Saturday, 19 September 2015

বাইল ফোন নথকাৰ আনন্দ



এতিয়া হাতে হাতে মবাইল৷ এতিয়া কাণে কাণে মবাইল৷ চাপ্ৰাচীৰ পৰা উচ্চপদস্থ বিষয়ালৈ, মাটিত থৈলা পাৰি বহা পোহাৰীৰ পৰা উদ্যোগপতিলৈ, বেজী চোৰৰ পৰা মিনিষ্টাৰলৈ কাৰ নাই চেলফোন, স্মাৰ্টফোন? টিউচনৰ পৰা আহি থকা ছোৱালীজনীক সদায় দেখো, কান্ধত বেগ আৰু এহাতত যদি ছাতি, আনখন হাতত মস্ত মবাইলটো৷ খোজ কেনি পৰিছে টলকিবই পৰা নাই বেচেৰীয়ে৷ ফোনত ব্যস্ত৷ বাইকৰ পিছফালে টিংটোত বহি যোৱা ডেকাটিৰো হাতৰ বুঢ়া আঙুলিয়ে কাণৰ লতি চুয়েই থাকে৷ কথা ওলাই গৈ আছে অনৰ্গল৷ আই-টেনখন চলাই যোৱাজনৰো অৱস্থা একেটাই৷ সোঁহাতৰ মুঠিটো গালত, বাওঁহাত ষ্টিয়েৰিঙত৷ আইনাৰ ভিতৰত শব্দৰ পাকঘূৰণি৷ জাবৰ কঢ়িয়াবলৈ অহা টাউন কমিটিৰ চুইপাৰকেইটায়ো বেলচা মাৰিবলৈ এৰি মাজে মাজে এখন হাত কাণলৈ তোলে৷ মুঠতে এতিয়া হাতে হাতে মবাইল, কাণে কাণে মবাইল৷ চেলফোন, স্মাৰ্টফোন৷ অগ্ৰাহ্য কৰিবলৈ টান হৈ পৰা, সময়-অসময়ৰ প্ৰশ্ন নোহোৱাকৈ কথা পাতিবলৈ বাধ্য কৰোৱা এটা যন্ত্ৰ৷

১৮৭৬চনৰ মাৰ্চ মাহৰ ১০ তাৰিখ৷ আলেকজেণ্ডাৰ গ্ৰাহাম বেল বোলা টেলিফোন আৱিষ্কৰ্তাজনেই প্ৰথমে মুখ খুলিছিল Mr. Watson, come here, I want to see you. বাক্যটিৰে৷ সহায়ক টমাচ আগষ্টাচ ৱাটচনে গোটেইকেইটা শব্দ পৰিষ্কাৰকৈ শুনা পালত জন্ম লভিলে কথা কোৱা যন্ত্ৰ৷ পিটচবাৰ্গৰ চেণ্ট্ৰেল ডিষ্ট্ৰিক্ট এণ্ড প্ৰিণ্টিং টেলিগ্ৰাফ কম্পেনীৰ প্ৰেচিডেণ্ট টি. বি. এ. ডেভিদলৈ টমাচ এডিচনে লিখিছিল Friend David, I do not think we shall need a call bell as Hello! can be heard 10 to 20 feet away. বুলি৷ তেনেকৈয়ে ১৮৭৭চনত আগমন ঘটিল Hello বোলা টেলিফোনিক সম্ভাষণৰ বিশ্বজনীন শব্দটোৰ৷ জাতি, ধৰ্ম, ভাষা, বৰ্ণ, সম্প্ৰদায়, সম্পৰ্ক, অৱস্থিতি, পৰিস্থিতি নিৰ্বিশেষে পূব-পশ্চিম-উত্তৰ-দক্ষিণ যেনিয়ে তেনিয়ে কাণে কাণে ইংৰাজী ভাষাৰ সেই শব্দটোৰ আজি সৰ্বব্যাপী পয়োভৰ৷ পৰিহাৰ কৰিব নোৱাৰা এটা শব্দ৷

সৃষ্টিকৰ্তাৰ ডিজাইনমতে মানুহ নামৰ জন্তুবিধৰ কাণ দুখন, মুখ এখন৷ গূঢ়াৰ্থটো বোলে, শুনিব লাগে বেছি, কব লাগে কম৷ পিছে বেলৰ সেই কথা কোৱা যন্ত্ৰটি টেবুলৰ ওপৰৰ পৰা গৈ সংস্কাৰিত ৰূপ ধৰি কালক্রমত পকেটে পকেটে সোমাই অপৰিহাৰ্য হৈ পৰাৰ পিছত এতিয়া মানুহে তাক এৰে কেনেকৈ? এটা হেল্লৰেই প্ৰতিজন উপভোক্তাই সূচনা কৰি পেলায় কথন প্ৰক্রিয়া৷ মুখৰ কামেই সৰহ৷ গতিকে যেতিয়াই তেতিয়াই মুখ মেলিবলৈও উন্মুখ৷ ইচ্ছা থাকক নাথাকক, বাধ্যত পৰি নিতৌ আগতকৈ বহু বেছি বলকিবলগীয়া হৈছে এতিয়া৷ ফলত কথাৰ পৰিমাণ বেছি হৈছে, কামতো ব্যাঘাত নঘটাকৈ থকা নাই৷

১৯৭৫চনৰ ২৫জুন৷ ৰাজনৈতিক অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশত জৰুৰী অৱস্থা ঘোষণা কৰিলে৷ ১৯৭৭চনৰ ২১মাৰ্চ পৰ্যন্ত বাহাল থাকিল সেই ঘোষণা৷ আমি তেতিয়া স্কুলীয়া সৰু লৰা৷ আন কথা নুবুজিলেও সঞ্জয় গান্ধীয়ে জনপ্ৰিয় কৰা Kaam zyada, baatein kum শ্লগানটো শুনিবলৈ পাইছিলোঁ৷ ইংৰাজীত তাকে কৈছিল work more, talk less৷ তাকে লৈ খুচৱন্ত সিঙেও এঠাইত লিখিছিল, ভাৰতীয়ই সপ্তাহটোৰ ৩ দিন কাম কৰে৷ আনহাতে চীনাসকলে কাম কৰে সপ্তাহত ৮ দিন৷’ কথাচহকী মানুহৰ পাল্লাত পৰি শ্ল'গানেও ৰূপ সলালে৷ হলগৈ talk more, work less৷ ক্ষণে ক্ষণে উপৰ্যুপৰি ফোন বাজে, নধৰি উপায় নাই৷ চুইচ অফ কৰিলেও বোলে শিষ্টাচাৰ নাজানে!

আমাৰ মুলুকত আজিকালি এনেয়েও আচল কামতকৈ কথা কৈ, ফাকি মাৰি ভাল পোৱা কামচোৰ মানুহৰ সংখ্যাটো বাঢ়িছে৷ মবাইল নামৰ এই যন্ত্ৰৰে আকৌ ফাকি মাৰিবলৈও ভালহে৷ আছে যদি পূবত, কব পশ্চিমত৷ কোনেনো চাই আছে? বেলেন্স নাই বুলি হাত সাৰিবও পাৰি৷ মাতিবৰ মন নাথাকিলে আস্তেকৈ মবাইলটো উলিয়াই ললেই হয়৷ সেইটোকে টিপি-পিটিকি, কথা পতা দেখুৱাই বা স্ক্ৰীণত কিবা চোৱাৰ নাটক কৰি পাৰ হৈ যাব পাৰি৷ সচৰাচৰ দেখি থকা কথা৷ এটা বিৰাট সুবিধা৷

ভগা হওক, ছিগা হওক, সাতোটা দাঁত সৰি পৰা কাণ ফুচফুচ এভাগি হওঁতে মোৰো আছিল৷ শিষ্টাচাৰ ভংগ হয়, যি হয় হওক যাঃ বুলি এদিন স্বইচ্ছাই চুইচ অফ কৰি দিলোঁ৷ পৃষ্ঠপটত অৱশ্যে কাহিনী অকণমানো নথকা নহয়৷ অৰুণাচলৰ দুৰ্গম পাহাৰৰ ভিতৰত মবাইলৰ নেটৱৰ্ক দৰবত দিবলৈও নাই৷ হেণ্ডছেট যিমান বাহাদুৰী মৰাকৈ দামী বা দেখনিয়াৰ নহওক কিয়, থকা-নথকা একে কথা৷ নতুন কথা এটা আৱিষ্কাৰ হৈ গ'ল সেই তেতিয়াই৷ এই যন্ত্ৰ নাথাকিলে কিমান সুখ তাক বুজিলোঁ৷ দৰাচলতে তেনেকুৱা স্থানলৈ গলেহে কথাটো গভীৰভাৱে অনুভৱ কৰা যায়৷ সেই অনিত্য সুখ উপভোগ কৰি ধন্য হলোঁ৷ ভ্ৰমণ সামৰি ঘূৰি অহাৰ পিছতো সুখকণে লোভ লগাই ৰ'ল৷ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব বিচাৰি জুন মাহৰ ১ তাৰিখে ইচ্ছাকৃতভাৱে দিলোঁ চুইচ অফ কৰি৷ আজি পৰ্যন্ত চুইচ অফ৷ সগৌৰৱে ১১১ দিনত ভৰি দিছেহি৷ উঃ! কিমানযে শান্তি এই মবাইল ফোনৰ অবিহনে! আপোনমনে কি কিযে কৰি থাকিব পৰা যায় ইয়াৰ অবিহনে! বিৰাট মস্তি৷

এজনে ইনবক্সতে সুধিলে বোলে আঢ়ৈ মাহ হৈ গল, ৰিং মাৰোঁ, সদায় চুইচ অফ, চুইচ অফ৷ কি কথা? একেদৰে, ফোন বন্ধ পাই চিন্তিত হৈ ১০০ কিল'মিটাৰ দূৰৰ পৰা গাড়ী দৌৰাই ঘৰ ওলালহি অভিন্নহৃদয় দুই-এক৷ মবাইল চুইচ অফ মানে কি হব পাৰে? হয় বেমাৰ, নহলে সিপুৰী৷ পিছে এটাও নহয়৷ ফোন-চোন কৰবাতে বিসৰ্জন দি সম্পূৰ্ণ সুস্বাস্থ্য আৰু আনন্দ মনেৰে অমুকা সোঁশৰীৰে বিৰাজমান নিজৰ কৰ্মস্থলীৰ টেবুলত৷ একান্তমনে আৰু হেঁপাহ পলুৱাই লিখি আছোঁ অৰুণোদয়ৰ বাট বিচাৰি উত্তৰ-পূবৰ অন্তিম পূবলৈ যোৱা ভ্ৰমণ কাহিনী৷ তৃতীয়বাৰৰ বাবে যাত্ৰাটোৰ আনন্দ লৈ আছোঁ৷ কোনেও ডিষ্টাৰ্ব কৰাটো তিলমানো বিচৰা নাই৷ স্বাধীনচিতীয়া মনে মবাইলৰ বহতীয়া কেতিয়াও হব নোখোজে৷

পিছে কি হব? শান্তিত থাকিবলৈ দিলেহে! ৰাইজৰ দাবী৷ দাবীত পৰি বিশ্বকৰ্মা পূজাৰ দিনটোতে চুইচ অন কৰা হব বুলি ঘোষণা এটা দি দিলোঁ৷ কাৰ্যতঃ কিন্তু নুখুলিলোঁ৷ সুখকণ এৰিবৰ মনেই যোৱা নাই দেখোন! কিমান টানিব পাৰিম নাজানো৷ কাণে কাণে কওঁ, মবাইল ফোন নথকাৰ আনন্দই বেলেগ বুইছে? বিশ্বাস নকৰে যদি প্ৰেক্টিকেল কৰি চাওক, নিজেই গম পাই যাব৷ পিছে অনুকৰণ কৰিবলৈ গৈ কিবা বিঘিনি ঘটিলে আমাৰ দায় নাই আকৌ দেই৷ সেইটোও আগতীয়াকৈ কৈ থলোঁ৷

No comments:

Post a Comment