Saturday, 9 May 2020

৭.১ অভিনেতাৰ কথাৰে...



ভাষণ পৰ্বৰ মাজে মাজে সংযোগ কৰা পৰম্পৰাগত নৃত্য-গীতে যেন সোণত সুৱগাহে চৰাইছে সভাখনৰ ৷ কাষৰীয়া কোনোবা গাঁৱৰ মহিলাৰ গোট এটাই আগ বঢ়োৱা লোক-নৃত্য চাবলৈ পালোঁ ৷ সুন্দৰ, সুশৃংখল আৰু উৎসাহী প্ৰদৰ্শন ৷ তাৰ পাছতে মঞ্চলৈ আমন্ত্ৰণ জনালে বলিউডৰ অভিনেতা নাৱাজউদ্দিন ছিদ্দিকীক ৷

নৃগোষ্ঠীয় ইদুৰ পৰম্পৰাগত ৰেহ আৰু হিন্দী চিনেমাৰ তাৰকা ! কিবাচোন তাল-মিল নোহোৱা কথা ৷ মোৰ মনলৈ অহা প্ৰাথমিক চিন্তাটো আছিল এনেকুৱা ৷ ফিল্মী হিৰ'ক কিয়নো আমন্ত্ৰণ জনাব লাগে ? মনে মনে ভীষণ অসন্তুষ্ট হৈ আছোঁ, খবৰটো শুনিবৰে পৰা ৷ তাতোকৈ ভিতৰুৱা গাঁৱতে জীৱন পাত কৰি স্বকীয় সংস্কৃতি-পৰম্পৰাক ধৰি ৰখা শিল্পী-সাধকসকল আছে ৷ তেওঁলোকক তুলি আনিব লাগে ৷ ৰাইজৰ আগত সন্মান যাচিব লাগে ৷ আৰ্থিক অনুদান দিব লাগে ৷ তেহে সংস্কৃতিৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা জনোৱা হয় ৷

সি যি কি নহওক, ঘোষকে উপস্থিত আমন্ত্ৰিত ব্যক্তিগৰাকীৰ জীৱন-আলেখ্য পাঠ কৰি দিলে ৷ নুশুনো নুশুনো বুলি শুনি থাকিলোঁ ৷ আৰু শুনিয়েই চকু থৰ হল মোৰ ৷ তেতিয়াহে অকণমান আগ্ৰহো জন্মিল পেণ্ডেলৰ ভিতৰত বৰ্তি থকাৰ ৷ নহ'লে যাবলৈ লৈছিলোঁৱেই বাহিৰলৈ, মুক্ত বায়ুৰ সন্ধানত ৷ পৰিৱৰ্তে এতিয়া মনটো ঘূৰিল আৰু চকু দিলোঁ মঞ্চলৈ উঠি গৈ থকা মানুহজনলৈ ৷

পিন্ধনত এটা দীঘল লা জেকেট ৷ জেকেটৰ ভিতৰত গলধনত এখন মাফলাৰ মেৰিয়াইছে ৷ হিৰ'ৰ দৰে ওখ-পাখ নহয় ৷ শকত-মস্ত অবয়ৱ কিম্বা সুন্দৰ-সুঠাম দেহধাৰীও নহয় ৷ এইখিনিৰ পৰা দেখা পাওঁতে সাধাৰণ যেনেই লাগিছে ৷ গ্লেমাৰাচ বেশভূষা, চিক্‌চিকিয়া মুখমণ্ডল, অদ্ভুত হেয়াৰ ষ্টাইল, ক'লা চশমা, ঢং-বাজি বুলিবলৈ একোৱেই নাই ৷ বেছ গহীন ৷ আৰু অকণমান সূক্ষ্মভাৱে মন দিয়াত আগ্ৰহী হৈ উঠিলোঁ ৷ কি কয়নো শুনো বুলি ৰৈ আছোঁ জেগাতে ৷ ৰাইজে ইফালে উত্তেজনাৰ সীমা অতিক্ৰম কৰিবহে যেন ! দুই-একে বজৰংগী ভাইজান, মাউণ্টেইন মেন আৰু কিবা কিবি উচ্চাৰণ কৰি আঁতৰৰ পৰা চাপি আহিছে ৷ উচ্চতাত চাপৰসকলে ডিঙি মেলি মেলি চাব ধৰিছে ষ্টেজলৈ ৷ মানুহ ফালি যিমান পাৰি আগুৱাইছে, প্ৰিয় অভিনেতাক স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ, কিনো কয় শুনিবলৈ ৷ ময়ো দল সলাই ৰাইজৰ পক্ষত থিয় দিলোঁ ৷

৫২ সংখ্যক ৰেহ উদ্‌যাপনত যোগদান আৰু সীমান্তত ৰক্ষকৰ ভূমিকাত থকা ইণ্ডিয়ান আৰ্মীৰ অফিচাৰ তথা জোৱানসকলক সাক্ষাৎ কৰি তেওঁলোকৰ মনোবল বঢ়োৱাৰ উদ্দেশ্যৰে মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ আমন্ত্ৰণক্ৰমে আনিনিলৈ আহিছে প্ৰখ্যাত অভিনয় শিল্পী নাৱাজউদ্দিন ছিদ্দিকী ৷ আৰম্ভণিতেই মুখ্য মন্ত্ৰীক ধন্যবাদেৰে ওপচাই মঞ্চৰ ওপৰৰ পৰা কিছু স্বীকাৰোক্তি আৰু প্ৰশস্তি ৷

মই পোনতে এইটো কৈ লওঁ যে সন্মানীয় চিফ মিনিষ্টাৰ পেমা খাণ্ডু মহোদয়ে অৰুণাচল প্ৰদেশ সম্বন্ধে বহু লোককে কৈ আহিছে ৷ কিয়নো তেওঁৰ টুইট বহুত মানুহে চায় ৷ য'ত ইয়াৰ, অৰুণাচলৰ বেলেগ বেলেগ ঠাইৰ, ডিবাং ভেলীৰ ফটো মই দেখা পাইছোঁ ৷ প্ৰথমবাৰ যেতিয়া তেওঁৰ টুইটাৰত মই ফটোবোৰ দেখা পালোঁ, তেতিয়া সঁচাকৈ কৈছোঁ, মোৰ মনত প্ৰশ্নৰ উদয় হ'ল যে এই বস্তুবোৰ অৰুণাচল প্ৰদেশত আছে ? আমাৰ দেশত আছে ইমান ধুনীয়া ধুনীয়া এই দৃশ্যবোৰ ? খুব গৰ্ব অনুভৱ হয়, আৰু চি.এম. চাহাবক ধন্যবাদ যে আমাৰ দেশৰ বহু মানুহক তেওঁ অৰুণাচল প্ৰদেশ সম্বন্ধে জনাই আহিছে যে আপোনালোক ইয়ালৈ আহক, এনেকুৱা সুন্দৰ ঠাই ইয়াৰ বাহিৰে আৰু ক'তো নাপাব ৷'

লগে লগে দৰ্শকৰ হাত-চাপৰিয়ে সভাস্থলী মুখৰ কৰি তুলিলে ৷ ক্ষণিক বিৰতি ৷ শব্দবোৰ শাম কাটিবলৈ দি বক্তাজনে সোঁৱৰণ কৰিলে কালিৰ যাত্ৰাটোৰ তিক্তমধুৰ অভিজ্ঞতা ৷

'মই যেতিয়া ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ, তেতিয়া মোক কোৱা হৈছিল যে ৮ ঘণ্টাৰ যাত্ৰা ৷ মই বোলোঁ, ঠিক হে', চ'ল', আঠ ঘণ্টে কি জাৰ্নি হে' ৷ হ'গা, কৰ লে'গা ৷ মাজতে আমি অলপমান ৰ'লোঁ ৷ পুনৰ গতি আৰম্ভ কৰিলোঁ ৷ বতৰ বেয়া হোৱাৰ কাৰণে ৰাস্তাৰ অৱস্থা বৰ বেয়া হৈ পৰিল ৷ হ'লেও আহি আছোঁ ৷ এনেকুৱা লাগি থাকিল যে, থ'ৰি হী দে'ৰ মে' আ যায়েগা, আ যায়েগা, আ যায়েগা...৷ লেকিন আয়ি নে'হী ৰহা, আয়ি নে'হী ৰহা... ৷ এনেকুৱা হৈ গ'ল যে এখন নাটক মোৰ মনলৈ আহি গ'ল, যাৰ নাম আছিল Waiting for Godot ৷ আনিনি মে'ৰে লিয়ে এ'ক Godot কি তৰহ হ' গয়া কি কব আয়েগা, কব আয়েগা, কব আয়েগা... ৷ ১৩-১৪ ঘণ্টা লাগি গ'ল পাওঁতে ৷ ভাল হ'ল যে আমি ৰাতি পালোঁহি ৷ চি.এম. চাহাবে কৈছিল, যদি দিনত আহিল হয়, তললৈ চোৱা হ'লে তাতেই আপোনাৰ অৱস্থা বেয়া হৈ গ'লহেঁতেন ৷ কিন্তু ইমান ভাগৰুৱা হৈও যেতিয়া আমি আহি পালোঁ আৰু আপোনালোকৰ চেহেৰা দেখা পালোঁ, মই সঁচাকৈ কৈছোঁ, আমাৰ দেশত এতিয়ালৈকে ইমান ধুনীয়া, ইমান যোগাত্মক ভাবৰ মুখমণ্ডল ক'তো মই দেখা নাই ৷ আপোনালোকে যিটো পাইছে, বোধ হয় আপোনালোকে গম নাপায়, ইমান সুন্দৰতা, সকলোফালে, সঁচাকৈয়ে গৰ্ব কৰিবলগীয়া বিষয় ৷ অৰুণাচলে নিজে নিজক লৈ নিশ্চয়কৈ গৰ্ব কৰিব পাৰে ৷ আৰু যেনেকৈ চি.এম. চাহাবে কৈছিল যে ভিন্ন ভাষা-ভাষী হোৱা সত্ত্বেও সংস্কৃতি-পৰম্পৰাৰে ঐক্যবদ্ধ ৷ মই যি বুজি পাওঁ, আপোনালোকৰ যি পৰম্পৰা আৰু সংস্কৃতি আছে, তাক আপোনালোকে হেৰাই যাবলৈ নিদিব ৷ সেয়াই আচল সম্পদ আৰু সেয়া চাবলৈকে আমি আহোঁ ৷ তাক আপোনালোকে বৰ্তাই ৰাখিব ৷ মই আশা কৰিম, মুম্বাইলৈ ঘূৰি যোৱাৰ পাছত মানুহক ক'ম ৷ আনহাতে চি.এম. চাহাবৰ জৰিয়তে বহুত মানুহেতো জানিছেই যে অৰুণাচল প্ৰদেশ কিমান ধুনীয়া ৷ আৰু আমি পৰিকল্পনা কৰিম, ইয়াত অহাবাৰ আহি ফিল্ম নিৰ্মাণ কৰাৰ ৷'

দৰ্শকৰ হৰ্ষোল্লাসত উৎসৱথলীত একো নুশুনা হৈ পৰিল ৷ জনপ্ৰিয় শিল্পীজন অলপ সময় ৰ'ল ৷ গুণগুণনি মাৰ যোৱাত পুনৰ কথা কোৱা আৰম্ভ কৰিলে ৷

'মই সঁচাকৈ কৈছোঁ, মোৰ পৰিকল্পনা আছিল এখন চিনেমা কৰিম, চিনেমাখন গাড়োৱালত কৰিম ৷ কিন্তু চি.এম. চাহাবৰ যেতিয়া টুইটাৰ দেখিলোঁ, তাত থকা ইমেজবিলাক যেতিয়া দেখিলোঁ, তেতিয়া মই দিব্যজ্যোতিক কৈছিলোঁ যে মোৰ চিন্তা একেবাৰে সলনি হৈ গ'ল ৷ আৰু নিশ্চয় কৰিলোঁ, চিনেমাখন অৰুণাচল প্ৰদেশত কৰা হওক ৷'

ৰাইজৰ অন্তহীন কৰতালিত সভাথলী ৰজন-জনাই গ ৷ প্ৰতিভাসম্পন্ন অভিনেতাজনে সকলোফালে চালে ৷ তাৰ পাছত কৈ গ'ল ৷

'যি সম্পদ, যি পৰম্পৰা, যি সংস্কৃতি আপোনালোকৰ সৈতে আছে সেয়া বোধ হয় কাৰো সৈতেই নাই ৷ তাক আপোনালোকে জীয়াই ৰাখিব লাগিব ৷ বহুত ধন্যবাদ ৷'

ইমানকে কৈ কথা সামৰি তেওঁ প্ৰস্থানৰ বাট ল'লে ৷ কিন্তু কেই ছেকেণ্ডমানৰ ভিতৰতে আকৌ ঘূৰি আহিবলগীয়া হ'ল ৷

'কোনো কোনো লোকৰ অনুৰোধ আছে যে মই মোৰ চিনেমাৰ কিছু সংলাপ ক'ব লাগে ৷' 

জনতাৰ কিৰীলি, কৰধ্বনি ৷ মাইক্ৰফোনটো ভালদৰে ধৰি লৈ তেওঁ আৰম্ভ কৰিলে ৷

'দৰাচলতে মোৰ চিনেমাবিলাক অকণমান আৰ্ট ফিল্ম জাতীয় ৷ নাজানো, খুব কম মানুহেহে চাবলৈ পাইছে চাগৈ ৷'

উপস্থিত দৰ্শকৰ মাজৰ পৰা কোনো কোনোৱে 'চাইছোঁ চাইছোঁ' বুলি চিঞৰি উঠিল ৷ চিনেমাৰ নামো ভাহি আহিল ৷ তেওঁ সেইফালে লক্ষ্য কৰিলে ৷

'তাৰে মই দুই-এটা সংলাপ কওঁ ৷ মাঝিৰ ডায়লগ এটাকে কৈ দিওঁ ৷ এটা ডায়লগ আছিল, যিটো মোৰ খুব পছন্দৰ, এনেকুৱা যে... ভগৱান কে' ভৰ'ছে মত বেইঠে ৰহ', ক্যা পতা, ভগৱান হমাৰে ভৰ'ছে বেইঠা হ' ৷
মানে কি হয়, ভগৱানেও তেওঁকহে সহায় কৰে যি পৰিশ্ৰম কৰিবলৈ আৰম্ভ কৰে ৷ যি এটা খোজ আগ বঢ়ায় ভগৱানে তেওঁক দ্বিতীয়টো খোজ দেখুৱাই দিয়ে ৷ বহুত মানুহ আছে যি ঘৰতে বহি থাকে আৰু ভাবে যে ভগৱানক ভৰসা কৰি বহি আছোঁ, কাম হৈ যাব ৷ এনেকুৱা কেতিয়াও নহয় ৷
ধাৰাবাহিকৰ এটা ডায়লগ আছিল যে, কভি কভি লগতা হে' কি আপন হি ভগৱান হে' ৷

থেংক ইউ ছ' মাচ্চ, থেংকছ এ লট ৷' 

এইবুলি তেওঁ শেষ কৰিলে আৰু বিপুল হাত-চাপৰিৰ মাজেৰে মঞ্চৰ পৰা নামিল ৷

অৰুণাচল প্ৰদেশৰ শক্তিশালী তথা তেজস্বী মুখ্য মন্ত্ৰীজনৰ বাবেহে চিত্ৰতাৰকাজনৰ আনিনি আগমন সম্ভৱ হল ৷ সঁচাকৈ চিফ মিনিষ্টাৰ পেমা খাণ্ডু ইজ দ্যা বেষ্ট প্ৰমটাৰ এণ্ড এডভাৰ্টাইজাৰ অফ্‌ দ্যা ষ্টেট ৷ ইফালে নিজৰ অভিনয় প্ৰতিভাৰে দেশে-বিদেশে অনেক পুৰস্কাৰ আৰু স্বীকৃতি বুটলিবলৈ সক্ষম হোৱা অভিনেতাজনৰ দৃঢ় সংকল্প আৰু কৃচ্ছ্ৰসাধনাও পাথেয় হৈ ৰ'ল সকলোৰে বাবে ৷ আনিনিত আজি সমৱেত হোৱা ইদুসকল সঁচাকৈয়ে আশীৰ্বাদধন্য ৷

Dashrath Manjhi - The Mountain Manখ্যাত বলিউডৰ ছুপাৰ ষ্টাৰজনে ঠাহ খোৱা পেণ্ডেলত সমৱেত জনতাৰ আগত কম সময় কথা কলে, কিন্তু খুব সুন্দৰ কথা কলে ৷ তেওঁৰ বক্তব্য শুনিবলৈ যিয়ে যতে যেনেকৈ আছিল দৌৰি-ঢাপৰি চাপি আহি পেণ্ডেল ঠাহ খাই পৰা দেখা পাই মই আচৰিত হ'লোঁ ৷ চিনেমা জগতৰ খবৰ ৰাখিবলৈ বাদ দিয়া হেতুকে মইহে শ'ল-ঠেকত পৰিছিলোঁ আৰম্ভণিতে ৷ নিজৰো শিক্ষা এটা হ'ল ৷

আনিনিৰ ৰেহ ফেষ্টিভেলথলীত উপস্থিত থকা প্ৰতিজন ব্যক্তিকে মন্ত্ৰমুগ্ধ ৰাখি স্বকীয় কলা-সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধালু তথা দায়বদ্ধ হোৱাৰ শিকনি দি গল নাৱাজউদ্দিন ছিদ্দিকীয়ে ৷ পৰিৱেশটো উপভোগ্য আৰু কথাবোৰ মনঃপূত হল ৷ খুব হাত-তালি বজালোঁ ৷

ৰাজনীতি-চিনেমা, নেতা-অভিনেতা উভয়ৰে প্ৰতি মোৰ মনোযোগ কিম্বা আকৰ্ষণ কম ৷ ইয়ালৈ আহি এজন শক্তিশালী যুৱ নেতাক ওচৰৰ পৰা দেখা পালোঁ ৷ এজন শক্তিশালী অভিনেতাৰ কথা শুনিবলৈ পালোঁ ৷ ৰে'হৰ পৰিপ্ৰেক্ষিতত প্ৰকৃতিৰ দৰ্শন হ'বই বুলি নিশ্চিত আছিলোঁ ৷ নিশ্চিত নাছিলোঁ প্ৰতিভাধৰ ব্যক্তিবিশেষৰ এনেকৈ ইমান সহজতে দৰ্শন-শ্ৰৱণ পোৱা যাব বুলি ৷ (ক্ৰমশঃ)

No comments:

Post a Comment