৫.৯ ইটালিনত এখন্তেক
‘আনিনিমে’ ছাৰ আপ কাঁহাঁ ৰহেংগে’ ? জান-পেহচানকা ক’ই হে’ ? কাষত বহা ইদু মিছিমি যুৱতীগৰাকীয়ে
হঠাতে প্ৰশ্ন কৰিলে মোক ৷
‘ক’ই নে’হী হে’ ৷ লেকিন হাঁ, এ’ক এড্ৰেছ হে’ মে’ৰা পাছ ৷’
নোটবুকখন
মেলি পৃষ্ঠাটো উলিয়াই দেখুৱালোঁ ৷ চ’ক’ তায়ুৰ এছ.এম.এছ. বাৰ্তাটো ম’বাইলৰ স্ক্ৰীণত চাই চাই কেপিটেল লেটাৰত কালিয়েই লিখি থৈছিলোঁ
৷ এতিয়া কামত আহিল ৷ চিনি পালেতো ভালেই ৷
নোটবুকখন
হাতলৈ নি তাই মনোযোগেৰে চালে ৷ তাৰ পাছত নঞৰ্থক ভংগীমাৰে মূৰ জোকাৰিলে ৷ নাই নাজানে
৷
‘চ’ক’ তায়ুক’ জানতে’হে’ আপ ?’
‘ওঁহুঁ ৷’ চিন্তিত ভাবত অলপ সময় থাকি আকৌ
মূৰ জোকাৰিলে, নঞৰ্থক ভংগীত ৷
‘আপ মতলব ইছছে পেহলে’ভি আনিনি আয়া হ’গা ৷’ ঘূৰাই সুধিলে মোক ৷
‘নে’হী আয়া ৷ দিছ ইজ মাই ফাৰ্ষ্ট
টাইম ৷’
‘ছোটা জগহ ৷ এ’ক চক্কৰ মাৰনেছে খতম ৷’
আনিনি
সৰু ঠাই ৷ সেইবাবে যেন তাইৰ মনত সীমাহীন দুঃখবোধ ৷ নগৰ-মহানগৰৰ পৰ্যায়ৰ হোৱা হ’লেহে যেন গৌৰৱৰ কথা আছিল ৷ সেয়ে নোহোৱা কাৰণে নীচাত্মিকা ভাব ৷ নক’লোঁ যে হেমগেম নোহোৱা এনেকুৱা
ছোটা জগহহে মোৰ পছন্দৰ ৷ চিটিত ভ্ৰমিবলৈহে বেয়া পাওঁ ৷ নক’লোঁ যে, আৰে' আপল'গ'কা অৰুণাচল প্ৰদেশ ত'…
কেঁকুৰি এটা ঘূৰি ছুম’খন ওপৰৰ ৰাস্তাৰে
যাব ধৰিলে ৷ আনেলিলৈ বাঁওহাতে নামি যাব লাগে ৷ সমুদ্ৰপৃষ্ঠৰ পৰা আনেলিৰ উচ্চতা ১,০০৬ মিটাৰ ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি আনেলি হেড-কোৱাৰ্টাৰৰ জনসংখ্যা
২২৫ ৷ আনেলিৰ নামনি অঞ্চলতে ডিবাঙৰ সোঁপাৰে পৰিছে আহি নামৰ উপনৈখন ৷ ৩,৫০০ মিটাৰ উচ্চতাত
উৎপত্তি হোৱা উপনৈখনে ৬০ কিল’মিটাৰ দীঘল প্ৰৱাহ পথটোত সোঁৱে-বাঁৱে অনেক খৰস্ৰোতা জান-জুৰিক সাঁচি-সামৰি
নমাই আনিছে ৷ ডিবাঙৰ সৈতে মিলন ঘটাৰ আগলৈকে ইয়াৰ অৱবাহিকাৰ বিস্তৃতি ৬৪০ বৰ্গ কিল’মিটাৰ ৷ উপনৈখনত ১৫০ মেগাৱাট
শক্তিসম্পন্ন ইলাংগ’ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ
চিন্তা-চৰ্চা চলিছিল, যদিওবা অনুমোদন এতিয়ালৈ দিয়া হোৱা নাই ৷
আনেলি
চাৰ্কোললৈ যাওঁতে বাটত পোৱা দৰ্শনীয় ষ্টিল ব্ৰীজ এখন ঘৰত কম্পিউটাৰত খুঁচৰোঁতে ফটোত দেখিছিলোঁ
৷ হেঙিং ব্ৰীজ এখনো দেখিছিলোঁ ৷ হেঙিং
ব্ৰীজ বুলিলেই বেলেগ ধৰণৰ আনন্দ, উন্মাদনা, শিহৰণ একোটা মনলৈ আহি যায় ৷ ধেনুভিৰীয়া
ওলমা সেতু হৈছে অৰুণাচলৰ বিশেষ বৈশিষ্ট্য ৷ নৈ এখনৰ ওপৰেদি থলুৱা সমল আৰু আৰ্হিত
সজা পৰম্পৰাগত সাঁকো একোখনে জন-জীৱনৰ সাহস আৰু শক্তিক প্ৰতিনিধিত্ব কৰে ৷
ইপাৰ-সিপাৰ সম্ভৱ কৰাৰ লগতে অনুপম সৌন্দৰ্য এটাৰো সঞ্চাৰ কৰে ৷ কেইবাঠাইতো
দেখিছোঁ, বহুকেইখন পাৰাপাৰো হৈছোঁ ৷ তাৰ ভিতৰত দুৰ্গম আৰু ভীষণ কষ্টকৰ তাকচিঙৰ
ট্ৰেকত প্ৰচণ্ড খৰস্ৰোতা সোৱণশিৰিৰ ওপৰৰকেইখন যেনিবা মৰণফান্দৰ নামান্তৰহে ! লোহিতৰ
ওপৰেদি ডঙলৈ যোৱাখন অৱশ্যে যথেষ্ট উন্নত ৷ আনহাতে ৰাজ্যখনৰ আন আন দিশৰ নিচিনাকৈ এইফালে ডিবাঙৰ
ইপাৰ-সিপাৰকৈ থকা ওলমা দলং এখনো এই পৰ্যন্ত চকুতেই পৰা নাই ৷ অথচ পুৱা নৈখনক লগ পোৱাৰে
পৰা পাৰে পাৰেই আহি আছোঁ ৷ দৃষ্টিৰ অগোচৰে ক’ৰবাত থাকি আহিল যদি নাজানো ৷
এংগ’লিনত এম্ৰা উপনৈখনো ডিবাঙৰ
সোঁপাৰেই বিলীন হৈছে ৷ পৰ্বতমালাৰ ৪,০০০ মিটাৰ উচ্চতাত উৎপত্তি লভা নৈখন ৯৩ কিল’মিটাৰ বৈ আহিছে ৷ অৱবাহিকা ১,৫০০
বৰ্গ কিল’মিটাৰজোৰা ৷ অসংখ্য শাখা-প্ৰশাখাক
বুকুত সুমুৱাই ডিবাঙত মিলিছে ৷ নৈখনত ২৭৫ মেগাৱাট আৰু ৩৯০ মেগাৱাট ক্ষমতাসম্পন্ন দুটাকৈ
জলবিদ্যুৎ প্ৰকল্পৰ প্ৰস্তাৱ আছে ৷ এম্ৰা-১ আৰু এম্ৰা-২ ৷
এম্ৰা
উপত্যকা চীনৰ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ অন্তৰ্ৱৰ্তী মেদগৰ কাষৰীয়া ৷ ৰে’ড ড্ৰেগন অৰ্থাৎ পিপুলচ লিবাৰেচন আৰ্মীৰ সদস্যই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ উক্ত এলেকাৰে অৰুণাচল প্ৰদেশৰ এম্ৰা ভেলীত শিৱিৰ পাতি ডিবাং ভেলীৰে ভাৰতভূমিত প্ৰৱেশ কৰাৰ বিষয়ে বাতৰিত পাইছিলোঁ ৷ শীতকালত
হিমবাহ আৰু বৰফে দেৱাল বান্ধি ৰখাৰ বাবে চাইনিজ পি.এল.এ.ৰ কাৰ্যকলাপ বা গতিবিধি জনাটো সম্ভৱ
নহয় ৷ মেদগৰ অৱস্থান অৰুণাচলৰ আপাৰ চিয়াং জিলাৰ চিয়াং নদীৰ পাৰৰ টুটিং আৰু
বিশ্বিঙৰ কিছু আঁতৰত, ভাৰত-চীন সীমাত ৷ এম্ৰা ভেলীলৈ ইটালিনৰ পৰা ট্ৰেকিং কৰিলে প্ৰায় ডেৰ দিন লাগে
বুলি শুনিছিলোঁ ৷ ব্ৰিটিছৰ দিনত এম্ৰা নদীৰ উপত্যকাত হেনো স্থানীয় লোকৰ বহুকেইখন গাঁও আছিল
৷ যাতায়াতৰ অসুবিধা আৰু আধুনিকতাৰ প্ৰতি আকৰ্ষণে গাঁওবোৰ নিশ্চিহ্ন কৰিলে ৷ অধিবাসীসকল
প্ৰব্ৰজিত হ'ল আনিনি, ৰ’য়িং, ইটালিনলৈ ৷
ইটালিন
চাৰ্কোলত ৩৭খন গাঁও আছে ৷ পুৰণা ইটালিনক নিউ ইমালি বুলি জনা যায় ৷ ইটালিন চমু চাপি
আহিছে ৷ ইটালিনৰ সমীপতে ড্ৰি আৰু তাল’ একেলগ হৈছে ৷ আগুৱাই থাকোঁতে ৰাস্তাৰ পৰাই সংগমস্থল
চকুত পৰিল ৷ জলধাৰাটোৱে এইখিনিতেই নাম লৈছে ডিবাং ৷ প্ৰায় পোনে পোনে থকাখন ড্ৰি
৷ সোঁহাতৰ পৰা অহাখন তাল’
৷ ইদু মিছিমিসকলে
ডিবাঙক তাল’ বোলে ৷ দেওপানীক ইঝে, চিচিৰিক
ইহি বোলে ৷ সেই অৰ্থত ডিবাং সোঁফালৰখন ৷ সংগমথলীৰ দৃশ্য খুব সুন্দৰ ৷ এনে দৃশ্য দেখা
গৈ থকা ৰাস্তাৰ কাষৰ এই ঠাইখিনিতে এটা সুদৃশ্য ৱাচ্ছ টাৱাৰ সাজি ৰাখিব লাগিছিল ৷ পৰ্যটকে
ৰৈ ৰৈ চালেহেঁতেন ৷ তাৎক্ষণিক প্ৰতিক্ৰিয়া স্বৰূপে কথাটো এনেকৈয়ে মনলৈ আহিল ৷
তাল’ৰ পাৰে পাৰে আগ বাঢ়ি আহি ৩.৪০ত ইটালিনত উপস্থিত হ’লোঁ ৷ দোকান
এখনৰ সন্মুখত ছুম’খন ৰ’ল ৷ যাত্ৰী নামিবলগীয়া আছে ৷ সুযোগ পায়ে কেমেৰাটো লৈ ময়ো নামি
দিলোঁ ৷ তপিনাৰ বিষটো একেই আছে ৷ কঁকালটো সাৱধানে ঘূৰালোঁ কেইপাকমান ৷ উঠা-বহাও কৰিলোঁ ৷ বতৰ বৰষুণীয়া
৷ ডাৱৰে ঢাকি ধৰা আকাশখনত কেনিবা অকণমান নীলা ওলাই থকা দেখা পাইছোঁ ৷ ছাল-চামৰা নোহোৱা
ৰাস্তাটোৰ অ’ত-ত’ত পানীৰ ডোঙা ৷ ঠাণ্ডাও বেছ আছে ৷ তাল’ৰ পাৰত ৰৈ একান্তমনে
দৃশ্য চালোঁ আৰু ফটো তোলাত লাগি গ’লোঁ ৷ আগত
লোৰ দলং এখন দেখিছোঁ ৷ সিপাৰে ৰাস্তা এটা ৷ আমাৰ ৰাস্তাটো কেনি হ’ব ? পোনে পোনে
নে সিপাৰেদি ? নাজানো ৷ কৌতূহলী হৈ আছোঁ ৷
যাত্ৰীসকলৰ প্ৰায়বোৰেই নামি হাত-ভৰি পোনাইছে ৷ দোকানখনত তিনিজনী
কিশোৰী বহি আছিল ৷ ইটালিনৰ সম্পৰ্কে ইটো-সিটো সোধাৰ লগতে তেওঁলোকৰ পঢ়া-শুনা,
স্কুল, ঘৰ সম্পৰ্কে কথা পাতিছোঁ ৷ ক্লাছ এইটত পঢ়ে ৷ নাম সোধাত নামো ক’লে ৷ মনতহে
নাথাকিল ৷ সৰু যদিও বহুত বস্তুৱে আছে দোকানখনত ৷ বৰষুণৰ বতৰত এনেকুৱা গুমটিত বহাৰ
বেলেগ এটা মজা আছে ৷ শৈশৱৰ মুহূৰ্ত কিছুমানলৈ মনটো উৰি গ'ল ৷ ‘আংকল ফটো খিচিয়ে
না ৷’ মোৰ ডিঙিত ওলমি থকা কেমেৰাটো দেখি সিহঁতৰো মন গ’ল ফটো উঠিবলৈ
৷ এজনীয়ে আঙুলিকেইটা ভি আকৃতিৰ কৰি মুখত হাঁহিৰ ভাব আনিলেই ৷ শ্বাটাৰ টিপি দিলোঁ ৷ লগে লগে মণিটৰত দেখুৱাবও লগা হ’ল ৷ বেৰি ধৰিলেহি গোটেইকেইজনীয়ে ৷ পঢ়া-শুনা ভালকৈ চলাবলৈ কৈ মই আঁতৰিলোঁ আগলৈ ৷
এইফালে আমাৰ ড্ৰাইভাৰ চাহাব গাড়ীৰ ওপৰত উঠিছে ৷ ৰছী খুলি তিৰ্পাল আঁতৰাইছে
৷ যাত্ৰীৰ বেগ বিচৰাত ব্যস্ত ৷ ৰ’য়িঙতে জাপি দি পঠাইছে ৷ কাৰ টোপোলা
ক’ত ৰাখিছে, চিনি পাই কেনেকৈ ? নামিবলগীয়া যাত্ৰীৰ বেগ নিচিনি অন্য
যাত্ৰীৰ নমাই দিয়াক কেন্দ্ৰ কৰি আটাইমখাৰ মাজত বেচ হাস্যমধুৰ পৰিৱেশ এটাৰ সৃষ্টি হ’ল ৷ যিকোনো
কথাতে ইহঁতবোৰে হাঁহিব জানে ৷ ইফালে সময় হিচাপতকৈ বেছি খৰচ হৈ আছে ৷ কামটো সহজে হৈ নুঠাত
চালকে খুব সম্ভৱ ৰাতিপুৱা ৰ'য়িঙৰ কাউণ্টাৰত মাল জপাজনকে উদ্দেশ্য কৰি, বকিলে গোৱাল-গালি অলপমান ৷ তাকে লৈ আকৌ হাঁহিৰ জাউৰি ৷ এটা এটাকৈ দাঙি দাঙি সুধি সুধি আচল বেগটো উলিয়ালেগৈ যেনিবা ৷
পাছফালে জেগা খালী হোৱাত এই সুযোগতে মোৰ কাষৰ যুৱতীয়েও নিজৰ বস্তু কেইপদমান ভিতৰত সুমুৱালে
৷ আৰামকৈ বহিবলৈ নিজেও পাছৰ চিটলৈ গ’ল ৷ কম্বলৰ
ওপৰত বহি বহি দীঘলীয়া যাত্ৰাটোৰ আৰম্ভণিৰে পৰাই বেচেৰীয়ে কষ্ট খাই আহিছিল ৷ মোৰ ৰাক্ছেকটো সন্মুখৰফালে
ৰখা আছিল ৷ এনেয়ে লক্ষ্য কৰিলোঁ এবাৰ ৷ ঠিকেই আছে ৷ জেগাৰ বস্তু জেগাত আছে ৷
তিৰ্পাল বান্ধিয়ে পুনৰ ষ্টাৰ্ট দি দিলে চালকে ৷ অকণমান আগলৈ গৈয়ে লোৰ দলংখন বাঁওহাতে এৰি গাড়ীখন ওপৰলৈ উঠি যাব ধৰিলে ৷ ৰাস্তাটো তেনেই ঠেক ৷ (ক্ৰমশঃ)
তিৰ্পাল বান্ধিয়ে পুনৰ ষ্টাৰ্ট দি দিলে চালকে ৷ অকণমান আগলৈ গৈয়ে লোৰ দলংখন বাঁওহাতে এৰি গাড়ীখন ওপৰলৈ উঠি যাব ধৰিলে ৷ ৰাস্তাটো তেনেই ঠেক ৷ (ক্ৰমশঃ)
No comments:
Post a Comment