Tuesday, 22 September 2015

আপুনিও মবাইল এডিক্টেড 
হৈ পৰিছে নেকি?



এই ধৰক আপুনি আৰু মই৷ আৰু কোনো নাই মাজত৷ মুখামুখিকৈ বহিছোঁ৷ প্ৰত্যক্ষ সাহচৰ্য বা উষ্ম সান্নিধ্য যাক একে আষাৰে বুলিব পাৰি৷ আপুনি মোতকৈ বয়সত ডাঙৰ বা সৰু বা সমান৷ মই আপোনাৰ অভিজ্ঞতাৰ পৰা জীৱনৰ বাবে কিবা এটা শিকাৰ তালত আছোঁ৷ মই আপোনাৰ উদ্যমতাৰ পৰা শক্তি আহৰণ কৰাৰ প্ৰয়াস কৰিছোঁ৷ বহুদিনৰ মূৰত লগ পাই মই আপোনাৰ সৈতে নতুন কিবা আদান-প্ৰদানৰ চেষ্টা চলাইছোঁ৷ সাৰুৱা কথা-বতৰা বৰ্তি আছে আমাৰ মাজত৷ বিষয়ৰ পৰা বিষয়ান্তৰলৈ গতি কৰিছে আমাৰ আলোচনাই৷ মনটো ভাল লাগি গৈছে৷ 

তেনেকুৱাতে টিং-টাং-টুং-টুং... বাজিল আপোনাৰ ম’বাইল ফোন৷

মই ম’বাইলৰ ভক্ত বা বহতীয়া নহওঁ৷ মোৰ সিবিধ নাই৷ থাকিলেও চুইচ অফ৷ বা বাজিলেও যাৰেই নহওক কিয়, এতিয়া নধৰাৰ সিদ্ধান্তত অটল৷ কাৰণ মই যন্ত্ৰক নহয়, আপোনাক, অৰ্থাৎ মুখৰ আগত পোৱা আপুনি মানুহজনক সন্মান জনাইছোঁ, আপোনাৰ উপস্থিতি আৰু বহুমূলীয়া কথাখিনিক গুৰুত্ব দিছোঁ৷

আপুনি ম’বাইলৰ ভক্ত৷ আপুনি এই যন্ত্ৰবিধৰ প্ৰতি যথেষ্ট শ্ৰদ্ধাশীল দেখিছোঁ৷ নৱজাতকৰ দৰেই হাতৰ মুঠিত মৰমেৰে লৈ ঘূৰাই-পকাই আছে সেইটো বা টেবুলখনৰ ওপৰতে আলফুলে থৈ দিছে৷ মোক গুৰুত্ব দি কথা পাতি আছে ঠিকেই, কিন্তু মাজে মাজে সেইপিনলৈ চাৱনি নিক্ষেপ কৰিও নথকা নহয়৷ মই গম পাইছোঁ, ঘনে পতি ম’বাইলটোলৈ চাই থকা আপোনাৰ সেই 'ম’বাইল মেনীয়া' নামৰ মহামাৰীবিধ ইতিমধ্যে লাগি গৈছে৷

আপোনাৰ মনোযোগ ফালৰি কাটি যোৱা দেখি পেটে পেটে মোৰ অসন্তুষ্টি নজন্মাকৈ থকা নাই৷ তথাপি, গভীৰতাত অৱগাহন কৰি আপোনাৰ কথাবোৰ একান্তমনে শুনি আছোঁ৷ প্ৰবল অনুসন্ধিৎসাৰে প্ৰশ্ন কিছুমান সুধি আছোঁ৷ জানিবৰ চেষ্টা কৰি আছোঁ আপোনাৰ পৰা৷ নিজেও যিখিনি পাৰোঁ কৈ আছোঁ৷ জ্ঞানগৰ্ভ এটা পৰিৱেশ আহি গৈছে আমাৰ মাজত৷

টিং-টাং-টুং-টুং...৷ আকৌ ডিষ্টাৰ্ব৷ আপুনি কথা ৰখালে৷ সুন্দৰ পৰিৱেশটোত হঠাতে তেনেকৈ ব্যাঘাত জন্মাত আপোনাৰ ম’বাইলটোলৈ মনে মনে মোৰ খং এটা নুঠা নহয়৷ পৰা হ’লে থেকেচিয়ে দিলোঁহেঁতেন যেন! কিন্তু তেনেকৈ নোৱাৰি নহয়৷ গতিকে একো নকৈ ভদ্ৰভাৱেই সহ্য কৰি আছোঁ৷ সেয়া আপোনাৰ ব্যক্তিগত যন্ত্ৰ, ব্যক্তিগত বাৰ্তা বুলি মানি লৈছোঁ৷

সিমানখিনিলৈকে ঠিকেই আছিল৷ এইবাৰ আপুনি মোলৈ চাই কিবা এক ইংগিত দিলে৷ চকীৰ পৰা উঠিল৷ ৰিচিভ বুটামটো টিপি কলটো ল’লে৷ সিফালৰ পৰা শুনা কথাখিনিয়ে আপোনাৰ চিন্তাটোক আধাতে কবৰ দি দিলে! আপোনাৰ মনটো মোৰ মনৰ পৰা আঁতৰাই ক'ৰবালৈ লৈ গ’ল৷ নেদেখা জেগাৰ পৰা হঠাতে কাৰনো মাত এটা আহি ওলাল, সেইটোহে বেছি গুৰুত্বপূৰ্ণ হৈ পৰিল! আমি ইমানপৰে কৰি থকা আলোচনাখিনিৰো তেতিয়াই আঁত হেৰাল৷ পৰিৱেশটোতো আউল লাগিল৷ মুহূৰ্ততে স্তব্ধ হৈ গ'ল উৎকৰ্ষমূলক সকলো ভাবনা, কল্পনা, পৰিকল্পনা৷

ম’বাইলক সঁহাৰি জনাই সিমানতে আপুনি ওলাই যাবলগীয়া হ’ল৷ মই আপোনাৰ সাহচৰ্য হেৰুৱালোঁ৷ মোখনিৰ অভাৱত আমাৰ অন্তৰংগ আলাপখিনি তেনেকৈয়ে ওলমি থাকিল৷ ইমানপৰে ব্যয় কৰা সময়খিনি অবাবত আৰু অযথা খৰচ কৰাৰ লেখীয়া হৈ পৰিল৷ মুঠতে আল্টিমেট জিৰ’৷ দুয়ো মিলি মস্ত শূন্য এটা পালোঁ৷

এই ফোনকলটো আহিয়ে সব পণ্ড কৰি দিলে৷ আপোনাৰ কেনেকুৱা নাজানো, মোৰ এনে লাগিল যেন আমি কথাবোৰ ইমান গভীৰভাৱে নপতাই ভাল আছিল নেকি! অদৰকাৰী বাৰে-বিংকৰা অগ্ৰং-বগ্ৰং মুখৰোচক কথাৰে এনেয়ে টাইম পাছ কৰি থকাই ভাল আছিল! গলগ্ৰহৰূপী ম'বাইলটোলৈ বীতশ্ৰদ্ধ হৈ গুজৰি-গুমৰি ৰ'লোঁ মই৷

তাৰ পিছৰে পৰা মই আগতীয়াকৈ চাই লোৱা হ'লোঁ, আপুনি হাতৰ মুঠিত জিনিচটো লৈ আহিছে নেকি, ঘূৰাই-পকাই আছে নেকি, ক্ষণে ক্ষণে তালৈ চাই আছে নেকি, মাজে মাজে চাৰ্টটোত বা পেণ্টটোত স্ক্ৰীণখন মোহাৰি আছে নেকি৷ আপুনি আপোনাৰ সেই স্বাভিমানী সম্পদ(!)বিধৰ বহতীয়া হৈ পৰিছে নেকি, আগতেই হিচাপ কৰি উলিয়াই লওঁ৷ যদিহে সি আপোনাক নিয়ন্ত্ৰণ কৰিছে, যদিহে আপুনি তাক নিয়ন্ত্ৰণ কৰিব পৰা নাই, তেনেহ’লে মন থাকিলেও মিছাতে একো প্ৰসংগই তৰি নলওঁ৷ যন্ত্ৰটোতে ব্যস্ত হৈ থাকিবলৈ আৰামছে এৰি দিওঁ আপোনাক৷ কাৰণ আপুনি, আপোনাৰ হাত, কাণ, চকু, মুখ, জিভা, মন, মগজু আদি ইতিমধ্যে ম’বাইল এডিক্টেডযে!

No comments:

Post a Comment