Sunday, 6 September 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন সাত ৷৷ দিনাংক ১৬.৪.২০১৫
৬. শদিয়া-ছৈখোৱা পাৰঘাট


আমি ঘাট অভিমুখে ওলালোঁ৷ অলপমান গৈয়ে অনিলদাই আফচোচৰ সুৰত মোক কলে, আপুনি আমলখি সোপাকে ভনীয়েকক দি দিলে! চব দি দিব নালাগিছিল৷ ইমান ভাল আমলখি আছিল সেইকেইটা! গহীনত কলোঁ, আমলখিৰ কাম শেষ৷ এতিয়া নতুন আইটেমত ধৰক৷ অনিলদা আৰু মই ওৰে বাট চুপে-চাপে ঢেৰ পেৰা খালোঁ৷ অৰুণদা, সঞ্জু আৰু পেটেলে কবই নোৱাৰিলে৷ শদিয়াৰ গাখীৰ উৎকৃষ্ট বাবে পেৰাও সুমিষ্ট৷ ঘৰলৈ নিবৰ বাবে গাইপতি অলপ অলপ কিনাৰ কথা আছিল৷ পিছে ছাজিদে বটাই দিয়া প্ৰাপ্তিস্থান কোন টলকতনো পাৰ হৈ আহিলোঁ গমকে নাপালোঁ৷ পেৰা কিনা নহলগৈ আৰু!

নৈৰ ঘাটৰ অৱস্থান সদায় একেদৰে নাথাকে৷ পানীৰ গতি-বিধি অনুপাতে মাজে-মধ্যে সলনি হৈ থাকে৷ সেয়েহে আগতীয়াকৈ এঠাইত গাড়ীখন ৰাখি জনা মানুহক সুধি জানি লোৱা হল৷ উপায়ুক্তজনে সঞ্জুক ঠিকেই কৈছিল ফোনত৷ শদিয়াৰ আচল ৰূপ এইবাৰহে চকুৰ আগলৈ আহিব ধৰিলে৷ কথাৰ সৈতে দৃশ্যপট মিলি পৰিল! বানবিধ্বস্ত এলেকাৰ মাজেৰে ঢলং-পলংকৈ অতি ধীৰ গতিত গৈ থাকিলোঁ আমি৷ ৰাস্তাৰ দুয়ো দাঁতিত মাজে মাজে গাঁও, মাজে মাজে খেতি-বাতি৷ এই অঞ্চলবোৰৰ পূৰ্বতে চাগৈ ৰূপেই বেলেগ আছিল৷ ভূমিকম্প, বানপানীকে ধৰি কিমানযে বিভীষিকা পাৰ হৈ গৈছে! কল্পনা কৰাও টান৷ আদবাটতে বিপৰীত দিশৰ পৰা ডাঙৰ বাছ এখন আহি ওলাল৷ নিৰজুলি নামৰ এই বাছখনৰ কথাকে এদিন বন্ধুস্থানীয় ব্যক্তি শচীন বৰগোহাঁয়ে উল্লেখ কৰিছিল৷ সিদিনা আমি একেলগে নাগালেণ্ড এক্সপ্ৰেছত গুৱাহাটীলৈ গৈ আছিলোঁ৷ কথাই কথাই ৰয়িঙৰ বিষয়ে ওলাইছিল৷ বৰগোহাঁয়ে কোৱামতে এইখন শদিয়াৰ পুৰণি বাছ৷ এতিয়া দেখা পালোঁ৷ সাগ্ৰহে এপাক ঘূৰিও চালোঁ পাৰ হৈ যোৱা বাহনখনৰ পিনে৷

ধীৰে-সুস্থিৰে আগ বাঢ়ি আমি এসময়ত ঘাট ওলালোঁগৈ৷ ফেৰীখন যেনিবা আমাৰ বাবেহে ৰৈ আছিল! এক মুহূৰ্তও ৰবলগীয়া নহল৷ গৈ পোৱাৰ লগে লগে পোনেই গাড়ীখন উঠোৱাৰ ইংগিত আহিল৷ পেটেলে নৌকাৰ ওপৰত যথাস্থানত ঠিকে-ঠাকে অৱস্থান কৰোৱালে৷ এই কাৰবাৰটোত পাকৈত নহলে দুৰ্ঘটনাও ঘটে৷ ইফালে হৈ-চৈ কৰি মানুহবোৰে আগতেই তলে-ওপৰে টোপোলাই-টাপলিয়ে জেগা লৈ আছিল৷ জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায় নিৰ্বিশেষে বিভিন্ন ধৰণৰ মানুহ৷ গৰু-ছাগলী, গাড়ী-মানুহ সকলো একেঠাই৷ একেখনেই পৰিৱহণ৷ লক্ষ্যও একে৷ আমিও যাত্ৰীসকলৰ মাজত বিলীন হৈ গলোঁ৷ হাতত থাকিল উদ্যত কেমেৰা৷ লগত পানীৰ বটলটো৷ অথনি বাটত খাবলৈ উপহাৰস্বৰূপে পোৱা পেৰাৰ পেকেটটো কান্ধত লৈ থকা আংগামী মোনাখনতে সযতনে সামৰি ৰাখিছোঁ, কোনেও নজনাকৈ৷ এতিয়া আহাৰ বুলিবলৈ হাতত একমাত্ৰ সেইটোৱেই আছে৷

সময়ে সুযোগ নিদিলত অনিলদাহঁতৰ এই পাৰে মাছ-ভাত খোৱাৰ মুদা মৰিল৷ হোটেলকেইখনলৈ নিক্ষেপ কৰা অনিলদাৰ অসহায় দৃষ্টিটো মোৰ চকুত সহজে ধৰা পৰি গৈছিল৷ ইতিমধ্যে দিনৰ ২ বাজি ২০মিনিট গৈছে৷ ভোকত পেটে কল্‌মলাবলৈ ধৰিছিল মোৰো৷ ছৈখোৱাঘাটলৈ বুলি ফেৰী এৰিলে৷ শদিয়া ক্ৰমে আঁতৰি যাবলৈ ধৰিলে৷ লোহিতৰ বহল বুকুৱেদি সোঁতৰ বিপৰীতে আমি গৈ থাকিলোঁ৷ হেনৰী কোট্টামলৈ হঠাতে মনত পৰি গ'ল৷ পৰশুৰাম কুণ্ড ইয়াৰ পৰা ০-কিলমিটাৰমানেই হব চাগৈ৷ কোট্টামৰ লক্ষ্য আছিল সুদূৰপ্ৰসাৰী৷ শদিয়াৰ পৰা প্ৰথমে পৰশুৰাম কুণ্ড, তাৰ পিছত দূৰৰ চীন দেশ৷ তেনেকুৱা কৃচ্ছ্ৰসাধনৰ অভিপ্ৰায় আমাৰ নাই৷ তেওঁৰ তুলনাত আমাৰ লক্ষ্য তেনেই সন্নিকট৷ সিপাৰৰ ছৈখোৱাঘাট, তাৰ পিছত তিনিচুকীয়ালৈ৷ যাওঁতে সিদিনা পৰশুৰাম কুণ্ডত পকী দলঙেৰে আমি মিনিটতে পাৰ হৈছিলোঁ লোহিত৷ এতিয়া ফেৰীৰে কিমান সময়বা লাগিব, সঠিকভাৱে নাজানো৷

ইকূল-সিকূল নেদেখা নদীখনৰ মাজভাগলৈ আগ বাঢ়িছোঁ৷ বিভিন্নজনৰ ফোনাফোনি চলিছে৷ অনিলদাৰো ফোন আহিছে৷ ইয়াত মবাইল নেটৱৰ্ক আছে দেখোন! চিৰব্যস্ত জীৱনৰ পকনীয়াই আকৌযে মন-মগজু মুচৰিবলৈ সাজু হৈ আছে তাৰ ইংগিত পাই গৈছোঁ৷ তাৰ আগলৈকে এইকেইদিন প্ৰকৃতিয়ে অনাবিল মৰম আৰু উমৰ মাজত জীৱনটোক যেন বেলেগ এক ধৰণৰ মায়াৰে আৱৰি ৰাখিছিল! অৰুণাচলৰ দিশে চকু ঘূৰালোঁ৷ বুকুখন উদং উদং লাগিছে৷ ডাৱৰবোৰ ওলমি আছে৷ দুৰ্গম পৰ্বতৰ ঘোকোটত নতুন ঠাইলৈ যোৱাৰ আনন্দত আলোড়িত মনটো এতিয়া বহু পৰিমাণে শান্ত৷ আনহাতে কাহোৰ পৰা আৰম্ভ কৰি পৰশুৰাম কুণ্ড পৰ্যন্ত, এতিয়াও চকুত লাগি ৰোৱা লোহিতৰ সেই চিত্তাকৰ্ষক সেউজ-নীল আস্তৰণ এইখিনিত তেনেই শূন্য৷ অৱশ্যে এই নৌকা যাত্ৰাও শিহৰিত হোৱাৰ বাবে যথেষ্ট৷ কিন্তু এইটো ঠিক যে যিমানেই আগুৱাইছোঁ সিমানেই শিহৰণ শেষ হোৱাৰ সময়টো চমু চাপি আহিছে৷ কিবা এটা হেৰুৱাবলৈ ওলাইছোঁ যেন লাগিছে৷

চকু ঘূৰাই আনি সহযাত্ৰীসকললৈ চালোঁ৷ কিছুমানে ভাবগধুৰ মনেৰে সন্মুখলৈ দৃষ্টি ৰাখি গৈ আছে৷ কিছুমানে একেথিৰে পানীলৈকে চাই আছে৷ ইঞ্জিনৰ ধেৎ ধেৎ শব্দ আৰু ধোঁৱাবােৰেহে যেন পৰিৱেশটো প্ৰাণময় কৰি ৰাখিছে৷ লক্ষ্য একে হলে ব্যক্তিগত চা-চিনাকিবোৰ মূল্যহীন হৈ পৰে৷ গলহেকাৰি এটা মাৰি ওচৰতে থিয় দি থকা দুই-একৰ সৈতে আনুষ্ঠানিকতাবিহীনভাৱেই জেৰ টানি কথা পতাত লাগি গলোঁ৷ বুকুৰ উদং ভাবটোৰ নিবৃত্তি এনেকৈয়ে কৰিব লাগিব৷ এই নৈ পাৰ হলেই মানুহবোৰৰ কৰ্মব্যস্ততা, দৌৰাদৌৰিবোৰ আকৌ আৰম্ভ হব৷ এইকণ সময়েই যেন ধৈৰ্য ধৰি থিৰেৰে আছে৷

মাজতে চিঞৰ এটা মাৰি অনিলদালৈ হাতৰ টিপতে পেৰা দুটা আগ বঢ়াই দিলোঁ৷ ৰ'দ আৰু ভোকে মুখমণ্ডল শুকুৱাই পেলাইছিল৷ আমি ওপৰত আছিলোঁ৷ অনিলদা মোতকৈ কেইখোজমান আগত, নাওখনৰ একেবাৰে সন্মুখভাগত আছিল৷ পেটেল আকৌ গাড়ীৰ ভিতৰত৷ অৰুণদা আৰু সঞ্জু অলপমান পিছলৈ, মানুহৰ মাজত৷ এতেকে পেৰাৰ পৰা দেখদেখকৈ বঞ্চিত হল৷ তেওঁলোকলৈ চাওঁতে বেচ চিন্তাক্লিষ্ট যেনেই দেখা গৈছিল৷ বোধ হয় সুকলমে পানী পাৰ হোৱাটোক লৈয়ে৷ জলভয়ত আক্ৰান্ত হ'বও পাৰে৷ ডিঙিকেইটা জীপাল কৰি লওক বুলি পানীৰ বটলটোকে আগুৱাই দিলোঁ৷ শুকান হাঁহিৰে গ্ৰহণ কৰিলে যদিও ভৰা নৈৰ সিপাৰ হৈহে আচল হাঁহিটোহঁত ওলাল৷ এনে হাঁহিবোৰেই গোপনে কৈ যায় দলং এখনৰ কিমানযে দৰকাৰ৷ জীউটো মুঠিত লৈ মানুহবোৰৰ অহা-যোৱা এনেকৈয়ে নিয়মিত চলি থাকে৷ সুৰক্ষা ব্যৱস্থা বুলি কি আছে? একো নেদেখিলোঁ৷

দূৰৰ পৰাই দৃষ্টিত ধৰা দিছে, শদিয়াবাসীৰ স্বপ্নৰ দলংখন৷ প্ৰথম দৰ্শনতে নিৰ্মাণ কাৰ্য আগ বাঢ়ি থকা যেন লাগিছে৷ দলঙৰ মূৰটো নৈৰ বুকুলৈ আগ বাঢ়ি আছে৷ আমিও সেইফালেই ক্রমান্বয়ে চাপি চাপি গৈ আছোঁ৷ দলংখন আৰু দুয়োপাৰলৈ দৃষ্টি সলাই সলাই দৃশ্যাৱলী উপভোগ কৰি যাত্ৰাৰ আমেজ লৈ আছোঁ৷ শদিয়াৰ পৰা ধুবুৰীলৈ এপাক মাৰিলে হেনো অসমখন ঘূৰা সম্পূৰ্ণ হয়৷ মানুহে কোৱা কথা৷ ধুবুৰীলৈ শদিয়াৰ পৰা নদীপথেৰে দূৰত্ব প্ৰায় ৬৫০কিলমিটাৰ৷ ফেৰী এখনত দৰকাৰী সকলো বয়-বস্তু লাদি লৈ এটা জলযাত্ৰা কৰিলে কেনে হয়? সৰুতে গুৱাহাটীত প্ৰথমবাৰ দেখাৰে পৰা একেখন বৰনৈ আজিলৈকেতো বৈয়ে থকা দেখি আহিছোঁ! আচহুৱা ভাবনা এটা হঠাতে মনত খেলাই গল৷ পিছত অৰুণদাৰ আগত কথাটো ব্যক্ত কৰাত কলে, আপুনি নাও, নাৱৰীয়া আদিৰ খোজ-খবৰ লওকচোন৷ সময়-সুবিধা উলিয়াই কিবা এটা কৰিম দিয়ক৷ মজা লাগিব৷ জীৱনটোত বিৰল জাতৰ অভিজ্ঞতাও এটা সঞ্চয় হব৷

শদিয়াৰ পৰা ধুবুৰীলৈ ৰাষ্ট্ৰীয় জলপথ ঘোষণা সম্বন্ধে এঠাইত পঢ়িবলৈ পাইছিলোঁ৷ ৰাষ্ট্ৰীয় জলপথ বিধেয়ক ২০১৫ৰ অন্তৰ্গত শদিয়াৰ পৰা ধুবুৰী পৰ্যন্ত ব্ৰহ্মপুত্ৰ নদৰ জলভাগক ৰাষ্ট্ৰীয় জলপথ হিচাপে কেন্দ্ৰীয় পথ পৰিৱহণ আৰু জাহাজ দপ্তৰে মৰ্যাদা দিয়াৰ কথা৷ শীঘ্ৰেই ৫খন নদী ক্ৰমে গংগা, কৃষ্ণা, মহানদী, গোদাবৰী আৰু ব্ৰহ্মপুত্ৰৰ জলৰাশিক ৰাষ্ট্ৰীয় জলপথৰ স্বীকৃতি প্ৰদানৰ আঁচনি লোৱা বুলি প্ৰকাশ৷ ইয়াৰ ফলত মহাবাহুৰ বুকুৰে যাতায়াতৰ ব্যৱস্থা যথেষ্ট উন্নত হব বুলি নিঃসন্দেহে আশা কৰিব পাৰি৷ ১৮৪৭চনত ব্ৰহ্মপুত্ৰ নৈত প্ৰথম ভাপৰ জাহাজ চলোৱা হৈছিল৷ সেইবোৰ চলাৰ কোনো নিয়ম নাছিল৷ গুৱাহাটীতে সীমাবদ্ধ আছিল৷ এইটো সত্য যে এই নৈখনৰ বিপুল জলসম্পদৰ অতি সামান্য পৰিমাণহে এই পৰ্যন্ত জনসাধাৰণৰ অৰ্থনৈতিক লাভালাভৰ বাবে আহৰণ কৰি হৈছে৷ ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা সম্ভাৱ্য ৪০,০০০মেগাৱাট বিজুলী শক্তিৰ বিপৰীতে বৰ্তমানলৈকে আহৰণ কৰা শক্তিৰ পৰিমাণ কেৱল ৪০০মেগাৱাট৷ ইয়াৰ পানীৰে ২৭লাখ হেক্টৰ মাটিত জলসিঞ্চনৰ যোগান ধৰাৰ সম্ভাৱনা আছে যদিও আজিৰ তাৰিখত মাত্ৰ ৬লাখ হেক্টৰমানতহে জলসিঞ্চন ব্যৱস্থা কৰা হৈছে বুলিও প্ৰকাশ৷ নৈপৰীয়া মানুহবোৰৰ জীৱিকা নদীয়েই দি আহিছে৷ ব্ৰহ্মপুত্ৰৰ জলভাগৰ উন্নয়নমূলক কাৰ্যই নদীৰ সৈতে সম্পৃক্ত জীৱনবোৰক নিশ্চয়কৈ অধিক সমৃদ্ধ কৰিব৷

আনহাতে, এতিয়া নিচেই ওচৰলৈ অহা, ২০১০চনৰ নৱেম্বৰ মাহত আৰম্ভ কৰা ৮৭৬কোটি টকা ব্যয়সাপেক্ষ ৯.১৫কিলমিটাৰ দৈৰ্ঘ্যৰ এই নিৰ্মীয়মান দলংখন এবছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি শুনা পাইছোঁ৷ ভাৰতৰ ভিতৰতে দীৰ্ঘতম ধলা-শদিয়া দলঙে অসম আৰু অৰুণাচলক পোনপটীয়াভাৱে সংযোগ কৰিব৷ শদিয়া আৰু অৰুণাচল প্ৰদেশৰ ৰাইজৰ দীৰ্ঘদিনীয়া ভ্ৰমণ-যন্ত্ৰণাৰ অৱসান ঘটিব এই দলং মুকলি হোৱাৰ লগে লগে৷











পৰৱৰ্তী লেখা :
৭. ডিবৰুৰ পাৰত এনিশা

No comments:

Post a Comment