাৰে-মুন্ধাৰে পেডেল মাৰি মাৰি ভিতৰ ককিলা পাইছিলোঁগৈ৷ পৰুৱাই পোৱা সেই ঘটনাটো চাঁতকৈ মনত পৰিল৷ এজনে তেতিয়া কৈছিল, 'এইপিনে কোনো দৌল নাই৷ তঁহতি ভুল ৰাস্তাৰে আহিলি৷ এইপিনে গৈ থাকিলে ব্ৰহ্মপুত্ৰহে পাবিগৈ!'

ঘাটটোত খৰি, খেৰ, বাঁহ আদি দ’মাই থোৱা দেখা পালোঁ৷ চাপৰিৰ পৰা সেইবোৰ কঢ়িয়াই অনা হৈছে৷ গোটা বাঁহৰ কেইবাটাও মুঠা জাপি সজা মেলেং এখনো আছে৷ পৰিৱহণৰ খৰচ বচাবলৈ মেলেঙীয়ালহঁতে নাব্য নদীৰ ভটিয়নী সােঁতত ভূৰৰ দৰে মেলেং মেলি দি বাঁহবোৰ সহজতে বোৱাই অানে৷ ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি আৰু বৰাক উপত্যকাৰ ভূমিহীন নদীয়াল মানুহৰ সংঘাতময় জীৱনৰ এয়া এটা উপজীৱিকা৷ বসন্ত দাসদাৰ 'মেলেং' উপন্যাসখন পঢ়ি সামৰোঁতেই কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিলৈ গৈ ত্ৰিপুৰা-মিজোৰাম সীমান্তৰ জামপুই হিলছৰ পৰা ওলাই অহা লংগাই নৈখনত মেলেঙত উঠি চোৱাৰ, মেহেৰ আলী, ঈৰ্ছাদ আদি মেলেং-বাইচাহঁতক লগ পোৱাৰ দুৰন্ত ইচ্ছা এটাই টানি নিছিল৷ প্ৰয়াস এটা চলাইছিলোঁও, পিছে ফলৱতী নহ'লোঁগৈ৷ ইয়াত চকুৰ আগত মেলেংখন দেখা পাই প্ৰয়াত ঔপন্যাসিকজনৰ সদাচিনাকি মুখখন আৰু ভাব-ভাষ্যবোৰ স্মৃতিপটত আপোনা-আপুনি মেলেংখনৰ দৰেই ভাহি উঠিল৷ অদূৰত মেচিন নাও এখন আহি আছে৷ এইপাৰে ককিলা, সিপাৰে অৰুণা চাপৰি৷ তাতেই আছে বিখ্যাত ‘মুলাই কাঠনি’৷ কৌতূহলী পৰিব্ৰাজকৰ বাবে যি আজি একপ্ৰকাৰে ৰূপান্তৰিত হৈছে পৰ্যটন থলীলৈ৷ গৱেষকৰো সমল সন্ধানৰ স্থলত পৰিণত হৈছে৷ পায়েঙৰ স্থানীয়ভাৱে প্ৰচলিত নামটোৰেই এই নামৰ সৃষ্টি... মুলাই ফৰেষ্ট৷

এইপাৰলৈ অহা যাত্ৰীসকল নমাত সিপাৰলৈ যাবৰ বাবে সকলোটি উঠিলোঁ৷ দাৰিগ উপাধিৰ ঘাটুৱৈজনে ইঞ্জিন ষ্টাৰ্ট দিলে৷ 
একে উপাধিৰ সহপাঠী এজন যোৰহাটত পঢ়া কালত হোষ্টেলত আমাৰ লগত আছিল৷ ভাবিৰাম দাৰিগ৷ এতিয়া ক'ত নাজানো৷ দীঘল বাঁহ এডাল হাতত লৈ দলে নামৰ আমাৰ গাইডজন টিঙত থিয় দি থাকিল৷ প্ৰায় ২০টা মিনিটৰ উৎকণ্ঠা৷ মুখত হাঁহি থাকিলেও পেটত সাঁতুৰিব নজনাৰ ভয়৷ তাৰ মাজেৰেই অৰুণা চাপৰিৰ শুভ্ৰ বালিত জোতাৰ চিন ৰাখিলোঁগৈ৷ চাপৰিত চলাচল কৰা ট্ৰেইলাৰ সংযুক্ত ট্ৰেক্তৰখনৰ চালকৰ সৈতে ফোনযোগে ইপাৰৰ পৰাই কথা পাতি পূৰ্বতেই তেওঁক বাহনসহ থিয় কৰাই ৰখা হৈছিল সিপাৰত৷ গৈ পোৱাৰ পিছতে কাঠনি পৰিভ্ৰমণৰ বাবে আমি তাতে উঠি ল’লোঁ৷ অন্যথা খোজ কাঢ়িব লাগিব আৰু সময়ো যথেষ্ট লাগিব৷ ৭ যোগ ৭, ১৪ কিল'মিটাৰ খোজ কঢ়াৰ ভয়ত অনিলদাই পোনতে থেৰোঁ-গেৰোঁ কৰিছিল৷ পিছে ট্ৰেক্তৰ বন্দৱস্তৰ কথা শুনা পাই আগে ভাগে নাৱৰ পীৰিত বহি ল'লেগৈ৷ সেইটোকে লৈ তেওঁক জোকালোঁ অলপপৰ৷

ঘাঁহনি, ঝাও বন, বাঁহৰ আগলি, বিভিন্ন প্ৰজাতিৰ গছ-লতিকাৰ ডাল-পাত মহতিয়াই পুষ্পক সিঙৰ ট্ৰেক্তৰ ঢেৰঢেৰাই আগ বাঢ়িল৷ অৰুণদা আৰু সঞ্জু বহিছে ড্ৰাইভাৰৰ পিছতে, ঠিক ডাঙৰ চকা দুটাৰ ওপৰত থকা ছিটত৷ চালকৰ দুফালে বহি লৈ নাচি নাচি গৈ আছে দুয়ো৷ আমিবোৰ পিছফালে ট্ৰেইলাৰত, হালিজালি৷ অনিলদা, মই, পেটেল, দলে আৰু পাতিৰ৷ ওপৰতে কাঠৰ চকী এখন আছিল৷ অনিলদা তাতে বহিছে৷ বহুত বছৰৰ মূৰত এইবিধ বাহনত উঠিবলৈ পাইছোঁ৷ ল’ৰালিৰ দিনবোৰলৈ মনটো উৰি গৈছে৷ খেদি খেদি উঠিছিলোঁগৈ ট্ৰেক্তৰ, ৰ'ড ৰ'লাৰ, বুল ড'জাৰ, ট্ৰাক আদিত৷ ৰৈ যোৱা সুযোগ এটাহে যেন নিবিচৰাকৈয়ে হাতলৈ আহিছে আজি! পূবৰ এই ভ্ৰমণটোৱে অৱশেষত এই সুখকণো দি মনটো নতুনকৈ ৰঙাই তুলিলে৷

হাঁহি-আনন্দ, মুক্তমনৰ কিৰিলী-চিৎকাৰ আৰু কৌতূহলোদ্দীপক অভিজ্ঞতাৰে যাত্ৰাটো ভাবিব নোৱাৰা ধৰণে ৰোমাঞ্চভৰা আৰু উপভোগ্য হৈ উঠিল৷ ওখোৰা-মোখোৰা পথত ভাৰসাম্য ৰাখিব নোৱাৰি খুন্দা-খুন্দলি খাই নগুৰ-নাগতিও কিছু হ’ল৷ বেলেন্স ৰাখিব নোৱাৰি অনিলদা চকীৰ পৰা পৰিল৷ পেটেলহঁত পিছলৈ বহিছিল৷ থেকেচনিৰ কোবত দেদাউৰি পাৰিব ধৰিলে৷ তাকে লৈ হাঁহিত পেটৰ নাড়ী ডাল ডাল হোৱাৰ উপক্ৰম ঘটিল৷ অনিলদাৰ থেকেচা খোৱা হাতখন পিটিকি পিটিকি ক'লোঁ, 'ৰ'ব, আগত নাৰ্ছিংহোম পালে তাতে সোমাই এক্সৰে' এটা কৰোৱাই ল'ম৷' হাঁহিয়ে সকলো দুখ-বিষ তল পেলালে৷

ঠায়ে ঠায়ে বাটলৈ আগ বাঢ়ি থকা ঠাল-ঠেঙুলিয়ে শৰীৰত কোবাই গ’ল৷ ট্ৰেইলাৰৰ বডীত ধৰি থিয় হৈ আহি আছোঁ৷ হেন্দোলনিত কঁকালত ধৰি যায়৷ মাজে মাজে বহি দিওঁ৷ হাতত ইফালে খোলা অৱস্থাত হেণ্ডিকেমটো৷ আৰম্ভণিৰ পৰা শেষলৈকে সমস্ত যাত্ৰাটোকে ৰেকৰ্ড কৰাৰ মতলব৷ একোবত মূৰত থকা 'ব্ৰাজিল কেপ' জোপোহা গছ এডালৰ ঠানিত লাগি থাকিয়ে আহিল৷ সুপ্ৰিয়দাই আনি দিছিল সেইটো, কানাডাৰ টৰন্তোৰ পৰা৷ টুপী কেতিয়া অন্তৰ্ধান হ'ল ক’বই নোৱাৰোঁ৷ মূৰত বতাহে কোবালতহে খেয়াল হ'ল৷ 'হেই ৰাখক ৰাখক...' লগে লগে পুষ্পক সিঙক চিঞৰিলোঁ, ট্ৰেক্তৰ ৰখাবলৈ৷ ঢেৰঢেৰণিৰ মাজতো বিকটভাৱে মৰা চিঞৰটো তেওঁৰ কাণত সোমালগৈ৷ ব্ৰে'ক মাৰিলে৷ জাঁপ মাৰি নামিলোঁ৷ উভতি দৌৰ মাৰিলোঁ গছত ওলমি ৰোৱা টুপী সৰাবলৈ৷ তেনেকুৱাতে কুকুৰ এটাই ভৌ-ভৌকৰে লেলিহান জিভাখন মেলি হুচ হুচকৈ খেদি আহিল৷ ওপৰৱালাৰ কৃপাত কিবাকৈ বাছিলোঁ যেনিবা৷ এনেয়ে কুকুৰ বুলিলে সাতজাঁপ! ৱালঙৰ আই.বি.ৰ পিছফালে থকা কমলা গছত বগাই কমলা ছিঙা আৰু ৰ'য়িঙৰ চাল্লি লে'কৰ পাৰৰ আমলখিজোপাত উঠি গৈ আমলখি পাৰি অনাৰ পিছত ট্ৰেইলাৰৰ পৰা মৰা এই জাঁপটোও আচলতে চে'ল্‌ফ টে'ষ্ট যেনেই হ'ল! ফিটনেচ ঠিকে-ঠাকে থকা বুলি চাৰ্টিফিকেট পাই গ'লোঁ হাতে হাতে৷ ডাক্তৰ আৰু দৰবৰ পৰা আঁতৰত থাকি মাজে মাজে এই ধৰণে নিজকে নিজে সক্ষমতাৰ পৰীক্ষাত অৱতীৰ্ণ কৰোৱাই থাকোঁ৷ যোৱা দুবাৰৰ দৰে এইবাৰো ৰিজাল্ট সন্তোষজনক ওলাল৷


হেদালিত ওলমি থকা লাউ, বাঁহৰ জেঙত জিলিকি থকা তিয়ঁহৰ উপৰি বিলাহী, বেঙেনা আদিৰ খেতি আৰু মিচিং মানুহৰ পৰম্পৰাগত চাংঘৰবিলাকৰ মাজে মাজে গৈ আছোঁ৷ কিছুদূৰ যোৱাৰ পিছত লানি নিছিগা সৰু-বৰ গছ-গছনি আৰম্ভ হ’ল৷ তাৰ মাজে মাজে জঁপিয়াই, থেকেচনি খাই ট্ৰেক্তৰ-যাত্ৰা কৰি ৪.০০ বজাত ব্ৰহ্মপুত্ৰৰ পাৰত উপস্থিত হ’লোঁ আমাৰ দলটো৷ সৌভাগ্য বুলিব লাগিব যে পূবৰ মূল উপনৈ লোহিতখন আৰম্ভণিৰ দিনৰে পৰা কালিলৈকে চাই আহি আজি মূল নদ ব্ৰহ্মপুত্ৰও দেখিবলৈ পালোঁ৷ হাবিখনৰো সেয়াই হৈছে আনটো মূৰ৷ কাঠনিৰ এলেকাটো মুঠতে ৫৫০ হেক্টৰ৷ বিভিন্ন জাতৰ উদ্ভিদ, ঘাঁহনি, বাঁহনি, ফুটুকানি, মুকলি পথাৰ, হাবি, কাঠনি আদি যাত্ৰাপথত আমাৰ দৃষ্টিগোচৰ হ’ল৷ নানান ধৰণৰ চৰাই-চিৰিকটিৰ কলৰৱেও মন হৰিলে৷ গৰু-ম’হৰ জাকবোৰ অ’ত-ত’ত আপোনবিভোৰ হৈ চৰি আছে৷ গাঁৱৰ মানুহবোৰে কুকুৰা, গাহৰি আদি পালন কৰিছে৷ কোনো কোনোক জালেৰে মাছ মাৰি থকাও দেখা পালোঁ৷ এঠাইত কথা প্ৰসংগত মিচিং লোক এজনে ক'লে... ‘শাক-পাচলি, মাছ-মাংস আমাৰ ইয়াত কিনি খোৱাৰ নিয়ম নাই৷ নিমখ আৰু চাউলহে কিনা হয়৷ বাকী লাগতিয়ালখিনি চাপৰিৰ মাটি আৰু পানীতেই উভৈনদী৷’ কথাটো হয়৷ তাৰ সঠিক প্ৰমাণ পালোঁ৷

অস্তগামী সূৰ্যটো আকাশত লৈ কিছুবেলিৰ পিছতে আৰম্ভ হ’ল আমাৰ ওভতনি যাত্ৰা৷ কাঠনিৰ উপৰি পায়েঙৰ পুৰণি চাংঘৰৰ দুটাকৈ অৱস্থান পৰিদৰ্শন কৰিলোঁ৷ এই হাবিত হাতী, গঁড়, বাঘ, পহু, শহাপহু আদিকে ধৰি বন্য জন্তু-জানোৱাৰ থাকে বুলি তেতিয়াই জানিবলৈ পালোঁ৷ বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবেই পায়েঙে এতিয়া চাপৰিৰ সিটো পাৰে বসতি কৰিছেগৈ৷ বাঘৰ আক্ৰমণত তেওঁৰ কেইবাটাও পোহনীয়া গৰু-গাইৰ প্ৰাণহানি ঘটিছে৷ ট্ৰেক্তৰ চলোৱাৰ সমানে সমানে পুষ্পক সিঙে ওৰে বাট, যাওঁতেও আৰু আহোঁতেও সকলোৱে শুনাকৈ চিঞৰি চিঞৰি ৰানিং কমেণ্টেৰী দি গ'ল৷ স্ফূৰ্তিবাজ মানুহটো আমাৰ সৈতে কম সময়তে বেছ মিলি পৰিল৷

মিচিং গাঁৱৰ মাজেৰে অকাই-পকাই ট্ৰেক্তৰখন আহি অন্তিম স্থল পালেহি৷ জাঁপ মাৰি নামিলোঁ৷ নাও আহি নোপোৱা পৰ্যন্ত বলুকাতে বিয়লি বেলাৰ বিৰল থিয়-আড্ডা এটা চলি থাকিল৷ জানিব পাৰিলোঁ যে অৰুণা চাপৰিৰ পিছত পায়েঙে এতিয়া অইন এটা চাপৰিত গছপুলি ৰুবলৈ মনস্থ কৰিছে৷ আমাৰ সৈতে অহা দেবেন দলে নামৰ স্থানীয় লোকজনো কাইলৈ পায়েঙৰ লগত উক্ত ঠাইলৈ নাৱেৰে যোৱাৰ কথা, ৩,০০০টা পুলি লৈ৷ আকৌ এইটোও শুনা পালোঁ যে এই চাপৰিত আশ্ৰয় লোৱা এশিঙীয়া গঁড় নিধন কৰিবলৈ এতিয়া হেনো চোৰাং চিকাৰীৰো আগমন ঘটিছে!

৫.৩৫ মিনিটত সিদিনাৰ বাবে লাষ্ট ট্ৰিপ বুলি কোৱা নৌকাখনৰ যাত্ৰী হৈ অৰুণা চাপৰি এৰিলোঁ৷ বালিচৰত এৰি থৈ আহিলোঁ আমাৰ খোজবোৰ৷ পানী ফালি আহি পালোঁ ককিলাৰ পাৰ৷ তাৰ পাছত আগৰ দৰে খোজ কাঢ়ি একেবাৰে যাদৱ পায়েঙৰ চাংঘৰৰ কোঠাত জিৰালোঁগৈ৷ ভালে পৰলৈ আমাৰ মাজত অন্তৰংগ আলাপ চলিল৷ বিষয়-বস্তু বন সজাগতা৷ বেৰত ওলোমাই ৰখা দেখিলোঁ বিভিন্ন স্থানত বিভিন্ন সংগঠনে তেওঁক দিয়া বিভিন্নখন সম্বৰ্ধনা-পত্ৰ৷ তাৰ মাজত ১৩-১৫ মাৰ্চলৈ ডিফুত আয়োজিত আছাম ইথনিক ফেষ্টিভেল ২০১৫ত আগ বঢ়োৱাখনো সহজেই চকুত পৰিল৷ তেতিয়াই তাৰালাংছ'ৰ সেউজীয়াৰ মাজত মানুহজনে অৱগাহন কৰি গৈছে৷ আলমাৰী এটাত কিতাপ-পত্ৰ কিছুমানো দেখিলোঁ৷ সন্ধিয়া ৬.০০ বাজিবৰ হ'ল৷ অনিচ্ছাসত্ত্বেও এৰাএৰি হ’বৰ হ'ল৷ পাবগৈ লাগিব ডিফু৷ আমি যাব লাগিব আৰু কেইবাটাও ঘণ্টাৰ বাট৷ মানুহজনেও কাৰোবাক লগ ধৰিবলৈ বুলি ওলাইছে৷

আন্ধাৰ নামি আহিল৷ লুঙী, ফুল চুৱেটাৰ আৰু হাৱাই চেণ্ডেল পিন্ধি চাইকেল এখন ঠেলি ঠেলি ঘৰৰ পৰা ওলাই অহা পায়েঙে আমাক বিদায় দিলে৷ আমাৰ গাড়ীখনক পিছ পেলাই আমাতকৈ আগতেই চাইকেল মাৰি ককিলামুখ-সৰ্বাইবন্ধা পকী ৰাস্তাটোত উঠিলগৈ৷ হে’ড লাইটৰ পোহৰত আগত গৈ থকা হৃষ্ট-পুষ্ট লোকজনক দেখি মনতে এইটো বোধ হ’ল যে প্ৰকৃতি-প্ৰেমৰ ক্ষেত্ৰত এই মানুহজনক চেৰ পেলোৱাটো সাধ্য নহ’ব৷ চৰকাৰী আঁচনিৰ নামত ঢাক-ঢোল বজোৱাটো মুঠেই ভাল নোপোৱা মানুহ তেওঁ৷ তেওঁ বিচাৰে প্ৰকৃত কাম৷ গছপুলি এটাই ৰোৱক লাগিলে, কিন্তু জীয়াই তোলক৷ হাজাৰ গছপুলি ৰুই যদি এটাও জীয়াই তুলিব নোৱাৰে, পুলিৰ আপডাল যদি কৰিবই নোৱাৰে তেন্তে সেয়া অৰ্থহীন কাম৷ নামী-দামী গছতকৈ য’তে-ত’তে সহজতে হোৱা, ঘৰুৱা প্ৰজাতিৰ, চোৰেও চুৰ নকৰা গছ ৰোৱাৰহে তেওঁ পোষকতা কৰে৷ কথা প্ৰসংগত সেয়া গম পালোঁ৷ এইটো ঠিক যে আচল উদ্দেশ্যত কাম নকৰিলে সভা পাতি, লেকচাৰ মাৰি, চাহ-তামোল খাই ধনৰ শৰাধ হোৱাৰ বাদে বাকী একো লাভ নাই৷ ধন-খঁকুৱা মন্ত্ৰী, আমোলা, ঠিকাদাৰে বননিৰ উন্নতি সাধিব নােৱাৰে৷


বিগত ৩০টা বছৰে নিৰৱচ্ছিন্নভাৱে ব্ৰহ্মপুত্ৰৰ এটা চাপৰিত তেওঁ যিটো কাম কৰি দেখুৱালে, তাক প্ৰশংসা কৰাৰ ভাষা নাই৷ অথচ মূল বাৰ্তাটো তেনেই সাধাৰণ আৰু তাক বুজিবৰ বাবে এটা বাক্যই যথেষ্ট৷ সেয়া হ’ল... ‘গছ থাকিলেহে মানুহ থাকিব’৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এতিয়া তাকে লৈ প্ৰবল সচেতনতা গঢ়াৰ প্ৰচেষ্টাত ব্ৰতী তেওঁ৷ তাকে কৰি আহিছে উঠি অহা প্ৰজন্মক আস্থাত লৈ৷ পৰিৱেশ সুৰক্ষা, বনাঞ্চল ৰক্ষা, গছ-গছনিৰ উপকাৰিতা সম্বন্ধে প্ৰেকটিকেল কথা ক’বলৈকে পৃথিৱীৰ বিভিন্ন দেশলৈ আমন্ত্ৰণ পাইছে তেওঁ৷ বিভিন্ন দেশৰ মানুহ দৌৰি আহিছে তেওঁৰ ওচৰলৈ৷ আজি নেদাৰলেণ্ডছৰ মানুহ অহাৰ কথা বুলি অথনি সঞ্জুক ফোনতে কৈছিল৷ কালিও বিদেশৰ পৰা কোনোবা গৱেষক আহিছিল৷ আমিও ঢপলিয়াই আহিছোঁ মানুহজন আৰু মানুহজনৰ কাম-কাজ নিজ চকুৰে চাই যাওঁ বুলি৷


সন্ধিয়া আলোচনা কালত পায়েঙে মোলৈ আগ বঢ়াই দিলে পকাবন্ধা ৰেজিষ্টাৰ বহী এখন৷ আমাৰ দলটোৰ হৈ ভিজিটৰছ কমেণ্ট দিবলৈ লৈ প্ৰথম বাক্যটো আৰম্ভ কৰিলোঁ... '‘ভাৰতবৰ্ষৰ অৰণ্য মানৱ’ৰ ‘মুলাই কাঠনি’ৰ কথা ইমানদিনে শুনিহে আছিলোঁ, আজি স্বচক্ষে দেখিলোঁ, দেখি অভিভূত হ’লোঁ, ধন্য হ’লোঁ...' নিমন্ত্ৰণ ৰক্ষা কৰি অ'লৈ-ত'লৈ গৈ থাকিবলগীয়া হোৱা মানুহজনক কিবা ভাগ্যক্ৰমেহে আমি লগ পালোঁ যেন লাগিল৷


২০১২ চনৰ ২২ এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস উপলক্ষ্যে নতুন দিল্লীত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ স্কুল অফ্‌ এনভাইৰনমেণ্টেল চায়েন্সৰ তৰফৰ পৰা আয়োজিত ৰাজহুৱা সভাত যাদৱ পায়েঙক তেওঁৰ এই বিশেষ প্ৰাপ্তিৰ সন্মানত সম্বৰ্ধনা জনোৱা হৈছিল৷ বিশ্ববিদ্যালয়খনৰ উপ-সঞ্চালক সুধীৰ কুমাৰ চপৰিয়ে তেতিয়াই পায়েঙক 'ফৰেষ্ট মেন অফ্‌ ইণ্ডিয়া' বুলি অভিহিত কৰে৷ ইণ্ডিয়ান ইনষ্টিটিউট অফ্‌ ফৰেষ্ট মেনেজমেণ্টৰ জৰিয়তে আনুষ্ঠানিকভাৱে তেওঁক ‘ফৰেষ্ট মেন’ অভিধাটো দিয়া হৈছিল ২০১৩ চনৰ অক্টোবৰ মাহত৷ ২০১৫ৰ ২৬ জানুৱাৰীত তেওঁ লাভ কৰে ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান৷ পায়েঙৰ জীৱন আধাৰিত ডকুমেণ্টৰী ছবিও ইতিমধ্যে প্ৰস্তুত কৰি উলিওৱা হৈছে৷ জিতু কলিতাই 
২০১২ত নিৰ্মাণ কৰা 'দ্যা মূলাই ফৰেষ্ট' নামৰ ডকুমেণ্টৰীখন নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়তো দেখুওৱা হৈছিল৷ আৰতি শ্ৰীবাস্তৱৰ নিৰ্দেশনাত ২০১৩ চনত নিৰ্মাণ হৈছে 'ফৰেষ্টিং লাইফ' নামৰ ডকুমেণ্টৰী৷ পায়েঙৰ জীৱন আৰু কৰ্মক সামৰি বিনায়ক বাৰ্মাই 'যাদৱ এণ্ড দ্যা ট্ৰি প্লেছ' নামে ৰংচঙীয়া চিত্ৰসমৃদ্ধ শিশু-পুথি এখনো প্ৰকাশ কৰিছে৷

নিতান্তই সহজ-সৰল আৰু সাধাৰণ মানুহজনৰ অসাধাৰণ প্ৰকৃতি-প্ৰেম আৰু বৃক্ষ সংৰক্ষণৰ বিষয়ে জানিবলৈ, বুজিবলৈ পাই আমি নিজকে সৌভাগ্যৱান বুলি ভাবিলোঁ৷ সিপাৰৰ বালিচৰত ট্ৰেক্তৰ-ট্ৰেইলাৰৰ সৈতে এৰি অহা চালক পুষ্পক সিঙৰ কথা-বতৰা আৰু আমাৰ প্ৰতি দেখুওৱা মৰম তথা আগ্ৰহেও মন মুহিলে৷ পূবৰ পৰা ওভতনি যাত্ৰাপথৰ শেষ কাৰ্যসূচী হিচাপে থাওকতে লোৱা অৰুণা চাপৰি দৰ্শন আমাৰ জীৱনৰ কাৰণে স্মৰণীয় হৈ ৰ'ল৷ তদুপৰি জমনিৰে ভৰা ট্ৰেক্তৰ যাত্ৰাটো পৰৱৰ্তী সময়ৰ বাবেও হৈ ৰ'ল হাঁহিৰ ৰহঘৰা৷

‘অৰণ্য মানৱ’ৰ পদাংক কেনে ধৰণে আমি অনুসৰণ কৰিব পাৰোঁ? নিজৰ প্ৰয়োজনীয় অম্লজানখিনি নিজ হাতে ৰোপণ কৰা বৃক্ষৰ জৰিয়তে নিজে নিজেই সৃষ্টি কৰি ল’ব পাৰোঁচোন৷ পকা ৰাস্তাত উঠাৰ পিছতে মানুহজনক এৰি অহাৰ সময়ত এই তেনেই সৰু অথচ সৰল সত্যটোৱে মনত ভুমুকি মাৰিলে৷










পৰৱৰ্তী লেখা :
৫. নিশা ১১.৩০ত পালোঁহি ঘৰ