Sunday, 26 April 2020

৬.০ সম্ভাৱনাময়, ৰহস্যময় তাল ভেলী



এঢলীয়াৰে ছুমখন গোঁ-গোঁকৈ উঠি গৈ আছে ৷ মোৰ মনতো খুব খৰকৈ প্ৰশ্ন এটা উৎপন্ন হৈছে ৷ এইযে তালৰ ওপৰৰ দলংখন তলত এৰি থৈ আহিলোঁ, সিপাৰেযে এটা ৰাস্তাও গুচি যোৱা দেখি আহিলোঁ, কলৈ যায় সেইফালে ?

ভাবি থাকোঁতেই গৈ থকা এঢলীয়াতে গাড়ীখন ৰৈ গল ৷ যুৱক এজন খপ্‌জপাই নামিল ৷ চকাৰ গুৰিত ব'ল্ডাৰ এটা দিয়ে নিজেই উঠি গ'ল ওপৰত ৷ তেওঁক দেখি দুজন মানুহ চাপি আহিল ৷ বোধ হয় চিনাকি ৷ য়িঙৰ পৰা অনা পাচলিৰ বস্তা দুটা ওপৰৰ পৰা ধৰাধৰিকৈ নমালে ৷ বন্ধাকবি আৰু ফুলকবি ৷ গাড়ীৰ ভিতৰত বেগ আছিল ৷ তাকো নমালে ৷ ড্ৰাইভাৰে এতিয়া ছুমখন ঘূৰাব ধৰিছে ৷ জেগা তেনেই ঠেক ৷ কষ্ট হৈছে ৷ অসাৱধান হলেই পোনে পোনে গুচি গৈ তলত সৰি পৰাটো খাটাং ৷ ব্ৰেক আৰু বুদ্ধিমত্তা সঠিক নহ'লেই বিপদ ৷ ক্ষন্তেকীয়া সুযোগতে সামান্য কথা পাতি যিখিনি গম পালোঁ, ৰয়িঙৰ পৰা যাত্ৰী হিচাপে আহি থকা ডেকাজনে ইয়াতে মেডিকেল চাব চেণ্টাৰত চাকৰি কৰে ৷ ঘৰ উৰিষ্যাত ৷ ঈশ্বৰে মিলালে কেতিয়াবা, কৰবাত আকৌ দেখা-দেখি হম বুলি তেওঁক মাত লগাই এৰা-এৰি হলোঁ ৷

সমুদ্ৰপৃষ্ঠৰ পৰা ১৯৬৮ মিটাৰ ওখত থকা ইটালিনখন এখন সৰু ঠাই ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি ইটালিন হেড-কোৱাৰ্টাৰৰ জনসংখ্যা ২৪৭ মাত্ৰ ৷ অফিচ, স্কুল, স্বাস্থ্যকেন্দ্ৰ ইত্যাদি আছে ৷

এঢলীয়াৰে নামি মূলপথটো পায়ে গাড়ীখন সোঁহাতে ঘূৰিল, অলপ আগতে এৰি থৈ যোৱাৰ ৰাস্তাটোলৈ ৷ সন্মুখত দলংখন ৷ ইটালিনক দুফাল কৰি বৈ আছে তাল নদী ৷ শিলাময় আৰু খৰস্ৰোতা ৷ শব্দৰে হৌ-হৌৱাই আছে চৌপাশ ৷ দলঙৰ ওপৰেৰে ছুম' চলি গৈ থাকিল ৷ তাৰ মানে আনিনি এইফালে ৷ ডেকাজনক নমাবলৈহে গাড়ীখন সৌ ওপৰলৈকে উঠি গৈছিল ৷ এতিয়া বুজিলোঁ কথাটো ৷

বাকী চিন্তা বাদ দি তালৰ লাস্যময়ী ৰূপটোত দৃষ্টি নিবদ্ধ হল ৷ চিত্ৰবৎ সৌন্দৰ্যৰে তাল উপত্যকাটোক সমৃদ্ধ কৰা এই নৈখন সুদূৰ পূব দিশত অৱস্থিত উচ্চ হিমালয়ৰ বৰফাবৃত কায়া লা অৰ্থাৎ কায়া পাছৰ পৰা ওলাই আহিছে ৷ আৰম্ভণিতে পশ্চিমমুৱাকৈ আহি থাকি মাউক্‌ৰি নৈক সোঁপাৰে লোৱাৰ পাছতে উত্তৰৰ পৰা দক্ষিণ দিশলৈ বৈছে ৷ মালিনে গাঁৱৰ কাষত এঝন নৈক লগ পোৱাৰ পাছত পশ্চিমমুৱা পাক এটা লৈ পূবা-পশ্চিমাকৈ গতি কৰিছে ৷ ইটালিনৰ নামনিত ড্ৰিক লগ পাইছে ৷ এই মিলনৰ পাছতে ডিবাং নামেৰে অগ্ৰসৰ হৈছে অসম সমভূমি অভিমুখে ৷ গতিপথত এম্‌ৰা, আহি, ইথুন, ইলুপানী, আচুপানী, ইফিপানী, দেওপানী, চিচিৰি, কুণ্ডিল আদিক লগত লৈ লোহিতত বিলীন হৈছে ৷ প্ৰৱাহ পথৰ দৈৰ্ঘ ৯১ কিলমিটাৰ ৷ ড্ৰিক লগ পোৱা পৰ্যন্ত অৱবাহিকাৰ বিস্তৃতি ২,৫০০ বৰ্গ কিলমিটাৰ ৷ উভয় পাৰে অগণন জান-জুৰিক সাবটি তাল ইটালিন ওলাইছেহি ৷ ঘৰ-বাৰী তাকৰ যদিও দুয়ো পাৰেই জনবসতি দেখা পাইছোঁ ৷

তাল এখন সম্ভাৱনাপূৰ্ণ নদী ৷ ইয়াৰ উজনিভাগৰ মালিনেত ৩৩৫ মেগাৱাট আৰু আথুন্‌লিত ৬৮০ মেগাৱাট ক্ষমতাসম্পন্ন দুটাকৈ প্ৰস্তাৱিত জলবিদ্যুৎ প্ৰকল্পৰ স্থান ইতিমধ্যে নিৰ্বাচন কৰা হৈছে ৷ আথুন্‌লিলৈ ইটালিনৰ পৰা প্ৰায় ২০ কিলমিটাৰ ৷ মালিনেৰ দূৰত্ব প্ৰায় ৫২ কিলমিটাৰ ৷

ডিবাং ভেলী জিলাৰ তাল উপত্যকা, ড্ৰি উপত্যকা আৰু মাথু উপত্যকাৰ বিশাল সৌন্দৰ্যৰাশিৰ বিষয়ে শুনি আহিছোঁ ৷ এয়া তাল' উপত্যকাৰ আৰম্ভণি ৷ ইদু মিছিমিসকলৰ পৱিত্ৰ স্থল অথু-পপু এই উপত্যকাতে আছে ৷ ইটালিন চাৰ্কোল হেড-কোৱাৰ্টাৰৰ পৰা ১০-১২ দিনীয়া কষ্টসাধ্য পদযাত্ৰাৰ মূৰকত ভিতৰুৱা আৰু দুৰ্গম অথচ মিছিমিসকলৰ অতীত-বিজড়িত স্থানটুকুৰাত উপস্থিত হব পৰা যায় ৷ এলেকাটো সমুদ্ৰপৃষ্ঠৰ পৰা ৩,৫০০ মিটাৰ উচ্চতাৰ ইণ্ডো-চীন সীমান্তৰ কায়া গিৰিপথত ৷ মালিনেৰ পৰা তালৈ প্ৰায় ১২০ কিলমিটাৰ ৷ মালিনেলৈ ৰয়িঙৰ পৰা ইটালিন হৈ দূৰত্ব প্ৰায় ২০০ কিলমিটাৰ ৷

মালিনে হৈছে চীন-ভাৰত সীমাৰ দিশে গাড়ী যাব পৰা অন্তিমখন গাঁও ৷ সমুদ্ৰপৃষ্ঠৰ পৰা ১,৯২০ মিটাৰ উচ্চতাত অৱস্থিত ৷ ২৭ ঘৰ মানুহৰ বসতি ৷ ২০১১ চনৰ লোক-গণনা অনুযায়ী জনসংখ্যা ১২৭ ৷ অথু-প'পুলৈ তাৰ পৰাই ট্ৰেকিং আৰম্ভ হয় ৷ মালিনে গাঁৱৰ পৰা ৪ ঘণ্টা অবিৰাম খোজ কঢ়াৰ অন্তত পোৱা যায় ইমুনি জলপ্ৰপাত ৷ অতি দুৰ্গম অৰণ্যপথেৰে খোজ কাঢ়ি, খৰস্ৰোতা নৈ পাৰ হৈ, শিলাময় পৰ্বত, জলপ্ৰপাত, গছৰ দলং, ওলোমা সাঁকোৰে এয়া এক অত্যন্ত শিহৰণকাৰী দুঃসাহসিক যাত্ৰা ৷ আশ্চৰ্যকৰভাৱে, ২০১৬ চনত প্ৰথমবাৰ শুনা পাইছিলোঁ অথু-পপু সম্পৰ্কে ৷ ২০০৬ চনৰ পৰা চীনে অধিকাৰ কৰি থকাৰ কথা পাছত এঠাইত পঢ়িবলৈ পাইছিলোঁ ৷ 

ইদু মিছিমিসকলে আটাইতকৈ বেছি সন্মান আৰু সমীহ কৰা জেগা অথু-প'পু ৷ কোৱা হয় যে তেওঁলোকৰ পূৰ্বপুৰুষ সেইফালেদিয়ে অৰুণাচললৈ আহিছিল আৰু স্থায়ী বসতি আৰম্ভ কৰিছিল ৷ ইদু মিছিমিসকলে মৃত্যুৰ পাছৰ জীৱনত বিশ্বাস কৰে ৷ পৌৰাণিক কাহিনীৰ মতে মৃত্যুৰ পাছত তেওঁলোকৰ আত্মাটোৱে ইগু বা শ্বামান বোলা পুৰোহিতৰ তত্ত্বাৱধানত নতুন জীৱন লাভৰ বাবে যাত্ৰা কৰে ৷ তেওঁলোকে আজিও বিশ্বাস কৰে যে ইহলোকৰ পৰা প্ৰস্থান কৰাৰ আগেয়ে বিদেহ আত্মাবোৰে অথু-প'পুতে ক্ষন্তেক জিৰণি লয় ৷ তাৰ পাছত পৰকাললৈ পৰৱৰ্তী যাত্ৰা আৰম্ভ কৰে ৷ সন্মানৰ চিনস্বৰূপে এটা প্ৰকাণ্ড শিল অথু-প'পুত অকলশৰীয়াভাৱে থকা দেখা যায় ৷ থলুৱা লোক-গীতৰ মতে চিনেৰৱু নামৰ পুৰোহিত এজনে তেওঁৰ মাতৃৰ বিয়োগৰ বাৰ্তা পাই শিলটোৰ সন্মুখত বৰকৈ কান্দিছিল ৷ শিলটোৱে আজিও পুৰোহিতজনৰ চকুলো আৰু হাতৰ ছাপ ধৰি ৰখা বুলি বিশ্বাস কৰা হয় ৷ অথু-পপুৰ কাষতে বন্য খেতি-পথাৰ দেখা যায় ৷ সেয়া পৰকালগামী মৃত আত্মাই অগ্ৰৱৰ্তী যাত্ৰাকালত কৰা কৃষিকৰ্ম বুলি বিশ্বাস কৰা হয় ৷ বৰফাবৃত পৰ্বত শিখৰবোৰক আত্মাই জিৰণি লৈ থকা থলী বুলি ভবা হয় ৷ পৱিত্ৰ স্থান বুলি গণ্য কৰা হয় অথু-পপুক ৷ অথু-পপুৰ বাটত পোৱা পৰ্বত আৰু স্থানসমূহৰ পৃষ্ঠপটতো অনেক লোক-কাহিনী আৰু পৌৰাণিক বিশ্বাস বিজড়িত হৈ আছে যিবোৰৰ অধ্যয়নে জ্ঞানপিপাসুজনক ভবাই তুলিব পাৰে ৷

তাল ভেলীৰ ট্ৰেক যথেষ্ট কঠিন ৷ থিয় পৰ্বত আৰু থলুৱাভাৱে তৈয়াৰ কৰা ওলোমা দলঙেৰে পাহাৰীয়া তীব্ৰবেগী নৈ-নিজৰা অতিক্ৰমি দিনটোত ৮-৯ কিলমিটাৰৰ বেছি আগ বাঢ়িব নোৱাৰি ৷ ১,৭৯৫ মিটাৰ উচ্চতাৰ মালিনেৰ পৰা খোজ আৰম্ভ কৰি আই.টি.বি.পি.ৰ অৱালিন (১,৮৬০ মিটাৰ), ইমপানী (১,৭৫৫ মিটাৰ), চলাৰী (১,৮৮৫ মিটাৰ), মাউক্‌ৰি (১,৯৭৫ মিটাৰ)ত কেম্প কৰিবলগীয়া হয় ৷ মাউক্‌ৰিৰ পৰা ১৫-১৬ কিলমিটাৰ আঁতৰত বালুৱা (২,৪২০ মিটাৰ) ৷ তাৰ পাছত কিন্দ্ৰে ৷ বিশ্বাস আছে যে এই স্থানত কোনোবাই চিঞৰ-বাখৰ কৰিলে প্ৰবল বৰষুণ হয় ৷ কিন্দ্ৰেৰ পাছত কাপুদা যত প্ৰায় ৪ কিলমিটাৰ পৰিধিৰ এমুহু নামৰ হ্ৰদ এটা পোৱা যায় ৷ তাৰ পৰা প্ৰায় ৪ কিলমিটাৰ আগত ১৪ৰ পৰা ১৮ কিলমিটাৰ পৰিধিৰ আমপি নামৰ অন্য এটা হ্ৰদ আছে ৷ কাপুদাৰ পাছত ইম্‌ৰে ইটাথত শিৱিৰ পাতি অথু-পপুত উপস্থিত হোৱা যায় ৷ চীন-ভাৰতৰ আন্তৰ্জাতিক সীমান্ত লাইন অফ কণ্ট্ৰল অথু-পপুৰ পৰা মাত্ৰ ৫০০ মিটাৰ নিলগত ৷

আমাৰ খনমা, ঝুকভেলী দৰ্শনৰ 'গাইড-সাথী', এক্সপ্লৰাৰ এণ্ড এড্‌ভেন্‌চাৰৰ প্ৰতিষ্ঠাপক দীপমইনা দুৱৰাই ২০১৪ চনৰ আগষ্ট মাহত অথু-প'পুলৈ এক মৃত্যুজয়ী অভিযান চলাইছিল উত্তৰ-পূৰ্বাঞ্চল আৰু অৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী মহিলা এভাৰেষ্টাৰ টিনে মেনাৰ স্বেচ্ছাসেৱী সংগঠন প'পু হেৰিটেজ ফাউণ্ডেচনৰ সৈতে মিলি ৷ ঝুক' ভেলীলৈ যাত্ৰা কৰি থাকোঁতে গাড়ীৰ ভিতৰতে তেওঁৰ মুখেৰেই শুনিছিলোঁ প্ৰতি মুহূৰ্ততে শিহৰণ আৰু ৰহস্যৰে ভৰপূৰ অভিযানটোৰ কাহিনী ৷ প্ৰাকৃতিক সৌন্দৰ্য, ভৌগোলিক ৰহস্য আৰু বহুমাত্ৰিক সংস্কৃতিৰ অনাৱিষ্কৃত জগতখনৰ প্ৰতি আগ্ৰহীসকলে যাৱতীয় প্ৰস্তুতি লৈ অৰুণাচলৰ ভিতৰুৱা স্থানবিলাকত দুঃসাহসিক অভিযানৰ জৰিয়তে দৰ্শন তথা পৰ্যবেক্ষণ কৰি নানান তথ্য পোহৰলৈ আনিব পাৰে ৷ অৰুণাচলৰ বিশেষত্ব তাতেই ৷ অনেক ঠাই এতিয়াও এক্সপ্ল'ৰ হোৱাই নাই ৷

দলংখন অতিক্ৰম কৰাৰ পাছতে দেখি আচৰিত হলোঁ যে পকা সুমথিৰাবোৰে গছে গছে মোক খা মোক খা কৰি ওলমি আছে ৷ ৰাস্তাটোৰ নিচেই দাঁতিতে গছবোৰ ৷ লমালমে লাগি আছে ৷ ছিঙোঁতা নাই, খাওঁতাও নাই ৷ ড্ৰাইভাৰক গাড়ীখন ৰখাবলৈ কবলৈ মন গৈছিল যদিও কিবাকৈ নিজকে সম্বৰণ কৰিলোঁ যেনিবা ৷ সুমথিৰা গছৰ মাজেৰেই পৰশুৰাম কুণ্ড অভিমুখী কমলাবুলীয়া ৰোমাঞ্চকৰ যাত্ৰা এটা কৰা হৈছিল ৷ লেথাৰি নিছিগা কমলা বাগানৰ কাষে কাষেই আলৰ পৰা পাচিঘাটলৈ চিয়াঙৰ পাৰে পাৰে আন এক অভিনৱ যাত্ৰা চলিছিল ৷ ইটালিনৰ পৰিৱেশটো সুকীয়া যদিও দৃশ্যপটবোৰ মনলৈ আহিল ৷ এটা যাত্ৰাই এনেকৈয়ে আগৰ যাত্ৰাকো ৰিফ্ৰেছ কৰি দিয়ে ৷

সিপাৰৰ পৰা অথনি দেখি থকা ৰাস্তাটোৰে গাড়ীখন ঊৰ্ধ্বমুখীভাৱে উঠিব লাগিছে ৷ আমি ওপৰলৈ উঠিছোঁ, ইটালিনখন, তাল'খন ক্ৰমে তললৈ যাব ধৰিছে ৷ ওপৰৰ পৰা দেখা পাইছোঁ, কেনি কি আছে ৷ পৰ্বতৰ শৰীৰত দিয়াচলাইৰ বাকচৰ দৰে লাগিছে শাৰী শাৰী বাসস্থানবোৰ ৷ কিছুমান বিক্ষিপ্তভাৱে আছে ৷

আনিনিলৈ ইয়াৰ পৰা ৪৯ কিলমিটাৰ ৷ তাকে লৈ মনৰ ভিতৰত অনামী উত্তেজনা কিছুমান অহৰ্নিশে বিৰাজমান হ'ব ধৰিছে ৷ গাড়ীখন যিমানে আগুৱাইছে উত্তেজনাৰ তীব্ৰতাও সিমানেই বাঢ়িছে ৷ (ক্ৰমশঃ)

No comments:

Post a Comment