Saturday 30 May 2020

৮.৫ আচ্‌হিছৰ পৰা প্ৰত্যাগমন


আমাৰ ব্যৱহাৰোপযোগী পানী এনে এক বিশেষ ধৰণৰ প্ৰকৃতিজাত উপাদান যাক কোনো প্ৰযুক্তিৰেই সৃষ্টি কৰি লব নোৱাৰি  ৷ বৰষুণ আৰু ভূজলৰ লগতে নদী ইয়াৰ অন্যতম আধাৰ ৷ তদুপৰি পৰিবাহকো ৷ যি দেখিছোঁ আৰু বুজিছোঁ, দেশখনৰ এইটো প্ৰান্তত পানী উভৈনদী ৷ কোনো অভাৱ নাই ৷ ইপিনে একে সময়তে দেশখনৰে আন আন কোণত জল-সম্পদক লৈ দিনে-নিশাই উদ্ভৱ হব ধৰিছে সমস্যাৰ পাছত সমস্যা ৷ চলিত বৰ্ষৰ ভিতৰতে ভাৰতৰ প্ৰধান প্ৰধান ২১খন চহৰ গভীৰভাৱে জল-সংকটত পৰিব বুলি আগজাননী শুনা গৈছে ৷ জলশক্তিৰ বাবে জনশক্তি শ্লগানেৰে কেইবাঠাইতো জল সংৰক্ষণ আন্দোলন মূৰ দাঙি উঠিছে ৷ ৰেইন ৱাটাৰ হাৰভেষ্টিং যদি নকৰে তেনেহলে নগৰ-মহানগৰত কংক্ৰিটৰ গৃহ নিৰ্মাণৰ অনুমতি দিয়াটো বন্ধ কৰা হৈছে ৷ আৰু কি ? মাহটোত অন্ততঃ এদিন পানীশূন্য দিন পালন কৰাৰো প্ৰস্তাৱ শুনা গৈছে ৷ আচ্‌হিছ'ত ড্ৰিৰ বুকুত থিয় দি কথাবোৰ ভাবিবলৈকে টান পাইছোঁ ৷ অবিশ্বাস্য, আজব তথ্য যেন লাগিছে ৷ অথচ ই সঁচা ৷

আনৰ এনেকুৱা দুৰ্যোগৰ পৰা আগতীয়া শিক্ষা লৈ আচ্‌হিছ’-আনিনিৰ সমাজ-জীৱনত অনাগত দিনৰ নিৰাপত্তা তথা ভৱিষ্যৎ প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত সচেতনতা আৰু দূৰদৰ্শী চিন্তা-চেতনা উদ্ৰেক হোৱাটো একান্তভাৱে কামনা কৰোঁ ৷ ঠাইবিলাকৰ উন্নয়নমুখী পদক্ষেপৰ ক্ষেত্ৰতো স্থানীয় পৰিৱেশ-পৰিস্থিতিতন্ত্ৰৰ অনুকূলে ৰোৱা কৰ্ম-আঁচনি গ্ৰহণ আৰু যথাযথ ৰূপায়ণত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সততা, নিষ্ঠা তথা সদিচ্ছা বাঞ্ছনীয় ৷ নেতা-আমোলা-অতিথিয়ে চৰকাৰী ধনৰ জোৰত নৈৰ পাৰত জাক-জমকতাৰে বাহৰ পাতি এৰাতি খাই-বৈ কটাই গুচি যোৱাটোৱে এলেকাটোৰ সামগ্ৰিক উন্নয়ন সাধন হোৱাটো নিশ্চয় কোনোপধ্যে নুবুজায় ৷ ইয়াৰ বাবে কৰিবলগীয়া কাম আছে ৷ ৰাইজে সেইবিলাক সতৰ্কতাৰে লক্ষ্য কৰিব লাগিব ৷

ওলমা দলঙৰ ওপৰত এখোজ-দুখোজকৈ ওভতনি খোজ পেলাই আছোঁ ৷ শেষবাৰৰ বাবে সজলধাৰাসহিত কেউপাশলৈ দৃষ্টি নিগৰাইছোঁ ৷ তাৰ লগে লগে আচ্‌হিছৰ জৈৱ-বৈচিত্ৰ্য, পাৰিপাৰ্শ্বিক আচ্ছাদন যেন অক্ষুণ্ণ হৈ ৰয়, প্ৰাণী আৰু উদ্ভিদৰ প্ৰাকৃতিক আবাসস্থলী যাতে সুসংৰক্ষিত হৈ থাকে তাকে মনে-প্ৰাণে কামনা কৰিছোঁ ৷ বচ্চন, চ, অনিয়া আৰু লগৰীহঁত শাৰী পাতি মোতকৈ কিছু আগত গৈ আছে ৷ স্বাভাৱিক দোলনত দুলি আছে হেঙিং ব্ৰীজখন ৷ অলপ পাছতে কেঁচা বাঁহৰ সুবাস হেৰুৱাম ৷ সুযোগ-সুবিধা পালে ওলামহি আকৌ ৷ এনেকুৱা প্ৰাকৃতিক বিনোদনে সদায়ে মাতি থাকিব ৷

পৃথিৱীৰ বিশাল জৈৱ-বৈচিত্ৰ্যপূৰ্ণ ১৭খন দেশৰ মাজৰে এখন হৈছে ভাৰতবৰ্ষ ৷ ভাৰতবৰ্ষৰ জৈৱ-বৈচিত্ৰ্যৰ ৪টা সংকটাপন্ন ঘাটি বা বিপন্ন ক্ষেত্ৰৰ ভিতৰত এটা হৈছে উত্তৰ-পূৰ্বাঞ্চল যি দেশৰ মুঠ জৈৱ-বৈচিত্ৰ্যৰ প্ৰায় অৰ্ধেক শতাংশ আৱৰি আছে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অৰুণাচল প্ৰদেশ এই বিষয়ত বিশেষভাৱে চহকী ৷ বিশাল বৈচিত্ৰ্যপূৰ্ণ মণ্ডল হিচাপে এইফালে চীন চুই থকা ডিবাং বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্ৱৰ্তী অঞ্চলটো জিলাখন, ৰাজ্যখন বা দেশখনৰে নহয়, পৃথিৱীৰ জৈৱ-বৈচিত্ৰ্যৰ অন্যতম ক্ষেত্ৰ বা ঘাটি বা ভঁৰাল বুলি ইতিমধ্যে পৰিগণিত হৈছে ৷ গতিকে মিছিমি পৰ্বতৰ গুৰুত্ব অপৰিসীম ৷

এইটো সকলোৰে জ্ঞাত যে প্ৰকৃতিৰ গতিতকৈ লুভীয়া মানুহৰ গতি অধিক খৰতকীয়া ৷ এনে লোকে নিজৰ বাবে, জীৱকুলৰ বাবে অপৰিহাৰ্য বতাহ আৰু পানীৰ উৎসকো নষ্ট কৰিবলৈ কিঞ্চিৎমানো কুণ্ঠাবোধ নকৰে ৷ অবিবেচক আৰু ধ্বংসকাৰী মানুহ কিছুমানৰ কুকৰ্মৰ কাৰণে যেন অনাগত দিনত আচ্‌হিছৰ প্ৰাকৃতিক ভাৰসাম্য বিপন্ন হবলগীয়া পৰিস্থিতি নহয়, উদ্ভিদকুল আৰু প্ৰাণীকুল যাতে বিলুপ্তিৰ ভাবুকি বা জটিলতাৰ দিশে ভৱিষ্যতে কোনো কাৰণতে যাবলগীয়া নহয়, তাৰ কাৰণে এতিয়াৰ পৰাই আচ্‌হিছ-আনিনিৰ থলুৱা সম্প্ৰদায় প্ৰমুখ্যে ৰাইজ তথা ডিবাং ভেলীৰ জনগণ সদা-হুঁচিয়াৰ তথা জাগ্ৰত প্ৰহৰী হব লাগিব ৷ জৈৱ-বৈচিত্ৰ্যৰ আইন আৰু নীতি হব লাগিব শক্তিশালী, কঠোৰতম ৷

পানীৰ শক্তি অফুৰন্ত ৷ ড্ৰিয়ে কঢ়িয়াই নিয়া জল-সম্ভাৰৰ অন্তৰ্নিহিত শক্তিক ১০১.৫০ মিটাৰ ওখ বান্ধেৰে সুদূৰৰ য়ুৰন গাঁৱত আবদ্ধ কৰাৰ লগতে তাল নদীখনকো আথুনলি গাঁৱত ৮০ মিটাৰ উচ্চতাৰ বান্ধ দি ইটালিনত নিৰ্মাণৰ পৰিকল্পনা যুগুত কৰা হৈছে ভাৰতবৰ্ষৰ ভিতৰতে সৰ্ববৃহৎ, ৩,০৯৭ মেগাৱাট শক্তিসম্পন্ন বিৰাট জলবিদ্যুৎ প্ৰকল্প ৷ মেগা হাই্ড্ৰ'-ইলেকট্ৰিক প্ৰজেক্ট ৷ তালৰ সৈতে ড্ৰিৰ পানীৰেই চকৰি ঘূৰিব ইটালিনত ৷ তাৰ কাৰণে যেন পাৰিপাৰ্শ্বিকতাত ব্যাঘাত নজন্মে সিও নিতান্তই মন কৰিবলগীয়া ৷

ড্ৰিৰ বুকুৰ পৰা বিদায় লৈ উঠি অহাৰ পাছত টুৰিষ্ট লজ্‌ অৰ্থাৎ ৰান্ধনীশালাটো পাইছোঁহি ৷ আই.টি.বি.পি.ৰ জোৱান কেইজনমান আগৰে পৰাই ৰৈ কথা পাতি আছিল ৷ বুকুত কেমেৰা ওলমি থকা দেখি এজনে মোক মাতিলে ৷ কিয়বা মাতিলে, খোকোজাই লাগিল প্ৰথমতে ৷
ছাৰজী, এক ফটো খিচিয়েনা হামাৰা ৷’ 
অ' সেইটো কথা ৷ দ্বিতীয় বাক্যতহে পৰিষ্কাৰ হ'ল উদ্দেশ্যটো ৷ একেলগে ফটো উঠাৰ চখ পাঁচোজনৰে ৷ পিন্ধনত জলফাইৰঙী সাজ ৷ টুপী, গামবুট ৷ কান্ধত অত্যাধুনিক হাথিয়াৰ ৷
ঠিক হে, আয়িয়ে ৷
বেকগ্ৰাউণ্ড নিৰ্বাচন কৰি গোটেই কেইজনকে শাৰী পতাই স্নেপ দুটা ললোঁ ৷ তাৰ পাছতে মোক সোঁমাজত লৈও এবাৰ উঠাৰ আগ্ৰহ কৰিলে ৷ হোৱাট্‌ছএপযোগে ফটো পাব বিচাৰে ৷ কি কৰা যায় ? ম'বাইল পৰি আছে বেগৰ তলত ৷ কলম আৰু পকেট নোটবুকখন আগ বঢ়াই দিলোঁ ৷ 'নাম, ফোন নম্বৰ লিখ দিজিয়ে, ঘৰ যাকে ভেজ দে'তা হুঁ ৷' কেপিটেল লেটাৰত লিখিবলৈ ক'লোঁ নামটো ৷ অচুপ পাৰমেই তেনেকৈয়ে লিখি দিলে ৷ শেষত ধন্যবাদ আৰু কৰমৰ্দনেৰে এৰা-এৰি ৷ ডেমবিউনৰ ৰক্ষক এইসকল ৷ ভাল লাগিল আকস্মিকভাৱে লগ পাই ৷

ষ্টেপৰ ওপৰৰ পৰা সংগীসকলে ঘটনাটো চাই আছিল ৷ কিবা জগৰ লাগিল নেকি ? মুখমণ্ডলত এই ধৰণৰ চিন্তাৰ ৰেশ ৷ ওচৰ পাওঁতে অনিয়াই কলে, আপক আৰ্মী জেইসা দেখতা হে আৰ্মী জেইসা ! মোৰ হাঁহি উঠি গল ৷ তেনেকুৱাতে কেইজনমান জোৱানে ৰাফ্‌ট এখন ওপৰলৈ টানি টানি উঠাই অনাত মনঃসংযোগ অনিয়াৰ পৰা সেইফালে গুচি গল ৷ কথাটোও তল পৰি ৰ'ল ৷ অথনি আমি ভলীবল খেলিবলৈ যাওঁতে পাৰত এইখন দেখিছিলোঁ ৷ এন্ধাৰ হোৱাৰ আগতেই সামৰি পেলোৱা হৈছে ৷ পাছবেলা ৰাফ্‌টিং কৰাটো বিপজ্জনক ৷ এইবোৰ ঠাইত পোহৰ সোনকালে কমি আহে আৰু নোহোৱাও হয় ৷ দলৰ মহিলা সদস্যাসকলে ৰাবাৰ ৰাফ্‌টখন চুই চালে ৷ বচ্চনো ৰৈ থাকিব পৰা নাই ৷ হাত বুলাই বুলাই গৌৰৱেৰে জনালে যে তেওঁ ৰাফ্‌টিং কৰিব জানে ৷ ৱেষ্ট কামেং জিলাৰ ডিৰাঙত ৰাফটিঙৰ ট্ৰেইনিং লৈছিল ৷ বমডিলাৰ পৰা প্ৰায় ৪৩ কিলমিটাৰ আঁতৰৰ ডিৰাং এক সৰু আৰু ধুনীয়া চহৰাঞ্চল ৷ কামেং নদীখন আছে তাত ৷ ডিৰাঙৰ আপেল আগতে আমাৰ শিক্ষানুষ্ঠান নেৰিষ্টৰ চৌহদত বিক্ৰি কৰিবলৈ আনিছিল ৷ ড্ৰিৰ পাৰৰ পৰা মনটো কামেঙৰ পাৰলৈ উৰা মাৰিলে ৷ এতিয়াৰ পৰা বহু বছৰ পূৰ্বে, ১৯৯১ চনৰ নৱেম্বৰ মাহত গৈছিলোঁ ৷ বচ্চন মিপিৰ লগত তাৰে কিছু কথা, পুৰণা অভিজ্ঞতাৰ ভাগ-বতৰা কৰি কৰি আগ বাঢ়িবলৈ ধৰিলোঁ ৷

নদী বৈ থাকে, বৈ থাকিব ৷ চাবলৈ পোৱাটোও এটা সৌভাগ্য ৷ ডিৰাঙত কামেং অৰ্থাৎ জীয়াভৰলী ৷ সেই ৰূপ দেখাৰ দিন হ'ল ৷ ইয়াত ড্ৰি দেখিলোঁ ৷ তাকো এতিয়াহে সম্ভৱ হ'ল ৷ ড্ৰি, মাথু, তাল ৷ মিলিজুলি ডিবাং ৷ সমন্বয়ৰ মহানদ ব্ৰহ্মপুত্ৰক ধিয়াই বৈ যোৱা জলস্ৰোতৰ অৰ্বুদ সুষমা অসামান্য ৷ ৰং, ৰূপ আৰু গতিৰ কিযে সন্মোহনী ! পাৰ্বত্য পৰ্যটকৰ বাবে সততে পাহৰিব নোৱাৰা দৰ্শনী আৰু অভিজ্ঞতা এইবোৰ ৷ হেঁপাহ পলুৱাই চৌপাশটো উপভোগ কৰি উত্তেজনাভৰা মনেৰে দৌৰি দৌৰি গৰাটো উঠিলোঁ ৷

গাড়ী লৈ ওলাম সীমান্তলৈ ৷ ড্ৰি উপত্যকাৰ শ্বাসৰুদ্ধকৰ সৰগীয় ৰূপ চাম, নিজৰ চকুৰে ৷ তাকে কেন্দ্ৰ কৰি অনামী উত্তেজনাত মনটোৱে কালি ৰাতি বচ্চন মিপিয়ে গাড়ী মিল গয়া বোলাৰে পৰাই জঁপিয়াই আছিল ৷ আচ্‌হিছ, ডেমবিউনত উপস্থিত হোৱাৰ পাছত প্ৰথম দৰ্শনতে আজি এনে বোধ হৈছিল যে ফটো তোলা, ছবি অঁকা, জনজাতীয় গ্ৰাম্য জীৱন ভাল পোৱা, নিৰৱতা পছন্দ কৰা, এড্‌ভেঞ্চাৰিষ্ট-নেচাৰেলিষ্ট মানুহে এনেবোৰ জেগালৈ আহিলে অনাবিল সুখ পাব ৷ প্ৰচুৰ মানসিক খাদ্য লাভ কৰিব ৷ ভৱিষ্যৎ জীৱনৰ অপৰিমেয় তৃপ্তিৰ ভাণ্ডাৰ হিচাপে আত্মাৰ আহাৰ কিছু সংগ্ৰহ কৰিবলৈ নিজেও সক্ষম হ'লোঁ এই যাত্ৰাৰ সুবাদতে ৷

ভবাতকৈ অনেকগুণে সমৃদ্ধ আচ্‌হিছ অঞ্চলটো ৷ কেৱল পৰ্বত, বৰফ, ড্ৰিৰ বোঁৱতী পানীৰে সীমাবদ্ধ উপত্যকাই নহয় ৷ ইয়াৰ পৰ্বতৰ গহ্বৰত কঠিন শিলৰ বুকুতো আছে জীৱনৰ স্পন্দন আৰু আশাবাদ ৷ লুকাই আছে নগণ্যসংখ্যক যদিও ড্ৰিৰ পাৰৰ মানুহৰ সভ্যতা আৰু উত্তৰণৰ চিৰশাশ্বত কাহিনী ৷ পৰ্বতৰ নামনিত বৃষ্টিপ্ৰচুৰ অৰণ্যই ঘেৰি আছে ৷ ঔষধি গুণসম্পন্ন, সৌন্দৰ্যবৰ্ধক, বৈজ্ঞানিকভাৱে কৌতূহলপূৰ্ণ, লুপ্তপ্ৰায় উদ্ভিদ-বৃক্ষৰে এলেকাটো মেটমৰা ৷ সেইবোৰত সোমাবলৈ বেলেগে আহিব লাগিব, ট্ৰেকিং-কেম্পিঙৰ কাৰ্যসূচী লৈ ৷ এই যাত্ৰাত চকাই পৌচাব পৰাখিনিহে সামৰিলোঁ বা দেখিলোঁ ৷ দৃষ্টিৰ অগোচৰে সৰহখিনি ৰৈয়ে গ'ল ৷ সেই আশা পুহি ৰাখিলোঁ ভৱিষ্যতলৈ ৷

Gods own land, আচ্‌হিছ এৰি ২ বজাত আনিনিমুখী হলোঁ আমি ৷ কেউজনকে সুমুৱাই লৈ লাল গাড়ী তলৰ পৰা উঠি আহি পকা ৰাস্তা পালে ৷ বাঁওফালৰ ৰহস্য ভেদ কৰিবলৈ কেতিয়া আকৌ আহিব পাৰোঁ এতিয়াৰ পৰা সেই চিন্তাই কামুৰি থাকিব ৷ ৰাইট টাৰ্ন লৈ আগ বাঢ়ি যাওঁতে দোকান এখন পাই ততাতৈয়াকৈ পপকৰ্ন কেইপেকেটমান কিনি আনিলেগৈ চ তায়ুৱে ৷ ময়ো উলিয়ালোঁ শুকান ফলৰ পেকেট ৷ খাই খাই যাত্ৰা চলি থাকিল ৷ নাৱাজউদ্দিন ছিদ্দিকীৰ সৈতে ফটো তোলাটো কেনেকৈ সম্ভৱ হ'ল সেই কাহিনী এতিয়া খুলি কব ধৰিলে অনিয়াই ৷ খুব সুখী যেন লাগিছে তাইক ৷ চ'ক' তায়ুৰ জলযাত্ৰাৰ বিৱৰণীয়েও মুখৰিত কৰিলে গাড়ীৰ ভিতৰখন ৷

আচ্‌হিছ'ই মন ভৰাই দিলে ৷ আনন্দমনে আহি আছোঁ ৷ ড্ৰাইভি হুইলত থকা বচ্চনে স্পীড দিছে ৷ সন্মুখৰ আইনাখনত এটোপ-দুটোপকৈ প্ৰত্যক্ষ কৰিবলৈ পালোঁ খীণ বৰষুণৰ উপস্থিতি ৷ আকৌ আহিল ! এতিয়া যিমান দিলেও চিন্তা নাই অৱশ্যে ৷ তৎসত্ত্বেও টোপালকেইটাই ভিতৰি মনটো সেমেকালে ৷ কিয়নো, বাটৰ সৌন্দৰ্য চোৱাত ব্যাঘাত জন্মিব ৷ ভাগ্য ভাল যে সোনকালেই এৰিল বৰষুণজাক ৷ প্ৰাকৃতিক ঐশ্বৰ্য আহৰণ কৰি, ঘটনাবহুল পৰিতৃপ্তি আৰু চিত্ৰ-বিচিত্ৰ অভিজ্ঞতা অন্তৰত চিৰদিনলৈ সাঁচি আহি থাকিলোঁ আনিনিলৈ বুলি ৷ (ক্ৰমশঃ)

Friday 29 May 2020

৮.৪ এখন নেদেখা নদীৰ সিপাৰে


জন-অৰণ্যৰ পৰা শতযোজন আঁতৰলৈ ওলাই গৈ জীৱনৰ নিৰ্ভেজাল আৰু ৰোমাঞ্চভৰা মুহূৰ্ত কিছুমানৰ অকৃত্ৰিম স্বাদ পোনপটীয়াকৈ চাকি চোৱাৰ প্ৰয়াস কৰোঁ ৷ ডিবাংখন আগতে এবাৰ দেখিছিলোঁ যদিও ড্ৰি কেতিয়াও দেখা নাছিলোঁ ৷ এইবাৰ দেখা পালোঁ ৷ উপনৈখনৰ সিটোপাৰে কি আছে ? সেইখন জগতো আজি দেখিলোঁ ৷ ইয়ালৈ আহি উপলব্ধি হৈছে, অঞ্চলবোৰ এতিয়াও অৱহেলিত আৰু কষ্টগম্য ঠিকেই ৷ কিন্তু স্পৰ্শকলুষহীন, প্ৰদূষণশূন্য, নিৰৱ-নিস্তব্ধ ৷ এই নিৰৱতাৰো ভাষা নথকা নহয় অৱশ্যে ৷

আচ্‌হিছ' পিক্‌নিক্‌ স্পটত ৰাজ্যখনৰ সন্মানীয় মুখ্য মন্ত্ৰী আৰু বৰমূৰীয়াসকলৰ কাৰণে বালিভাতৰ আয়োজন কৰা জেগাত পিতপিতাই এতিয়া যাবলৈ লৈছোঁ সিটো পাৰলৈ ৷ এইফালৰ পৰা আহোঁতে পোৱা ৱাই জংছনটোৰ বাঁওহাতে বালিময় আলিবাটৰ সিমূৰত বাঁহৰ দলং এখন সজা আছে ৷ খটখটিও নিৰ্মাণ কৰি দিছে ৷ একেই, গোটা বাঁহেৰে ৷ গোটা বাঁহৰ প্ৰচলন ইমানেই বেছি যে দেখি থকাৰ সমানে সমানে ভাবিবলৈকো বাধ্য হৈছোঁ ৷ উজনিৰ পৰা প্ৰৱাহমান ড্ৰি নদীৰ দ্বিতীয়টো ধাৰা অৰ্থাৎ সোঁপাৰ চুই থকা সুঁতিটো নিৰ্বিবাদে পাৰ হৈ ওপৰলৈ উঠি যাব ধৰিলোঁ ৷ গছ-গছনিৰ ফাঁকেৰে সন্মুখত দেখা গ'ল, ৰজাঘৰীয়া নিৰাপত্তাৰক্ষীসকলে জুই জ্বলাই জুম পাতি কথা পাতি আছে ৷ বাঁওহাতে আন ৰাইজৰ জুম ৷ সেইফালে জুই একুৰা নহয়, দুকুৰা জ্বলি আছে ৷ জুই নধৰিলে তৰণি নাই ৷ ৰাইজৰ পক্ষতে চামিল হলোঁগৈ ৷ ইমানবোৰ মানুহে ঠাণ্ডাখনত ইয়াত কিনো কৰি আছে, কাৰ কাম কি, এই লৈ সৰল প্ৰশ্ন এটাও মনলৈ নহাকৈ নাথাকিল ৷

কুঁৱলীমিশ্ৰিত বতাহ এছাটিয়ে শীতলতাৰ সঞ্চাৰ কৰিয়ে আছিল ৷ জঠৰ হৈ পৰিছে কাণৰ লতি, হাতৰ আঙুলি, নাকৰ আগটো ৷ হলেও উচ্ছ্বাসৰ উত্তাপে পৰাজিত হ'ব খোজা নাই শীতৰ শীৰ্ষতম আক্ৰমণৰ ওচৰত ৷ ইয়াত গা গৰম কৰি ৰখাটো অৱশ্য প্ৰয়োজনীয় ৷ সেয়েহে জুইৰ ব্যৱস্থা ৰখা হৈছে ৷ চিমনি কিছুমান অনা হৈছিল ৷ কাৰ্যতঃ ফেইল মাৰিলে হেনো ৷ দ'ম লাগি পৰি আছে এফালে ৷ ঘেৰাও হৈ ৰৈ মানুহবোৰে জুই পুৱাই আছে ৷ সুবিধাটো পাই চ তায়ুৱে অগ্নিশিখাৰ নিচেই কাষ চাপি গ'ল আৰু নিজকে সেকিবলৈ আৰম্ভ কৰি দিলে ৷ যি হওক, উপায় এটা সৗেভাগ্যক্ৰমে পোৱা গৈছে ৷

ইয়ালৈ আহিব পাৰি মনটো কিবা ৰঞ্জিত ৰঞ্জিত লাগি আছে ৷ কাষৰে-পাজৰে সৰহসংখ্যকেই অচিনাকি মুখ ৷ বাহ্যিকভাৱে সেমেকা যদিও জুইকুৰাই উত্তাপময় কৰি তোলা পৰ্যটনময় পৰিৱেশত এই মুহূৰ্তত মানুহবোৰৰ কথা-বতৰাৰ বিষয়-বস্তু কেৱল সত্য-শিৱ-সুন্দৰ ৷ বেমাৰ-আজাৰ, দুশ্চিন্তা, চাপ, অশান্তি... এইবোৰৰ প্ৰৱেশ নিষেধ ৷ সুন্দৰ স্থানত অসুন্দৰ অপাক্তেয়, বৰ্জনীয় ৷ ইয়াতো তাৰ প্ৰভাৱ দেখা পালোঁ ৷ সকলো দিশে কেৱল হাঁহিৰ প্ৰকাশ ৷

নৈপৰীয়া গৰাটোৰ ওপৰলৈ দোকানসদৃশ চাহৰ কাউণ্টাৰ এটা ৷ সিও বাঁহেৰেই নিৰ্মিত ৷ সন্মুখত বাঁহৰ বেঞ্চ সাজি থৈছে ৷ এইখিনিতে ৰৈ বচ্চন আৰু মই কথা পাতি আছোঁ ৷ ইফালে সিফালে চাই ফটো তুলিবলৈও এৰা নাই ৷ সিফালে এৰি অহা দৃশ্যবোৰ এইখিনিৰ পৰা অতি মনোমোহা দেখা গৈছে ৷ মন কৰিছোঁ, অদূৰত, নদীগৰ্ভত আমি ওলাই অহাৰ পাছত ৰিভাৰ বিচ্চ ভলীবল খেলিবলৈ ক'ৰ্টত প্ৰৱেশ কৰাসকলৰ মাজত যুৱতী এজনীয়ে একেলেথাৰিয়ে সেই তেতিয়াৰে পৰাই খেলিয়ে আছে, খেলিয়ে আছে ৷ বালিত দৌৰা-ঢপৰা কৰাটো সহজ নহয় ৷ তথাপি তাইৰ ভাগৰ বুলিবলৈ অকণো নাই ৷ ষ্টেমিনা দেখি আচৰিত নহৈ নোৱাৰিলোঁ ৷

ছাৰ চ্যায় পিজিয়ে ৷ অচিনাকি ইদু ভদ্ৰমহিলা এগৰাকীৰ মাতত সম্বিৎ ফিৰি আহিল ৷ মোলৈ চাহ একাপ যাচিছে ৷ সৰল আতিথ্যৰ পৰশ ৷ পূব হিমালয়ৰ পাদদেশত অৱস্থিত বৰফাবৃত পৰ্বতৰ গহ্বৰত সোমাই ঠাণ্ডাটোৱে শৰীৰত ভীষণভাৱে খোঁচা-বিন্ধা কৰি আছিল ৷ আথে-বেথে ল'লোঁ ৷ কাপটো দুহাতৰ মাজত ৰাখি তলুৱাত উম লৈ লৈ শোহা মাৰিব ধৰিলোঁ ৷ চাহকাপে মহৌষধৰ কাম দিলে ৷ অন্তত মুখ্য মন্ত্ৰী মহোদয়ৰ ভাগৰ চাহ একাপ খোৱাৰো সৌভাগ্য ঘটিল ৷ এইবুলি আত্মসন্তুষ্টি এটায়ো মনত ঠাই পালে ৷

পৰ্বতৰ নামনিত শাৰী শাৰীকৈ তম্বু কিছুমান তৰি ৰখা হৈছে ৷ বটলগ্ৰীণ ৰঙৰ তামীঘৰাৰ ওপৰত নীলা তিৰ্পাল ৷ দেখি ভাল লাগিছে ৷ অহা-যোৱা কৰিবৰ বাবে এলেকাটোত বাঁহৰ প্লেটফৰ্ম নিৰ্মাণ কৰি দিছে ৷ মাটি বা বোকা গচকিব নালাগে ৷ এনে সুপৰিকল্পিতভাৱে সজা হৈছে যে তাৰ ওপৰেদি খোজ কাঢ়ি তম্বুবোৰত সোমাবগৈ পাৰি ৷ পৰিৱেশটো নিমাওমাও, শান্তিপূৰ্ণ ৷ তদুপৰি গাম্ভীৰ্যপূৰ্ণও ৷ চহৰীয়া কোলাহলৰ পৰা ওলাই আহি সময় কটাবলৈ উৎকৃষ্ট ৷ ম'বাইল ফোনৰ উৎপাতো মুঠেই নাই ৷

চাহৰ বিপণিখনৰ সিফালে খেৰ-বাঁহেৰে সজা ৰেস্তোৰাঁ আছে ৷ উচ্চ পদবীধাৰী কোনোবা কোনোবা তাত বহি আছে ৷ মুখ্য মন্ত্ৰীও আছিল হেনো ৷ অলপ আগতে তম্বুত সোমালগৈ ৷ বচ্চনে আঙুলিয়াই দেখুৱালে, 'ৱ' ৱালা টেণ্ট চি.এম. চাহাবকা হে' ৷'

প্ৰতিজোপা গছ গোলাকাৰভাৱে গোটা গোটা বাঁহেৰে ঘেৰি পেলোৱা হৈছে ৷ ঘেৰটোৰ ভিতৰত ভৰাই দিয়া হৈছে শিলগুটি ৷ বচ্চনে জনালে, 'এই গছবোৰযে দেখিছে এইবোৰত এটা সময়ত ধুনীয়া ফুল ফুলিব, বগৰীৰ দৰে গুটি ধৰিব ৷' ইদু দোৱানেৰে নামটোও কলে তেওঁ ৷ মোৰহে মনত নাথাকিল ৷ গছবিলাকত এতিয়া পাত নাই ৷ লঠঙা হৈ আছে ৷ বচ্চনে কোৱাৰ দৰে শীতৰ শুষ্কতা অন্ত পৰাৰ পাছত, ন-ব'হাগত যদি ফুল ফুলে, এলেকাটো কেনেকুৱা আকৰ্ষণীয় হৈ উঠিব ! কল্পনা কৰি চালোঁ এবাৰ ৷

বাঁহৰ প্লেটফৰ্মে সৃষ্টি কৰা ট্ৰাই জংছনৰ মাজৰ তিনিকোণীয়া খালী জেগা এটুকুৰাত সৰু জোখৰ ৰঙীন শিলগুটি কিছুমানেৰে ৰেহ ফেষ্টিভেলৰ স্মাৰক এটা সাজি ৰাখিছে ৷ স্মাৰক মানে মেঠোনৰ মূৰ এটা ৷ শিলগুটিৰেই লিখিছে, Happy Reh, 52 Years ৷ সামান্য হৈও অসামান্য ৷ ৰে'হ ফেষ্টিভেলে সুদীৰ্ঘ পৰিক্ৰমা অতিক্ৰম কৰি আজিৰ ৰূপ পাইছেহি ৷ ব্যৱহৃত শিলগুটিবোৰ ড্ৰিৰ বুকুৰে হব ৷ অৰ্থাৎ থলুৱা সামগ্ৰীৰেই ঠাইখিনিৰ সাজ-সজ্জাবোৰ গঢ়ি তোলা হৈছে, দৃষ্টিনন্দনভাৱে ৷ কোনো দিনে নহা আলহীৰ আগমনৰ ঘটিব ৷ তাৰ বাবেই বিভিন্ন ধৰণে সজাবলৈ প্ৰয়াস কৰা হৈছে আচ্‌হিছ' পিক্‌নিক্‌ স্পটটো ৷ পোহৰৰ ব্যৱস্থা, অনাময় ব্যৱস্থাও আছে ৷

সকলোৰে আগমন আৰু উপস্থিতিত ঠাইখিনিয়ে আজি প্ৰাণ পাই উঠিছে ৷ মানুহবোৰ গুচি গলে আকৌ নিৰ্জনতাই গা কৰি উঠিব ৷ বাঁহৰ প্লেটফৰ্মৰ ওপৰে ওপৰে খোজ পেলাই এপাক মৰাৰ ইচ্ছা এটাই মগজুক খুন্দিয়াবলৈ আৰম্ভ কৰিলে ৷ বচ্চন আৰু মই ফুৰিবলৈ ওলালোঁ ৷ চ তায়ুৱে একান্তমনে নিজকে সেকাত মগন ৷ এবাৰ আগফাল, এবাৰ পাছফালকৈ ৷ অনিয়াকো দেখিলোঁ জুইৰ ফালে হাত দুখন আগুৱাই ৰাখি অনৰ্গল কথা কৈ আছে ৷ লগৰীহঁত কোন ক'ত গ'ল ক'ব নোৱাৰোঁ ৷

অধিকাৰ কৰি থকা গৰাকীজনৰ নাম, পদবী প্ৰতিটো তামীঘৰাৰে আগে আগে বগা কাগজত উল্লেখ কৰা আছে ৷ সেয়েহে চিনাত সহজ হৈছে ৷ বচ্চনে এফালৰ পৰা কৈ গল, কত কোনে বাহৰ পাতিছে ৷ দুয়ো কথা পাতি পাতি চাই গ'লোঁ ৷

ঘূৰি আহি আগৰ ঠাইত ৰওঁতে ডেপুটি কমিছনাৰ চাহাবক দেখা পালোঁ ৷ সাক্ষাৎ কৰাৰ ইচ্ছা এটা জাগি উঠিল ৷ এয়াই সুযোগ ৷ নহলে বেলেগ সুযোগ আৰু হয়তো নোলাব ৷ চোপ লৈ আছোঁ ৷ অলপ পাছতে আকৌ এবাৰ বাহিৰ ওলাই আহোঁতে খৰখেদাকৈ গৈ মুখৰ আগত থিয় দিলোঁ ৷ নাতিদূৰৰ পৰা ৰখীয়া-পৰীয়াসকলে লক্ষ্য কৰি আছে ৷

নিজৰ পৰিচয় দিলোঁ ৷ তেখেতে সোঁহাতখন আগ বঢ়াই দিলে ৷ উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়, শ্বিলঙত অধ্যয়নৰত কালত মোৰ ভাইৰ শ্ৰেণী-সহপাঠী ৱায়ং খিমহুন ৷ এতিয়া ডিবাং ভেলী জিলাৰ উপায়ুক্ত ৷ আনিনিত থকাৰ ব্যৱস্থাপনাৰ পৰিপ্ৰেক্ষিতত দুই বন্ধুৱে ফোনত কথা হৈছিল ৷ মেইলো কৰিছিলোঁ মই ৷ আচৰিত হলোঁ যে মোলৈ একো সহায় আগ বঢ়াব নোৱাৰি তেওঁহে দুঃখিত বুলি পোনেই প্ৰকাশ কৰিলে ৷ মোৰ হতবাক হোৱাৰ পাল ৷ মুখ্য মন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ প্ৰশাসনীয় মুৰব্বী বিষয়াবৰ্গৰ উপস্থিতিত প্ৰতি মুহূৰ্ততে ব্যস্ত হৈ থাকিবলগীয়া হৈছে মানুহজন ৷ গতিকে কথা প্ৰসংগও চমু হল ৷

১ বাজি ৩০ মিনিট গৈছে ৷ আচ্‌হিছৰ মায়া এৰি নাহিমেই যেন ! তথাপি দলৰ সদস্যবৰ্গক ময়ে প্ৰস্তাৱ দিলোঁ যে এতিয়া ঘূৰি যোৱা উচিত ৷ কাৰণ ইয়াৰ পৰা পোহৰে পোহৰে আনিনি পাবগৈ লাগিব ৷ আনিনিৰ চৌপাশ মোৰ চোৱাই হোৱা নাই ৷ সেয়া বাকী আছেই অথোন ৷ গাড়ীখন পাওঁতেই চুক-কোণ মাৰি চফৰটো কৰি পেলাব লাগিব ৷ (ক্ৰমশঃ)

Thursday 28 May 2020

৮.৩ ৰিভাৰ বিচ্চ ভলীবল আৰু চ তায়ুৰ দুঃসাহস


ভ্ৰমণপিপাসু অনুভৱী মনবোৰে সময়ৰ পূৰ্ণ আনন্দ লবলৈ ছট্‌ফটাই থাকে ৷ ভ্ৰমণে মানুহক পৰিপক্ক কৰে ৷ অভিজ্ঞতাৰে পৰিপক্ক হবলৈকে ইবাৰৰ পাছত সিবাৰকৈ ভ্ৰমণলৈ ওলাওঁ ৷ সৰহ মানুহ নোযোৱা স্থান বিচাৰি যাওঁ ৷ অনিশ্চয়তা, অসুবিধা আৰু কষ্টক জয় কৰিব পৰাতেইতো দুঃসাহসিক পৰ্যটকৰ সাৰ্থকতা ৷ তাতেই উৎপন্ন হয় লিখি বা কৈ শেষ কৰিব নোৱাৰা কাহিনী, উপ-কাহিনী কিছুমানৰ ৷ তেনে সত্য-প্ৰশস্তিৰ মাজত থাকে অন্তহীন সুখগাথা যি হৃদয়খন অনৱৰতে আনন্দময় ৰসেৰে জীপাল কৰি ৰাখে ৷ আপদ-বিপদৰ মাজেৰেই আহে জীৱনৰ বাবে কেতবোৰ দৰকাৰী শিক্ষা ৷ মানসিকভাৱে শক্তিশালী হোৱা-নোহোৱাৰ পৰীক্ষা-সম্পৰীক্ষাও সেয়া ৷ ভ্ৰমণক শিক্ষাৰ অংগ বুলি এনেয়ে নকয় ৷

কেতিয়ানো পাওঁগৈ সেইখিনি ! শূন্যত উঠা-নমা কৰি থকা ভলীবলটো ওলমা দলঙৰ ওপৰৰ পৰা চকুত পৰাৰ পাছৰে পৰাই মনটো ভীষণ কুটকুটাই আছিল ৷ বালিয়ৰি বাট বুলি ক্ষন্তেকতে পালোঁহি ৷ ৰাফটিং কৰি, আৰু ভলীবল খেলি উভতি অহা ১৫ জনীয়া যুৱকৰ দল এটাৰ সৈতে কথা পতা, আৰু গ্ৰুপ ফটো তোলা হ'ল ৷ ভলীবলটোও হাতলৈ আহি গল ৷ কিমান বছৰযে খেলা নাই, পোনতে তাকে মনত পেলাবলৈ চেষ্টা কৰিছোঁ ৷ কিন্তু পৰা নাই ৷ অন্ততঃ এই মুহূৰ্তত অন্য কথা ভবাৰ অৱকাশেই বা ক'ত !

ৰিভাৰ বিচ্চ ভলীবলত বৰ্তমান খেলুৱৈৰ ভিৰ নাই ৷ বালিময় কৰ্টখনত বাঁহৰ কামিৰে দি ৰখা হৈছে চাৰিসীমা ৷ নদীৰ বুকুৰ শিল আঁতৰাই জেগাকণ উলিওৱা হৈছে ৷ দুফালে পোতা আছে গা-গছৰ পষ্ট দুটা ৷ মাজত ওলমিছে নেটখন ৷ জংঘলী আৰু নিৰ্জন পৰিৱেশত এনেকুৱা এক ভলীবল কৰ্ট লোহিত নদীৰ বালুকাত, ডঙলৈ যোৱা হেঙিং ব্ৰীজখনৰ সমীপত, হট স্প্ৰীঙৰ দাঁতিত পাইছিলোঁ, পাইন বনাঞ্চলৰ মাজত ৷ বলৰ অভাৱত খেলা হোৱা নাছিল ৷ ইয়াত যেনিবা সহজেই পাই গ'লোঁ ৷ বলটো হাতত লৈ এনেকুৱা লাগিছে, পুৰণা দিনবোৰ যেন ঘূৰি আহিল ! পৰম আহ্লাদিত হৈ উঠিলোঁ ৷

প্ৰথম চাৰ্ভিচ ৷ দুৰ্বল ৷ নেটলৈকে গৈয়ে নাপালে বল ৷ দ্বিতীয় চাৰ্ভিচো একেই ৷ নেট পাৰ নহল ৷ কি হ'ল মোৰ ? তৃতীয় চাৰ্ভিচ ৷ কোনোমতে পাৰ হল ৷ এইফালে হাতমোজা, জেকেট চব বালি বালি হৈ পৰিল ৷ জাৰি-জোকাৰি পুনৰ লাগি গৈছোঁ ৷ জোতাত বালি সোমাইছে ৷ ভ্ৰূক্ষেপ নাই ৷ এবাৰ হাতেৰে ঢুকি নোপোৱাকৈ বল এটা আহিল ৷ ৰখাওঁ বুলি সজোৰে মাৰি দিলোঁ চোঁত ৷ বল উৰি গল নৈখনৰ ফালে ৷ সিখন কৰ্টত থকা চই পাছে পাছে লৈছে খেদা ৷ ধৰিলেগৈ যেনিবা ৷ লগে লগে দৌৰি যাওঁতে দেখা পালোঁ, পাৰতে বাঁহ এডাল পেলাই থৈছে ৷ পানীত পৰি যোৱা বলত আঁজোৰ মাৰিবলৈকে নিশ্চয় ৷ কিন্তু সোঁতে লৈ গলে কি হব ? ৰাখিব পাৰিবজানো ? ভাগ্য ভাল ৷ সেইটো নহ'ল ৷ অঘটন ঘটে বুলি পেটে পেটে ভয় লাগিছিলেই ৷

অলপ সময় কৰ্টত কিবাকৈ তিষ্ঠি থকাৰ পাছত নিজৰে বিবেচনা হল যে মই এতিয়া এই খেলৰ লায়ক হৈ থকা নাই ৷ গাত ইনাৰ, জেকেট, ৰেইনকোট, টুপী, মোজা ৷ পিঠিত স্কুলবেগ ৷ যিজাপহে পিন্ধি আছোঁ, খেলিবলৈ অসুচল হ'বই ৷ খুলি থৈ লওঁ নেকি ? খৰকৈ চিন্তা কৰিছোঁ ৷ নাই, খুলিব নোৱাৰি ৷ ঠাণ্ডা লাগিব ৷ তাতোকৈ ক'ৰ্ট এৰাই ভাল ৷ প্ৰাকৃতিক দৃশ্য চাম ৷ ইফালে-সিফালে ফুৰিম ৷ 'আউৰ নেহী খেলেগা' বুলি সজোৰ ঘোষণা কৰি দিলোঁ ৷

মই এনেকৈ কোৱাত সিটোফালে বলটো লৈ চই অকলে অকলে জাগলিং কৰাত ধৰিছে ৷ নোচোৱাকৈয়ে মোলৈ ৰিঙিয়াইছে, মে জাগলিং কৰতা হুঁ ৷ আপ মেৰা ফটো খিচিয়ে হাঁ ৷

য়ো যেন ঘূৰাই পাইছে শৈশৱ, কৈশোৰ, যৌৱন ৷ স্কুলীয়া নতুবা কলেজীয়া দিনত ফুটবলাৰ আছিল যেনেই লাগিছে শৰীৰী ভংগীমা আৰু বল নিয়ন্ত্ৰণ দেখি ৷ উত্তেজনাত ভলীবল হাতৰ পৰা গৈ ভৰি পাইছে তেওঁৰো, মানে ফুটবলৰ ৰূপ পালে !

মই কেমেৰা লৈ ৰেডী ৷ ক্লিক্‌ কৰি গৈছোঁ ৷ হঠাতে কি হলজানো, বেয়াকৈ গা উঠিল দেখোন ফুটবলাৰজনৰ ৷ ওপৰলৈ জোৰত মাৰি পঠিয়ালে ৷ দিশো ভুল হল ৷ কাষৰ শিলগুটিৰ ওপৰত পৰিয়ে বলটোৱে নৈখনৰ ফালে গতি লৈ ল'লে ৷ চয়ো পাছে পাছে খেদা মাৰিছে ৷ কিন্তু কত ধৰিব পাৰে ? বলে ইতিমধ্যে পানী চুলেগৈয়ে ৷ জল-তৰংগই পাই আগুৱাই নিব ধৰিলে ৷ দৌৰি যোৱা চই জল আৰু স্থলৰ সীমনাত, বালিচটত ৰৈ এক মুহূৰ্তৰ বাবে কিবা এটা ভাবিলে ৷ ভাবিলে চাগৈ, বলটো গুচি গ'লে কি হ'ব ? তাৰ পাছতে আগ-পাছ নুগুণি জপং জপংকৈ দিলে পানীত নামি ৷

মই চাই আছোঁ ৷ বচ্চনো অসহায় দৰ্শক ৷ মনত প্ৰশ্ন ৷ হাৰে, হঠাতে কি হল চ তায়ুৰ ? কিয় এনেকৈ নদীত নামি যাব লাগে ? আমি ভাবি থাকোঁতেই তেওঁ আৰু আগুৱালে ৷ বলটোও আগলৈ উটি গৈ আছে ৷ চ'ক'ও সোমাই পৰিল একাঁঠু পানীত ৷ বচ্চন আৰু মই নিৰুপায় ৷ দুয়ো দুয়োৰে মুখলৈ চাইছোঁ ৷ কি কৰিব খুজিছে এই মানুহটোৱে ? আকস্মিক ঘটনাটোক লৈ দুশ্চিন্তা আৰম্ভ হ'ল আমাৰ ৷ পাৰলৈ দৌৰিলোঁ ৷ আগলৈ নাযাবলৈ চিঞৰি চিঞৰি সকীয়ালোঁ ৷ ইফালে সোঁতে বল টানি নি আছে, নি আছে ৷ চয়ো পাছ এৰা নাই ৷ আৰু অলপমান ডুবিল ৷ কৰঙন পৰ্যন্ত ড্ৰিৰ জলস্তৰত ৷ তথাপি লক্ষ্য এৰি দিয়া নাই ৷ অন্তত বলটো ধৰাত সফল হল যেনিবা ৷

চ'ক' তায়ুৰ দুঃসাহসিকতাত স্তব্ধ হৈ পৰিলোঁ ৷ এপলকৰ বাবে ভাবিবলৈ বাধ্য হলোঁ যে তেওঁৰ জোতা, পেণ্ট এইবোৰ কি জলনিৰুদ্ধ নেকি ? গম নাপাওঁ ৷ মই পিন্ধি অহা জলফাইৰঙী কাৰ্গোটো জলৰোধী যদিও সাঁতুৰিব নাজানো বাবেই মোৰ জলভীতি অাছে ৷ কোনো কাৰণতে পানীৰ লগত ধেমালি নচলিব বুলি আগতেই হুঁচিয়াৰ ৷ এইবোৰ পাহাৰীয়া খৰস্ৰোতা শীতল পানীৰ নৈ ৷ আৰম্ভণিৰে পৰাই সেয়ে খুব সতৰ্ক হৈ চলিছোঁ ৷ যত যি ধেমালি কৰিব লাগে কৰিম, কিন্তু নদীত নমাৰ কোনো ধৰণৰ আপোচ নহ'ব ৷

সিফালে পানীৰ পৰা উঠি অহা চ তায়ুৰ অৱস্থা জলৌ-জথৌ ৷ জোতা-মোজাত সম্পূৰ্ণভাৱে পানী সোমাইছে ৷ পেণ্টটোও কঁকালৰ তললৈকে বুৰিল ৷ এই ঠাণ্ডাত এই অৱস্থা ৷ কিহে পাইছিলে বাৰু মানুহটোক ? কি হব এতিয়া ? সলাবলৈতো কোনো উপায়েই নাই ৷

কাষতে, বালিৰ ভেটি এটাৰ ওপৰত জোঙাকৈ সজা চামিয়ানা এখন ৷ তলত চকী কিছুমান পতা আছে ৷ তাতে বহি লৈ জোতা খুলিলে, মোজা সোলোকালে ৷ মোজাৰ লগতে পেণ্টটোও যি পাৰে চেপি চেপি পানী বাহিৰ কৰাত লাগিছে ৷

কি দৰকাৰ পৰিছিল তেনেকৈ পানীত নমাৰ ? সোঁতে লৈ যোৱাহেঁতেন ?ৰ দুঃসাহস দেখা পাই ভালো লাগিল, খঙো উঠিল ৷ বচ্চনেও বকিলে ৷ ক্যা দৰকাৰ থা ?’ জলকুঁৱৰীয়ে টানিছিলে নেকি আকৌ ? আকস্মিক চিন্তা এটা আহিল মোৰ মনলৈ ৷

মুঝে চুইমিং আতা হে গহীনাই কৈ জেপ্‌জেপীয়া পেণ্টটো পুনৰ চেপাত লাগি গল তেওঁ ৷ সাঁতুৰিব জানিলেও মনে মনে এতিয়া হয়তো ভাবিছে, ক্ষন্তেকতে কিযে কৰি পেলালোঁ ! এতিয়া জাৰত কঁপি মৰিছোঁ ৷

চামিয়ানাখনক কেন্দ্ৰ কৰি গোলাকাৰ ৰূপত, মাজে মাজে বাট এৰি দি এইখিনিত বাঁহৰ ডেস্ক-বেঞ্চ কিছুমান সাজি দিয়া হৈছে ৷ ওপৰ অংশত বাঁহেৰেই নিৰ্মিত অৰ্ধচন্দ্ৰাকাৰ আৱৰণ ৷ বহুত মানুহে একেলগে খাদ্য খাব পৰা ব্যৱস্থা ৷ আচ্‌হিছ পিক্‌নিক্‌ স্পট এয়া ৷ অদূৰত ডাষ্টবিন আছে, প্ৰস্ৰাৱগাৰ আছে ৷ পানীৰ সুবিধাও ৰখা আছে ৷

ড্ৰিৰ বুকুত জলকেলি কৰি অহা চ'ক' তায়ুক তেনেকৈয়ে এৰি ইফালে সিফালে ঘূৰা-ঘূৰি কৰি আছোঁ ৷ হঠাতে মনত পৰাত সৰু জোখৰ শিলগুটি এটা বুটলি ললোঁ ৷ ভৱিষ্যতে এইটোৱে সোঁৱৰাব মোক ড্ৰিৰ বুকুৰ কাহিনী ৷ পিঠিত লৈ থকা বেগটোৰ ভিতৰত সযতনে ভৰাই থোৱা হল বিশেষ শিলগুটিটো ৷

নতুনকৈ আৰম্ভ হৈছে বৰষুণ এজাক ৷ ইয়াত এনেদৰে মাজে মাজে পৰিয়েই থাকে ৷ ডাঙৰকৈ দিলেই জলাতক হৈ পৰিব ড্ৰিৰ বুকু ৷ ৰেইনকোট পিন্ধি আছোঁ যদিও ততালিকে চামিয়ানাত আশ্ৰয় ললোঁহি ৷ চকী এখনত কিবা ভাবি ভাবি বহি আছে চ'ক' তায়ু ৷ বচ্চনে কাষতে কাৰোবাৰ সৈতে কথা পাতি আছে ৷

পাছফালে নদীৰ মাজত সজা মঞ্চ এটা ৷ ইও এক বিৰল ইদু কাৰুকাৰ্য ৷ পানীৰ তলৰ শিলবোৰ জিলিকি আছে ৷ সংযোগী দলং এখনো সাজি দিছে ৷ তাৰে আগুৱাই গৈ নিৰ্মাণ কলা প্ৰত্যক্ষ কৰিলোঁ ৷ কৰ্মদক্ষতা মানিব লাগিব ৷ ৰঙা কাৰ্পেটৰ ওপৰত নীলা তিৰ্পাল এখনেৰে যন্ত্ৰপাতি কিছুমান ঢাকি ৰাখিছে ৷ লাইট, চাউণ্ড সকলো যা-যোগাৰ আছে ৷ যোৱা নিশা সংগীতানুষ্ঠান অনুষ্ঠিত হৈছিল ৷ পৰিৱেশ এতিয়া শান্ত ৷ ড্ৰি বৈ আছে নিৰন্তৰ বৈ থকাৰ দৰেই, নিজস্ব সংগীত শুনাই ৷ ময়ো আচলতে সুদূৰৰ পৰা এই সংগীতহে শুনিবলৈ আহিছোঁ ৷ কোনো কৃত্ৰিমতা বিচাৰি অহা নাই ৷

বৰষুণজাক ৰোৱাৰ লগে লগে বিপৰীত পাৰলৈ যোৱাৰ সম্বন্ধে চৰ্চা আৰম্ভ হল ৷ আমাৰ সংগী চ তায়ুলৈহে বেয়া লাগিছে ৷ তিতি থকা জোতা-মোজা আৰু কাপোৰক লৈ কিমান অশান্তি হৈছে চাগৈ ! তেনেকৈয়ে একেলগে ধীৰে ধীৰে খোজ পেলাব ধৰিলোঁ ৷

ওলমা দলঙৰ কাষ পায়ে বাকী দুইক এৰি পানী-যুঁৱলিলৈ পোনাইছোঁ ৷ শিলাময় পৃষ্ঠ ৷ নিৰাপদ স্থান ৷ অথনিৰে পৰা হেঁপাহ কৰি থকা ড্ৰিৰ পানী চুই চালোঁ, হাত-মুখ তিয়ালোঁ ৷ এঢোক পিও খালোঁ ৷ ভীষণ চেঁচা ৷ অলপ আগতে এনে পানীতে অৰ্ধস্নান চলি গ'ল চ তায়ুৰ !

দলঙৰ ওপৰেৰে অনিয়া আৰু এজনী সংগী যাব ধৰিছে ৷ অনিয়াৰ ভীষণ স্ফূৰ্তি ৷ মোক দেখা পাই চিঞৰ মাৰিলে, মেৰা কাম হ গয়া ৷ য়া হু…’ সফলতাৰ হাঁহিত ক'ব নোৱাৰা হৈ পৰিছে গোটেইজনী ৷ মই বুজি পালোঁ, কি কাম হল তাইৰ ৷ কিছু সময়ৰ পাছত পানীৰ বটল কিছুমান হাতত লৈ সিহঁত দুয়ো উভতি আহিল ৷ নুসুধিলোঁ একো ৷ পাছত খবৰ পামেই এনেয়ো ৷

১ বাজোঁ বাজোঁ ৷ নৈৰ সিপাৰে দেখা গৈ থকা তম্বুবিলাকৰ ফালে যাব ধৰিলোঁ ৷ আচ্‌হিছ'ৰ আলহীসকল সেইফালেই আছে ৷ (ক্ৰমশঃ)

Tuesday 26 May 2020

৮.২ ড্ৰিৰ বুকুত এখন্তেক


সপ্নে নহী হে আপ নিন্দ মে দেখে ৷ সপ্নে  হে আপক নিন্দ হি নহী আনে দে মিছাইলমেন এ. পি. জে. আব্দুল কালামে কোৱা কথা ৷ আনিনি, আচ্‌হিছৰ সপোনে মোকো শুবলৈ দিয়া নাছিল ৷ সেই সপোনেই লৈ আহিলে ড্ৰিৰ পাৰলৈ ৷ প্ৰসংগক্ৰমে এইষাৰো চিন্তিবলগীয়া যে ইসসে পহলে কি সপ্নে সচ্‌ হ আপক সপ্নে দেখনে হোংগে

সূৰ্য নাই ৷ পাৰাস্তম্ভ নিম্নগামী ৷ হাড় কঁপোৱা শীতকো আওকাণ কৰি সীমাহীন আনন্দ-উল্লাসে ভৰাই তুলিছে হৃদয়ৰ কোঁহবোৰ ৷ হেঁপাহ পলুৱাই সৌন্দৰ্যময়ী আচ্‌হিছৰ চৌপাশৰ অক্ষয় নিধি উপভোগ কৰাত চকুবোৰ ব্যস্ত হৈ পৰিল ৷ মাত-কথা বন্ধ ৷ খাবলৈও যেন পাহৰি গলোঁ ! দলঙৰ গুৰিতে বাঁহৰ ভেটিৰ ওপৰত কৌপাতৰ টোপোলা, পানীৰ বটল থৈ আত্মবিভোৰ হৈ পৰিলোঁ ৷ সন্মুখেৰে নীৰৱে বৈ আছে পাহাৰী নদী, আচ্‌হিছৰ আকৰ্ষণস্বৰূপ ড্ৰি, ডিবাঙৰ অন্যতম শক্তিশালী উপনৈ ৷ এনেকুৱা ঠায়ো থাকেনে সঁচাকৈ ? চেতনাৰ অভ্যন্তৰত উদ্ভৱ হোৱা এই প্ৰশ্নটো আনিনিৰ ৰেহথলীৰ মঞ্চত অৱতাৰণা কৰিছিল বলিউডৰ বিশিষ্ট অভিনেতা নাৱাজউদ্দিন ছিদ্দিকীয়ে, কালি ৷ মোৰো প্ৰশ্ন এতিয়া একেটাই হল ৷

আকস্মিকভাৱে পোৱা দিনৰ আহাৰভাগ তিনিওজনে হেঙিং ব্ৰীজৰ ভেটিটোতে উদৰস্থ কৰাৰ সিদ্ধান্ত হৈছে ৷ বাঁহৰ প্লে'টফৰ্মখনৰ ওপৰতে পাতবোৰ ভাগে ভাগে সজাই ললোঁ ৷ বচ্চনহঁতেই দলে-বলে লাগি-ভাগি সাজিছিল এই ওলমা সেতু ৷ দলং আৰু অন্যান্য কামত প্লাষ্টিকৰ ৰছী বহুলভাৱে ব্যৱহাৰ কৰা হৈছে বুলি প্ৰথম নিশাই জুহালৰ আড্ডাত উনুকিয়াইছিল ৷ নিজ চকুৰে দেখিলোঁহি আজি ৷ ইয়াতো দেখা গৈছে গোটা বাঁহৰ পয়োভৰ ৷ দৃষ্টিনন্দন হাতৰ কাম ইদু ৰাইজৰ ৷ এইপাৰে পাইন গছ, বাঁহ গছ, নাম নজনা অন্যান্য গছ-গছনি চকুত পৰিছে ৷ সাঁকোখনৰ কাষতে পোৱা হাবিবোৰ বৰ্ষাৰণ্যৰ দৰেই ৷ বৰষুণ বেছি বাবে জলবায়ু সেমেকা ৷ সেয়েহে ঠাণ্ডাও মাত্ৰাধিক ৷ নাক, কাণ, হাতত কিহবাই বিন্ধি থকাৰ দৰে লাগি আছে ৷ মোজা, টুপী খুলিব নোৱাৰি ৷

দানে দানে পৰ লিখা হে' খানেৱালেকা নাম !  ভি.আই.পি.ৰ ভাগৰ চৰকাৰী খানাৰ ভাগ আকৌ এবাৰলৈ পালোঁ ৷ সোঁহাতখন কোনোমতে বাহিৰ কৰি আঙুলিৰ আগকেইটা তিয়াই লৈছোঁ ৷ হাঁহি-ধেমালিৰ মাজেৰে চোবাই চোবাই দৃশ্য উপভোগ কৰি থকাৰ লগতে বন্য পৰিৱেশটোৰ আৰণ্যক ঘ্ৰাণো লৈ আছোঁ হিয়াভৰি ৷ খাই-বৈ আজৰি হৈ সিপাৰলৈ যোৱাৰ গুণা-গঁথা ৷ তাৰ আগতে ড্ৰিৰ বালিত অলপমান ফুৰা-চকা কৰা হ'ব ৷ তাৰ আগতে এইপাৰে কিছু ফটোচেছন ৷ কেমেৰাটো এবাৰ বচ্চনে লয়, এবাৰ চই টানে ৷ ফটো তোলাৰ চখ ৷

আনুমানিক ৩০-৩২ মিটাৰমান দীঘল হব কিজানি ৷ ভৰি নিদিওঁতেই জাগি উঠিছে অনাবিল আনন্দ ৷ দুখোজমান যোৱাৰ লগে লগে ধেনুভিৰীয়া দলংখনৰ স্বভাৱজনিত হেন্দোলনি আৰম্ভ হল ৷ হলেও মোৰ কাৰণে অকণো ভয় লাগিবলগীয়া কথা নাই ৷ যথেষ্ট অভিজ্ঞতা ইতিমধ্যে সঞ্চয় কৰি থোৱা হৈছে ৷ তাক্‌চিঙলৈ যাওঁতে গৰ্জনমুখৰ আৰু সাংঘাতিকভাৱে ভয়ংকৰ সোৱণশিৰিৰ ওপৰেদি পাৰ হোৱা মৰণফান্দস্বৰূপ ওলমা সাঁকোকেইখনৰ তুলনাত এইখন একোৱেই নহয় ৷ সম্পূৰ্ণ নিৰাপদ ৷ নৈখনো এইখিনিত একো ভয়ংকৰ নহয় ৷ গতিকে গপ্‌গপাই আগুৱাই গলোঁ ৷ বচ্চনৰ নিৰ্দেশ মানি দৌৰি ঘূৰিও আহিলোঁ ৷ তেওঁ ফটো তুলিলে ৷ অগা-পিছাকৈ তিনিও এইবাৰ হ'লোঁ আগুৱান, বহলে প্ৰায় চাৰিফুটীয়া দলংখনেৰে ৷ বাঁহ আৰু ৰছীৰেই যেন সাজি উলিওৱা হৈছে সাঁকোখন ! কেব্‌লবিলাক অদৃশ্য ৷ বান্ধোন পদ্ধতি আৰু কলানৈপুণ্য মানিবলগীয়া ৷ বাঁহৰ কাম শলাগিবলগীয়া ৷ ক'তো কোনো খুঁত দেখিবলৈ নাই ৷ প্ৰথম দৰ্শনতে আচৰিত লাগি গ'ল ৷

অৰুণাচলৰ ইদু মিছিমি সমাজত বিশ্বাস আছে যে মকৰাক অনুকৰণ কৰিয়ে মিছিমি পুৰুষে নৈৰ ওপৰত ওলমা দলং সাজিবলৈ শিকিলে ৷ দুপাৰে গছত বান্ধি থোৱা এডলীয়া তাঁৰত ঠিক মকৰা জালৰ দৰে দেখা হেঙিং ব্ৰীজো আছে ৷ তাৰ ভিতৰেৰে খৰস্ৰোতা নৈ পাৰ হবলৈ পিছে কলিজাখন কপৌ চৰাইৰ দৰে হলে নহব ৷ খামি-ডাঠ হবই লাগিব ৷ ঘন কুঁৱলীৰ সময়ত নৈখনৰ লগতে দলঙৰো বিপৰীত দিশে একো নেদেখা হৈ থাকে ৷ সীমাহীন বিস্ময়ত হতবাক হব লাগে সন্মুখত ৰৈ ৷ পাৰ হোৱাটো পাছৰ কথা ৷ লোৰ ৰছীত লগোৱা চকাত এহাতেৰে ধৰি পিঠিত কেঁচুৱা বান্ধি বহু ওপৰেদি নৈ পাৰ হোৱাৰ দৃষ্টান্তও আছে এইখন অৰুণাচলতে ৷ বটল এটাত পানী ভৰাই ইখন হাতেৰে পুলিটোত ঢালি ঢালি যাব লাগে ৷ নহলে চকাটো গৰম হৈ যায় আৰু হাত পোৰে ৷ সঁচাকৈয়ে অবিশ্বাস্য ৷ কিবা চাৰ্কাচ চাৰ্কাচ যেন লাগে কল্পনা কৰিলে ৷ অৰুণাচলী মানুহৰ দৈনন্দিনৰ প্ৰতিটো খোজতে এনেকৈয়ে সম্পৃক্ত হৈ থাকে মৰণজয়ী দুঃসাহসিকতা ৷ কবৰ মন যায়, অৰুণাচলী জন-জীৱনৰ অন্য নাম হৈছে এড্‌ভেন্সাৰ ৷ নিজকে সুধিবৰো মন যায়, তেওঁলোকৰ তুলনাত নিজেনো কেই শতাংশৰ ভাগ পাইছোঁ ? এইটো কাৰণতে, এই পাৰ্চেণ্টেজটো বঢ়াবলৈকে অৰুণাচললৈ আহোঁ বাৰে বাৰে ৷ বুজাব নোৱাৰা ধৰণৰ এক মজা, এক ধৰণৰ সন্তুষ্টি আছে ইয়াত ৷

ওলমা দলঙৰ ওপৰেৰে আৰামছে আগুৱাই গৈ আছোঁ ৷ ৰৈ ৰৈ নৈখনৰ তলিৰ লগতে সোঁৱে-বাঁৱে, আগে-পাছে দৃষ্টিও নিগৰাইছোঁ ৷ পানীবোৰ ফট্‌ফটীয়া ৷ তলত পৰি থকা শিলগুটি পৰ্যন্ত ওপৰৰ পৰা চাওঁতে স্পষ্টকৈ দেখা পোৱা গৈছে ৷ চতুৰ্দিশে টোঁৱাই উৰাই-ঘূৰাই ফটো তুলি আছোঁ ৷ দৰাচলতে মনৰ কেমেৰাৰে যিমানবোৰ ধৰি ৰখা হৈছে তাৰ তুলনাত ই নগণ্য ৷ তথাপি ক্লিক্‌ কৰিছোঁ, অন্ততঃ পাছত আনক দেখুৱাবলৈকে হ'ব, কবলৈকে হব ৷ ৰেকৰ্ড থাকিব নিজৰো ৷ ফটোৱে মিছা নকয় কেতিয়াও ৷

দলঙৰ সোঁমাজত ৰৈ কি দেখিলোঁ ? এইডোখৰত বহল হৈ পৰা ড্ৰিখনৰ উচ্চাংশতো এটা কেঁকুৰি, নিম্নাংশতো এটা কেঁকুৰি ৷ তাৰ আগলৈ নেদেখাটোৱে স্বাভাৱিক ৷ তাৰ আগে আৰু পাছে নৈখন ঠেক ৷ শিলভৰা জলস্ৰোতৰ দেখা গৈ থকা ইংৰাজী বৰ্ণমালাৰ এছটোৰ অনুৰূপ ভাঁজ, লয়লাস নৃত্য, তৰংগায়িত ছন্দ, পাৰত খুন্দিওৱাৰ শব্দবোৰ দেখি-শুনি তৎমুহূৰ্ততে মনলৈ আহিল Lord Alfred Tennysonৰ The Brook কবিতাৰ টুকুৰা : And out again I curve and flow, To join the brimming river, For men may come and men may go, But I go on for ever.

সিটো মূৰ পাই ওপৰতে সাজি ৰখা গোটা বাঁহৰ আসনত এখন্তেক বহিবৰ মন গল ৷ দুৰ্ভাগ্য ৷ বৰষুণে তেনেই তিয়াই থৈছে ৷ চুই চালোঁ ৷ নবহিলোঁ ৷ কাপোৰ তিয়াব নোৱাৰি ৷ পয়মাল হ'ব ৷ ওচৰতে ৰৈ থিয়া-থিইকৈ চাব ধৰিলোঁ ইফালে-সিফালে ৷ প্ৰদূষণহীন সুন্দৰ-মনোহৰ পৰিৱেশ ৷ দীঘল দীঘলকৈ উশাহ টানি হাওঁফাওঁত সুমুৱাই লৈছোঁ ড্ৰি উপত্যকাৰ শীতল সুবাস ৷ এনেকুৱা সুযোগ আৰু কত ! পানী-যুঁৱলিলৈ গৈ বোঁৱতী ধাৰাৰ কেইঢোকমান পি পেলোৱাৰ তাগিদা এটাও নহাকৈ নাথাকিল ৷ নদীখনৰ আগলি ভাগত উচ্চতা অনুপাতে বৰফে আৱৰা পৰ্বতৰ অৱস্থান ৷ ডাৱৰৰ আঁৰত লুকাই ওলোৱা-সোমোৱা কৰি আছে শুভ্ৰ পৰ্বতমালাই ৷ দৃশ্য চাই দেহা-মন শাঁত পেলোৱাৰ অন্তত এসময়ত দলঙৰ পৰা নামি এজন এজনকৈ বালিময় নদীপৃষ্ঠত থিয় দিলোঁ ৷ খোজৰ ভৰত ইমানপৰে কেৰ্‌মেৰাই থকা বাঁহবোৰ শান্ত হৈ পৰিল ৷

ড্ৰিৰ বুকুত অৱস্থান লৈয়ে দুহাত প্ৰসাৰিত কৰি, ঊৰ্ধ্ববাহু হৈ মনে মনে ধন্যবাদ এজাউৰি দি দিলোঁ নেদেখাজনক ৷ ১৪ জানুৱাৰীৰ ফেচবুক প'ষ্ট, চঞ্চল কৰি পেলোৱা অগ্নি মিহুৰ ফটো ১০খন ৷ সেইবোৰ দেখি ইয়ালৈ আহিবলৈকেতো ছট্ফ‌টাই আছিলোঁ ৷ কত অনিশ্চয়তাইযে বাৰেপতি ঘেৰি ঘেৰি ধৰিছিল ! সেইবিলাক অসুবিধা এতিয়া চব গায়েব ৷ সমস্যা পলায়ুৰ্ধং ৷ এইটো ঠিক যে সিদিনা ৰ'য়িঙত সিদ্ধান্ত সলোৱা হ'লে ক'তনো আজি এনেকৈ ড্ৰিৰ বুকুৰ বতাহ ল'বলৈ পাওঁ ! আকৌ, ইও ধুৰুপ যে চ'ক' তায়ু, অনিয়া মেয়া, বচ্চন মিপিৰ সাহায্য অবিহনেও স্বপ্ন সাকাৰ নহ'লহেঁতেন ৷ সকলোবোৰ ঠিক ঠিক মিলি গৈছে ৷ নান্নী ইনয়িটায়াৰ আশীৰ্বাদ পালোঁ যেনেই লাগি গ'ল ৷ মিছন চাক্‌চেচ্‌ফুল ৷ স্বগতোক্তি ওলাই আহিল নিজে নিজে ৷

বিশাল অৰণ্যৰ প্ৰাচুৰ্যময় বিশালতাৰ সৈতে একাত্ম হৈ ড্ৰিখন এইখিনি আহি ওলাইছে আৰু দুফাল হৈছে ৷ এইটো সুঁতি সিটোতকৈ ডাঙৰ ৷ নৈৰ বুকুৰ শিলবোৰ আঁতৰাই বালিয়ে বালিয়ে বাট মোকলোৱা হৈছে ৷ ঠিক যেন ৱাই জংছন এটা ৷ নিশ্চিত যে বাৰিষা গোটেইখন সাগৰ-সংকাশ হৈ পৰিব ৷ বাঁহৰ এই সাঁকো, সৌ নিৰ্মাণবোৰযে এটাও বাচি নাথাকিব, সিও নিশ্চিত ৷ ড্ৰিৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যাব বচ্চন মিপিহঁতৰ তেজ-ঘাম মিশ্ৰিত কষ্টবোৰ ৷ মচি পেলাব আমাৰ খোজবোৰো ৷ কেৱল মনৰ মাজত ৰৈ যাব ইয়ালৈ অহাৰ স্মৃতি ৷ সেই স্মৃতিয়েই হৃদয়ৰ গভীৰতাত আজীৱন দোলা দি থাকিব ৷ যোগাত্মক ৰূপত নিৰন্তৰ প্ৰেৰণা-প্ৰোৎসাহন যোগাই থাকিব নিজে ক'ব নোৱাৰাকৈয়ে ৷ নতুন নতুন সপোন দেখিবলৈ শিকাব, অৰুণাচলী প্ৰকৃতিৰ মাজলৈ গুচি যোৱাৰ তাড়না জগাব পুনঃ পুনঃ ৷

বাঁওফালে নাতিদূৰত কেইজনমানে ভলীবল খেলি থকা দেখা পালোঁ ৷ ৰিভাৰ বিচ্চ ভলীবল ! দেখিয়ে উথপথপ লাগিলেই মনত ৷ সোঁফালে বাঁহেৰে নিৰ্মিত এখন দলং ৷ ওলমা দলং নহয় ৷ নৈৰ সিপাৰে গছ-গছনিৰ ফাঁকে ফাঁকে তম্বু কিছুমান জিলিকিছে ৷ ভলীবলৰ হেঁপাহতে আমি বাঁওহাতে যাব ধৰিলোঁ ৷ ঠাণ্ডা শৰীৰত কিছু গৰম উঠাই ল'ব লাগিব প্ৰথমে ৷ (ক্ৰমশঃ)

Monday 25 May 2020

৮.১ আচ্‌হিছ, Place of rainbows


দুপৰীয়া ঠিক ১২ বজাত আমি লক্ষ্যস্থল আহি পালোঁ ৷ নতুনকৈ মুকলি কৰা পিক্‌নিক্‌ স্পটটো তলত, নৈৰ বুকুত আছে ৷ তালৈ ১ কিলমিটাৰমান হব বুলি বচ্চনে জনালে ৷ ইয়াৰ পৰা খোজ কাঢ়িব লাগিব ৷ যাবলগীয়া কেঁচা ৰাস্তাটোলৈ চাই অনুমান হৈছে, ঠাইছোৱা মুকলি কৰা আৰু বাট কাটি উলিওৱা বৰ বেছি দিন হোৱা নাই ৷ মুখ্য মন্ত্ৰী আহিব বুলিয়ে কৰা হৈছে চাগৈ ৷ নহলে লুং-লুঙীয়াই আছিল ৷ অত-তত ৰঙীন পতাকা পুতি থৈছে ৷ পতাকাবোৰেই যেন বাটৰো নিৰ্দেশনা ৷ সোঁৱে-বাঁৱে আগে-পাছে স্পষ্ট হৈ পৰিছে ইমানদিনে উচ্চাৰণ কৰি থকা আচ্‌হিছ, ডেমবিউনৰ অকল্পনীয় দৃশ্যপট ৷ পৰ্বত, নদী, বৰ্ষণমুখৰ পৰিৱেশৰ লক্ষ্যণীয় একক বৈশিষ্ট্য ৷ ড্ৰি উপত্যকা এয়া ৷ বৰষুণৰ পৰিমাণ আনিনিতকৈও এইফালে বেছি বুলি জানো ৷

গাড়ীৰ পৰা নামি এইটো প্ৰান্তৰ মটৰেবল শেষভূমিৰ স্পৰ্শসুখ গ্ৰহণ কৰিলোঁ ৷ ঠিক নমাৰ মুহূৰ্ততে আচ্‌হিছৰ আকাশমণ্ডলেৰে মুকুতাসদৃশ টোপাল কিছুমান নামি আহিল ৷ ব্যাখ্যা কৰিব নোৱাৰা যেন এক ঈশ্বৰীয় পৰিঘটনা ! বহুপ্ৰত্যাশিত যাত্ৰাটো সফল হোৱা বুলিয়েই আত্মসন্তুষ্টি লভিলোঁ ৷ আমেৰিকান লেখক ক্লাউড এম. ব্ৰিষ্টলে কোৱা, আমি যি প্ৰত্যাশা কৰোঁ সেইটোহে সাধাৰণতে লাভ কৰোঁ’, কথাষাৰৰেই যেন প্ৰতিফলন !

বতৰৰ আগলি বতৰা অধ্যয়ন কৰিয়ে লগত ৰেইনকোট লৈ অহা হৈছিল ৷ জেকেটৰ ওপৰতে পিন্ধি ললোঁ ৷ কালি বচ্চনৰ পৰা এইটোও গম পাইছিলোঁ যে ইয়াত ঠাণ্ডাও আনিনিতকৈ বেছি হব ৷ ঘৰত থাকোঁতেই চোৱা আগতীয়া একু-ৱেদাৰ ৰিপৰ্টৰ মতে আজিৰ তাৰিখত আচ্‌হিছত তাপমাত্ৰা সৰ্বোচ্চ ২ আৰু সৰ্বনিম্ন -৩ ডিগ্ৰী চেলচিয়াচ হ'ব বুলি নোটবুকত লিপিবদ্ধ কৰা আছিল ৷ উষ্ণতামাপক নাই মোৰ ৷ তথাপি, যি চলি আছে তালৈ চাই আগজাননী সত্য যেনেই বোধ হৈছে ৷ সিম্‌সিমীয়া বৰষুণজাক অলপমান দিয়েই ৰল যেনিবা ৷

নিৰিবিলি নৈপৰীয়া অঞ্চল এটা ৷ প্ৰদূষণমুক্ত বায়ুমণ্ডল ৷ এনে লাগিছে, কোনোবা নতুন দিগন্তলৈ যেন বাট বুলিছোঁ ! চৌপাশক চোৱাৰ জিজ্ঞাসাবোধে উতলা কৰি তুলিছে ৷ সদলবলে আমি তললৈ খোজ ললোঁ ৷ পিঠিত বোজা বুলিবলৈ মোৰ স্কুলবেগটোৰ বাদে কাৰো একো নাই ৷ চকুৱে-মুখে কেৱল কৌতূহল বিৰাজ কৰিছে ৷ কথা পাতি, হাঁহি-মাতি, শাৰী পাতি গৈ আছোঁ নামি ৷ ৰাস্তাটোৰ কাষে কাষে বিহলঙনিৰ বিশালতা দেখা গৈছে ৷ তামৰঙী বিহলঙনিডৰা ইফালে-সিফালে বাগৰি পৰিছে ৷ কঁকাল পৰ্যন্ত ওখ হ'ব যেন লাগিছে ৷ মেন-চু-খা, ডঙতো অনুৰূপ বিহলঙনিৰ ৰাজ্য পৰিলক্ষিত হৈছিল ৷

ক্ৰমান্বয়ে নিম্নগামী বাটটোৰ দুকাষে অসংখ্য গাড়ী ৷ স্কৰপিঅ, বলেৰ, থাৰ, ছুম, এনদেভৰ, ইছুজু, চাফাৰী আৰু কত কি ! সৰহভাগৰে ৰং বগা ৷ মুখ্য মন্ত্ৰীৰ কনভয়ৰ ৰঙা ফ্লেগ, সেউজীয়া ফ্লেগ লগোৱা গাড়ীও ৰৈ আছে ৷ পাৰ্বত্য পৃষ্ঠপটত চাই কিবা এটা ভাল লাগিছে ৷ থূপ খাই থকা বাহনবিলাক দেখি এনে লাগিল, যেন আনিনিখন উঠি আহিল ইয়ালৈ ! অৰুণাচল চৰকাৰৰ বৰমূৰীয়া কেইবাজনোতো আছেই কালিৰে পৰাই ৷

একে সময়তে, অদূৰত, মুখৰ পোনে পোনে স্পষ্ট ৰূপত লক্ষ্যণীয়ভাৱে ছোৱা ছোৱাকৈ বৃক্ষশূন্য পৰ্বতৰ শৰীৰ ৷ দেখা পাই হৃদয়ত বেথা জন্মিছে ৷ কোন ওলাবহি পাৰে ইয়াত বন ধ্বংসকাৰী ? অন্য প্ৰশ্ন কিছুমানো জাগিছে ৷ গছ-গছনি নোহোৱাৰ কাৰণটো অৰণ্য-বিজ্ঞানৰ মানুহেহে জানিব অৱশ্যে ৷ অহাৰ বাটত কোনো কোনোফালে পৰ্বতৰ বৰণ কলা দেখিও চিন্তিত নোহোৱা নহওঁ ৷ তাৰ কাৰণ বিশ্লেষণো তেওঁলোকেহে সঠিকভাৱে কৰিব পাৰিব ৷

আৰু নামি যাওঁতে পোনে পোনে ঘৰ এটা ৷ নৱনিৰ্মিত টুৰিষ্ট লজ ৷ সদ্যহতে ৰান্ধনীশাল হিচাপে ব্যৱহাৰ কৰা হৈছে ৷ পুতি ৰখা ভিন্নৰঙী পতাকা কিছুমান শাৰী শাৰীকৈ দুলি আছে ৷ সেনাৰ পোছাক পৰিহিত লোকৰ আহ-যাহ চলিছে ৷ মানুহ কিছুমানে জুই ধৰি ঘৰটোৰ সোঁকাষে জুম পাতি পাতি উত্তাপ লৈ আছে ৷ অগ্নিয়ে অন্তিম ভাৰসা ৷ খৰিৰ অভাৱ নাই যেনিবা ইয়াত ৷

ৰাস্তা শেষ ৷ মুখৰ আগত ষ্টেপ কেইটামান ৷ নামিয়ে অতিথিশালাটোৰ চোতালেৰে বাঁওফালে যোৱাৰ নিৰ্দেশ ৷ ৰান্ধনীঘৰৰ দৰজাৰ কাষ পাওঁতেই বচ্চন আৰু চক কোনোবা চিনাকি মুখে দেখা পালে ৷ চিঞৰি মাতিলে ৷ খাদ্য লৈ যাবলৈ তাগিদা দিলে ৷ ভালেই পালোঁ পেটে পেটে ৷ ঘৰত খাই অহা ৰুটীকেইটা ইতিমধ্যে হজম হৈছিল ৷

অনিয়া নেতৃত্বাধীন মহিলা ব্ৰিগেডৰ সমূলি ভ্ৰূক্ষেপ নাই ৷ তিনিওজনীয়ে আমালৈ নৰৈ ধা ধা ছুটি মেলিছে ৷ ৰাস্তা চিনি পাইযেনো লাগিল ৷ জানো, সিহঁতৰ লক্ষ্য এটাই ৷ নাৱাজউদ্দিন ছিদ্দিকী ৷ কত আছে মানুহজন ? প্ৰথমে সেইটো জানিব লাগে ৷ তাৰ পাছত ফটোৰ কাৰণে ৰিকুৱেষ্ট কৰিব লাগে ৷ নহলে ইয়ালৈ অহাটোৱে বৃথা হব ৷ সুযোগ বাৰে বাৰে নাহে ৷ সেয়ে আমাৰ লগত ৰৈ থকাৰ সকাম নাই ৷ লাগিলে খাবলৈ নাপাওকেই ৷

এইফালে, পাছফালেদি পাকঘৰটোত আমাৰ তিনিওৰে অনধিকাৰ প্ৰৱেশ ঘটিল ৷ হাতখনতকৈও দীঘল আৰু সেই অনুপাতে বহল কৌপাত কিছুমান এচুকত দম লাগি আছে ৷ নিজ হাতে তুলি ল'লোঁগৈ ৷ তাৰ পাছত ডেক্‌চিৰ ঢাকোন দাঙি দাঙি এবিধ এবিধকৈ খাদ্য-বস্তু সংগ্ৰহ ৷ পানীৰ বটলো ল'লোঁ ৷ যি বুজিলোঁ, ইয়াত কোনেও ভোকত থাকিবলগীয়া হোৱা নাই ৷ সকলোৰে বাবে খাদ্য অপৰ্যাপ্ত ৷ ব্ৰেকফাষ্টত দক্ষিণ ভাৰতীয় আহাৰ পৰিৱেশন কৰা হৈছিল ৷ আমিও বান্ধি লৈছোঁ ইদলী, চম্বৰ, উপমা, পনীৰ তৰকাৰি আদি ৷ ইচ্ছানুযায়ী লব পাৰি ৷ একো বাধা নাই ৷ নভবা-নিচিন্তাকৈ হঠাতে পাই যোৱা কাৰবাৰতো দেখি তিনিওৰে খুব স্ফূৰ্তি লাগিল ৷

গছ-গছনিবোৰৰ ফাঁকেৰে মন কৰিছোঁ, চকুৰ আগত ৰৈ আছে নন্দন-কানন ভাহি উঠাৰ দৰে এক অভাবনীয় দৃশ্য ৷ ড্ৰি নৈখন এইখিনিত অধিক বহল হৈ পৰিছে ৷ দুপাৰৰ সুন্দৰতাৰ মাজত অৱস্থান এক নদীদ্বীপৰ ৷ যেন ৰম্যপুৰীহে ! আচ্‌হিছৰ আকৰ্ষণীয় স্নেপ কিছুমান ফে'চবুক্‌ৰ DIBANG AN INCREDIBLE VALLEYত দেখিছিলোঁ ৷ মাননীয় সাংসদ কীৰেন ৰিজিজু ডাঙৰীয়ায়ো আপলড কৰিছিল ৷ দেখিয়ে উদ্বাউল হৈছিলোঁ তেতিয়া ৷ আৰু আজি, এয়া আহি উক্ত থলীত উপস্থিত হ'ব পাৰিলোঁ ৷ মুখ্য মন্ত্ৰীৰ আহাৰৰ ভাগো আকৌ এবাৰ পালোঁ ৷ অভিযান সফল হোৱাত ঈশ্বৰক ধন্যবাদ জনালোঁ মনে মনে ৷

পতাকা পোতাই আছে ৷ আঁতৰি যোৱা লুংলুঙীয়া বাটটো মানুহৰ আহ-যাহত বহল হৈ পৰিছে বুলি সতকাই ধৰিব পাৰি ৷ ঠায়ে ঠায়ে বোকাও উঠিছে ৷ বাঁহেৰে সজ্জিত কিবা এটাৰ সামান্য একাংশ সেইটোমূৰে ওলাই আছে ৷ বাঁওহাতে কেইমিটাৰমান আহিয়ে ওলমা দলং এখনৰ ঠিক গুৰিতে থিয় দিলোঁহি ৷ কেঁচা, গোটা বাঁহৰ সাজোন ৷ বিচিত্ৰ দৃশ্যপট ৷ একে অৱস্থানতে থৰ লাগি ৰ'লোঁ ভালেপৰ ৷ তাৰ পাছতহে চৌদিশে দৃষ্টি নিগৰাইছোঁ ৷ সাজি ৰখা দলং, তম্বু, মঞ্চ, ক্ৰীড়াংগন আদিৰ সৈতে বোঁৱতী নৈ, মেঘাবৃত পৰ্বত মিলি বৰ্ণময় হৈ পৰিছে ৷ যেন বিশিষ্ট শিল্পীৰ দ্বাৰা অংকিত পেইণ্টিংহে ! Place of rainbows বুলি অভিহিত এয়াই আচ্‌হিছ ৷ নতুন টুৰিষ্ট স্পট ৷ আনিনিৰ পৰা প্ৰায় ৩০ কিল'মিটাৰ নিলগত ৷ হেঁপাহ কৰি অহা আচল জেগাকণ পালোঁহি ৷ (ক্ৰমশঃ)