Tuesday, 8 September 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন সাত ৷৷ দিনাংক ১৬.৪.২০১৫
৭. ডিবৰুৰ পাৰত এনিশা


এঘণ্টাৰ পিছত আমি লোহিতৰ সিপাৰ উঠিলোঁ৷ পাৰত ৰৈয়ে চকুৰে মণিব পৰাতে দলঙৰ ওপৰত লগাই ৰখা চাইনব’ৰ্ড এখনে দৃষ্টি আজুৰি নিলে৷ ৰঙা আখৰেৰে তাত লিখা আছে Brahmaputra River Bridge, Dhola-Sadia৷ Navayuga বুলিও লিখা আছে৷ সেইটো নিৰ্মাণকাৰী সংস্থাৰ নামেই হ’ব চাগৈ৷ কিন্তু প্ৰশ্ন উঠিল, এইখনটো ব্ৰহ্মপুত্ৰ নদ নহয়! লোহিতহে৷ শদিয়াঘাটৰ পৰা প্ৰায় ৮-৯কিল’মিটাৰ ভটিয়াইহে লৌহিত্য মহাসংগম য’ত একে লেথাৰিয়ে মিলিত হৈছে লোহিত, দিবাং, দিহাং আৰু কেইখনমান নৈ৷ দিহাং মানে চিয়াঙৰ প্ৰথমখন উপনৈ চিবিয়াক লগ পোৱাৰ পিছৰ পৰাহে লোহিতৰ নাম লৈছে ব্ৰহ্মপুত্ৰ নদ৷ চীনত চাংপো, অৰুণাচলৰ পাহাৰত চিয়াং আৰু পাছিঘাট অতিক্ৰম কৰাৰ পিছত সমতলত দিহাং বোলাখনেইটো আচল ব্ৰহ্মপুত্ৰ৷ মৰসাহসী চিকিমী কিনটাপ, উদ্ভিদবিদ কিংডন ৱাৰ্ড, নৃতত্ত্ববিদ লৰ্ড কাউডৰৰ নামকেইটা য'ত সংযুক্ত হৈ ৰৈছে৷ তেনেস্থলত সেই সত্যটো বিকৃত কৰি ইয়াত এনেকৈ লিখি ৰাখিলে কিয়? ৪৫কিল'মিটাৰমান উজাই গ'লে পোৱা পৰশুৰাম কুণ্ড বা ব্ৰহ্মকুণ্ডৰ পৰা ব্ৰহ্মপুত্ৰ নদৰ উৎপত্তি সম্বন্ধে থকা পৌৰাণিক আখ্যানটো আৰু তাকে ভিত্তি কৰি সৃষ্টি হোৱা অতীতৰ ধাৰণাটো এতিয়াও বদ্ধমূল হৈ আছে তাৰমানে?

শদিয়াঘাটত আহাৰৰ বাবে সময় নিমিলাত ছৈখোৱাঘাটত পোনেই সেইটো ধাণ্ডাত খৰখেদা আৰম্ভ হ’ল৷ পেটেল ইফালে গাড়ী নমোৱাত ব্যস্ত আছে৷ সেইটো এটা গুৰুত্বপূৰ্ণ কাম৷ তিনিচুকীয়া অভিমুখী বাছ এখনৰ ছাঁতে ৰৈ আমি হেন্দোলনি দি থকা আমাৰ গাড়ীখনলৈ চাই আছোঁ৷ পাৰত ৰৈ থকা অন্য এখন নাৱৰ দেহত আমি অহা ফেৰীখন লগাই দিয়া হৈছে৷ টুলুং-ভুটুং কৰি আছে দুয়োখন নাও৷ যাত্ৰীৰ আশাত বাছ কণ্ডাক্টৰবোৰে আটাহত গগন ফালিছে৷ মানুহবোৰৰ মাজতো ছিট ল'বলৈ লৰা-ঢপৰা লাগিছে৷ টোপোলা-টাপলিসহিত একাংশ ইতিমধ্যে বালিত নামিলেই৷ ভিতৰত বহি অহাখিনি এতিয়া বাহিৰলৈ ওলাইছে৷ অনিলদাক নেদেখি অৰুণদাই প্ৰশ্ন কৰিলে, ‘অনিল ক’ত?’ মই নাজানো৷ কোন টলকতনো তেওঁ ফালৰি কাটিলে গমেই নাপালোঁ৷ সঞ্জুৱেহে সমিধান দিলে, ‘অনিলদা কামত লাগি গৈছে দাদা৷’ ঘাটত থকা হোটেলবোৰত অনিলদা এফালৰ পৰা সোমাল, মাছ-ভাতৰ খা-খবৰ ল’লে৷ আনকি কেৰাহীৰ ঢাকোন দাঙি দাঙিও চালে, কি মাছ আছে, ভাল হয়নে নহয়৷

অলপ সময়ৰ ভিতৰতে গাড়ীখন ঘাটৰ পৰা নিৰ্বিঘ্নে ওপৰলৈ উঠি আহিল৷ সকাহ পালোঁ যেনিবা৷ গাড়ীৰ পিছে পিছে আমিও ওপৰলৈ ঢপলিয়াই আহিলোঁ৷ অনিলদাই আমালৈ চাই দূৰৰ পৰা মৰা চিঞৰ এটা ভাহি আহিল৷ হাত বাউলিও দিলে৷ আটায়ে সেইফালে গ’লোঁগৈ৷ তেওঁ নিৰ্বাচন কৰা হোটেলখনত সোমাই পৰিলোঁ৷ অস্থায়ীভাৱে পাতি লোৱা পলিথিনৰ চালিৰ তলত বহি ছৈখোৱাঘাটত পলমকৈ হ'লেও দিনৰ ভাতকেইটা খোৱা হ’ল৷ মাছ-ভাতৰ আয়োজনটোত অনিলদাহঁতক সিমান সুখী হোৱা যেন মোৰ মনে নধৰিলে৷ ভবা কথাটো গাঢ় হ'ল যেতিয়া পইচা দিবৰ বেলিকা মালিকক টান কথাকেইষাৰমান শুনালে অনিলদাই৷ মই পিছে দাইল-ভাত, আলুভাজি, নেমুটেঙাৰেই দিনৰ পৰ্বতো চলাই দিলোঁ৷ নিৰামিষ মানুহ৷ অভিযোগ কৰিবলৈ নাই৷ অনিলদাৰহে জীয়া মাছ দেখিলেই হেনো জিভাৰ পানী সৰে৷ ছৈখোৱাঘাটে যেন সেই হেঁপাহ পূৰ্ণ কৰাত ব্যৰ্থ হ'ল!

খাই উঠি হোটেলৰ পিছফালে মুকলিত থকা দমকলটোত হাত ধুবলৈ গৈছোঁ৷ এপালমান চেঙেলীয়া৷ যাব শদিয়ালৈ৷ আহিছে মৰাণৰ পৰা৷ তাত থাকি লৈ বিহু মাৰিব৷ ছোৱালীও আছে ছজনীমান৷ ইয়াতে পুৰিকেইখনমানকৈ চোবাই লৈছে৷ তাৰ পিছতে ফেৰীৰে নৈ পাৰ হ’ব৷ চাৰিটাৰ কান্ধত ঢোল৷ পিঠিত প্ৰত্যেকৰে একোটিকৈ স্কুলবেগ৷ বেগত এতিয়া কিতাপ চাগৈ এখনো নাই৷ বিহুৰ বতৰ৷ নথকাটোৱে স্বাভাৱিক৷ দৰকাৰো নাই৷ থাকিব লাগিব চুৰীয়া, গামোচা, বিহুচোলা৷ থাকিব লাগিব গামখাৰু, হাঁচতি, চাদৰ-মেখেলা৷ মই দমকল মাৰি দিলোঁ৷ এটা এটাকৈ সিহঁতে হাত ধুলে৷ কথা-বতৰাও আৰম্ভ হৈ গ’ল৷ পিছত তাৰে এটাই হেঁচুকিলে৷ মই ধুলোঁ৷ মজা লাগে ইহঁতৰ বয়সৰ ল’ৰা-ছোৱালীবোৰৰ লগত কথা চোবাই৷ যৌৱনৰ এনেকুৱা উৎসাহ আমাৰো আছিল৷ কেইটামানৰ মুখত তেতিয়াও বিহুনামৰে গুণগুণনি৷ ভাল বিহু লাগিছে ইহঁতৰ৷ নালাগিবনো কিয়? অসমত ব’হাগৰ ভৰপক এতিয়া৷ অৰুণাচলত থাকিহে আমি গম পোৱা নাছিলোঁ৷ অসমীয়া মানুহৰ সবাতোকৈ আদৰৰ মাহ এইটো৷ জাতিৰ আয়ুসৰেখা৷ বহুপৰ মই সিহঁতকেইটাকে আলেঙে আলেঙে লক্ষ্য কৰি থাকিলোঁ৷ এটা সময়ত জাকটো হুৰহুৰাই ঘাটলৈ নামি গ’ল৷ আমিও গাড়ীত বহিলোঁ ধলা অভিমুখে৷ পেটেলে ষ্টাৰ্ট দিলে৷

ছৈখোৱাঘাটৰ পৰা ধলালৈ আহোঁতে এছোৱা জনশূন্য৷ নিৰ্মীয়মান দলঙৰ খুঁটাকেইটাৰ কাষে কাষে কেঁচা ৰাস্তা৷ খণ্ড খণ্ডকৈ তলতে নিৰ্মাণ কৰা ব্ৰীজখনৰ অংশবোৰ ক্ৰমিক নম্বৰ দি দ’মাই থোৱা আছে৷ ক্রেনেৰে তুলি নি সেইবোৰ ওপৰত খাপে খাপে বহুৱাই দিয়েগৈ৷ সেই এলেকাটো পাৰ হোৱাৰ পিছত গাঁৱৰ মাজেৰে অকাই-পকাই আহি আছোঁ৷ গঞা লোকৰ চৌহদৰ গছত ওলমি থকা কপৌফুলবোৰে পোনেই মনোযোগ আকৰ্ষণ কৰিলে৷ জাতীয় সাজ পিন্ধা ডেকা-আদহীয়া লোকক বিহু বুলি জুম বান্ধি ইঘৰ-সিঘৰ আহ-যাহ কৰাও দেখা পালোঁ৷ কোনোবা ঘৰত হুঁচৰি মাৰি থকা বিহুদলো পাই আহিছোঁ৷ ঢোলৰ মাতে ৰজনজনাই থকা, কুলিৰ মাতে তাল-ফাল লগাই থকা, পাতে-ফুলে জাতিষ্কাৰ হৈ থকা গ্ৰামীণ পৰিৱেশটোৱে আমাকো অসমীয়া নতুন বছৰৰ আনন্দ দি গ’ল৷ ঠায়ে ঠায়ে বিহু মাৰি আছিল যদিও সততে শুনা অভিযোগৰ ধৰণে কোনেও ক’তো পইচা খুজি বাট ভেটা দিয়া নাই৷ মূল পথ পোৱাত পেটেলে সোঁহাতে চলাই নি ধলাখন ওপৰে ওপৰে এপাক দেখুৱাই আনিলে৷ এইবোৰ ঠাই তেওঁৰ তেনেই চিনাকি৷ ধলাৰ পৰা ঘূৰি ডাঙৰী, তালাপ আদিৰ পিছত ৰূপাই পালোঁহি৷ তেতিয়া বিয়লি ৪.৩০ বাজি গৈছিল৷ যাবৰ দিনা অৰ্থাৎ এপ্ৰিলৰ ১১ তাৰিখে পুৱা তিনিচুকীয়া ৰে’ল ষ্টেচনৰ পৰা আহি আমি ৰূপাইৰ পৰাই সোঁহাতে সোমাই অৰুণাচলমুখী হৈছিলোঁ৷ আজি শদিয়া, ধলা হৈ আকৌ ইয়াত ওলালোঁহি৷ চাৰ্কুলাৰ ট্ৰিপ এটা সম্পূৰ্ণ হ’ল৷ পৰিভ্ৰমী জীৱনটোৰ বাবে ন ন অভিজ্ঞতাও ভালেমান সংগৃহীত হ’ল৷

ৰাষ্ট্ৰীয় পথেৰে তিনিচুকীয়া অভিমুখে গতি কৰি আছোঁ৷ টাই ফাকে ইক’ টুৰিজিম কেম্পত ৰাতিটো কটোৱাৰ ইচ্ছা অৰুণদাৰ৷ হোটেলত থকাৰ মতলব নাই৷ ইয়াৰ পৰা ডিব্ৰুগড় জিলাৰ টিপাম পাওঁতে কিমান সময় লাগিব, অংকটো কৰি চোৱা হ’ল৷ তাৰ পিছতে সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ’লোঁ৷ ৬.০০বজাত আমি তিনিচুকীয়া সোমালোঁ৷ ইফালে সন্মুখৰ ৰাতিটো ক’ত থাকিম থিৰাং হোৱাই নাই৷ পাৰ্থলৈ ফোন লগালোঁ৷ তেওঁ ঘৰলৈকে মাতিলে৷ এইকেইদিন তেওঁৰ পৰা সহায় পাই আছিলোঁ৷ গতিকে দেখা এটা কৰি যোৱা উচিত বুলি গুঁইজান পথত অৱস্থিত তেওঁলোকৰ ঘৰত পদাৰ্পণ কৰিলোঁগৈ৷ পাৰ্থ বাটতে ৰৈ আছিল৷ সেয়াই প্ৰথম দেখাদেখি৷ তাৰ আগলৈকে ফোনতহে মাত-কথা৷

সন্ধিয়া নামিছে৷ বিহুৰ চাহ-জলপান খোৱাৰ মাজে মাজে চলা আলোচনাত অৱধাৰিতভাৱেই মুখ্য প্ৰসংগ হিচাপে ৰ'ল আমাৰ চীন-ভাৰত সীমান্ত দৰ্শন৷ মাজে মাজে পাৰ্থৰ অভিজ্ঞতাপ্ৰসূত মন্তব্য আৰু প্ৰশ্ন৷ পাৰ্থ টুৰিজিমৰ চাকৰিয়াল৷ বাইক চলাই কৰিব খোজা আগন্তুক কাৰ্যসূচী এটাৰ বিষয়ে লেপটপটো খুলি সংক্ষেপে বুজাই গ’ল তেওঁ৷ আমাৰ যাত্ৰা আৰম্ভণিৰ কেইদিনমান আগতে টেলিভিছনত এদিন হঠাতে এটা কাৰ্যসূচী চাবলৈ পাইছিলোঁ৷ লাডাখৰ লেহলৈ ৰয়েল এনফিল্ড ৩৫০ মটৰ চাইকেলেৰে কৰা এডভেন্সাৰ ট্ৰিপ এটাৰ ভিডিঅ' ৰেকৰ্ডিং দেখুৱাইছিল৷ শীৰ্ষক আছিল 'লাইফ মে' এক বাৰ উইথ ...'৷ বাইকাৰজনৰ নামটো পাহৰি থাকিলোঁ৷ কথাটো ওলাওঁতে অৰুণদাই নিজৰ ফালৰ পৰা পাংগং চু আৰু খাৰডুংলাৰ অভিজ্ঞতা সংযোগ কৰিলে৷ পাৰ্থক তেওঁলোকৰ বাইক যাত্ৰাটোৰ প্ৰতি উৎসাহেৰে সমৰ্থন দিলোঁ৷ আমাৰ পৰৱৰ্তী লক্ষ্য সম্পৰ্কেও তেওঁৰ পৰা কিছু পৰামৰ্শ লৈ থ'লোঁ৷ তাতেই থিৰাং কৰা হ’ল যে আমি গুঁইজানত ডিব্ৰু নদীৰ পাৰৰ চাংঘৰত থকাটোৱেই ভাল হ'ব৷ পাৰ্থৰ পৰা বিদায় লৈ আহি থাকোঁতে বাটৰ পৰাই ফোনতে কথা পাতি থকাটো খাটাং কৰি পেলোৱা হ'ল৷


৬.৩০বজাত আমি 'বনশ্ৰী' পালোঁহি৷ ডিবৰুৰ পাৰত এই ইক’-টুৰিজিম ৰিজ’ৰ্ট৷ নিশাটোৰ বাবে থিত ল’লোঁ৷ পেৰট বিলত সঞ্জু আৰু মই৷ মেকাও বাব্লাৰত অনিলদা আৰু অৰুণদা সোমাল৷ গা পা ধুই বহুপৰ ধৰি আমাৰ মাজতে ভ্ৰমণৰ প'ষ্টমৰ্টেম চলিল৷ সিদ্ধান্ত হ'ল যে নিশাৰ সাঁজ কোঠাৰ ভিতৰত নহয়, মুকলিত নিৰ্মাণ কৰি থোৱা চালিৰ তলত বহিহে খোৱা হ'ব৷ সময়ত গণেশহঁতে ভাত দিলে৷ আমি খাবলৈ বহিছোঁ৷ তেনেকুৱাতে আৰম্ভ হ'ল বতাহ৷ নৈপৰীয়া বতাহজাক ক্ৰমাৎ বাঢ়ি গৈ প্ৰচণ্ড ধূলি-ধুমুহাত পৰিণত হ'ল৷ কেইগৰাহমান খাইছিলোঁহে, সকলোবোৰ উৰুৱাই নিওঁ নিওঁ কৰিলে৷ সোপাকে দাঙি খৰখেদাকৈ ডাইনিং ঘৰটোৰ ভিতৰ সোমাবলৈ বাধ্য হ’লোঁ৷ তাতো বতাহৰ প্ৰকোপটো নকমিল৷ প্ৰবল বৰষুণো আৰম্ভ হ’ল৷ ভূতৰ ওপৰত দানহ পৰাদি এছাৰেকণিয়েও পালে৷ ডিবৰুৰ বলিয়া বতাহে আমাৰ 'লাষ্ট চাপাৰ' 
বালিৰে তেনেই খিচখিচীয়া কৰি পেলালে!












পৰৱৰ্তী লেখা :
দিন আঠ ৷৷ দিনাংক ১৭.৪.২০১৫
১. ডিব্ৰু-ছৈখোৱা দেখি থকা গুঁইজানৰ ৰাতিপুৱাটো

No comments:

Post a Comment