Tuesday, 21 April 2020

৫.৫ শক্তিশালী ডিবাং উপত্যকা


ইথুন ব্ৰীজ অতিক্ৰম কৰাৰ পাছত এটা খৰস্ৰোতা জুৰি ৷ তাৰ পৰাই আৰম্ভ হৈছে ডিবাং ভেলী ৷ গাঁওখনৰ নাম আৱালি ৷ আমোদজনক কথা এয়ে যে নিৰ্বাচনৰ সময়ত সেই গাঁৱৰ আধাখিনি মানুহে লৱাৰ ডিবাং ভেলী জিলাত ভোট দিয়েগৈ, আৰু আধাখিনিয়ে ভোট দিয়েগৈ ডিবাং ভেলী জিলাত ৷ দুই জিলাৰ সীমাৰ বিষয়ে কথা পাতোঁতে চ তায়ুৱে ফোনতে মোক এইদৰে কৈছিল ৷

ৱাৰ ডিবাং ভেলী এৰি আমি ইতিমধ্যে ডিবাং ভেলীত প্ৰৱেশ কৰিছোঁ ৷ উভয় জিলাৰে লেখত লবলগীয়া নদীখন হৈছে ডিবাং, যাৰ পাৰে পাৰে চফৰ চলি আছে ৷ ইটালিনৰ সমীপত ড্ৰি আৰু তালৰ মিলন হোৱাৰ পাছত ডিবাং নাম লৈয়ে নৈখন নামনিলৈ বৈ আহিছে ৷ অৰুণাচল প্ৰদেশত ২০৩.৮০ কিলমিটাৰ আৰু অসমত ১৯.৬০, মুঠতে ২২৩.৪০ কিলমিটাৰজোৰা প্ৰৱাহপথেৰে অসম সমতলৰ লৌহিত্য সংগমত লোহিত নদীত বিলীন হৈছেগৈ ৷ সন্মিলিত ধাৰাৰে আগ বাঢ়ি চিয়াঙৰ বাঁও সুঁতি চিবিয়াক লগ পাওঁতেই উমৈহতীয়া জলস্ৰোতৰ চিনাকিটো হৈ পৰিল ব্ৰহ্মপুত্ৰ নদ ৷ মহাসংগমৰ সৃষ্টিযজ্ঞত বাকী ৮খন নৈ ক্ৰমে ডিব্ৰু, ডাঙৰী, ডিয়ুন বা ন-দিহিং বা নোৱাদিহিং, লোহিত, কুণ্ডিল, গংগো বা দটং, চিবিয়া আৰু চিয়াং বা দিহাঙৰ সৈতে ডিবাং বা ছিকাঙেও গুৰুত্বপূৰ্ণ ভূমিকা লৈছে ৷ মহামিলনত ভাগ লোৱা মূল ৪খন ডাঙৰ নদীৰ ভিতৰতো ই অন্যতম ৷ লোহিতখন প্ৰথমবাৰ দেখাৰ সময়ত আশা এটা পুহিছিলোঁ যে এদিন চিয়াং দেখিম, আৰু এদিন ডিবাঙো দেখিম ৷ পাচিঘাটৰ পৰা ৭৬ কিলমিটাৰ আগলৈ পাংগিনত চিয়াঙৰ উচ্চসোঁত দেখিলোঁ, লাস্যময়ী ৰূপ দেখিলোঁ ৷ এতিয়া এইফালে ডিবাং ৷ লােহিত, চিয়াং আৰু ডিবাং ৷ এই তিনি প্ৰধান উপনৈ নাচালে মহাবাহুৰ দৰ্শন অসম্পূৰ্ণ হব ৷ সেয়ে অকলেই ওলাইছোঁহি এইবাৰ ডিবাং বিচাৰি ৷ উচ্চতালৈ গৈ আছোঁ ৷

একাদিক্ৰমে দুখন আন্তঃৰাষ্ট্ৰীয় নৈ, দক্ষিণ দিশৰ ভাৰত-চীন সীমান্তৰ গেলিঙেৰে ভাৰতলৈ সোমাই অহা চিয়াং আৰু পূব সীমান্তৰ কাহোৰে প্ৰৱেশ কৰা লোহিত, আৰু অৰুণাচলৰ উত্তৰ সীমাৰ পৰা ওলাই যোৱা ডিবাং নদীৰ অৱবাহিকাত বৰষুণৰ স্থিতিকাল আৰু প্ৰৱলতা যেতিয়াই বেছি হয় তেতিয়াই অসমত উফন্দি উঠে মহানদ ব্ৰহ্মপুত্ৰ ৷ ব্ৰহ্মপুত্ৰ উপত্যকা তিনিফালে পৰ্বতে আগুৰা ৷ গ্ৰীষ্ম কালত উৎপত্তিস্থলৰ বৰফ গলা পানী, মৌচুমীৰ প্ৰভাৱত বৰষুণৰ পানী একাকাৰ হৈ শোচনীয় বান পৰিস্থিতিৰ সৃষ্টি কৰে ৷ বছৰি আমি সেই তাণ্ডৱ লীলা দেখি আহিছোঁ ৷ সেই তাণ্ডৱত এইখন ডিবাঙৰ বৰঙণিও কম জানো ? বছৰৰ সকলো সময়তে ইয়াত পানী থাকেই, নুশুকায় ৷

এইখনেই অসমৰ জীৱন-ৰেখা ব্ৰহ্মপুত্ৰৰ অন্যতম বিশিষ্ট উপনৈ ডিবাং যাৰ কাষেৰে টাটা ছুমখনে এতিয়া গহীনাই গতি কৰি আছে ৷ অৰুণাচলৰ দুখনকৈ জিলাত বিস্তাৰিত হৈ থকা ডিবাং অৱবাহিকাত হোৱা বৰষুণৰ পৰিমাণ বছৰি ৫০০ মিলিমিটাৰৰ পৰা ৪,০০০ মিলিমিটাৰ ৷ এই ভূখণ্ডৰে নিম্নগামী হোৱা মাথু, ড্ৰি, তাল, ইম্‌ৰা, ডিবাং, আহি, ইথুন, আচুপানী, চিচিৰি ইত্যাদি নৈসমূহে মিলি উপত্যকাটোক শক্তিৰ ভাণ্ডাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে ৷ সেই শক্তিৰ জোখ কিমান ? নিজকে নিজে কৰিলোঁ প্ৰশ্নটো ৷ উত্তৰো পালোঁ ৷ ৯,৯৭৩ মেগাৱাট !

অৰুণাচল প্ৰদেশৰ আমি সদ্যহতে ভ্ৰমি থকা ডিবাং ভেলী জিলাখন গঠন কৰা হৈছিল বিগত ১.৬.১৯৮০ তাৰিখে ৷ লোহিত জিলাৰ পৰা কাটি আনি নতুন জিলা সৃষ্টি কৰা হৈছিল ৷ প্ৰশাসনিক সা-সুবিধাৰ অৰ্থে উক্ত ভূখণ্ড ১৬.১২.২০০১ তাৰিখে ডিবাং ভেলী আৰু লৱাৰ ডিবাং ভেলী নামেৰে পৃথক কৰা হয় ৷ জিলা সদৰ ক্ৰমে আনিনি আৰু ৰয়িং ৷ ডিবাং ভেলী জিলাখন অৰুণাচল প্ৰদেশৰ একেবাৰে উত্তৰ-পূব কোণত অৱস্থিত ৷ চীন দেশৰ সৈতে সীমা লাগি আছে ৷ ভৌগোলিক অৱস্থান 28°22 আৰু 29°27 উত্তৰ অক্ষাংশ আৰু 95°15 আৰু 96°35 পূব দ্ৰাঘিমাংশ ৷ মাটিকালি ৯,১২৯ বৰ্গ কিলমিটাৰ ৷ ৰাজ্যখনৰ ভিতৰতে এইখন সবাতোকৈ ডাঙৰ জিলা ৷ ২০১১ চনৰ লোক-পিয়ল অনুসৰি জনসংখ্যা ৮,০০৪ ৷ দেশৰ ভিতৰতে কম জনসংখ্যাৰ জিলা এইখন ৷ ঘনত্বৰ দিশৰ পৰা অৰুণাচলৰ ভিতৰত জন-বসতি আটাইতকৈ পাতল ৷ প্ৰতি বৰ্গ কিলমিটাৰত ১ মাত্ৰ ৷ শিক্ষিতৰ হাৰ শতকৰা ৬৪.১০ ৷ প্ৰধান অধিবাসী ইদু মিছিমি জনগোষ্ঠী ৷ ৰে'হ তেওঁলোকৰ প্ৰধান উৎসৱ যিটো কাইলৈৰ পৰা আৰম্ভ হ'ব ৷ তাৰে সাক্ষী হোৱাটোও মোৰ এইবাৰৰ যাত্ৰাটোৰ এটা অন্তৰ্নিহিত উদ্দেশ্য ৷ অৰুণাচলৰ মানুহ আৰু সংস্কৃতিয়ে ৰাজ্যখনক এক সুকীয়া চৰিত্ৰ দিছে ৷ মিছিমিসকলৰ পৰম্পৰাগত সাজ-পাৰ উজ্জ্বল আৰু আকৰ্ষণীয় ৷

এটাই মাত্ৰ মহকুমা এই জিলাখনৰ ৷ আনিনি ৷ ৩ টা উন্নয়ন খণ্ড ৷ মিপি-আনিনি-এলিনে, ইটালিন-মালিনে আৰু আনেলি-আৰজু ৷ ৬টা ৰাজহ-চক্ৰ ৷ আনিনি, মিপি, ইটালিন, আনেলি, আৰজু আৰু ডেমবিউন ৷ গাঁৱৰ সংখ্যা ১৪২ খন ৷ আনিনিয়েই একমাত্ৰ চহৰ য'ত মোৰ থকাৰ কথা ৷ ইমানখিনি বাট আহিলোঁ, খবৰা-খবৰি হ'লে কোনো ফালৰ পৰাই এবাৰো নাই হোৱা ৷ ম'বাইল নিষ্ক্ৰিয় ৷ গৈ আছোঁ অদৃষ্টক ধিয়াই ৷ চালকে বজোৱা গান শুনি শুনি, দৃশ্য চাই চাই ৷ ঘৰ-পৰিবাৰ, কাম-ধাণ্ডা কি ক'ত আছিল, একো মনত নাই এতিয়া ৷ চেতনাত কেৱল ডিবাং, আনিনি, আচহিছ' ৷

ডিবাং ভেলী জিলাৰ উত্তৰ, পূব আৰু উত্তৰ-পশ্চিমে চীন আৰু তিব্বতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত ৷ দক্ষিণে লৱাৰ ডিবাং ভেলী জিলা ৷ দক্ষিণ-পশ্চিমে আপাৰ চিয়াং জিলা ৷ আন্তঃৰাষ্ট্ৰীয় সীমা বুলিলেই ক'ব নোৱাৰাকৈয়ে বেলেগ এটা আকৰ্ষণ আহি যায় ৷ মনে মনে ভাবি আছোঁ, সীমান্তৰ দিশে শেষ গাঁও আচহিছ'লৈ কিবা উপায়ে হ'লেও যাবই লাগিব, এইটো সুযোগতে ৷ আগতে আনিনি গৈ পাই লওঁ ৷

জিলা সদৰ আনিনি সমুদ্ৰপৃষ্ঠৰ পৰা ১,৯৮৬ মিটাৰ উচ্চতাত অৱস্থিত ৷ মিপি, এলিনে (এ.এল.জি.), আংৰিম ভেলী, আচহিছ’, ডেমবিউন, মিঠুনদ, গিপুলিন ইত্যাদি কাষৰীয়া অঞ্চলসমূহ একো একোখন সম্ভাৱনাপূৰ্ণ পৰ্যটন স্থল ৷ বৰফাবৃত পৰ্বতবোৰৰ অভ্যন্তৰত বিভিন্ন আকাৰৰ বহুতো জলাশয় এতিয়াও সুপ্ত আৰু অনাৱিষ্কৃত অৱস্থাতে আছে বুলি শুনিছোঁ ৷ নৈ-নিজৰাসমূহৰ গতিপথত জলপ্ৰপাতো অনেক আছে ৷

সুউচ্চ পৰ্বত শিখৰ, শ্বাসৰুদ্ধকাৰী সেউজ উপত্যকা, অতল গহ্বৰ, দৃষ্টিনন্দন জলপ্ৰপাত, প্ৰাকৃতিক হ্ৰদ, অসংখ্য খৰস্ৰোতা জান-জুৰি, বনৰীয়া ফুল, জীৱ-জন্তুৰে সমৃদ্ধিশালী ডিবাং ভেলী ৷ বৰফাবৃত পৰ্বতমালা, পাইন বনাঞ্চল, বাঁহনি, মন মুহি নিয়া নৈ-নিজৰাৰে অঞ্চলটো ট্ৰেকিং, কেম্পিং, এংলিং, পেৰাগ্লাইডিং আদি দুঃসাহসিক ক্ৰীড়াৰ বাবে আদৰ্শ থলী বুলি জানিবলৈ পাইছোঁ ৷ মিঠুনদৰ উচ্চাংশ শৈলাৰোহণৰ বাবে উপযুক্ত ৷ ২০০৩ চনৰ ১৭ জানুৱাৰীত ২৯ আছাম ৰাইফলছে আনিনিত পোনপ্ৰথমবাৰৰ বাবে পেৰাগ্লাইডিং প্ৰৱৰ্তন কৰিছিল ৷

তিনিখন ডাঙৰ উপনৈ মাথু, ড্ৰি আৰু তালৰ লগতে তিনিখন তুলনামূলকভাৱে সৰু উপনৈ আহি, আৱা আৰু ইমৰাৰে সমৃদ্ধ মূল নদী ডিবাং, যাৰ পানীৰ বৰণে ছুমৰ যাত্ৰীসকলক ভীষণভাৱে সন্মোহিত কৰি তুলিছে ৷ ভোক-ভাগৰ যেন কাৰো একো লগাই নাই ৷ কোনেও এবাৰো ড্ৰাইভাৰক সোধাও নাই, ভাত ক'ত খোৱা হ'ব বুলি ৷

মুখ্য মন্ত্ৰীৰ কনভয়টো আমাতকৈ বহুত আগ বাঢ়িল চাগৈ ৷ গাড়ীবোৰৰ এখনৰো টিকনিকে দেখিবলৈ নাই ৷ বিস্তীৰ্ণ ডিবাং উপত্যকাটো এতিয়া দুচকুত বন্দী ৷ পলে পলে সলাইছে ছবি ৷ কোনফালে চাম ? কেউফালে মনোমোহা পেনৰমিক লেণ্ডস্কেপ ৷

নামনিত ৰিণিকি ৰিণিকি দেখা পাইছোঁ জনপদ এটা ৷ কি হয় জানিবলৈ উৎসুক হৈ পৰিছোঁ ৷ (ক্ৰমশঃ)

No comments:

Post a Comment