Friday, 22 May 2020

৭.৯ আংৰিং ভেলীৰ মিঠা পৰশ


গাড়ীত বহি থকাৰ পৰাই দেখা পাইছোঁ, পথৰ দাঁতিত পাহাৰৰ এঢলীয়াত কিবা কৃষি-কৰ্মৰ আয়োজন চলিছে ৷ অৰ্গেনিক কিৱি ফাৰ্মিং বুলি কলে বচ্চনে ৷ আমাৰফালে এইবিধ ফলৰ উৎপাদন শূন্য ৷ মধ্য অৰুণাচল ভ্ৰমণ কৰোঁতে জিৰোৰ আশে-পাশে প্ৰথমবাৰ দেখা পাইছিলোঁ ৷ ঢোকা আৰু টানি ৰখা তাঁৰ কিছুমানত গছবোৰ প্ৰত্যক্ষ কৰিছিলোঁ ৷ কিৱি ফল ভিটামিন চি, ভিটামিন কে' আৰু ভিটামিন ইৰ ভাণ্ডাৰ ৷ ৰক্তচাপ নিয়ন্ত্ৰণ, কেঞ্চাৰ আৰু কিডনী ষ্ট'ন প্ৰতিৰোধ, কোষ্ঠকাঠিন্য দূৰ কৰাৰ উপৰি স্বাস্থ্যৰ উপকাৰী আৰু ভালেমান গুণ আছে বুলি শুনিছোঁ ৷ ইটালী, নিউজিলেণ্ড, চিলী আদি দেশত প্ৰচুৰ পৰিমাণে হয় ৷ ১৯০৪ চনত চীনৰ পৰা গুটি লৈ উভতি অহা নিউজিলেণ্ডৰ শিক্ষক এজনে এই ফলবিধৰ প্ৰচলন আৰম্ভ কৰিছিল ৷ দেশখনৰ ৰাষ্ট্ৰীয় পখীৰ নামেৰেই নামকৰণ কৰা হৈছিল ৷
কমলা আৰু আপেলৰ উপৰি এই ফলৰ খেতি অৰুণাচলত বহুতেই কৰিবলৈ লৈছে ৷ ৰেহ ফেষ্টিভেলৰ সভাত কালি মুখ্য মন্ত্ৰী পেমা খাণ্ডু মহোদয়ে নিজৰ ভাষণত আনিনিৰ কিৱি সম্পৰ্কে উল্লেখ কৰিছিল ৷ তৎমুহূৰ্তে মোৰ মানস-পটত দোলা দিছিল মেন্-চু-খা বজাৰৰ বেকাৰী দোকানত সেইবাৰৰ অন্যতম ভ্ৰমণসংগী দীপকদাই কিনা কিৱিৰ পেকেটটো ৷ পাছদিনা শ্বিংয়ংলা ট্ৰেকিঙত জংঘলৰ মাজত ভগাওঁতে ময়ো এটা খাবলৈ পাইছিলোঁ ৷ উঃ, কি সুস্বাদু, মঙহাল আৰু ৰসাল ! এতিয়া চকুৰ সন্মুখত কিৱি ফাৰ্মিঙৰ যো-জা দেখিয়ে সোৱাদটো যেন জিভালৈ আপোনা-আপুনি আহি গল ! আনিনিৰ কিৱি এটামান কিবাকৈ চাকি চাবলৈ পোৱা হলে !
অকোৱা-পকোৱা ঠেক বাটেৰে আধা ঘণ্টামান একেৰাহে চলাই অহাৰ পাছত বচ্চনে এঠাইত ব্ৰেক মাৰিলে ৷ চিনাকি এঘৰ আছে হেনো ৷ পিছে মানুহহে নাই ! ফেষ্টিভেললৈ গল নে খেতিলৈ গল নে আচ্‌হিছলৈকে গল, জানিব পৰা নগল ৷ পথৰ দাঁতিতে বেং ছতাৰ আকৃতিৰ খেৰ-বাঁহৰ চালিৰে চাং এখন ৷ বহিবৰ কাৰণে গছৰ কুন্দাৰ পৰা কাটি উলিওৱা আসন কিছুমান পাতি থৈছে ৷ বহি চালোঁগৈ এখন্তেক ৷ মনটো জুৰ পৰিল ৷ মষ্টেৰ চোতালত অনিয়াই এনেকুৱা ব্যৱস্থাকেচোন ৰাখিব পাৰা ৷ আচ্ছা ছে দেখ ল উনুকিওৱাৰ লগে লগে তাই মূৰ দুপিয়াই শলাগিলে, ঠিক কহা আপ ৷ আইডিয়া ৷ফটো তুলি লোৱা হল ৷ পাছত কামত আহিব ৷
সেউজ বাঁহনিৰ মাজেৰে আগুৱাই তাৰ পৰা পাঁচ মিনিট গৈছোঁ কি নাই, প্ৰকাণ্ড মেঠোন এটা আগেদি পাৰ হব ধৰিলে ৷ আজি ইহঁতৰ উছৰ্গাৰ দিন ৷ ভাগ্য ভাল, ইয়াৰ পাল নপৰাকৈ বাচিল ৷ কিছু ৰসিকতা মেঠোনক লৈ ৷ লোদোৰ-পোদোৰ কলীয়া প্ৰাণীটো সোনকালেই একাষৰীয়া হল যেনিবা ৷ গাড়ী আগ বাঢ়িল নিৰ্বিঘ্নে ৷
এইবাৰ আগত এখন দীঘল বেইলী ব্ৰীজ ৷ এইমূৰে, দলঙৰ গুৰিতে পহৰাৰত সেনাৰ দুই বন্দুকধাৰী জোৱান ৷ ৰাজ্যৰ মুখ্য মন্ত্ৰীকে আদি কৰি শীৰ্ষ আমোলা-অতিথিসকলে কালিৰে পৰা সেইফালে বাহৰ পাতি আছে হেতুকেই চাগৈ নিজানত, ঠাণ্ডাক আওকাণ কৰি এওঁলোকে এনেকৈ ডিউটি কৰি থাকিবলগীয়া হৈছে ৷ আন দিনা দেখা পোৱা নাযায় বুলি কলে বচ্চনে ৷
শিলাময় বুকুৰে খৌ খৌ শব্দ তুলি কোবাল বেগে বৈ আহিছে নৈখন ৷ জলস্ৰোতটোৱে আমি বিচাৰি অহা সুৰৰ সন্ধান পাই যোৱাৰে ইংগিত বহন কৰা যেন অনুমান হ'ল ৷ ৰিভাৰ কা নাম ক্যা হে ? ড্ৰি ৷ সঁচাকৈয়ে পাই গলোঁ ৷ ড্ৰি এইখন ৷ সিদিনা আহোঁতে আনিনি পোৱাৰ পূৰ্বে এমবলিনত পাৰ হৈছিলোঁ আন্ধাৰে-মুন্ধাৰে ৷ এই নদীৰ উচ্চাংশতেইতো আছে আচ্‌হিছ ৷ ঘৰত গুগুল মেপ খুঁচৰি গম পাইছিলোঁ ৷ মাথুনলিত ড্ৰি আৰু মাথুৰ পানী মিলি ড্ৰি নামেৰেই বৈ থাকি ইটালিনত তালক পাই সমুদায় ডিবাং হৈছে ৷
ড্ৰিৰ পাৰে পাৰেই এতিয়া চলিছে আমাৰ সীমান্তমুখী এড্‌ভেন্সাৰ যাত্ৰা ৷ এইটো দৰাচলতে এটা সীমান্ত পথ ৷ সীমান্ত পৰ্যটনৰ অন্য এক ধৰণৰ স্বাদ আছে, এক ধৰণৰ মাদকতা আছে ৷ এবাৰ নিচা লাগিলে সহজে এৰা টান ৷ আন্তঃৰাষ্ট্ৰীয় সীমান্তই বাৰে বাৰে হাত-বাউল দি থাকে ৷ দূৰগম্য, কষ্টগম্য, অগম্য, একো কথা নাই ৷ মনেও বিনা-প্ৰতিবাদে মানি লয় যে দেশৰ মুখ্যভূমিৰ পৰা নিলগত, সুদূৰত, সেইবোৰ নিতান্তই স্বাভাৱিক কথা ৷ এনেকুৱা আকৰ্ষণৰে বশৱৰ্তী হৈ এতিয়ালৈ ভাৰত-বাংলাদেশ, ভাৰত-ম্যানমাৰ, ভাৰত-নেপাল আৰু ভাৰত-চীন সীমান্তৰ সম্ভৱপৰ অঞ্চল কিছু গৰকিছোঁ, নিজ চকুৰে এলেকাবোৰ দৰ্শন কৰিছোঁ ৷ ট্ৰেভেলগ লিখিছোঁ ৷ পৰিব্ৰাজক জীৱনৰ এইবোৰেই আনন্দ-অভিজ্ঞতা ৷ এতিয়াও অন্য এক সীমান্ত পথে পথে ৷ দেশৰ এই প্ৰান্তীয় এলেকাত ভ্ৰমি ফুৰিবলৈ আনিনিয়ে, ৰে'হ ফেষ্টিভেলে সুযোগ আনি দিছে ৷ আগত লাষ্ট বৰ্ডাৰ আউট পষ্ট ডেমবিউন, শেষ গাঁও আচ্‌হিছ আছে বুলি জানো ৷ চকুৰ আগলৈ আহিবলগীয়া প্ৰকৃতিৰ ৰূপ কেনে হ'ব সেয়া হ'লে মুঠেও নাজানো ৷
পৰিৱেশ সম্পৰ্কীয় পৰ্যটন অৰ্থাৎ ইক-টুৰিজিমৰ লগতে সীমান্ত পৰ্যটনৰ প্ৰতি আগ্ৰহী দুঃসাহসীৰ সংখ্যা লাহে লাহে বাঢ়ি আহিছে ৷ এক কথাত কবলৈ গলে বৰ্তমান সময়ত খৰতকীয়াভাৱে বিকাশশীল হৈ উঠিছে পৰ্যটনৰ দুঃসাহসিক ক্ষেত্ৰ বা ভাগটো ৷ ৰোমাঞ্চকৰ, শিহৰণকাৰী ট্ৰেকিং-কেম্পিং-এড্‌ভেন্সাৰ যত অৱধাৰিত ৷ অৰুণাচল প্ৰদেশত বৰ্ডাৰ টুৰিজিমৰ সুযোগ আটাইতকৈ বেছি কিয়নো ৰাজ্যখনৰ বৰ্তমানে থকা জিলাসমূহৰ ভিতৰত নামচাই, লোহিত, ইষ্ট চিয়াং, লৱাৰ সোৱণশিৰি আৰু পাপুম পাৰেক বাদ দি অন্য ১৪খন জিলাই ভূটান, চীন নতুবা ম্যানমাৰ এই তিনি চুবুৰীয়া ৰাষ্ট্ৰৰ কোনোবা নহয় কোনোবাখনৰ সৈতে ইণ্টাৰনেশ্বনেল বৰ্ডাৰৰ ভাৰতীয় অংশীদাৰ ৷ এইটোৱেই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্যখনৰ অৱস্থানগত গুৰুত্ব আৰু দায়িত্ব কিমান তাকো প্ৰতিপন্ন কৰে ৷
গাড়ীৰ গতিৰ লগে লগে আমি ইটো-সিটো পাতি আছোঁ ৷ মনে মনে অনেক কিবাকিবি গুণা-গঁথাও কৰি আছোঁ ৷ তাংগা ২, আৰআদি গাঁও পাৰ হলোঁ ৷ এঠাইত দেখা গল গোটা বাঁহেৰে সজা দীঘলীয়া বেৰা ৷ ৰাস্তাৰ কাষে কাষে বহু দূৰ পৰ্যন্ত দি ৰাখিছে ৷ এইফালে বাঁহবোৰ গোটা-গোটে ব্যৱহাৰ কৰাটো সহজেই লক্ষ্যণীয় ৷ ৰেহথলীৰ চাংঘৰটোও গোটেইটো গোটা বাঁহেৰেই সাজিছে ৷ ইদুসকলৰ জীৱনশৈলীৰ ই এক বিশেষত্ব যেনেই লাগিছে ৷ আবাসী জনসংখ্যাৰ তুলনাত বাঁহগছৰ পয়োভৰ ইমানেই বেছি ! কথাটো এই দৃষ্টিকোণেৰেও গমি চাইছোঁ ৷
নৈপৰীয়া অৰণ্য বতাহত হালিছে-জালিছে ৷ মোৰ মনতো অনেক ভাবৰ বুৰবুৰণি উঠিছে ৷ দূৰত, পৰ্বতৰ কোলাত কেইটামান মাত্ৰ ঘৰ পাওঁ ৷ সংখ্যাত তাকৰ যদিও সেয়া একোখন গাঁও হব ৷ এই ৰাস্তাটোত আমি পাৰ হোৱা এনেকুৱা প্ৰতিটো জনপদেই পাহাৰৰ মাজত অৱস্থিত ৷ প্ৰাকৃতিক পটভূমিত মানুহৰ গ্ৰাম্যবসতি দূৰৰ পৰাই পৰিলক্ষিত হৈছে ৷ এনে লাগিছে যেন একো একোখন কাৰুকাৰ্যখচিত অভিনৱ তৈলচিত্ৰ ! সংখ্যাত তাকৰীয়া যদিও এনেকুৱা ক্ষুদ্ৰ ক্ষুদ্ৰ গাঁওবোৰ পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰিত হোৱাৰ পূৰামাত্ৰাই সম্ভাৱনা দেখিছোঁ ৷
আমাৰ কাৰবি আংলং জিলাৰ দুৰ্গম সিংহাসন পাহাৰত এনেকৈ সিঁচৰতি হৈ থকা গাঁওবাসীৰ মাত্ৰ কেইটামান ভোট আনিবৰ কাৰণে নিৰ্বাচনৰ সময়ত শক্তিমান ট্ৰাকত উঠি, হাতীৰ পিঠিত বহি, খোজ কাঢ়ি, পাহাৰীয়া জান-জুৰি অতিক্ৰম কৰি নিৰ্বাচনী দায়িত্বপ্ৰাপ্ত লোকসকল যাবলগীয়া হয় ৷ শুনিলোঁ, এইফালে আনিনিত কথাটো একাঠী চৰাহে ৷ এটা মাত্ৰ ভোট আনিবলৈ নিৰ্বাচনী কাৰ্যালয়ে দল প্ৰেৰণ কৰিবলগীয়া হয় ৷ জেগা গৈ পোৱাটোও কম দুঃসাধ্যকৰ নহয় ৷ আনিনি সমষ্টিৰে চিপ্পি গাঁও অন্য এক উদাহৰণ ৷ পোলিং পাৰ্টীয়ে আনেলি, থিই, এংগেলিন, এৱকাত একো নিশাকৈ পাঁচনিশা কটাই পাঁচদিনীয়া পদযাত্ৰাৰ অন্তত পায়গৈ সেই গাঁও ৷ তাৰ পাছত ভোট গ্ৰহণ ৷ ক'ৰবাত ক'ৰবাত ভোটাৰ ১ !
এলিনেপালোঁহি ৷ এলিনেক এল.জি. বুলিও কোৱা হয় ৷ এল.জি. মানে এড্‌ভান্সড্‌ লেণ্ডিং গ্ৰাউণ্ড হেনো ৷ মই বোলোঁ তেনেহলে এ.এল.জি.হে হব লাগিছিল, এল.জি. কেনেকৈ ? অৰুণাচল প্ৰদেশৰ ৱালং, মেন্‌-চু-খা, জিৰো, পাচিঘাট, আল', টুটিং, বিজয়নগৰ আদিত এ.এল.জি. আছে ৷ নহয় বোলে, এল.জি. ৷ নুবুজিলোঁ ৷ এল.জি., এ.এল.জি. যিয়েই নোবোলক, কেৱল এটাই বুজিলোঁ, সেউজ বনভূমি আৰু সুন্দৰ মনোহৰ উপত্যকাৰে এই মনোৰম এলেকাটোৱে হৃদয়ৰ সকলো শক্তিৰে আমাক নিশ্চয়কৈ আহ্বান জনাইছে ! সেই আহ্বানে প্ৰতি পলে পলে উদ্দেলিত কৰি তুলিছে আমাৰো হৃদয়-মন ৷ এল.জি.ত এটা চৰকাৰী অতিথিশালা আছে ৷ থকা-খোৱাৰ ব্যৱস্থা আছে ৷ ইয়াৰ পৰা আমাৰ লক্ষ্যস্থান আচ্‌হিছলৈ দূৰত্ব ৯ কিলমিটাৰ ৷
শুনামতে, সীমাহীন প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ্অৱস্থিত এই এলিনে' লেণ্ডিং গ্ৰাউণ্ড অৰ্থাৎ এল.জি.তে অতীজত কাৰ্গো বিমানত অহা মানুহবোৰ নামিছিল ৷ ড্ৰিৰ ওপৰত দলং নাছিল ৷ আছিল দীঘলীয়া হেঙিং ব্ৰীজ ৷ এল.জি.ত নামি ওলমা সেতুৰে নৈখন পাৰ হৈ আনিনিলৈ যাব লাগিছিল ৷ গাড়ী আছিল ৪খন মাত্ৰ ৷ ৰাস্তাও পকা হোৱা নাছিল ৷ সেই অৱস্থাতকৈ এতিয়া বহুখিনি ভালেই পাইছোঁ আহি ৷ ক'তো নামিবলগীয়া হোৱা নাই ৷
প্ৰদূষণশূন্য চৌপাশ ৷ নিৰ্মল বতাহ ৷ মেঘাচ্ছন্ন আকাশ ৷ আংৰিং ভেলী পালোঁহি ৷ ঠাইখিনিক এ. ভেলী বুলিও কয় ৷ যিমান পাৰোঁ এফালৰ পৰা চাই চাই গৈ আছোঁ ৷ চকুৰ টিপ মাৰিবলৈকো যেন এৰি দিম ! মনতে ধাৰণা হৈছে, এইবোৰেই চাগৈ সৃষ্টিকৰ্তাৰ প্ৰিয় ঠাই ৷ লোকচক্ষুৰ আঁৰত গোপনে, নীৰৱে লুকুৱাই ৰাখি থৈছে তেৰাই ৷ ছবিতকৈওচোন সুন্দৰ ৷ এইটো ঠিক যে আনিনিৰ ওচৰ-পাজৰৰ এলেকাবোৰৰ তথ্য আজিও অপৰ্যাপ্ত নহয় ৷ তথাপিতো পাৰ্বত্য পৰ্যটনৰ নিঃসন্দেহে উৎকৃষ্ট স্থান ৷ পিক্‌নিক্‌ স্পটৰ অভাৱ নাই ৷ ইউটিউবাৰ আহি নোপোৱা জেগা ৷ লীয়া পাহাৰ, টকলা পাহাৰ, মেঘে ঢকা শৃংগ, প্ৰশস্ত উপত্যকা, ৰঙচুৱা ঘাঁহনি, ওখ বিহলঙনি ৷ ৰাস্তা মাজে মাজে বেয়া ৷ লেণ্ডস্লাইড জনো পাই আহিছোঁ ৷ আংৰিং ভেলী পাওঁতে প্ৰকৃতিয়ে অনন্য ৰূপ ধাৰণ কৰিলে ৷ ক'ত সোমাই পৰিলোঁ যেন লাগি গ'ল ৷
পৰ্বতবোৰ কিবিথুৰফালৰ দৰে লাগিছে মোৰ ৷ সকলোৱে শুনাকৈয়ে কৈ দিলোঁ ৷ কিবিথু, দ্যা লেণ্ড অফ্‌ ফেণ্টাচি ৷ ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ অন্তিম বৰ্ডাৰ পষ্ট সেয়া ৷ উচ্চতা ১১,০০০ ফুট ৷ থিয় পাহাৰ আৰু খৰস্ৰোতা নৈয়ে মন-প্ৰাণ আলোড়িত কৰা কুমাৰী প্ৰকৃতিৰ বিনন্দীয়া লেণ্ডস্কেপেৰে অপূৰ্ব কিবিথু অঞ্চল ৷ শীতল-মনোহৰ, ধূলি-মাকতিহীন, স্বাস্থ্যকৰ জলবায়ু ৷ ভাৰত-চীন সীমান্তৰ আঞ্জাৱ জিলাৰ দুশাৰী পৰ্বতৰ মাজেৰে সোমাই আহি দাঁতিয়েদি বৈ গৈছে লোহিত নৈখন ৷ আচ্‌হিছ পথৰ প্ৰাকৃতিক দৃশ্যবোৰে, আংৰিং ভেলীয়ে কিবিথুলৈ মনত পেলাইছে ৷ মনে মনে তুলনা কৰিব ধৰিছোঁ ৷
অৰুণাচল প্ৰদেশৰ প্ৰায় ৮০ শতাংশ মাটি বিভিন্ন প্ৰকাৰৰ অৰণ্যৰে আৱৰা ৷ কোনো কোনো বনাঞ্চল ইমানেই গভীৰ যে সূৰ্যৰ কিৰণেও ভূমি স্পৰ্শ কৰিবলৈ অপাৰগ ৷ হাবিৰ মাজত বেছি দূৰলৈকো দেখা পোৱা নাযায় ৷ কিবিথুৰ জংঘল দেখিছোঁ ৷ মধ্য অৰুণাচলৰ সোৱণশিৰিপৰীয়া অৰণ্যতো সোমাইছোঁ ৷ মেন্‌-চু-খাৰ আশে-পাশে জংঘলবোৰ সকলোতকৈ বেছি ঘন ৷ শীৰ্ষৰ পৰা চালে সহজে বুজা যায় ৷ হাজাৰ হাজাৰ কিলমিটাৰজোৰা জংঘল যিমানেই ডাঠ আৰু গভীৰ হৈ পৰে সিমানেই ভয়ংকৰ ৰূপত ধৰা দিয়ে ৷ বনাঞ্চলৰ ভিতৰত বহুতো ওখ ওখ পৰ্বতশৃংখলা ৷ শৃংগবোৰৰ উচ্চতা ১৫,০০০ ফুট পৰ্যন্ত ৷ এইফালে টকলা, ক'লা পাহাৰ দেখি স্বাভাৱিকতে প্ৰশ্ন হৈছে, কয়লাৰ ভাণ্ডাৰ থাকিব পাৰে নেকি ? আনিনিত আছে বুলি শুনিছিলোঁ ৷ দেখাগৈ নাই ৷ চাব পাৰিলে ভাল আছিল ৷ সেয়া নিৰ্ভৰ কৰিব চ'ক' তায়ু আৰু বচ্চন মিপিৰ সঁহাৰিৰ ওপৰত ৷

অবিশ্বাস্যভাৱে ঘন অৰুণাচলৰ জংঘলে পৃথিৱীক পৰিশ্ৰান্ত কৰি আহিছে ৷ দ্বিতীয় মহাযুদ্ধৰ সময়ছোৱাত, ১৯৪২ চনত আমেৰিকান সেনাৰ এটা পল্টন জংঘলৰ পৰা নিৰুদ্দেশ হৈছিল ৷ ১৯৪৪, ২০০৬, ২০০৮, ২০০৯, ২০১১, ২০১৫ চনত অৰুণাচলৰ আকাশত বিমান, হেলিকপ্টাৰ, সুখই এছ.ইউ-৩০ ফাইটাৰ জেট দুৰ্ঘটনাগ্ৰস্ত হৈছে ৷ ২০১৯ চনৰ ৩ জুনতো এ.এন.-৩২ বিমান মেন্‌-চু-খাৰ জংঘলত হেৰাই গৈছিল ৷ কমিউনিকেচন চিষ্টেম ফেইল হৈছিল ৷ কোনো ৰেকৰ্ডিং সম্ভৱ নহয় ৷ তেনেস্থলত কেনেকৈ সন্ধান উলিয়াব পাৰে ? ইণ্ডিয়ান এয়াৰ ফৰ্চৰ হেৰাই যোৱা এয়াৰক্ৰেফ্‌ট বিচাৰি হাহাকাৰ অৱস্থা ৷ অন্তৰীক্ষত স্থাপিত শক্তিশালী ছেটেলাইট, যি মাটিৰ ভিতৰত লুকাই থকা বস্তুকো দেখুৱাই দিয়ে, সিও কাৰ্যতঃ নিষ্কাম হৈ পৰিছিল ৷ ইমান ডাঙৰ বনাঞ্চলত মবাইল টাৱাৰ প্ৰতিষ্ঠা কৰাটোও সম্ভৱ কথা নহয় ৷ গতিকে নেটৱৰ্ক পোৱাৰ প্ৰশ্নই নাই ৷ মবাইলে কাম নকৰে ৷ বিচাৰি যাবলৈ জংঘলৰ ভিতৰত ৰাস্তা উলিওৱা ইমানেই মস্কিল আৰু অনিশ্চিত যে পাহাৰতলী পাবৰ বাবে অনেক দিন লাগি যায় ৷ অৰুণাচলৰ দুৰ্গম অৰণ্যৰ স্বৰূপটো এনেকুৱা ৷ সৰহ মানুহৰ পদস্পৰ্শ এতিয়াও বহুপিনে পৰাই নাই ৷ পৰাটো সহজো নহয় ৷ তুলনামূলকভাৱে জংঘল কম দেখিছোঁ যদিও এইপিনেও একেই কথা ৷
অৰুণাচলৰ গভীৰ অৰণ্যৰ অভ্যন্তৰত লুকাই থকা অবুজ ৰহস্যই সমগ্ৰ বিশ্বকে শিহৰিত আৰু চিন্তিত কৰি আহিছে ৷ সুউচ্চ পৰ্বত আৰু জলাশয়েৰে পৰিপুষ্ট বনাঞ্চলসমূহ বিশেষত্বপূৰ্ণ বাবেই বছৰ বছৰ ধৰি কাৰণ ব্যাখ্যাহীন হৈ আছে ৷ যাৰ বাস্তৱ সত্য অদ্যাপি উদ্ঘাটিত হোৱা নাই ৷ দুৰ্গম জংঘলৰ ভিতৰত এনেকুৱা কি অদৃশ্য শক্তি লুকাই আছে, যি আকাশেৰে উৰি যোৱা বিমানক ভেলেকি-বাজি দেখুৱাই টানি লৈ যায়, সেয়া আজিও অজ্ঞাত ৷ জানিবলৈ তেনে বিমানৰ অংশবিশেষো পাব পৰা অৱস্থাত নাথাকে ৷ ওপৰেদি উৰি যোৱা আকাশীযানৰ বাবে অৰুণাচলৰ একাংশ বনাঞ্চল যেন চক্ৰবেহু ! এইবোৰৰ ওপৰেৰে উৰা বিমানে মূধচত খুন্দা মৰাৰ সংশয়, হেৰোৱাৰ ভয় এটা সদায়ে থাকেই ৷ এনেকুৱা ঘটনাৰ বাবে বহুতেই অৰুণাচলৰ অৰণ্যক বাৰ্মুদা ট্ৰায়েংগলৰ সৈতে ৰিজায় ৷ বহুতে পৃথিৱীৰ ব্লেকহল বুলিব খোজে ৷ ভাবিলে এনেকুৱা লাগে, কৰবাত নহয় কৰবাত যেন এটা এনেকুৱা অজ্ঞাত শক্তি লুকাই আছে যি নিৰুদ্দেশ কাণ্ড বা দুৰ্ঘটনাবোৰ সংঘটিত কৰি আহিছে ৷ কিন্তু কি সেয়া ? সঠিক উত্তৰ নাই ৷ অনুমানহে আছে ৷
শুনামতে, দুপৰীয়াৰ পাছত পৰ্বতৰ ওপৰ অংশত ১০০ মাইলতকৈ অধিক বেগেৰে বতাহ বলে ৷ সেই কাৰণে পাইলটে নিজৰ ৰাস্তা পাহৰে ৷ সন্তুলন হেৰাই যায় ৷ তেনে বতাহৰ কবলত পৰিয়ে বহুবাৰ দুৰ্ঘটনা সংঘটিত হৈছে ৷ আকৌ, উষ্ণতাজনিত কাৰণত সন্মুখত আকস্মিকভাৱে ডাঠ ডাৱৰ সৃষ্টি হোৱাৰ ফলতো উৱাদিহশূন্য হৈ অৰণ্যপতিত হোৱা বুলিও ঠাৱৰ কৰা হৈছে ৷ বতৰৰ সঘন পৰিৱৰ্তন, ৰহস্যময় জংঘল আৰু কাৰিকৰী কাৰণত হেৰোৱা কিম্বা দুৰ্ঘটনাগ্ৰস্ত হোৱা বহু বিমানৰে আজি পৰ্যন্ত কোনো শুং-সূত্ৰই ওলোৱা নাই ৷ বেয়া বতৰৰ বাবে স্বয়ং মুখ্য মন্ত্ৰীয়ে আকাশী পথ পৰিহাৰ কৰি সাংগোপাংগসহ আনিনি, আচ্‌হিছ'লৈ স্থল পথেৰে কষ্ট কৰি আহিছে ৷ ৰাজ্যখনৰ ৰ'ড নে'টৱৰ্কৰ উন্নয়ন সাধন কিমান প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ সেয়া সহজেই অনুমেয় ৷ ইফালে, পথ যোগাযোগ সুচল নোহোৱা হেতুকে আকাশী পৰিৱহণ এৰাই চলিবও নোৱাৰি ৷ এতিয়াও এনে কিছুমান জেগা আছে য'ত হেলিকপ্টাৰে খাদ্য নেপেলালেই নহয় ৷ ইমান সংশয়ৰ মাজতো এয়াৰ লিফ্‌টিং, এয়াৰ ড্ৰপিং এই ৰাজ্যত সঘন উচ্চাৰিত আৰু প্ৰচলিত শব্দ ৷
আংৰিং ভেলীৰ মিঠা পৰশে সদ্যহতে সকলো দুশ্চিন্তা তল পেলাইছে ৷ লেণ্ডস্কেপবোৰ দেখি নিজকে কোনোবা সৰগলৈ আগুৱাই নি থকা যেন অনুভৱ হৈছে ৷ আচ্‌হিছ্'লৈ আৰু সৰহ দূৰত্ব নাই ৷ (ক্ৰমশঃ)

No comments:

Post a Comment