Sunday, 5 April 2020

৩১ জানুৱাৰী ২০২০, শুক্ৰবাৰ
৪.১ সাজু হৈ গল টাটা ছুম



যোৱানিশা শোৱাৰ আগতেই ভাবি থৈছিলোঁ যে কেইঘণ্টামানৰ বাবে হয়তো অশান্তি লাগিব পাৰে, তথাপি আনিনিলৈ যাম বুলিয়েই ডিমাপুৰৰ হংকং মাৰ্কেটত সিদিনা কিনা ডিচকভাৰী এক্সপিডিচন জেকেটটো ৰূমৰ পৰাই পিন্ধি ওলাব লাগিব ৷ য়িঙলৈকে ৱিণ্ড চিটাৰটোৰেই বাৰু জাৰ খেদিব পাৰিছোঁ ৷ সিফালে কিন্তু নহব ৷ ভিতৰত থাকিব নতুন ইনাৰযোৰ ৷ দৰাচলতে এইযোৰহে মূল অস্ত্ৰ ৷ ঊলৰ টুপী, মাস্ক আৰু হাতমোজা প্ৰয়োজনত হাত দিলেই পোৱাকৈ স্কুলবেগত ৰাখিম ৷ লগতে ৰেইন কোটো ৷ বৰষুণ পৰিলেই দৰকাৰ হব ৷ মায়ডিয়া, আনিনিৰ মাত্ৰাধিক শীত, বৰফৰ ঠাণ্ডা প্ৰতিহত কৰিবলৈ এইখিনি যোগাৰেৰেই তৈয়াৰ হৈছোঁ ৷ আৰু বেছি ঠাণ্ডা লাগিলে কম্বলখন উলিয়াই মূৰে-গায়ে মেৰিয়াম ৷
বচ, পেকিং ৰেডী ৷ জেকেট আৰু ইনাৰৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে ৷ জোতাযোৰহে মন-পচন্দৰ মুঠেই নহল ৷ এতিয়া আৰু কোনো বিকল্পও নাই ৷ ভাবি থাকিও লাভ নাই ৷ যিমান যি হলেও মানি লবই লাগিব ৷ সন্মুখ সমৰক প্ৰত্যাহ্বান জনাবই লাগিব ৷ লগত কাকো নলৈ অকলে অকলে ওলাইছোঁ যেতিয়া যুঁজখনো অকলেই যুঁজিব লাগিব ৷ হেনজানি মানসিকভাৱে হাণ্ড্ৰেড পাৰ্চেণ্ট প্ৰস্তুত হোৱাই শ্ৰেয় ৷ দুভৰিত পিন্ধি লোৱা ঊলৰ মোজাযোৰেই হব তলফালৰ ৰক্ষাকবচ ৷ বাৰে বাৰে মনলৈ আহি থকা জোতাৰ চিন্তাটোক ইমানতে কবৰ দি দিলোঁ ৷
কেইবজাত আহি পাব লাগিব বুলি প্ৰশ্ন কৰাত কালি কাউণ্টাৰৰ মহিলাগৰাকীয়ে কৈছিল আপ চুবহ ছয় বজে আ যায়িয়ে বুলি ৷ এতিয়া ৫.১৫ ৷ হাতত সময় যথেষ্ট আছে ৷ তথাপি প্ৰাতঃকৰ্ম সমাপ্ত হ যেতিয়া নিজৰ বস্তুবোৰৰ ফাইনেল চেকিং এটা কৰি ওলায়ে দিলোঁ ৰূমৰ পৰা ৷ মনটো উথপথপ লাগি আছে ৷ চাৰিবেৰৰ আৱেষ্টনীত বান্ধি ৰখাই মস্কিল হৈ পৰিছে ৷
মেনেজাৰ দেবেন সৰকাৰৰ সৈতে কথা পতা হৈছিল, কালি বিছনালৈ যোৱাৰ আগে আগে ৷ হোটেল মিমুৰ কাৰ্ড এখনো লৈ থোৱা হৈছে ৷ অনুৰোধ জনাই ৰাখিছোঁ যে আনিনিৰ পৰা ঘূৰি আহোঁতে থাকিবলগীয়া হলে দয়া কৰি কোঠা এটা পোৱাব ৷ তেওঁ কলে, আপুনি আহি থাকোঁতে বাটত যৰ পৰাই নেটৱৰ্ক পায়, তৰ পৰাই মোলৈ কল এটা কৰি দিব ৷ মই ৰূম ৰাখি দিম ৷ কম সময়লৈ পালোঁ যদিও ভাল লাগিল মানুহজনৰ সহযোগিতাকণ ৷ এই ফোন লাইনটোৱেহে সময়ত কি বিহু দেখুৱাই কব নোৱাৰোঁ ৷
পোহৰ ভালকৈ হোৱাই নাই ৷ ছায়ামূৰ্তিৰ দৰে দুই-চাৰিজনৰ আহ-যাহ দেখা গৈছে ৷ ফুটপাথত ভৰি দি ভাবিছোঁ, চব্‌জি মাৰ্কেটতে পুৰী দুটামান চোবাই লওঁগৈ নেকি, কালিৰ নিচিনাকৈ, গৰমে গৰমে ? কিন্তু ইমান সোনকালে আৰম্ভ হব জানো ? নাই নাই, সময় বেছি লাগি যাব পাৰে ৷ পুৰী নাখালেও চলি যাব ৷ লগত বিস্কুট আছে, পানী আছে, ড্ৰাই ফ্ৰুটছ আছে ৷ কিহৰ চিন্তা ? পুৰীৰ পাছত পৰি গাড়ী মিছ কৰিবলৈ নাই দেই ৷ একো নাখালেও পেটটো কিবা ভৰি থকা যেনেই অনুভৱ হৈছেচোন ! ছুম কাউণ্টাৰলৈকে পোনালোঁ চিধাই ৷ নিজৰ চিটটোত কেতিয়া বহিবলৈ পাওঁ, কেতিয়া বহিবলৈ পাওঁ লাগি আছে ৷
আগন্তুক যাত্ৰাটোক লৈ এক কথাত কবলৈ গলে প্ৰায় উন্মাদ হৈ আছোঁ ৷ খোজ পেলাই থাকোঁতে নিজকে নিজে সুধিছোঁ, সঁচাকৈ মই আনিনিলৈ গৈ আছোঁনে ? য়াহু ! সপোন পূৰ্ণ হোৱাৰ সম্ভাৱনাত দেহ-মন তেনেই হৈ পৰিছে ৰঞ্জিত ৰঞ্জিত ৷ প্ৰায় ৫ বছৰৰ পাছত এয়া, মায়ডিয়া অভিমুখে যাবলৈ ওলাইছোঁ ৷ ৰাস্তাছোৱা কেনেকুৱা হৈ আছেবা ? গিৰিপথটোৰে এইবাৰ পাৰ হৈ যাম ৷ কেনে ৰূপত পামগৈ বাৰু মায়ডিয়া শিখৰটো ? বৰফ পৰি থকা বুলি শুনিছোঁ ৷ কেনেকুৱা লাগিব বাৰু তুষাৰাবৃত পৰিৱেশটো ? ফটোতহে দেখিছিলোঁ ৷ এতিয়া নিজে পাম ৷ আচল অভিজ্ঞতা এইবাৰহে হব ৷ আৰু জাৰ ? একু-ৱেদাৰ ৰিপৰ্টে কৈছেই জাৰ কেনে হব ৷ জেকেটটোৱে কাম কৰিব নিশ্চয় ৷ কনফিডেন্স আছে ৷ এই জোতাযোৰহে ৷ আকৌ জোতা ! নাভাবোঁ আৰু যাঃ ৷
কাউণ্টাৰৰ সন্মুখ পালোঁহি ৷ খোলাই নাই ৷ ছুমখন ৰৈ থকাতো নায়েই, কোনো এটা নৰমনিচো নাই ৷ কি হল ? দুশ্চিন্তা এটাই খুন্দিয়ালেহি ৷ বৰফৰ বাবে মায়ডিয়াত ৰাস্তা ব্লক হল নেকি ? লেণ্ড শ্লাইড হল নেকি সেইফালে ? নে হাইৱেৰ কামৰ বাবে গাড়ী বন্ধ ? ৰাতিটোৰ ভিতৰত কিবা ঘটিল যদিও নাজানো ৷ ৰাকচেক আৰু স্কুলবেগ নমাই পায়চাৰি কৰি আছোঁ ৷
অলপ পাছতে এক যুৱতীৰ আগমন ৷ বেগ, কাৰ্টন থৈ নিৰ্বিকাৰ ভাবত ষ্টেপতে বহি মবাইল টিপাত লাগিল ৷ আনিনিলৈয়ে যায় নে কলৈ যাব নাজানো ৷ সোধাও নাই ৷ দূৰৰ পৰা আলেঙে আলেঙে মন কৰি আছোঁ ৷ লকেল মানুহ যেতিয়া সঠিক খবৰ জানিব নিশ্চয় ৷ সোধোঁ বুলি ভাবিলোঁ এবাৰ ৷নাই, নুসুধিলোঁ ৷ চাওঁচোন কৰ পানী কলৈ যায় ৷
৬ বজাৰ অলপ পাছতে কাউণ্টাৰৰ মহিলাগৰাকী আহিল ৷ শ্বাটাৰ দাং খালে ৷ যাত্ৰীবোৰো এজন দুজনকৈ গোট খাব ধৰিছে ৷ শাক-পাচলিৰ বস্তা, কাগজৰ কাৰ্টন, বেগ, অন্যান্য টোপোলা-টাপলি ইত্যাদিয়ে কাউণ্টাৰৰ সন্মুখভাগত দম বান্ধিলে ৷ ইমানবোৰ বস্তু ! চব উঠাব নেকি ছুমখনত ? চিন্তা এটা মনলৈ নহাকৈ নাথাকিল ৷
আজি গাড়ী নাই ৷ এখনহে মাত্ৰ যাব ৷ বৰফ আৰু ঠাণ্ডাৰ কাৰণে ছুমবোৰ আনিনিত বন্দী হৈ আছে ৷ উঠি আহিব পৰা নাই ৷ ৰাস্তা পিছল হৈ পৰিছে ৷ সেয়ে ৰয়িঙত ছুমই নাই ৷ আৰম্ভণিৰ বাক্যটো শুনি চক্‌ খায়ে উঠিছিলোঁ ৷ পাছত বুজি পালোঁ ৷ চিট পোৱা যাব নেকি বুলি মূৰামূৰি সময়ত ওলোৱা মানুহক উত্তৰ দিওঁতে শুনা পালোঁ এইদৰে কোৱা ৷ খুব ভাল কৰিলোঁ, আগতীয়াকৈ বুকিং কৰি ৷ চ তায়ুৱে বচালে ৷ নহলে চিট পোৱাই মস্কিল ৷ নিজকে খুব ভাগ্যৱান যেন লাগিল ৷ ৰাস্তা যেনেকুৱাই নহওক গাড়ীখন গলেই হল ৷
৬.৩০ত এ.আৰ.১৬ ৬৭১৫ নম্বৰৰ টাটা ছুম গল্ড এখন আহি পালে ৷ কাউণ্টাৰৰ সন্মুখত সাজি ৰখা চালিখনৰ তলত ৰাস্তাৰফালে মুখ কৰি সুমুৱাই দিয়া হল ৷ দৰজা-খিৰিকী বন্ধ ৰাখি চালক নামিল ৷ দেখিয়েই চিনি পালোঁ, কালিৰ ড্ৰাইভাৰজনেই ৷ একে সাজতেই আহিছে ৷ হাফ চাৰ্ট, ভৰিত চেণ্ডেল, কাণ ঢকাকৈ টুপী এটা ৷ চালকৰ সাজ হলগৈ সেয়া ৷ আৰু এইফালে আমাৰ যাত্ৰীসকল হলৌ জেকেট, বুট জোতা, শ্বল, টুপী, মাফলাৰেৰে টপতিয়াৰ ৷ নাকৰ দুটাৰ বাহিৰে আন কেনিও ফুটা নাই ! দেখি ভয়েই লাগিল মোৰ ৷ এনেকুৱাই হবগৈনে ঠাণ্ডাটো ?
শৰ্মা চুইটছ অলপমান আগতেই খুলিছিল ৷ বিভিন্নজনে কিবাকিবি খাইছে ৷ কোনোবাই পেকিং কৰাই লৈছে ৷ কি খাম কি নাখাম ভাবি শুকান ৰুটি দুখন খাই ললোঁ ৷ লগতে লালচাহ ৷ একাপত নহল ৷ দুকাপ পি ললোঁ ৷ অলপমান গপচ হৈ লোৱাটো ভাল ৷ বাটত চাহ-ভাত কত কি পাম নাজানো ৷ চই কৈছিল, ৰাস্তা মে এক বাৰ খানা মিলেগা বুলি ৷ তথাপি অভিজ্ঞতাৰ পৰা নিজেও গম পাওঁ যে অৰুণাচলৰ জংঘলী ৰাস্তাত বহুত দূৰত্ব অতিক্ৰম কৰাৰ পাছতহে কিবা এক জনপদ পোৱা যায় ৷ তাতো আকৌ মন গলেই খাবলৈ পোৱাত একো নাথাকিবও পাৰে, বা পচন্দৰ নহবও পাৰে ৷ সেয়ে সকলো সময়তে লগত খাদ্য-বস্তু ৰখাটো জৰুৰী ৷ বহুত কিবাকিবি নাই যদিও দুটা আপেল আৰু কেলছমৰ পেকেট কেইটামান আছে মোৰ বেগত ৷
হাইৱেটো অতিক্ৰম কৰি পোৱা দোকান এখনত সোমাই ডেইৰী মিল্কৰ পেকেট দুটা কিনিলোঁ ৷ পানীৰ বটল এটাও লৈ থলোঁ ৷ বাটত লাগিব ৷ আন মানুহবোৰেও ভাগে ভাগে চিপ্‌চ, কুৰকুৰি, পানী আৰু কিবাকিবি খোৱা-বস্তু লৈ সাজু ৷ প্ৰথমতে অহা যুৱতীজনীক দেখিলোঁ, খাদ্য পেকিং কৰাই লৈছে ৷ একাষলৈ গৈ কিবা টেবলেট এটাও খালে ৷ বমি প্ৰতিৰোধক টেবলেটেই হব চাগৈ ৷ কিছুমানে আকৌ গাড়ীৰ চকাটো চুই কপালত ফোঁট লোৱাও দেখোঁ ৷ মোৰ পিছে এইবোৰ কাৰবাৰ নাই ৷ এইবোৰ মানসিক বেমাৰহে ৷ যাত্ৰাৰ ভৰপূৰ আনন্দ লৈ গান গাই গাই, প্ৰকৃতি চাই চাই গৈ থাকিম ৷ বমিয়াবলৈ নাই ৷ তেনেস্থলত কিহৰ টেবলেটডাল লাগিছে ?
চালক আৰু এজন লোকে এফালৰ পৰা সুধি সুধি বয়-বস্তুবোৰ ছুমখনৰ ওপৰত লড কৰিব ধৰিলে ৷ মোৰ ৰাকচেকটো ওপৰত জাপি দিয়া হল ৷ বিপদসংকুল পথত দৈনন্দিন এনেদৰে ওপৰে-ভিতৰে হিচাপহীন ওজন লৈয়ে গাড়ীবোৰ আহ-যাহ কৰে ৷ উপায় নাই ৷ কোনোবাই আকৌ কুকুৰা এজনীও সুমুৱালেহি পাছফালেৰে, চিটৰ তলত ৷ আনিনিলৈ পঠাইছে ৷ সাৱধানবাণী শুনাই চালকক কৈছে, দেখ লেকিন, ৰাস্তা মে মাৰকে মত খানা ৷ পূজা কা মুৰ্গী হে ৷ দিগদাৰি হ যায়েগা তুমহাৰা ৷ পিটাই ত জৰুৰ গা ৷
মুঠতে পুৱাটোৰ এখন বিচিত্ৰ ছবি ৷ কেইজনমান যাত্ৰী অহাই নাই ৷ ইফালে কাউণ্টাৰৰ মহিলাগৰাকীৰ লাগিছে চিন্তা ৷ গাড়ী এৰাৰ সময় হৈ গৈছে ৷ নহলে সিফালে পাওঁতে পলম হব ৷ এনেয়েও আজিকালি কব নোৱাৰি কিমান ঘণ্টা লাগি যায় ৷ তেওঁ বকি আছে ৷ খৰধৰকৈ ওলালহি যেনিবা চিটৰ গৰাকী ৷ ব্স্তু-বাহানি ওপৰত দিয়া হল ৷ শেষ যাত্ৰীৰ লাগেজ জাপি হোৱাত তিৰপালেৰে ঢাকি দিলে ৷ এজনে খৰধৰকৈ লৈ আহিছে বেনাৰ এখন ৷ আনিনিৰ ৰেহ ফেষ্টিভেলৰ মেইন গেটৰ বেনাৰ ৷ নিবই লাগিব ৷ তাৰ পাছতো আকৌ দুটামান বস্তা আৰু বেগ লৈ ওলালহি জনৈক স্থানীয় লোক ৷ তেওঁ নাযায় ৷ মাল পঠাব ৷ ড্ৰাইভাৰ নাৰাজ ৷ কৈ আছে কিবাকিবি ৷ ইফালে নিনিলেও নহয় ৷ অগত্যা লাদি দিলে কাষতে ৷ ওজন আৰু বাঢ়ি গল ৷ আলেখ-লেখ চাই আছোঁ মনে মনে ৷
কাউণ্টাৰৰ মহিলাগৰাকীয়ে বহীখন লৈ গাড়ীৰ কাষ চাপি আহিল ৷ এফালৰ পৰা চিট নম্বৰ আৰু নাম মাতি গল ৷ যাত্ৰীসকলে শাৰী পাতিলে ৷ দৰজা খোলা হল ৷ প্ৰথমে শেষৰ চিটৰ চাৰিজন ১০, ৯, ৮, ৭ ৷ তাৰ পাছত মাজৰ চিটৰ চাৰিজন ৬, ৫, ৪, ৩ ৷ তাৰ পাছত ড্ৰাইভাৰৰ কাষৰ চিট নম্বৰ ১ৰ পেচেঞ্জাৰক বহুৱালে ৷ একেবাৰে শেষত মই ৷ চিট নম্বৰ ২ ৷ খিৰিকীৰ কিনাৰত হেঁপাহৰ আসন ৷ অকলশৰীয়া মানুহগৰাকীৰ মেনেজমেণ্টটো ভাল লাগিল ৷ চালক বহাৰ লগে লগে উচ্চস্বৰে তেওঁ চিঞৰি উঠিল, ষ্টাৰ্ষ্ট কৰ’, জলদি ৷ মনটো নাচি উঠিল মোৰ ৷ ৭.২০ত কাউণ্টাৰ এৰি আনিনিমুৱা হলোঁ ৷ (ক্ৰমশঃ)

No comments:

Post a Comment