Wednesday, 2 September 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন সাত ৷৷ দিনাংক ১৬.৪.২০১৫
৩. মায়ডিয়া টপৰ পৰা নামি শদিয়া অভিমুখে




১৯৮০চনৰ জুন মাহত লোহিত জিলাৰ পৰা ফালি দিবাং ভেলী জিলা সৃষ্টি কৰা হৈছিল৷ আনিনিত আছিল জিলা সদৰ৷ প্ৰশাসনীয় সুবিধাৰ্থে ২০০১চনৰ ১৬ডিচেম্বৰত দিবাং ভেলীক আকৌ দুভাগ কৰা হয়৷ দিবাং ভেলী আৰু ল'ৱাৰ দিবাং ভেলী৷ নৱগঠিত জিলাখনৰ সদৰ ৰ'য়িং য'ৰ পৰা আমি মায়'ডিয়ালৈ আহিছোঁ৷ দেশৰ ১০খন কম জনসংখ্যাৰ জিলাৰ ভিতৰত এইখনো এখন৷ ১২০০ পৰা ১৬০০চন পৰ্যন্ত এই এলেকাটো চুতীয়া সাম্ৰাজ্যৰ অন্তৰ্গত আছিল বুলি জনা যায়৷


৯.৩০ বাজি গৈছে৷ মায়ডিয়া টপত গাড়ী ৰল৷ সোঁহাতে পথতে লাগি থকা শিৱ মন্দিৰ এটা দেখা পালোঁ৷ টিনপাতৰ চালিৰে অস্থায়ী ৰূপত সজা যদিও বেৰকেইখন পকী৷ টিকটিকীয়া ৰঙা ৰং সানি থোৱা হৈছে মন্দিৰটোত৷ ত্ৰিশূল কেইডালমান প্ৰৱেশদ্বাৰৰ দুয়োফালে পোতা আছে৷ সঞ্জুহঁত মন্দিৰটোলৈ সোমাই গল৷ শিখৰৰ নিস্তব্ধতা নাশ কৰি তাত ওলমি থকা ঘণ্টাটো বজাই দিলে৷ মন্দিৰটোৰ স্থানত মহাদেৱৰ প্ৰকাণ্ড প্ৰতিকৃতি এটা প্ৰতিষ্ঠা কৰিব পৰা হলে বৰফৰ দিনত কৈলাসৰ ৰূপেই পৰিগ্ৰহ কৰিলেহেঁতেন চাগৈ! কল্পনা কৰি চালোঁ৷

মন্দিৰটোৰ ঠিক বিপৰীতে সেনাৰ কেম্প এটা৷ তাৰো অস্থায়ী ৰূপ৷ শীতকালত ইয়াত ডিউটি কৰাটো জোৱানসকলৰ বাবে কিমান কষ্টকৰ হব পাৰে, মনে মনে চিন্তা কৰিলোঁ৷ মন্দিৰৰ দাঁতিতে লগালগিকৈ সোঁফালে মেডিচিনেল প্লেণ্ট কনজাৰ্ভেচন এৰিয়া৷ ৩০০হেক্টৰ ভূমি আগুৰি ঔষধি আৰু দুষ্প্ৰাপ্য গছ-গছনি সংৰক্ষণ কৰা হৈছে৷ এইখন মেহাও বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত৷

ইণ্ডিয়ান আৰ্মীৰ চিগনেল বিভাগৰ কৰ্তব্যত নিয়োজিত কে. আৰ. শ্ৰীনিবাস৷ ইউনিফৰ্ম পৰিহিত লোকজন আমাক দেখি আগ বাঢ়ি আহিল৷ আমিও আগুৱাই গৈ এজন এজনকৈ তেওঁৰ সৈতে কৰমৰ্দন কৰিলোঁ৷ পৰিচয় আৰু কথা-বতৰা হ’লোঁ৷ শ্ৰীনিবাস দুমাহৰ ছুটীত ঘৰলৈ যাব ওলাইছে৷ তেওঁ দক্ষিণৰ মানুহ৷ ইয়াৰ পৰা ৰ’য়িং হৈ তেজুলৈ, তেজুৰ পৰা ডিব্ৰুগড় হৈ চেন্নাই৷ বিমানেৰেই যাবগৈ৷ সদ্যহতে গাড়ীৰ অপেক্ষাত৷ এইফালে গাড়ী কম৷ কেৱল টাটা চুম’ চলে৷ ভূমিস্খলন হ’লে মাহৰ পিছত মাহ ধৰি পথ বন্ধ থাকে৷ তেওঁক সহায় কৰিব পৰাকৈ আমাৰ গাড়ীতো ইফালে ঠাই নাই৷ নিজৰ নিজৰ টালি-টোপোলাকেইটা বাদেই, পৰশুৰাম কুণ্ডত সিদিনা ভৰোৱা পানীভৰ্তি বটল, লোহিতৰ হট স্প্ৰীঙৰ গৰম পানীৰ বটল, ডঙৰ পৰা সংগ্ৰহ কৰা এগালমান বনৰীয়া ফুলগছকে ধৰি বাটে বাটে য’তে-ত’তে সংগ্ৰহ কৰা শিলগুটি, আমলখিকে আদি কৰি অনেক কিবাকিবিৰে পিছফালখন ঠাহ খাই পৰিছে৷ আমাৰ গাড়ীত উঠাব নোৱাৰা বাবে তেওঁক বেয়া নাপাবলৈ ক’লোঁ৷ ‘কোনো কথা নাই, আমি এনেকৈয়ে চলোঁ৷’ অৱস্থা দেখি হাঁহি এটা মাৰি তেৱোঁ মানি ল’লে৷

মায়’ডিয়াৰ কথা পাতি থাকোঁতেই শ্ৰীনিবাসে নিজৰ মস্ত স্ক্ৰীণ টাচ্ছ ম’বাইলটো পকেটৰ পৰা উলিয়াই ল’লে৷ মাউণ্টেইন পাছটোৰ বৰফাবৃত্ত দিনৰ সুন্দৰ সুন্দৰ ফটোগ্ৰাফ কিছুমান তেওঁৰ হাতত আছিল৷ বৰ গৰ্বেৰে সেইবোৰ তেওঁ দেখুৱাই গ’ল৷ ক’লে, ‘জানুৱাৰী-ফেব্ৰুৱাৰীত আহিব, তেতিয়াহে দেখিব আচল শোভা৷’ দূৰৰ পৰ্বতলানিৰ ওপৰত বৰফে তেতিয়াও খেলা দেখুৱায়ে আছিল৷ মাজে মাজে মেঘে ঢাকি ধৰে, আকৌ ওলায়৷ বতৰটো অৱশ্যে আমি ভালেই পাইছিলোঁ৷ মায়’ডিয়াটুকুৰা শিলাময়৷ বৰফ পৰে বাবেই মায়’ডিয়া টপৰ ৰাস্তাডোখৰ অলপ বেলেগ ধৰণে নিৰ্মাণ কৰি দিয়া হৈছে৷ প্ৰায় এক কিল’মিটাৰকৈ দুয়ো দিশলৈ শিল-বালি-চিমেণ্টৰ মিশ্ৰণেৰে ঢালাই কৰা পথ৷ বি.আৰ.অ’ নিৰ্মিত পথছোৱাৰ সেই বগা অংশত জাৰকালি বৰফ জমে৷ 'শীতৰ আগমনত আকৰ্ষণীয় হৈ পৰে ঠাইখিনি৷ অনেক পৰ্যটক আহে, বৰফ চায়, ৰাস্তাতে খেলে, আনন্দ উপভোগ কৰে৷' শ্ৰীনিবাসে ক’লে৷

ব্ৰিটিছে ছিমলাৰ অনুৰূপ মায়'ডিয়াকো গঢ়ি থৈ যাব পাৰিলেহেঁতেন৷ শীতৰ ছবি দেখি তেনেকুৱা ভাবনা এটা মনলৈ আহিল৷ এতিয়া অৰুণাচল প্ৰদেশ চৰকাৰৰ টুৰিজিম বিভাগে পৰ্যটন স্থল হিচাপে মায়'ডিয়াক পূৰ্ণাংগ ৰূপত সজাই তোলাত যথাযথ উদ্যোগ লোৱা উচিত৷ একে সময়তে মানুহজনৰ হাতত ফোনটো দেখি অন্য এক প্ৰশ্নও মনৰ অভ্যন্তৰত জাগি উঠিল৷ সুধিলোঁ, ‘আপোনাৰ হাতত ম’বাইল ফোন দেখিছোঁ, কিন্তু নেটৱৰ্কচোন নায়েই৷’ মায়’ডিয়া পাছ লিখা হালধীয়া চাইনব’ৰ্ডখনলৈ ততালিকে আঙুলিয়াই তেওঁ অনুচ্চ স্বৰত কৈ উঠিল, ‘আপ ৱহা চলা যাইয়ে৷ ঠিক ব’ৰ্ড কে নিচে৷ বি.এছ.এন.এল. নেটৱৰ্ক মিল যায়েগা৷ যাইয়েনা৷’ ইফালে সিফালে আপোনমনে কিবাকিবি চাই ফুৰা আমাৰ কোনো এজন সংগীয়েও কথাটো টং কৰা নাছিল৷ হাতত সাৰে ভৰিত সাৰে মই সেইখিনিলৈ গ’লোঁ৷ হয় কথাটো৷ চিগনেল পাই চিধাই ঘৰলৈ ফোন লগালোঁ৷ খবৰটো দিলোঁ যে আমি এতিয়া মায়’ডিয়াত আছোঁ৷ ক্ষন্তেক পিছতে আমাৰ প্ৰকৃত উভতনি যাত্ৰা আৰম্ভ হ’ব৷ ইনাৰ লাইন পাছৰ ম্যাদ উকলি আহিছে৷ গতিকে অৰুণাচলে বেছি সময় ধৰি ৰাখিব নোৱাৰিব আমাক৷

মোক তেনেকৈ ফোনত কথা পাতি থকা দেখি কৌতূহলী চাৱনিৰে বাকীকেইজনো এজন এজনকৈ চাপি আহিল৷ ম’বাইলবোৰ উলিয়াই ল’লে৷ তাৰ পিছত আৰু পায় কোনে? অনৰ্গল কথা আৰু কথা৷ সঞ্জুৱে হোৱাটছ-আপ, ফে’ছবুকতো সোমোৱাৰ চেষ্টা চলালে চাগৈ! ইফালে উভতিবৰ মুহূৰ্তটো আহিল৷ কাৰণ মায়ডিয়া পাছেই শেষ সীমা বুলি নিৰ্ধাৰণ কৰা আছে৷ ইয়াৰ পৰা ঘূৰি ৰ’য়িং হৈ শদিয়া পাবগৈ লাগিব৷ শদিয়াত নৈ পাৰ হ’ব লাগিব৷ ফেৰীৰ সময়ৰ বিষয়ে কাৰো এই পৰ্যন্ত কোনো জ্ঞান নাই৷ পাৰ হ'ব নোৱাৰিলে শদিয়াতে হল্ট৷ গতিকে শুভস্য শীঘ্ৰম৷ গ্ৰীন মায়'ডিয়া দেখিলোঁ৷ হোৱাইট মায়'ডিয়া বাকী থাকিল৷ বাকী থাকিল হুনলি, আনিনি৷ 'আকৌ আহিম, দেখা হ'ম, একেলগে বৰফত খেলিম' বুলি শ্ৰীনিবাসক মাত লগাই আমি গাড়ীত উঠিলোঁ৷ তেওঁ হাতখন বহু সময়লৈকে জোকাৰি থাকিল৷

ৰাস্তাত শ্ৰমিক কিছুমানে ৰিটেইনিং ৱাল সজাৰ কাম কৰি আছিল৷ লেণ্ড স্লাইডে ক্ষতি কৰা এলেকাটোত জীৱনক বাজিত লগাই তেওঁলোকে পথৰ উন্নয়নত নামি পৰিছে৷ সাধাৰণ খাটি খোৱা মানুহৰ জীৱন সংগ্ৰামৰ ৰূপটো সকলোতে দেখিছোঁ একেই৷ মায়’ডিয়াৰ ৰাস্তা দেখি অৰুণদাৰ উচ্চতা-ভীতিটো আগৰে পৰাই ভিতৰি ভিতৰি সক্রিয় হৈ আছিলেই৷ এৰ'ফ'বিয়া থকা মানুহে ভুলতো তললৈ চাব নালাগে৷ ভাগ্য যে ভয়টোৱে উঠি যাওঁতে সিমান ক্ৰিয়া কৰা নাছিল৷ নামিবৰ পৰত সন্মুখৰ আসনত বহি এতিয়া সৰ্বদিশ খোলাকৈ দেখা পাই আছে৷ পেটেলক গাড়ী লাহে লাহে চলাবলৈ নিৰ্দেশ দিছে৷ টাৰ্নিং পালেই মুখৰ পৰা ওলাই আহিছে, 'পেটেল লাহে লাহে'৷ পেটেলে হাঁহিৰে সঁহাৰি জনাইছে, 'হ'ব ছাৰ' বুলি৷ বিপৰীতে আমি আকৌ চকুৰ আগত দৃশ্যমান সুন্দৰ সুন্দৰ দৃশ্যাৱলী চাই আত্মবিভোৰ হৈ পৰিছোঁ৷ তেনেকৈয়ে হালি-জালি মাজে মাজে কেমেৰাৰ শ্বাটাৰত হাত দিছোঁ৷ 

নামি আহি তিৱাৰী গাঁও পালোঁহি৷ অথনি সোমাই চাহ খাম বোলা দোকানখন তেতিয়ালৈ বন্ধেই হৈ থাকিল! বৰ্ষাৰণ্য, শেলুৱৈ ধৰা গছ-গছনিৰ মাজে মাজে আৰু কিছুদূৰ নামি এঠাইত ৰ’লোঁ৷ গাড়ীৰ পৰা মাটিত ভৰি দিয়ে চক খাই উঠাৰ পাল! পথৰ কাষতে ষ্ট্ৰবেৰী ফলৰে সাইলাখ একে এক ধৰণৰ উদ্ভিদ৷ নাম নাজানো৷ সেউজীয়াৰ মাজত ৰঙা বৰণৰ অসংখ্য ফল যেনি-তেনি জিলিকি আছে৷ কেৱল জোখতহে ষ্ট্ৰবেৰীতকৈ ভালেখিনি সৰু৷ অচিন-অপৰিচিত ফলটো সঞ্জু আৰু অৰুণদাই মৰসাহ কৰি চেলেকি-চোবাই পৰীক্ষা কৰি চালে৷ সোৱাদটো একেই৷ খাব পাৰি৷ পূৰঠ চাই বিচাৰি বিচাৰি তাকে কিছুমান উধাই-মুধাই গিলি পেলালোঁ৷ পুলিকেইটামানো তেওঁলোকে সংগ্ৰহ কৰি থ'লে৷ নতুন কিছুমান বনৰীয়া গছ-গছনিৰে গাড়ীৰ পিছফালটো সমৃদ্ধ হৈ পৰিল৷ মায়’ডিয়াৰ প্ৰাকৃতিক সম্পদৰ কোনো হৰণ-ভগন হোৱাটো নিবিচাৰি মই পিছে একোৱেই নুবুটলিলোঁ৷ ৰিক্তহস্তেই উভতিলোঁ৷

মিছিমি পাহাৰৰ স্পৰ্শসুখ এৰিবৰ হ'লহি৷ দূৰৈত ৰ’য়িংখন উজলি উঠিছে৷ মিউজিক প্লেয়াৰত বাজিব ধৰিছে কাৰবি গান৷ অলকা য়াগনিকৰ কণ্ঠৰ 'চেনচ' নাংকে বাছাপী'টো শুনি শুনি আনন্দেৰে যাত্ৰা কৰি আছোঁ৷ অলপ পিছতে ভাহি আহিল ‘সমাধিৰ কবি’ অৰুণদাই কেতিয়াবাতে লিখা কবিতা এটাৰ পৰা ৰূপান্তৰ কৰা গীত ‘তিপিত আলং নেপেই আমেক্রি’ (সমাধিত মোৰ আইৰ চকুলো)৷ অৰণ্যৰ মাজত নিজৰ সৃষ্টি শুনি গীতিকাৰ আনমনা হৈ পৰিল৷ গীতিকাৰক কাষতে পাই পেটেলো চাগৈ আচৰিত হ'ল৷ তেনেকৈয়ে দেওপানীৰ দলঙত উঠিলোঁহি৷ মিছিমি পাহাৰৰ বুকুত এৰি থৈ আহিলোঁ আমাৰ মেক্ৰি (চকুলো)৷ শুদা হাত অথচ হেঁপাহ আৰু সুখকৰ অনুভূতি কিছুমানেৰে হৃদয়-মন জুৰাই লৈ ৰ'য়িং পালোঁহি৷ তেতিয়া ঠিক মধ্যাহ্ন হৈছে৷

য়িঙত নামিবলগীয়া নাই৷ পেটেলে গহীন গতিৰে ৰয়িং পাৰ কৰালে৷ ৰঙা চাহ খোৱাৰ ইচ্ছা এটা আছিল যদিও নৈ পাৰ হোৱাৰ চিন্তাটো অধিক শক্তিশালী হৈ উঠিছে৷ তাতোকৈ কাৰ্যকৰী হৈ পৰিল শদিয়াঘাটত মাছে-ভাতে দকচি এসাঁজ খোৱাৰ ইচ্ছা৷ গতিকে সোনকালে চপাখোৱাত উপস্থিত হবগৈ লাগে৷ তাত সুধি-পুছি ঘাট পাবগৈ লাগে৷ ইফালে শদিয়া বোলোঁতে মোৰ মনটোত বেলেগ কথা দুটাই উখল-মাখল লগাব ধৰিলে৷ দৰকাৰী ফোন নম্বৰ বিচাৰি পকেট নোটবুক আৰু মবাইলটো খুঁচৰিব ধৰিলোঁ৷ বহল পথটোৰ দুয়ো দাঁতিত থকা মিছিমি চাংঘৰবোৰ পিছলৈ দৌৰি থাকিল৷ তেনেকৈয়ে ২৩কিলমিটাৰ আঁতৰৰ শান্তিপুৰ চেক গেট পালোঁগৈ৷

চে'ক গে'টতো কৰিবলগীয়া একো নাই৷ ১১ তাৰিখে ডিৰাক গে’টেদি অৰুণাচল প্ৰদেশত সোমাইছিলোঁ৷ ইচ্ছামতে ঘূৰি-পকি, মনত গভীৰ প্ৰশান্তি লৈ এতিয়া শান্তিপুৰেৰে ওলালোঁ৷ অসমভূমি পাই ভাল লাগিল যদিও এৰি থৈ অহা অৰুণাচলৰ মোহ আৰু অৰুণাচলৰ কুমাৰী প্ৰকৃতিয়ে হিচাপ কৰিব নোৱাৰাকৈ দি যোৱা মানসিক সন্তুষ্টিখিনি বাৰে বাৰে মনলৈ উৰি উৰি আহি থাকিল৷ ইফালে চপাখোৱা পোৱাৰ আগে আগেহে শেষ হ’ল মোৰ পে’ন ড্ৰাইভত সুমুৱাই নিয়া গানৰ ভাণ্ডাৰটো৷ যাবৰ দিনা পৰশুৰাম কুণ্ডত ভাত খাই সেইটো পেটেললৈ আগ বঢ়াই দিছিলোঁ৷ সেইযে আৰম্ভ হ'ল, আজিহে সমাপ্ত হ'ল৷ শদিয়াৰ মাটিত গানৰ কাম শেষ কৰি নীৰৱে সি মোৰ আংগামী মোনাত সোমালহি৷






















পৰৱৰ্তী লেখা :
৪. শদিয়া চপাখোৱা

No comments:

Post a Comment