অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন সাত ৷৷ দিনাংক ১৬.৪.২০১৫
‘অসমৰ কলীয়াপানী শদিয়া...’, ‘শদিয়ালৈ নাযাবা সট্ফুল নাখাবা, কেঁচা পাতত নাবান্ধিবা লোণ...’, ‘মা আমি শদিয়ালৈ যামেই...’, ‘শদিয়াৰ পৰা ধুবুৰীলৈ...’৷ জ্ঞান হ’বৰ দিন ধৰি এই ধৰণৰ বাক্য শুনি আহিছোঁ, গান শুনি আহিছোঁ, যাৰ উৎপত্তিৰ মূল অসমৰ পূব কোণৰ শদিয়া নামৰ ঠাইখনি৷ গীতটি গাইছিল স্বনামধন্য শিল্পী খগেন মহন্তই৷ বিশ্ববিশ্ৰুত শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰো জন্ম ইয়াতেই (৮ ছেপ্টেম্বৰ ১৯২৬), ব্ৰিটিছ-ভাৰতৰ যুগত৷ সেই শদিয়াই এয়া আমি পাইছোঁহি৷ জীৱনত প্ৰথমবাৰলৈ দেখিছোঁ শদিয়া৷ অলপ আগলৈকে আমাৰ বাবে যি আছিল মাথো এটা কল্পনা৷
শদিয়াৰ মহকুমা সদৰ চপাখোৱা সোমাওঁ সোমাওঁ হওঁতে পোনেই ১৮৩৬চনৰ ২৩মাৰ্চৰ কথা এটা মনলৈ আহিছে৷ ৰেভাৰেণ্ড ডক্টৰ নাথান ব্ৰাউন জলপথেৰে কলিকতাৰ পৰা পৰিবাৰ এলিজা ব্ৰাউনৰ সৈতে অসমলৈ আহিছিল৷ আমেৰিকান বেপ্টিষ্ট মিছনেৰীজনে থিতাপি লৈছিলহি শদিয়াত৷ বিপদসংকুল যাত্ৰাটোত লগত আনিছিল এটা সৰু ছপাযন্ত্ৰ৷ মূলতঃ খ্ৰীষ্টধৰ্মীয় পুস্তিকা ছপা কৰি বিলাবৰ অভিপ্ৰায়েৰেই যন্ত্ৰটো অনা হৈছিল৷ সহকাৰী হিচাপে মিছনেৰী দলটোৰ সদস্যৰ ৰূপত সপত্নীক আহিছিল ছপাখানাৰ এজন সুদক্ষ কৰ্মী ৰেভাৰেণ্ড অলিভাৰ কট্টৰ৷ ক’ব পাৰি, অসমলৈ অহা প্ৰথম ছপা মেছিন আছিল সেইটোৱেই৷ মিছন প্ৰেছটো পোনতে স্থাপন হৈছিল শদিয়াতে৷ মুদ্ৰণ পেছাৰ সৈতে নিজে জড়িত হেতুকে মোৰ বাবেও এইটো জানিবলগীয়া কথা৷ এই কথাটোকে লৈ সিদিনা ৱালঙৰ পি.ডব্লিউ.ডি. আই.বি.ত লগ পোৱা শদিয়াৰ প্ৰতিনিধি দেউকণ গগৈয়ে আমাৰ চকুলৈ চাই প্ৰশ্ন উত্থাপন কৰিছিল, ‘অসমৰ প্ৰথম ছপাশালটো ক’ত হৈছিল’ বুলি৷ গৌৰৱেৰে কৈছিল যে অসমৰ প্ৰথম ছপাকল বহোৱা হৈছিল শদিয়াত৷ এয়াই সেই শদিয়া৷ আহিম বুলি সিদিনাই মন-কাগজত ডাঠকৈ লিখি লৈছিলোঁ শদিয়াৰ নাম৷ আৰু আজি আহি পালোঁ!
নাথান ব্ৰাউনৰো আগতে, ১৮২৩চনত এইখন শদিয়াতে ইংৰাজে চাহ গছ আৱিষ্কাৰ কৰিছিল৷ ব্ৰিটিছ সাম্ৰাজ্যৰ শেষ সীমা আছিল শদিয়া৷ তাৰ সিপাৰে মিছিমি পাহাৰ৷ পাহাৰলানিৰ সিপাৰলৈ ৰঙা চীন৷ সাম্ৰাজ্য সম্প্ৰসাৰণৰ স্বাৰ্থত ব্ৰিটিছ-ইণ্ডিয়াৰ সৈতে চীনৰ সংযোগ সাধিবলৈ ইংৰাজে যৎপৰোনাস্তি চেষ্টা নকৰাকৈ থকা নাছিল৷ চীনলৈ যোৱাৰ সেই পৰিকল্পনা চলিছিল শদিয়াত বহিয়ে৷ ইংৰাজসকল স্বভাৱতেই অভিযানকাৰী৷ তেওঁলোকে জানিছিল যে স্থানীয় চিংফৌ, খামতি, মিছিমি আদি পাৰ্বত্য মানুহৰ সহায় অবিহনে সেই দেশলৈ দুৰ্গম পথ পাৰ কৰাটো সপোনৰো অগোচৰ৷ সেই বাটে দুটাকৈ ৰূপৰ খনি থকাৰ কথাটো জানিব পাৰি প্ৰৱলভাৱে উৎসাহী হৈ পৰিছিল যদিও যোৱাটো তেওঁলোকৰ পক্ষে সহজ-সম্ভৱ হোৱা নাছিল৷ ১৮২৩চনত শদিয়াত ব্ৰিটিছে চাহ গছ আৱিষ্কাৰ কৰে৷ পাৰ্শ্বৱৰ্তী কুণ্ডিল আৰু ব্ৰহ্মপুত্ৰ নৈৰ সংগমস্থলৰ বালিচহীয়া মাটিত ইংৰাজ চৰকাৰে পোন প্ৰথমে চাহ খেতি কৰিবলৈ উদ্যোগ লৈছিল৷ চাহপাতৰ জ্ঞান আহৰণ কৰিবলৈ সুদূৰ কলম্বোৰ পৰা আহি হেনৰী কোট্টাম উপস্থিত হৈছিলহি শদিয়াত৷ চীনলৈ বাট উলিওৱাৰ লক্ষ্যৰে শদিয়াৰ পৰাই খোজেৰে আৰম্ভ কৰি পিছত নাও বাই তেওঁ ওলাইছিলগৈ চৌখাম৷ দোভাষী চৌ মুংথিমাৰ সহায়ত চৌখামতে লগ ধৰিছিল খামতি ৰজাক৷ ৰজাই চীনলৈ যোৱাৰ ৰাস্তা দেখুৱাই দিয়াৰ দায়িত্ব লৈছিল৷ পিছে প্ৰাকৃতিক কাৰণত দুঃসাহসিক সেই যাত্ৰাটো পৰশুৰাম কুণ্ডতে থমকিল৷ সেয়া আছিল ১৮৭৬চন৷
মেজৰ ফ্ৰেডৰিক মাৰ্চমেন বেইলী পশ্চিমৰ প্ৰথম মানুহ, যি চীন দেশৰ ৰংথুচু ভেলীৰ পৰা ভাৰতলৈ পদযাত্ৰা কৰি আহিব পাৰিছিল৷ সেইটো ১৯১১চনৰ কথা৷ তাৰ পিছতো সঘন আহ-যাহ চলিছিল৷ খোজ কঢ়াৰ হাবিতলীয়া লুংলুঙীয়া ট্ৰেকটো ক্রমাৎ বহল হৈ পৰিছিল৷ সেই পথক মূল বাণিজ্য-পথ হিচাপে ব্যৱহাৰ কৰাৰ আগতেই লাগি গৈছিল দুখনকৈ বিশ্বযুদ্ধ৷ ইতিমধ্যে দ্বিতীয় মহাসমৰৰ দৰকাৰত লিডুৰ পৰা কুনমিঙলৈ ব্ৰহ্মদেশৰ মাজেৰে বন্ধাই পেলোৱা হৈছিল ষ্টীলৱেল ৰ’ড৷ কালক্রমত পথটো এৰা পৰিল৷ আন্তৰ্জাতিক বাণিজ্যৰ লক্ষ্যৰে আজিও গঢ়ি নুঠিল ষ্টীলৱেল পথ৷ গঢ়ি নুঠিল চীনলৈ তাতোকৈ অনেকগুণে চমু শদিয়া, হায়ুলিয়াং, ৱালং, ৰিমা পথটোও৷ এতিয়াও ই এটা পাহাৰীয়া ঠেক ৰাস্তা৷ দুখন বাহন একেলগে পাৰ হ’বলৈ এতিয়াও য’ত টান৷ সন্মুখৰ পৰা এখন আহি ওলালে সুচল ঠাই চাই কোনোবা এখন ৰৈ দিব লাগে৷ গাড়ী-মটৰৰ সংখ্যাটোও তাকৰ৷ অসমীয়া মানুহৰ সেইবাটে আহ-যাহ একেবাৰেই কম বুলিও অভিযোগসুৰীয়া বাক্য এষাৰি আছে৷ সেইটো পথেৰেই মৰসাহস কৰি সৌ-সিদিনা আমি গুচি গ’লোঁগৈ চীন সীমান্তৰ শেষ ভাৰতীয় গাঁও কাহো পৰ্যন্ত৷ পানীয়ে-পৰ্বতে ঘূৰি-ফুৰি চাই-চিতি আজি এয়া সমতলত অৱস্থিত শদিয়া সোমাইছোঁহি৷
শদিয়া বুলিলেই বৰ-ভূঁইকঁপ শব্দটো মনলৈ অহাটো অৱধাৰিত৷ ৱালঙত ভৰি দি সিদিনা দূৰৰ পৰাই দেখা পাইছিলোঁ সেই পৰ্বতলানি যাৰ বুকুৰ কঁপনিৰে আৰম্ভ হৈছিল বিধ্বংসী ভূমিকম্পটো৷ জানিবলৈ পোৱামতে ৱালঙৰ মানুহৰ কাৰণে ১৯৫০চনৰ আগতে হয় ৰিমা, নহ’লে শদিয়া আছিল মূল বাণিজ্যিক কেন্দ্ৰ৷ বৰ্তমানৰ অৱস্থা আৰু ব্যৱস্থা দেখি-শুনি-বুজি, কেনেকৈযে তাহানি দিনত সেয়া সম্ভৱ হৈছিল, এই মুহূৰ্তত সেইটো প্ৰশ্নই উদয় হৈছে মনত৷ কিন্তু ইণ্টাৰনেটত খুঁচৰোতে এদিন শদিয়াৰ মূল্যৱান আলোকচিত্ৰ দুখনমান চাবলৈ পাইছিলোঁ৷ অতীতৰ ফটোগ্ৰাফ দেখি পতিয়ন যাব পাৰি যে কথাটো হয়৷ শদিয়া তেনেকুৱাই আছিল৷ ভূমিকম্পইহে সকলো ওলট-পালট কৰি পেলালে৷ শদিয়াৰ গুৰুত্ব তেতিয়াৰে পৰাই লাহে লাহে নোহোৱা হৈ পৰিল৷
বৰ-ভূঁইকঁপটোৰ অভিকেন্দ্ৰ আছিল ৰিমাৰ পৰা ৬-৭কিল’মিটাৰ আঁতৰত থকা ৰংথুচু পৰ্বতলানি৷ মাত্ৰ তিনিদিনৰ আগতে সিদিনা আমি উপস্থিত আছিলোঁ তাৰ সমীপৱৰ্তী স্থান কাহোত৷ অতীজতে কাহোত লোহিতৰ ওপৰত ওলোমা সাঁকো এখন আছিল হেনো৷ একমাত্ৰ সংযোগ বুলিব পৰা সেই দলংখনেই জোকাৰণিত সৰ্বপ্ৰথমে ছিগি পৰিছিল বুলি পঢ়িবলৈ পাইছোঁ৷ আৰু পাইছোঁ যে নৈৰ গৰাবোৰৰ হেনো অসংখ্য ঠাইত মাটি খহিছিল৷ পদপথবিলাকত ছিৰা মেলা দি ফাট মেলিছিল৷ কেওদিশে দেখা গৈছিল ভূমিস্খলনৰ পয়োভৰ৷ মাখনৰ টুকুৰা গলাৰ নিচিনাকৈ হুৰাহুৰে ভাগি পৰিছিল কেইবাটাও পাহাৰ৷ পাইন গছবোৰে নিজৰ মাজতে ঘৰ্ষণৰ সৃষ্টি কৰি ভয়াৰ্ত আৱাজ তুলিছিল৷ চাৰিওফালে শুনা গৈছিল প্ৰচণ্ড গুম্গুমনিৰ শব্দ৷ অসমৰ অতীতৰ এই কথাবোৰ বিক্ষিপ্ত ৰূপত অ’ত-ত’ত পোৱা যায়৷ প্ৰণালীবদ্ধভাৱে হয়তো আজিও নাই৷
মিছিমি পাহাৰৰ ক্ষত-বিক্ষত বক্ষৰ দৰে, লোহিত উপত্যকাৰ ধ্বংসস্তুপৰ দৰে, সেই প্ৰলয়ে ব্ৰহ্মপুত্ৰ উপত্যকাতো এৰি থৈ গৈছিল অনেক ভয়াৱহতা৷ ১,৫২৬জন মানুহৰ মৃত্যু ঘটাইছিল অনাকাংক্ষিত সেই বৰ-ভূঁইকঁপে৷ প্ৰায় ৩০,০০০ মানুহ আঘাতপ্ৰাপ্ত হৈছিল৷ দৰাচলতে সেই হিচাপ আজিও সঠিক নহয় বুলিয়ে কোৱা হয়৷ প্ৰায় দুদিনলৈ আধা ঘণ্টা, পোন্ধৰ মিনিটৰ মূৰে মূৰে অসংখ্য সৰু-বৰ জোকাৰণি অনুভূত হৈয়ে আছিল৷ ভূমিকম্পটোৰ শেষৰ ফালে কেইবা ছেকেণ্ডৰ অন্তৰত এটাৰ পিছত এটাকৈ ছটা অতি বিয়াগোম শব্দ শুনা গৈছিল৷ তাৰ লগে লগে দেখা গৈছিল বিৰাট পোহৰ৷ তিনিচুকীয়া, দুলীয়াজান, ডিগবৈ আদিৰ পৰাও সেয়া শুনা গৈছিল৷ লোহিত নদীখনৰ বুকুত ৰূপোৱালী বালিৰ কেইবাটাও ফোৱাৰা দেখা গৈছিল৷ ব্ৰহ্মপুত্ৰৰ বুকু উফন্দি উঠিছিল৷ উটি অহা গছ-গছনিৰে ভৰি পৰিছিল নদীখন৷ নদীপৃষ্ঠ বাম হৈ পৰাৰ ফলত সেই দিন ধৰি আজিলৈ অসমে বানৰ সংহাৰী মূৰ্তি প্ৰতি বছৰে দেখি আহিছে, অবৰ্ণনীয় দুৰ্ভোগ ভোগ কৰি আহিছে একাংশ মানুহে৷
জোকাৰণিত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সবাতোকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছিল শদিয়া৷ প্ৰায় ৫মিনিট ধৰি একেৰাহে পূৰ্ণগতিত চলি থকা কম্পনৰ ফলত শদিয়াৰ কিছুমান ঠাইৰ মাটি তললৈ বহি গৈছিল৷ কেওকাষে দীঘল দীঘল ফাট মেলিছিল৷ খেলপথাৰৰ মাজে মাজে দুটা বৃহৎ ফাট মেলি স্কুলফিল্ডখন বালিৰে পুতি পেলাইছিল৷ দমকলৰ পাইপ ছিগিল, কুঁৱা ভাগিল, ফেৰীঘাট ধ্বংসপ্ৰাপ্ত হ’ল৷ ভূমিস্খলনৰ ফলত উপনৈবোৰ বন্ধ হৈ পৰিছিল৷ শদিয়া চহৰৰ ওপৰেৰে বৈ গৈছিল লোহিতৰ পানী৷ চিন-মোকাম নোহোৱা হৈ গৈছিল পুৰণি শদিয়াৰ৷ বিশ্বৰ লগত শদিয়াৰ সকলো ধৰণৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছিল৷
১৫আগষ্টত নিশাৰ ভাগত হঠাতে অহা ৮.৬ৰিখটাৰ প্ৰাৱল্যৰ সেই প্ৰচণ্ড ভূকম্পনে উজনি অসমৰ ভূখণ্ডলৈ এইদৰে বৃহৎ পৰিৱৰ্তন আনি দিলে৷ ভূমিকম্পৰ ফলত এক কথাত অসমৰ মেপখনেই সলনি হৈ গ’ল৷ তাৰ আগতে লোহিতৰ পাৰৰ মিছিমিসকলৰ বাবে যদি এফালে শদিয়া, আনফালে ৰিমা, দুয়োখনেই সমান গুৰুত্বপূৰ্ণ ঠাই আছিল৷ ১৯৬২চনৰ ভাৰত-চীন যুদ্ধত পূব সীমান্তত চীনা সৈন্য-সামন্তৰ মূল ঘাটি আছিল ৰিমা৷ পিছলৈ ৰিমাও হেৰাই থাকিল মানচিত্ৰৰ পৰা৷ তাৰ কাৰণ ৰাজনৈতিক৷ ভৌগোলিক বা শদিয়াৰ দৰে ভূমিকম্পৰ জোকাৰণি নহয়৷
বৰ-ভূঁইকপে অসমৰ সমাজ-জীৱনক প্ৰভাৱিত কৰিছিল যদিও এই সম্পৰ্কে লেখা-মেলা আজি পৰ্যন্ত সীমিত বুলি মানুহৰ মুখত অভিযোগ শুনা যায়৷ একেটাই কথা ৬২ৰ যুদ্ধ সম্পৰ্কেও৷ বহুতো প্ৰসংগই যেন আমাৰ অগোচৰে ৰৈ গ’ল৷ দুই-একে উন্মোচন কৰা কথাবোৰ নগণ্যসংখ্যক কিতাপৰ পৃষ্ঠাত বা গুগলত বিক্ষিপ্তভাৱে পঢ়িবলৈ পাইছোঁ৷ সীমিত পৰিসৰত তাৰ পৰা পোৱা পৰোক্ষ বা প্ৰত্যক্ষ সহায়ৰ সৈতে আমাৰ এই ভ্ৰমণকালত নিজে আহৰণ কৰা চাক্ষুস অভিজ্ঞতাৰে আৰু কিছু কথা জানিবলৈ সক্ষম হৈছোঁ৷
১৮৭৮চনত আসাম ৰে'লৱেৰ সঞ্চালক আছিল জন বেৰি হোৱাইট৷ তেওঁ অসমৰ চিফ কমিছনাৰো আছিল৷ তেওঁৰ দিনতে ডিব্ৰুগড়ৰ পৰা শদিয়ালৈ এটা মিটাৰগজ ৰে'লপথ বহুওৱাৰ কাম হৈছিল৷ ১৮৮২চনত মুকলি হোৱা ৰে'ল লাইনটোৱে অঞ্চলটোৰ অৰ্থনৈতিক প্ৰগতিত বিশেষ অৰিহণা যোগাইছিল৷ ১৮৮৫চনত ব্ৰিটিছ চৰকাৰে অসমত ডিব্ৰু-শদিয়া নামে এটা গুৰুত্বপূৰ্ণ ৰে'ল আলি স্থাপন কৰা হৈছিল৷ সেই ৰে'ল লাইনে উত্তৰ লখিমপুৰৰ এটা বৃহৎ অংশৰ পৰা ব্ৰহ্মপুত্ৰৰ কাষলৈ অহা-যোৱা কৰাৰ বাট মুকলি কৰিছিল৷ বেচৰকাৰী আলিটো ৯১ মাইল দীঘল আছিল বুলি অতীতৰ ইতিহাসে কয়৷ ১৯০৫চনত চিটাগঙৰ পৰা আৰম্ভ কৰি সজা অসম-বেংগল চৰকাৰী ৰে'ল আলিয়ে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰেৰে ডিব্ৰু-শদিয়া চুইছিলগৈ৷ ডিব্ৰু-শদিয়া ৰে'ল লাইনৰ পৰাই এটা শাখা পথ লামডিং হৈ গুৱাহাটীলৈ সজা হৈছিল৷
৫. শৱ দিয়া শদিয়াত ক্ষণিক বিৰতিশদিয়াৰ মহকুমা সদৰ চপাখোৱা সোমাওঁ সোমাওঁ হওঁতে পোনেই ১৮৩৬চনৰ ২৩মাৰ্চৰ কথা এটা মনলৈ আহিছে৷ ৰেভাৰেণ্ড ডক্টৰ নাথান ব্ৰাউন জলপথেৰে কলিকতাৰ পৰা পৰিবাৰ এলিজা ব্ৰাউনৰ সৈতে অসমলৈ আহিছিল৷ আমেৰিকান বেপ্টিষ্ট মিছনেৰীজনে থিতাপি লৈছিলহি শদিয়াত৷ বিপদসংকুল যাত্ৰাটোত লগত আনিছিল এটা সৰু ছপাযন্ত্ৰ৷ মূলতঃ খ্ৰীষ্টধৰ্মীয় পুস্তিকা ছপা কৰি বিলাবৰ অভিপ্ৰায়েৰেই যন্ত্ৰটো অনা হৈছিল৷ সহকাৰী হিচাপে মিছনেৰী দলটোৰ সদস্যৰ ৰূপত সপত্নীক আহিছিল ছপাখানাৰ এজন সুদক্ষ কৰ্মী ৰেভাৰেণ্ড অলিভাৰ কট্টৰ৷ ক’ব পাৰি, অসমলৈ অহা প্ৰথম ছপা মেছিন আছিল সেইটোৱেই৷ মিছন প্ৰেছটো পোনতে স্থাপন হৈছিল শদিয়াতে৷ মুদ্ৰণ পেছাৰ সৈতে নিজে জড়িত হেতুকে মোৰ বাবেও এইটো জানিবলগীয়া কথা৷ এই কথাটোকে লৈ সিদিনা ৱালঙৰ পি.ডব্লিউ.ডি. আই.বি.ত লগ পোৱা শদিয়াৰ প্ৰতিনিধি দেউকণ গগৈয়ে আমাৰ চকুলৈ চাই প্ৰশ্ন উত্থাপন কৰিছিল, ‘অসমৰ প্ৰথম ছপাশালটো ক’ত হৈছিল’ বুলি৷ গৌৰৱেৰে কৈছিল যে অসমৰ প্ৰথম ছপাকল বহোৱা হৈছিল শদিয়াত৷ এয়াই সেই শদিয়া৷ আহিম বুলি সিদিনাই মন-কাগজত ডাঠকৈ লিখি লৈছিলোঁ শদিয়াৰ নাম৷ আৰু আজি আহি পালোঁ!
নাথান ব্ৰাউনৰো আগতে, ১৮২৩চনত এইখন শদিয়াতে ইংৰাজে চাহ গছ আৱিষ্কাৰ কৰিছিল৷ ব্ৰিটিছ সাম্ৰাজ্যৰ শেষ সীমা আছিল শদিয়া৷ তাৰ সিপাৰে মিছিমি পাহাৰ৷ পাহাৰলানিৰ সিপাৰলৈ ৰঙা চীন৷ সাম্ৰাজ্য সম্প্ৰসাৰণৰ স্বাৰ্থত ব্ৰিটিছ-ইণ্ডিয়াৰ সৈতে চীনৰ সংযোগ সাধিবলৈ ইংৰাজে যৎপৰোনাস্তি চেষ্টা নকৰাকৈ থকা নাছিল৷ চীনলৈ যোৱাৰ সেই পৰিকল্পনা চলিছিল শদিয়াত বহিয়ে৷ ইংৰাজসকল স্বভাৱতেই অভিযানকাৰী৷ তেওঁলোকে জানিছিল যে স্থানীয় চিংফৌ, খামতি, মিছিমি আদি পাৰ্বত্য মানুহৰ সহায় অবিহনে সেই দেশলৈ দুৰ্গম পথ পাৰ কৰাটো সপোনৰো অগোচৰ৷ সেই বাটে দুটাকৈ ৰূপৰ খনি থকাৰ কথাটো জানিব পাৰি প্ৰৱলভাৱে উৎসাহী হৈ পৰিছিল যদিও যোৱাটো তেওঁলোকৰ পক্ষে সহজ-সম্ভৱ হোৱা নাছিল৷ ১৮২৩চনত শদিয়াত ব্ৰিটিছে চাহ গছ আৱিষ্কাৰ কৰে৷ পাৰ্শ্বৱৰ্তী কুণ্ডিল আৰু ব্ৰহ্মপুত্ৰ নৈৰ সংগমস্থলৰ বালিচহীয়া মাটিত ইংৰাজ চৰকাৰে পোন প্ৰথমে চাহ খেতি কৰিবলৈ উদ্যোগ লৈছিল৷ চাহপাতৰ জ্ঞান আহৰণ কৰিবলৈ সুদূৰ কলম্বোৰ পৰা আহি হেনৰী কোট্টাম উপস্থিত হৈছিলহি শদিয়াত৷ চীনলৈ বাট উলিওৱাৰ লক্ষ্যৰে শদিয়াৰ পৰাই খোজেৰে আৰম্ভ কৰি পিছত নাও বাই তেওঁ ওলাইছিলগৈ চৌখাম৷ দোভাষী চৌ মুংথিমাৰ সহায়ত চৌখামতে লগ ধৰিছিল খামতি ৰজাক৷ ৰজাই চীনলৈ যোৱাৰ ৰাস্তা দেখুৱাই দিয়াৰ দায়িত্ব লৈছিল৷ পিছে প্ৰাকৃতিক কাৰণত দুঃসাহসিক সেই যাত্ৰাটো পৰশুৰাম কুণ্ডতে থমকিল৷ সেয়া আছিল ১৮৭৬চন৷
মেজৰ ফ্ৰেডৰিক মাৰ্চমেন বেইলী পশ্চিমৰ প্ৰথম মানুহ, যি চীন দেশৰ ৰংথুচু ভেলীৰ পৰা ভাৰতলৈ পদযাত্ৰা কৰি আহিব পাৰিছিল৷ সেইটো ১৯১১চনৰ কথা৷ তাৰ পিছতো সঘন আহ-যাহ চলিছিল৷ খোজ কঢ়াৰ হাবিতলীয়া লুংলুঙীয়া ট্ৰেকটো ক্রমাৎ বহল হৈ পৰিছিল৷ সেই পথক মূল বাণিজ্য-পথ হিচাপে ব্যৱহাৰ কৰাৰ আগতেই লাগি গৈছিল দুখনকৈ বিশ্বযুদ্ধ৷ ইতিমধ্যে দ্বিতীয় মহাসমৰৰ দৰকাৰত লিডুৰ পৰা কুনমিঙলৈ ব্ৰহ্মদেশৰ মাজেৰে বন্ধাই পেলোৱা হৈছিল ষ্টীলৱেল ৰ’ড৷ কালক্রমত পথটো এৰা পৰিল৷ আন্তৰ্জাতিক বাণিজ্যৰ লক্ষ্যৰে আজিও গঢ়ি নুঠিল ষ্টীলৱেল পথ৷ গঢ়ি নুঠিল চীনলৈ তাতোকৈ অনেকগুণে চমু শদিয়া, হায়ুলিয়াং, ৱালং, ৰিমা পথটোও৷ এতিয়াও ই এটা পাহাৰীয়া ঠেক ৰাস্তা৷ দুখন বাহন একেলগে পাৰ হ’বলৈ এতিয়াও য’ত টান৷ সন্মুখৰ পৰা এখন আহি ওলালে সুচল ঠাই চাই কোনোবা এখন ৰৈ দিব লাগে৷ গাড়ী-মটৰৰ সংখ্যাটোও তাকৰ৷ অসমীয়া মানুহৰ সেইবাটে আহ-যাহ একেবাৰেই কম বুলিও অভিযোগসুৰীয়া বাক্য এষাৰি আছে৷ সেইটো পথেৰেই মৰসাহস কৰি সৌ-সিদিনা আমি গুচি গ’লোঁগৈ চীন সীমান্তৰ শেষ ভাৰতীয় গাঁও কাহো পৰ্যন্ত৷ পানীয়ে-পৰ্বতে ঘূৰি-ফুৰি চাই-চিতি আজি এয়া সমতলত অৱস্থিত শদিয়া সোমাইছোঁহি৷
শদিয়া বুলিলেই বৰ-ভূঁইকঁপ শব্দটো মনলৈ অহাটো অৱধাৰিত৷ ৱালঙত ভৰি দি সিদিনা দূৰৰ পৰাই দেখা পাইছিলোঁ সেই পৰ্বতলানি যাৰ বুকুৰ কঁপনিৰে আৰম্ভ হৈছিল বিধ্বংসী ভূমিকম্পটো৷ জানিবলৈ পোৱামতে ৱালঙৰ মানুহৰ কাৰণে ১৯৫০চনৰ আগতে হয় ৰিমা, নহ’লে শদিয়া আছিল মূল বাণিজ্যিক কেন্দ্ৰ৷ বৰ্তমানৰ অৱস্থা আৰু ব্যৱস্থা দেখি-শুনি-বুজি, কেনেকৈযে তাহানি দিনত সেয়া সম্ভৱ হৈছিল, এই মুহূৰ্তত সেইটো প্ৰশ্নই উদয় হৈছে মনত৷ কিন্তু ইণ্টাৰনেটত খুঁচৰোতে এদিন শদিয়াৰ মূল্যৱান আলোকচিত্ৰ দুখনমান চাবলৈ পাইছিলোঁ৷ অতীতৰ ফটোগ্ৰাফ দেখি পতিয়ন যাব পাৰি যে কথাটো হয়৷ শদিয়া তেনেকুৱাই আছিল৷ ভূমিকম্পইহে সকলো ওলট-পালট কৰি পেলালে৷ শদিয়াৰ গুৰুত্ব তেতিয়াৰে পৰাই লাহে লাহে নোহোৱা হৈ পৰিল৷
বৰ-ভূঁইকঁপটোৰ অভিকেন্দ্ৰ আছিল ৰিমাৰ পৰা ৬-৭কিল’মিটাৰ আঁতৰত থকা ৰংথুচু পৰ্বতলানি৷ মাত্ৰ তিনিদিনৰ আগতে সিদিনা আমি উপস্থিত আছিলোঁ তাৰ সমীপৱৰ্তী স্থান কাহোত৷ অতীজতে কাহোত লোহিতৰ ওপৰত ওলোমা সাঁকো এখন আছিল হেনো৷ একমাত্ৰ সংযোগ বুলিব পৰা সেই দলংখনেই জোকাৰণিত সৰ্বপ্ৰথমে ছিগি পৰিছিল বুলি পঢ়িবলৈ পাইছোঁ৷ আৰু পাইছোঁ যে নৈৰ গৰাবোৰৰ হেনো অসংখ্য ঠাইত মাটি খহিছিল৷ পদপথবিলাকত ছিৰা মেলা দি ফাট মেলিছিল৷ কেওদিশে দেখা গৈছিল ভূমিস্খলনৰ পয়োভৰ৷ মাখনৰ টুকুৰা গলাৰ নিচিনাকৈ হুৰাহুৰে ভাগি পৰিছিল কেইবাটাও পাহাৰ৷ পাইন গছবোৰে নিজৰ মাজতে ঘৰ্ষণৰ সৃষ্টি কৰি ভয়াৰ্ত আৱাজ তুলিছিল৷ চাৰিওফালে শুনা গৈছিল প্ৰচণ্ড গুম্গুমনিৰ শব্দ৷ অসমৰ অতীতৰ এই কথাবোৰ বিক্ষিপ্ত ৰূপত অ’ত-ত’ত পোৱা যায়৷ প্ৰণালীবদ্ধভাৱে হয়তো আজিও নাই৷
মিছিমি পাহাৰৰ ক্ষত-বিক্ষত বক্ষৰ দৰে, লোহিত উপত্যকাৰ ধ্বংসস্তুপৰ দৰে, সেই প্ৰলয়ে ব্ৰহ্মপুত্ৰ উপত্যকাতো এৰি থৈ গৈছিল অনেক ভয়াৱহতা৷ ১,৫২৬জন মানুহৰ মৃত্যু ঘটাইছিল অনাকাংক্ষিত সেই বৰ-ভূঁইকঁপে৷ প্ৰায় ৩০,০০০ মানুহ আঘাতপ্ৰাপ্ত হৈছিল৷ দৰাচলতে সেই হিচাপ আজিও সঠিক নহয় বুলিয়ে কোৱা হয়৷ প্ৰায় দুদিনলৈ আধা ঘণ্টা, পোন্ধৰ মিনিটৰ মূৰে মূৰে অসংখ্য সৰু-বৰ জোকাৰণি অনুভূত হৈয়ে আছিল৷ ভূমিকম্পটোৰ শেষৰ ফালে কেইবা ছেকেণ্ডৰ অন্তৰত এটাৰ পিছত এটাকৈ ছটা অতি বিয়াগোম শব্দ শুনা গৈছিল৷ তাৰ লগে লগে দেখা গৈছিল বিৰাট পোহৰ৷ তিনিচুকীয়া, দুলীয়াজান, ডিগবৈ আদিৰ পৰাও সেয়া শুনা গৈছিল৷ লোহিত নদীখনৰ বুকুত ৰূপোৱালী বালিৰ কেইবাটাও ফোৱাৰা দেখা গৈছিল৷ ব্ৰহ্মপুত্ৰৰ বুকু উফন্দি উঠিছিল৷ উটি অহা গছ-গছনিৰে ভৰি পৰিছিল নদীখন৷ নদীপৃষ্ঠ বাম হৈ পৰাৰ ফলত সেই দিন ধৰি আজিলৈ অসমে বানৰ সংহাৰী মূৰ্তি প্ৰতি বছৰে দেখি আহিছে, অবৰ্ণনীয় দুৰ্ভোগ ভোগ কৰি আহিছে একাংশ মানুহে৷
জোকাৰণিত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সবাতোকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছিল শদিয়া৷ প্ৰায় ৫মিনিট ধৰি একেৰাহে পূৰ্ণগতিত চলি থকা কম্পনৰ ফলত শদিয়াৰ কিছুমান ঠাইৰ মাটি তললৈ বহি গৈছিল৷ কেওকাষে দীঘল দীঘল ফাট মেলিছিল৷ খেলপথাৰৰ মাজে মাজে দুটা বৃহৎ ফাট মেলি স্কুলফিল্ডখন বালিৰে পুতি পেলাইছিল৷ দমকলৰ পাইপ ছিগিল, কুঁৱা ভাগিল, ফেৰীঘাট ধ্বংসপ্ৰাপ্ত হ’ল৷ ভূমিস্খলনৰ ফলত উপনৈবোৰ বন্ধ হৈ পৰিছিল৷ শদিয়া চহৰৰ ওপৰেৰে বৈ গৈছিল লোহিতৰ পানী৷ চিন-মোকাম নোহোৱা হৈ গৈছিল পুৰণি শদিয়াৰ৷ বিশ্বৰ লগত শদিয়াৰ সকলো ধৰণৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছিল৷
১৫আগষ্টত নিশাৰ ভাগত হঠাতে অহা ৮.৬ৰিখটাৰ প্ৰাৱল্যৰ সেই প্ৰচণ্ড ভূকম্পনে উজনি অসমৰ ভূখণ্ডলৈ এইদৰে বৃহৎ পৰিৱৰ্তন আনি দিলে৷ ভূমিকম্পৰ ফলত এক কথাত অসমৰ মেপখনেই সলনি হৈ গ’ল৷ তাৰ আগতে লোহিতৰ পাৰৰ মিছিমিসকলৰ বাবে যদি এফালে শদিয়া, আনফালে ৰিমা, দুয়োখনেই সমান গুৰুত্বপূৰ্ণ ঠাই আছিল৷ ১৯৬২চনৰ ভাৰত-চীন যুদ্ধত পূব সীমান্তত চীনা সৈন্য-সামন্তৰ মূল ঘাটি আছিল ৰিমা৷ পিছলৈ ৰিমাও হেৰাই থাকিল মানচিত্ৰৰ পৰা৷ তাৰ কাৰণ ৰাজনৈতিক৷ ভৌগোলিক বা শদিয়াৰ দৰে ভূমিকম্পৰ জোকাৰণি নহয়৷
বৰ-ভূঁইকপে অসমৰ সমাজ-জীৱনক প্ৰভাৱিত কৰিছিল যদিও এই সম্পৰ্কে লেখা-মেলা আজি পৰ্যন্ত সীমিত বুলি মানুহৰ মুখত অভিযোগ শুনা যায়৷ একেটাই কথা ৬২ৰ যুদ্ধ সম্পৰ্কেও৷ বহুতো প্ৰসংগই যেন আমাৰ অগোচৰে ৰৈ গ’ল৷ দুই-একে উন্মোচন কৰা কথাবোৰ নগণ্যসংখ্যক কিতাপৰ পৃষ্ঠাত বা গুগলত বিক্ষিপ্তভাৱে পঢ়িবলৈ পাইছোঁ৷ সীমিত পৰিসৰত তাৰ পৰা পোৱা পৰোক্ষ বা প্ৰত্যক্ষ সহায়ৰ সৈতে আমাৰ এই ভ্ৰমণকালত নিজে আহৰণ কৰা চাক্ষুস অভিজ্ঞতাৰে আৰু কিছু কথা জানিবলৈ সক্ষম হৈছোঁ৷
১৮৭৮চনত আসাম ৰে'লৱেৰ সঞ্চালক আছিল জন বেৰি হোৱাইট৷ তেওঁ অসমৰ চিফ কমিছনাৰো আছিল৷ তেওঁৰ দিনতে ডিব্ৰুগড়ৰ পৰা শদিয়ালৈ এটা মিটাৰগজ ৰে'লপথ বহুওৱাৰ কাম হৈছিল৷ ১৮৮২চনত মুকলি হোৱা ৰে'ল লাইনটোৱে অঞ্চলটোৰ অৰ্থনৈতিক প্ৰগতিত বিশেষ অৰিহণা যোগাইছিল৷ ১৮৮৫চনত ব্ৰিটিছ চৰকাৰে অসমত ডিব্ৰু-শদিয়া নামে এটা গুৰুত্বপূৰ্ণ ৰে'ল আলি স্থাপন কৰা হৈছিল৷ সেই ৰে'ল লাইনে উত্তৰ লখিমপুৰৰ এটা বৃহৎ অংশৰ পৰা ব্ৰহ্মপুত্ৰৰ কাষলৈ অহা-যোৱা কৰাৰ বাট মুকলি কৰিছিল৷ বেচৰকাৰী আলিটো ৯১ মাইল দীঘল আছিল বুলি অতীতৰ ইতিহাসে কয়৷ ১৯০৫চনত চিটাগঙৰ পৰা আৰম্ভ কৰি সজা অসম-বেংগল চৰকাৰী ৰে'ল আলিয়ে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰেৰে ডিব্ৰু-শদিয়া চুইছিলগৈ৷ ডিব্ৰু-শদিয়া ৰে'ল লাইনৰ পৰাই এটা শাখা পথ লামডিং হৈ গুৱাহাটীলৈ সজা হৈছিল৷
শদিয়ালৈ গৈ আছোঁ৷ দ্বিতীয়বাৰ যাম৷ বিছাৰি খুচৰি আপোনাৰ লেখাো পঢ়িলোঁ৷ ভাল হৈছে৷
ReplyDelete