৫.০ জ’ স্বপ্নে’ দেখতে’ হে’ ৱ’
পংগা লে’তে’ হে’
আমাৰ ঘৰৰ ওচৰৰ চাৰিআলিটোতে, দোকানৰ পকী বেৰত কাগজৰ প’ষ্টাৰ এখন লগোৱা আছিল ৷ চিনেমাখনৰ নামটো ঢাক খাই পৰিলেও ওপৰফালে দেখা দি আছিল এই শাৰীটোৱে… জ’ স্বপ্নে’ দেখতে’ হে’ ৱ’ পংগা লে’তে’ হে’ ৷ অৰ্থৱহ বাক্যটি আওৰাই খুব ভাল লগাত মনত ৰৈ গ’ল ৷
স্বপ্ন
ময়ো দেখিছিলোঁ ৷ আনিনিৰ ৷ পংগা লৈ ল’লোঁ ৷ মায়’ডিয়া
ব’নাচত পাই গ’লোঁ !
আনিনি নে পাচিঘাট ? পাচিঘাট নে আনিনি ? নে বেক টু
দা পেভিলিয়ন ? কালি বিয়লি পৰ্যন্ত হৃদয়ৰ কুঠৰীত এই প্ৰশ্নবোৰেইতো সীমাহীন অস্থিৰতা উদ্ৰেক
কৰি আছিল ৷ শেষ মুহূৰ্তত সুদূৰৰ পৰা এছ.এম.এছ.যোগে উৰি আহিল বহুপ্ৰত্যাশিত বাৰ্তাটো ৷ অনিশ্চয়তা
নিৰসন যোৱাৰ গইনা লৈয়ে বাকী চিন্তাবোৰ দূৰলৈ ঠেলি এইটো বাটেৰেই আহি গ’লোঁ ৷ আৰু আহিলোঁ বুলিহে এক
জীয়া বাস্তৱৰ সাক্ষী হ’ব পাৰিলোঁ আজি ৷ অন্যথা নিৰ্ঘাত
হেৰুৱালোঁহেঁতেন কিছুমান সুখ-স্মৃতি, কিছুমান কাহানিও নজহা-নপমা অনুভূতি ৷ ‘Life presents many
challenges where you have to decide which road you journey down.’ Janice Daviesৰ কথাষাৰৰ মৰ্ম
উপলব্ধিৰে ছুম’ত নিজৰ চিটত বহি প্ৰশান্তমনে এইখিনিকে ভাবিছোঁ
৷ ভাল লাগি আছে মনটো ৷ মায়’ডিয়াই তেনেই ভৰাই পেলালে ৷ স্বপ্নচাৰী নহৈ সপোনৰ পিছ খেদি থাকিবযে
পাৰিলোঁ, ঈশ্বৰক এতিয়া কি বুলি ধন্যবাদ জনাওঁ ?
ভাবনাত বাৰে বাৰে একেটা কথাই খেলি আছে
৷ অতি আনন্দদায়ক প্ৰাকৃতিক চিত্ৰৰূপবোৰ হঠাতে কেনেকৈযে আৱিষ্কাৰ কৰি পেলালোঁ !
বিশ্বাসেই নহয়চোন ৷ ইয়াকে বোলা হয় কিজানি, ঈশ্বৰপ্ৰদত্ত আপুৰুগীয়া কৃপা ৷ এই কৃপা
পাবলৈ সঁচাই ভাগ্য লাগিব ৷ সৰগীয় মাতৃগৰাকীৰ, কাইলৈৰ পৰা ইদু মিছিমিসকলে যাৰ
আৰাধনা কৰিব, তেখেতৰ কৃপাৰ কল্পেই মায়’ডিয়া টপলৈ উঠি আহিব পাৰিলোঁ নেকি ! ভাবিয়ে বুকুখন
সাতখন-আঠখনযেন হ’ল ৷ এতিয়া পিছে নমাৰ সময় ৷ উঠিব পাৰিলোঁ যেতিয়া নামিবও
পাৰিব লাগিব ৷ উঠা-নমাৰ সমষ্টিয়েইতো পৰ্বতাৰোহণ ৷ আজিৰ এই আৰোহণ-অৱৰোহণ যেনিবা
ৰ’য়িং-আনিনি
পেছেঞ্জাৰ টাটা ছুম’ৰ সন্মুখৰ আসনত বহি চলিছে ! পদচালনাৰে হোৱা হ’লে আমেজবোৰ আৰু কিবা বেলেগ মাত্ৰাৰ হ’লহেঁতেন নিশ্চয় ৷
এই গিৰিপথছোৱাৰ
বৰফাবৃত পৰিৱেশত অৱগাহন কৰি কোনোবা ভাবপ্ৰৱণ স্বভাৱ-কবি, গীতিকাৰে ‘মায়’ডিয়া’ শীৰ্ষক কবিতা, গীত এতিয়াও নৰচাকৈ
আছেজানো ? স্বপ্নময় পৰিৱেশটোক পটভূমিৰূপে লৈ কোনোবা পৈণত কথাশিল্পীয়ে গল্প-উপন্যাস
লিখিবলৈ আজিৰ তাৰিখতো বাকী থৈছেজানো ? সেয়া জানিবৰ, শুনিবৰ, পঢ়ি চাবৰ ইচ্ছা হয় ৷ ক’ত পাম সেইবোৰ য’ত থাকিব মায়’ডিয়াৰ নিভাঁজ প্ৰকাশ ? ‘অৰুণোদয়ৰ
বাট বিচাৰি উত্তৰ-পূবৰ অন্তিম পূবলৈ’ শিৰোনামৰ ভ্ৰমণ-বৃত্তান্তত
‘মায়’ডিয়া’
উপ-শিৰোনামেৰে দুটামান কথা নিজে উল্লেখ কৰি থৈছিলোঁ নেকিজানো, পাহৰিলোঁ ৷ মুহূৰ্ততে অহা নাই মনলৈ ৷ জীৱনজোৰা পৰ্যটনৰ বশৱৰ্তী হৈ তাৰ পাছতো আৰু
অৰুণাচলৰ কত দিশে কত পথে পিটপিটালোঁ, পৰিব্ৰাজকৰ দিনলিপি টুকি
থ’লোঁ ৷ স্মৃতিৰ গহ্বৰত গোপনে
কিন্তু এতিয়া খুঁচৰি আছোঁ কেৱল মায়’ডিয়া ৷ এই সন্ধিক্ষণত যেন মায়’ডিয়াৰ বাদে অন্য যিকোনো বিষয়-বস্তুৱেই
নিষ্প্ৰভ, অৰ্থহীন, অপাঠ্য ৷
সঁচাকৈ
অভিভূত কৰিলে মায়’ডিয়া শিখৰে ৷ এনেকুৱা অবিশ্বাস্য
ৰূপো থাকেনে প্ৰকৃতিৰ ! অতিকৈ মন্ত্ৰমুগ্ধ হ’লোঁ আজি ৷ ভবা নাছিলোঁ মায়’ডিয়া এনেকুৱা বুলি ৷ এতিয়াও পৰীৰ দেশত সোমাই থকা যেনেই লাগিছে
৷ ৰহস্যও যেন আৰু বাকী আছেই ! মায়’ডিয়াই আমদানি
কৰা অবৰ্ণনীয় সন্তুষ্টি, ভাব আৰু নব্য অনুসন্ধিৎসাৰ আলোকেৰে সমুজ্জ্বল হৈ এতিয়া আমি বাট
বুলিম আগলৈ ৷ ৰহস্যৰ দুৱাৰবোৰ খুলি গৈ থাকিব এখন এখনকৈ, আপোনা-আপুনি ৷ ৯ কিল’মিটাৰ আঁতৰত
৬৫ ৷
দুই মিনিট মাত্ৰ ৷ ঠিক দুই মিনিটো নহ’ব চাগৈ ৷ চকা পিছলিবলৈ আৰম্ভ কৰিলে ৷ আৰে, এয়া কি হ’ব ধৰিছে ! কিহে টানে ? ছুম’খনচোন
ঘনে ঘনে খাদৰ ফালে চোঁচৰিছে ! ড্ৰাইভাৰে ঘপাঘপ বাঁওহাতে ষ্টিয়েৰিং পকায় ৷ পাহাৰৰ
দাঁতিলৈ চপায় ৷ গাড়ীখন স্থিৰ হয় ৷ পুনৰ আগুৱাই নিয়াৰ প্ৰচেষ্টা চলে ৷ খুব লাহে লাহে ৷ বিৰাট সাৱধানে ৷ আকৌ একে কাণ্ড ৷ কিবা শূন্যত উপঙি থকা যেনহে লাগিছে ৷ হে’ই-ই-ই বুলি অদ্ভুত শব্দ কৰি চালকে ফটাফট কাটিছে বাওঁফাললৈ ৷ চলি আছে একেটা প্ৰক্ৰিয়া ৷ আঁজোৰা-আঁজুৰি ৷ জীৱনৰ প্ৰথম অভিজ্ঞতা ৷ শ্বাসৰুদ্ধকৰ অৱস্থা ৷ কি কৰা উচিত ? নাজানো ৷ দৰজাৰ লক্ আৰু হেণ্ডেলত হাত থৈ সাজু হৈ আছোঁ ৷ অত্যধিক কাষলৈ, বিপদজনক অৱস্থানলৈ গতি কৰা যেন পালেই বিদ্যুৎসঞ্চাৰে দৰজা খুলিম আৰু ৰাস্তালৈ জাঁপ দিম ৷ এনেকৈ ভাবি
সষ্টম ভংগীত সতৰ্ক দৃষ্টিৰে বহি আলেখ-লেখ চাই গৈ আছোঁ ৷ বাকীসকলৰো মুখমণ্ডলত
উৎকণ্ঠাৰ ছাপ স্পষ্ট ৷ মৃত্যুভয় নাই কাৰ ? বিপদজনক পৰিস্থিতিটোত এটা কথা কিন্তু বুজি উঠিলোঁ ৷ বৰফ যিমান আনন্দদায়ী
সিমান ভয়ংকৰো ! এঢলীয়া পালেই খাদলৈ টানে ৷ বাহন আৰু চালক কোনোটোৱেই দুৰ্বল হ’লে নহ’ব ৷
‘গাড়ী ৰুক’,
গাড়ী ৰুক’ ৷ হাম নে’হী যায়েগা তুমহাৰা গাড়ী ছে’
৷ পেইদেল চলে’গা ৷ তুম ধীৰে ধীৰে আতে’
ৰহ’ গাড়ী লে’কে’ ৷’ বাৰেপতি পিছল খাবলৈ ধৰাত বিপদৰ
গোন্ধ পাই হঠাতে আটাহ পাৰি উঠিল যুৱতী বাহিনীয়ে ৷ ড্ৰাইভাৰলৈ কাঢ়া নিৰ্দেশ গাড়ী
ৰখোৱাৰ ৷ পুৰুষ ব্ৰিগেডেও উজান দিলে ৷ ছুম’ জেগাত ৰৈ যাবলৈ বাধ্য ৷ ঘপাঘপ নামিল মাজৰ চাৰিজনী ৷ চিটত থোৱা
কিবাকিবি দুই-এপদ সামগ্ৰী হাতে হাতে ল’লে ৷ তাৰ পাছত আৰু এখন্তেকো ৰৈ নাথাকিল ৷ আগলৈ পদচালনা আৰম্ভ
কৰি দিলে ৷ ডেকাসকলৰো অনুৰূপ যো-জা ৷ মই দেখিলোঁ যে এই কথাই কথা নহয় ৷ ইহঁতবোৰ ল’কেল ৷ এইটো বাটে অহা-যোৱা কৰিয়ে থাকে ৷ অভিজ্ঞতা
আছে ৷ ৰাস্তাটোৰ জ্ঞান আছে ৷ বিপদসংকুলতা ক’ত-কিমান তাক জানে ৷ ঘটনা-দুৰ্ঘটনা সম্পৰ্কেও ভালকৈ অৱগত ৷ গম পায়, কেতিয়া কি কৰিব লাগে ৷ মইনো কিডাল জানো ? এতেকে ইহঁতক অনুসৰণ কৰাই বুদ্ধিমানৰ কাম হ’ব ৷ ভগৱানে নকৰক, কিবা অঘটন ঘটিব
লাগিলে, হিমবাহেৰে চোঁচৰি ছুম’ খাদত জাহ গ’লেও অন্ততঃ নিজৰ প্ৰাণটো বাচি যোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব ৷ ৰাক্ছেক পাছত পালেও পালোঁ, নাপালেও নাই ৷ জীৱন অমূল্য ধন ৷
ততাতৈয়াকৈ নামি দিলোঁ ময়ো ৷ কান্ধত স্কুলবেগটো ৷ ডিঙিত
কেমেৰা ৷ বৰফবোৰ দ’ম লাগি আছে এঢলীয়া ৰাস্তাটোৰ
কাষে কাষে ৷ মাজখণ্ড বৰফৰ গুড়িয়ে সিক্ত কৰি ৰাখিছে ৷ বৰফৰ বোকা খচি খচি যাব লাগিব
৷ সঁচা কথা ক’বলৈ গ’লে বৰফত
খোজ দিয়াৰ অভিজ্ঞতা মায়’ডিয়ালৈ
অহাৰ আগলৈকে মোৰ অকণোৱেই নাছিল ৷ সহযাত্ৰী যুৱতীকেইজনীলৈ চালোঁ ৷ দুপ্দুপাই
যাব ধৰিছে ৰাস্তাৰ একাষেৰে ৷ সিহঁতৰ ভৰিবোৰ লক্ষ্য কৰিছোঁ ৷ খচক খচক শব্দ ৷ খিল
খিল হাঁহিও ভাহি আহিছে ৷ মাজে মাজে ইচ্ছা কৰি বৰফত বেছিকৈয়ে সোমাই দিছে ৷ ৰৈ ৰৈ ম’বাইলেৰে ফটো তুলিছে ৷ আৰু কি ? মাজে
মাজেচোন চেঁকুৰিছেও ৷ অবিশ্বাস্য ! নিজৰ মাজতে যেন প্ৰতিযোগিতা, কোন আগ বাঢ়ি যাব পাৰে ৷ মই ডেকাসকলৰ
লগতে খোজ মিলাব ধৰিলোঁ ৷ কিমান পাবগৈ লাগিববা ? খোজ কাঢ়ি কাঢ়ি এই বগা ৰাজ্য শেষ কৰি
দিব লাগিব নেকি ? ভালেই পাম অৱশ্যে ৷ কেৱল সময়হে বহুত লাগি যাব ৷ সিফালে যথেষ্ট
দূৰত্ব অতিক্ৰম কৰিবলগীয়া আছে ৷ অনেক প্ৰশ্ন, অনেক উৎকণ্ঠা, ঢেৰ কিবাকিবিয়ে মন-মগজু
মুহূৰ্ততে আৱৰি পেলালে ৷
কেইখোজমান
দিছোঁ ৷ কোনফালেদি যোৱা উচিত ? মাজেৰে, কাষেৰে ? তাকে গুণা-গঁথা কৰি থাকোঁতেই গ’লোঁ পিছল খাই ৷ ভাগ্যে বেগটো আছিল
যেনিবা ৷ তাতে ভৰ দি থেপেৰকৈ পৰিলোঁ ৷ দুখ তেনেকৈ পোৱা নাই ৷ ভাৰসাম্য হেৰুৱাৰ আগলৈকে নিয়ন্ত্ৰণতে আছিলোঁ
৷ আগতীয়াকৈ গমো পাইছিলোঁ যে এই পৰিম ৷ কিয়জানো খোপনি হেৰুৱালোঁ ! মই অকস্মাতে বাগৰি পৰা দেখি বাকীকেইজনৰ মাজত
হাঁহিৰ ৰোল উঠিল ৷ কিন্তু কি হ’ব, মোক হাঁহিছিলহে, ২০ ছেকেণ্ডো নহ’ল, ডেকা দলৰ মাজৰ এজনেও হঠাতে পিছল খালে আৰু পৰি গ’ল বৰফৰ বোকাৰ ওপৰত ৷ এইবাৰ সেইজনক কেন্দ্ৰ কৰি হাঁহিৰ খলকনি ৷ তেওঁ
উঠিল৷ অলপ পাছত তেওঁলোকৰ মাজৰে অন্য এজন পৰিল ৷ সমস্বৰে আকৌ গিৰ্জনি ৷ মই বুজি
পালোঁ যে এনেকুৱা এঢলীয়াত খোজ পেলাওঁতে এই কাণ্ডটো ঘটেই ৷ সাৱধান হৈছোঁ যদিও আমাৰ
ভৰিত থকা জোতাবোৰ পৰিৱেশ-অনুকূল নহয় ৷ মোৰতো
জোতাযোৰৰ ওপৰত আগৰে পৰাই বিশ্বাস কম আছিলেই ৷ এতিয়া ফলাফল হাতে হাতে
পাইছোঁ ৷ কাপোৰলৈ চালোঁ ৷ তেনেকৈ লেতেৰা হোৱা নাই ৷ বেগটো অকণমান তিতিছে ৷ ্অসুবিধা নাই ৷
ৰাস্তাৰ উপৰিভাগটো এতিয়াহে মন কৰিছোঁ ৷ তেনেই আইনাৰ দৰে হৈ আছেচোন ! চক্চকীয়া একেবাৰে ৷ বুলড'জাৰে কাটি ৰখাৰ দৰে চিন কিছুমান দেখা পাইছোঁ ৷ আজি ৰাজ্যৰ মুখ্য মন্ত্ৰী, মুখ্য সচিব, মন্ত্ৰী-বিধায়কসকল এইফালেদিয়ে যোৱাৰ কাৰ্যসূচী আছে বুলি বোধ হয় ৰাস্তাত জমা হৈ থকা বৰফবোৰ পুৱাতেই আঁতৰাইছিল ৷ পঞ্জাৱ বডীৰ ট্ৰাক এখন ৰখাই থোৱা অৱস্থাত পালোঁ ৷ ওপৰত হিমকণাৰ স্তুপ ৷ কাষতে গাহৰি এটা দেখিহে আচৰিত লাগিল ৷ এই মৰ-ঠাণ্ডাত এইটোৱে কি বিচাৰি ওলাইছে ? মানুহৰে চলা-ফিৰা টান ৷ হাত ঠেৰেঙা লাগিছে ৷ নতুন অভিজ্ঞতা কিছুমান পুঞ্জীভূত হ’ল এনেকৈয়ে ৷ সামান্য অগা-পিছাকৈ কেউজনে খোজ দি আছোঁ ৷ এইবাৰ আগতকৈ আৰু সাৱধানে, খুপি খুপি ৷ টিপা ধৰি ধৰি ৷ বাকীসকলক পাছ পেলাই যোৱাৰ মতলব এটাও অজানিতে মনলৈ নহাকৈ থকা নাই ৷ যুৱতীকেইজনীক পাৰ হৈ আগত যাবগৈ পৰা হ'লে ! তাৰ পৰা ফটো তুলিব পাৰিলোঁহেঁতেন ৷ আনক দেখুৱাব পাৰিলোঁহেঁতেন, মায়'ডিয়াত মানুহবোৰে জপং জপংকৈ বৰফত খোজ দি চিত্তবিনোদন কেনেকৈ কৰে চাওক বুলি ৷
ৰাস্তাৰ উপৰিভাগটো এতিয়াহে মন কৰিছোঁ ৷ তেনেই আইনাৰ দৰে হৈ আছেচোন ! চক্চকীয়া একেবাৰে ৷ বুলড'জাৰে কাটি ৰখাৰ দৰে চিন কিছুমান দেখা পাইছোঁ ৷ আজি ৰাজ্যৰ মুখ্য মন্ত্ৰী, মুখ্য সচিব, মন্ত্ৰী-বিধায়কসকল এইফালেদিয়ে যোৱাৰ কাৰ্যসূচী আছে বুলি বোধ হয় ৰাস্তাত জমা হৈ থকা বৰফবোৰ পুৱাতেই আঁতৰাইছিল ৷ পঞ্জাৱ বডীৰ ট্ৰাক এখন ৰখাই থোৱা অৱস্থাত পালোঁ ৷ ওপৰত হিমকণাৰ স্তুপ ৷ কাষতে গাহৰি এটা দেখিহে আচৰিত লাগিল ৷ এই মৰ-ঠাণ্ডাত এইটোৱে কি বিচাৰি ওলাইছে ? মানুহৰে চলা-ফিৰা টান ৷ হাত ঠেৰেঙা লাগিছে ৷ নতুন অভিজ্ঞতা কিছুমান পুঞ্জীভূত হ’ল এনেকৈয়ে ৷ সামান্য অগা-পিছাকৈ কেউজনে খোজ দি আছোঁ ৷ এইবাৰ আগতকৈ আৰু সাৱধানে, খুপি খুপি ৷ টিপা ধৰি ধৰি ৷ বাকীসকলক পাছ পেলাই যোৱাৰ মতলব এটাও অজানিতে মনলৈ নহাকৈ থকা নাই ৷ যুৱতীকেইজনীক পাৰ হৈ আগত যাবগৈ পৰা হ'লে ! তাৰ পৰা ফটো তুলিব পাৰিলোঁহেঁতেন ৷ আনক দেখুৱাব পাৰিলোঁহেঁতেন, মায়'ডিয়াত মানুহবোৰে জপং জপংকৈ বৰফত খোজ দি চিত্তবিনোদন কেনেকৈ কৰে চাওক বুলি ৷
এই ভাবি
ইফালে-সিফালে চাই আনমনা হৈ আছিলোঁ ৷ অন্যমনস্ক বেছিকৈয়ে হ’লোঁ নেকি জানো, টলকিবই নোৱাৰিলোঁচোন
৷ চিত্ ভোলোঙা দি পৰিলোঁ এইবাৰ ৷ তপিনাত থেকেচা ৷ ভাল
থেকেচা খালোঁ এইচাট ৷ সংগীসকলে প্ৰথমে খুব হাঁহি ল’লে ৷ তাৰ পাছতহে সোধা-পোছা, ‘জোৰ ছে’ ছোট লাগা ক্যা ?’ উঠাত সহায় কৰি দিলে বাৰু ৷ পিছে মইহে বুজিছোঁ !
জোৰছেই
লাগিছে ৷ কেনেকৈনো কওঁ ? জোতাই উপৰ্যুপৰি ঠগাই দিলে ৷ অনিশ্চয়তাৰ গ্ৰাসত যেন আকৌ এবাৰ ! ভাবিবলৈ বাধ্য হ’লোঁ যে আৰু আগ বাঢ়িব পাৰিমনে নাই ? আনিনি পামগৈনে নাই মই ? নে ইয়াতেই যৱনিকা পৰিব সপােন-যাত্ৰাৰ ? মনটো সবল কৰি কাপোৰ-কানিবোৰ জাৰি-জোকাৰি
লৈছোঁ ৷ বেগটোৰ ওপৰতে পৰা হ’লে সিমান দুখ নাপালোঁহেঁতেন ৷ কিন্তু সিও একাষৰীয়া হৈ গ'ল ৷ উমান
লৈছোঁ ক’ত ক’ত দুখ পালোঁ ৷ বাঁওহাতৰ বুঢ়া
আঙুলিটোত বিষ অনুভৱ কৰিছোঁ ৷ সোঁহাতৰ বুঢ়াই আগতেই মনত লগাকৈ এচাট পাই থৈছে, চাইজাঙৰ জংঘলৰ
ভিতৰত, ডিলাই নদীৰ শিলত কোব খাই ৷ এতিয়া ইয়াত ইটো বুঢ়ায়ো পালে ভালকৈ ৷ ভগা নাই যেনিবা ৷ অগা-পিছা কৰি,
ঘূৰাই-পকাই, মোহাৰি, টানি মেৰামতি কৰিব ধৰিলোঁ ৷ দৰব-জাতি বুলিবলৈতো লগত একো নায়েই ৷ সেইবোৰ
ৰখাৰ অভ্যাস ক’ত ? অ’, সোঁ তপিনাটোচোন উখহি উঠিছে ৷
বিষাবও ধৰিছে ৷ এঠাইত ৰৈ লৈ কঁকালটো মোহাৰিলোঁ, ষ্ট্ৰেচিং এক্সচাৰ্চাইজ কৰি ঘূৰালোঁ কেইপাকমান ৷ ইফালে টানিলোঁ, সিফালে টানিলোঁ ৷ মাজে মাজে বুঢ়া আঙুলিকো টনা-টনি ৷
জ’ স্বপ্নে’ দেখতে’ হে’ ৱ’ পংগা লে’তে’ হে’ ৷ যি হ’ল হ’ল, এনেকৈয়ে পুনৰ খোজ দিব লাগিব ৷ নোৱাৰিলে নহ'ব ৷ পাৰিবই লাগিব ৷ খোজ স্বাভাৱিক হোৱা নাই যদিও গৈ আছোঁ ৷ এই জোতাযোৰ
কিয়যে নিৰ্বাচন কৰিলোঁ ! খোপনিয়ে ৰাখিব নোৱাৰিলে ৷ ভাগ্য ভাল যে খাৱৈৰ ফালে ছিটিকি নগ’লোঁ ৷ যোৱা হ’লে ইমানপৰে সৌ গহ্বৰত থিতাপি
ল’লোঁগৈহেঁতেন ৷ ছোৱালীহঁত কিন্তু ডেও দি দি বহুখিনি পাইছেগৈ ৷ গতিও খৰ সিহঁতৰ ৷ কেনেকৈনো যাব পাৰিছেজানো ! স্ন’বুটতো নাই পিন্ধা এজনীয়েও ৷ লুটি খাই পৰাও দেখা নাই ৷ দেখিছোঁ কেৱল স্ফূৰ্তি ৷
এটা সময়ত অকণমান সুস্থিৰতা আহিল ৷
ভাবি উলিয়ালোঁ যে এয়া অন্য একো নহয় ৷ মায়ডিয়াৰ মায়া ৷ মায়’ডিয়াই পাছফালৰ পৰা টানি ধৰিছে ৷ এৰিয়েই
দিব খোজা নাই মোক ! মায়’ডিয়াৰ প্ৰেমত পৰি যোৱা যেন লাগিছে নিজৰো ৷ ৰৈ ৰৈ চায়েই থাকিমযেন ৷ (ক্ৰমশঃ)
No comments:
Post a Comment