Friday, 8 May 2020

৭.০ সভাৰ কথা




১১.৪৫ত উদ্বোধনী সভা আৰম্ভ হল ৷ ইদু মহিলাৰ প্ৰায় ৫০জনীয়া দল এটা মুকলি মঞ্চলৈ উঠি আহিল ৷ পৰম্পৰা অনুসৰি প্ৰজ্জ্বলিত অগ্নি সন্মুখত ৰাখি সমূহীয়া গীত গাই প্ৰাৰ্থনা জুৰিলে ৷ দৰ্শকসকলৰ বেছিভাগেই মবাইল ফোনত সংযুক্ত কেমেৰাৰে ফটো তোলা আৰু ৰেকৰ্ডিং কৰাত ব্যস্ত হল ৷ তাৰ পাছতে আদৰণী ভাষণ পাঠ কৰিলে ৫২ সংখ্যক কেন্দ্ৰীয় ৰে'হ উদ্‌যাপন সমিতি, আনিনৰ সভাপতি ইনাম প্ৰাল'ৱে ৷

গম পালোঁ, ৰেহপ্ৰেমী স্থানীয় ৰাইজৰ সৈতে আজিৰ সভাস্থলীত অৰুণাচল প্ৰদেশৰ মাননীয় মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ উপৰি উপস্থিত আছে পূব অৰুণাচল সংসদীয় সমষ্টিৰ সাংসদ তাপিৰ গাৱ, ৪১ আনিনি বিধান সভা সমষ্টিৰ বিধায়ক মপি মিহু, অৰুণাচল প্ৰদেশ চৰকাৰৰ মুখ্য সচিব নৰেশ কুমাৰ, আৰক্ষী সঞ্চালক প্ৰধান আৰ. পি. উপাধ্যায়, মুখ্য মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া অমেয়া অভয়ংকৰ, জ্যেষ্ঠ আৰক্ষী বিষয়া মধুৰ ভাৰ্মা, পৰ্যটন বিভাগৰ সঞ্চালক আবু তায়েং, ভূতপূৰ্ব মন্ত্ৰী তথা আনিনিৰ প্ৰাক্তন বিধায়ক ৰাজেশ তাচ্চ, ডিবাং ভেলী জিলাৰ উপায়ুক্ত ৱায়ং খিমহুন, ডিবাং ভেলী জিলাৰ আৰক্ষী অধীক্ষক, ডিবাং ভেলী জিলাৰ বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকল, গাঁওবুঢ়া-গাঁওবুঢ়ীসকল, সাংবাদিকসকল, দূৰ-দূৰণিৰ পৰা আহি উপস্থিত হোৱা লোকসকল ৷ তদুপৰি আছে নাৱাজউদ্দিন ছিদ্দিকী, বলিউডৰ প্ৰখ্যাত অভিনেতা ৷ উদ্‌যাপন সমিতিয়ে সকলোকে স্বাগতম আৰু উৎসৱৰ শুভেচ্ছা জনালে ৷ কালি ইটানগৰৰ পৰা অহা মাননীয় মুখ্য মন্ত্ৰী, সাংসদ তাপিৰ গাৱ, মুখ্য সচিব নৰেশ কুমাৰ, সুদূৰ মুম্বাইৰ পৰা অহা অভিনেতা নাৱাজউদ্দিন ছিদ্দিকী ষ্টেজলৈ আমন্ত্ৰণ জনাই ইদু যুদ্ধ-চোলা, বেতৰ টুপী, দা, যাঠি, মালা, উপহাৰ সামগ্ৰী ইত্যাদিৰে বিপুল সম্বৰ্ধনা জনালে ৷

ভাষণ পৰ্ব আৰম্ভ হল ৷ মুখ্য সচিব নৰেশ কুমাৰ আৰু সাংসদ তাপিৰ গাৱে জনসাধাৰণলৈ ৰেহৰ শুভ-কামনা জ্ঞাপন কৰি প্ৰদান কৰা চুটি চুটি ভাষণত আনিনিৰ উন্নয়নত সমৰ্থন আগ বঢ়োৱাৰ নিশ্চিতি দিলে ৷ জিলাখনত পৰ্যটনৰ সম্ভাৱনা সম্পৰ্কে ব্যাখ্যা কৰাৰ লগতে ইয়াৰ বিকাশৰ অৰ্থে হমষ্টে নিৰ্মাণৰ দিশত উৎসাহ যোগালে ৷

পঢ়িবলৈ পাইছিলোঁ, পূব অৰুণাচল সমষ্টিৰ সাংসদজনে যোৱা ২৭ জানুৱাৰীত ইটানগৰৰ ৰাজভৱনত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ (অৱসৰপ্ৰাপ্ত) বি. ডি. মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত ভাৰতীয় সেনাবাহিনীৰ সৈতে বহা এক ৰুদ্ধদ্বাৰ বৈঠকত সীমান্ত সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় উত্থাপনেৰে দাবী তুলিছিল যে অৰুণাচলৰ প্ৰদেশৰ নতুন ৰাজনৈতিক মানচিত্ৰ তৈয়াৰ হব লাগে ৷ উচ্চ পৰ্যায়ৰ সভাখনত মুখ্য মন্ত্ৰী পেমা খাণ্ডু, বিধান সভাৰ অধ্যক্ষ পাচাং দৰজি চোনা, ইষ্টাৰ্ণ কামাণ্ডৰ জেনেৰেল অফিচাৰ কামাণ্ডিং ইন চিফ লেফটেনেণ্ট জেনেৰেল অনিল চৌহান আৰু ফৰ কৰ্পছৰ জেনেৰেল অফিচাৰ কামাণ্ডিং লেফটেনেণ্ট জেনেৰেল শান্তনু দয়াল উপস্থিত আছিল ৷ নেতাজনে দাবী কৰিছিল যে ভাৰতীয় জৰীপ বিভাগ আৰু ব্ৰিটিছ ইণ্ডিয়াৰ নিৰ্দেশিত মেপত চীনৰ সৈতে অৰুণাচল প্ৰদেশৰ পূব সীমান্ত অঞ্চল ডিবাং ভেলী জিলাৰ এনজ’ ভেলীৰ ফিছ টেইল-১ আৰু ফিছ টেইল-২, ড্ৰি ভেলী, আঞ্জাৱ জিলাৰ চাগলাগাম অঞ্চলৰ কাজাব ভেলী আৰু কায় ভেলীত ১২০ কিলমিটাৰতকৈও অধিক এলেকা কাটি উলিয়াই দিয়া হৈছে ৷ চাগলাগাম অঞ্চলৰ হাদিগ্ৰা দাকাহৰু পাছ, গালাই তাগাৰু পাছ আৰু তাতু পাছ পৰ্বতৰ ওপৰত আছিল ৷ ভাৰতৰ ৰাজনৈতিক মানচিত্ৰত বৰ্ডাৰ আউট পষ্ট মেপৰ বাহিৰত আছিল ৷ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা আৰু জলচ্ছেদ নীতিৰ ভিত্তিত এই এলেকাসমূহক বিবেচনা কৰি মেপ পুনৰ অংকন কৰিব লাগে ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ  মোদীৰ নেতৃত্বত পাকিস্তান অধিকৃত কাশ্মীৰক চাৰ্ভে অফ্‌ ইণ্ডিয়াই বিশেষভাৱে দৃষ্টি দিছে ৷ এইফালৰ এই এলেকাসমূহো গুৰুত্ব সহকাৰে লব লাগে আৰু ভাৰতীয় মানচিত্ৰৰ অন্তৰ্গত আহিব লাগে ৷ ডিবাং ভেলীৰ জনবসতি তেনেই সেৰেঙা ৷ প্ৰতি বৰ্গ কিলমিটাৰত মাত্ৰ এজন ৷ সভাত সাংসদজনে জনসংখ্যা আৰু সম্ভাৱনা বিশ্লেষণ কৰি সভাত উপস্থিত ডিবাং ভেলীৰ ৰাইজক জনালে যে টু লেন ট্ৰেন্স অৰুণাচল হাইৱেই নিশ্চিতভাৱে আনিনিৰ ৰূপ সলাই পেলাব, জীৱনৰ মান উন্নত কৰিব ৷ আপ লগ ত ধনী হ যায়েগা ৷ মেৰা মন কৰতাহে কি মে ভী ছোটা-মোটা জমিন খৰিদকৰ য়ঁহা এক ঘৰ বনা লুঁ ৷সভাস্থলীত হাত-চাপৰিৰ লগতে স্ফূৰ্তিৰ জোৱাৰ উঠিল ৷

পৰৱৰ্তী কাৰ্যসূচী দলীয় লোক-নৃত্যটো চাই আপ্লুত হলোঁ ৷ অৰুণাচল প্ৰদেশৰ যিকোনো জনগোষ্ঠীৰ লোক-সংস্কৃতি প্ৰদৰ্শনত পূৰঠ বয়সৰ পুৰুষ-নাৰীৰ অংশ গ্ৰহণ মই বিশেষভাৱে মন কৰোঁ ৷ নামপঙত অনুষ্ঠিত পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেলত বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰদৰ্শন চোৱাৰ সৌভাগ্য হৈছিল ৷ তাতো এই কথাটো লক্ষ্য কৰিছিলোঁ ৷ ইয়াতো দেখিলোঁ, বয়স বাঢ়িলেও বচ্চনৰ মাকহঁতৰ দৰে মহিলাসকলৰ উৎসাহ অপৰিসীম ৷ মানসিকভাৱে খুব শক্তিশালী এওঁলোক ৷

নৃত্য চলি থাকোঁতেই হাতত কেটলি, জাৰ, ডিচপজেবল গিলাচ লৈ মধ্য বয়সৰ মহিলা, যুৱতীসকলে ভিৰ ফালি মানুহৰ মাজে মাজে সোমাই পেণ্ডেলৰ ভিতৰে-বাহিৰে প্ৰত্যেককে পৰম্পৰাগত পানীয় 'য়ু' যাচিলেহি ৷ ৰে'হ উৎসৱৰ বাবে প্ৰস্তুত কৰা য়ুক 'য়ু আ' বোলা হয় ৷ কাকো অৱশ্যে জোৰ কৰা দেখা নাপালোঁ ৷ লোৱা-নোলোৱাটো নিজৰ ইচ্ছাৰ কথা ৷ অকণো বিশৃংখলতাও পৰিলক্ষিত নাই হোৱা ৷ প্ৰথমবাৰ তেজুলৈ যাওঁতে মোৰ সহপাঠী বন্ধু ধৰ্মেনৰ মিছিমি মাকে ঘৰতে নিজহাতে কৰা য়ু ঘৰখনৰ প্ৰত্যেককে আথে-বেথে অকণ অকণকৈ খাবলৈ দিছিল ৷ মোকো দুই আঙুলমান দিলে কাপ এটাতে, দৰৱ খাই ল বুলি ৷ চাউলৰ পৰা ঘৰুৱাভাৱে তৈয়াৰী য়ু ৰোগ প্ৰতিৰোধী আৰু জনপ্ৰিয় ৷ বৰণটো দেখি ৯৩ চনলৈ মনত পৰি গল ৷ 

আনিনি হৈছে অপৰাধীশূন্য ঠাই ৷ আনিনি আৰক্ষী চকীৰ সুনাম আছে ৷ ২০১৯ চনৰ ডিচেম্বৰ মাহৰ আগলিভাগতে ওলোৱা খবৰ মতে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ে পুনে চহৰত অনুষ্ঠিত আৰক্ষীৰ মহা-নিৰ্দেশক আৰু মহা-পৰিদৰ্শকসকলৰ সন্মিলনত দেশৰ ১০ খন শীৰ্ষ আৰক্ষী নিৱেশৰ তালিকা প্ৰকাশ কৰিছিল ৷ উক্ত তালিকাত অপৰাধীহীন থানা হিচাপে আনিনি থানাই দেশৰ ভিতৰতে পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ পৰি থকা কেছ নগণ্য, অভিযোগৰ তুৰন্তে প্ৰত্যুত্তৰ, সতৰ্ক আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ উন্নততৰ জোখেৰে এই পুৰস্কাৰ প্ৰাপ্তিত অৰুণাচল আৰক্ষী স্বাভাৱিকতে সন্তোষিত আৰু গৰ্বিত ৷ ইয়াতো ইমান মানুহ গোট খাইছে যদিও আৰক্ষীৰ গিজ্‌গিজনি চকুত পৰা নাই ৷ লাঠী লৈ থকা পুলিচমেন দেখা নাই ৷

এইফালে আমি হলোঁ মিটিং আৰু ইটিং বিৰোধী ৷ লেক্‌চাৰ শুনি, ভোজ-ভাত খাই ভাল নোপোৱা মানুহ ৷ তাতোকৈ প্ৰকৃতিৰ মাজত নিৰলে বিচৰণ কৰিয়েই বিমল সুখ পাওঁ ৷ ইয়াত কিন্তু এতিয়া উপায় নাই ৷ পৰিৱেশৰ লগত মিলি পৰিবই লাগিব ৷ মানুহৰ মাজত আত্মগোপন কৰি ভাষণ শুনি আছোঁ ৷ নাচ-গান চাই আছোঁ ৷ মাজে মাজে বাহিৰ ওলাই মুকলি বতাহ লওঁগৈ ৷ মানুহবোৰলৈ চাওঁ ৷ পুৰুষ-নাৰী, যুৱক-যুৱতীহঁতৰ মুখমণ্ডল আলেঙে আলেঙে লক্ষ্য কৰোঁ ৷ আৱেগ-অনুভূতিবোৰ মন কৰোঁ ৷ আশাবোৰ উপলব্ধি কৰিবৰ প্ৰয়াস কৰোঁ ৷ চিপ্‌ৰে-নাবা আৰু প্ৰানে-ইগাৰ বাদে একো বুজি নাপালেও কাষতে ৰৈ দোৱান শুনিবৰ ইচ্ছা কৰোঁ ৷ ফটো তোলোঁ নিজমনে ৷ মুকলিত ঠাণ্ডা লাগে ৷ আকৌ গুচি আহোঁ পেণ্ডেলৰ ভিতৰলৈ ৷

কাৰ্যসূচীমতে এইবাৰ আছে ফেশ্বন শ্ব ৷ ফেশ্বন শ্ব ? ঘোষণাটো শুনিয়েই আচৰিতেই হলোঁ ৷ ৰেহ হল পৰম্পৰাগত উৎসৱ ৷ ইয়াৰ লগত ফেশ্বন শ্বৰ আকৌ কি সম্পৰ্ক ? ভাল নালাগে এইবোৰ ৷ ইদুৰ পৰম্পৰা, সংস্কৃতি চাওঁ বুলিহে আহিছোঁ ইয়ালৈ ৷ বাহিৰলৈকে গুচি যাওঁ ৷ এইবুলি লৈছিলোঁৱেই ৷ কিন্তু দূৰ অতীতৰ পৰা বৰ্তমানলৈকে সময় অনুপাতে সলনি হৈ অহা ইদু মিছিমিসকলৰ ধৰণ-কৰণৰ সৈতে পোছাক-পৰিচ্ছদ আৰু জীৱন-শৈলীৰ সুচিন্তিত উপস্থাপনেৰে এদল পুৰুষ-নাৰীয়ে যি সুন্দৰ চানেকি প্ৰদৰ্শন কৰিলে, একান্তমনে উপভোগ কৰাৰ লগতে হাত-চাপৰিও নবজাই নোৱাৰিলোঁ ৷

ট্ৰেডিছনেল ফেশ্বন শ্ব চাই খুবেই ভাল লাগিল ৷ সুন্দৰ বাৰ্তা এটা দি গল অনুষ্ঠানটোৱে ৷ ইয়াতো পৰিপক্ক বয়সীয়াৰে পয়োভৰ ৷ লঘু সংগীতৰ তালে তালে নৃগোষ্ঠীয় সাংস্কৃতিক জীৱনৰ গতিধাৰা যেনেকৈহে প্ৰতিফলিত কৰিলে, দৰ্শনীটো কিবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যেনহে লাগি গল ৷ চিন্তাৰ শলাগ ললোঁ মনে মনে ৷ এনে ধৰণৰ উপাদান আৰু প্ৰদৰ্শন, এইবোৰ অঞ্চলতহে সম্ভৱ, হ'ব পাৰে সহজে ঢুকি নোপোৱা ঠাই ৷ সাংস্কৃতিকভাৱে কিমান চহকী আনিনি, ডিবাং ভেলী ! গম পালোঁ ৷ যোৱা ৰাতি অনিয়াক কৈছিলোঁ, সিহঁতৰ ঘৰত ওলোমাই ৰখা সাংস্কৃতিক সম্পদবোৰ যথাযথভাৱে সংৰক্ষণ কৰি ইদু যাদুঘৰ গঢ়ি তোলাৰ চিন্তা কৰিব পাৰি বুলি ৷ এই কাৰ্যসূচীয়ে চিন্তাটো আৰু অকণমান গভীৰ কৰি তুলিলে ৷

টুৰিজিম ডাইৰেক্টৰ আবু তায়েঙে ভাষণ আৰম্ভ কৰিলে ৷ নতুন পথ যোগাযোগ স্থাপনৰ জৰিয়তে আহি থকা সুদিন, পৰ্যটনৰ অপৰ্যাপ্ত সুযোগ আৰু সম্ভাৱনা সম্বন্ধে ৰাইজক অৱগত কৰিলে ৷ শেষত তেৱোঁ কৰিলে হমষ্টেৰ পোষকতা ৷

বিজ্ঞসকলে কৰা শেহতীয়া বিচাৰ অনুযায়ী বিশ্বত যিমানবিলাক উদ্যোগ আছে সবাৰে ভিতৰত পৰ্যটনৰ যোগেদি সৰ্বাধিক লোকে কৰ্মসংস্থাপন লভিবলৈ সক্ষম হৈছে ৷ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এই উদ্যোগে অভূতপূৰ্ব নিয়োগ সংস্থান আগ বঢ়াই গৈছে ৷ বৃহৎ বিনিয়োগ তথা কেঁচা মালৰ অবিহনেই, প্ৰদূষণশূন্যভাৱেই সাধন কৰি গৈছে জীৱনৰ বিকাশ ৷ উন্নত দেশসমূহৰ লগতে উন্নয়নশীল ৰাষ্ট্ৰসমূহে সেয়েহে উঠি-পৰি লাগি গৈছে পৰ্যটনক আগ বঢ়াই নিয়াৰ দৌৰত ৷ আন্তঃগাঁথনিৰ বিকাশ, পৰিৱেশ সুৰক্ষা, জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ, পৌৰাণিক ঐতিহ্যৰ উন্নয়ন, যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণ, তথ্য-প্ৰযুক্তিৰ সংযোজন, ভিন্নতা, বিচিত্ৰতা, সামাজিক সুস্থিৰতা ইত্যাদি হৈ পৰিছে অপৰিহাৰ্য মাপকাঠীস্বৰূপ ৷

ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যত পৰ্যটন এতিয়া প্ৰধান উদ্যোগলৈ পৰ্যবসিত হৈছে ৷ কেৰালাত পৰ্যটনে ব্যৱসায় আৰু নিয়োগৰ ক্ষেত্ৰত দেশৰ ভিতৰতে ১ নং স্থানত অৱতীৰ্ণ হৈছে ৷ কেৰালাৰ পাছতে ৰাজস্থান, মহাৰাষ্ট্ৰ, দিল্লী, কৰ্ণাটক, চিকিম, উত্তৰ প্ৰদেশ, তামিলনাডু ৰাজ্যৰ নাম লব পাৰি ৷ দেশৰ এইটো প্ৰান্তত ইনাৰ লাইন পাৰ্মিটে ভ্ৰমণকাৰীৰ আগমন বা প্ৰৱেশত কিছু পৰিমাণে নিৰুৎসাহিত কৰিলেও নৈসৰ্গিক সৌন্দৰ্য আৰু অপূৰ্ব প্ৰাকৃতিক পৰিৱেশেৰে সমৃদ্ধ অৰুণাচল প্ৰদেশ দেশী-বিদেশী পৰ্যটকৰ বাবে সদায়েই আকৰ্ষণীয় তথা সন্মোহনী স্থল ৷ ইয়াৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যই যিকোনোজন লোককে সহজেই আকৰ্ষণ কৰিব পাৰে আৰু তাৰ দ্বাৰা আহৃত ৰাজহেৰে পৰ্যটন ক্ষেত্ৰখনত বহুখিনি উন্নয়ন সাধিবৰ থল আছে ৷

এড্‌ভেন্‌চাৰ্‌ টুৰিজিমে আজি বিশেষ পৰ্যায় পাইছেহি ৷ তাৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে সম্ভাৱনাময় যুৱচামক দুঃসাহসিক পৰ্যটনৰ বহল ক্ষেত্ৰখনলৈ আগ বঢ়াই অনাটো জৰুৰী ৷ মাউণ্টেনিয়াৰিং, ৰক্‌ ক্লাইম্বিং, জাংগল চাফাৰী, ট্ৰেকিং, জাংগল কেম্পিং, ৱাটাৰ স্পৰ্টচ, পৰম্পৰাগত নৃত্য-গীত, আধুনিক জনপ্ৰিয় সংগীত আদিৰ লগতে পৰ্যটনক ব্যৱসায়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰিবৰ বাবে উদ্যোগী উন্নয়ন, ব্যৱসায়িক দক্ষতা বৃদ্ধি, দায়বদ্ধতাৰ শিক্ষা, আইনী কাৰ্যকলাপ, অতিথি সৎকাৰ আদিৰো প্ৰশিক্ষণ দিব লাগে ৷

পূব অৰুণাচলৰ পূৰ্ণ সম্ভাৱনাময় এই আনিনিক এতিয়া পোৱা ধৰণে মুকলিমূৰীয়া, আতিথ্য-পৰিচৰ্যাসম্পন্ন তথা অপৰাধশূন্য-প্ৰদূষণশূন্য স্থান হিচাপে বৰ্তাই ৰাখি পৰ্যটকে বিচৰা ধৰণে সা-সুবিধাসমূহ গঢ় দি লব পাৰিলে যি দেখিছোঁ অনিয়া-বচ্চনহঁতৰ ভৱিষ্যতলৈ চিন্তা কৰিবলগীয়া বিশেষ একোৱেই নাথাকিব ৷ যোৱা ৰাতি জুহালৰ আলোচনাত এইবোৰকে বুজাইছিলোঁ ৷ (ক্ৰমশঃ)

No comments:

Post a Comment