অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন সাত ৷৷ দিনাংক ১৬.৪.২০১৫
শান্তিপুৰ চে'ক গে’টেৰে অৰুণাচলৰ পৰা প্ৰস্থান কৰি আমি এতিয়া চপাখোৱাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আগুৱাই আহিছোঁ৷ সদ্যহতে শদিয়াৰ যি ঠাইত উপস্থিত হৈছোঁ ঘৰ-বাৰী, আলি-পদূলি আদি ভালেই দেখিছোঁ৷ ইয়াত কেইবাখনো স্কুল-কলেজ আছে৷ বজাৰ-সমাৰ আছে৷ শদিয়া ভোগালী ঠাই৷ শুনিছিলোঁ শদিয়া পিছ পৰা বুলি৷ কিন্তু ক’তা? সঞ্জুৱে ফোনত কথা পাতি আছিল কাৰবি আংলং জিলাত সেৱা আগ বঢ়াই কিছুদিনৰ পূৰ্বে বদলি হৈ যোৱা উপায়ুক্ত এজনৰ সৈতে৷ আচল ঘৰ এই চহৰৰে কোনোবা এফালে৷ সিটো মূৰৰ পৰা তেওঁ কৈ আছে, ‘বাৰু, ঘাটলৈ যাব নহয়, তেতিয়াহে দেখিব শদিয়াৰ আচল ৰূপ৷’ কথা সামৰিয়ে শদিয়াঘাটত নহ'লে ছৈখোৱাঘাটত মাছ-ভাত খোৱাৰ পৰিকল্পনাটো জোৰদাৰ কৰাত লাগি গ'ল অনিলদা, সঞ্জু আৰু অৰুণদা৷ মই নিৰামিষাহাৰী৷ গতিকে যাত্ৰাৰ আনন্দ উপভোগ কৰাতহে গুৰুত্ব দিছোঁ৷ তেওঁলোকৰ কথা শুনি কল্পনাতে দৃশ্যমান হৈছে এখন নৈ, নৈৰ পাৰত ভাজি থকা মাছ, তাতে বহি দিনৰ সাঁজ... পৰিৱেশটোৰ জ্বলন্ত সাক্ষী হ’বলৈ মনটো অৱশ্যে নোযোৱা নহয়৷
অসমৰ পূব প্ৰান্তৰ ঐতিহ্যমণ্ডিত শদিয়াই মহাভাৰতৰ যুগৰ বিদৰ্ভ বা কুণ্ডিল্য ৰাজ্য৷ লুইত, তেলু, কুণ্ডিল, হাজো, দিবাং, ডিগাৰু, ন-দিহিং, টেঙাপানী আদি নৈৰ পাৰে পাৰে মিচিং, বড়ো, দেউৰী, চুতীয়া, আহোম, মটক, ইদু মিছিমি, আদি, খামতি, চিংফৌসকলে বাস কৰিছিল৷ চুতীয়াসকলে নিজকে ভীষ্মক ৰজাৰ বংশজাত, হিন্দু ৰাজবংশৰ মানুহ বুলি জ্ঞান কৰে৷ ভীষ্মক আছিল শ্ৰীকৃষ্ণৰ পত্নী ৰুক্মিণীৰ পিতৃ৷ অসম বুৰঞ্জীত উল্লেখ থকা এই পৌৰাণিক ৰজাজনে শদিয়াৰ আশে-পাশে অৱস্থিত বিদৰ্ভ ৰাজ্যত শাসন কাৰ্য চলাইছিল৷ ৰাজধানী আছিল কুণ্ডিল নৈৰ পাৰৰ কুণ্ডিল নগৰী৷ ভীষ্মক ৰজাৰে বংশোদ্ভৱ বুলি দাবী কৰা বীৰপালে এসময়ত সোণাগিৰি নামৰ এখন পাহাৰত ৬০ঘৰ পৰিয়ালৰ মুখিয়াল হিচাপে শাসন চলাইছিল৷ চুতীয়া ৰাজ্যৰ এই প্ৰতিষ্ঠাতাজনৰ সতি-সন্ততি নাছিল৷ সেয়ে ৰাণী ৰূপৱতীয়ে সম্পদৰ গৰাকী কুবেৰক তপস্যা কৰিব ধৰিলে৷ প্ৰাৰ্থনাত সন্তুষ্ট হৈ স্বামীৰ ৰূপ ধাৰণ কৰি কুবেৰৰ আবির্ভাৱ ঘটিল৷ দুয়োৰে শাৰীৰিক মিলনৰ ফলত ৰাণী সন্তানসম্ভৱা হ'ল৷ সময়ত তেওঁ এটি পুত্ৰ সন্তান জন্ম দিলে৷ সন্তানটিৰ নাম ৰখা হ'ল গৌৰীনাৰায়ণ বা সোণাগিৰিপাল৷ এই সন্তানটিয়েই ১২৪৪চনত সিংহাসনত আৰোহণ কৰিলে৷ ৰত্নপুৰত ৰাজধানী পাতি নাম ল'লে ৰত্নধ্বজপাল৷ এইজন চুতীয়াসকলৰ দ্বিতীয় ৰজা৷ পৰ্বতীয়া জাতিবোৰৰ উপৰি কমতাৰ ৰজায়ো তেওঁৰ বীৰত্বক সন্মান কৰিছিল৷ তেওঁৰ দিনতে ১২৮৪চনত চুতীয়া ৰাজ্যৰ তৃতীয়খন ৰাজধানী হিচাপে শদিয়া নামৰ অঞ্চলটো প্ৰতিষ্ঠা কৰা হৈছিল বুলি ইতিহাসে কয়৷

গংগা নদীৰ পানী আৰু পৰশুৰাম কুণ্ডৰ পানীৰ আদান-প্ৰদানৰ সূত্ৰে ৰত্নধ্বজপাল আৰু গৌড়ৰ ৰজাৰ মাজত বন্ধুত্ব গঢ়ি উঠিছিল৷ নিজৰ এজন পুত্ৰক বিদ্যা-শিক্ষা লভিবৰ অৰ্থে তেওঁ গৌড়ৰ ৰাজধানীলৈ পঠাইছিল৷ দুৰ্ভাগ্যবশতঃ তাতে পুত্ৰজনৰ মৃত্যু ঘটে৷ গৌড়ৰ ৰজা কেশৱসেনে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে মৃতকৰ শৱটো পিতৃৰ ওচৰলৈ পঠাই দিলে৷ এনেদৰে, মৃত পুত্ৰৰ শ থোৱাৰ পৰাই ‘শদিয়া’ নামটোৰ উৎপত্তি হৈছে বুলি কথিত আছে৷ শৱ সৎকাৰ কৰি মৈদাম দিয়াৰ পিছত উক্ত ঠাইখণ্ডৰ নাম ‘পাল-শৱ-দিয়া’ বা ‘শ-দিয়া-পাট’ হৈছিল৷ মুখ বাগৰি কালক্রমত ই শদিয়া বুলি জনাজাত হ’ল৷ ১৫২৩-২৪চনলৈকে শদিয়া চুতীয়া ৰজাৰ ৰাজধানী আছিল৷ পিছত আহোম ৰজাই চুতীয়া ৰজাক নিজৰ অধীনলৈ আনি শদিয়াখোৱা গোহাঁই পদবী সৃষ্টি কৰি শদিয়া শাসন কৰিছিল৷ ফ্ৰাচেনমং বৰগোহাঁই আছিল প্ৰথমজন শদিয়াখোৱা গোহাঁই৷
ছাৰ এডৱাৰ্ড গেইটৰ ‘অসম বুৰঞ্জী’তো শদিয়াৰ পুৰণি দিনৰ উল্লেখ
পোৱা যায়৷ সেই অনুসৰি অতীজত আহোম-চুতীয়াসকলে ইয়াত বাস
কৰিছিল৷ পিছত খামতিসকল পাহাৰৰ পৰা নামি অাহে৷ আনহাতে গৌৰীনাথ সিংহৰ ৰাজত্ব কালত মায়ামৰীয়া বিদ্ৰোহৰ কল্পে অাহোম ৰাজ্যত হোৱা অশান্তিৰ সুযোগত ১৭৯৪চনত খামতিসকলে আহোমৰ শদিয়াখোৱা গোহাঁইক ওফৰাই শদিয়া দখল কৰিছিল৷ ৰাজ্যৰ সীমাৰ বাহিৰৰ পৰা খামতি লোক আহি শদিয়াত
সোমোৱাটো ব্ৰিটিছেও স্বাগতম জনাইছিল৷ চিংফৌসকলৰ হেঁচা পাই খামতিসকল শদিয়া পাইছিলহি বুলিও পোৱা যায়৷ সৈনিক নৃতত্ত্ববিদ কৰ্ণেল এডৱাৰ্ড টুইট ডেলটনে লিখিছিল যে উত্তৰ-পূব সীমান্তৰ জনজাতিসমূহৰ মাজত খামতিসকলেই জ্ঞান, কলা আৰু সভ্যতাৰ বিষয়ত সবাতোকৈ আগ বঢ়া আছিল৷ খামতিসকলৰ মাজত বন্য স্বভাৱৰ পৰিৱৰ্তে সংস্কৃতিৰ ভাল বিকাশ দেখা গৈছিল আৰু তেওঁলোকৰ সামাজিক নিয়মৰ পৰা পৃথিৱীৰ সভ্য জাতিয়েও শিকিবলগীয়া বহুত আছে বুলি সেই সময়ৰ দুঃসাহসিক ইংৰাজ ভ্ৰমণকাৰী টমাচ থৰ্নভিল কুপাৰেও লিখি থৈ গৈছে৷ সেই খামতিসকলৰ মুখিয়ালজনকে ব্ৰিটিছে আইনতঃ শাসক বুলি স্বীকৃতি দিছিল৷ অৱশ্যে তাৰ কাৰণ আছিল কূটনৈতিক৷ দুৰ্দান্ত প্ৰকৃতিৰ চিংফৌসকলৰ
বিৰুদ্ধে চলোৱা দমনমূলক অভিযানসমূহত খামতিয়ে ব্ৰিটিছক সহায় কৰিছিল৷ ১৮২৪চনত ব্ৰিটিছৰ চিংফৌ অভিযানত খামতিসকলৰ সাহায্যত চৰকাৰ বৰ সন্তুষ্ট হৈছিল৷ কিন্তু স্বাধীনমনা
খামতিসকল পিছলৈ বগা চাহাবৰ ওপৰতে নাৰাজ হ’ল৷ ১৮৩১চনৰ জানুৱাৰী মাহৰ এদিন নিশাৰ অন্ধকাৰত তেওঁলোকে ব্ৰিটিছৰ চাউনীত হঠাতে আক্রমণ চলালে৷ ৰাজনৈতিক বিষয়া কৰ্ণেল হোৱাইটক হত্যা কৰা হ'ল৷ আন ৮০জন ইংৰাজ লোক হতাহত হ'ল৷ সেই ঘটনা সংঘটিত হৈছিল শদিয়াতে৷ ব্ৰিটিছ সৈন্যদল ততালিকে প্ৰেৰণ কৰা হ’ল যদিও আক্রমণকাৰী খামতি বাহিনী দিবাঙৰ মিছিমিৰ মাজত লুকাই পৰিল৷ পিছলৈ ব্ৰিটিছে দমন কৰি অসম আৰু মিছিমি ৰাজ্যৰ মাজত এখন বেৰাৰ দৰে খামতিসকলক শদিয়াত থাকিবলৈ দিছিল৷ এনেদৰে শদিয়া অঞ্চলত অতীতৰ সংঘটিত অনেক যুঁজ-বাগৰ, সন্ধি-চুক্তি
আদিৰ কথা বুৰঞ্জীয়ে আজিও সোঁৱৰায়৷ ১৮২৬চনৰ ২৪ফেব্ৰুৱাৰীত ইংৰাজ আৰু মানৰ মাজত স্বাক্ষৰিত ইয়াণ্ডাবু সন্ধিৰ ফলতে ব্ৰিটিছে খোপনি পুতিছিলহি
শদিয়াত৷
বিদেশী ব্ৰিটিছ বাহাদুৰে শদিয়াখনক বৰ মৰমৰ চকুৰে
চাইছিল বুলি জনা যায়৷ ১৯০১চনতে ইংৰাজে এই সুদূৰ প্ৰান্তৱৰ্তী স্থানত চৰকাৰী শিক্ষানুষ্ঠান
প্ৰতিষ্ঠা কৰিছিল৷ কিন্তু দেখা যায়, পিছলৈ অৰ্থাৎ স্বৰাজোত্তৰ কালত এই শদিয়া স্বদেশী চৰকাৰৰ
দ্বাৰা প্ৰতিটো দিশতে উপেক্ষিত হৈ পৰিল! বিশেষকৈ যাতায়াত বা যোগাযোগৰ ক্ষেত্ৰত৷
তাকে লৈ শদিয়াক মাহী আইৰ চকুৰে চোৱা বুলি অভিযোগ তুলি শদিয়াৰ মানুহ ক্ষোভিত হ'বলগীয়াও হৈছে৷ আনহাতে অৰুণাচলৰ সৈতে একাকাৰ হোৱাৰ আশংকাও বহু চিন্তাশীল
আৰু বুদ্ধিজীৱীয়ে খোলাখুলিকৈ ব্যক্ত নকৰা নহয়৷
কেঁচাইখাঁতী দেৱী বা কেঁচাইখাঁতী গোসাঁনী বা তাম্ৰেশ্বৰী দেৱীৰ মন্দিৰ শদিয়াৰ এক পুৰণি আৰু প্ৰসিদ্ধ স্থান৷ ভাৰতীয় শক্তিৰূপৰ মূল আধাৰ আদ্যাশক্তিৰেই অন্য এক ৰূপ কেঁচাইখাঁতী বুলি জনবিশ্বাস আছে৷ শাক্তপন্থীসকলৰ বিশ্বাসত কালী, চণ্ডী, তাৰা, উগ্ৰচণ্ডা, চামুণ্ডা, তাম্ৰেশ্বৰী, একজটী, কেঁচাইখাঁতী আদি আদ্যাশক্তিৰেই ভিন্ন ভিন্ন ৰূপ৷ সেই শক্তিৰূপক ভয়ংকৰ নাৰী মূৰ্তি হিচাপে কল্পনা কৰাটো এটা উল্লেখযোগ্য বৈশিষ্ট্য৷ অসমত প্ৰাচীন কালৰে পৰা পৰম্পৰাগতভাৱে চলি অহা কেঁচাইখাঁতী বা তাম্ৰেশ্বৰী বা একজটী শক্তিৰূপৰ উৎস আৰ্য-ভিন্ন প্ৰজাতিৰ৷ পিছলৈ আৰ্যীয় ধ্যান-ধাৰণাৰ লগত একীভূত হৈ শক্তিৰূপৰ অংগাংগী হৈ পৰে৷
অসমৰ আৰ্য-ভিন্ন জনগোষ্ঠীৰ মাজত কেঁচাইখাঁতী জনপ্ৰিয় শক্তিৰূপী দেৱী৷ কেঁচাইখাঁতী গোসাঁনী প্ৰধানতঃ কছাৰীসকলৰ আৰাধ্য দেৱী৷ এসময়ত এই স্থান কছাৰীসকলৰ অধীনত আছিল বুলি ইয়াৰ পৰাই ঐতিহাসিক প্ৰমাণ পোৱা যায়৷ কালিকা পুৰাণত উল্লেখ থকা উত্তৰ-পূব অসমত প্ৰচলিত ডিক্ৰবাসিনীৰ সৈতে তাম্ৰেশ্বৰীৰ মিল থকা বুলিও কোৱা হয়৷ বৈষ্ণৱ আন্দোলনৰ পূৰ্বে অসমৰ পূব প্ৰান্তৰ ভিতৰুৱা কুণ্ডিল নামে ঠাইত নৈমিত্তিক এই কেঁচাইখাঁতীৰ বন্দনা চলিছিল৷ চুতীয়াসকলে মা কালীৰ বিভিন্ন ৰূপৰ উপাসনা কৰিছিল৷ দেওধনী নৃত্য আছিল এই পূজাৰ অপৰিহাৰ্য অংগ৷ সেই ঠায়ে এতিয়াৰ শদিয়া৷
চুতীয়াকে ধৰি সেই সময়ৰ অন্য পৰ্বতীয়া জাতিৰ লোকসকলে উক্ত দেৱালয়ত পূজা দিছিল৷ দেৱী বৰ উগ্ৰ স্বভাৱৰ বুলি বিশ্বাস আছিল৷ চুতীয়াসকলে দেৱীক কেঁচাইখাঁতী গোসাঁনী বুলিছিল আৰু পুৰোহিত 'দেউৰী'ৰ সহায়ত পূজা কৰিছিল৷ দেৱীৰ সন্মুখত আগেয়ে বছৰি বছৰি মানুহ বলি দিয়াৰ কথাও শুনা যায়৷ মৃত্যুদণ্ডেৰে অভিযুক্ত অপৰাধীকহে বিধানমতে বলি হিচাপে আগ বঢ়োৱাটো নিয়ম আছিল৷ পিছত অপৰাধী নোহোৱা হোৱাত এটা বিশেষ কুলৰেই সৃষ্টি কৰি লোৱা হৈছিল৷ আহোমে চুতীয়াসকলক তলতীয়া কৰিলেও নৰবলি প্ৰথাত হকাবধা কৰা নাছিল৷ পিছলৈ নৰবলিৰ পৰিৱৰ্তে ম'হ, ছাগলী, হাঁহ, পাৰ আদি বলি দিয়া হয়৷ কালীৰূপী দেৱী সন্তুষ্ট হ'লে কোনো ধৰণৰ দুৰ্যোগ নহয় বুলি সমাজত বিশ্বাস এটা প্ৰচলিত আছিল৷ সেই বিশ্বাসৰ ফলস্বৰূপে চীন আৰু তিব্বতৰ পৰাও হেনো ইয়ালৈ নৈবেদ্য আহিছিল৷ আহোমৰ দিনতো এই থানৰ মৰ্যাদা অটুট ৰখা হৈছিল বুলি গম পোৱা যায়৷ অসমীয়া উপন্যাসৰ সম্ৰাট ৰজনীকান্ত বৰদলৈৰ 'তাম্ৰেশ্বৰী মন্দিৰ' নামৰ উপন্যাসত তাম্ৰেশ্বৰী অথবা কেঁচাইখাঁতী পূজাৰ বিশদ বিৱৰণ পোৱা যায়৷ শদিয়া আছিল পুৰণি অসমৰ তান্ত্ৰিক ধাৰাটোৰ পীঠস্থান৷
শদিয়াৰ সৰ্পস্তম্ভও ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ সম্পদ৷ আহোম ৰাজবিষয়া এজনৰ ঘোষণা এটা লিপিবদ্ধ কৰিবলৈ ব্যৱহৃত হৈছিল সেই স্তম্ভটো৷ ব্ৰিটিছ সামৰিক বিষয়া কৰ্ণেল এল. ডব্লিউ. ছেইক্সপীয়েৰৰ নেতৃত্বত কমাণ্ডেণ্ট মেজৰ ক্লোট আৰু আমেৰিকান মিছনেৰী সদস্য জেকমেনে এদিন হাতীৰে যাওঁতে শদিয়াৰ দেওপানী নৈৰ সোঁপাৰৰ পানী যুঁৱলিত স্তম্ভটো আৱিষ্কাৰ কৰিছিল৷ সেয়া ১৯১৯-২০চনৰ ভিতৰৰ কথা৷ ফণা মেলি থকা ফেঁটীসাপ এডালে স্তম্ভটোক মেৰিয়াই ৰাখিছে বাবেই ইয়াৰ নাম সৰ্পস্তম্ভ৷ সাপডালে পাত্ৰ এটা মুখেৰে ধৰি থকাৰ দৃশ্য স্তম্ভটোৰ গাত খোদাই কৰা হৈছে৷ স্তম্ভটোৰ গুৰিটো বৰ্গাকাৰ৷ ওপৰলৈ ক্ৰমাৎ সৰু৷ ষষ্ঠকোণীয়া স্তম্ভটোৰ উচ্চতা ২.২৮মিটাৰ৷ গাত টাই আহোমসকলৰ লিপিও খোদিত আছে৷
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই সেই লিপিৰ পাঠোদ্ধাৰ কৰিছিল৷ পিছলৈ ৰায়চাহাব গোপাল চন্দ্ৰ বৰুৱায়ো একে ধৰণেই পাঠোদ্ধাৰ কৰিছিল৷ স্তম্ভটোত লিখা আছিল... মই দিহিঙীয়া বৰগোহাঁয়ে শিলৰ খুঁটাৰ গাত আৰু তামৰ ফলিত এই বুলি লিখাওঁ যে মিছিমিবোৰে দিবাং নদীৰ ওচৰত থকা পৰ্বতৰ ওপৰত ল'ৰা-তিৰোতা আৰু লগৰীয়াসকলক লৈ সদায় বসতি কৰিব৷ সিহঁতে বছৰি চাৰি-পাঁচবিধ অন্যান্য বস্তুৰ লগত কৰ শোধাব আৰু শদিয়াখোৱা গোহাঁইক ৰক্ষা কৰি থাকিব৷ যদি কোনোৱে এই ঠাই অধিকাৰ কৰে আৰু পৰ্বতৰ চাৰিওমেৰে বসতি কৰিব খোজে তেন্তে মই তেওঁক সেই কাম কৰিবলৈ নিষেধ কৰোঁ আৰু যদিহে কোনোৱে পৰ্বতৰ দাঁতিত বাস কৰে তেন্তে তেওঁ নিশ্চয় মিছিমিৰ দাস হ'ব লাগিব৷ মই ইয়াকো ঘোষণা কৰোঁ যেন এই ঠাইৰ আন কোনো শাসনকৰ্তাই মিছিমিবিলাকৰ লগত কৰা এই চুক্তি ভংগ নকৰে নাইবা শিলৰ খুঁটাটো ভগ্ন নকৰায়৷
শিলাস্তম্ভটোৰ নিৰ্মাণৰ প্ৰকৃত সময় আৰু নিৰ্মাণৰ্কতাক লৈও বাদানুবাদ নথকা নহয়৷ স্তম্ভটো দেওপানী নৈৰ পাৰত ১৬০০চনত নিৰ্মিত হৈছিল বুলি ঠাৱৰ কৰা হৈছে যদিও বুৰঞ্জীবিদসকলৰ মাজৰে কোনোৰ মতে ১৫৩২চনত, কোনোৰ মতে ১৫৬২চনতহে সজা হৈছিল৷ খেনোৰ মতে নিৰ্মাতা শদিয়াখোৱা লপাই গোহাঁই, খেনোৰ মতে মিছিমিসকল, খেনোৰ মতে চুতীয়াসকল৷ টাই লিপি খোদিত কৰা ব্যক্তিজনৰ নাম থাওমুং বানলুং ওৰফে কেওথুন থাওমুংমুংক্লাং দিহিঙীয়া বৰগোহাঁই বুলিও উল্লেখ পোৱা যায়৷ ১৯৫১-৫২চনমানত সৰ্পস্তম্ভটো শদিয়াৰ পৰা গুৱাহাটীৰ অসম ৰাজ্যিক সংগ্ৰহালয়লৈ লৈ যোৱা হয়৷
সাংস্কৃতিক, ঐতিহাসিক, প্ৰত্নতাত্ত্বিক দৃষ্টিকোণৰ পৰা এনে কীৰ্তিচিহ্নসমূহৰ সু-সংৰক্ষণ আৰু স্থানবিশেষৰ উন্নয়নৰ জৰিয়তে শদিয়াক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পূৰ্ণ সম্ভাৱনা নিশ্চয় আছে৷ ইতিহাসপ্ৰসিদ্ধ শদিয়া বৰ্তমান অসম-অৰুণাচলৰ সীমামূৰীয়া তিনিচুকীয়া জিলাৰ অন্তৰ্গত এটা মহকুমা৷ এই মহকুমাই এফালে লোহিত নৈখন চুই আছে৷ তিনিচুকীয়াৰ ফালৰ পৰা শদিয়ালৈ আহ-যাহ কৰিবৰ হ’লে ফেৰী বা মেছিন নাৱত উঠি লোহিত পাৰ হ’ব লগা হয়৷ আলিবাটৰ অৱস্থা শোচনীয় বুলি শুনিছোঁ৷ বানপানীয়ে আজিও শদিয়াক বহিৰ্জগতৰ পৰা বিচ্ছিন্ন কৰি ৰাখে৷ সংবাদ মাধ্যমৰ জৰিয়তে সেই বিষয়ে অৱগত হৈ আহিছোঁ৷ লোহিতৰ ওপৰত দলং নিৰ্মাণৰ বাবে দীৰ্ঘ সময় ধৰি দাবী উত্থাপন কৰি অহা হৈছিল৷ তাৰে ফলস্বৰূপে শদিয়া আৰু ধলাৰ মাজত ভাৰতৰ দীৰ্ঘতম দলংখন নিৰ্মাণ হৈ আছে৷ শদিয়াবাসীৰ বাবে সেইখনক নিশ্চয় 'স্বপ্নৰ দলং' আখ্যা দিব পাৰি৷
শদিয়া আচলতে বিভিন্ন আৰু বিচিত্ৰ জনগোষ্ঠীয় মানুহৰ বাসভূমি৷ আহোমে শদিয়া অধিকাৰ কৰাৰ পিছত আহোমৰ ৰাজধানী গড়গাঁৱৰ পৰা মানুহ আনি শদিয়াত প্ৰতিষ্ঠা কৰা হৈছিল বুলি বুৰঞ্জীত উল্লেখ আছে৷ আনহাতে শদিয়াৰ পৰা ভালেমান ব্ৰাহ্মণ আৰু কমাৰ লোক গড়গাঁৱলৈ লৈ যোৱা হৈছিল৷ শদিয়ালৈ লোক-প্ৰব্ৰজন সেই কালৰে পৰাই চলি আহিছে৷ মহকুমাটোত বুজনসংখ্যক নেপালী লোকো আছে৷ তাৰে কেইজনমান প্ৰতিনিধিক আমি অৰুণাচলৰ স্থানবিশেষে কৰ্মৰত অৱস্থাত আগতেই পাই আহিছোঁ৷ শদিয়াৰ মানুহে নিজৰ ভিতৰতে বিয়া-বাৰু কৰাই ইয়াত এখন নতুন সমাজ গঢ়ি তুলিছে৷ বাহিৰৰ মলিনতাই তাক কলুষিত কৰিব পৰা নাই৷ চাকৰি, খেতি-বাতি, ব্যৱসায়ৰে ইয়াৰ মানুহে জীৱিকা মোকলাইছে৷ শদিয়াৰ প্ৰকৃতি যিমান সুন্দৰ হৈ আছে সেই সুন্দৰ আৰু শান্ত-সমাহিত প্ৰকৃতিৰ কোলাত বসতি কৰা মানুহবোৰো ঠিক সিমানেই সুন্দৰ৷ শদিয়াৰ দৰে অসমৰ কলীয়াপানী সদৃশ একোণৰ পৰা ওলাই গৈ বিভিন্ন ক্ষেত্ৰত সুনাম অৰ্জন কৰা আৰু গৌৰৱ কঢ়িয়াই অনাটো কম ডাঙৰ কথা নহয়৷ অসমীয়া মহাজাতিৰ অন্যতম নায়ক ডক্টৰ ভূপেন হাজৰিকাৰ জন্মভূমি শদিয়াৰ পদধূলাৰে ধন্য হৈ মোৰো নিজকে আজি গৰ্বিত যেন লাগিছে৷ জ্যোতিৰ জেউতি আৰু ৰাভাৰ আভাৰে প্ৰোজ্জ্বল হ'বলৈ মহাযাত্ৰাৰ পানচৈখন ইয়াৰ পৰাইতো মেলি দিছিল গীতৰ সদাগৰজনে৷

শদিয়া গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডাৰী স্কুল পালোঁহি৷ প্ৰতিষ্ঠা ১৯০৫চনত৷ শতবৰ্ষ গৰকি যোৱা শিক্ষানুষ্ঠানখনৰ সমীপতে ৰাষ্ট্ৰীয় মাৰ্গৰ দাঁতিত গছৰ ছাঁত গাড়ী ৰখাই আমি নামিলোঁ৷ ন-শদিয়াৰ ৰূপম ৰুণ গগৈক কেনেবাকৈ পাওঁ নেকি, তাৰে চেষ্টা এটা চলোৱা হ’ল৷ দুই-এজনক সুধিলোঁও৷ পিছে দুৰ্ভাগ্য, যোগাযোগ সম্ভৱ নহ’ল৷ জোনাইৰ ফালে মিচিং মানুহ এঘৰতহে ফোনকলটো ৰিচিভ কৰিলে! ডিফুৰ গড়কাপ্তানী কল'নীত আমাৰে গাতে গা লগা চৰকাৰী আৱাসত থাকি একে বায়ু-পানী সেৱন কৰি জন্মৰে পৰা ডাঙৰ-দীঘল হোৱা ডাঙৰ ভনী ছাহনাজ বিবাহ-সূত্ৰে শদিয়াত থাকে৷ তাইৰ নম্বৰটোও লগত আছিল৷ সিও কামত নিদিয়া হ’ল! গুৱাহাটীলৈ ফোন কৰি ককায়েকৰ পৰা তাইৰ স্বামী ছাজিদৰ নম্বৰটো পালোঁ৷ সিফালৰ পৰাও শদিয়াত মোৰ আচম্বিত উপস্থিতি সিহঁতক জনাই দিয়া হৈছিল৷ যোগাযোগ কৰাৰ অলপ পিছত মটৰ চাইকেল লৈ ছাজিদ আহি ওলাল৷ আমাক নি নিজৰ কোৱাৰ্টাৰ পোৱালেগৈ৷
নজনাকৈয়ে আমি মিলন নগৰত থকা সিহঁতৰ বাসভৱনৰ তেনেই ওচৰতে ৰৈ আছিলোঁ! পিছত গম পাই কথাটো বৰ আচৰিত যেনেই লাগিল৷ আচলতে ভাগ্যত মিলন লিখা আছিল৷ আগতীয়া কোনো খবৰ-খাতি নিদিয়াকৈ হঠাতে তেনেকৈ দৰ্শন দিয়াত সিহঁতহাল আচৰিত নহৈ নোৱাৰিলে৷ ঘৰুৱা পৰিৱেশত আটায়ে বহি চাহ-তাহ খালোঁ৷ অন্তৰংগতাৰে অলপপৰ মেল মৰাও হ’ল৷ পুৰণি কথা খান্দি থকাৰ মাজতে তাতে ভাত খাই যোৱাৰ প্ৰস্তাৱ আহিছিল৷ পিছে সসন্মানে প্ৰত্যাখ্যান কৰিবলগীয়া হ'ল৷ কাৰণ ঘাটৰ মাছ-ভাত সাঁজৰ স্বপ্নত অনিলদাৰ উচপিচনি আৰম্ভ হৈ গৈছে৷ তাৰ বাবে পেটত ঠাই খালী ৰাখিবলৈকে আলহীক দিয়া খাদ্যবস্তু নাম-মাত্ৰ চুলেহে৷ মই হ’লে কেইবাটাও ৰসগোল্লা টপাটপ গিলি পেলালোঁ৷ শদিয়াৰ মিঠাই বৰ ভাল লাগিল৷ বাটত খাবলৈ সিহঁতে আমাক পেৰা এগালমান দি পঠালে৷ ৰ’য়িঙৰ চাল্লি লে’কত কালি গছ বগাই গোটোৱা আমলখিৰ মস্ত টোপোলাটো আহিবৰ পৰত ডাঙৰ ভনীৰ হাতত তুলি দিলোঁ, 'হুঁ, এইটোকে ল' বুলি৷ আকৌ কেতিয়াবা অহাৰ আশাৰে সিহঁতৰ পৰা বিদায় মাগিলোঁ৷
পৰৱৰ্তী লেখা :
৬. শদিয়া-ছৈখোৱা পাৰঘাট

No comments:
Post a Comment