অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন আঠ ৷৷ দিনাংক ১৭.৪.২০১৫
আন দিনাৰ দৰেই পুৱা সোনকালে উঠিলোঁ৷ বতৰটো গোমা৷
নিশা বতাহ-বৰষুণে ৰিজ’ৰ্টৰ যথেষ্ট অনিষ্ট কৰিছিল৷ ভাগি
পৰি আছিল বাঁহেৰে নিৰ্মিত কলাসুলভ সজ্জাবোৰ৷ এমূৰীয়াকৈ থকা ঘৰ এটাৰো মূধচ উৰুৱালে৷ চৌহদটোৰ ভিতৰত খেৰ, কাঠ, বাঁহৰ মুঠতে ৮টা
চাংঘৰ আছে৷ পৰম্পৰাগত আৰ্হিত নিৰ্মাণ কৰা হৈছে দুখন বিছনাযুক্ত পঁজাঘৰকেইটা৷ পাকঘৰ,
ডাইনিং, মুকলিত বহিবৰ ঠায়ো আছে বেলেগে বেলেগে৷ কাষতে ৱে'ভ ইক' টুৰিজিম৷ গাতে গা লাগি পিছফালে চাহ বাগান৷ বৰষুণ
নথকাত সঞ্জু আৰু মই হাতত কেমেৰা লৈ খোজ কাঢ়ি কাঢ়ি কাষৰে ৰঙাগড়া চাহ বাগিচাৰ ফালে ওলাই গ’লোঁ৷ পথৰ দাঁতিত শাৰী পাতি শ্ৰমিকৰ
ঘৰবোৰ৷ গছত ব’হাগৰ ন-কোমল পাত৷ ডালৰ ফাঁকে
ফাঁকে কুলিৰ মাত৷ বৰ্ষণমুখৰ পৰিৱেশটোৱে মনত আনন্দ দিলে৷ আদিবাসী মানুহকেইজনমানক পোৱা
গ’ল৷ 'শাৰী শাৰী চায়কে বাগান…' গীতৰ কলিটো আচম্বিতে মনলৈ আহিল৷ সাংবাদিকৰ প্ৰত্যুপন্নমতিতাৰে সঞ্জুৱে
তেওঁলোকক কেতবোৰ বুদ্ধিমানী প্ৰশ্ন সুধিব ধৰিলে৷ সিমানলৈকে ঠিকেই আছিল৷ পিছে ঘূৰি আহি থাকোঁতেই মুখামুখি হ’লোঁ প্ৰচণ্ড বৃষ্টিপাতৰ৷ বাটতে
এঠাইত ৰৈ দিবলগীয়া হ’ল অলপ পৰ৷ টোপালকেইটা অকণমান
সৰু হ'বলৈ লওঁতেই দৌৰি দৌৰি যেনিবা বনশ্ৰী সোমালোঁহি৷ অনিলদা, অৰুণদাই দৰজা তেতিয়ালৈ খোলাই
নাই৷
অলপ পিছত বৰষুণজাক থামিল৷ কেমেৰা লৈ বোকা-পানী ফেনেকি আকৌ ওলালোঁ আমি
দুটা৷ অনিলদাক দেখিলোঁ, গা-পা ধুই সাজি-কাচি বাৰাণ্ডাত ৰৈ আছে৷ আজি অকণমান সোনকালে উঠা দেখিলোঁ! কেছ কি? সঞ্জুৱে ক'লে, 'তিনিচুকীয়া টাউনত থকা সম্বন্ধীয় ভনীয়েকৰ ঘৰলৈ যাব তেওঁ৷' কাজেই তিপতিয়াৰ হৈ ওলাইছে৷ পেটেললৈ উৎকণ্ঠাৰে
অপেক্ষা কৰি আছে৷ ‘তেজুত, শদিয়াত মই মোৰ চিনাকি
মানুহৰ ঘৰত সকলোকে ফুৰাই আনিছোঁ হ'লে দেই৷ এতিয়া ফাউল কৰিলে নহ’ব৷’ বুলি আওপকীয়াকৈ কাঁড় এপাট এৰিলোঁ৷
অনিলদাই হাঁহিৰে ফালৰি কটাৰ যত্ন কৰিলে৷ তেনেতে গাড়ী লৈ পেটেল কোবাকুবিকৈ হাজিৰ হ’লহি৷ পেটেলৰ ঘৰ তিনিচুকীয়াতে৷
সেয়েহে ৰাতি আমাৰ ইচ্ছাক্ৰমে গাড়ীসহ পৰিয়ালৰ সৈতে কটালেগৈ৷ পেটেল আহি পোৱাত অকণো বিলম্ব নকৰি অনিলদা গাড়ীত বহিল৷
‘বাঃ অকলে অকলে যায়, আমাক হ’লে ভনীয়েকৰ ঘৰলৈ নিনিয়ে ন?’ বুলি টিটকাৰি এটা মাৰিলোঁ যদিও
কামত নাহিল৷ হাঁহিটো মুখত লৈয়ে অনিলদা ৰাওনা হ’ল টাউনলৈ৷ তিনিচুকীয়া টাউনলৈ ইয়াৰ পৰা দূৰত্ব প্ৰায় ১০কিল’মিটাৰ৷
ডিবৰুৰ পাৰে পাৰে ঘাঁহনিত খোজ দি সঞ্জু আৰু মই
আগলৈ গৈ আছোঁ৷ নিশা দুখন গাড়ীত অহা ডেকা কেইজনমানে মুকলি আকাশৰ তলত তম্বু তৰি কটাইছিল নৈৰ পাৰত৷ তেওঁলোকক দেখি তেনেদৰে
থকাৰ ইচ্ছা আমাৰো জাগিছিল৷ কিন্তু কাৰ্যতঃ নহ’ল৷ কাৰণ টেণ্ট আছে এটা৷ মানুহ চাৰিটা৷ পিছৰবাৰ য'তেই নাযাওঁ কিয়, প্ৰত্যেকৰে নিজৰ নিজৰ টেণ্ট থাকিব লাগিব বুলি সকীয়াই দিয়া হ'ল৷ নৈপৰীয়া এই সেউজ ভূমিতেই ডিব্ৰু-ছৈখোৱা মহোৎসৱৰ আয়োজন কৰা হৈছিল৷
ইফালে সিফালে ঝাওবন কিছুমান৷ গৰা খহনীয়া হৈ নৈকাষৰীয়া ভূভাগ কিছু হেৰাইছে৷ অসমৰ একেবাৰে
উজনি অংশৰ ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন বনশ্ৰীৰ নাতিদূৰতে৷
আমি ৰৈ থকাৰ পৰাই একাংশ দেখা গৈছে৷ উদ্যানলৈ যাত্ৰী কঢ়িওৱা ৰিজ’ৰ্টৰ নিজাববীয়া মেছিন নাওকেইখনমান
ডিব্ৰুৰ পানীত ওপঙি আছে৷ আজি চাগৈ যাবলগীয়া নাই৷ কান্ধত গধুৰ কেমেৰাটো লৈ অলপ পিছতে অৰুণদাও
আহি ওলাল৷ পাৰতে বসতি কৰা এজন নাৱৰীয়াক সপৰিয়ালে লগ পাই গ’লোঁ৷ আমাক দেখি কৌতূহলবশতঃ তেৱোঁ আগুৱাই আহিল৷ তেওঁৰ সৈতে কথা পাতি অনেকখিনি জানি থ’লোঁ৷ ডিব্ৰু-ছৈখোৱা ভালকৈ চাবলৈ হ’লে পানী অকণমান বাঢ়িলে আহিবলৈ
ঘাটোৱালজনে পৰামৰ্শ দিলে৷ কিয়নো পানী কম থাকিলে বহুত দূৰ খোজ কাঢ়িবলগীয়া হয়৷ পানী থাকিলে নাও ভিতৰলৈকে
সোমাই যাব পাৰে৷ ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা দৰ্শনকাৰীলৈ তেৱোঁ দিনতীয়া আৰণ্যক অনুভূতিৰ লগতে নাৱতেই আহাৰৰ ব্যৱস্থাপনা আগ বঢ়ায় বুলি আমাক ক’লে৷
জীৱ-বিচিত্ৰতাৰে ভৰপূৰ ডিব্ৰু-ছৈখোৱা হৈছে নদী
দ্বীপ ৰাষ্ট্ৰীয় উদ্যান৷ ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ মাজত অৱস্থিত এই উদ্যান৷ ইয়াৰ দক্ষিণেৰে
আমি পাৰত ৰৈ থকা ডিব্ৰু নৈখন বৈ গৈছে৷ উত্তৰেদি বৈছে ব্ৰহ্মপুত্ৰ আৰু লোহিত৷ এলেকাটো
আৰম্ভণিতে বগা পাখিৰ দেওহাঁহৰ প্ৰাকৃতিক আৱাস স্থান আছিল৷ বন্যপ্ৰাণী সংৰক্ষণৰ ১৯৭২চনৰ নীতি অনুসৰি দেওহাঁহ ১নং অনুসূচীৰ অন্তৰ্ভুক্ত৷ আনহাতে ১৯৩৭চনতে দেওহাঁহৰ নিধন নিষিদ্ধ কৰি আইন বলৱৎ কৰা হৈছিল৷ ১৯৬২চনত বিশ্ব বন্যপ্ৰাণী সংস্থাই দেওহাঁহক বিপন্ন প্ৰজাতি বুলি চিহ্নিত কৰিছিল৷ ভাৰতৰ ভিতৰতে দুষ্প্ৰাপ্য আৰু বিশ্বৰ বিলুপ্তপ্ৰায় চৰাইসমূহৰ অন্যতম এই হাঁহবিধৰ দুখনেই সংৰক্ষণথলী৷ অসমৰ নামেৰী আৰু এই ডিব্ৰু-ছৈখোৱা৷ আমাৰ আশ্ৰয়স্থল বনশ্ৰীৰ গে'টখনৰ ওপৰতো দেওহাঁহৰে কাটিং এটা লগাই ৰখা হৈছে৷ কোনো কােনোৱে এই হাঁহক বনৰীয়া চীনাহাঁহ বুলিও কয়৷ ঘৰচীয়া হাঁহতকৈ ভালেখিনি ডাঙৰ এইবিধ হাঁহ পোনপ্ৰথমে আৱিষ্কৃত হৈছিল জাভাত, ১৮৩৯চনত৷ হাঁহৰ ৰূপ ধৰি পৃথিৱীলৈ অহা স্বৰ্গৰ অপেশ্বৰী বুলি এইবিধ প্ৰাণীক লৈ বিশ্বাস প্ৰচলিত আছে৷ দেওহাঁহ মাৰিলে অপায়-অমংগল, দুৰাৰোগ্য ৰোগ, অকাল মৃত্যু আদি হয় বুলি ডিব্ৰু-ছৈখোৱাৰ ওচৰে-পাজৰে বসতি কৰা লোকসকলৰ ধাৰণা৷ গভীৰ অৰণ্যৰ জলাশয়ত নিৰ্জনতাত যোৰ পাতি থাকি ভাল পোৱা এইবিধ হাঁহে উৰি যাওঁতে নাকেৰে শব্দ কৰাৰ দৰে ক্ৰংক-ক্ৰংক, শত্ৰু দেখা পালে ভয় লগা ধৰণে হিছ-হিছ আৰু কোনো কোনো সময়ত কাওঁ-কাওঁকৈ কান্দোনসুৰীয়া মাত মাতে৷
ডিব্ৰু-ছৈখোৱা বোলা ঠাইখিনিৰ ১৮৯০চনত নাম আছিল ডিব্ৰু সংৰক্ষিত বনাঞ্চল৷ ১৯২৯চনত ছৈখোৱা সংৰক্ষিত অৰণ্য৷ ১৯৮৫-৮৬চনত অসম চৰকাৰে ডিব্ৰু আৰু ছৈখোৱা সংৰক্ষিত বনাঞ্চলক একেলগ কৰি ডিব্ৰু-ছৈখোৱা বন্যপ্ৰাণী অভয়াৰণ্য (৬৪০ বৰ্গ কিল’মিটাৰ) নাম দিয়ে৷ তেতিয়াৰ পৰাই ই দেওহাঁহ সংৰক্ষিত অভয়াৰণ্য৷ ইউনেস্ক’ৰ মেন এণ্ড বায়’স্ফিয়েৰ কমিটিৰ দ্বাৰা ১৯৯৭চনত ডিব্ৰু-ছৈখোৱা সংৰক্ষিত জৈৱ মণ্ডল (৭৬৫ বৰ্গ কিল’মিটাৰ) হিচাপে মৰ্যাদা লাভ কৰে৷ ১৯৯৯চনত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান (৩৪০ বৰ্গ কিল’মিটাৰ) আৰু ২০০৪চনত ডিব্ৰু-ছৈখোৱা গুৰুত্বপূৰ্ণ পক্ষী বিচৰণভূমি হিচাপে স্বীকৃতি পাইছে৷ স্থানীয় প্ৰকৃতি সংগঠন ৱে’ভ ইক’ টুৰিজিমৰ মতে এইখন বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ ৰাষ্ট্ৰীয় উদ্যান৷ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি মতে কাজিৰঙাতকৈ ডিব্ৰু-ছৈখোৱা জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত অধিক চহকী৷ বৰ্তমান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ প্ৰায় ৩০০বৰ্গ কিল’মিটাৰ এলেকা এই উদ্যানে আৱৰি আছে৷ সমুদ্ৰপৃষ্ঠৰ পৰা এই ভূখণ্ডৰ উচ্চতা ১১৮মিটাৰ৷ ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমিত অৱস্থিত এইখন ৰাষ্ট্ৰীয় উদ্যানক পশ্চিমবংগৰ সুন্দৰবনৰ সৈতে তুলনা কৰা হয়৷

বায়’-ডাইভাৰ্চিটি হটস্পট ডিব্ৰু-ছৈখোৱা প্ৰাকৃতিক সৌন্দৰ্যৰ
ক্ষেত্ৰত তুলনাবিহীন৷ ঋতু অনুযায়ী সৌন্দৰ্য ইয়াৰ বেলেগ বেলেগ৷ সূৰ্যাস্তৰ দৃশ্য অতি
আকৰ্ষণীয়৷ বাৰিষা আৰম্ভ হ’লেই উদ্যানখনে ন-কুঁহিপাতেৰে
মনোমোহা হৈ পৰে৷ ইয়াৰ প্ৰায় সাতভাগৰ এক অংশ আৰ্দ্ৰভূমি৷ বাকী অংশ ঘাঁহনি আৰু মজলীয়াৰ পৰা ডাঠ হাবিৰে ভৰা৷ ক্রান্তীয় অৰ্ধ চিৰসেউজীয়া, সেমেকা পৰ্ণপাতী অৰণ্য এই ডিব্ৰু-ছৈখোৱা৷ তৃণভূমি,
জলাহ, পিতনি, বেতনি আদিৰে জৈৱ-বৈচিত্ৰ্যৰ অপূৰ্ব সমাহাৰ এয়া৷ হিচাপ অনুসৰি ইয়াৰ শতকৰা ৬০ভাগ পিতনি, ২৫ভাগ কাঠনি আৰু ১৫ভাগ ঘাঁহনি৷ বাৰিষা ইয়াত গ্ৰীষ্ম মণ্ডলীয়
মৌচুমী বায়ু চলি থাকে৷ খৰালি চেঁচা, সাধাৰণভাৱে শুকান জলবায়ু৷ বৃষ্টিপাতৰ পৰিমাণ ২৩০০-৩৮০০মিলিমিটাৰ৷
জুনৰ পৰা ছেপ্তেম্বৰলৈ বৰষুণৰ বতৰ৷ উষ্ণতাৰ তাৰতম্য ৬ৰ পৰা ৩৬ ডিগ্ৰী চেলচিয়াচ৷ আৰ্দ্ৰতা ৬৪-৮৬শতাংশ৷ ডিচেম্বৰ-জানুৱাৰী সৰ্বাধিক ঠাণ্ডা মাহ৷
বিশ্বৰ গুৰুত্বপূৰ্ণ এখন পক্ষী বিচৰণভূমি এইখন৷ বিভিন্ন ধৰণৰ লাখ লাখ চৰাই ইয়াত আছে৷ ২৫০তকৈও বেছি প্ৰজাতিৰ চৰাই এতিয়ালৈ নথিভুক্ত হৈছে৷ দেওহাঁহকে ধৰি বিৰল জাতৰ স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ লগতে অন্য স্তন্যপায়ী জীৱ-জন্তুৰ বাবে ডিব্ৰু-ছৈখোৱা আকৰ্ষণৰ স্থল৷ তৰু-তৃণ-লতিকাৰ ক্ষেত্ৰত অৰণ্যখন বৰ চহকী৷ অসংখ্য প্ৰজাতিৰ জলজ আৰু স্থলজ উদ্ভিদক লৈয়ে ডিব্ৰু-ছৈখোৱাই বায়’স্ফিয়েৰ ৰিজাৰ্ভৰ স্বীকৃতি লাভ কৰিছে৷ এতিয়ালৈ ৬৮০ প্ৰজাতিৰ উদ্ভিদ ইয়াত চিনাক্ত হৈছে৷ ভাৰতৰ ভিতৰত অত্যধিক ভেঁৰ গছ (Salix tree) ইয়াত পোৱা যায়৷ এইবিধ কাঠৰ পৰাই ক্রিকেট বেট আৰু হকী ষ্টিক নিৰ্মাণ হয়৷

গুঁইজান আৰু ছৈখোৱাঘাটৰ পৰা ডিব্ৰু-ছৈখোৱালৈ আহিব
পাৰি৷ আমি গুঁইজানৰ ফালৰ পৰা উদ্যানখন ৰিণিকি ৰিণিকি দেখি আছোঁ৷ বন্যপ্ৰাণী নিৰীক্ষণ
আৰু দুঃসাহসিক ভ্ৰমণৰ বাবে বাৰিষাই ডিব্ৰু-ছৈখোৱাৰ উপযুক্ত সময়৷ বন-ঘৰচীয়া ঘোঁৰাৰ বাবে
বিশেষভাৱে সমাদৃত আৰু জনাজাত এই ৰাষ্ট্ৰীয় উদ্যান৷ ভাৰতবৰ্ষৰ ভিতৰত কেৱল ইয়াতহে এই জন্তুবিধ পোৱা যায়৷ কোৱা হয় যে দ্বিতীয় মহাযুদ্ধৰ সময়ত
ইংৰাজে ব্যৱহাৰ কৰি থকা পোহনীয়া ঘোঁৰাবোৰ আৰ্মী কেম্পৰ পৰা পলাই আহি এইখিনি ওলাইছিল৷
বহুতৰ মতে অসম ত্যাগ কৰি যোৱাৰ সময়ত ব্ৰিটিছে ঘোঁৰাবোৰ লগত নিনি এইখন বনাঞ্চলতে মুকলি
কৰি থৈ গৈছিল৷ কিছুমানৰ মতে আকৌ ১৯৫০চনত সংঘটিত বৰ-ভূঁইকঁপৰ সময়ত ঘোঁৰাবোৰ ইয়াত এৰি দিয়া
হৈছিল৷ সেইবোৰৰে বংশজ এতিয়াৰ ঘোঁৰাবোৰ এইখন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰভাগত মুক্তভাৱে চৰি থকা দেখিবলৈ
পোৱা যায়৷ বাৰিষা ঘোঁৰা আৰু জনজাতীয় গাঁও চাবলৈ অধিক সুবিধাজনক৷ প্ৰকৃতি পৰ্যটকসকলৰ
বাবে লাইকা আৰু দধীয়া নামৰ বনগাঁও দুখন আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ বৰ-ভূঁইকঁপত বিধ্বস্ত
হোৱা মুৰ্কংচেলেক অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ নদীদ্বীপ কিছুমানৰ পৰা উদ্ধাৰ কৰি আনি ইয়াত গাওঁ
পাতি একাংশ মানুহক সংস্থাপিত কৰা হৈছিল৷
উদ্যানৰ অটব্য অৰণ্যৰ মাজেৰে বৈ গৈছে কেৰুৱা লাইকা নামৰ নলা এটা৷ দুয়োপাৰে মিচিং জনজাতীয় লোকসকলৰ কৌটিকলীয়া পৰম্পৰাসমৃদ্ধ লানি পতা খেৰী চাংঘৰ৷ স্বকীয় কৃষ্টি-সংস্কৃতি আৰু জীৱন পদ্ধতি, পৰম্পৰাগত খাদ্য-সম্ভাৰ, নৈশ-যাপন, লোক নৃত্য-গীতৰ বিৰল-ব্যতিক্রমী ৰোমাঞ্চকৰ অভিজ্ঞতাৰ থলীস্বৰূপ এনে অৰণ্যকেন্দ্ৰিক জীৱন পৰিক্রমাই অসমৰ উৰ্বৰা জনগোষ্ঠীয় ঐতিহ্য বহন কৰি আহিছে৷ অসংখ্য পশু-পক্ষীৰ চিঞৰত উত্তাল হৈ থকা অৰণ্যখন বেলি ডুবাৰ পাছত নিস্তব্ধ হৈ পৰে৷ প্ৰস্ফুটিত জোনাকত ডিব্ৰু-ছৈখোৱাৰ গছৰ চাঙত বহি কটোৱা এটা নিশাৰ মাদকতাই সুকীয়া৷ ডিব্ৰু-ছৈখোৱাৰ অন্তৰ্গত মাগুৰি-মতাপুং বিল, পভা সংৰক্ষিত অৰণ্য, কবু চাপৰি, চুৰকে চাপৰি, অমৰপুৰ আদি চাবলগীয়া স্থান৷ মিচিঙকে ধৰি এই অঞ্চলৰ বাসিন্দা মৰাণ, মটক, কছাৰী, নেপালীসকল সাংস্কৃতিকভাৱে চহকী৷
লোহিত-দিবাং-দিহাং নদীৰ সংগমস্থলেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ দক্ষিণ-পূব সীমাত অৱস্থিত এই ৰাষ্ট্ৰীয় উদ্যান৷ ডিব্ৰু, ডাঙৰী, ন-দিহিং, লোহিত, কুণ্ডিল, দিবাং, দতং, চিবিয়া আৰু দিহাং এই নখন নদীৰ সেইখিনিতে মিলন ঘটিছে৷ সৃষ্টি হৈছে ব্ৰহ্মপুত্ৰ মহাসংগম৷ দিহাঙৰ সুঁতি চিবিয়াক লোহিতে লগ পোৱাৰ পৰাই নাম হৈছে ব্ৰহ্মপুত্ৰ৷ গুঁইজানত ব্ৰহ্মপুত্ৰখন ৩কিল’মিটাৰ বহল বুলি শুনিছিলোঁ৷ বিভিন্ন নদীৰ মিলনক্ষেত্ৰ হোৱা বাবে নদী প্ৰজাতিৰ অসংখ্য মাছ-কাছ আৰু সৰীসৃপৰো সুবিধাজনক বিচৰণভূমি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান৷ আনহাতে ডিব্ৰু-ছৈখোৱাৰ ওপৰৰ দিশে ১০০কিল’মিটাৰমান দূৰত্বৰ ভিতৰতে লোহিত, দিবাং আৰু দিহাং নদীত নিৰ্মাণ হোৱা বৃহৎ নদীবান্ধবোৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ ভাবুকি কঢ়িয়াই অনা বুলিও কাকতে-পত্ৰই মাজে মাজে পঢ়িবলৈ পাইছোঁ৷
পৰৱৰ্তী লেখা :
২. ৰত্নাকৰৰ পৰা বাল্মিকী : জয়নাল আবেদিন

No comments:
Post a Comment