সমুদ্ৰপৃষ্ঠৰ পৰা
ৰ’য়িঙৰ উচ্চতা ৩৯০ মিটাৰ ৷ ৰ’য়িঙৰ পৰা ৫৬ কিল’মিটাৰ পথ-দূৰত্বত, ২,৬৫৫ মিটাৰ অৱস্থানত
মায়’ডিয়া গিৰিপথ ৷ গিৰিপথছোৱাত হৈ থকা
তুষাৰপাতে ৰ’য়িঙৰ বতৰ
আৰু পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাইছে ৷ ঠাণ্ডা অৱশ্যে সহ্য কৰিব পৰা বিধৰ ৷ আকাশত বেলিটোৱে
সংগ্ৰাম কৰি আছে ডাৱৰ ফালিবলৈ ৷ সফল হ’ব পৰা নাই ৷ সম্ভাৱনা কম যেনহে লাগিছে মোৰ ৷ বৰষুণহে আহে নেকি ! মুখে মুখে এটাই কথা শুনা পাইছোঁ… ওপৰত এইকেইদিন অধিক মাত্ৰাত বৰফ
পৰিছে হেনো ৷
চাহ-পুৰী ক’ত পাওঁ ? তাৰে সন্ধানত চকু মাৰি
আছোঁ ৷ মিমুৰ মেনেজাৰ দেবেন সৰকাৰে ‘হাইৱে’টো পাৰ
হ’লেই হোটেল দেখা পাব’ বুলিছিল ৷ আহি দেখিলোঁ ভাত, পৰঠাৰ
হোটেলহেচোন বেছি ৷ মই বিচাৰিছোঁ পুৰী ৷ ফুটপাথতে ৰৈ কথা পাতি থকা অনা-অৰুণাচলী শ্ৰমিকদ্বয়ক
সুধিলোঁ, ‘পুৰী কাঁহা
মিলেগা ভাই ?’ ‘আপ চব্জি মাৰ্কেট কা অন্দৰ চলা
যায়িএ ৷ ৱাহাঁ গৰম গৰম মিল যায়েগা ৷’ তাৰে এজনে খুব উৎসাহেৰে কৈ উঠিল ৷ কোনফালেদি যাব লাগিব তাকো দেখুৱাই দিলে ৷
সাজ-পাৰলৈ চাই মোক বাহিৰৰ পৰা অহা মানুহ বুলি ধৰিব পাৰিছে যেন লাগিল ৷
অৰুণাচল প্ৰদেশৰ
ডিবাং ভেলী আৰু ল’ৱাৰ ডিবাং ভেলী জিলা দুখনৰ মাজত ৰ’য়িঙেই হৈছে মুখ্য ব্যৱসায়িক কেন্দ্ৰস্থল ৷ ইয়াত বজাৰ-সমাৰ, হোটেল, গে’ষ্ট হাউচ, চাৰ্কিট হাউচ, টুৰিষ্ট
লজ, ৰিজ’ৰ্ট, শিক্ষানুষ্ঠান, বেংক, হস্পিতাল,
হেলিপেড, ৰেডিঅ’ চেণ্টাৰ,
ব’টানিকেল গাৰ্ডেন, চিলড্ৰেন পাৰ্ক
ইত্যাদি আছে ৷ গুৱাহাটী, তিনিচুকীয়া, ইটানগৰ, পাচিঘাট, তেজু, আনিনি আদিলৈ বিভিন্ন ট্ৰেভেল
এজেন্সিৰ পৰা নিয়মিত গাড়ী চলে ৷ চাল্লি লে’ক, মেহাও বন্যপ্ৰাণী অভয়াৰণ্য, মেহাও লে’ক, মায়’ডিয়া মাউণ্টেইন
পাছ আদি চাবলগীয়া ৷
ৰ’য়িং ইদু মিছিমি বসতিপ্ৰধান এলেকা
৷ পৌৰাণিক কাহিনীৰ ৰুক্মিণী মিছিমি যুৱতী আছিল বুলি তেওঁলোকৰ বিশ্বাস ৷ ইদু মিছিমিৰ
বাদে আদি জনগোষ্ঠীয় লোকেও ইয়াত বাস কৰি আছে ৷ ইদুসকলৰ ৰেহ আৰু আদিসকলৰ চ’লুং প্ৰধান উৎসৱ ৷ ক্ৰমে ফেব্ৰুৱাৰী
আৰু ছেপ্টেম্বৰ মাহৰ পহিলা দিনটোৰ পৰা পালন কৰা হয় ৷ কেশসজ্জা, পৰম্পৰাগত সাজ, কাপোৰৰ
চানেকি আদিত স্থানীয় লোকসকলৰ চিনাকি সহজেই পোৱা যায় ৷
হাইৱে’টো পুনৰবাৰ অতিক্ৰম কৰি অকণমান আগুৱাই গ’লেই শাক-পাচলিৰ বজাৰখন ৷ বজাৰখন খুব পুৱাতে আৰম্ভ হোৱা যেন মোৰ ধাৰণা হ’ল ৷ তাৰ ভিতৰতে বিচাৰি উলিয়াবলৈ
সফল হ’লোঁ পুৰীৰ দোকান ৷ দোকান মানে
আচলতে ঠিক দোকান বুলিব নোৱাৰি ৷ ব্যৱস্থাটো অস্থায়ীহে ৷ পুৰণা টিনপাতৰ শাৰী শাৰী
দোকানঘৰবোৰৰ মাজৰ মুকলি ঠাই এটুকুৰাত তিৰপাল তৰি লগালগিকৈ দুঠাইত দুজনে পুৰী বেলি
আছে, ভাজি আছে, গ্ৰাহকক দিও আছে ৷ কাষতে বেঞ্চ দুখনমান ৷ ভিৰ তেনেকৈ নাই ৷ শান্তিৰে
বহি লৈ পুৰী-ভাজি, জেলেপি আৰু চাহ খালোঁ ৷ ভাল লাগিল ৷
৫খন পুৰী খাই দিয়াৰ
পাছত পেট এতিয়া ফিটফিটীয়া ৷ বজাৰখনত পাক এটা মাৰি ফুটপাথেৰে হোটেললৈ বুলি ঘূৰি আহি
আছোঁ ৷ পথৰ দাঁতিত গাড়ী এখনৰ পৰা মানুহ কিছুমান নামিছে ৷ টাটা ম’বাইল গাড়ী ৷ এজন এজনকৈ নামিয়েই
আছে, নামিয়েই আছে ৷ আও, ইমানজাক মানুহ নামিছেনে সেইখনৰ পৰা ? কৌতূহল আৰম্ভ হৈ গ’ল ৷ ওচৰ পালোঁহি ৷ দেখোঁ যে পুৰণা
ৱিলিজ জীপৰ হুদ লগোৱা ফ্ৰেম এটা টাটা ম’বাইলখনৰ পাছফালে বহুৱাই লৈছে ! ভিতৰত বহাৰ ব্যৱস্থা আছে ৷ দৰজা-খিৰিকীও আছে ৷ কি
অদ্ভুত কাৰুকাৰ্য ! থলুৱা চিন্তা-চৰ্চা আৰু প্ৰযুক্তিৰ নমুনা দেখি অকলে অকলে হাঁহিলোঁ
অলপমান ৷ পাহাৰত এনেকুৱা মডিফিকেচনবোৰৰ সহায়তে দৈনন্দিন চলি থকা হয় ৷
মিমু পালোঁহি
৷ বাৰাণ্ডাৰ চকী এখনত আৰামছে বহি লৈছোঁ ৷ উদ্দেশ্য চ’ক’ তায়ু ৷ ফোন মাৰিছোঁহে মাৰিছোঁ,
নাপাওঁ ৷ এছ.এম.এছ. এটাকে ততাতৈয়াকৈ লিখি এৰি দিলোঁ ৷ Good
morning Mr. Tayu. Hope you reached Anini well. I have reached Roing just now.
In hotel Mimu. I am anxious to know about my stay at Anini. Please confirm.
তাৰ পাছত চিন্তা কৰিছোঁ, কি কৰোঁ
? পুৰণা বন্ধুকে ফোন কৰা যাওক ৷ কিজানি কিবা লাভ হয়েই ৷ ধৰ্মেনৰ ফোনটো এবাৰতে বাজিল
৷ গম পালোঁ, খুপা এৰি সি বৰ্তমান হাৱাইত ৷ ‘আহি যাবি, মোৰ
কোৱাৰ্টাৰ আগতকৈ ডাঙৰ এতিয়া ৷’ মাতিলেই নহয় সি ৷ মই বোলোঁ
মই এতিয়া ৰ’য়িঙত ৷ আনিনিলৈ যাবলৈ আহিছোঁ ৷ ‘আনিনি যাবি
? হাইডেল পাৱাৰত মোৰ চিনাকি ইঞ্জিনিয়াৰ আছে ৷’ নাম দুটামান
গাই গ’ল ৷ অকণমান
আশাৰ ৰেঙণি দেখা পাই মই মোৰ স্থিতি আৰু সমস্যা সম্পৰ্কে জনালোঁ ৷ ‘আনিনিত থকা-মেলাৰ
কিবা ব্যৱস্থা হ’ব পাৰে নেকি অ’ ?’ ‘মই খবৰ ল’ম বাৰু’ বুলি সি ফোন
কাটিলে ৷ তাৰ পাছৰ পৰা না তাৰ ফোন আহে, না মোৰ ফোন যায় ! সংযোগহীনতাত বিচ্ছিন্ন
হৈ পৰিলোঁ দুয়ো বন্ধু ৷ চ’ক’ তায়ুতো আগৰে
পৰাই সংযোগবিহীন পৰ্যায়ত আছেই ! কি হ’ব এতিয়া ? সপোন পূৰ্ণ নহ’বগৈ নেকি ?
স্বাভাৱিকতে মনটো বৰ অস্থিৰ হৈ পৰিল ৷ ৰূমত সোমাই বিছনাত বাগৰি দিলোঁ ৷ (ক্ৰমশঃ)
No comments:
Post a Comment