অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন সাত ৷৷ দিনাংক ১৬.৪.২০১৫
আমাৰ এই যাত্ৰাটোৰ প্ৰস্তুতিৰ আগৰে পৰাই অৰুণদাই
প্ৰায়ে মায়’ডিয়া মায়’ডিয়া নামটো সঘনে উচ্চাৰণ কৰি
আছিল৷ আজি সেই আশা পূৰ্ণ হোৱাৰ দিন৷ পুৱাৰ কোমল ৰ’দালিয়ে ইতিমধ্যে চৌপাশ ভালকৈ পোহৰাইছে৷ মিছিমি
হিল কেম্পৰ পৰা বিদায় লৈ সকলোটি মায়’ডিয়া অভিমুখে ওলাইছোঁ৷ পুৱা ৬.৪৫ বাজিছে৷ কালি আবেলি মেহাও
বন্যপ্ৰাণী অভয়াৰণ্য এলেকাৰ ভিতৰত অৱস্থিত চাল্লি লে’কলৈ যোৱা মূল ৰাস্তাটোৰেই গাড়ীখন
আগুৱাব ধৰিলে৷ দেওপানীৰ পাৰ পালোঁ৷ পেটেলক সেইখিনিতে ৰ’বলৈ কৈ কাষতে থকা ওলোমা সাঁকোখনত
উঠি চালোঁগৈ৷ কালি উঠা হোৱা নাছিল৷ সঞ্জু আৰু অৰুণদাও লগতে আহিল৷ আমি ইমানদিনে দেখা
সাঁকোবিলাকৰ ভিতৰত এইখনেই সবাতোকৈ দুৰ্বল৷ বেছি আগ নাবাঢ়ি ঘূৰি আহি গাড়ীত বহিলোঁ৷ অনিলদাৰ
নিৰ্দেশত গৰাটো নামি গাড়ী ইতিমধ্যে নদীগৰ্ভত ৰৈ আছিলগৈ৷ দেওপানী পাৰ হৈ মিছিমি পৰ্বতৰ
আৰম্ভণি৷ মিছিমি হিল্ছক বিশ্বৰ মেগা বায়’-ডাইভাৰচিটি হটস্পটসমূহৰ অন্যতম বুলি গণ্য কৰা হয়৷
ব’ৰ্ডাৰ ৰ’ডছ অৰ্গেনাইজেছনৰ দ্বাৰা নিৰ্মিত ঠেক, পকী ৰাস্তাইদি ৰ’য়িঙৰ পৰা ক্রমান্বয়ে ঊৰ্ধ্বমুখীহৈ
গৈ আছোঁ৷ চাল্লি লে’কৰ প্ৰৱেশ পথটো এৰি আহিছোঁ৷
মাজে মাজে ৰাস্তা বহল কৰাৰ উপৰি দলং, কালভাৰ্ট আদি নিৰ্মাণৰ কাম চলি আছে৷ এক্সকেভেটৰে
কাটি-খান্দি থকাত ক’ৰবাত কিছুবেলি ৰৈ দিবলগীয়াও হৈছে৷
গৈ গৈ বাৰ কিল’ পালোঁ৷ সেইখিনিতে পথৰ বাঁওহাতে
তললৈ দিবাং ভেলী জাংগল কেম্প৷ আগতীয়া বন্দৱস্ত কৰিলে চাং বাংলোযুক্ত ৰিজ’ৰ্টটোত থাকিব পাৰি৷ তাৰ পৰা সিফালেৰে
বৈ থকা দিবাং নদীৰ নয়নাভিৰাম দৃশ্য দেখা পোৱা যায়৷ দিবাংখন ব্ৰহ্মপুত্ৰৰ অন্যতম উপনৈ৷
চীন দেশৰ পৰা ওলাই এই নৈ নামনি অভিমুখিকৈ ভাৰতলৈ আগুৱাই আহিছে৷ এই নৈখনৰ নামটোৰে সৈতে
অৰুণাচলৰ দুখন জিলাৰ সংগতি আছে৷ দিবাং ভেলী আৰু ল’ৱাৰ দিবাং ভেলী৷ ল’ৱাৰ দিবাং ভেলী জিলাৰ সদৰ ৰ’য়িং৷ দিবাং ভেলী জিলাৰ সদৰ আনিনি৷
আনিনিলৈ এইফালেই যায়৷ আমি বাটত গাড়ী-মটৰ তেনেকৈ নাই পোৱা পিছে৷ খৰস্ৰোতা দিবাঙে গতিপথত
ইথুন, আছন, চিপু, আবা, ইফি, শিশিৰি, দাটুং, দেওপানী ইত্যাদি সৰু-বৰ পাহাৰীয়া নৈসমূহক
বুকুত সামৰি লৈছে৷ ভাৰতৰ অন্তিম পূবৰ পৰা আহি থকা লোহিতখনৰ সৈতে শদিয়া পাৰ হোৱাৰ পিছতে
মিলিত হৈছে৷ তাৰ পিছত চিয়াং অৰ্থাৎ দিহাঙৰ লগ লাগি সমূহীয়াকৈ নাম লৈছেগৈ ব্ৰহ্মপুত্ৰ
নদ৷
ভিউ পইণ্টৰ পৰাই আমি দিবাঙৰ নান্দনিক ৰূপ চালোঁ৷ ৰ’য়িঙৰ পৰা মায়’ডিয়ালৈ যাওঁতে এই বাৰ কিল’ৰ পৰা আৰম্ভ কৰি ইটাপানী পৰ্যন্ত এলেকাটো পক্ষীপ্ৰেমী মানুহ তথা অনুসন্ধিৎসু গৱেষকৰ বাবে এক কথাত ক’বলৈ গ’লে ভূস্বৰ্গ৷ হিমালয়ৰ পাদদেশৰ মিছিমি হিলছ স্পৰ্শ কৰি সমুদ্ৰপৃষ্ঠৰ পৰা ২০০-৫৫০মিটাৰ উচ্চতাত ইয়াৰ অৱস্থিতি৷ অৰুণাচল প্ৰদেশৰ সন্মানীয় জীৱ মেঠোনৰ এইখিনি মুক্ত বিচৰণথলী৷ ৰাস্তাছোৱাত আমি ৰখীয়াবিহীন গে’ট কেইখনমান প্ৰত্যক্ষ কৰিলোঁ৷ প্ৰতিবাৰতে মই গাড়ীৰ পৰা নামি গৈ গে’ট খুলিবলগীয়াত পৰিছোঁ৷ পেটেলে জনালে, ‘মেঠোনৰ বাবেই এই গে’টবোৰ দিয়া হৈছে ছাৰ৷ সিহঁত যাতে ওলাই তললৈ গুচি যাব নোৱাৰে তাৰ বাবে এনে ব্যৱস্থা৷’ মেঠোন বনগৰু গোষ্ঠীৰ অন্তৰ্ভুক্ত প্ৰাণী৷ বিপৰীত ফালৰ পৰা আহি থকা কেইটামান মেঠোনৰ বাবে আমি এঠাইত বাটত ৰৈ দিবলগীয়া হ’ল৷ সিহঁত আঁতৰি গ’লতহে যাত্ৰা পুনৰ আৰম্ভ কৰা হ’ল৷ তৃণভোজী প্ৰাণী যদিও কিছুমান মেঠোন উগ্ৰও হয়৷ কিছুমান ইমানেই প্ৰকাণ্ড আকৃতিৰ হয় যে কেৱল বাঘেহে ইহঁতক চিকাৰ কৰিব পাৰে৷ সেয়ে কােনোৱে এই প্ৰাণীবিধক বনষাড় বুলিও কয়৷ আমাক অৱশ্যে সেইকেইটাই একো অনিষ্ট নকৰিলে৷ দুটামানে আকৌ ওলোটাই ভয় খাই পলালহে হাবিলৈ৷ অনিলদাই মেঠোন এহাল ইয়াৰ পৰা ঘৰলৈ নিয়াৰ কথা উলিয়াইছিল৷ তাকে লৈ বাটে বাটে বেছ ৰগৰৰ সৃষ্টি হ’ল৷ পূব দিশৰ ৱালঙলৈ যাওঁতেও আমি ৰাস্তাত মেঠোন পাইছিলোঁ৷ অনিলদাই মেৰী বিস্কুত খুৱাই মৰম লগাইছিল৷
মূলতঃ পূব অৰুণাচলৰ পৰা মিজোৰামৰ চিৰহৰিৎ বৰ্ষাৰণ্য পোৱা অঞ্চলটো উত্তৰ-পূব ভাৰতৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰধান অঞ্চল হিচাপে চিনাক্ত কৰা হৈছে৷ কপৌফুলৰ ক্ষেত্ৰত অৰুণাচল আৰু ত্ৰিপুৰাক আগস্থান দিয়া হয়৷ মায়’ডিয়ালৈ যোৱাৰ বাটত আমি জৈৱ-বৈচিত্ৰ্যভৰা বনাঞ্চল যথেষ্ট পৰিমাণে দেখিবলৈ পাইছোঁ৷ এই অঞ্চলৰ ভৌগোলিক পৰিৱেশৰ আৰ্দ্ৰ জলবায়ু জীৱকুলৰ বাবে অতি স্বাস্থ্যকৰ৷ ইয়াত বৰষুণৰ পৰিমাণ বেছি৷ বাৰ্ষিক ৪,৫০০-৫,০০০মিলিমিটাৰ৷ মাৰ্চ মাহৰ পৰা আৰম্ভ কৰি অক্টোবৰ মাহ পৰ্যন্ত প্ৰচুৰ বৃষ্টিপাত হয়৷ জলীয় বাষ্পৰ পৰিমাণ ৯০ শতাংশতকৈও অধিক থাকে৷ জটিল গঠনৰ ওখ-চাপৰ পাহাৰ আৰু জলবায়ুৰ কাৰণে প্ৰাণীকুল আৰু উদ্ভিদকুল উভয়ৰে ক্ষেত্ৰতে বিভিন্নতা আৰু বিচিত্ৰতা দেখা যায়৷ এনে ভৌগোলিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিয়ে গৱেষক, বিজ্ঞানী, পৰ্যটকৰ বাবে আকৰ্ষণীয় কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে ঘন অৰণ্যৰে পৰিৱেষ্টিত এই বৃহৎ অঞ্চলটো৷
বিলুপ্ত প্ৰজাতিৰ কেইবাবিধো চৰাই ইয়াৰ হাবিত পোৱা যায়৷ সেয়ে পক্ষী দৰ্শনকাৰীৰ বাবে এইখন এখন অতিকে মনোযোগ আকৰ্ষণকাৰী ঠাই৷ তাৰ প্ৰমাণ আমি হাতে হাতে পালোঁ৷ বাটতে এঠাইত থাইলেণ্ডৰ পৰা অহা ১০জনীয়া পক্ষী নিৰীক্ষণকাৰী দল এটাক দেখা পালোঁ৷ দীঘল দীঘল কেমেৰা, দূৰবীণ আদি লৈ শাৰী পাতি চৰাই চোৱাত তেওঁলোক মচগুল আছিল৷ সেই বিশেষ আলি-কেঁকুৰিটো এটা বাৰ্ডিং স্পট বুলি গম পালোঁ৷ বাৰ্ড ৱাচ্ছিঙৰ বাবে মিছিমি হিলছলৈ অহা কৌতূহলীজনৰ বাবে ফাৰ্ষ্ট ষ্টপেজ বুলি কোৱা হয় ৰ’য়িঙক৷ ৰয়িঙৰ ই এক বিশেষত্ব৷ আমি আশ্ৰয় লোৱা নৈপৰীয়া মিছিমি হিল কেম্পটোতেই কালি বিয়লি আৰু আজি পুৱাবেলা অনেক জাতৰ চৰাই-চিৰিকটিৰ আৱাজ শুনিবলৈ পাইছিলোঁ৷ আপোনমনে উৰি-ফুৰি থকা দেখা পাইছিলোঁ৷ দুষ্প্ৰাপ্য হলৌ বান্দৰৰ মাতো শুনিছিলোঁ৷
বাৰ্ডছ অফ ইণ্ডিয়াই প্ৰকাশ কৰা চে'কলিষ্টৰ মতে ৰ’য়িঙক কেন্দ্ৰ কৰি মিছিমি পৰ্বত আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত ৬৮১টা প্ৰজাতিৰ চৰাই আছে৷ ভাৰতবৰ্ষত মুঠতে প্ৰায় ১,২০০বিধ চৰাই পোৱা যায়৷ গতিকে এছিয়াৰ ভিতৰতে আমি আজি উপস্থিত থকা এই এলেকাটো সবাতোকৈ সমৃদ্ধ৷ ইয়াত কেতবোৰ এনেকুৱা চৰায়ো আছে যি এতিয়াও অচিনাক্ত অৱস্থাতে ৰৈছে বুলি কোৱা হয়৷ চৰাইৰ বাহিৰে বিভিন্ন বনৰীয়া পশুৰো অবাধ বিচৰণভূমি এই অঞ্চল৷ তাৰ ভিতৰত বিভিন্ন প্ৰজাতিৰ বাঘ, বনমেকুৰী, পহু, হৰিণ, গিবন, লুপ্তপ্ৰায় ৰঙা পাণ্ডা, মেঠোন, মিছিমি টাকিন আদি উল্লেখযোগ্য৷ কেতবোৰ জন্তুৰ বিচৰণস্থল মিছিমি পাহাৰৰ ২,৫০০মিটাৰ উচ্চতাত৷ ৬,০০০তকৈও অধিক প্ৰজাতিৰ উদ্ভিদ, ৫০০ প্ৰজাতিৰ অৰ্কিড, ১০০ বিধ স্তন্যপায়ী জীৱ, পখিলা, কীট-পতংগ, ৫২ ধৰণৰ ফুলেৰে এই ঠাই মেটমৰা৷ বহুতৰে হিচাপ হ’বলৈ এতিয়াও বাকী৷ চল্লিশৰ দশকত পক্ষীবিদ ডক্টৰ চেলিম আলি আৰু ডিলন ৰিপ্লেই এলেকাটোত চলোৱা জৰীপৰ সময়ত এনে এবিধ চৰাই পাইছিল যাৰ বিষয়ে পৃথিৱীয়ে তেতিয়াহে জানিব পাৰিছিল৷ তেনেকুৱা অচিনাকি চৰাই হেনো ইয়াত এতিয়াও আছে! তাৰেই সন্ধানত চৰাইৰ পিছ খেদি ভাল পোৱা মানুহৰ উপস্থিতি এই হাবিত অনৱৰতে যেন এটা সুলভ দৃশ্য হৈ পৰিছে৷
বিশাল এলেকাটোৰ পৰা মেডিচিনেল প্লেণ্ট সংগ্ৰহ কৰা নিষেধ৷ বন্য পশু-পক্ষী চিকাৰ কৰাতো কঠোৰ নিষেধাজ্ঞা আছে৷ তেনে অৱস্থাত ক'ৰবাত কোনো মানুহ ধৰা পৰিলে ১৯৭২চনৰ বন্যপ্ৰাণী সংৰক্ষণ আইনমতে দণ্ড বিহা হ’ব বুলি ফলকত সোঁৱৰাই থোৱা হৈছে৷ বাটে বাটে ওলোমাই ৰখা ব'ৰ্ড কিছুমানত সকীয়াই দিয়া হৈছে চিকাৰ নকৰিবলৈ৷ জীৱ-জন্তুৰ মুক্ত বিচৰণত যাতে কোনো ধৰণৰ ব্যাঘাতৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি হাই-উৰুমি নকৰিবলৈকো জাননী ফলক লিখি আঁৰি থোৱা হৈছে৷ মিউজিক প্লেয়াৰ বন্ধ কৰি খুব লাহে লাহে আমি ওপৰলৈ যাত্ৰা কৰি আছোঁ৷ খিৰিকীৰ আইনা উঠাই ল’বলৈ সন্মুখত বহা অৰুণদাই অৰ্ডাৰ দি দিছে৷
ৰ’য়িঙৰ পৰা তিৱাৰী গাঁও পৰ্যন্ত ১,৩০০মিটাৰ, তিৱাৰী গাঁৱৰ পৰা কফি হাউচলৈকে ২,৬৫৫মিটাৰ, কফি হাউচৰ পৰা মায়’ডিয়ালৈ ২,৬৬৬মিটাৰ৷ উচ্চতাৰ ভিত্তিত অঞ্চলটোৰ পৰ্বতশ্ৰেণীক এনে ধৰণে তিনিটা ভাগত বিভক্ত কৰা হৈছে৷ গৈ থাকোঁতে প্ৰথমেই আমি তিৱাৰী গাঁও পালোঁ৷ ঠাইটুকুৰা ৰ’য়িং আৰু মায়’ডিয়া পাছৰ ঠিক মাজত৷ মিছিমি পাহাৰৰ অভ্যন্তৰত তিৱাৰী নামটো কেনেকৈ হ’বলৈ পালে তাকে লৈ যথেষ্ট উৎসুকতাৰ সৃষ্টি হ’ল৷ অনেকপৰ আমাৰ মাজত আলোচনা চলিল যদিও শুদ্ধ কথাটোৰ উৱাদিহ উলিয়াব নোৱাৰিলোঁ৷ সেয়া নজনাকৈয়ে ৰ’ল৷ তিৱাৰী গাঁৱৰ একা-বেঁকা বাটটোতে দোকান এখন দেখিছিলোঁ৷ খোলা আছিল৷ ভাবি থ’লোঁ যে ঘূৰি আহোঁতে সোমাই যদি পাওঁ চাহ খাই যাম৷ তেতিয়াই সমস্ত কথা জানিব পাৰিম৷
লেণ্ড স্লাইড, ৰ’লিং ষ্ট’ন এলেকা কিছুমান পাৰ হৈ গৈ আছোঁ৷ অকণমান আগলৈ ক’ফি হাউচ গে’ষ্ট হাউচ৷ মায়’ডিয়াত থকাৰ সুবিধাযুক্ত একমাত্ৰ স্থান এই চৰকাৰী পৰিদৰ্শন বাংলোটো৷ খোৱা-বস্তুৰ ব্যৱস্থা পিছে নিজে কৰিব লাগে৷ গে’ষ্ট হাউচ নাপাওঁতেই আকৌ মেঠোনৰ গে’ট এখন৷ পুনৰবাৰ নামিলোঁ৷ গে’টখন টানি ধৰিলোঁ, গাড়ী পাৰ হ’ল৷ ক’ফি হাউচটো ৰাস্তাৰ পৰা ওপৰলৈ৷ সুন্দৰ ল’কেশ্বন৷ এৰাতি ইয়াত থাকি যাব পৰাহেঁতেন! সেইফালে চাই ভাবত মগন হৈ থাকোঁতেই ৰ’য়িঙৰ পৰা আনিনিলৈ যোৱা টাটা চুম’ এখন ৰ’লহি৷ ড্ৰাইভাৰ আৰু স্থানীয় মানুহৰ সৈতে হুনলি, আনিনি সম্পৰ্কে সোধ-পোছ চলিল৷ দূৰত্ব আৰু পথৰ বিষয়ে জানি ল’লো৷ তাৰ পিছত সমূহীয়া আলোচনামৰ্মে এই সিদ্ধান্ত হ’ল যে এই দিশে মায়’ডিয়া পাছেই সদ্যহতে আমাৰ লক্ষ্মণ-ৰেখা হ’ব৷ ইনাৰ লাইন পাৰ্মিটত উল্লেখ কৰা স্থান আৰু সময়ৰ বাধ্যবাধকতালৈ চাই তাতোকৈ আগ বঢ়াটো বুদ্ধিমানৰ কাম নহ’ব৷ গাড়ীত বহিলোঁ আৰু নাতিদূৰত অৱস্থিত শেষস্থল মায়’ডিয়া পাছলৈ আগ বাঢ়িলোঁ৷
ৰ’য়িং আৰু আনিনিৰ মাজৰ সৰ্বোচ্চ উচ্চতাৰ ঠাইটুকুৰাই হৈছে মায়’ডিয়া পাছ৷ গিৰিপথটো সমুদ্ৰপৃষ্ঠৰ পৰা ২,৬৫৫মিটাৰ উচ্চতাত অৱস্থিত৷ ই এক অনন্য পাৰ্বত্যনিৱাস৷ লগতে এখন আদৰ্শ ট্ৰেকিং থলী৷ মায়া নামৰ নেপালী যুৱতী এজনীৰ নামৰ পৰাই ঠাইখিনিৰ নামটো মায়’ডিয়া হৈছে৷ কথিত আছে যে মায়া বোলা ছোৱালীজনী এদিন ইয়াতে বৰফৰ মাজত হেৰাই গৈছিল৷ তাইক আৰু বিচাৰি পোৱা নগ’ল৷ শুকুলা বৰফেৰে ঢকা কৰ্দৈসিৰীয়া পাহাৰৰ টিং, নামনিৰ ঘন সেউজীয়া বননি আদিৰে মায়’ডিয়া মনোৰম৷ শীতকালত বৰফাবৃত্ত পৰ্বতৰ শাৰীয়ে অঞ্চলটোক অধিক আকৰ্ষণীয় কৰি তোলে৷ মাৰ্চ মাহ পৰ্যন্ত বৰফেৰে ঢাক খাই থাকে এই গিৰিপথছোৱা৷ ডিব্ৰুগড়, তিনিচুকীয়াকে ধৰি বিশেষকৈ উজনি অসমৰ কৌতূহলী মানুহে সুদূৰ কাশ্মীৰলৈ যোৱাৰ পৰিৱৰ্তে ইয়ালৈকে আহি বৰফ চায়, প্ৰাকৃতিক শোভা পান কৰে আৰু আনন্দ লয়৷ কাকত-আলোচনীত প্ৰকাশিত তেনে পৰ্যটকৰ লেখা আমাৰ ভ্ৰমণপিয়াসী অগ্ৰজ অৰুণদাই সযতনে সংগ্ৰহ কৰি ৰাখিছিল৷ এই যাত্ৰাটোৰ প্ৰস্তুতিত সেইবোৰে আমাক তথ্যৰে সহায় কৰাই নহয়, মানসিক প্ৰোৎসাহনো যোগাইছিল৷ তেতিয়াৰ পৰাই অৰুণদাই মন্ত্ৰ মতাদি কেৱল কৈ আছিল, মায়’ডিয়া মায়’ডিয়া, মায়’ডিয়া৷ আৰু এতিয়া আমি সোঁশৰীৰে আহি পালোঁ সপোনৰ সেই ঠাইটুকুৰা৷
পৰৱৰ্তী লেখা :
৩. মায়’ডিয়া টপৰ পৰা নামি শদিয়া অভিমুখে
পৰৱৰ্তী লেখা :
৩. মায়’ডিয়া টপৰ পৰা নামি শদিয়া অভিমুখে
No comments:
Post a Comment