Friday, 1 May 2020

৬.৪ আনিনিত প্ৰথম ৰজনী


আয়িয়ে ছাৰ, অন্দৰ আয়িয়ে ৷ বুটযোৰ একাষে ৰাখি থৈ অনিয়াই মোক ভিতৰলৈ আহ্বান জনালে ৷
জোতাৰ ফিটা খুলি খুলি মই ভাবি আছোঁ, এইযোৰ থওঁ কত ? গৃহস্থনীক অনুসৰণ কৰি বাৰাণ্ডাতে একাষৰীয়াকৈ এৰি দিলোঁ ৷ মোজা খোলা নাই অৱশ্যে্ ৷ যিহে সেম্‌সেমীয়া ঠাণ্ডা ! তাই ইতিমধ্যে ভিতৰ সোমালেই ৷
ঘৰটোৰ সন্মুখৰছোৱাত হাফ ৱাল ৷ ওপৰত টিনপাত ৷ ফুলৰ টাব ঢেৰ আছে ৷ মানুহঘৰৰ ফুলত ৰাপ আছে তাৰ মানে ৷ সুন্দৰ ৷ মই পিছে চাংঘৰহে বিচাৰিছিলোঁ ৷ টাংচা, তাগিনৰ টকৌপতীয়া পৰম্পৰাগত চাঙৰ আমেজ পাহৰিব পৰা নাই ৷ ভাবিছিলোঁ আনিনিত ইদু মিছিমিৰ চাংঘৰত কটাম ৷ আজিকালি পাবলৈকে নাই বুলি ফোনতে জনাইছিল চ তায়ুৱে ৷ যি কি নহওক, আশ্ৰয় হিচাপে এয়াকেযে পাইছোঁ, তাকে ধন্যবাদ ৷
চিৰিকেইটা বগাই প্ৰথমে পকী বাৰাণ্ডা ৷ প্ৰকাণ্ড আৰামী চকী এখন কাষতে থৈ দিছে ৷ ইমান মস্ত আৰু মজবুত চকী মই আগতে ক'তো পোৱা নাই ৷ সিফালে কাপোৰ মেলা ব্যৱস্থা ৷ এইফালে স্কুটী এখন দেখিলোঁ ৷ ভিতৰলৈ সোমাবলৈ বুলি মূল দৰজাখন ঠেলি দিয়ে মই অবাক ৷ অন্দৰ মহলতচোন অন্য এক মুখৰিত পৃথিৱী !
দীঘলীয়া আকৃতিৰ প্ৰথম কোঠাটোৰ মজিয়াখন তক্তাৰে নিৰ্মিত ৷ সোঁমাজত ফায়াৰপ্লেছো আছে ৷ মেট এখনৰ ওপৰতে কণমানি এটা আপোনমনে খেলাত মগ্ন ৷ চলি থকা টিভিটোলৈকো চায় মাজে মাজে ৷ তাৰ সৈতে তদাৰককাৰীৰ ৰূপত অন্য এটা শিশু ৷ মোৰ উপস্থিতিৰ প্ৰতি কোনো ভ্ৰূক্ষেপেই নাই ৷ ছোফা, বিছনা, ৰেক, ৱাকাৰ ৷ ৰেকত ফটোফ্ৰেম, শিশুৰ খেলনাৰ লগতে কিতাপ কেইখনমানো ৷ চুকৰ বিছনাখনৰ ওপৰেদি বেৰত ওলোমাই ৰখা দা, মোনা, খাং আদি পৰম্পৰাগত সম্পদকেইটাই কোঠাটোৰ ৰমণীয়তা বঢ়াইছে ৷ চিলিংখনলৈ চালোঁ ৷ ঢাৰি ব্যৱহাৰ কৰি বাৰ্নিজ মাৰি দিছে ৷ ভাল লাগিছে ৷ বেৰবোৰত চিমেণ্টৰ প্লাষ্টাৰ ৷ পৰিষ্কাৰ ৷ ইফালে-সিফালে কোঠালি আৰু আছে ৷ ৰং সানি ঘৰটো সুন্দৰভাৱে ৰাখিছে ৷ আধিক্য দেখা গল কাঠৰ ৷ ইয়াত কাঠ সুলভ ৷
লগালগিকৈয়ে পাছফাললৈ আছে পাকঘৰ ৷ দীঘলীয়াভাৱে বাঁহেৰে সজ্জিত ৷ চাঙৰ ওপৰত জুই একুৰা জ্বলি আছে ৷ ইধৰ আয়িয়ে ছাৰ ৷ দৰজাখন খোলা-বন্ধৰ আৱাজটো পায়ে মোক জুইৰ গুৰিলৈ মাতিলে ৷ তক্তাৰ মজিয়াত গিৰ্‌গিৰ্‌ শব্দ তুলি সোমাই গলোঁ ৷ শেষৰ খোজকেইটা বাঁহৰ গাধৈত পৰি কেৰেক-মেৰেক ধ্বনি উঠিছে ৷ যি বুজিলোঁ ঘৰটোৰ তিনিটা খণ্ডত তিনিবিধ গৃহ নিৰ্মাণ সামগ্ৰীৰ পয়োভৰ ৷ পকা, কাঠ আৰু বাঁহ ৷
জুইৰ গুৰিত চাফা ঢাৰি এখন পাৰি থোৱা আছিল ৷ বহিবলৈ অনুৰোধ জনালে ৷ বেৰত আওজাই ৰখা পীৰাও আছে হাতে ঢুকি পোৱাতে ৷ বেগটো একাষে থৈ লেপেটি কাঢ়ি বহি দিলোঁ আৰু পোনেই জুইকুৰাৰ ওপৰত হাতৰ আঙুলিকেইটা মেলি ধৰিলোঁ ৷ হাতমোজা ঢাৰিৰ ওপৰত ৷ উঃ, এতিয়াহে ৰক্ষা ৷ পাহাৰত জুইৰ বিনে জীৱন নাবাচে ৷ কামোৰ মাৰি ধৰা জাতৰ ঠাণ্ডা কাটিবলৈ অগ্নিয়েই সৰ্বোত্তম উপায় ৷ কেৱল খৰিৰ যোগাৰটো প্ৰচুৰ পৰিমাণে থাকিব লাগে ৷ ঘৰৰ সন্মুখত গোটা-ফলা খৰিৰ দম দেখা পাই আহিছোঁ অৱশ্যে ৷
মহিলা এগৰাকীয়ে গৰম পানী এগিলাচ দিলে ৷ লক্ষ্য কৰিলোঁ, আটাইৰে দৃষ্টি মোৰ ওপৰত নিবদ্ধ ৷ বেলেগ কথালৈ নগৈ প্ৰথমে নিজৰ পৰিচয়, নাম-ধাম-কাম, পা-পৰিয়াল সম্বন্ধে উল্লেখ কৰিলোঁ ৷ সিফালৰ পৰাও চিনাকি পৰ্ব আৰম্ভ হল ৷ স্বামী-স্ত্ৰীহাল বচ্চন মিপি আৰু অনিয়া মেয়া, তেওঁলোকৰ ২১ মহীয়া সন্তান ৱুটাচ্ছি আৰু তাক খেলাই থকা আদিবাসী লৰা অৰন, বচ্চনৰ মাক য়াচ্চু মিহু, অনিয়াৰ মাক পিলি মেয়া, আৰু বচ্চনৰ সম্বন্ধীয় ভনীয়েক ৰিংকু ৷ উপস্থিত সদস্য ইমানেই ৷ তাৰ ভিতৰত বচ্চনৰ মাকহে লগতে থাকে ৷ অনিয়াৰ মাক ইটালিনৰ বাসিন্দা ৷ আই.চি.ডি.এছ.ত সৰু চাকৰি এটা কৰে ৷ ৰেহ ফেষ্টিভেল চাবলৈ বুলি আজি আহিছে জী-জোঁৱাইৰ তালৈ ৷ ৰিংকুৰ ঘৰ ডিবাং ভেলীৰে মিপিত ৷ আনিনিত জৱাহৰ নবোদয় বিদ্যালয়ত পঢ়িছিল ৷ চেন্নাইত নাৰ্চিং শিক্ষা সমাপ্ত কৰি ঘূৰি আহিছে ৷ কাইলৈ ফেষ্টিভেল চাই গৃহমুখী হব ৷ মিপি হৈছে বচ্চনৰ দেউতাকৰ গাঁও ৷ অনিয়া ইটালিনৰ ৷ তাল উপত্যকাৰ ইটালিনখন বাটত দেখি আহিছোঁ ৷
নাগালেণ্ডৰ নগা নৃগোষ্ঠীসমূহৰ মাজত ভাব-প্ৰকাশৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয় নাগামিজ ৷ অৰুণাচলতো এসময়ত নেফামিজ বুলি লিংগুৱা-ফ্ৰাংকাৰ প্ৰচলন আছিল ৷ আপোনালোকে এতিয়া ক'ত কি ভাষা ব্যৱহাৰ কৰে ?ভাষাৰ প্ৰশ্নটো আগতে পৰিষ্কাৰ হৈ লোৱা ভাল বুলি সুধি দিলোঁ ৷
আপচ মে ইদু চলতা হে ৷ ইংলিছ উতনা নেহী ৷ বাকী ৱহী, বাজাৰী হিন্দী ৷বচ্চনৰ মাকে উত্তৰ দিলে ৷
মই মনতে, ঠিকেই আছে ৷ মোৰো হিন্দী বজৰুৱাই ৷ কা-কে-কিৰ লাগ-বান্ধ নাই ৷ বিন্দাচ চলি যাব তেনেহলে ইয়াত ৷ আশ্বস্ত হলোঁ ৷
এবাৰ কিবা ৰিচাৰ্চৰ কামত অহা লোক এজন আমাৰ ঘৰতে আছিল ৷ আপুনিও কিবা ৰিচাৰ্চৰ উদ্দেশ্য লৈ আহিছে নেকি ছাৰ ?অনিয়াই সুধিলে ৷
নাই তেনেকুৱা একো নহয় ৷ এইবুলি আৰম্ভ কৰি সৰুতে আমি মানচিত্ৰত খেলা খেলবিধৰ প্ৰসংগ উলিয়ালোঁ ৷ মেপত ঠাই বিচাৰিবলৈ দিয়া খেলবিধৰ ব্যাখ্যাই বেছ আমোদ দিলে সকলোকে ৷ সেই তেতিয়াৰে পৰাই আনিনিলৈ অহাৰ গোপন ইচ্ছা এটা পুহি ৰাখিছিলোঁ ৷ সময় আহি গ'ল ৷ ৰেহ ফেষ্টিভেলৰ অচিলাৰে আজি পাই গলোঁহি ৷
তায়ুক কেইছে জানতে হে আপ ?পুনৰ প্ৰশ্ন ৷
আকস্মিক সংযোগটো কেনেকৈ হৈছিল মনৰ মাজতে জুকিয়াই লৈ ফেচবুকৰ পষ্টৰ পৰা ধৰি আদ্যোপান্ত বিৱৰিলোঁ ৷ লগে লগে সুধিলোঁও, তেওঁক এতিয়া কত পাম ? পোৱা যাবনে ? ফোনো নাযায় নহয় !
য়হাঁমে' ফোন মিলনা বহত মুস্কিল হে' ৷' অনিয়াৰ মাকে চাফাই দি দিলে ৷
'চ এতিয়া ফেষ্টিভেল গ্ৰাউণ্ডত থাকিব পাৰে ৷ কাম হল যদি গুচি যাবও পাৰে ঘৰলৈ ৷ বাৰু, চাহ খাই লওকচোন ৷ তাৰ পাছত আমি এপাক চাই আহিম ৷বচ্চনে প্ৰস্তাৱ দিলে ততালিকে ৷
জুইকুৰাক ঘেৰি আমি বহি আছোঁ ৷ শুকান খৰি কেইটুকুৰামান জাপি দিয়া হৈছে ৷ খৰিবোৰৰ আকাৰ বেছ ডাঙৰ ৷ আমাৰ হ'লে কমেও চাৰিফাল কৰা গ'লহেঁতেন ৷
কথাৰ মাজতে ৰিংকুৱে চাহ আৰু বিস্কুট আগ বঢ়ালে ৷ বেগ খুলি মই ৰয়িঙৰ পৰা অনা চকলেট বাহিৰ কৰিলোঁ ৷ মাকে ইংগিত দিয়াত ৱুটাচ্ছি টুক-টুককৈ মোৰ কাষ পালেহি ৷ পেকেটটো তাৰ কণমানি দুহাত পাতি ললে ৷ আমাৰ দুয়োৰে মাজত ধেমালি চলিল অলপমান ৷ থপিয়াই লৈ মাকৰ ওচৰ পালেগৈ, খুলি দিব লাগে ৷ মিঠাইৰ টোপোলাটো অনিয়ালৈ আগুৱালোঁ ৷ গৃহলক্ষ্মীয়ে ভগাই দিলে ৷ নিমিষতে পৰিৱেশটো তেনেই ঘৰুৱা আৰু অন্তৰংগ হৈ পৰিল ৷
বচ্চন মিপি ইদু মিছিমি কালছাৰেল এণ্ড লিটাৰেৰী চচাইটিৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক ৷ কাইলৈৰ কাৰ্যসূচীত কি কি আছে ? সুধিলোঁ ৷ কাইলৈ চিফ মিনিষ্টাৰে ফেষ্টিভেল উদ্বোধন কৰিব ৷ মিটিং হব ৷ কালচাৰেল ফাংচন হব ৷ পৰহিলৈ পৰম্পৰাগত নিয়ম অনুসাৰে মেঠোন কটা হব ৷ পূজা হব ৷ চাবলৈ আগ্ৰহ জন্মাত প্ৰিণ্টেড প্ৰগ্ৰাম আছে নেকি বুলি কথাৰ মাজতে সুধি দিলোঁ ৷ নাই, তেনেকুৱা ওলোৱা নাই বুলি কলে ৷ 'মন্ত্ৰী-বিধায়ক আহিলে সময়ানুসাৰে কাৰ্যসূচী খাটাং কৰাটো টানেই হৈ পৰে ৷' বচ্চনে এনেকৈ ক'লে ৷ মই ভাবি ল'লোঁ অইন এটা কথা ৷ আনিনিত চাগৈ ছপাশাল গঢ় লৈ উঠাই নাই ৷
আমি কথা পাতি আছোঁ ৷ এনেতে বাহিৰত ছুমখনৰ হৰ্ণ বজা শুনা গল ৷ ৮ বাজিছে ৷ অনিয়া সষ্টম হৈ পৰিল ৷ মই উঠিবলৈ লওঁতেই বচ্চনে বাধা দিলে ৷ আপ বৈঠিয়ে, সামান মে লেকে আতা হুঁ ৷ এইবুলি তেওঁ গপগপাই ওলাই গল ৷ ৰাক্‌ছেকটো দাঙি আনি ভিতৰ সুমুৱালে ৷ সেইটো থৈয়ে জেকেট এটা পিন্ধি ডিঙিত মাফলাৰ এখন মেৰিয়াই থাকি মোক সুধিলে, লক, গ্ৰাউণ্ডলৈ নাযায়নেকি ?
এই ঠাণ্ডাত আলহী যাব নালাগে ৷ এতিয়া গৈও একো লাভ নাই ৷ বচ্চনৰ মাকে বাধা দি উঠিল ৷ জুইকুৰাৰ আৰামী উত্তাপ পাই মোৰো ওলাই যোৱাৰ ইচ্ছাটো দমি গৈছে ৷ যিহে হিমচেঁচা বাহিৰখন ! তাতে টিনপাতত হৈ থকা শব্দলৈ চাই মিহি মিহিকৈ বৰষুণ পৰি থকা যেনো লাগিছে ৷ মুকলিত ঘূৰি ফুৰাতকৈ সদ্যহতে ঘৰৰ ভিতৰতে এক্লেমেটাইজেছনত থকাই ভাল ৷
টৰ্চটো লৈ বচ্চন গুচি গল ৷ এইফালে ভাত-পানীৰ আয়োজন চলি থাকিল ৷ বিভিন্ন কথা-বতৰাও চলি থাকিল আমাৰ মাজত ৷
গম পালোঁ, কাইলৈ মুখ্য মন্ত্ৰী যেতিয়া ফিল্ডত প্ৰৱেশ কৰিব তেতিয়া বচ্চনৰ মাকহঁতে আদৰণি জনাব ৷ বয়সস্থ ইদু মিছিমি মহিলাসকলে পৰম্পৰাগত সাজপাৰত দলবান্ধি নাচি নাচি ৱেলকাম কৰিব ৷ দিনৰ দিনটো তাৰে ৰিহাৰ্ছেল কৰি সন্ধিয়া মাক ঘৰ সোমাইছেহিহে ৷ ভীষণ উত্তেজিত হৈ আছে তাকে লৈ ৷ চিফ মিনিষ্টাৰ চাহাবৰ সন্মুখত নাচিব লাগিব ৷ ধেমালি নেকি ? সুধিলোঁ, ষ্টেপবিলাক মিলিছেনে নাই ? দেখুৱাওকচোন অলপমান, নাচটো কেনেকুৱা হবনো চাওঁ ৷ ড্ৰেছপাতিৰ যা-যোগাৰ হল চাগৈ আপোনাৰ ?বলৈহে পালোঁ, নাচি দেখুৱালেই অকণমান ৷ 'সাজ-পাৰৰ চিন্তা নাই ৷ আমাৰ ট্ৰেডিচনেল ড্ৰেছ সকলোৰে ঘৰে ঘৰে থাকেই ৷'
জুইৰ কাষতে বহি অনিয়াই উলসূতাৰে ঘপাঘপ কিবা এডাল গুঁঠিছে ৷ শাহুৱেক আৰু মাকক দেখুৱাইছে, ঠিক হৈছেনে নাই ৷ হাঁহি-ধেমালিৰ মাজেৰেই বচ্চনৰ মাকে আগতীয়াকৈ ভাত খাই ললে ৷ মোক মাত লগাই শুই থাকিলগৈ ৷ পুৱা সোনকালে উঠি ফিল্ডলৈ যাব লাগিব ৷ বেলেগ কামৰ দায়িত্বও আছে ৷ চিনিয়ৰ মানুহ ৷ অনিয়াই জনালে, মোৰো গ্ৰুপ ডেন্স আছে ৷
অলপ পাছত বচ্চন আহিল ৷ লগত এজন যুৱক ৷ তায়ুজী ! ফেচবুক একাউণ্টত মুখমণ্ডল দেখা পাইছিলোঁ ৷ এতিয়া মিলি পৰাত কোনেও নকওঁতেই নিশ্চিত হ'লোঁ ৷ থিয় হৈ কৰমৰ্দন কৰাৰ লগতে সাবটিও ধৰিলোঁ ৷ বয়সত মোতকৈ অলপ সৰুৱেই হব ৷ 'চ তায়ুৰ ফেচবুক পষ্ট আৰু সময়সাপেক্ষ সঁহাৰিৰ ফলস্বৰূপেহে আজি মই আনিনিত উপস্থিত হব পাৰিছোঁ, থাকিবৰ বাবে আশ্ৰয় এটাৰ যোগাৰ পাইছোঁ ৷' সকলোৱে শুনাকৈ সত্য-প্ৰশস্তিকণ কৰি দিলোঁ ৷ চ তায়ুৰ ঘৰ ইৰুন ভিলেজত ৷ গাঁওখন ইটালিন আৰু আনিনিৰ মাজত ৷ আহোঁতে বাটত পাৰ হৈ আহিছোঁ ৷ ইটালিন জলবিদ্যুৎ প্ৰকল্পৰ এটা বান্ধ ইৰুনতে হোৱাৰ কথা ৷
সিদিনা ঘৰ এৰি আজি আনিনি পোৱালৈকে সামৰি বহুত কথাই পতা হল, কম সময়তে ৷ কাইলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে চ তায়ু উঠিল ৷ তেওঁ ইয়াত থকা ঘৰটো আঁতৰত ৷ ঠাণ্ডাৰ মাজেৰে বাইক চলাই যাব লাগিব ৷ বতৰো অনুকূল নহয় ৷
অনিয়া আৰু ৰিংকুৱে আমাক ভাত-পানী দিলে ৷ মই নিৰামিষভোজী বুলি চই আগতেই জনাইছিল ৷ সেয়ে দাইল, ভাত, সিদ্ধ ফ্ৰেন্সবিন আৰু আলুভাজি ৷ যথেষ্ট ৷
খাই থাকোঁতেও বিভিন্ন প্ৰসংগই আমাৰ মাজত ঠাই পালে ৷
আচ্‌হিছৰ কথা ওলাল ৷ কেনেকৈ যাব পাৰি ? যাব পাৰিব ৷ ইয়াৰ পৰা ২৯-৩০ কিলমিটাৰহে বুলি কৈ বচ্চনে এখন্তেক কিবা এটা চিন্তা কৰিলে ৷ 'মতলব এইছা কৰেগা, আইডিয়া নম্বৰ এক ৷ কাল মিটিংকে' বাদ মিনিষ্টাৰলগ আচ্‌হিছ যা ৰহা হে ৷ গাড়ী মিলনেছে হমল'গভি একসাথ চলা যা সকতা হে ৷ ৰাত ক ৱাপচ আযায়েগা ৷ ঔৰ নেহী ত’, আইডিয়া নম্বৰ দ ৷ বাইক লেকেভি যা সকতা হে ৷ দেখ লেগা ৷ ৰেইনকট লেকিন দ'থ' লেনা হগা ৷ হেলমেটভি ৷ ঠণ্ড বহত জ্যাদা লাগেগা ৷ দেখেগা ৷
ইতনা তক আ গয়া ত আচ্‌হিছ নেহী যানেছে
ঠিক হে, মেচিচ কৰতা হুঁ ৷ কাল কিসিকা গাড়ী ধুন্দনা পড়েগা ৷ য়হাঁমে মতলব গাড়ী মিলনা ভি মুস্কিল হে' না ৷
বচ্চনৰ সদৰ্থক মনোভাবটো মোৰ খুব ভাল লাগিল ৷ ইমানখিনি চিন্তা কৰিছে মানুহটোৱে ৷
য়িং-আনিনি নিৰ্মীয়মান পথটোৱেযে আনিনিলৈ সম্ভাৱনা কঢ়িয়াইছে, ইয়াতযে ইক-টুৰিজিম গঢ় লৈ উঠিব পাৰে, হমষ্টে চলিব পাৰে ইত্যাদি বিষয়ে অৰুণাচলত ভ্ৰমি ফুৰা অভিজ্ঞতাৰ ভিত্তিত অনেক কথা কলোঁ ৷ মেন্‌-চু-খাৰ গেবু চোনাৰ হমষ্টে, ৰয়িঙৰ জিবি পলৰ মিছিমি হিল কেম্পৰ বিষয়েও শুনালোঁ ৷ গেবুৰ ঘৰত দেখি অহা, চেন্নাইৰ পৰা কিনি আনি সংস্থাপন কৰা বিশেষ ধৰণৰ চৌকাটোৰ কথাও ভাঙি-পাতি বুজাই দিলোঁ ৷ কলোঁ যে ইয়াতো হমষ্টে হব ৷ কিছুমান বস্তু থাকিব লাগিব ৷ কিছুমান সা-সুবিধা আগ বঢ়াব লাগিব ৷ আনিনি ইমানদিনে শুই আছিল ৷ ৰাস্তাটো হৈ যাওকচোন ৷ পৰ্যটকৰ সোঁত বব ৷ টাৱাং আৰু মেন-চু-খাৰ সোৱাদ মানুহে ইতিমধ্যে ললে ৷ নতুন টুৰিষ্ট ডেষ্টিনেছন হবলৈ গৈ আছে আনিনি ৷ টাৱাং আৰু মেন-চু-খা লগ লগালে যি হয়, সেয়াই আনিনি ৷ বহুত সম্ভাৱনা আহি আছে ৷ ডিবাং ভেলীৰ জনসংখ্যাও দেশৰ ভিতৰতে তাকৰ ৷ আপোনালোক ধনী হৈ যাব ৷
অনিয়া-বচ্চনহঁতৰ চকু-মুখবোৰ দগমগ অঙঠাৰ দৰে উজ্জ্বল হৈ উঠিল ৷
আপুনি শোৱা উচিত ৷ ইমান দূৰ জাৰ্নি কৰি আহিছে ৷ ভাগৰ নিশ্চয় লাগিছে ৷
মই নকলোঁ যে ৰয়িঙৰ পৰা আৰম্ভ কৰি সমস্ত ৰাস্তাটোৱে অকণো নুশুৱাকৈ মই চাই চায়েই আহিলোঁ ৷ হলেও ভাগৰ অনুভৱ হোৱা নাই ৷
জানো যে পৰ্বতীয়া মানুহৰ সোনকালে শুৱাৰ অভ্যাস ৷ আজি মোৰ কাৰণেই এওঁলোকৰ নিশ্চয় পলমেই হল ৷ বাকীসকলে নিজৰ নিজৰ জেগা ললেগৈ ৷ অনিয়াই ইটো-সিটো সামৰালৈকে বচ্চন আৰু মই নুমাব ধৰা জুইকুৰাৰ কাষতে থাকিলোঁ ৷
কুকুৰ আছে নেকি আপোনালোকৰ ?এই জন্তুটোৰ বিষয়ে জাননী লৈ থোৱাটো ভাল ৷ সেয়ে সুধিলোঁ বচ্চনলৈ চাই ৷
আছে ৷ দুটা আছে ৷ এটা তিব্বেত ৷ আনটো কাটালা ৷ তিব্বেতৰ মাকজনী চাইনা বৰ্ডাৰৰ পৰা অনা হৈছিল ৷ তাই নাকামোৰে ৷ কাটালাহে অলপ ডেনজাৰ ৷ কামোৰে ৷ কিন্তু এই কাটালাটো আজি কেইবাদিন ধৰিও নিৰুদ্দেশ ৷ কতযে ঘূৰি ফুৰিছেগৈ জানো ! তিব্বেত আছে ৷ মই বাহিৰৰ পৰা আহোঁতে আগফালে দেখি আহিছোঁ ৷ ভিতৰলৈ নাহে বাৰু ৷
শুনিয়েই মোৰ পিলাই চমকিল ৷ আপদীয়া প্ৰাণী ৷ তাতে এটা নহয়, দুটাকৈ ৷ এটাই হেনো কামোৰেও ! সাৱধান হব লাগিব দেই ৷
আপোনাক বাথৰূমটো দেখুৱাই দিয়াই নাই নহয় ৷ অনিয়াই মোক বাথৰূমটো আঙুলিয়াই দিলে ৷ ঘৰৰ বাহিৰত, আগ-চোতালৰ সিমূৰে ৷ যাত্ৰাকালত পিন্ধি অহা কাপোৰযোৰ সলাই, হাত-মুখ ধুই লওঁ বুলি গামােচাখন লৈ ওলাইছোঁ ৷ কাপোৰ সলাওঁতেই বুজি গৈছোঁ ঠাণ্ডাৰ প্ৰতাপ কিমান ৷ বাথৰূমটোলৈ মুকলি আকাশৰ তলেৰে কেইখোজমান যাব লাগিব ৷ বচ্চনক ৰৈ থাকিবলৈ কলোঁ, যাতে কুকুৰে চুমা নিদিয়েহি ৷ কি বিশ্বাস ?
টৰ্চটো হাতত লৈ খুব সন্তৰ্পণে আগ বাঢ়িছোঁ ৷ সেমেকা, শান্ত পৰিৱেশ ৷ ঘাঁহবোৰৰ মাজে মাজে পানীয়ে জেপজেপীয়া দি আছে ৷ বৰষুণ হৈছিল ৷ লাইটৰ পোহৰত কাঠ কিছুমান যতে-ততে পৰি থকা অৱস্থাত দেখিছোঁ ৷ বাথৰূমৰ সিফালে কিবা এটা সাজি থকা হৈছে যেন লাগিল ৷ ইয়াত পানীৰ আকাল নাই ৷ পাহাৰৰ পৰা ঘৰলৈ বোৱাই অনা হৈছে ৷ পাকঘৰৰ চাঙত গেছ টেবুলৰ কাষতে চৰিয়া এটাত ভৰাই ৰখা পাইপডালেৰে অহৰহ পৰিয়েই আছিল ৷ নষ্ট হোৱা দেখি মইহে প্ৰশ্ন কৰিছিলোঁ, কিয় বন্ধ কৰা নাই বুলি ৷ তেতিয়াই কৈছিল পানীৰ ব্যৱস্থা কেনেকুৱা ৷
টেপটো খুলি হাতখন আগুৱাই দিয়ে চক্‌ খাই উঠিলোঁ ৷ চুব নোৱাৰি ৷ হাতখন কিবা ডাঠ হৈ পৰাৰ দৰে লাগে ৷ সাহস গোটাই কোনো ৰকম আঙুলিকেইটা ধুলোঁ আৰু মুখমণ্ডল মোহাৰিলোঁ ৷ গামোচাখনত মচি উঠিয়ে যিমান সোনকালে পাৰি হাতমোজা নিপিন্ধিলে বেজাই জাৰ লাগে ৷ ওপৰফালে কাণ উলিয়াব নোৱাৰা অৱস্থা ৷ তলফালে ভৰিৰ মোজা খুলিব নোৱাৰি ৷ জুই নাথাকিলে ঠাণ্ডাই কন্দুৱাব ইয়াত ৷ কেনেকৈ কম্বলৰ তলত সোমাব পাৰি তাৰেহে ভাবনা মনলৈ আহিছে ৷
তক্তাপোছত শুব লাগিব বুলি কৈছিল কালি অনিয়াই, ফোনত ৷ মোৰ বাবে চুক এটাত দুখন ডাঠ ডাঠ কম্বল, গাৰু আদিৰে বিচনা এখন সুন্দৰকৈ সজাই ৰাখিছে ৷ দেখুৱাই দিলে তাই ৷ কঁকালটো অগা-পিছা কৰি ঘূৰাই থকা দেখি প্ৰশ্নবোধক চাৱনিৰে চোৱাত মায়'ডিয়াতযে আজি দুবাৰ পৰিলোঁ কথাটো কৈ দিলোঁ ৷ হাঁহিলে তাই ৷ গুডনাইট বুলি নিজৰ কোঠাত সোমালগৈ ৷
বিছনাত দীঘল দি পৰিছোঁ ৷ কম্বলে কি উম দিব ? কম্বলকহে প্ৰথমে গাৰ উমেৰে গৰম কৰিব লাগিব ৷ টুপী, মোজা, উলিক'ট ইনাৰ একো খোলা নাই ৷ মােৰ কম্বলখন গাৰুৰ ওপৰত লৈছোঁ ৷ অত্যধিক ঠাণ্ডা অনুভূত হ'লে বিচনা চাদৰ কৰিম ৷ বুদ্ধিটো মনত লৈ আজি পুৱাৰে পৰা বিয়লিলৈকে অতিক্রম কৰা ৰয়িং-আনিনি বাটছোৱাৰ মনে মনে পৰ্যালোচনা এটা কৰি আছোঁ ৷ চিনেমাৰ ৰীলৰ দৰে মানসপটত আহি-গৈ আছে যাত্ৰাপথৰ সুন্দৰ সুন্দৰ লেণ্ডস্কেপবোৰ ৷ লগতে যেনি-তেনি এৰি থৈ অহা অৰুণাচলৰ অতুলনীয় প্ৰাকৃতিক বৈভৱ ৷ কত আছিলোঁ, কত পালোঁহি ! স্বপ্নযাত্ৰাৰ অন্তত আনিনিত সফলতাৰে পদাৰ্পণ কৰাৰ সুবাদত দেহ-মন-আত্মা আটাইবোৰ অতিমাত্ৰা আনন্দৰে পৰিপূৰ্ণ হৈ পৰিছে ! কাইলৈ ৰে'হ ফেষ্টিভেল ৷ কেমেৰাটো এতিয়াই চাৰ্জত লগাই দিছোঁ ৷ কম্বল লাহে লাহে গৰম হৈ আহিছে ৷ টৰ্চটো মাৰি ৱাল ক্লকটো চালোঁ ৷ ১১ বাজিবৰ হৈছেহি ৷
য়িং এৰিছিলোঁ পুৱা ৭.২০ত ৷ আনিনি পাওঁতে ৬.৩০ ৷ ১১ ঘণ্টাৰো অধিক সময়ৰ যাত্ৰা ৷ গুগুলে আকৌ কয় ৪ ঘণ্টা ৪৮ মিনিট ! কিয় এই বিভ্ৰান্তি ? ঘৰ এৰিছিলোঁ ২৯ তাৰিখে ৷ হমষ্টে সোমালোঁহি ৩১ত ৷ তাৰ মানে দুদিনেই লাগি গ
ফোনটো খুঁটিয়াই আছিলোঁ ৷ হঠাতে পাই গলোঁ ঘৰলৈ ৷ বেছি কথা পতা নাই ৷ ভালে ভালে ৬.৩০ত আহি পালোঁ ... এতিয়া আছোঁ ভাৰতৰ উত্তৰ-পূব প্ৰান্তৰ শেষ ৰাজ্যখনৰ শেষ জিলাখনৰ কণমানি সদৰ চহৰখনত, ইদু মিছিমি পৰিয়ালত শুই ... হ'ম এৱে ফ্ৰম হ'ম ... বহুত ঠাণ্ডা ইয়াত ... শুভৰাত্ৰি ৷ (ক্ৰমশঃ)

No comments:

Post a Comment