Saturday, 18 April 2020

৫.৩  ১২ গোলাইৰে অৱৰোহণ কৰি হুনলি পালোঁ



পৰ্বতৰ পৰা তললৈ নমাটো ওপৰলৈ উঠাতকৈ সহজ ৷ কিন্তু ওপৰৰ পৰা দেখা দৃশ্যহে মনোৰম ৷ব্ৰিটিছ ঔপন্যাসিক আনৰ্ল্ড বেনেটৰ এই ধৰণৰ বাক্য দুটা ৰবাত পঢ়িবলৈ পাইছিলোঁ ৷ কত পাইছিলোঁ এতিয়া মনত নপৰে ৷ দৃশ্যপটৰ সৈতে সামঞ্জস্য প্ৰত্যক্ষ হোৱাত ফট্‌ কৰে জিভাৰ আগত ওলালহি ৷

বিভিন্নতা আৰু বিচিত্ৰতাৰে পৰিপূৰ্ণ, চকুৰ টিপ নমৰাকৈ গৈ থাকিবলৈ মন যোৱা এটা ৰোমাঞ্চভৰা পাৰ্বত্য যাত্ৰাই লগ লৈছে চিক্সটি ফাইভ এৰি অহাৰ পাছৰে পৰাই ৷ দীৰ্ঘ সময় ধৰি বৰফ-ৰাজ্যত আবদ্ধ থাকি কাণ-মূৰ ঠাণ্ডা পৰি গৈছিল ৷ এতিয়া সেউজীয়াৰ উত্তাপলৈ আহি মুখ-হাতবোৰেযেন অকণমান টঙাবলৈ যো-জা কৰিছে ৷ আঙুলিকেইটা স্বাভাৱিক হওক বুলিয়ে হাতমোজাযোৰ খুলি পেলালোঁ ৷ অনুভৱ কৰিছোঁ, জোতাৰ ভিতৰত ভৰিৰ আঙুলি চেঁচা হৈ আছে ৷ বতৰটো এনেকুৱা যে ৰদো নাই, বৰষুণো নাই ৷ ডাৱৰ আছে ৷ বতাহ নাই ৷

শিল কাটি উলিওৱা পথ ৷ পাহাৰৰ তলে তলে বাট বুলিছোঁ ৷ ৰাস্তা ঠেক ৷ কেঁকুৰি ঘূৰি ঘূৰি আগ বাঢ়ি যোৱাৰ পাছত অকোৱা-পকোৱা চিত্ৰবৎ সাজোন এটাই ৰিণিকি ৰিণিকি চকুত ধৰা দিলে, গছ-গছনিৰ ফাঁকেৰে ৷ পোহৰ পৰ্যাপ্ত নহয় যদিও সন্মুখৰ ভাল লগা দৃশ্যবোৰ একেৰাহে কেমেৰাত বন্দী কৰিবলৈ হ'লে এৰা নাই ৷ খিৰিকীৰ আইনাখনো আধালৈকে মুকলি ৷ পাছত বহা যুৱতীয়ে অসুবিধা নাই বুলি অথনিয়েই কৈ দিছিল ৷ গতিকে স্বাধীনমনে উঠা-নমা কৰি আহিছোঁ, নিজৰ প্ৰয়োজনমতে ৷

১১ বাজোঁ বাজোঁ ৷ চিক্সটি ফাইভৰ পৰা ইমানপৰে ৮-৯ কিল'মিটাৰমান আহিলোঁ ৷ ১২ গোলাইৰ উচ্চভাগ পালোঁহি ৷ এইফালে পাহাৰৰ বক্ষত চকুত লগাকৈ ঘৰ কেইটামান ওলাল ৷ ৰাস্তাটোৰ সোঁফালে ৷ মানুহ-দুনুহহে দেখা নাই ৷ আগেদি গৈ থাকোঁতে কিবা প্ৰজেক্টৰ ঘৰ আছিল যেনহে ভাব হৈছে ৷ চাইনবৰ্ড নাই দেখা অৱশ্যে ৷ কাৰ্যক্ষম অৱস্থাত আছে নে নিষ্ক্ৰিয় হৈ পৰিল ? প্ৰশ্নটো মনলৈ আহিল ৷ কি উদ্দেশ্যতবা সাজিছিল ! পৰ্যটন প্ৰকল্পও হব পাৰে ৷ যিয়েই নহওক, এৰা-পৰলীয়া নিমাওমাও পৰিৱেশটোৱে চৰকাৰী ধনৰ অপচয় ঘটা বুলিয়ে বুজালে ৷

সিফালে পাহাৰ আৰু ডাৱৰৰ লুকা-ভাকু যেন শেষ নহ'বই ৷ এতিয়াৰ পৰা আমি পাক মাৰি মাৰি সৌ পাহাৰতলীলৈ নামিব লাগিব ৷ মুঠতে ১২টা পাক ৷ সেয়েহে ১২ গোলাই ৷ ৰয়িং-হুনলিৰ মাজৰ এই অংশটো বহুতৰে প্ৰিয় আৰু আকৰ্ষণীয় ৷ তাৰ বাবেই অনুসন্ধিৎসু পৰ্যটকে মায়'ডিয়া গিৰিপথ এৰি আগুৱাই আহে আৰু হুনলি পায়গৈ ৷ হুনলিলৈ ১৬-১৭ কিল'মিটাৰ ৷ দেখি অহা ঘৰকেইটা পৰ্যটক নিবাসৰ ৰূপত জীৱন্ত হৈ থকা হ'লে বাইকাৰ্ছ, ট্ৰেকাৰ্ছ, এনভেনচাৰিষ্টসকলে মায়'ডিয়াৰ কফি হাউচৰ বিকল্প হিচাপে ইয়াতে থকাৰ সুযোগ ল'ব পাৰিলেহেঁতেন ৷ আনিনিগামীসকলৰো অকণমান সহজ হ'লহেঁতেন ৷

পৰ্বতৰ ঢালত অকাই-পকাই ঘূৰি ঘূৰি আগুৱাব ধৰিছে আমাৰ ছুমখন ৷ নামনিৰ গছ-গছনিবোৰক চুবলৈকেহেযেন গৈ আছােঁ আমি ৷ কেইপাকমান যাওঁতেই আহল-বহল স্থান এটুকুৰা দেখা পালোঁ ৷ হেলিপেড নেকি ? এনেকুৱাযেন লাগিল ৷ উত্তৰ নাই ৷ কৌতূহল বাটতে ৰৈ গ'ল ৷ চাইনব'ৰ্ডো নাই ৷

যিমানে পাকবোৰ ঘূৰিছে, চৌপাশৰ পৰ্বতবোৰে ক্ৰমান্বয়েযেন ওখ ৰূপ পাই গৈ আছে ! এঢাপ এঢাপকৈ আমি যেন চাপৰ হৈ গৈ আছোঁ ! এনেকৈয়ে একাত্ম হৈ পৰিছোঁ ১২ গোলাইৰ আকৰ্ষণীয় কেঁকুৰিবিলাকৰ সৈতে ৷ চাউণ্ড বক্সত বাজি আছে ড্ৰাইভাৰৰ পছন্দৰ হিন্দী গান ৷ যি বজাইছে নিৰ্বিবাদে তাকেই শুনি গৈছোঁ ৷ তালে তালে মূৰ লৰাইছোঁ ৷ টিলিকি বজাইছোঁ ৷ অজান পুলকত কব নোৱাৰা হৈ পৰিছোঁ ৷ পথটোত ঠায়ে ঠায়ে গাঁত কিছুমান ৷ যেনি-তেনি সৰু-বৰ পানীৰ ডোঙা ৷ বৰষুণ পৰিছিল নিশ্চয়, আমি অহাৰ আগে আগে ৷ ভাল হৈছে যে এতিয়া আহুকাল নাই ৷ গাড়ী-মটৰো নাই ৷ সিফালৰ পৰা অহা এখন মটৰ চাইকেল মাত্ৰ পাইছোঁ ৷

উচ্চতাৰ হিচাপত সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ২,৬০০ মিটাৰত আছিলোঁ ৷ ১০ কি ১২ মিনিটৰ ব্যৱধানত ৮০০ মিটাৰলৈ নামি আহিলোঁ ৷ পৰ্বতৰ পাদদেশত উপস্থিত হৈ কোনোবা ৰেইন ফৰেষ্টত বিচৰণ কৰাযেন লাগিছে এতিয়া ৷ সেমেকা পৰিৱেশটোত পৰিলক্ষিত হৈছে বনৰীয়া কলগছৰ আধিক্য ৷ তাকচিঙলৈ যাওঁতে ডাপ'ৰিজ'ৰ পৰা আগলৈ এঢলীয়া পৰ্বতৰ বক্ষত কলগছৰ সাম্ৰাজ্য দেখি বিচূৰ্তি খাইছিলোঁ ৷ পোহৰ সোমাব নোৱাৰাকৈ ঘন আছিল বনৰীয়া কলগছৰ উপস্থিতি ৷ এয়া দেখি সেয়া মনত পৰিল ৷ অৰুণাচলৰ অৰণ্যত সৌ-সিদিনালৈকেও নতুন জাতৰ কল, কলগছ পোৱা গৈছে ৷ চৰাই, মাছ, ভেকুলী, পখিলা আদি জীৱ আৱিষ্কাৰ হোৱাৰ খবৰো মাজে-মধ্যে শুনা পাওঁ ৷ আনহাতে দুৰ্গমতাৰ বাবেই আজিও এক্সপ্ল'ৰ তথা প্ৰচাৰ হ'বলৈ বাকী একা্ংশ প্ৰাকৃতিক শোভাময় ঠাই আৰু দৃষ্টিনন্দন জলাশয় ৷

যাত্ৰা চলি আছে ৷ ৰাস্তা ভাল নহয় ৷ পানীয়ে নষ্ট কৰিছে ৷ এনেতে পাছফালৰ পৰা দ্বিতীয়বাৰৰ বাবে মৰ্টন এগালমান আহিল ৷ কাষৰ সহযাত্ৰী যুৱতীয়ে পুনৰবাৰ মোক যাচিলে ৷ পিন্ধি থকা কাৰ্গ'টোৰ চাইড পকেটত ডেইৰী মিল্ক চকলেটৰ পেকেট আছিল ৷ পুৱা ৰয়িঙত কিনা ৷ প্ৰত্যুত্তৰত তাৰে এটা দি দিলোঁ মই ৷ সকলোৱে ভগাই খাওক ৷ গমগমীয়া পৰিৱেশটোত বহু সময়ৰ মূৰকত এতিয়াহে দুই-এটা মাত-কথা শুনা পোৱা গৈছে ৷ মাজে মাজে পাছফালে ঘূৰি ঘূৰি চাই আহিছিলোঁ, কোনোবাই টোপনিয়াইছে নেকি, ১২ গোলাইৰ আনন্দ লৈছেনে নাই ইহঁতে বুলি ৷ অৰ্ধেকসংখ্যকৰে চকুৰ পতা জাপ খাই থকা দেখা পাইছিলোঁ ৷ বিপৰীতে, চকুৱে চকুৱে পৰাসকলে যেন সজোৰে বুজাই দিব খুজিছিল, অঁ, ময়ো সাৰে আছোঁ আপোনাৰ সৈতে বুলি ৷ এতিয়া মৰ্টনে টোপনি হৰণ কৰিলে আটাইৰে ৷

একা-বেঁকা পথেৰে ২০-২৫ মিনিট ধৰি আহি আছিলোঁ ৷ হঠাতে ৰাস্তাটোৰ ওপৰৰ আলকতৰাৰ কলা চামনি অদৃশ্য হৈ পৰিল ৷ গেলা বোকা আৰু কেঁচা মাটিৰ পয়োভৰ বৃদ্ধি পালে ৷ লেণ্ড স্লাইড জ'ন ৷ বতৰ বেয়া যদিও হেভী ডিউটি এক্সকেভেটৰ লাগি আছে ৷ ছাতি লৈ থকা এজন কৰ্মীয়ে ড্ৰাইভাৰক ৰবলৈ ইংগিত দিলে ৷ সন্মুখত লিং ষ্টন এলেকা ৷ বেছি পৰ আবদ্ধ নকৰি সোনকালেই যাব দিলে যেনিবা ৷ পুনৰ ঊৰ্ধ্বমুখী গতি ৷ ভোঁ ভোঁ ইঞ্জিনৰ আৱাজ ৷ বোকা ফালি উঠি আহি থকাৰ পাছত এতিয়া শিলৰ টুকুৰাবােৰৰ ওপৰেদি টানি নি আছে আমাক, আনিনি অভিমুখে ৷

১১ বাজি ৪৫ মিনিট যাওঁতে হুনলিত উপস্থিত হ'লোঁ ৷ পুলিচ থানাৰ কাষেৰে আগুৱাই গৈ থাকোঁতে সিফালৰ পৰা অহা ছুম' এখনক পাই আমাৰ চালকে ব্ৰেক মাৰিলে ৷ যাত্ৰী উঠা-নমাৰ কথাই নাই ৷ ৰাস্তাৰ বুজ লৈছে ৷ 'ক্যা ব'লে'গা ৰাস্তা কা, জেইছে তেইছেত' জানাহি পৰেগা না' বুলি সিজন চালকে কোৱা শুনা পালোঁ ৷ এড্‌ভেন্‌চাৰ জিজ্ঞাসাটো হঠাতেযেন অকণমান বাঢ়ি গ'ল মোৰ ৷ প্ৰবল অনুসন্ধিৎসাৰে কেৱল অপেক্ষা কৰি থাকিলোঁ গাড়ীখন এৰালৈ ৷ (ক্ৰমশঃ)

ভিডিঅ' সংযোজন : https://youtu.be/oaII6W2YeKM

No comments:

Post a Comment