অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন আঠ ৷৷ দিনাংক ১৭.৪.২০১৫
৪. 'অৰণ্য মানৱ' যাদৱ পায়েঙৰ 'মুলাই কাঠনি' চালোঁ
'যাদৱ পায়েঙৰ তাত সোমাই যাব পাৰি৷' আহি থাকোঁতেই কথাষাৰ উলিয়ালে সঞ্জুৱে৷ টীয়ক পাৰ হৈ আহিছোঁ৷ যোৰহাটলৈ কিছু আছে৷ 'ভাল কথা ক'লে দেই৷' লগে লগে আটাইৰে সমৰ্থন৷ এই মানুহজন মাত্ৰ কেইদিনমানৰ আগেয়ে ডিফুলৈ গৈছিল৷ তাৰালাংছ'ৰ সম্বৰ্ধনা সভাখনত সঞ্জুৱে লগ পাইছিল৷ গতিকে বিশেষ ভাবিবলগীয়া নাই৷ 'পিছে আছেবা নাই আকৌ? সেইটোহে ডাঙৰ কথা৷' সঞ্জুৱে ফোন কৰি চালে৷ খবৰ আহিল যে মানুহজন ঘৰতে আছে৷ উৎসাহবোৰ আমাৰ বুকুৱে বুকুৱে উভৈনদী হৈ পৰিল৷
কলীয়াপানীত নেছনেল হাইৱে'ৰ দাঁতিত অৱস্থিত 'মাইহাং ধাবা'৷ তাতে দিনৰ ভাতকেইটা মোকলোৱা হ'ল৷ এই ভ্ৰমণৰ এইসাঁজেই লাষ্ট৷ নিশাৰ ভাগি ঘৰত মিলিব৷ ভাত খাই উঠিয়ে আমি ‘মুলাই কাঠনি’ৰ সন্ধানত নামি পৰিলোঁ৷ তাৰ আগতে দুই-একৰ পৰা বাটৰ শুদ্ধ বৰ্ণনা লৈ ল'লোঁ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট বাইপাচ এৰি ককিলামুখৰ বাটে সোঁহাতে সোমাই এসময়ত ব্ৰহ্মপুত্ৰৰ মথাউৰিত উঠিলোঁগৈ৷ ধূলি উৰুৱাই আগ বাঢ়িল আমাৰ স্কৰপিঅ’খন৷ মিচিং মানুহ এঘৰৰ পিছফালেৰে যোৱা কেঁচা উপপথটোৰে ধেনুভিৰীয়াকৈ পাক মাৰি ঘূৰি পুনৰ মথাউৰি৷ সৰ্বাইবন্ধাৰ ফালৰ পৰা অহা পকী ৰাস্তাটো সেইখিনিতে ককিলামুখ পাইছেহি৷ ৫ নম্বৰ স্পাৰ৷ ৰাইট টাৰ্ণ লৈ তলৰ ফালে ‘ভাৰতবৰ্ষৰ অৰণ্য মানৱ’জনৰ ঘৰ৷
ঘৰ মানে পৰম্পৰাগত মিচিং আৰ্হিত অৰ্ধনিৰ্মিত, পকী ফ্ৰেমৰ সাধাৰণ এটা চাংঘৰ৷ জপনামুখৰ চাইনব’ৰ্ডখনে নিশ্চিত কৰিলে যে আমি বিচাৰি যোৱা ঘৰটোৱেই হয়৷ ঠিকে-ঠাকে উলিয়াব পাৰিছোঁ৷ ওপৰলৈ উঠি যোৱা খটখটিটোতে গামোচা আৰু হাফ গেঞ্জী পিন্ধি মানুহজন বহি আছিল৷ হাতত এখন আলোচনী৷ দূৰৰ পৰাই চিনি পালোঁ৷ সেইজনেই ভাৰত চৰকাৰৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীকে ধৰি অনেক সম্বৰ্ধনাৰে বিভূষিত যাদৱ পায়েং৷ ঘৰুৱা নামটো মুলাই৷ সঁচা অৰ্থত যি এজন ফৰেষ্টাৰ৷ যাৰ প্ৰকৃতি সংৰক্ষণমূলক একক আৰু বিচিত্ৰ চিন্তা তথা কৰ্মৰ বিষয়ে আজি পৃথিৱীৰ চুক-কোণৰ নিৱাসী বিভিন্নজন মানুহ বাৰুকৈয়ে অৱগত৷ জন্ম যোৰহাটৰ সমীপৱৰ্তী ককিলামুখত, ১৯৬৩ চনত৷
তেতিয়া তেওঁৰ বয়স ১৬ বছৰ৷ চন ১৯৭৯৷ বানপানীৰ কবলত পৰি গছ-গছনি ধ্বংসপ্ৰাপ্ত হোৱাৰ পিছত উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছিল৷ ফলস্বৰূপে বহুসংখ্যক সাপৰ মৃত্যু ঘটিছিল৷ তাকে দেখি চাপৰি এটাত তেওঁ ৰুই দিছিল ২০ জোপা বাঁহগছ৷ সেয়াই আৰম্ভণি৷ গোলাঘাট জিলাৰ সামাজিক বনানীকৰণ বিভাগৰ জৰিয়তে ২০০ হেক্টৰ এলেকাত কৰিবলৈ লোৱা বৃক্ষৰোপণত শ্ৰমিক হিচাপে কাম কৰা মুলাই আঁচনিখনৰ সমাপ্তিত চাপৰিটোতে থাকি গ’ল৷ ৰুই যোৱা গছপুলিখিনিৰ প্ৰতিপালন কৰাৰ উপৰি আৰু অধিক ৰোপণ কৰি বৃক্ষৰ সংখ্যা বঢ়াই গৈ থাকিল তেওঁ৷ দিনে দিনে পৰিৱৰ্তন আহিল পৰিৱেশটোলৈ৷ সেয়াই যাদৱ পায়েঙৰ সঁচা অতীত৷ পায়েঙৰ দ্বাৰা কৃত অৰণ্য সৃষ্টিৰ কথা ২০০৮ চনত অসম চৰকাৰৰ বন বিভাগে পোহৰলৈ আনিছিল৷ তাৰ পাছৰ পৰাই মানুহজন জনাজাত হৈ পৰে৷
দীঘল পদূলিটোৰে সোমাই গ’লোঁ৷ থিয়ৈ থিয়ৈ পৰিচয় বিনিময়৷ মানুহজনৰ হাতত গঢ়ি উঠা কাঠনিখন চাবলৈ তৎমুহূৰ্ততে ব্যগ্ৰতা প্ৰকাশ কৰিলোঁ৷ বিয়লি ২.৩০ বাজি পাৰ হৈছে৷ পায়েঙৰ পত্নী বিনীতাই কুঠাৰ এখনেৰে খৰি ফালি আছে৷ তেওঁলোকৰ সন্তান তিনিটা৷ ২ পুত্ৰ আৰু কন্যা ১৷ সময় গণনা কৰি লগে লগেই আমাক চাপৰিৰ দিশে গতি কৰিবলৈ পৰামৰ্শ দিলে৷ তেহে আন্ধাৰৰ আগে আগে ঘূৰিব পৰা হ’ব৷ অন্ধকাৰ হ’ব লাগিলে অনেক অসুবিধা আছে৷ কালবিলম্ব নকৰি আমিও ততাতৈয়াকৈ আৰম্ভ কৰি দিলোঁ পদচালনা৷ গাইড হিচাপে লগত গ’ল স্থানীয় মানুহ দেবেন দলে৷ ঢকুৱাখনাৰ বকুলগুৰিৰ পৰা অহা মনজিত পাতিৰ ওলাল সহযাত্ৰী হিচাপে৷ ‘প্ৰাকৃতিক ভিক্ষু দল’ নামৰ সংগঠন এটাৰ তেওঁ এজন পৰিৱেশ কৰ্মী৷ ‘অৰণ্য মানৱ’জনৰ সমৰ্থন, পৰামৰ্শ আৰু সংগঠনটোৰ নিজা সামৰ্থৰে নিজৰ অঞ্চলত বৃক্ষৰোপণ আৰু সংৰক্ষণমূলক কাম-কাজ যৎপৰোনাস্তি কৰি গৈছে তেওঁলোকে৷ মিচিং গাঁৱৰ মাজেৰে কথা পাতি পাতি ১ কিল’মিটাৰমান খোজ কাঢ়ি ব্ৰহ্মপুত্ৰৰ সুঁতি এটাৰ পাৰত আমি ৰ’লোঁগৈ৷ যোৰহাটত পঢ়ি থকা দিনত এবাৰ শিৱৰাত্ৰিত চাইকেল লৈ গৰখীয়া দৌল বিচাৰি ওলাইছিলোঁ৷ বাট-পথ চিনি নাপাওঁ৷ মানুহে কোৱামতেই ঘূৰি-পকি আন্ধাৰে-মুন্ধাৰে পেডেল মাৰি মাৰি ভিতৰ ককিলা পাইছিলোঁগৈ৷ পৰুৱাই পোৱা সেই ঘটনাটো চাঁতকৈ মনত পৰিল৷ এজনে তেতিয়া কৈছিল, 'এইপিনে কোনো দৌল নাই৷ তঁহতি ভুল ৰাস্তাৰে আহিলি৷ এইপিনে গৈ থাকিলে ব্ৰহ্মপুত্ৰহে পাবিগৈ!'
ঘাটটোত খৰি, খেৰ, বাঁহ আদি দ’মাই থোৱা দেখা পালোঁ৷ চাপৰিৰ পৰা সেইবোৰ কঢ়িয়াই অনা হৈছে৷ গোটা বাঁহৰ কেইবাটাও মুঠা জাপি সজা মেলেং এখনো আছে৷ পৰিৱহণৰ খৰচ বচাবলৈ মেলেঙীয়ালহঁতে নাব্য নদীৰ ভটিয়নী সােঁতত ভূৰৰ দৰে মেলেং মেলি দি বাঁহবোৰ সহজতে বোৱাই অানে৷ ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি আৰু বৰাক উপত্যকাৰ ভূমিহীন নদীয়াল মানুহৰ সংঘাতময় জীৱনৰ এয়া এটা উপজীৱিকা৷ বসন্ত দাসদাৰ 'মেলেং' উপন্যাসখন পঢ়ি সামৰোঁতেই কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিলৈ গৈ ত্ৰিপুৰা-মিজোৰাম সীমান্তৰ জামপুই হিলছৰ পৰা ওলাই অহা লংগাই নৈখনত মেলেঙত উঠি চোৱাৰ, মেহেৰ আলী, ঈৰ্ছাদ আদি মেলেং-বাইচাহঁতক লগ পোৱাৰ দুৰন্ত ইচ্ছা এটাই টানি নিছিল৷ প্ৰয়াস এটা চলাইছিলোঁও, পিছে ফলৱতী নহ'লোঁগৈ৷ ইয়াত চকুৰ আগত মেলেংখন দেখা পাই প্ৰয়াত ঔপন্যাসিকজনৰ সদাচিনাকি মুখখন আৰু ভাব-ভাষ্যবোৰ স্মৃতিপটত আপোনা-আপুনি মেলেংখনৰ দৰেই ভাহি উঠিল৷ অদূৰত মেচিন নাও এখন আহি আছে৷ এইপাৰে ককিলা, সিপাৰে অৰুণা চাপৰি৷ তাতেই আছে বিখ্যাত ‘মুলাই কাঠনি’৷ কৌতূহলী পৰিব্ৰাজকৰ বাবে যি আজি একপ্ৰকাৰে ৰূপান্তৰিত হৈছে পৰ্যটন থলীলৈ৷ গৱেষকৰো সমল সন্ধানৰ স্থলত পৰিণত হৈছে৷ পায়েঙৰ স্থানীয়ভাৱে প্ৰচলিত নামটোৰেই এই নামৰ সৃষ্টি... মুলাই ফৰেষ্ট৷
এইপাৰলৈ অহা যাত্ৰীসকল নমাত সিপাৰলৈ যাবৰ বাবে সকলোটি উঠিলোঁ৷ দাৰিগ উপাধিৰ ঘাটুৱৈজনে ইঞ্জিন ষ্টাৰ্ট দিলে৷ একে উপাধিৰ সহপাঠী এজন যোৰহাটত পঢ়া কালত হোষ্টেলত আমাৰ লগত আছিল৷ ভাবিৰাম দাৰিগ৷ এতিয়া ক'ত নাজানো৷ দীঘল বাঁহ এডাল হাতত লৈ দলে নামৰ আমাৰ গাইডজন টিঙত থিয় দি থাকিল৷ প্ৰায় ২০টা মিনিটৰ উৎকণ্ঠা৷ মুখত হাঁহি থাকিলেও পেটত সাঁতুৰিব নজনাৰ ভয়৷ তাৰ মাজেৰেই অৰুণা চাপৰিৰ শুভ্ৰ বালিত জোতাৰ চিন ৰাখিলোঁগৈ৷ চাপৰিত চলাচল কৰা ট্ৰেইলাৰ সংযুক্ত ট্ৰেক্তৰখনৰ চালকৰ সৈতে ফোনযোগে ইপাৰৰ পৰাই কথা পাতি পূৰ্বতেই তেওঁক বাহনসহ থিয় কৰাই ৰখা হৈছিল সিপাৰত৷ গৈ পোৱাৰ পিছতে কাঠনি পৰিভ্ৰমণৰ বাবে আমি তাতে উঠি ল’লোঁ৷ অন্যথা খোজ কাঢ়িব লাগিব আৰু সময়ো যথেষ্ট লাগিব৷ ৭ যোগ ৭, ১৪ কিল'মিটাৰ খোজ কঢ়াৰ ভয়ত অনিলদাই পোনতে থেৰোঁ-গেৰোঁ কৰিছিল৷ পিছে ট্ৰেক্তৰ বন্দৱস্তৰ কথা শুনা পাই আগে ভাগে নাৱৰ পীৰিত বহি ল'লেগৈ৷ সেইটোকে লৈ তেওঁক জোকালোঁ অলপপৰ৷
ঘাঁহনি, ঝাও বন, বাঁহৰ আগলি, বিভিন্ন প্ৰজাতিৰ গছ-লতিকাৰ ডাল-পাত মহতিয়াই পুষ্পক সিঙৰ ট্ৰেক্তৰ ঢেৰঢেৰাই আগ বাঢ়িল৷ অৰুণদা আৰু সঞ্জু বহিছে ড্ৰাইভাৰৰ পিছতে, ঠিক ডাঙৰ চকা দুটাৰ ওপৰত থকা ছিটত৷ চালকৰ দুফালে বহি লৈ নাচি নাচি গৈ আছে দুয়ো৷ আমিবোৰ পিছফালে ট্ৰেইলাৰত, হালিজালি৷ অনিলদা, মই, পেটেল, দলে আৰু পাতিৰ৷ ওপৰতে কাঠৰ চকী এখন আছিল৷ অনিলদা তাতে বহিছে৷ বহুত বছৰৰ মূৰত এইবিধ বাহনত উঠিবলৈ পাইছোঁ৷ ল’ৰালিৰ দিনবোৰলৈ মনটো উৰি গৈছে৷ খেদি খেদি উঠিছিলোঁগৈ ট্ৰেক্তৰ, ৰ'ড ৰ'লাৰ, বুল ড'জাৰ, ট্ৰাক আদিত৷ ৰৈ যোৱা সুযোগ এটাহে যেন নিবিচৰাকৈয়ে হাতলৈ আহিছে আজি! পূবৰ এই ভ্ৰমণটোৱে অৱশেষত এই সুখকণো দি মনটো নতুনকৈ ৰঙাই তুলিলে৷
হাঁহি-আনন্দ, মুক্তমনৰ কিৰিলী-চিৎকাৰ আৰু কৌতূহলোদ্দীপক অভিজ্ঞতাৰে যাত্ৰাটো ভাবিব নোৱাৰা ধৰণে ৰোমাঞ্চভৰা আৰু উপভোগ্য হৈ উঠিল৷ ওখোৰা-মোখোৰা পথত ভাৰসাম্য ৰাখিব নোৱাৰি খুন্দা-খুন্দলি খাই নগুৰ-নাগতিও কিছু হ’ল৷ বেলেন্স ৰাখিব নোৱাৰি অনিলদা চকীৰ পৰা পৰিল৷ পেটেলহঁত পিছলৈ বহিছিল৷ থেকেচনিৰ কোবত দেদাউৰি পাৰিব ধৰিলে৷ তাকে লৈ হাঁহিত পেটৰ নাড়ী ডাল ডাল হোৱাৰ উপক্ৰম ঘটিল৷ অনিলদাৰ থেকেচা খোৱা হাতখন পিটিকি পিটিকি ক'লোঁ, 'ৰ'ব, আগত নাৰ্ছিংহোম পালে তাতে সোমাই এক্সৰে' এটা কৰোৱাই ল'ম৷' হাঁহিয়ে সকলো দুখ-বিষ তল পেলালে৷
ঠায়ে ঠায়ে বাটলৈ আগ বাঢ়ি থকা ঠাল-ঠেঙুলিয়ে শৰীৰত কোবাই গ’ল৷ ট্ৰেইলাৰৰ বডীত ধৰি থিয় হৈ আহি আছোঁ৷ হেন্দোলনিত কঁকালত ধৰি যায়৷ মাজে মাজে বহি দিওঁ৷ হাতত ইফালে খোলা অৱস্থাত হেণ্ডিকেমটো৷ আৰম্ভণিৰ পৰা শেষলৈকে সমস্ত যাত্ৰাটোকে ৰেকৰ্ড কৰাৰ মতলব৷ একোবত মূৰত থকা 'ব্ৰাজিল কেপ' জোপোহা গছ এডালৰ ঠানিত লাগি থাকিয়ে আহিল৷ সুপ্ৰিয়দাই আনি দিছিল সেইটো, কানাডাৰ টৰন্তোৰ পৰা৷ টুপী কেতিয়া অন্তৰ্ধান হ'ল ক’বই নোৱাৰোঁ৷ মূৰত বতাহে কোবালতহে খেয়াল হ'ল৷ 'হেই ৰাখক ৰাখক...' লগে লগে পুষ্পক সিঙক চিঞৰিলোঁ, ট্ৰেক্তৰ ৰখাবলৈ৷ ঢেৰঢেৰণিৰ মাজতো বিকটভাৱে মৰা চিঞৰটো তেওঁৰ কাণত সোমালগৈ৷ ব্ৰে'ক মাৰিলে৷ জাঁপ মাৰি নামিলোঁ৷ উভতি দৌৰ মাৰিলোঁ গছত ওলমি ৰোৱা টুপী সৰাবলৈ৷ তেনেকুৱাতে কুকুৰ এটাই ভৌ-ভৌকৰে লেলিহান জিভাখন মেলি হুচ হুচকৈ খেদি আহিল৷ ওপৰৱালাৰ কৃপাত কিবাকৈ বাছিলোঁ যেনিবা৷ এনেয়ে কুকুৰ বুলিলে সাতজাঁপ! ৱালঙৰ আই.বি.ৰ পিছফালে থকা কমলা গছত বগাই কমলা ছিঙা আৰু ৰ'য়িঙৰ চাল্লি লে'কৰ পাৰৰ আমলখিজোপাত উঠি গৈ আমলখি পাৰি অনাৰ পিছত ট্ৰেইলাৰৰ পৰা মৰা এই জাঁপটোও আচলতে চে'ল্ফ টে'ষ্ট যেনেই হ'ল! ফিটনেচ ঠিকে-ঠাকে থকা বুলি চাৰ্টিফিকেট পাই গ'লোঁ হাতে হাতে৷ ডাক্তৰ আৰু দৰবৰ পৰা আঁতৰত থাকি মাজে মাজে এই ধৰণে নিজকে নিজে সক্ষমতাৰ পৰীক্ষাত অৱতীৰ্ণ কৰোৱাই থাকোঁ৷ যোৱা দুবাৰৰ দৰে এইবাৰো ৰিজাল্ট সন্তোষজনক ওলাল৷
হেদালিত ওলমি থকা লাউ, বাঁহৰ জেঙত জিলিকি থকা তিয়ঁহৰ উপৰি বিলাহী, বেঙেনা আদিৰ খেতি আৰু মিচিং মানুহৰ পৰম্পৰাগত চাংঘৰবিলাকৰ মাজে মাজে গৈ আছোঁ৷ কিছুদূৰ যোৱাৰ পিছত লানি নিছিগা সৰু-বৰ গছ-গছনি আৰম্ভ হ’ল৷ তাৰ মাজে মাজে জঁপিয়াই, থেকেচনি খাই ট্ৰেক্তৰ-যাত্ৰা কৰি ৪.০০ বজাত ব্ৰহ্মপুত্ৰৰ পাৰত উপস্থিত হ’লোঁ আমাৰ দলটো৷ সৌভাগ্য বুলিব লাগিব যে পূবৰ মূল উপনৈ লোহিতখন আৰম্ভণিৰ দিনৰে পৰা কালিলৈকে চাই আহি আজি মূল নদ ব্ৰহ্মপুত্ৰও দেখিবলৈ পালোঁ৷ হাবিখনৰো সেয়াই হৈছে আনটো মূৰ৷ কাঠনিৰ এলেকাটো মুঠতে ৫৫০ হেক্টৰ৷ বিভিন্ন জাতৰ উদ্ভিদ, ঘাঁহনি, বাঁহনি, ফুটুকানি, মুকলি পথাৰ, হাবি, কাঠনি আদি যাত্ৰাপথত আমাৰ দৃষ্টিগোচৰ হ’ল৷ নানান ধৰণৰ চৰাই-চিৰিকটিৰ কলৰৱেও মন হৰিলে৷ গৰু-ম’হৰ জাকবোৰ অ’ত-ত’ত আপোনবিভোৰ হৈ চৰি আছে৷ গাঁৱৰ মানুহবোৰে কুকুৰা, গাহৰি আদি পালন কৰিছে৷ কোনো কোনোক জালেৰে মাছ মাৰি থকাও দেখা পালোঁ৷ এঠাইত কথা প্ৰসংগত মিচিং লোক এজনে ক'লে... ‘শাক-পাচলি, মাছ-মাংস আমাৰ ইয়াত কিনি খোৱাৰ নিয়ম নাই৷ নিমখ আৰু চাউলহে কিনা হয়৷ বাকী লাগতিয়ালখিনি চাপৰিৰ মাটি আৰু পানীতেই উভৈনদী৷’ কথাটো হয়৷ তাৰ সঠিক প্ৰমাণ পালোঁ৷
অস্তগামী সূৰ্যটো আকাশত লৈ কিছুবেলিৰ পিছতে আৰম্ভ হ’ল আমাৰ ওভতনি যাত্ৰা৷ কাঠনিৰ উপৰি পায়েঙৰ পুৰণি চাংঘৰৰ দুটাকৈ অৱস্থান পৰিদৰ্শন কৰিলোঁ৷ এই হাবিত হাতী, গঁড়, বাঘ, পহু, শহাপহু আদিকে ধৰি বন্য জন্তু-জানোৱাৰ থাকে বুলি তেতিয়াই জানিবলৈ পালোঁ৷ বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবেই পায়েঙে এতিয়া চাপৰিৰ সিটো পাৰে বসতি কৰিছেগৈ৷ বাঘৰ আক্ৰমণত তেওঁৰ কেইবাটাও পোহনীয়া গৰু-গাইৰ প্ৰাণহানি ঘটিছে৷ ট্ৰেক্তৰ চলোৱাৰ সমানে সমানে পুষ্পক সিঙে ওৰে বাট, যাওঁতেও আৰু আহোঁতেও সকলোৱে শুনাকৈ চিঞৰি চিঞৰি ৰানিং কমেণ্টেৰী দি গ'ল৷ স্ফূৰ্তিবাজ মানুহটো আমাৰ সৈতে কম সময়তে বেছ মিলি পৰিল৷
মিচিং গাঁৱৰ মাজেৰে অকাই-পকাই ট্ৰেক্তৰখন আহি অন্তিম স্থল পালেহি৷ জাঁপ মাৰি নামিলোঁ৷ নাও আহি নোপোৱা পৰ্যন্ত বলুকাতে বিয়লি বেলাৰ বিৰল থিয়-আড্ডা এটা চলি থাকিল৷ জানিব পাৰিলোঁ যে অৰুণা চাপৰিৰ পিছত পায়েঙে এতিয়া অইন এটা চাপৰিত গছপুলি ৰুবলৈ মনস্থ কৰিছে৷ আমাৰ সৈতে অহা দেবেন দলে নামৰ স্থানীয় লোকজনো কাইলৈ পায়েঙৰ লগত উক্ত ঠাইলৈ নাৱেৰে যোৱাৰ কথা, ৩,০০০টা পুলি লৈ৷ আকৌ এইটোও শুনা পালোঁ যে এই চাপৰিত আশ্ৰয় লোৱা এশিঙীয়া গঁড় নিধন কৰিবলৈ এতিয়া হেনো চোৰাং চিকাৰীৰো আগমন ঘটিছে!
৫.৩৫ মিনিটত সিদিনাৰ বাবে লাষ্ট ট্ৰিপ বুলি কোৱা নৌকাখনৰ যাত্ৰী হৈ অৰুণা চাপৰি এৰিলোঁ৷ বালিচৰত এৰি থৈ আহিলোঁ আমাৰ খোজবোৰ৷ পানী ফালি আহি পালোঁ ককিলাৰ পাৰ৷ তাৰ পাছত আগৰ দৰে খোজ কাঢ়ি একেবাৰে যাদৱ পায়েঙৰ চাংঘৰৰ কোঠাত জিৰালোঁগৈ৷ ভালে পৰলৈ আমাৰ মাজত অন্তৰংগ আলাপ চলিল৷ বিষয়-বস্তু বন সজাগতা৷ বেৰত ওলোমাই ৰখা দেখিলোঁ বিভিন্ন স্থানত বিভিন্ন সংগঠনে তেওঁক দিয়া বিভিন্নখন সম্বৰ্ধনা-পত্ৰ৷ তাৰ মাজত ১৩-১৫ মাৰ্চলৈ ডিফুত আয়োজিত আছাম ইথনিক ফেষ্টিভেল ২০১৫ত আগ বঢ়োৱাখনো সহজেই চকুত পৰিল৷ তেতিয়াই তাৰালাংছ'ৰ সেউজীয়াৰ মাজত মানুহজনে অৱগাহন কৰি গৈছে৷ আলমাৰী এটাত কিতাপ-পত্ৰ কিছুমানো দেখিলোঁ৷ সন্ধিয়া ৬.০০ বাজিবৰ হ'ল৷ অনিচ্ছাসত্ত্বেও এৰাএৰি হ’বৰ হ'ল৷ পাবগৈ লাগিব ডিফু৷ আমি যাব লাগিব আৰু কেইবাটাও ঘণ্টাৰ বাট৷ মানুহজনেও কাৰোবাক লগ ধৰিবলৈ বুলি ওলাইছে৷
আন্ধাৰ নামি আহিল৷ লুঙী, ফুল চুৱেটাৰ আৰু হাৱাই চেণ্ডেল পিন্ধি চাইকেল এখন ঠেলি ঠেলি ঘৰৰ পৰা ওলাই অহা পায়েঙে আমাক বিদায় দিলে৷ আমাৰ গাড়ীখনক পিছ পেলাই আমাতকৈ আগতেই চাইকেল মাৰি ককিলামুখ-সৰ্বাইবন্ধা পকী ৰাস্তাটোত উঠিলগৈ৷ হে’ড লাইটৰ পোহৰত আগত গৈ থকা হৃষ্ট-পুষ্ট লোকজনক দেখি মনতে এইটো বোধ হ’ল যে প্ৰকৃতি-প্ৰেমৰ ক্ষেত্ৰত এই মানুহজনক চেৰ পেলোৱাটো সাধ্য নহ’ব৷ চৰকাৰী আঁচনিৰ নামত ঢাক-ঢোল বজোৱাটো মুঠেই ভাল নোপোৱা মানুহ তেওঁ৷ তেওঁ বিচাৰে প্ৰকৃত কাম৷ গছপুলি এটাই ৰোৱক লাগিলে, কিন্তু জীয়াই তোলক৷ হাজাৰ গছপুলি ৰুই যদি এটাও জীয়াই তুলিব নোৱাৰে, পুলিৰ আপডাল যদি কৰিবই নোৱাৰে তেন্তে সেয়া অৰ্থহীন কাম৷ নামী-দামী গছতকৈ য’তে-ত’তে সহজতে হোৱা, ঘৰুৱা প্ৰজাতিৰ, চোৰেও চুৰ নকৰা গছ ৰোৱাৰহে তেওঁ পোষকতা কৰে৷ কথা প্ৰসংগত সেয়া গম পালোঁ৷ এইটো ঠিক যে আচল উদ্দেশ্যত কাম নকৰিলে সভা পাতি, লেকচাৰ মাৰি, চাহ-তামোল খাই ধনৰ শৰাধ হোৱাৰ বাদে বাকী একো লাভ নাই৷ ধন-খঁকুৱা মন্ত্ৰী, আমোলা, ঠিকাদাৰে বননিৰ উন্নতি সাধিব নােৱাৰে৷
বিগত ৩০টা বছৰে নিৰৱচ্ছিন্নভাৱে ব্ৰহ্মপুত্ৰৰ এটা চাপৰিত তেওঁ যিটো কাম কৰি দেখুৱালে, তাক প্ৰশংসা কৰাৰ ভাষা নাই৷ অথচ মূল বাৰ্তাটো তেনেই সাধাৰণ আৰু তাক বুজিবৰ বাবে এটা বাক্যই যথেষ্ট৷ সেয়া হ’ল... ‘গছ থাকিলেহে মানুহ থাকিব’৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এতিয়া তাকে লৈ প্ৰবল সচেতনতা গঢ়াৰ প্ৰচেষ্টাত ব্ৰতী তেওঁ৷ তাকে কৰি আহিছে উঠি অহা প্ৰজন্মক আস্থাত লৈ৷ পৰিৱেশ সুৰক্ষা, বনাঞ্চল ৰক্ষা, গছ-গছনিৰ উপকাৰিতা সম্বন্ধে প্ৰেকটিকেল কথা ক’বলৈকে পৃথিৱীৰ বিভিন্ন দেশলৈ আমন্ত্ৰণ পাইছে তেওঁ৷ বিভিন্ন দেশৰ মানুহ দৌৰি আহিছে তেওঁৰ ওচৰলৈ৷ আজি নেদাৰলেণ্ডছৰ মানুহ অহাৰ কথা বুলি অথনি সঞ্জুক ফোনতে কৈছিল৷ কালিও বিদেশৰ পৰা কোনোবা গৱেষক আহিছিল৷ আমিও ঢপলিয়াই আহিছোঁ মানুহজন আৰু মানুহজনৰ কাম-কাজ নিজ চকুৰে চাই যাওঁ বুলি৷
সন্ধিয়া আলোচনা কালত পায়েঙে মোলৈ আগ বঢ়াই দিলে পকাবন্ধা ৰেজিষ্টাৰ বহী এখন৷ আমাৰ দলটোৰ হৈ ভিজিটৰছ কমেণ্ট দিবলৈ লৈ প্ৰথম বাক্যটো আৰম্ভ কৰিলোঁ... '‘ভাৰতবৰ্ষৰ অৰণ্য মানৱ’ৰ ‘মুলাই কাঠনি’ৰ কথা ইমানদিনে শুনিহে আছিলোঁ, আজি স্বচক্ষে দেখিলোঁ, দেখি অভিভূত হ’লোঁ, ধন্য হ’লোঁ...' নিমন্ত্ৰণ ৰক্ষা কৰি অ'লৈ-ত'লৈ গৈ থাকিবলগীয়া হোৱা মানুহজনক কিবা ভাগ্যক্ৰমেহে আমি লগ পালোঁ যেন লাগিল৷
২০১২ চনৰ ২২ এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস উপলক্ষ্যে নতুন দিল্লীত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ স্কুল অফ্ এনভাইৰনমেণ্টেল চায়েন্সৰ তৰফৰ পৰা আয়োজিত ৰাজহুৱা সভাত যাদৱ পায়েঙক তেওঁৰ এই বিশেষ প্ৰাপ্তিৰ সন্মানত সম্বৰ্ধনা জনোৱা হৈছিল৷ বিশ্ববিদ্যালয়খনৰ উপ-সঞ্চালক সুধীৰ কুমাৰ চপৰিয়ে তেতিয়াই পায়েঙক 'ফৰেষ্ট মেন অফ্ ইণ্ডিয়া' বুলি অভিহিত কৰে৷ ইণ্ডিয়ান ইনষ্টিটিউট অফ্ ফৰেষ্ট মেনেজমেণ্টৰ জৰিয়তে আনুষ্ঠানিকভাৱে তেওঁক ‘ফৰেষ্ট মেন’ অভিধাটো দিয়া হৈছিল ২০১৩ চনৰ অক্টোবৰ মাহত৷ ২০১৫ৰ ২৬ জানুৱাৰীত তেওঁ লাভ কৰে ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান৷ পায়েঙৰ জীৱন আধাৰিত ডকুমেণ্টৰী ছবিও ইতিমধ্যে প্ৰস্তুত কৰি উলিওৱা হৈছে৷ জিতু কলিতাই ২০১২ত নিৰ্মাণ কৰা 'দ্যা মূলাই ফৰেষ্ট' নামৰ ডকুমেণ্টৰীখন নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়তো দেখুওৱা হৈছিল৷ আৰতি শ্ৰীবাস্তৱৰ নিৰ্দেশনাত ২০১৩ চনত নিৰ্মাণ হৈছে 'ফৰেষ্টিং লাইফ' নামৰ ডকুমেণ্টৰী৷ পায়েঙৰ জীৱন আৰু কৰ্মক সামৰি বিনায়ক বাৰ্মাই 'যাদৱ এণ্ড দ্যা ট্ৰি প্লেছ' নামে ৰংচঙীয়া চিত্ৰসমৃদ্ধ শিশু-পুথি এখনো প্ৰকাশ কৰিছে৷
নিতান্তই সহজ-সৰল আৰু সাধাৰণ মানুহজনৰ অসাধাৰণ প্ৰকৃতি-প্ৰেম আৰু বৃক্ষ সংৰক্ষণৰ বিষয়ে জানিবলৈ, বুজিবলৈ পাই আমি নিজকে সৌভাগ্যৱান বুলি ভাবিলোঁ৷ সিপাৰৰ বালিচৰত ট্ৰেক্তৰ-ট্ৰেইলাৰৰ সৈতে এৰি অহা চালক পুষ্পক সিঙৰ কথা-বতৰা আৰু আমাৰ প্ৰতি দেখুওৱা মৰম তথা আগ্ৰহেও মন মুহিলে৷ পূবৰ পৰা ওভতনি যাত্ৰাপথৰ শেষ কাৰ্যসূচী হিচাপে থাওকতে লোৱা অৰুণা চাপৰি দৰ্শন আমাৰ জীৱনৰ কাৰণে স্মৰণীয় হৈ ৰ'ল৷ তদুপৰি জমনিৰে ভৰা ট্ৰেক্তৰ যাত্ৰাটো পৰৱৰ্তী সময়ৰ বাবেও হৈ ৰ'ল হাঁহিৰ ৰহঘৰা৷
‘অৰণ্য মানৱ’ৰ পদাংক কেনে ধৰণে আমি অনুসৰণ কৰিব পাৰোঁ? নিজৰ প্ৰয়োজনীয় অম্লজানখিনি নিজ হাতে ৰোপণ কৰা বৃক্ষৰ জৰিয়তে নিজে নিজেই সৃষ্টি কৰি ল’ব পাৰোঁচোন৷ পকা ৰাস্তাত উঠাৰ পিছতে মানুহজনক এৰি অহাৰ সময়ত এই তেনেই সৰু অথচ সৰল সত্যটোৱে মনত ভুমুকি মাৰিলে৷
পৰৱৰ্তী লেখা :
৫. নিশা ১১.৩০ত পালোঁহি ঘৰ
No comments:
Post a Comment