নাই, দেৰি কৰা উচিত নহয় ৷ ভাত খাই অহাই ভাল হ’ব ৷ ভবাৰ লগে লগেই বিছনাৰ পৰা একেজাঁপে উঠি ৰূমত তলা মাৰি দিলোঁ তাৰ পাছত চিধাই ৰাস্তাৰ সিপাৰৰ
হোটেল ৷ উগুল-থুগুল মন
৷ খোৱাত ৰুচি আহে ক’ৰ পৰা ? যি পাৰোঁ ভৰালোঁ ৷ পুৰীৰ আধিপত্যও কিছু কিছু নথকা নহয় ৷
চিন্তা কৰিছোঁ, কি কৰোঁ ? হাতত অফুৰন্ত
সময় ৷ কাম একোডাল নাই ৷ একো ভাল খবৰো নাই ৷ ধৰ্মেনক হঠাতে পাই ভৰসা অকণমান কৰিছিলোঁ
৷ সিও নিশ্চুপ হৈ থাকিল ৷ ফোন কানেকচন নাইকিয়া হ’ল ৷ চ’ক’ তায়ুৰতো মাৰাথন চাইলেন্স ৷ যোগাযোগৰ এনেকুৱা লুকা-ভাকু মেন্-চু-খাতো পাইছিলোঁ ৷ আনিনিৰ নিচিনাকৈ তাতো চাৰ্ভিচ প্ৰভাইদাৰ কেৱল বি.এছ.এন.এল. ৷ নে’টৱৰ্ক এই পায়, এই যায় ৷ কি অৱস্থা ! আমনি লাগে ৰিডায়েল কৰি কৰি ৷ গেবু চোনাক বিচাৰোঁতে যি এবাৰেই পাইছিলোঁ, তাকো ঘৰ এৰাৰ আগতেই ৷ ৪ দিনৰ পাছত জি.টি.এল. হ’মষ্টে’ত নাটকীয়ভাৱে মুখামুখি হোৱাৰ আগলৈকে কনটেক্ট নাপালোঁ যি নাপালোঁৱেই আৰু ৷ ওখ ওখ পৰ্বতবোৰে ছিগনেলত বিধি-পথালি দিয়ে বুলি সিহঁতৰ ধাৰণা ৷
মেন্-চু-খাৰ পৰা ২৯ কিল’মিটাৰ আঁতৰৰ, চীন সীমান্তৱৰ্তী য়াৰলুং প’ষ্টত আকৌ দেখিছিলোঁ অন্য এক দৃশ্য ৷ প্ৰৱেশদ্বাৰৰ সমীপতে ওখ
স্থান এটাত বিভিন্ন জাতৰ এগালমান ম’বাইল হেণ্ডছেট ৷ মাটিতে থৈ স্পীকাৰ অন্ কৰি কেইবাজনো জোৱানে কথা পাতি আছে ৷ সেইটো এনে
এক বিশেষ জেগা য’ত নে’টৱৰ্ক পোৱা যায় ৷ জোৱানসকলে জানে আৰু তেনেকৈয়ে পা-পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰে ৷ অস্বস্তিজনক বেমাৰটো হ’ল, ফোনটো কেনেবাকৈ লৰচৰ হ’লেই নে’টৱৰ্ক অন্তৰ্ধান ! গৃহভূমিৰ পৰা শতযোজন দূৰত আমাৰ দেশৰ একাংশ সীমাৰখীয়াই
অপৰিমেয় প্ৰতিকূলতাৰ মাজতো তেনেকৈয়ে কাৰ্যনিৰ্বাহ কৰি মাতৃভূমিৰ প্ৰতি সেৱা আগ
বঢ়াই আহিছে ৷
পাল কাউণ্টাৰটো ক’ত আছে ? তাৰে
সন্ধান উলিয়াই থোৱা যাওক ৷ লাগিলে বুকিং কেনচেল কৰি দিম ৷
আক-তাক সুধি সুধি আৱিষ্কাৰ কৰিলোঁগৈ ৷ শ্বাটাৰ ডাউন ৷ খোলাৰ সময় হোৱাই নাই তাৰ মানে ! প্ৰশ্ন কৰাত সন্মুখৰ দোকানীজনে উত্তৰ দিলে, ‘খুলিব, খুলিব ৷ ৰাতিপুৱা গাড়ীবোৰ পঠাই দি আজৰি হোৱাৰ পাছত দিনটোলৈ কাম নাথাকে ৷ সিফালৰ পৰা ছুম’বোৰ গধূলিহে পাবহি ৷ গতিকে দেৰি কৰে ৷’ মানুহজন বেংগলী যদিও মোক অসমীয়াতে বুজালে ৷

তেওঁক এৰি আমন-জিমনকৈ লাহে লাহে খোজ পেলাই আগুৱাই
গৈ আছোঁ ৷ কিনো আছে চাওঁ বুলি ৷ বিশেষ উদ্দেশ্য একো নাই ৷ আনিনি পামগৈনে নাই তাৰে একো নিশ্চয়তা নাইকিয়া হৈ আহিছে ৷
মাইকত ভাহিছে অনৰ্গল মন্ত্ৰোচ্চাৰণৰ আৱাজ ৷ অকণমান আগলৈ সৰস্বতী পূজাৰ পেণ্ডেল এটা ৷ গ’লোঁগৈ সেইফালে ৷ ধুনীয়াকৈ সজোৱা দেৱী প্ৰতিমাখনিলৈ দূৰৰ পৰাই চাই আছোঁ ৷ এই মুখাবয়ৱ, এই সাজোন-কাচোন, সকলোতে কেনেকৈ একেই হয় বাৰু !
ভূতৰ ওপৰত দানহ পৰাদি তেনেকুৱাতে আৰম্ভ হ’ল চিপচিপীয়া বৰষুণ ৷ বৰফৰ বৰষুণ ? মেন্-চু-খাতো এনেকুৱা বৰষুণ পাইছিলোঁ ৷ তেতিয়া গেবু চোনাই বুজাই দিছিল, ‘বৰফৰ বৰষুণ’ বুলি ৷ ইয়াতো এয়া বৰফৰ বৰষুণেই নহয়তো ? মায়’ডিয়াত চলি থকা হিমপাতৰ প্ৰভাৱ যেনেই লাগিছে ৷ বৰষুণজাকে ঠাণ্ডা বঢ়াইছে ৷ পিন্ধি থকা ৱিণ্ড শ্বিটাৰটোত পৰা অকণি অকণি টোপালবোৰ ৰৈ ৰৈ মোহাৰি লৈছোঁ ৷ তেনেকৈয়ে ওভতনি খোজো দি আছোঁ ৷ সুবিধাজনক স্থানত, দোকানৰ চালিৰ তলত মাজে মাজে নিজকে আবদ্ধ কৰিছোঁ ৷

প্ৰায় নতুন যদিও
মোৰ জোতাযোৰ চ’ক’ তায়ুৱে সিদিনা কোৱা বিধৰ মুঠেই
নহয় ৷ কনফিডেন্স দিব পৰা নাই নিজকো
৷ ইয়াকে লৈ মানসিকভাৱে অসন্তুষ্ট হৈ নথকা নহওঁ ৷ ৰ’য়িঙত জোতাৰ দোকান ভালেকেইখন দেখা পাইছোঁ ৷ বেলেগ এযোৰকে চোৱা যাওক নহ’লে ৷ সময়ো কাটিব, বৰষুণত তিতাৰ পৰাও ৰক্ষা
পৰিম ৷ বচ, অনুসন্ধান আৰম্ভ ৷ এমূৰৰ পৰা এখন এখনকৈ দোকানবোৰত সোমালোঁ, ওলালোঁ
৷ পচন্দৰ জোতা নাই পোৱা ৷ এজন বিক্ৰেতাই এযোৰ উলিয়াই দিছিল যদিও চাইজ নিমিলে, সৰু
৷ দ্বিতীয় এযোৰ বুলিবলৈ তেওঁৰ তাত আৰু নায়েই ৷ বাদ দিলোঁ জোতাৰ চিন্তা ৷ যি হয় হ’ব ৷ এইযোৰেই
তৰিলে তৰিব ৷
চিন্তা-চেতনাত এতিয়া কেৱল এটাই নাম, চ’ক’ তায়ু ৷ ফোন কৰি চালোঁ ৷ নাই নাবাজে ৷ আনিনি নিমাত হৈ গ’ল !
চিন্তা-চেতনাত এতিয়া কেৱল এটাই নাম, চ’ক’ তায়ু ৷ ফোন কৰি চালোঁ ৷ নাই নাবাজে ৷ আনিনি নিমাত হৈ গ’ল !
সমাধান নোহোৱা
বিষয় এটা বুকুত সামৰি ঘূৰি আছোঁ ৰ’য়িঙৰ ৰাজপথত ৷
শেষ কি হ’ব নাজানো ৷ বিবেকে প্ৰশ্ন উত্থাপন কৰিছে… কি কৰিম ? একো ঠিক নোহোৱাকৈ আগ
বাঢ়িমনে আনিনিলৈ ? নে লক্ষ্য সলনি কৰিম ? এবাৰ ভাবিছোঁ, মায়’ডিয়া পৰ্যন্ত ৫৬ কিল’মিটাৰ যাওঁ ৷ বৰফ চাই উভতি আহিম ৷ পিছপাকতে ভাবিছোঁ, নাই নহয় ৷ ১০০ কিল’মিটাৰ আঁতৰৰ পাচিঘাটলৈ
যোৱাহে ঠিক হ’ব, যদিও আগতে দুবাৰ গৈছোঁ, অৱশ্যে এইফালৰ পৰা নহয় ৷ ট্ৰেন্স অৰুণাচল হাইৱে’ৰ অংশস্বৰূপ NH13ৰে এইফালৰ পৰা গ’লে ডিবাংখন দেখিম, ডিবাং আৰু চিচিৰিৰ সংযুক্ত দলংখন চাম, ডামবুক পাম ৷ পাচিঘাটত এৰাতি কটাই জোনাই, ডিব্ৰুগড় হৈ ৰে’লত উঠি চিধা ডিফু ৷ নতুবা, যদি সম্ভৱ হয়, পুৱা যোৱাবাটেই গধূলি উভতি আহিম ৷ চপাখোৱাত শ্বাহনাজৰ তাত থাকি দিম ৷ পৰহি ৰাওনা ডিফুলৈ ৷ হয়, এইটো কৰাই ভাল হ’ব ৷
মুঠতে দোধোৰ-মোধাৰ
অৱস্থা এটা ৷ মানসিক অস্থিৰতাত পৰি সপোন সলনি হোৱাৰ উপক্ৰম ঘটিছে ৷ মগজুৰ ভিতৰত অনেক হিচাপ-কিতাপ, যোগ-বিয়োগ চলিছে ৷ আনিনিতো অনিশ্চয়তাৰ অতল গহ্বৰত সোমাল ৷ মায়’ডিয়ালৈ নাযাওঁ, যিহেতু আগতে গৈছোঁৱেই ৷ তদুপৰি, জেকেট ঠিক আছে যদিও জোতাৰ ফিটনেচ নাই বৰফত জঁপিয়াজঁপি খেলিবলৈ ৷ হেনজানি শেষ বিচাৰত ৰ’য়িং-পাচিঘাট যাত্ৰাটোৱেই
নিৰ্বাচনত জয়ী হ’ল ৷ মেকা, বমজিৰ, ডামবুক হৈ পথটো উন্নতো হৈছে ৷ ভ্ৰমি ভাল লাগে
বুলি শুনিছোঁ ৷ তাতে সেইটো মোৰ এটা তালিকাভুক্ত যাত্ৰাপথ, যিটো আজিও বাকী ৰৈছে
৷ সমৰ্থনকাৰী যুক্তি অনেক ৷ এতেকে সিদ্ধান্তও চূড়ান্ত ৷ ব্ৰহ্মপুত্ৰ পৰিক্ৰমাৰ অংশ এটাকে সাকাৰ কৰি পেলাম কাইলৈ ৷ আনিনি তল পৰিল ৷
হোটেল মিমুৰ কাউণ্টাৰত
ৰৈ সুধিলোঁ ৷ মেনেজাৰজনে ক’লে… ‘আৰামছে পুৱা গৈ গধূলি ঘূৰি আহিব
পাৰিব আপুনি ৷ সৌৱা, মুখৰ আগতে বাছষ্টেণ্ড ৷ তাৰ পৰাই পাচিঘাটলৈ বাছ চলে ৷ বেলেগ গাড়ীও পাব ৷’ বাছৰ টাইম-টেবুলো কৈ দিলে মেনেজাৰ
সৰকাৰে ৷ অনামী উত্তেজনা এটাই তৎক্ষণাৎ লগ ল’লেই ৷ পাহৰি গ’লোঁ আনিনি ৷ ঘপাঘপ তললৈ নামি চাই আহিলোঁগৈ বাছৰ আড্ডাটো ৷ দীঘলীয়া ঘৰ এটা আছে যদিও পৰিৱেশটোত
এতিয়া প্ৰাণ নাই ৷ ওচৰতে যেতিয়া সমস্যা নহ’ব ৷ তাৰ পৰাই পুৱা অৰুণাচল ট্ৰেন্সপ’ৰ্ট, এ.পি.এছ.টি.এছ.ৰ প্ৰথম বাছখনেই ধৰিম ৷ পাচিঘাটৰ হোটেল
সম্পৰ্কেও গম লৈ থ’লোঁ সৰকাৰৰ পৰা ৷ থাকিবৰ মন গ’লে থাকি দিম ৷ ৰাণাঘাটলৈ গৈ চিয়াংখন চাই আহিম আকৌ এবাৰ ৷ আনহাতে, ৰঙিয়া-মুৰ্কংচেলেক ব্ৰডগজ ৰে’লপথটোৰ সম্প্ৰসাৰণৰ প্ৰস্তাৱ ২০১০ চনত তদানীন্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙৰ দিনতে লৈ থোৱা আছিল ৷ ৰে’ল লাইনটো পাচিঘাট, ৰ’য়িং, পৰশুৰাম কুণ্ড হৈ অসমৰ ৰূপাই চুবগৈ বুলি পঢ়িবলৈ পাইছিলোঁ ৷ উত্তৰ-পূব সীমান্ত ৰে’লৱেই বৃহৎ প্ৰকল্পটোৰ জৰীপ কাৰ্যও সমাপন কৰিছিল হেনো ৷ তাৰ কিবা আভাস দেখোঁ নেকি তাকো মন কৰিম ৷
সময় পাৰ হোৱাৰ লগে লগে বিকল্প সম্ভাৱনাটো সুপ্ত অৱস্থাৰ পৰা ক্ৰমাৎ জাগ্ৰত হৈ উঠিব ধৰিলে ৷ বিপৰীতে, অশেষ চেষ্টা চলায়ো সংযোগ নাপালোঁ চ’ক’ তায়ুৰ ৷ হেৰাই থাকিল মানুহটো ৷ অথনি পঠোৱা এছ.এম.এছ.ৰ এতিয়ালৈকে কোনো জবাব নাই ৷ খেলিমেলি মোৰ মন ৷ আকৌ ৰূমত সোমালোঁহি ৷ আকৌ ল’লোঁ বিছনা ৷ (ক্ৰমশঃ)
No comments:
Post a Comment