Thursday, 10 September 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন আঠ  ৷৷ দিনাংক ১৭.৪.২০১৫
৫. নিশা ১১.৩০ত পালোঁহি ঘৰ



মুলাই কাঠনিৰ পৰা ওলাই টাউনৰ মাজেৰে সোমাই যোৰহাট এৰিছোঁ৷ ঘড়ীত ৬ বাজি ৩০ মিনিট গৈছে৷ ট্ৰেক্তৰৰ থেকেচনিত পেটৰ ভিতৰৰ নাড়ী-ভুঁৰু সঘনাই লৰচৰ হোৱাৰ বাবেই নেকি জানো, এতিয়া সকলোৰে ভোক ভোক লাগিছে৷ অনিলদাৰ তাৎক্ষণিক পৰামৰ্শক্ৰমে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ ভাল চাই ধাবা এখনতে ৰুটী কেইখনমানকৈ চোবাই লোৱাটো ঠিক হ’ল৷ কাৰণ ঘৰ পাওঁতে ৰাতি এপৰ হ’বগৈ৷ সেয়া খাই লৈ ক’তো নোৰোৱাকৈ ডিফুলৈ গাড়ী দৌৰিব৷

সুখকৰ অনুভূতি কিছুমানত ডুবি থাকি নিশব্দে যাত্ৰা কৰি আছোঁ৷ কাষত বহা অনিলদা টোপনি৷ সঞ্জুও টোপনি৷ সৰিয়হজানত ৩৯নং ৰাষ্ট্ৰীয় মাৰ্গ এৰি গাড়ী সোঁহাতে কেতিয়ানো সোমাল খবৰেই নাই৷ অৰুণদাই টোপনিওৱা নাই পিছে৷ ডিফুৰ ৰাস্তাটো পাওঁতে পেটেলক সেইদিশে সোমাবলৈ কৈছিল৷ এতিয়া কিবা এটা ভাবি গৈ আছে যেন লাগিছে৷ পেটেলে একান্তমনে ষ্টিয়েৰিং পকাই আছে৷ কম ভলিউমত গান এটা বজাই লৈছে৷ ৰাস্তা অকোৱা-পকোৱা৷ দুয়োফালে হাবিয়নি৷ তথাপিও আমি যেনেকুৱা ভয়ংকৰ দুৰ্গমতাৰ পৰা আহি আছোঁ তাৰ তুলনাত এয়া সাংঘাতিক একো নহয়৷ গতিকে একো গাতেই লগা নাই আমাৰ৷ এভাৰেষ্ট বগাই অহাজনৰ মানত বাকীবোৰ পৰ্বত নগণ্যযেন লগাৰ দৰে, একে ধৰণৰ ভাব!

৪০ কিল’মিটাৰমান বাকী আছে ডিফুলৈ৷ তেনেতে ফোনটো সশব্দে ৰিং হ’ল৷ নীলা স্ক্ৰীণত জিলিকিল ধৰ্মেন গগৈৰ নাম৷ নামটো দেখিয়ে কিবা এটা ভাল লাগি গ'ল৷ বেচেৰাই খবৰ লৈছে৷ সি এতিয়াও খুপা পোৱাগৈয়ে নাই৷ গুৱাহাটীতহে আছেগৈ৷ আমাৰ অৱস্থান জনালত সুখী হ’ল৷ তেজুৰ পৰা প্ৰস্থানৰ পিছত আমি পদাৰ্পণ কৰা ৰ’য়িং, মায়’ডিয়া, শদিয়া, গুঁইজান, মুলাই কাঠনিৰ হাইলাইটছ শুনাবলগীয়া হ’ল তাক৷ সহযোগিতাৰ বাবে বন্ধুবৰ্গৰ হৈ ধন্যবাদ জনালোঁ৷ ফোনটো ডিচকানেক্ট কৰাৰ আগে আগে সি মাতিলে, ‘আকৌ আহিবি৷ এইবাৰ নিশ্চয় লগ পাম৷ লোহিতৰ বালিত একেলগে পিকনিক খাম৷’

ডিলাইত ৩৬নং ৰাষ্ট্ৰীয় পথত উঠিলোঁ৷ ৰাস্তাত অন্য গাড়ী এখনো নাই৷ ধৰ্মেনৰ আহ্বানটোৱে সমস্ত যাত্ৰাটোকে যেন আদিৰ পৰা অন্তলৈ এবাৰ ৰিৱাইণ্ড কৰি থৈ গ’ল! সুখ্যাত ভ্ৰমণ-লেখক সিদ্ধাৰ্থ পিক' ৰাঘবন আয়াৰৰ বাক্যকেইটামান মনলৈ আহিল৷ 'We travel, initially, to lose ourselves; and we travel, next to find ourselves. We travel to open our hearts and eyes and learn more about the world than our newspapers will accommodate. We travel to bring what little we can, in our ignorance and knowledge, to those parts of the globe whose riches are differently dispersed. And we travel, in essence, to become young fools again, to slow time down and get taken in, and fall in love once more.'

ভাৰতৰ পূব প্ৰান্তৰ অৰুণাচল প্ৰদেশত, আমাৰ পৰা মাথো কেইশমান কিল’মিটাৰ নিলগতে মনোমোহা প্ৰকৃতিৰ বুকুত ইমানবোৰযে দৰ্শনযোগ্য থলী আছে! ভাবিবই পৰা নাযায়৷ তাকে লৈ এটা পেছাৰ কথা মনত খেলাব ধৰিলে৷ কোনোবাই কিবা এটা কৰি চলি থাকিল বুলি সেইটোতেইযে জীৱনভৰ লাগি থাকিব লাগিব, তাৰ কি মানে আছে? একঘেয়ামীৰ পৰা মুক্তি, প্ৰত্যাহ্বান স্বীকাৰ আৰু বিচিত্ৰতাৰ মুখামুখি হোৱাৰ লগতে নিৰ্ভেজাল আনন্দৰ সন্ধানেইতো প্ৰতিজন মানুহৰ স্বাধীনচিতীয়া মনটোৱে অনৱৰতে কৰি ফুৰে৷ অৱশ্যে এইটো ঠিক যে মনৰ সমৰ্থনক্রমে বৃত্তিৰ পৰিৱৰ্তন সাধিবলৈ সাহস লাগে৷ জীৱন-জীৱিকা সলনি কৰাৰ প্ৰৱণতাত মাজে-মধ্যে নিজেও হাবুডুবু নোখোৱা নহওঁ৷

পূবৰ ভ্ৰমণটোত প্ৰেকটিকেলি যিখিনি পালোঁ, চালোঁ আৰু বুজিলোঁ, তাৰ ভিত্তিতে আইডিয়াটো মনলৈ আহিল৷ কামটোৰ বাবে, প্ৰথম কথা, নিজাববীয়াকৈ ভাল গাড়ী এখন লাগিব৷ গাড়ীখন নিজে চলাব জানিব লাগিব৷ চলোৱাৰ উপৰি কাৰিকৰী কথাবোৰ আৰু প্ৰয়োজন অনুপাতে মেৰামতি কৰিবও পাৰিব লাগিব৷ কাৰণ, বিচাৰিলেই গেৰেজ বা মেকানিক নোপোৱা ঠাইবোৰেই হব লক্ষ্যস্থান৷ গতিকে মানুহজন লাইচেন্স, পাৰ্মিট আদি আপ-টু-ডেট থকা সাহসী, শিক্ষিত আৰু কুশলী ড্ৰাইভাৰ হোৱাটো দ্বিতীয় দৰকাৰী কথা৷ এই যাত্ৰাৰ আৰম্ভণিতে ড্ৰাইভিং কৰি ভাল পোৱা মানুহ এজন বিচাৰিছিলোঁ৷ পিছে পোৱা নগ'ল৷ কথাটো এতিয়া আকৌ মনলৈ আহিল৷

পাহাৰীয়া নৈৰ পানী ফালি, দুৰ্গম পাহাৰত আলতীয়া মাটিৰ বোকা খচকি নিৰ্বিঘ্নে ওলাই যাব পৰা ড্ৰাইভিং স্কিলৰ একান্তই দৰকাৰ৷ গতিকে গাড়ীচালনা যাৰ প্ৰিয় হবী তাৰ বাবেহে এই কাম৷ গাড়ী চলোৱা ৰুচিটোৰ লগতে প্ৰয়োজন অনুপাতে হিল ট্ৰেকিং কৰাৰো অভ্যাস লাগিব৷ খাদ্য-পদাৰ্থকে ধৰি প্ৰয়োজনীয় বস্তু-বাহানি গাড়ীৰ ভিতৰত মজুত থাকিব৷ ড্ৰাইভিঙৰ লগে লগে মানুহজন শেহতীয়া আৰু শুদ্ধ তথ্যৰে পুষ্ট, অধ্যয়নশীল আৰু দক্ষ গাইডো হব লাগিব৷ শেহতীয়া আৰু শুদ্ধ তথ্যসমৃদ্ধ দৰকাৰী লিফলেট্‌, বুকলেট, ভ্ৰমণ আলোচনী, ফটো, ৰড-মেপ, কিতাপ ইত্যাদি লগত ৰাখিব৷ বাটৰ ঠাইসমূহ, নৈ-নিজৰা, জান-জুৰি, জলপ্ৰপাত, পথ-উপপথৰ নামকে ধৰি অঞ্চলসমূহৰ ভূগোল, বুৰঞ্জী আয়ত্তত থাকিব লাগিব৷ জনগোষ্ঠীয় কলা-সংস্কৃতি, উৎসৱ-পাৰ্বণ, পোছাক-পৰিচ্ছদ, খাদ্য-পৰম্পৰা, জীৱন-শৈলী সম্বন্ধে জ্ঞাত হব লাগিব৷ চাবলগীয়া কত কি আছে সেয়া নখ দৰ্পণত ৰ'ব লাগিব৷ যোগাযোগত আৰু ভাষাজ্ঞানত শক্তিশালী হোৱাটো অপৰিহাৰ্য৷ সৰ্বোপৰি, ভিতৰি লাগিব এটা এডভেন্সাৰাচ পজিটিভ মাইণ্ডছেট৷

কেৱল ড্ৰাইভাৰ বা গাইডেই নহয়, নিজে এজন পাৰ্গত ফটোগ্ৰাফাৰো হ’ব লাগিব৷ ভাল কেমেৰা থকাৰ উপৰি স্থিৰ ফটো আৰু চলমান ফটো দুয়োটাই সুন্দৰভাৱে তুলি দিব পৰা হাত আৰু দৃষ্টিভংগীৰ গৰাকী হ’ব লাগিব৷ ৰোমাঞ্চকৰ কাহিনী, ভ্ৰমণ ডায়েৰী আদি লিখি উলিওৱাৰ দক্ষতা থকাটো আন এটা প্লাছ পইণ্ট৷ কৌতূহলী আৰু সৃষ্টিশীল মনৰ লোক হিচাপে বাটে-পথে পোৱা অভিজ্ঞতাসমূহক নিৰ্মোহ আৰু সাৱলীলভাৱে লিখিত ৰূপ দিয়াত সিদ্ধহস্ত হ’ব পাৰিলে আনন্দৰ মাত্ৰাও দুগুণে চৰিব৷ গতিকে নিজাববীয়াকৈ লেপটপ বা পিচি থকাৰ লগতে ইণ্টাৰনেটৰ ব্যৱহাৰতো অভ্যস্ত হ’ব লাগিব৷

ভাৰত-চীন সীমান্তক সাৰথি কৰি মানুহজন হ’ব এজন ভাল টুৰ অপাৰেটৰ৷ ইনাৰ লাইন পাৰ্মিটৰ পৰা আৰম্ভ কৰি থকা-মেলাৰ বন্দৱস্ত ইত্যাদি তেওঁ কৰি দিব৷ ভ্ৰমণকাৰীৰ বাবে সুযোগ-সুবিধা আৰু ইয়াৰ সৈতে জড়িত সেৱাৰ যোগান ধৰিব৷ পৰ্যটনকাৰীক লৈয়ে হ’ব তেওঁৰ জীৱন আৰু অন্নমুঠি৷ সাংস্কৃতিক, শৈক্ষিক, সংহতিমূলক, আনন্দদায়ক, ৰোমাঞ্চকৰ, স্বাস্থ্যমূলক, ক্রীড়ামূলক, পৰিৱেশ পৰ্যটন, তীৰ্থটন সম্পৰ্কীয় যোগাত্মক চিন্তা আৰু কৰ্মই এই কামটো ফলৱতী কৰি তুলিব পাৰে৷ ডাঙৰ কথা যে মানুহজন প্ৰকৃতিপ্ৰেমী হ'বই লাগিব৷ প্ৰকৃতি আৰু জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ প্ৰতি তেওঁৰ দায়বদ্ধতা থাকিব লাগিব৷

মোৰ গাড়ীও নাই, চলাবও নাজানো৷ হ’লেও, কিয় নাজানো, চিন্তাটো অকস্মাতে মগজুলৈ আহিল৷ কি ঠিক, কোনোবাই হয়তো বৃত্তিটোক আন্তৰিকতাৰে আঁকোৱালি ল’বও পাৰে৷ মনৰ পৰিৱৰ্তনৰ জৰিয়তে মানুহে নিজৰ জীৱন সলনি কৰি পেলাব পাৰে৷ কৰণীয় কামটো হ’ব, আমি এইকেইদিনত দেখি অহা অৰুণাচল প্ৰদেশৰ ১৫টা পইণ্টলৈ নিজৰ গাড়ীত বহুৱাই, নিজে ড্ৰাইভ কৰি, নিজে গাইড কৰি এবাৰত চাৰিজনকৈ আগ্ৰহী আৰু অনুসন্ধিৎসু পৰ্যটকক কঢ়িয়াই নি পূৰ্ণাংগ ৰূপত সেইবোৰ দেখুওৱা৷ দেশৰ পূব মূৰৰ সূৰ্যটোলৈ চাই কৰা তেনেকুৱা একোটা ভ্ৰমণ কৌতূহলী মানুহৰ জীৱনৰ বাবে হৃদয়ত ৰৈ যাব, যেনেদৰে সপ্তাহজোৰা ঘূৰা-ফিৰাৰ জৰিয়তে আমাৰ হৈছে৷ সূৰ্যটোলৈ চাই যাত্ৰা কৰাৰ অধিকাৰ সকলোৰে আছে৷ তাৰ ভিত্তিতে এই সেৱামূলক বৃত্তি বা পেছা৷

মাঞ্জাত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথ এৰি আমাৰ গাড়ী ডিফুলৈ বাঁৱে ঘূৰিল৷ আৰু ১৬কিল'মিটাৰ মাত্ৰ৷ অনিলদাই পেটেলক বাট বটাই আহিছে৷ ৰাস্তাছোৱা বৰ ঠিক নহয়৷ নিজে সৰু গাড়ী চলাই ফুৰে বাবে কত গাঁত আছে, সমান কেনি আছে সেয়া অনিলদাই ভালকৈ জানে৷ 'এটা কথা মন কৰিছেনে ছাৰ?' 'কি কথা?' 'আমি য'তে নাযাওঁ কিয় আন্ধাৰতহে ঘৰ সোমাওঁ!' হঠাতে অনিলদাই প্ৰশ্ন কৰিলে অৰুণদাক৷ 'ঘূৰি অহা কামটো দিনত আৰম্ভ কৰিলেও, ঘৰ পাওঁতে ৰাতি হয়েই৷ নহয়নে?' দুয়ো পুৰণি ৰেকৰ্ড বুক মেলিলে৷ আগৰ কেইবাটাও যাত্ৰাৰ টাইমিঙক লৈ বিশ্লেষণ চলিল৷ প্ৰতিপন্ন হ'ল যে অনিলদাই কোৱা কথাই সঁচা৷ আজিও সেই একেটাই ঘটিছে৷ তিনিচুকীয়াৰ পৰা পুৱা ৯.৩০ বজাত আৰম্ভ কৰিলে পোহৰতে পাবগৈ লাগিছিল ডিফু৷ পিছে নহ'ল৷ নিয়ম ভংগ নহ'ল! ঘড়ীৰ কাঁটা এতিয়া মাজনিশাৰ ফালে আগ বাঢ়িছে৷

৪কিল'মিটাৰমান বাকী থাকোঁতেই ৰিক্ৰিয়েশ্বন পাৰ্কৰ ওচৰত থকা টাউন কমিটিৰ চাইনব'ৰ্ড এখনে আমাক নিজৰ ঠাইখনলৈ স্বাগতম জনালে৷ তেনেতে অনিলদাই কওঁ-নকওঁকৈ স্বীকাৰোক্তি এটা দাঙি ধৰিলে, 'আচৰিত জানে ছাৰ, এইকেইদিন মই এটাও টেবলেট খোৱা নাই৷ বেমাৰ এনেয়ে ভাল হৈ গ'ল! আপুনিতো জানে, যাবৰ দিনালৈ মোৰ গা সিমান ভাল নাছিল৷ ভাবিছিলোঁ, ইমানখিনি প্ৰস্তুতি হৈ উঠাৰ পিছত নোযোৱাটো বৰ বেয়া কথা হ'ব৷ তাকে লৈ কিমানে কিমান ধৰণেযে গাব! আপোনালোকেও কি বা ভাবি লয় আকৌ! সেয়ে যেনে-তেনে ওলাই আহিলোঁ৷ কিন্তু কি জানে ছাৰ, যেই ট্ৰেইনত উঠিলোঁ, আপোনা-আপুনি চব ঠিক হৈ গ'ল! সঁচাকৈ কৈছোঁ৷ বিশ্বাস কৰক৷' এইবুলি অনিলদা ৰ'ল৷ তাৰ পিছত হাঁহি এটা মাৰি আকৌ ক'লে, 'ঔষধৰ টোপোলাটো মিছাতে কঢ়িয়ালোঁ, অ' ছাৰ৷'

ভ্ৰমণটোৱে সঞ্জীৱনী সুধাৰ কাম দিলে অনিলদাৰ বাবে৷ তদুপৰি মন কৰিলোঁ যে যোৱাৰ পৰা উভতি অহালৈকে দলৰ কোনো এজনৰো হাঁচি-কাহ, চৰ্দি-জ্বৰ, মূৰৰ বিষ, পেটৰ অসুখ একোটোৱেই নহ'ল৷ ঈশ্বৰৰ কৃপাত সকলোটি সুকলমেই ঘূৰি আহিলোঁ৷ বুজাব নোৱাৰা সুখেৰে হৃদয়-মন-মগজু ভৰিহে আহিল৷ অনিলদালৈ চাই মুখ খুলিলোঁ, 'ভ্ৰমণ নিজেই এক উৎকৃষ্ট মহৌষধ, অনিলদা৷ অৰুণাচলৰ মুক্ত প্ৰকৃতিৰ স্বয়ংক্ৰিয় থেৰাপীত আপুনি সুস্থ-সবল আৰু টেনচনফ্ৰী হৈ উঠিল!' অনিলদাই মিচিকিয়াই মূৰ দুপিয়ালে৷ বেছ আনন্দিত যেন দেখা গ'ল তেওঁক৷

ঘৰ পাবৰ হৈছেহি৷ অনিলদাক অলপ জোকাওঁ বুলিয়ে আকৌ আৰম্ভ কৰিলোঁ, 'পিছে এটা কথা... অৰুণদাৰ দৰে আপুনিও ডঙত উঠিবগৈ পৰাহেঁতেন! ভ্ৰমণ কাহিনীত অৰুণদাইতো আপুনি যোৱা নাছিল বুলিয়ে লিখিব৷' অনিলদাৰ কপালৰ ৰেখাকেইডাল কোঁচ খাই পৰিল৷ 'মই ডঙত নাই উঠা বুলি কিন্তু নিলিখিব দেই ছাৰ৷ আৰু কাকো নক'বও৷ প্লিজ৷ আপোনালোকে লিখিব জানে৷ মই নাজানো৷ অনিলো লগত গৈছিল বুলিয়ে লিখি দিবচোন৷' তেনেকুৱাতে সঞ্জুৱে মাত দিলে, 'সেইটো কেনেকৈ হ'ব? ভ্ৰমণ কাহিনীত গল্প, উপন্যাসৰ নিচিনাকৈ সাজি সাজি মিছা কথা লিখিব নোৱাৰি নহয়৷ সত্যটোহে লিখা হ'ব৷ আপুনি নোযোৱাৰ বাবে এতিয়া পস্তাই থাওক৷ অৰুণদা যাব পাৰিলে৷ সৌৱা, এতিয়া গপচত আছে, চাওক৷' গাড়ীৰ ভিতৰখনত হাঁহিৰ ৰোল উঠিল৷


'বাৰু বাৰু, এতিয়া এটা কাম কৰকচোন৷' অনিলদাই কৌতূহলেৰে মোৰ ফালে ঘূৰি চালে৷ 'টেবলেটৰ টোপোলাটো ক'ত?' 'কিয় লাগে?' 'খিৰিকীৰে সৌ জংঘললৈ দলিয়াই দিওঁ৷' সকলোৱে গিৰ্জনি মাৰি আকৌ এবাৰ হাঁহিলে৷ 'এতিয়াই কৈ দিছোঁ দেই, অহাবাৰ যাতে ঔষধ-চৌষধ মিছাতে কঢ়িয়াই নুফুৰে৷ আমাৰ বেগ খুলি চাওকচোন৷ দৰবৰ দ-টোও নাপাব৷ প্ৰকৃতি মাতৃৰ বুকুলৈ যাওঁতে সেইবোৰৰ কোনো প্ৰয়োজন নাই বুলি নাজানে নেকি? দেখিলেনে সেই বাটে এখনমান নাৰ্ছিং হোম, হস্পিতাল, ফাৰ্মাচী? নেদেখিলেনে টিংকা, কমলা দিদিহঁত কিমান সুখী? পৃথিৱীৰ অসুখৰ কাৰণটো কি বুজিলে?'


ডিফু সোমালোঁ৷ প্ৰথমে ৰুকাছেনলৈ উঠি গৈ অৰুণদাক ড্ৰপ কৰা হল৷ সফল যাত্ৰা সামৰি নিজৰ টোপোলা-টাপলি আৰু অতদূৰ বাট কঢ়িয়াই অনা বনৰীয়া গছ-লতিকাবোৰৰ সৈতে পৰিপূৰ্ণ মন এটা লৈ জ্যেষ্ঠ যাত্ৰিকজন গেটৰ ভিতৰত প্ৰৱেশ কৰিলে৷ তাৰ পিছত গাড়ী শিক্ষক কলনীত ৰ'ল৷ স্বৰ্ণালী আৰু ৰথী দুৱাৰমুখত আশাভৰা চকু দুহাল লৈ ৰৈ আছে৷ সঞ্জু নামিল৷ তাৰ পিছত ডিফু-লামডিং ৰডত নিজঘৰৰ সন্মুখত মই৷ অটৰিক্সা, ট্ৰেইন, গাড়ী, পদযাত্ৰা, ফেৰী, মেছিন নাও, ট্ৰেক্তৰ যাত্ৰাৰে জীৱন্ত আৰু সজীৱ হৈ আছোঁ৷ স্কৰপিঅ'ৰ দৰজাখন বাহিৰৰ পৰা ঠেলি বন্ধ কৰি দিলোঁ৷ নিশা ঠিক ১১.৩০ বাজিছে৷ গাড়ীসহ পেটেল আজি ৰাতিটোৰ বাবে ঝিলপাৰত 'স্পনছৰ' অনিলদাৰ ঘৰত আলহী৷ মোক নমাই থৈ দুয়ো গুচি গ'ল৷ কেঁকুৰিত অদৃশ্য নোহোৱালৈকে গাড়ীখনৰ ক্ৰমহ্ৰাসমান পোহৰটোলৈ অপলক নেত্ৰে চাই থাকিলোঁ, যিখনে আমাক অতদূৰ ঘূৰাই-ফুৰাই নিজৰ নিজৰ জেগা পৌচাই দিলেহি৷ ঘৰ সোমায়ে আন কথা বাদ দি গাড়ীৰ গৰাকী তিনিচুকীয়াৰ দেৱজিত দুৱৰাক ফোন কৰি জনাই দিলোঁ যে পালোঁহি, পেটেলক কাইলৈ পুৱা পঠাম৷ বন্দৱস্ত যিহেতু ময়েই কৰিছিলোঁ গতিকে সেইটো মোৰ কৰ্তব্য৷
.........................
পুচ্ছাংশ...
পিছদিনা পুৱাতে হিচাপ-কিতাপ সম্পূৰ্ণ কৰি, বকচিচৰ লগতে টেংকীভৰ্তি ডিজেল ভৰাই গাড়ী সাজু কৰা হ’ল, পূবলৈ বুলি৷ ঘৰে ঘৰে এখন্তেক বহি পৰিয়ালৰ সৈতে চা-চিনাকি হোৱাৰ উপৰি চাহপানীৰ আতিথ্য গ্ৰহণ কৰিবলগীয়া হ'ল পেটেলে৷ মুখত সুখৰ হাঁহি আৰু অন্তৰত বিচ্ছেদৰ বেদনা লৈ ডিফু এৰি তেওঁ উভতিল তিনিচুকীয়া অভিমুখে৷ অৰুণোদয়ৰ বাট বিচাৰি উত্তৰ-পূবৰ অন্তিম পূবলৈ কৰা এই ভ্ৰমণটোত অনেক প্ৰাপ্তিৰ উপৰি সুমিত সিং পেটেলৰ ৰূপত আমি এজন ভাল ড্ৰাইভাৰ তথা গাইড লগ পালোঁ যি ভৱিষ্যতৰ কাৰ্যসূচীত টীম মাৰ্ক’ পল’ৰ সৈতে চালকৰ আসনত বহি ছিট বে'ল্ট কচিবলৈ স্বেচ্ছাই আগ্ৰহী হৈ ৰ’ল৷
.........................

সহায়ক গ্ৰন্থপঞ্জী, তথ্যসূত্ৰ, তথ্যদাতা ইত্যাদি : 
১. অসমৰ জনজাতি, সম্পাদক : শ্ৰী প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, ১৯৬২
২. মপিন্‌ উৎসৱ, শ্ৰী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অসম সাহিত্য সভা, যোৰহাট, অক্টোবৰ ১৯৭৪
৩. অসম বুৰঞ্জী, মূল লেখক : চাৰ এডোৱাৰ্ড গেইট, অনুবাদিকা : চেনেহী বেগম, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, অক্টোবৰ ১৯৯১
৪. অসমৰ নদ-নদী, ডক্টৰ যোগেন্দ্ৰনাথ শৰ্মা, অসম সাহিত্য সভা, যোৰহাট, জানুৱাৰী ১৯৯৩
৫. অসমীয়া সংস্কৃতিৰ কণিকা, সম্পাদক : ডক্টৰ নাৰায়ণ দাস আৰু ডক্টৰ পৰমানন্দ ৰাজবংশী, স্নাতকোত্তৰ অসমীয়া অধ্যয়ন কেন্দ্ৰ, অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, গুৱাহাটী, মে ১৯৯৬
৬. চিত্ৰ-বিচিত্ৰ অসম, প্ৰদীপ বৰুৱা, জ্যোতি প্ৰকাশন, গুৱাহাটী, জানুৱাৰী ২০০৩
৭. অসমকোষ, সংকলক আৰু সম্পাদক : হেমন্ত কুমাৰ ভৰালী, বনলতা, ডিব্ৰুগড় আৰু গুৱাহাটী, ডিচেম্বৰ ২০০৫
৮. অসমৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান, সৌম্যদ্বীপ দত্ত আৰু মৃদু পৱন ফুকন, নেচাৰ্চ বেকন, ধুবুৰী, ২০০৬
৯. ছাংপোৰ পৰা ব্ৰহ্মপুত্ৰলৈ, মৃণাল তালুকদাৰ, নন্দ তালুকদাৰ ফাউণ্ডেচন আৰু ভবানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনচ, গুৱাহাটী, অক্টোবৰ, ২০১১
১০. ১৯৬২, মৃণাল তালুকদাৰ, নন্দ তালুকদাৰ ফাউণ্ডেচন আৰু ভবানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনচ, গুৱাহাটী, ছেপ্টেম্বৰ, ২০১৩
১১. পৰ্যটন, উত্তৰ-পূব ভাৰতৰ হাতবাউলি, গুপ্তজিৎ পাঠক, জ্যোতি প্ৰকাশন, গুৱাহাটী, জুলাই ২০১৩
১২. অসমৰ অভয়াৰণ্য (ৰাষ্ট্ৰীয় উদ্যানসহ), সংকলন আৰু সম্পাদনা : অনিল বৰুৱা, অসমীয়া ভাষা আৰু ছফট্‌ৱেৰ বিকাশ কেন্দ্ৰ, ছেপ্টেম্বৰ ২০১৪
১৩. ডিব্ৰু-ছৈখোৱা, নিৰন্ত গোহাঁই আৰু ৰূপমা চুতীয়া, আখৰ প্ৰকাশ, গুৱাহাটী, জানুৱাৰী ২০১৪
১৪. আছাম এণ্ড ট্ৰেভেল গাইড, ৰবীন্দ্ৰ কুমাৰ বৰা, সংগীতা এডভাৰটাইজিং চাৰ্ভিছ, তেজপুৰ, নবেম্বৰ ২০১৪
১৫. আমাৰ অসম (দৈনিক বাতৰি কাকত, গুৱাহাটী) : ২৫.৩.২০১৫, ২৯.৩.২০১৫, ৬.৪.২০১৫, ১০.৪.২০১৫, ১২.৪.২০১৫, ১৪.৪.২০১৫, ৩০.৪.২০১৫


Wikipedia, the free encyclopedia

Travel Diary, Blogs ~
1. The Road to Walong : Following the Lohit River By TravelLenz (October 11, 2012)
Great Himalayan Drive by Ajay Jain, March 30, 2010
2. Northeast Travel Diary by GREENER PASTURES, April 11, 2012
3. Trip to Kibithoo By Greener Pastures
4. Road Trip to Mayodiya

Books ~
1. Indo Tibet China Conflict : Dinesh Lal, Neha Publishers & Distributors, Gyan Book Pvt Ltd
2. 1962 and the McMahon Line Saga : Claude Arpi
3. Himalayan Blunder, The Angry Truth About India's Most Crushing Military Disaster : Brig J. P. Dalvi, Natraj, Dehra Dun, 2010
4. India's China War : Neville Maxwell

Magazines ~
1. Frontline : Vol. 26, Issue 12, June 6-19, 2009, Opium Valley
2. Frontline : Vol. 29, Issue 23, November 17-30, 2012, The Truth about 1962

বিশেষ কৃতজ্ঞতা : 
সুমিত সিং পেটেল, দেৱজিত দুৱৰা, পাৰ্থসাৰথি দাস, তিনিচুকীয়া; ডক্টৰ লক্ষ্যহীৰা থাওম্যুং, হেমাঞ্জলি সন্দিকৈ, ডিফু; ৰত্নেশ্বৰ সোণোৱাল, প্ৰজ্ঞাশীল থেৰ, চৌখাম; ধৰ্মেন গগৈ, চিমা তামাং, কমল ধুংগানা, ভূপেন দুৱৰা, খুপা; কানেক্ট, কমলা, গাইবস্তি; কৃষ্ণ প্ৰধান, দেউকণ গগৈ, উত্তম অধিকাৰী, ৱালং; এছ. শেখৰ, দীনেশ কুমাৰ, হেলমেট টপ; টিংকা, টপডেন, পেটমা, ডং; গণেশ শৰ্মা, দীপক, মিষ্টাৰ ত্ৰিবেদী, হাৱাই; শকুন্তলা গগৈ, দীপক কলিতা, তেজু; জিবি পলো, ৰয়িং; কে. আৰ. শ্ৰীনিবাস, মায়ডিয়া; ৰূপম ৰুণ গগৈ, ছাজিদ, ছাহনাজ, শদিয়া; গোপাল ৰজক, জয়নাল আবেদিন, গুঁইজান; যাদৱ পায়েং, দেবেন দলে, পুষ্পক সিং, ককিলামুখ; মনজিত পাতিৰ, ঢকুৱাখনা৷

No comments:

Post a Comment