৪.৫ ৰহস্যৰ মাজলৈ...
সন্মুখত ছোৱা-ছোৱাকৈ
দেখা দি অহা সংকীৰ্ণ পথটোৱে সেউজীয়াৰ মাজত সোমাই থাকি ছুম’খনক যেন আগলৈ হাত-বাউল দি আছে বাৰে
বাৰে ! এটা কেঁকুৰি ঘূৰে, আগৰ কেঁকুৰিত নেদেখা হয় ৷ সেইটো ঘূৰা হয়হে, আকৌ নেদেখা
হয় আগৰটো কেঁকুৰিত ৷ অবিৰত লুকা-ভাকু খেল এখন ৷ ভাব হৈছে, লক্ষ্যস্থান নোপোৱা পৰ্যন্ত গাড়ী আৰু ৰাস্তাৰ এই খেদা-খেদি ধাৰাবাহিক ৰূপত চলি থাকিব ৷
আগত মায়’ডিয়া ৷ মাইল প’ষ্টে সকীয়ালে ৷ ‘মায়’ডিয়া ২৩’ শব্দকেইটা দেখাৰ পাছৰে পৰা উত্ৰাৱলচিত্তে মায়’ডিয়া… মায়’ডিয়া… জপ কৰাত লাগি গ’লোঁ ৷ নিৰন্তৰ কেঁকুৰিৰ পিছ খেদি
আছোঁ, ছুম’খনৰ সৈতে
একাত্ম হৈ ৷ কামনা কৰিছোঁ, ওপৰত বৰফ পালেই হয় আৰু ৷ নিজকে নিজে প্ৰশ্ন কৰিছোঁ, কি
সাজে আদৰিব বাৰু মায়’ডিয়াই আমাক ? দৃশ্যপট কল্পনা কৰি চিটত বহি থাকিব নোৱাৰা অৱস্থা ৷ আকাশলৈ চাইছোঁ, দূৰ
দিগন্তলৈ চাইছোঁ ৷ বাৰে বাৰে সলনি কৰিছোঁ নিজৰ বহাৰ ভংগীমা ৷ মনৰ ভিতৰত সুপ্তভাৱে ৰখা
দুৰ্বাৰ আকৰ্ষণৰ স্বৰূপটো কোনোবা মুহূৰ্তত ফালি-ছিৰি ওলাই আহিব খোজে, সবাক ৰূপত
! চিঞৰি দিম যেন ! ধীৰ গতিৰে চলা গাড়ীখন এৰি থৈ উৰিয়েই গুচি যাম যেন ! উপায় নাই ৷ ধৈৰ্য ধৰি আছোঁ ৷ জানো যে ধৈৰ্যৰ ফল মিঠা ৷ চ’ক’ তায়ুৱে উচিত প্ৰমাণ দিয়ে থৈছে কালি
৷
চ’ক’ তায়ুলৈ মনত পৰাৰ লগে লগে পিন্ধি
থকা কাৰ্গ’টোৰ চাইড
পকেটৰ পৰা নোটবুকখন একে টানে বাহিৰ কৰি আনিলোঁ আৰু ঠিকনাটো পঢ়িলোঁ ৷ ঘৰটো হস্পিটেল
ফাৰ্মাছিৰ কাষত বুলি কৈছিল ৷ হস্পিটেলখনবা ক’ত আছে ? নাজানো ৷ কিন্তু উলিয়াবতো পাৰিবই লাগিব ৷ কাষৰ সহযাত্ৰীকে সুধিম ছেগ
বুজি ৷ ড্ৰাইভাৰৰ লগতো আগতীয়াকৈ কথা পাতি থ’ব লাগিব, যাতে সেইখিনিতে নমায় মোক ৷ সামৰি থ’লোঁ নোটবুক ৷ অথনিৰ এছ.এম.এছ.টো সিফালে পালেনে নাপালে সিও অজ্ঞাত হৈয়ে থাকিল ৷
ৰ’য়িঙৰ
পৰা তিৱাৰী গাঁও পৰ্যন্ত ১,৩০০ মিটাৰ, তিৱাৰী গাঁৱৰ পৰা কফি হাউচলৈকে ২,৬৫৫ মিটাৰ,
কফি হাউচৰ পৰা মায়’ডিয়ালৈকে ২,৬৬৬ মিটাৰ ৷ উচ্চতাৰ ভিত্তিত অঞ্চলটোৰ
পৰ্বতশ্ৰেণীক এনে ধৰণে তিনিটা ভাগত বিভক্ত কৰা হৈছে ৷ অতিশয় camera-friendly
এইফালৰ পাৰ্বত্য দৃশ্যপটবোৰ
৷ লেণ্ডস্কেপৰ বিবিধতাই ফটোগ্ৰাফাৰ, ফটো-ৰসিকক সহজেই পাগল কৰি দিয়ে ৷ তাকে বন্দী
কৰিম বুলি কেমেৰাটো আনিছোঁ যদিও কলাত্মক দিশটোত মুঠেই চহকী নহওঁ ৷ উচাহৰ কোবতে
মন গ’লেই,
চকুৱে ভাল দেখিলেই, যেনি-তেনি টোঁৱাই-ভিৰাই ক্লিক্ কৰি গৈছোঁ ৷ পাছত চালে
অন্ততঃ ঠাইখিনি, সময়টোকে গম পাম ৷ আনে কি ভাবে তালৈ সমূলি ভ্ৰূক্ষেপ নাই ৷
Driving is a privilege,
not a right. মাজে-মধ্যে চালকৰ ওপৰতো শেনদৃষ্টি ৰাখিছোঁ ৷ মুখলৈ-হাতলৈ চাওঁ ৷ চকুহাল
মন কৰোঁ ৷ টোপনি অহা নাইতো ? ভৰি দুখনলৈকো চাওঁ ৷ মন-মগজু দেখা নাযায় যদিও ১০জন
পেছেঞ্জাৰক সুকলমে নি থাকিবলৈ তেওঁৰ এই অংগ-প্ৰত্যংগকেইটাই যথাযথভাৱে কাম কৰি থাকিবই
লাগিব ৷ তেওঁৰ ওপৰতে নিৰ্ভৰ কৰিছে আমি আনিনিত সুকলমে উপস্থিত হ’ব পৰাটো ৷ ডিঙিটো ঘূৰাই সহযাত্ৰীসকলকো
লক্ষ্য কৰিছোঁ ৷ কোনে কি কৰিছে, কোনে কি ভাঁজত আহি আছে ৷ কোনে কি ভাবত মজি আছে জনাটো
অসম্ভৱ যদিও চকুবোৰত ধৰা পেলাইছোঁ কৌতূহল, কেৱল কৌতূহল ৷ এই ৰাস্তাৰে হাজাৰবাৰ
অহা-যোৱা কৰিলেও কৌতূহল থাকিবই ৷ কাৰণ আগত আছে মায়’ডিয়া ৷ উত্তৰ-পূৰ্বাঞ্চলৰ কাশ্মীৰ ৷ মাজে মাজে ঈশ্বৰক প্ৰাৰ্থনা
জনাইছোঁ ৷ ধন্যবাদ জনাইছোঁ ৷ তাৰ পাছতে মতলীয়া হৈছোঁ, নেদেখা প্ৰকৃতিৰ উমাল (উমাল নহয়, দৰাচলতে
শীতলহে !) সান্নিধ্য লাভৰ আনন্দত ৷ তেনেকৈয়ে
ওচৰ চাপি আছোঁ মেজিক মায়’ডিয়াৰ ৷ কি মায়া দেখুৱায় নাজানো আজি ৷
বিভিন্ন
প্ৰসংগ মনত উবুৰি খাই পৰিছেহি ৷ চিন্তা জগতত আশাবাদী ঢৌ ৷ আল’-মেন্-চু-খা ৮ ঘণ্টীয়া যাত্ৰা ৷ ছুম’ ভাড়া গাইপতি ৪৫০ টকা ৷ দূৰত্ব ১৮০ কিল’মিটাৰ ৷ চিলাপথাৰ-আল’ ৫০০ টকা
৷ ১৪৪ কিল’মিটাৰ
৷ তেজু-ৱালং ২০০ কিল’মিটাৰ ৷ ৫০০ টকা ৷ ৰ’য়িং-আনিনি ২২৮ কিল’মিটাৰ ৷ ৮০০ টকা ভাড়া ! প্ৰথম দুটা পথৰ ভাড়াৰ হিচাপ পুৰণা ৷ এতিয়া নিৰ্ঘাত
বাঢ়িব পায় ৷ তথাপি,
তুলনা কৰি চাইছোঁ মনে মনে ৷ সি যি কি নহওক, এটা
সপোনক চুবৰ বাবে ৮০০ টকা বৰ ডাঙৰ কথা নহয় বাৰু ৷ আগতেতো মানুহে দিনৰ পাছত দিন
ধৰি খোজ কাঢ়িয়েই গুচি গৈছিল ‘সুপ্ত সৰগ’ মেন্-চু-খা, ‘সৈন্যৰ আড্ডা’ কিবিথু কিম্বা সংযোগহীন আনিনিলৈ ! মেন্-চু-খা, কিবিথু সামৰি
ময়ো ওলাইছোঁ আনিনিলৈ ৷ ছুম’ৰ চিটটোৰ বাবদ মুক্তহস্তে দি দিছোঁ টকা ৮০০, আত্মিক তাড়নাৰ বশৱৰ্তী হৈ ৷
Stop
worrying about the potholes in the road and celebrate the journey. ৰাস্তাটো
মাজে মাজে ভাগিছে ৷ হ’লেও গোপনে চেলিব্ৰেট কৰি আছোঁ ৷ চকু জুৰোৱা দৃশ্যবোৰ আহিছে-গৈছে ৷
খিৰিকীৰ কাষৰ চিট ৷ পূৰ্ণ আনন্দ লৈ আছোঁ ৷ স্পীকাৰত বাজিছে আতিফ আচলামৰ গীত ৷
আদিবাসী ডেকা চালকজনে বৰ ভাল পায় যেন লাগিছে ৷ পাছফালে বহা যুৱতীকেইজনীয়েও প্ৰাণ ঢালি গুণগুণাইছে ৷ স্বভাৱতে স্ফূৰ্তিবাজ ইহঁতবোৰ ৷ কেউজনীকে শিক্ষিত যেন লাগিছে ৷ গাড়ীখনৰ ভিতৰে-বাহিৰে উপভোগ্য হৈ উঠিছে
পৰিৱেশটো, সেউজী ধৰাৰ সুন্দৰতাৰ সমানে সমানে ৷
চমু
বাক্যালাপৰ পৰা গম পালোঁ যে মোৰ কাষৰজনী ইদু মিছিমি ৷ দেখাতহে অকণমানি ৷ ৰুৰেল
ডেভলপমেণ্টত মাষ্টাৰ্চ ডিগ্ৰীধাৰী ৷ জানি ভাল লাগিল ৷ আনিনিলৈ যাব ৷ তাতে ঘৰ
৷ মোক সুধিলে, ‘আংকল আপ
কাঁহাঁ যায়েগা?’ ‘আনিনি ৷’ এক শব্দৰ উত্তৰ ৷ তাৰ পাছৰ পৰা কি হ’ল জানো, নিশ্চুপ হৈ পৰিল তাই ৷ ময়ো
মনে মনে থাকি প্ৰকৃতিৰ সৈতে কথা পাতিবলৈ ল’লোঁ ৷ সুধিম বুলি ভাবিছিলোঁ, অৰুণাচলৰ গ্ৰাম্য জনসাধাৰণৰ
জীৱনৰ গুণগত মান উন্নয়নত তুমি কেনে ধৰণে কাম কৰিম বুলি সংকল্প লৈছা, বা কৰি আছা এতিয়া ? কিন্তু
হঠাতে কিবা এটা হ’ল ! এইজনীয়ে
এতিয়া ৰাস্তাৰ ৰূপ দেখি ঘনে ঘনে উচপিচাইছে ৷ ‘মাথা চক্কৰ আ ৰহা হে’ বুলিও স্বগতোক্তি দুই-এবাৰ ৷ চিটটোত হেলান দি চকুহাল জপাই দিলে ৷
খচমচাই উঠিল আকৌ, অলপ পাছতে ৷ বেলেগ এটা ভাঁজত শুলে ৷ কথা পাতিলে অসুবিধা পাব বুলি
মই একো মতা নাই ৷ গৈ আছোঁ নিজৰ ভাবত ৷ বমি কৰিব খুজিলে খিৰিকীখন এৰি দিম ৷ ভালেটিহে শ্লিম ফিগাৰৰ ছোৱালী পৰিল কাষত
৷ শকত-ঢেপেচী হোৱা হ’লে কিযে
নগুৰ-নাগতি হ’লহেঁতেন
আজি, সিফালে ড্ৰাইভাৰ আৰু এইফালে মোৰ, দুয়োটাৰে !
বতৰটো
দেখোন কিবা গোমা হৈ গ’ল !
বেলিয়ে মুখ ঢাকিলে ৷ পাহাৰবোৰেও চেহেৰা লুকুৱাইছে ৷ ৰাস্তাটো সেমেকা ৷ অ’ত-ত’ত পানীৰ ডোঙা ৷ পোহৰ আগতকৈ কমিল ৷ বৰষুণৰ টোপাল কিছুমানে
সন্মুখৰ আইনাখন তিয়াই গ’ল ৷ ড্ৰাইভাৰে ৱাইপাৰ চলাই দিলে ৷ গাড়ী-মটৰ তাকৰ ৷ যিমানে উঠিছোঁ উষ্ণতা সিমানে কমি আহিছে ৷ জেকেটে ঠিকেই কাম কৰি
গৈছে ৷ ইনাৰযোৰেও ডিঙিৰ পৰা ভৰিৰ সৰু গাঁঠি পৰ্যন্ত উমা দি আছে ৷ পিছে,
আশংকা কৰাৰ দৰেই জোতাযোৰেহে ফেইল মাৰিবলৈ উদ্যত হোৱা যেন ভাব হ’ল ৷ ঠাণ্ডাৰ সৈতে তাল মিলাব পৰা নাই ৷
গৰম মোজাযোৰেহে যি পাৰে সন্মান বচাই ৰাখিছে ৷ ভৰিৰ আঙুলিকেইটা লৰচৰ কৰি চালোঁ ৷
মনত আছে, ব’মডিলাত জোতাৰ
ভিতৰতে ২ ভৰিৰ ১০ আঙুলি ঢেলা হৈ গৈছিল, শীতৰ প্ৰকোপত ৷ এতিয়া তেনেকুৱা নহ’লেই ৰক্ষা ৷ সেকিম ক’ত ?
‘পেচাব কৰে’গা ৰে’… গাড়ী
ৰুক’ ৷’ পাছফালৰ চিটত বহি অহা অৰুণাচলী যাত্ৰীৰ
সজোৰ নিৰ্দেশ ৷ ড্ৰাইভাৰজনে ছল চাই এঠাইত একাষৰীয়াকৈ ছুম’খন ৰাখি দিলে ৷ ক’লে, ‘দে’ৰ মত কৰ’ৰে, জল্দি জল্দি আনা ৷’ সুযোগ
পাই গোটেইমখা যাত্ৰীয়েই হুৰমূৰাই নামিল ৷ ৭.২০তে ৰ’য়িং এৰা ৷ প্ৰকৃতিৰ আহ্বান কোনে নেওচিব পাৰে ? একে লেথাৰিয়ে বহি অহাৰ পাছত হাত-ভৰি পোনাবলৈও মন যায়েই ৷ সুবিধাজনক জেগা
বিচাৰি ফৰিং ছিটিকা দিলে আটায়ে ৷ চৰকাৰী টয়লেট ক’তনো পায় ইয়াত ? জংঘলেই মংগল ৷ সময় কিমান হ’লনো ? চালোঁ ৷ ঠিক ৯ বাজিছে ৷ আশা
কৰামতেই নে’টৱৰ্ক নাই
৷ আচৰিত, পুৱা ৯ বাজিছে যদিও এনে লাগিছে যেন সন্ধিয়াহে হ’ব ধৰিছে ! তললৈ চালে একো নেদেখি ৷
ডাৱৰে গোটেইখন আৱৰি ৰাখিছে ৷ যাবলগীয়া ৰাস্তাটোও কিবা ৰহস্যৰ আৱৰ্তত সোমাই
থকা যেনহে লাগিছে ৷ (ক্ৰমশঃ)
No comments:
Post a Comment