Wednesday, 9 September 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন আঠ ৷৷ দিনাংক ১৭.৪.২০১৫
৩. গুঁইজানৰ পৰা ভটিয়াই ডিব্ৰুগড় থানাত এখন্তেক



বনশ্ৰীৰ সন্মুখত ডিবৰুৰ দাঁতিলৈকে সেউজ ঘাঁহনি৷ গাড়ী এখনত উঠি পাঁচজনীয়া পৰিয়াল এটা আহিল৷ নৈখনৰ পাৰতে নামিলে৷ তেওঁলোকৰ সৈতে শাৰীৰিকভাৱে অক্ষম কন্যা সন্তান এটি৷ গাৰ্ডেন চেয়াৰ আৰু টেবুল মেলি লৈ সকলোটি বহিল৷ অলপ পিছত দেখা গল, গাভৰু এজনী আৰু পুৰুষজনে সন্তানটিক ধৰি ধৰি ইফালে সিফালে লাহে লাহে খোজ কঢ়াইছে৷ তাৰ মাজতে মাকে কিবা খুৱাইছে৷ কণমানি এটিয়ে যেনি-তেনি দৌৰা-দৌৰিকৈ আপোনমনে খেলি আছে৷ সিহঁতলৈ চাই থাকোঁতেই আমাৰো যাবৰ বেলি হল৷ এৰি আহিলোঁ পৰিয়ালটো৷

ডিব্ৰু-ছৈখোৱাৰ দাঁতিতে এই গুঁইজান ঘাট৷ জয়নাল আবেদিন গুঁইজানৰে বাসিন্দা৷ দুখঃজনকভাৱে ৰাষ্ট্ৰীয় উদ্যানখনৰ অভ্যন্তৰত চিকাৰ কাৰ্য চলি থকাৰ খবৰ মাজে মাজে আমাৰ কাণত পৰে৷ প্ৰতি বছৰে বানপানীয়ে ইয়াৰ ক্ষতি সাধন কৰে৷ চোৰাং চিকাৰীয়ে সুবিধা লয়৷ মানুহক চিকাৰ এৰুৱাবলৈ আবেদিনে ইক’-টুৰিজিমত গুৰুত্ব দি আহিছে৷ ডিব্ৰু-ছৈখোৱাক ভিত্তি কৰি নিজে গঢ়িছে এইখন ৰিজ’ৰ্ট৷ এনে কেইবাখনো পৰ্যটক নিৱাস খোলাত আনকো দিহা-পৰামৰ্শৰে সহায় কৰিছে৷ স্থানীয় লোকক সংস্থাপনৰ সুবিধা দি বনাঞ্চলৰ গছ-বিৰিখ আৰু বন্য পশু-পক্ষী বচাবলৈ প্ৰয়াস অক্ষুণ্ণ ৰাখিছে৷

নদ-নদী, বন্যপ্ৰাণী, উদ্ভিদ, ধৰ্মস্থান, চাহ বাগান, চহা জীৱন, পৰম্পৰাগত আৱাস, থলুৱা আহাৰ আদিক ভিত্তি কৰি গঢ়ি উঠা এনে ব্যৱস্থাই বিভিন্ন সময়ত বিভিন্নজন পৰ্যটকক বিভিন্ন ধৰণে আকৰ্ষণ কৰি আহিছে৷ ইক’ কেম্পে আমাৰ ৰাজ্যখনৰ পৰ্যটন উদ্যোগত নতুন মাত্ৰা সংযোগ কৰিছে বুলি কোৱা হয়৷ পুৰুষ-মহিলা উভয়ৰে কৰ্ম সংস্থাপন উলিওৱা, অৰ্থনৈতিক উন্নয়ন ঘটোৱাৰ উপৰি পৰ্যটন স্থলসমূহলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে৷ আমাৰ বিনন্দীয়া সম্পদসমূহৰ প্ৰচাৰত সহায় কৰিছে৷ পৰ্যটনৰ বিকাশত ব্যক্তিবিশেষৰ পৰা আৰম্ভ কৰি পৰিৱেশ সংস্থা, স্থানীয় সংগঠন, প্ৰশাসন, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আদিৰ ভূমিকা অনস্বীকাৰ্য৷

ডিবৰুৰ পাৰত আমাৰ প্ৰশ্নসমূহৰ সমিধান দিয়াৰ লগতে জয়নাল আবেদিনে আমি কৰি অহা দীঘলীয়া ভ্ৰমণটোৰো বুজ ল'বলৈ নাপাহৰিলে৷ কথা পাতি গম পালোঁ যে অৰুণাচল সম্বন্ধে মানুহজনে বেছ জানে৷ চুবুৰীয়া প্ৰদেশখনৰ ভিতৰুৱা বিভিন্ন স্থানলৈকো তেওঁ গৈছে৷ টুৰিষ্ট স্পটবিলাকৰ ভৌগোলিক অৱস্থান, পথ যোগাযোগ, মানুহ আৰু প্ৰকৃতি সম্বন্ধীয় তথ্যপাতি তেওঁৰ নখ-দৰ্পণত৷ কথাই কথাই ৱে'ষ্ট চিয়াং জিলাৰ মেচুকা (মেন-চু-খা, অৰ্থাৎ বৰফৰ পৰা নিৰ্গত ঔষধি পানী)ৰ বিষয়ে ওলাল৷ আবেদিনে ক’লে, ‘মইতো ভাবো, পৃথিৱীৰ ভিতৰতে অন্যতম ধুনীয়া ঠাই মেচুকা৷ এইটো মই চেলেঞ্জ কৰিয়ে কওঁ৷ যাওক, ভাল পাব আপোনালোকে৷’ সীমান্তৰ লগতে কুমাৰী প্ৰকৃতিৰ প্ৰতি আমাৰ দুৰ্বাৰ হেঁপাহ আৰু অভিন্ন ভ্ৰমণ মানসিকতা উপলব্ধি কৰিব পাৰি তেওঁ মেচুকাৰ বিৱৰণো অলপীয়াকৈ শুনালে৷

মেচুকালৈ ৱে’ষ্ট চিয়াঙৰ সদৰ ঠাই আল’ৰ পৰা যাব লাগে৷ লিকাবালি গে’টেৰে অৰুণাচল প্ৰদেশত সোমাই আল’লৈ ২০০কিল'মিটাৰ, আল’ৰ পৰা ১৮০কিল্'মিটাৰ আগত মেচুকা৷ চিলাপথাৰৰ পৰা গাড়ীৰে দুদিনৰ যাত্ৰা৷ আহোঁতে ল’ৱাৰ সোৱণশিৰি জিলাৰ জিৰ’ হৈ কিমিন গে’টেৰে ওলাই আহিব পাৰি৷ এটা চাৰ্কুলাৰ টুৰিষ্ট চাৰ্কিট হৈ যায়৷ মেচুকাই আমাৰ শৰীৰত মুহূৰ্ততে জোকাৰণি তুলিলে৷ তাৰ পৰা ভাৰত-চীন সীমান্তলৈ ৩০কিল'মিটাৰ৷ পাইন গছেৰে সমৃদ্ধ মেচুকা উপত্যকাৰে বৈছে পাহাৰীয়া নৈ য়াৰগাপ চু৷ সমুদ্ৰপৃষ্ঠৰ পৰা ৬,০০০ফুট উচ্চতাত অৱস্থিত মেচুকাক লৈ এইটো ভ্ৰমণৰ আগৰে পৰাই অৰুণদা আৰু মোৰ মাজত অলপ-অচৰপ কথা-বতৰা তথা উত্তেজনা বিৰাজমান আছিল৷ তৎক্ষণাৎ অৰুণদাৰ চকুলৈ চালোঁ৷ অৰুণদায়ো মোলৈ৷ তেওঁ বুজি পালে৷ মুখৰ পৰা নিঃসৰিত হ’ল স্বভাৱসিদ্ধ বাক্যষাৰি, ‘ফেব্ৰুৱাৰীত যাম দিয়ক, ভাল লাগিব৷ ঘৰ গৈ পায়ে আপুনি ৰিচাৰ্ছ আৰম্ভ কৰি দিয়ক৷ থকা-মেলাৰ খবৰ-খাতি লওক৷ আই.এল.পি.ৰ দায়িত্বও আপোনাৰ৷ গাড়ীৰ কাৰণে পেটেল আছেই৷ গতিকে চিন্তা নাই৷' দাদাই পেটেলৰ ফালে চালে৷ পেটেলে হাঁহি মাৰি মূৰ দুপিয়ালে৷ অৰ্থাৎ, হৈ যাব ছাৰ৷ অৰুণদাই তেনেকৈ কোৱাত এইটো নিশ্চিত হৈ পৰিল যে এই যাত্ৰা অন্ত পেলাই ঘৰ সোমোৱাৰ পিছৰে পৰাই মেচুকাৰ ভূতে আমাক নতুনকৈ লম্ভি থাকিব৷ হাইট-ফ'বিয়াৰ কথা উলিয়াই দাদাক অকণমান জোকাওঁ বুলি এবাৰ ভাবিছিলোঁ যদিও বাদ দিলোঁ৷

৯.২৫ বাজিছিল৷ মেচুকাৰ স্বপ্ন বুকুত বান্ধি জয়নাল আবেদিনৰ বনশ্ৰীৰ চোতালৰ পৰা আমি বিদায় মাগিলোঁ৷ পানী বাঢ়িলে ডিব্ৰু-ছৈখোৱালৈ অহাৰ আশা এটাও মুকলিকৈ ৰাখি থ’লোঁ৷ নামদফালৈকো যাম৷ সদ্যহতে ঘৰমুখী পখী৷ পূৰ্বতে তিনিচুকীয়াৰ পৰা ৰে’লযোগে ডিফুলৈ ঘূৰাৰ কথা আছিল৷ পিছে অৰুণদাৰ একান্ত ইচ্ছাত পৰিৱহণ ব্যৱস্থাটো সলাবলগীয়া হ’ল৷ আগনিশাই সৰ্বসন্মতিক্রমে ঠিক হৈ গৈছিল যে পেটেলৰ স্কৰপিঅ’ই আমাক ডিফুলৈ নি ঘৰে ঘৰে থ’বগৈ৷ ডিকিত যিসোপাহে জংঘল আৰু জল গোট খাইছে, ৰে’লত উঠিব নোৱাৰি৷ কাজেই গুঁইজানৰ পৰা আমি গাড়ীৰেই ডিফুমুৱা হ’লোঁ৷

ডিব্ৰুগড় থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱ কুমাৰ বৰা৷ ডিফুৰ পৰা বদলি হৈ যোৱা বৰ বেছিদিন হোৱা নাই৷ মনত আছে, বন্দুকধাৰী সাংগোপাংগসহ বগা জীপচি এখনৰ পৰা নামি এই মানুহজনেই এদিন মোৰ কৰ্মস্থলীলৈ গপগপাই সোমাই আহিছিল৷ কঁকালৰ খোঁচনিত চাৰ্ভিচ ৰিভলভাৰ, হাতত এখন ডায়েৰী লৈ খাকী ইউনিফৰ্মত প্ৰৱেশ৷ পুলিচ লোকৰ আগমনত সঁচা কথা ক'বলৈ গ'লে সহজ হ'ব পৰা নাছিলোঁ৷ বুকুত লাগি থকা নেইম প্লেটটুকুৰা বিদ্যুৎক্ষীপ্ৰতাৰে পঢ়ি পেলাইছিলোঁ৷ বিশাল বপুৰ এই মানুহজনেই ডিফু ক্লাবত ২০১২চনত আয়োজিত মাঘ বিহু উদ্‌যাপনৰ সময়ত কণী যুঁজত প্ৰথম পুৰস্কাৰ পাইছিল৷ টেকেলি ভঙা প্ৰতিযোগিতাতো মাটিৰ টেকেলিটো সিদিনা তেৱেঁই একেমাৰে চূৰ্চূমৈ কৰি পেলাইছিল৷ লগে লগে চিনেমা চিনেমা যেন লগা সেই ছবিকেইখন মোৰ মনলৈ আহি গৈছিল৷ সেইদিনা অৱশ্যে মানুহজন পুলিচৰ সাজত নাছিল৷ বিহুতলীত নিজেও উপস্থিত আছিলোঁ যদিও মানুহজনৰ নামটো তেতিয়া ঘূণাক্ষৰেও নাজানিছিলোঁ৷ চিনাকি নাথাকিলেও তেওঁৰ পাৰদৰ্শিতা দেখি কিন্তু ভাল লাগিছিল৷ 'এইহে উজনিৰ আচল বিহুৱা' বুলি স্বগতোক্তিও কৰিছিলোঁ চাগৈ, গোপনে, মনে মনে৷

প্ৰাৰম্ভিক চা-চিনাকিৰ পিছত সিদিনা উদ্দেশ্য ব্যাখ্যাৰ মাজতে মানুহজনে ডায়েৰীৰ পাতত লিখি থোৱা কবিতাবোৰ মোক পাত মেলি মেলি দেখুৱাইছিল৷ অতি উৎসাহেৰে সুন্দৰভাৱে আবৃত্তি কৰিও শুনাইছিল তাৰে স্বনিৰ্বাচিত দুই-এটা৷ ডিউটিৰ সময়ত গাড়ীত গৈ থাকোঁতে ফটা-ছিটা টুকুৰা কাগজত মনৰ ভাব টুকি ৰখা লোকজনে পিছলৈ পেট্ৰ’লিঙৰ বাটতে আনকি সময়, সুবিধা আৰু সুযোগ বুজি ‘প্ৰিণ্টৱেল’ত নিয়মীয়াভাৱে ভুমুকিয়াবলৈ লৈছিল৷ টাইপ কৰি কম্পিউটাৰটোত ছেভ কৰি লোৱাৰ পিছত তেনে টুকুৰাবোৰ মোহাৰি, ফালি নিজেই ডাষ্টবিনলৈ দলিয়াইছিল৷ সঘন আহ-যাহৰ মাজতে সেই প্ৰকাণ্ড শৰীৰটোৱে এদিন এটা অসতৰ্ক মুহূৰ্তত মোৰ কৰ্মস্থলীৰ চকী এখনো থ'লে৷ হ'লেও, চৌব্বিশ ঘণ্টাই অপৰাধীৰ পিছত দৌৰি দৌৰি ৰাইজৰ নিৰাপত্তাৰ দৰে গুৰুত্বপূৰ্ণ আৰু দায়িত্বশীল পদবীত আসীন হৈও নিৰন্তৰ চলাই ৰখা চৰ্চা আৰু প্ৰগতিশীল চিন্তাখিনিৰ জীৱন্ত ৰূপ এটা পোনপটীয়াকৈ পাই থাকি মানুহজনৰ প্ৰতি মোৰ শ্ৰদ্ধাভাব জাগি উঠিছিল৷ ‘কবিতাত ডুবি থকাৰ সময়ত কোনোবাই মোক পুলিচ বুলিলে সহ্য নহয়৷’ তেওঁ কোৱা এই শক্তিশালী বাক্যটোৱে মোৰ মনত তেতিয়াই বিশেষভাৱে ৰেখাপাত কৰিছিল৷

ডিফুত থাকোঁতেই বৰাদেউৰ কবিতাসমূহক থূপাই গ্ৰন্থৰূপ দিয়াৰ সুযোগ এটা পাইছিলোঁ৷ ২০১২চনৰ এপ্ৰিল মাহত প্ৰকাশ পাইছিল তেওঁৰ চতুৰ্থখন কবিতা পুথি ‘পিতাইৰ বাটামী ঘৰ’৷ অকণমানি কিতাপখনত সন্নিৱিষ্ট ৫১টা কবিতাৰ প্ৰতিটোৱেই আছিল জীৱনৰ সৈতে মুখামুখি হোৱা সত্য কাহিনীৰ স্তাৱক৷ নিজৰ ঘৰখনৰ একো একোটা সঁচা চৰিত্ৰক কবিয়ে কবিতাৰ তুলিকাৰে বান্ধিবলৈ সক্ষম হৈছিল৷ পুলিচ লোকৰ পৰা সততে আঁতৰত থাকিব বিচৰাটো মোৰ মনৰ ইচ্ছা৷ পিছে কিতাপৰ সেই কামটোৰ অচিলাৰে লাভ কৰা সান্নিধ্যৰ ফলত কবিমনৰ সংবেদনশীল মানুহজনৰ ওচৰ চাপিবলৈ পালোঁ৷ কবি-পুলিচজন পিছলৈ আমাৰ তেনেই ঘৰুৱা আৰু অন্তৰংগ হৈ উঠিছিল৷ জনৈক সংগঠনৰ দ্বাৰা বছৰৰ শ্ৰেষ্ঠ কবি বিবেচিত হৈছিল তেওঁ৷ ফলস্বৰূপে পিছৰ বছৰত ‘পিতাইৰ বাটামী ঘৰ’ৰ দ্বিতীয় সংস্কৰণো ছপাই দিবলগীয়া হৈছিল৷ ইফালে ডিফুত থাকোঁতেই কাজিৰঙা অভয়াৰণ্যত গঁড় হত্যা কৰা চোৰাং চিকাৰীক সাহস আৰু বুদ্ধিমত্তাৰে কৰায়ত্ত কৰি অসম আৰক্ষী বিভাগৰ পৰাও সন্মান বুটলিছিল তেওঁ৷ আন্তৰিক তাগিদা এৰাব নোৱাৰি এতিয়া ডিব্ৰুগড় হৈ যাম যেতিয়া মানুহজনক দেখা দি মাত এষাৰ লগাই যোৱা উচিত বুলি ভাবিলোঁ৷ তাতে তেওঁ আমাৰ দলটোৰ গোটেইকেইজনৰে চিনাকি৷ 'চিকাৰী এজনক লগ পাই আহিছোঁ, এতিয়া চিকাৰী ধৰা পুলিচ এজনকো লগ পালে কেনে হয়?' প্ৰস্তাৱটো চলন্ত গাড়ীৰ ভিতৰতে মুহূৰ্ততেই গৃহীত হৈ গ’ল৷

চাবুৱা পালোঁহি৷ চাবুৱা শব্দটো শুনিয়েই 'লিড'লাম'ৰ লেখিকাক লগ পোৱাৰ প্ৰবল বাসনা এটা জাগি উঠিল অৰুণদাৰ মনত৷ কথাষাৰ ক'লত তলে তলে ময়ো ভালেই পালোঁ৷ কাৰণ ভাৰত-বাংলাদেশ সীমান্তৰ ডাউকিত যোৱা বছৰ মুখামুখি হৈ পৰিচয়বিহীন ভাবত তেওঁৰ সৈতে কথাও পাতিছিলোঁ৷ অথচ চিনাকি হোৱা নহ'ল৷ নজনাকৈয়ে থাকি গ'লোঁ৷ পিছত ঘৰলৈ উভতি আহিহে খেয়াল হ'ল যে সেয়া 'লিড'লাম'ৰ লেখিকা জুৰি বৰা বৰগোহাঞি আছিল!


বিশ্বৰ জনসাধাৰণক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰভাৱিত কৰা দ্বিতীয় মহাসমৰৰ সময়ত জাপানৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ আমেৰিকা আৰু স্কটছ, আইৰিছ, ইংলিছ, ৱেলছ, অষ্ট্ৰেলিয়ান, ইণ্ডিয়ান, গোৰ্খা, বাৰ্মিজ, অাফ্ৰিকান, চাইনীজক লৈ গঠিত মিত্ৰশক্তিয়ে বৰ-অসমৰ দুৰ্গম পাটকাই পাহাৰ ভেদ কৰি লিডুৰ পৰা ব্ৰহ্মদেশ হৈ মহাচীনৰ কুনমিঙলৈকে হাজাৰ প্ৰতিকূলতা নেওচি যুদ্ধকালীন তৎপৰতাৰে দুবছৰৰ ভিতৰত নিৰ্মাণ কৰিছিল ১,৭২৬কিল'মিটাৰ দৈৰ্ঘ্যৰ ষ্টিলৱেল ৰ'ড৷ মৃত্যুৰ কিৰিলীয়ে দেওধনী দিয়া, স্থানীয় চিংফৌ ভাষাত লিড'লাম (লিডুপথ) বোলা, জেনেৰেল যোচেফ ৱাৰেন ষ্টিলৱেলৰ নেতৃত্বত ১৯৪২চনত সম্পূৰ্ণ হৈ উঠা, যুদ্ধৰ পিছৰে পৰাই বন্ধ হৈ পৰাৰ দিন ধৰি 'পূবলৈ চোৱা নীতি' গ্ৰহণ কৰাৰ পিছতো চৰকাৰীভাৱে আজিৰ তাৰিখ পৰ্যন্ত নিয়মমতে খোল নোখোৱা সেই ৰাস্তা৷ সেই ৰাস্তা আৰু ৱালঙৰ ৰাস্তা দুয়োটা এতিয়াও বন্ধ৷ দুয়োটাৰেই ভ্ৰমণ কৰাৰ সৌভাগ্য আমাৰ হৈছে৷

আমেৰিকান, ভাৰতীয়, চীনা, নেপালী, বাৰ্মিজ সাধাৰণ সৈনিক, বনুৱা, গিৰ্মিটীয়া শ্ৰমিকৰ সন্মিলিত প্ৰচেষ্টাত হৈ উঠা ষ্টিলৱেল পথটোৰ নিৰ্মাণৰ ৰক্তৰঞ্জিত ইতিহাস মুখৰিত কৰাৰ লগতে প্ৰান্তীয় মানুহৰ কান্দোন, অভিমান, বুভুক্ষু বেদনা, কৰাল আৰ্তনাদবোৰ সামৰি এই লেখিকাগৰাকীয়ে ২০১২চনৰ ডিচেম্বৰত কলাসন্মতভাৱে, আন্তৰিকতাৰে কষ্ট কৰি লিখি উলিয়াইছিল 'লিড'লাম' নামৰ কিতাপখন৷ পৰৱৰ্তী বৰ্ষৰ জানুৱাৰী মাহত সেই বাটেৰে ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচাও পাছ পাৰ হৈ লে'ক অফ ন' ৰিটাৰ্ণলৈ আমি পদব্ৰজে কৰা এডভেন্সাৰ যাত্ৰাটোত সত্য আধাৰিত বৃহৎ উপন্যাসখনে তথ্যৰ উপৰি এলেকাটো আগতীয়াকৈ বোধগম্য হোৱাত সহায় কৰিছিল৷ নিজকে আমেৰিকাৰ ৱে'ষ্ট পইণ্ট মিলিটেৰী একাডেমীৰ ৮৪৮নং এফ্ৰো-আমেৰিকান সেনাবাহিনীৰ সদস্য চৌব্বিশ বছৰীয়া জৰ্জ যেনেই লাগি গৈছিল ভ্ৰমণৰ আৰম্ভণিতে চলোৱা নিজাববীয়া অধ্যয়ন কালত! উপন্যাসখন পঢ়ি উঠা মাত্ৰকে লেখিকালৈ ময়ো এছ.এম.এছ. দিছিলোঁ... 'বীৰছাক চৰ দুপাটমান শোধাবলৈ মোৰো মন আছিল' বুলি৷ সেয়েহে এতিয়া অৰুণদাৰ প্ৰস্তাৱটো শুনিয়ে মই সমৰ্থন দি দিলোঁ৷


চাবুৱাত উপস্থিত হৈ অৰুণদাই ফোন কৰিলে ঔপন্যাসিক জুৰি বৰা বৰগোহাঞিলৈ৷ 'ভাৰত-চীন সীমান্তৰ পৰা আহি আহি এয়া চাবুৱা পাইছোঁ৷...' সিফালৰ পৰা দুখেৰে জনালে যে তেওঁ চাবুৱাত নাই, বিহু বুলি শিৱসাগৰত আছেগৈ৷ ভবাটো হৈ নুঠিল৷ গাড়ী চলি থাকিল৷

চাবুৱা এৰিয়েই ফোনেৰে নিশ্চিত হ'লোঁ যে অ'.চি. নৱ কুমাৰ বৰাদেউ কৰ্মস্থলীতে আছে৷ বিহুৰ বতৰত বৰাদেউক পামনে নাপাম সন্দেহ এটা আছিল যদিও ভাগ্যই মিলাই দিলে৷ 'বঢ়িয়া, আহি যাওক' বুলিলত আমাৰো ধৰফৰণি লাগিল৷ ‘বিহুৱা’ বুলি সমাজত তেওঁৰ সুকীয়া পৰিচয় এটি আছে৷ আৰক্ষী জোৱানক লৈ থানাৰ ভিতৰতে বিহু মৰা মানুহ৷ যোৱাটো ব'হাগত ঘৰতে বহি টেলিভিচনৰ পৰ্দাত সেয়া দেখা পাইছিলোঁ৷ স্বৰচিত কবিতাৰ চিডিৰ সমানে সমানে বিহুৰ চিডি-ভিচিডিটো তেওঁ অৰিহণা যোগাইছে৷ ১০.৩০ বাজি যাওঁতে আমি ডিব্ৰুগড় চহৰ সোমালোঁ৷ পোনে পোনে সদৰ থানাত প্ৰৱেশ কৰিলোঁগৈ৷ বিহু বুলিলে ৰ’ব নোৱাৰা পাহুৱাল মানুহজনে তেতিয়া পুৰণি অভ্যাগতলৈ বাট চাই চৌহদতে পায়চাৰি কৰি আছিল৷

কোঠাত বহাৰ পিছত বিহুববীয়া শুভেচ্ছা বিনিময় আৰু প্ৰাথমিক কথা-বতৰাই কোঠালিটো মুখৰ কৰি তুলিলে৷ কথাৰ লাচতে আমাৰ ভ্ৰমণৰো বুজ ল’লে৷ লগতে চাহৰ প্ৰস্তাৱ ৰাখিলে৷ তাৰ মাজতে কৰ্মক্ষেত্ৰৰ বিভিন্ন সতেজ অভিজ্ঞতাৰ ভিত্তিত ২২টা সত্য কাহিনীৰ আঁত ধৰি লিখা আৰু মাত্ৰ তিনিদিনৰ আগেয়ে ডিব্ৰুগড়তে প্ৰকাশ কৰা নিজৰ গ্ৰন্থ ‘আৰক্ষী ডায়েৰীৰ পাতে পাতে’ একোখনিকৈ উপহাৰস্বৰূপে দিলে৷ কিতাপৰ টোপোলা এটাও আমাৰ সৈতে ডিফুৰ বিভিন্নজনলৈ প্ৰেৰণ কৰিলে৷ গ্ৰন্থ উন্মোচনী সভাখনলৈ তেতিয়াই নিমন্ত্ৰণ জনাইছিল যদিও ভ্ৰমণৰ দোহাই দি অনুপস্থিত থাকিম বুলি খোলাখুলিকৈ লগে লগেই কৈ দিছিলোঁ৷ এতিয়া সোঁশৰীৰে উপস্থিত হৈ কিতাপখন হাত পাতি ল’লোঁ৷ ডিব্ৰুগড় থানাত অন্তৰংগতাৰে ১৫টা মিনিট কটাই পুনৰ গাড়ীত বহিলোঁ, ডিফু অভিমুখে৷






পৰৱৰ্তী লেখা :
৪. 'অৰণ্য মানৱ' যাদৱ পায়েঙৰ 'মোলাই কাঠনি' চালোঁ

No comments:

Post a Comment