৫.২ 65
এইখিনিক চিক্সটি ফাইভ বুলি কয় ৷ নামটো আচহুৱাযেন লাগে যদিও অৰ্থবহনকাৰী আৰু সৰল ৷ ভিতৰুৱা অৰ্থটো
হ’ল, ইয়ালৈ
ৰ’য়িঙৰ পৰা
দূৰত্ব ৬৫ কিল’মিটাৰ ৷ কোনে দিছিলজানো !
65 যেন মায়’ডিয়াৰ পূবফালৰ বৰফ-সীমান্তহে ! অৱস্থান মায়’ডিয়াৰ পৰা ৯ কিল’মিটাৰ আগত ৷ 65
পাওঁ পাওঁ হওঁতে বাটৰ কাষত ইমানপৰে পাই অহা বৰফৰ দলিচাখনে থূপ থূপ আকাৰ পৰিগ্ৰহ কৰিলে, যেনেকৈ পুৱাতে তিৱাৰী গাঁৱৰ পৰা উঠিবলৈ আৰম্ভ কৰোঁতে মায়’ডিয়ালৈ ১৬ কিল’মিটাৰ থকা অৱস্থাত ৰাস্তাটোৰ দাঁতিত থূপ থূপ বৰফবোৰ প্ৰথমবাৰৰ বাবে দৃষ্টিগোচৰ হৈছিল ৷ ৰূপৰ মিল
আছে উভয় দিশৰে ৷ এই দুই স্থানক যদি আৰম্ভণি আৰু সমাপ্তি বুলি ধৰোঁ, তেনেহ’লে মায়’ডিয়াৰ পৰা সিফালে ১৬ কিল’মিটাৰ আৰু এইফালে ৯
কিল’মিটাৰ,
আজিৰ তাৰিখত মায়’ডিয়া
গিৰিপথৰ তুষাৰপাতৰ বিস্তৃতি হ’ব ২৫ কিল’মিটাৰ ৷ ভিত্তিহীন অথবা ভুল-ভ্ৰান্তিও হ’ব পাৰে, তথাপি এনেয়ে হিচাপ এটা উলিয়াই
চালোঁ ৷ তাৰ মানে অন্ততঃ ২৫ কিল’মিটাৰজুৰি
আমি বৰফে আগ বঢ়োৱা বিনন্দীয়া দৃষ্টিসুখ উপভোগ কৰিবলৈ পাইছোঁ ৷ অতিক্ৰম কৰিবলৈ সময় লাগিল প্ৰায় ডেৰ ঘণ্টা ৷ ৰাস্তা
মটৰেবল ৷ যাত্ৰা শিহৰণকাৰী ৷
সৰু জনপদ ৷ ঘৰ তেনেকৈ দেখা নাই ৷ ৰঙা,
নীলা, হালধীয়া, সেউজীয়া, বগা, ক’লা ৰঙৰ বুদ্ধ পতাকা এলানি উৰি আছে পথৰ ইপাৰৰ পৰা সিপাৰলৈ টনা
ৰছীত ওলমি ৷ আগত কেঁকুৰি এটা দেখিছোঁ ৷ ঠেক ৰাস্তাটোৰ সোঁহাতে Old Hotel 65 KMৰ কাষ চপাই আমাৰ ছুম’খনৰ চালকে
ষ্টাৰ্ট অফ্ কৰিলে ৷ অন্য যান-বাহনবোৰো এইখিনিত ৰয় ৷ বৰফৰ ভেটা ভাঙি ওলাই অহা আনিনিগামী যাত্ৰীসকলে নতুনকৈ উশাহ এটা লয় ৷ হুনলিৰ ফালৰ পৰা অহাসকলেও নতুন শক্তি অকণমান আহৰণ কৰি লয় বৰফত বগাবলৈ ৷
হোটেল দুখনমান আছে ইয়াত ৷ খাদ্য পোৱা যায় ৷ ৰাস্তাৰ দাঁতিতে টয়লেটো সজা আছে ৷ পানীৰ ব্যৱস্থা ভাল ৷ গাড়ীৰ পৰা নামিয়েই অভিজ্ঞতাটো লোৱা হ’ল ৷ মায়’ডিয়া পাছৰ হালধীয়া চাইনব’ৰ্ডখনৰ পৰা আগলৈ অৰ্থাৎ এইফালে, মোৰ এয়াই প্ৰথম যাত্ৰা ৷ মন-প্ৰাণ বিৰাট কৌতূহলেৰে ভৰপূৰ হৈ আছে ৷ আগত ১২ গোলাই পাম ৷ তাৰ পাছত হুনলি পাম, ৰানলি পাম, ইটালিন পাম ৷ কৌতূহলৰ নাই অন্ত ৷ আনিনিতো আনিনিয়েই ৷
হোটেল দুখনমান আছে ইয়াত ৷ খাদ্য পোৱা যায় ৷ ৰাস্তাৰ দাঁতিতে টয়লেটো সজা আছে ৷ পানীৰ ব্যৱস্থা ভাল ৷ গাড়ীৰ পৰা নামিয়েই অভিজ্ঞতাটো লোৱা হ’ল ৷ মায়’ডিয়া পাছৰ হালধীয়া চাইনব’ৰ্ডখনৰ পৰা আগলৈ অৰ্থাৎ এইফালে, মোৰ এয়াই প্ৰথম যাত্ৰা ৷ মন-প্ৰাণ বিৰাট কৌতূহলেৰে ভৰপূৰ হৈ আছে ৷ আগত ১২ গোলাই পাম ৷ তাৰ পাছত হুনলি পাম, ৰানলি পাম, ইটালিন পাম ৷ কৌতূহলৰ নাই অন্ত ৷ আনিনিতো আনিনিয়েই ৷
অ’ ! ড্ৰাইভাৰ চাহাবক এতিয়াহে মন কৰিলোঁ ৷
অথনি ৰ’য়িঙৰ পৰা
যাত্ৰা আৰম্ভ কৰোঁতে গাত আছিল হাফ চাৰ্ট মাত্ৰ ৷ এতিয়া দেখোন ডাঠ জেকেট ! ভৰিওচোন সোমাল জোতাৰ ভিতৰত ! মায়’ডিয়াই
মোট সলাবলৈ বাধ্য কৰালে ৷ পাৰাস্তম্ভ য’ত মুহূৰ্তে মুহূৰ্তে নিম্নগামী, তাত ডেকা-ডেমাকী ক’ত চলিব ? মাফলাৰখন কাণে-মূৰে মেৰিয়াই তেওঁ নামি গ’ল ৷ ১০ বাজি ২৫ মিনিট গৈছে ৷
মন গ’লে ইয়াত চাহ-তাহ খাব পাৰি ৷ পকা ৰাস্তাত ভৰি দিয়াৰ পাছত এঙামুৰি দুটামান
মাৰি যুৱককেইজন জুম পাতি হোটেলত সোমালগৈ ৷ যুৱতীসকলো অন্তৰ্ধান হ’ল ৷ মই নগ’লোঁ ৷ বটলৰ পৰা পানী কেইঢোকমান পি
লৈ কঁকালটো লাহে লাহে ঘূৰাই আছোঁ, দাঁতিতে ৰৈ ৷ উঠা-বহা, চিট্ আপছ্ মাৰিলোঁ
কেইবাৰমান ৷ আগলৈ-পাছলৈ খৰকৈ অহা-যোৱা কৰি ঠাইতে খোজ কাঢ়িলোঁ ৷ হাতেৰে মোহাৰি মোহাৰি অনুমান কৰিছোঁ,
তপিনাটো ফুলিয়েই আছে ৷ টিপিলে বিষায় ৷ গাড়ীত বহি আহি থাকোঁতেও বেদনা অনুভৱ হৈ আছিল
৷
Old Hotelৰ ভিতৰখন কেনেকুৱানো ? এনেয়ে এবাৰ ভুমুকিয়াই আহিবৰ মন গ’ল ৷ সোমালোঁ ৷ জুই একুৰা জ্বলি আছে ৷ তাৰে ভিতৰখন উমাল ৷ বেঞ্চত বহি ৰাইজে খাই আছে মেগী আৰু চাহ ৷ অৰুণাচলৰ পাৰ্বত্য এলেকাত মেগী নুডলছেই বহুলভাৱে প্ৰচলিত আহাৰ ৷ য’লৈকে নাযাওক কিয় ৷ সুদূৰ
কিবিথুৰ চীন-ভাৰত সীমান্তৰ শেষ ভাৰতীয় গাঁও কাহোত থকা একমাত্ৰ দোকানখনতো
দুপৰীয়াৰ আহাৰ হিচাপে মেগীয়েই পাইছিলোঁ আৰু খাইছিলোঁ ৷ ভাত নাই ৷ খিৰিকীৰে ৰঙাচীনলৈ চাই চাই
খাইছিলোঁ গৰম গৰম এবাটি নুডলছ্, সোঁৱৰণিত ৰৈ যোৱাকৈ ৷ আন এটা কথাও লক্ষ্য কৰিছিলোঁ
আৰু আচৰিতো হৈছিলোঁ যে চাহ, কফি আনকি পানীৰ বটলো নাপাব পাৰে, বীয়েৰ হ’লে পাবই ৷ ৱালঙতো একেই অভিজ্ঞতা ৷ এইফালে কেনেকুৱা হ’বজানো !
জুইকুৰা দেখি ইচ্ছা হৈছিল, অলপমান
সেকিয়ে লোৱা যাওক বুলি ৷ পাছে গুৰুত্ব হেৰুৱালে কঁকালে ৷ ওলাই আহি পৰিৱেশটোতহে
ধ্যান দিবলৈ মন গ’ল ৷ ইয়াতো
আছে চালৰ ওপৰত চটাচতে বৰফ জমা হৈ ৷ ৰাস্তাৰ কাষে কাষে, শিল আৰু ঘাঁহনিৰ ওপৰতো আছে চামনি ৷ দেখিয়ে মৰম কৰিবৰ মন গ’ল ৷ এনেয়ে
চুই চালোঁগৈ এবাৰ ৷ ইয়াত এতিয়া বৰফ গলিব ধৰিছে ৷ বৰফগলা পানীৰ সোঁত বৈ
আছে ৰাস্তাৰ কাষেৰে ৷ স্পৰ্শ কৰি চালোঁ ৷ অতি চেঁচা ৷ তিতি যোৱা হাতৰ আঙুলি ওঁঠ
দুটাৰ ওপৰেৰে বুলাই দিয়াত বেলেগ এটা পুলক জাগিল ৷ এঢোক খাবৰ ইচ্ছা আছিল ৷ বৰফো অকণমান খাই
চাব লাগিছিল মায়’ডিয়াত ৷ স্মৃতিচিহ্নস্বৰূপে অকণমানি শিলগুটি এটাও বুটলিব লাগিছিল ৷ নহ’ল ৷
স্ফূৰ্তিৰ কোবত মনলৈকে নাহিল এইবোৰ ৷
মায়’ডিয়াৰ দিশে চালে একোকে নেদেখি ৷ ডাৱৰে
আৱৰি আছে ৷ সন্মুখৰফালে ডাঠ সেউজীয়া পৰ্বত ৷ কম পোহৰৰ বাবে ৰূপটো উজ্জ্বলভাৱে
প্ৰকট হৈ উঠা নাই ৷ পৰ্বতৰ নামনি অংশতহে গছ-গছনিৰ ফাঁকে ফাঁকে বৰফবোৰ বগা মুকুতাসদৃশ উজলি ৰৈছে আৰু স্পষ্টভাৱে দৃশ্যমান হৈ আছে ৷ অৱধাৰিতভাৱেই এই ৰূপ লাহে লাহে নেদেখা হৈ পৰিব ৷
পৰি গৈছোঁ দৃশ্যৰ প্ৰেমত, ফটোৰ
প্ৰেমত ৷ কেমেৰাৰ সহায়ত ধৰি অনা মায়’ডিয়াৰ ঈশ্বৰীয় সাজ-সজ্জাবোৰকে ঘূৰাই-পকাই চাই আছোঁ গাড়ীখনত
ভেজা দি, অকলশৰীয়াকৈ ৰৈ ৷ চাই থাকোঁতেই গেট্ বাক্লেৰ কথা এষাৰ মনলৈ আহি গ’ল৷ ‘ঈশ্বৰক মই প্ৰকৃতিৰ মাজত, জীৱ-জন্তুৰ মাজত, চৰাই-চিৰিকটিৰ মাজত আৰু
পৰিৱেশৰ মাজত পাব পাৰোঁ৷’ মই যেনিবা আজি বৰফৰ মায়াজালত পালোঁ !
১০-১২ মিনিটৰ এটা চমু বিৰতি ৷ অলপ পাছতে
চালক উঠিলহি ৷ ষ্টাৰ্ট দিয়ে হৰ্নটো সশব্দে বজাই দিছে ৷ মুহূৰ্ততে বাকী ৯ যাত্ৰী উপস্থিত ৷
হাঁহি-ধেমালিকৈ বহিল নিজৰ নিজৰ আসনত ৷ আমি 65 এৰিলোঁ ৷ নতুন উৎকণ্ঠা হৃদয়ত লৈ যাত্ৰা
আৰম্ভ হ’ল আগলৈ ৷
(ক্ৰমশঃ)
No comments:
Post a Comment