৬.৩ ঘৰ বিচৰাৰ উৎকণ্ঠা
আনিনিৰ বুকুত সপোন-যাত্ৰাৰ সফল পৰিসমাপ্তি
ঘটিছিল ৬ বাজি ৩০ মিনিটতে, ছুম’ৰ পৰা নমাৰ লগে লগে ৷ তাৰ পাছতহে থমকিব লগা হ'ল ভালেখিনি সময় ৷
ভবামতে কাকোচোন দেখা নাইপোৱা ! এই
মৰ-ঠাণ্ডাত কোনোবা ৰৈ থাকিব বুলি আশা কৰাটোও ভুলহে অৱশ্যে ৷ চ'ক' তায়ুৰ সম্পৰ্কীয় ভনীয়েকজনীৰ ঘৰটো কোনফালে হ’ব
পাৰে ? একো চিনি-জানি নাপাওঁ ৷ কাক সুধিম ? সুধিবলৈকো ৰাস্তাৰে মানুহ অহা-যোৱা
কৰি থাকিলেহে ৷ অন্ধকাৰে গ্ৰাস কৰিলে আনিনি টাউনশ্বিপ ৷ ফোন কৰিও পোৱা নাই কাকো ৷ ৰাতিখন যাওঁ ক’লৈ
এতিয়া ? মনটো উগুল-থুগুল
হৈ পৰিল তৎমুহূৰ্ততে ৷
হে’ড লাইট জ্বলাই ছুম’খন স্থিৰ হৈ আছে ৷ ৰাক্ছেক ওপৰত উঠি
আছে ৷ নমাবলৈ হ’লে
তিৰ্পাল আঁতৰাব লাগিব ৷ সেইটো চমজি লোৱাৰ প্ৰশ্নই মনলৈ অহা নাই ৷ সদ্যহতে নাম-ঠিকনাৰ তলা-নলাহে জৰুৰী ৷ নহ’লে পুনৰ গাড়ীত উঠিম ৷ ছুম’ ষ্টেণ্ডলৈ পোনাম ৷ চালকৰ আশ্ৰয় বিচাৰিম
৷ লগত শ্লিপিং বেগ আছে, কম্বল আছে ৷ ছুম'তে শুই যাম ৷ চিধা কথা ৷ বিকল্প হিচাপে ততালিকে ভাবি ল’লোঁ এনেকৈয়ে ৷
চ’ক’ তায়ুৱে
চৰকাৰী হস্পিতেল নহয়, হস্পিতেল ফাৰ্মাচি বুলিহে এছ.এম.এছ.টোত লিখিছিল ৷ হয়নে নহয় ? উলিয়াই চালোঁ দুনাই ৷ হয়তো, শুদ্ধ কথা ৷ ড্ৰাইভাৰে দেখোন দেখুৱালে ডিষ্ট্ৰিক্ট
হস্পিতেল ৷ ফাৰ্মাচিখন ক’ত আছে ? ছাঁ-পোহৰৰ মাজে মাজে সন্ধানী দৃষ্টিৰে চকুৱে ইফালে-সিফালে
বিচাৰিবলৈ ধৰিলে যদিও বৃথা হ'ল ৷ ড্ৰাইভাৰেও চিনি নাপায়, সহযাত্ৰীৰো বোধ হয় কোনেও নাজানে কেনি অৱস্থিত হস্পিতেল ফাৰ্মাচি ৷ আটায়ে নিশ্চুপ, অসহায় হৈ বহি থকা দেখিয়ে গম পাই গৈছোঁ ৷
ষ্টাৰ্ট বন্ধ কৰি ছুম’খন
ৰৈ আছে ৷ অন্ধকাৰৰ মাজতে ৰাস্তাটোৰ সিপাৰে টিনপাতৰ দীঘল ঘৰ এটা দেখা পাই প্ৰায়
দৌৰি যোৱাৰ দৰেই গ’লোঁগৈ চাপি ৷ বোধ হয় দোকান ঘৰ ৷ দৰজাবোৰ বন্ধ ৷ পোহৰ নাই ৷ খোলা থকা হ’লে সুধিব পাৰিলোঁহেঁতেন ৷ যোগসূত্ৰ হয়তো পালোঁহেঁতেন ৷ হস্পিতেল ফাৰ্মাচি বুলি কোনো চাইনব'ৰ্ডো নাই ৷ কি কৰা যায় এতিয়া ?
সামান্য আগুৱাই, ৰৈ
থকা পাৰেই ৰাস্তা এটা নামি গৈছে ৷ তোৰণ আৰু পেণ্ডেলৰ ওলাই থকা অংশবিশেষে নিশ্চিত
কৰিলে যে সেয়া ফেষ্টিভেল গ্ৰাউণ্ড, য’ত কাইলৈ ৰে’হ
উৎসৱ আৰম্ভ হ’ব ৷ মুখ্য মন্ত্ৰীগৰাকী ইয়ালৈকে আহিছে ৷ লাইটৰ পোহৰে সিটোফাল
পোহৰাই ৰাখিছে ৷ যি হ’ব হ’ব, ভিতৰলৈকে সোমাই যাওঁ নেকি ? চ’ক’ তায়ুক
বিচাৰিম ৷ কাৰোবাক পাই যাব পাৰোঁ ৷ সুধিব পাৰিম প্ৰচাৰ সম্পাদকজনৰ বিষয়ে ৷ এড্ৰেছত উল্লেখ
কৰা মানুহহালৰ বিষয়েও জানিব পাৰিম ৷ কিন্তু এইহেন হাড় কঁপোৱা শীত নেওচি থাকিবজানো কোনোবা ? সম্ভৱনে ? নাই, আগ বাঢ়ি নোযোৱাই ভাল ৷ তাতে অচিনাকি ৷ ৰাতিৰ কথা ৷
ছুম’ ষ্টেণ্ডটোবা
কেনি ? গাড়ীখন অধিক সময় মোৰ বাবে এনেকৈ ৰৈয়ো হয়তো নাথাকিব ৷ সহযাত্ৰীসকলক নমোৱাৰ
কথা আছে ৷ সময় গৈ থাকে মানে অসুবিধা আৰু খৰখেদা সকলোৰে নিশ্চয় বাঢ়ি যাব ৷ বাহিৰখনত বিৰাট ঠাণ্ডা ৷ এনে
পৰিস্থিতিত মোৰ বাবে আনে দুৰ্ভােগ ভুগিবলগীয়া হোৱাটো নিবিচাৰোঁ ৷ তাতে পৰ্বতত সন্ধিয়া ৬-৭ বাজিল মানে এপৰ ৰাতি ৷ কি কৰোঁ ? কিংকৰ্তব্যবিমূঢ় হৈ পৰিছোঁ অচিনাকি জেগাটুকুৰাত ভৰি দিয়াৰ পাছৰে
পৰাই ৷ খৰকৈ ভাবিব ধৰিছোঁ, কি সিদ্ধান্ত লোৱা উচিত হ’ব
?
এনেতে সন্মুখৰ ফালৰ পৰা ছুম’ এখন
আহিল ৷ আমাৰখনৰ প্ৰায় ওচৰতে ৰ’লহি ৷ দুগৰাকী মহিলাক নমাই গাড়ীখন
গুচি গ’ল ৷ স্থানীয় লোকেই হ’ব বুলি ধাৰণা কৰিছোঁ ৷ তেওঁলোকক সুধিলে গম পোৱা যাব চাগৈ
৷ টৰ্চলাইট জ্বলাই ল'লে ৷ বাঁওফালে, হস্পিতালৰ তলেৰে সোমাই যোৱা ৰাস্তাটোৰে যাবলৈ উদ্যত হৈছে দুয়ো ৷ আঁতৰি যোৱাৰ আগতেই দৌৰি আহিলোঁ কাষলৈ ৷
‘চিষ্টাৰ এক মিনিট ৷’ ৰৈ গ'ল ৷ ঘূৰি চালে অচিনাকি আগন্তুকলৈ ৷ নোটবুকত লিখা স্বামী-স্ত্ৰীহালৰ
নাম দুটা একেলগে উচ্চাৰণ কৰি জানিব বিচাৰিলোঁ, ‘বচ্চন মিপি
ঔৰ অনিয়া মেয়া, আপল'গ পহচানতা হে' ক্যা ?’ মধ্যবয়সীয়া মহিলা দুগৰাকীলৈ উপৰ্যুপৰি
প্ৰশ্ন তুলি আশাৰে ৰৈছোঁ ৷
‘অনিয়া… !’ কেইছেকেণ্ডমানৰ চিন্তাশীল বিৰতি ৷ দুয়ো দুয়োৰে চকুলৈ চালে
৷ ‘হাঁ হাঁ, উধৰ মে’ হে’ উচকা ঘৰ ৷ … আপ ছুম’ছে’ আয়া হে’ না ?’ উত্তৰৰ লগতে প্ৰশ্নও কৰিলে ৷ ‘কাহাঁছে আয়া হে’ ? অনিয়াকা ঘৰ মে’ বেইথে'গানা আজ ?’
উত্তৰ দিলোঁ
৷ দুয়ো খৰ
খোজেৰে গাড়ীখনৰ কাষলৈ আহিল ৷ ড্ৰাইভাৰক বুজাই দিলে ঘৰটো
কোনফালে ৷ ড্ৰাইভাৰে চিনি নাপায় ৷ আকৌ আলোচনা চলিল ৷ মহিলা দুগৰাকী সেইটো বাটেৰেই আগলৈ যাবগৈ ৷ গতিকে লগত গ'লে ঘৰ চিনাই দিব ৷ চালকজনে মোকে যাবলৈ ক'লে ৷ ঘূৰি অহালৈকে ৰৈ থাকিব ৷
‘তুম মত চলা যাঅ' ৰে’…’ খোজ আগুৱাৰ লগে লগে এগৰাকীয়ে সকীয়ালে
চালকজনক ৷ মই তেওঁলোকৰ সৈতে যাব ধৰিলোঁ
৷ খোজ নহয়, কোব দিবলগীয়া হ’ল ৷ সোমাই যোৱা ৰাস্তাটো ঠেক ৷ ইফালে-সিফালে বোকা-পানী জমা
হৈ আছে ৷ দুয়োৰে হাতে হাতে থকা টৰ্চৰ পোহৰ পেলাই বোকা-পানী দেখুৱাই গ’ল মোক ৷ মোৰো আছিল টৰ্চ ৷ গাড়ীতে এৰি থৈ আহিলোঁ ৷ ভাবি থাকোঁতেই ‘চম্ভালকে চলিয়ে’ বুলি সাৱধান হ’বলৈ উনুকিয়ালে ৷ চ’ক’ তায়ুৱে ঠিকেই কৈছিল ফোনত, আনিনিৰ বাট-পথবোৰত বোকাৰ প্ৰকোপ বেছি
বুলি ৷ গাম বুট আনিবলৈও সকীয়াইছিল ৷ মইহে... ৷ জোতাৰ প্ৰসংগটো উমি উমি আকৌ এবাৰ ভমককৈ ধৰিলে ৷ আন্ধাৰতে চালোঁ জোতাযোৰলৈ ৷ তপিনাৰ বিষটো আছেই একেদৰে ৷ হাতখন আপোনা-আপুনি গুচি গ'ল ৷ মোহাৰকেইটামান মাৰিলোঁ বাটতে ৷
মোৰ বাবে ৰাস্তাটো নতুন ৷ তেওঁলোক নিতৌ অহা-যোৱা কৰা মানুহ ৷ খোজ
কঢ়াতো অভ্যস্ত ৷ সমানে সমানে মিলাবই পৰা নাই মই ৷ ইমান খৰকৈ গৈছে ! লগ ধৰিবৰ কাৰণে মাজে মাজে দৌৰিবলগীয়াত
পৰিছোঁ ৷ গৈ থাকোঁতেই ক’লে, ‘অনিয়া ব'লা থা, ফেষ্টিভেল মে’ ক’ই
মেহমান আনেৱালা হে’ ব’লকে ৷’ মই মনতে ভাবিলোঁ, ৰক্ষা, তেতিয়াহ’লে
ঠিক মানুহকে মিলালে ঈশ্বৰে ৷ আকস্মিক দুৰ্যোগটোৰ মাজতো কিবা এটা ভাল লাগি গ’ল ৷ সকাহ পোৱা যেন লাগিল ৷ জেগা সঠিকভাৱেই উলিয়াব পাৰিম বুলিও বিশ্বাস জন্মিল ৷ ক’ৰ
পৰা আহি ক’ত কেনেকৈ এনেকুৱা মানুহকযে লগ পাই গ'লোঁ ! ভগৱানৰ
দূত, পাহাৰীয়া পৰী যেনেহে লাগিল দুয়োকে ৷
কেইমিনিটমান যোৱাৰ পাছত বাঁওহাতে কাঠৰ গে’ট এখন পালোঁ ৷ সেইখন ঠেলি চৌহদটোত প্ৰৱেশ ঘটিল ৷ পদূলিটো অকণমান দীঘলেই ৷ ঘৰটোত লাইট জ্বলি আছে ৷ ফুলৰ টাব কিছুমান লক্ষ্য কৰিছোঁ ৷ এগৰাকীয়ে দূৰৰ পৰাই নিজৰ দোৱানত গৃহস্থনীৰ নাম উচ্চাৰণ কৰি চিঞৰি গৈছে ৷ আৰু কিবাকিবি কৈছে যদিও ‘মেহমান’ শব্দটোহে মই ধৰিব পাৰিছোঁ ৷
দুৱাৰমুখত ৰৈয়ে আকৌ চিঞৰ ৷ ভিতৰৰ পৰা ইজনৰ পাছত সিজনকৈ কেইবাজনো একেলগে ওলাই আহিল ৷ মুখবোৰত কৌতূহল ৷ গৃহস্থ-গৃহস্থনীৰ সৈতে মুখামুখি কৰায়েই মোক
এৰি ভদ্ৰমহিলা দুগৰাকী উভতিল ৷ তেওঁলোকৰ বাসস্থান আৰু কিছু আগলৈ আছে ৷ যাবগৈ লাগিব ৷ বতৰ ভাল নহয় ৷ ধন্যবাদ জনোৱাৰ লগতে পুনৰ লগ পাম বুলি আশা ৰাখি বিদায় দিলোঁ ৷ ভাল লাগিল দুয়োৰে
সহায়কাৰী যোগাত্মক মনোবৃত্তি আৰু উৎসাহকণ ৷ এয়াহে আচল গাইড ৷
‘অনিয়া মেয়া ঔৰ বচ্চন মিপি ? চ’ক’ তায়ুজীনে আপকা এড্ৰেছ ঔৰ ফোন নম্বৰ দিয়া থা ৷ মে’ ৰ’য়িংছে ছুম' পকৰকৰ আয়া হুঁ ৷ কাল বাত কিয়া থা না ৷’ নমস্কাৰ ভংগীত মোৰ ক'বলগীয়াখিনি জনালোঁ ৷
‘অনিয়া মেয়া ঔৰ বচ্চন মিপি ? চ’ক’ তায়ুজীনে আপকা এড্ৰেছ ঔৰ ফোন নম্বৰ দিয়া থা ৷ মে’ ৰ’য়িংছে ছুম' পকৰকৰ আয়া হুঁ ৷ কাল বাত কিয়া থা না ৷’ নমস্কাৰ ভংগীত মোৰ ক'বলগীয়াখিনি জনালোঁ ৷
‘হাঁ ছাৰ, আয়িয়ে ৷ ৱেলকাম ৷’ হাঁহিৰে সম্ভাষণ জনাই কম বয়সীয়া মহিলাগৰাকীয়ে লগে লগে সুধিলে,
‘আপকা লাগেজ ?’
লগত একো নেদেখিয়ে সুধিছে ৷ মই বুজি পালোঁ ৷
'ছুম’মে' হে' ৷'
'ছুম' কাঁহাঁ হে' ?'
'ৰাস্তা মে' ৷'
গৃহস্থনী অৰ্থাৎ চ’ক’ তায়ুৰ সম্বন্ধীয় ভনীয়েকজনীয়ে আৰু এটাও বাক্য ব্যয় নকৰি বুটজোতাযোৰ ঘপাঘপ ভৰিত সুমুৱাই ল’লে ৷ যেন যুদ্ধলৈহে ওলাইছে ৷ হলৌ জেকেট এটা পিন্ধিয়েই আছিল ৷ তিনি বেটাৰীৰ টৰ্চ লাইটটো ল'লে আৰু মোলৈ নোচোৱাকৈয়ে ক’লে, ‘চ’লিয়ে ছাৰ ৷’
আকৌ যাব ধৰিছোঁ গিৰিপ-গাৰাপকৈ, অন্য এগৰাকীৰ লগত ৷ খোজ মিলোৱাই টান ৷ বৰষুণৰ দৰে আকাশৰ পৰা এটোপ-দুটোপ কিবা সৰি পৰি থকাযেন লাগিছে ৷ আকাশলৈ চোৱা দেখি ক'লে, ‘য়হাঁ বাৰিষ হ’তাহি ৰে’হতা হে’ ৷ ... আপ ঠিক-ঠাকছে পহুঁচা না ছাৰ ? তকলিফটো নে’হী
হুৱা হ’গা ? ৰাস্তা কেইছা লাগা ? মায়’ডিয়ামে’ বৰ্ফ
মিলা ?’ এজাউৰি প্ৰশ্ন ৷ নতুন ঠাইত, নতুন বাটেৰে, নতুন চিনাকি মহিলা
এগৰাকীৰ সৈতে নিজান ৰাস্তা এটাৰে বেগেৰে খোজ কাঢ়ি আছোঁ ৷ কথাটো কিবা অদ্ভুত, কিবা সপোন সপোন যেনহে লাগিছে
৷ ছুম’খন পালোঁহি ৷ জেগাতে ৰৈ আছে ৷
‘ছাৰ কা লাগেজ কাহাঁ হে' ? উতৰ দে'না ৷'
চালকে কিবা এটা চিন্তা কৰিলে ৷ তাৰ পাছত ক’লে, ‘অভি ৰে’হনে দিজিয়ে দিদি ৷ তিৰ্পাল হটানেছে প্ৰব্লেম হ’ যায়েগা ৷ ইনকা বেগ নিকালনা মুস্কিল হে’ ৷ বাকী চামান উতৰনেকে সময় অন্দৰ কৰ লে'গা, আউৰ আপকা ঘৰমে’ চৌৰকে’ যাওঁংগা ৷ চিন্তা মত কিজিয়ে আপ ৷ ঘৰ বতা দিজিয়েনা ৷’
চালকে কিবা এটা চিন্তা কৰিলে ৷ তাৰ পাছত ক’লে, ‘অভি ৰে’হনে দিজিয়ে দিদি ৷ তিৰ্পাল হটানেছে প্ৰব্লেম হ’ যায়েগা ৷ ইনকা বেগ নিকালনা মুস্কিল হে’ ৷ বাকী চামান উতৰনেকে সময় অন্দৰ কৰ লে'গা, আউৰ আপকা ঘৰমে’ চৌৰকে’ যাওঁংগা ৷ চিন্তা মত কিজিয়ে আপ ৷ ঘৰ বতা দিজিয়েনা ৷’
অনিয়াই ৰাস্তাটো বুজাই দিলে ৷ ক'লে, 'ডাউন মে', বচ্চন কা ঘৰ ৷ জোৰ-জোৰছে
হৰ্ণ মাৰ দেনা লেকিন ৷ ঔৰ, জলদি লে’কে’ আনা ৷’
'হ’গা
দিদি ৷ আপ চলা যায়িয়ে ৷ মে’ আ ৰহাহুঁ ৷’
স্কুলবেগটো মই হাতত ল’লোঁ
৷ দৰজাখন মৰাৰ লগে লগে ছুম’ গ'ল্ড এৰি দিলে ৷ ৰঙা বেকলাইটকেইটা যেন সুকলমে গন্তব্য পৌচাই দিয়াৰ সফলতাত অহংকাৰী হৈ উঠিল ! ঘপকৈ কেনি সোমালগৈ গমেই নাপালোঁ ৷ নেদেখা হৈ থাকিল ৷ পুৱা ৰয়িঙৰে পৰা একেলগে আহি থকা সহযাত্ৰীসকলক আনকি বিদায়ী মাত এষাৰো লগোৱা নহ'ল ! পাচিঘাটৰ যুৱতীগৰাকীয়ে মোক চাহো খুৱাইছিল ৷ কিযে ভাবিছে চাগৈ !
বেগ পিঠিত ৷ উভতি খোজ লৈছোঁ ৷ ৰাক্ছেকটো এতিয়াই কিয় দিব নোৱাৰে ? কিয় শেষত ঘৰত দি যাবহি বুলি ক’লে ? কথাটো বুজি পোৱা নাই ৷
বেগ পিঠিত ৷ উভতি খোজ লৈছোঁ ৷ ৰাক্ছেকটো এতিয়াই কিয় দিব নোৱাৰে ? কিয় শেষত ঘৰত দি যাবহি বুলি ক’লে ? কথাটো বুজি পোৱা নাই ৷
অনিয়াই মোক
বুজালে ৷ ড্ৰাইভাৰে এতিয়া বাকী পেচেঞ্জাৰবোৰক এজন এজনকৈ ঘৰে ঘৰে এৰিব ৷ যাৰ যি বস্তু আছে সেয়াও জেগাই জেগাই নমাব ৷ ইয়াত এইটোৱে নিয়ম ৷ ষ্টেণ্ডৰ পৰা ঘৰাঘৰি যাবলৈ একো
ব্যৱস্থা নাই ৷
‘অভি চমজমে আয়া মে’ৰা ৷’ মোৰ বাবে আনৰো পলম হোৱাত নিজকে দোষী দোষী লাগি গ'ল ৷
বিজুলীচাকিৰ পোহৰবোৰ দেখিছোঁ যদিও মূল ৰাস্তাৰ পৰা আঁতৰি অহা ঠেক পথটোৰ কাষত ঘৰ বেছি নাই ৷ উপকণ্ঠীয় পৰিৱেশটোলৈ চাই ডিফু চহৰখনৰ আমি দেখা অতীতৰ মুহূৰ্ত কিছুমান মনৰ পৰ্দাত ভাহি উঠিছে ৷ উচ্চতাৰ তাৰতম্য বহুত বেছি, ঠাণ্ডা তুলনাবিহীন যদিও কিছুমান কথাত যেন মিল পালোঁ আনিনিৰ বৰ্তমানটোৰ সৈতে ৷
‘অভি চমজমে আয়া মে’ৰা ৷’ মোৰ বাবে আনৰো পলম হোৱাত নিজকে দোষী দোষী লাগি গ'ল ৷
বিজুলীচাকিৰ পোহৰবোৰ দেখিছোঁ যদিও মূল ৰাস্তাৰ পৰা আঁতৰি অহা ঠেক পথটোৰ কাষত ঘৰ বেছি নাই ৷ উপকণ্ঠীয় পৰিৱেশটোলৈ চাই ডিফু চহৰখনৰ আমি দেখা অতীতৰ মুহূৰ্ত কিছুমান মনৰ পৰ্দাত ভাহি উঠিছে ৷ উচ্চতাৰ তাৰতম্য বহুত বেছি, ঠাণ্ডা তুলনাবিহীন যদিও কিছুমান কথাত যেন মিল পালোঁ আনিনিৰ বৰ্তমানটোৰ সৈতে ৷
ঘৰটো পালোঁহি ৷ কংগো-২, মেডিকেল লাইন ৷ পুৰণা বজাৰ ৷ প্ৰযত্নে বচ্চন মিপি আৰু অনিয়া মেয়া ৷ আনিনি, ডিবাং ভেলী, অৰুণাচল প্ৰদেশ ৷ এয়াই এতিয়া মোৰ অস্থায়ী ঠিকনা ৷ (ক্ৰমশঃ)
No comments:
Post a Comment