৪.৬ আগজাননী আহি গ’ল সৰগীয় মুহূৰ্তৰ
অৰুণাচল বুলিলে এনে কেতবোৰ ল’কেচন আছে যিবোৰে পৃথিৱীৰ
যিকোনো সৌন্দৰ্যময় স্থানৰ লগত সহজেই ফেৰ মাৰিব পাৰে ৷ সৰহ মানুহেই সেয়া আজিও দেখাগৈ নাই ৷ কোনো কোনোৱে এনেকৈ জোৰকৈয়ে কোৱা শুনিছোঁ ৷ হ’ব পাৰে ৷ পূৰাপূৰি বিশ্বাস কৰিবলৈ মই আকৌ গোটেই অৰুণাচলখন আজিও শেষ কৰিবকে পৰা নাই ৷ বিশ্বব্ৰহ্মাণ্ড ভ্ৰমি পোৱাটো দূৰৈৰে কথা ৷ উভয় দিশ দেখা চমজদাৰ লোকেহে চালি-জাৰি সদুত্তৰ দিব পাৰিব ৷ নিজৰ পুঞ্জীভূত
অভিজ্ঞতাৰে কেৱল এটা কথা বুকুত হাত থৈ ক’ব পাৰোঁ যে অৰুণাচলীয়েই অৰুণাচল প্ৰদেশ ভালকৈ
দেখা নাই ৷ চুক-কোণটো বাদেই ৷ শুনাত বেয়া, কিন্তু সঁচা ৷ ৱালঙত সুধিলোঁ, ‘ইটানগৰ দেখিছেনে, টাৱাঙলৈ গৈছেনে ?’ ‘নাই যোৱা, তেজুৱেই শেষ সীমা
৷’ একেই প্ৰশ্ন মেন-চু-খাতো
কৰিছিলোঁ ৷ ‘আল’ তক গিয়া, উচচে’ আগে’ কভী নে’হী গিয়া ৷’ হ’ব পাৰে ৷ ডাপ’ৰিজ’ৰ মানুহ জিৰ’ৰ প্ৰতি আকৃষ্ট নহ’বও পাৰে ৷ ডিৰাঙৰজন তাকচিঙৰ প্ৰতি কৌতূহলী নহ’বও পাৰে ৷ তেনেস্থলত কেনেকৈ দেখিব সমগ্ৰ অৰুণাচল ? ৰাজ্যখনৰ খুদ মহামহিম ৰাজ্যপাল এগৰাকীয়েই এবাৰ গাজত লগা বাক্য এটা কৈছিল ৷ ‘উত্তৰ-পূৰ্বাঞ্চলৰ মানুহে
আমেৰিকাৰ কথা বেছিকৈ জানে, যিমানখিনি নিজৰ ৰাজ্যখনৰ সম্বন্ধেই নাজানে ৷’
এচাম
মানুহে আজিকালি অৱশ্যে নগৰ-মহানগৰত ঘূৰি ফুৰাৰ সলনি পৰিষ্কাৰ আৰু প্ৰদূষণমুক্ত, নিষ্কলুষ
প্ৰাকৃতিক পৰিৱেশ পছন্দ কৰা হৈছে ৷ নিজেও সময়-সুবিধা-সুযোগ পালেই অৰুণাচলী
প্ৰকৃতিৰ বুকুলৈ দৌৰ মাৰোঁ ৷ পৰম্পৰাগত চাংঘৰত কটাবলৈ, জংঘলত ৰাতি খপিবলৈ, চুঙাত ভাত-দাইল সিজাই খাবলৈ, পাহাৰীয়া নৈত
গা ধুবলৈ পালে ভাল পাওঁ ৷ স্থানীয় লোক-জীৱনক ভিত্তি কৰি বহনক্ষম গ্ৰাম্য পৰ্যটন
প্ৰকল্প গঢ় লৈ উঠাটো সমৰ্থন কৰোঁ, কিয়নো তাৰ জৰিয়তে থলুৱা অৰ্থনীতি সবল হ’ব
পাৰে ৷ পৰ্যটন নিজেই এটা বিশ্বজোৰা সৰ্ববৃহৎ উদ্যোগ ৷
স্থানীয় পৰ্যায়ত গঢ়ি লোৱাটো নিজৰ কাম, যিটো জিবি প’ল’, গেবু চোনাহঁতে কৰি দেখুৱাইছে ৷ প্ৰচাৰ-প্ৰসাৰৰ বাবে থলুৱা পৰ্যটকৰ প্ৰয়োজন আছে ৷ টুৰিষ্ট, ট্ৰেভেলাৰ, এক্সপ্ল’ৰাৰ সকলোৰে বাবেই সম্ভাৱনা আছে অৰুণাচলত ৷ দুঃসাহসিক পৰ্যটনৰতো ক’বই নালাগে ৷
কুমাৰী সৌন্দৰ্যৰ আকৰ অৰুণাচল প্ৰদেশৰ অনুপম
প্ৰাকৃতিক শোভাৰে মনোলোভা ঠাইবোৰৰ বেছিভাগৰে অৱস্থান অতি ভিতৰত ৷ অনেক স্থানত উপস্থিত হ’বলৈ সুচল পথৰ অভাৱ ৷ আচল কথা ক’বলৈ গ’লে ৰাস্তাই নাই ৷ লুংলুঙীয়া
ট্ৰেকেৰে, খৰস্ৰোতা নৈ-নিজৰা অতিক্ৰমি, পৰ্বত বগাই নগ’লে উপায় নাই ৷ আন নালাগে, দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰৰ অৱশিষ্ট উদ্ধাৰ
অভিযানত দেখা দিয়া জটিলতা মন কৰিলেই সহজে বোধগম্য হয়, ৰাজ্যখনৰ অভ্যন্তৰভাগ কেনেকুৱা
অৰণ্যঘন, দুৰ্গম আৰু জয়াল ৷ আনিনিৰ এই কুহেলিকাময় ৰাস্তাটোও এটা উপযুক্ত উদাহৰণ যেনেই লাগিছে ৷ গাড়ী-মটৰ এতিয়ালৈকে
পালোঁনো কেইখন ? এনে ভাব হৈছে যেন কিবা গুপুত ৰহস্যৰ ভাণ্ডাৰলৈহে অগ্ৰসৰ হৈ আছোঁ আমি ১১জন মানুহ !
এইটোও সঁচা যে অৰুণাচল অধ্যয়ন আৰু গৱেষণা সংক্ৰান্তীয় কাম-কাজো বৰ্তমানেও বহু বাকী আছে ৷ লোকচক্ষু বা
ধাৰণাৰ পৰা আজিৰ তাৰিখতো অনেকখিনি আঁতৰত আৰু আৱিষ্কাৰৰ পৰাও বঞ্চিত হৈ ৰৈছে ৷
তেনেকুৱা উদঘাটনবোৰ কেতিয়া হ’বগৈ কোৱাটো টান ৷ আমি গৱেষক নহওঁ ৷
স্বেচ্ছাপ্ৰণোদিত সামান্য বাটৰুৱাহে ৷ মাজে মাজে চিন্তা কৰোঁ, জীৱন যাবগৈ, ঘূৰি
শেষ কৰিব নোৱাৰিম চাগৈ অৰুণাচলখন ৷ ইমানেই বিস্তৰ ! ১৯৯২ চনৰ পৰা ইয়াৰ পাছতে লাগি
আছোঁ ৷ আয়ুস-সীমিত জীৱনটোত অন্ততঃ এখন প্ৰদেশ চোৱাকে সংকল্প হিচাপে লৈছোঁ ৷ এই প্ৰক্ৰিয়াত অজানিতভাৱেই
বাছনিত উঠিছিল অৰুণাচল ৷ সেই অৰুণাচলে এতিয়া লগ নেৰা হৈছে ৷ অৰুণাচলে যাক এবাৰ লম্ভে, তাক সতকাই নেৰে ৷ ষোল্ল অনাই সত্য ৷
নিজৰ সৈতে কথা পাতি ভাব-সাগৰত বুৰ গৈ আছিলোঁ ৷
এনেতে অন্য এক মাইলপ’ষ্টে দেখুৱাই
গ’ল যে মায়’ডিয়ালৈ আৰু ১৬ কিল’মিটাৰ ৷ অৰ্থাৎ ৰ’য়িঙৰ পৰা আমি প্ৰায় ৪০ কিল’মিটাৰ আহিলোঁ
৷ তিৱাৰী গাঁৱৰ পৰা ১২ ৷ কাণ-মূৰ জোকাৰি ভংগীমাটো সলাই ল’লোঁ
৷ আৰু এনেতে...
হাৰে ! ৰাস্তাটোৰ দুয়োপাৰে সৌবোৰ
কি ? থূপ থূপকৈ সিঁচৰতি হৈ থকা বগা বগা সেইবিলাক কি দেখা পাইছোঁ ? বৰফেই হ’ব লাগিব ৷ ওচৰ
চাপিলত খাটাং হ’লোঁ ৷ হয়, বৰফেইতো ! বৰফে আদৰিলে আমাক মায়’ডিয়ালৈ ৷ শুভ্ৰতাৰ আৱেষ্টনীত সোমাই
গৈ আছে ছুম’খন ৷ ভোঁ ভোঁ অবিৰত শব্দ ৷ বৰফ দেখা পাই মনটো নাচিব লাগিছে ৷ বাজি থকা গীতটোৱে পৰিৱেশটো বেছি ভাল লগা কৰি তুলিছে ৷
‘আজ বহত আগেছে’ গিৰা ৰে’ ৷ ইতনা দূৰ তক আ গিয়া !’ ড্ৰাইভাৰো
আশ্চৰ্যচকিত ৷ গম্ভীৰ সুৰত ক’লে শব্দকেইটা ৷ মই তেওঁলৈ চালোঁ ৷ চিন্তিত মুখমণ্ডল
৷ ড্ৰাইভিং হুইল ঠিকেই চম্ভালি আহিছে বাৰু ৷ অনুমান কৰিব ধৰিছে চাগৈ, মায়’ডিয়াৰ ১৬ কিল’মিটাৰ আগলৈকে তুষাৰপাত বিস্তাৰিত হৈছে মানে আগলৈ কেনেকুৱা হ’ব পাৰে ! দূৰৰ পাহাৰবোৰত সেউজীয়া ্অন্তৰ্ধান ৷ বগাৰ আস্তৰণ দেখা গৈছে ৷ যেন গোপনে নৰূপ ধাৰণ কৰি অভ্যাগতক স্বাগতমহে জনাইছে !
এই পথত এই প্ৰথম বৰফৰ মুখামুখি হ’লোঁ ৷ তামাম স্ফূৰ্তি লাগিছে ৷ বিৰাট অনুসন্ধিৎসা জাগিছে ৷ যিমানে আগুৱাইছোঁ সিমানে ঘনত্ব বৃদ্ধি পাই গৈ আছে অ’ত-ত’ত জমা হোৱা থূপবোৰৰ
৷ আকাৰবোৰ ক্ৰমে ডাঙৰ হৈ আহিল ৷ দ’ম বান্ধিব ধৰিলে ৷ কপাহ কিছুমানহে যেন ভাগে ভাগে লানি লগাই থোৱা
হৈছে ! কেঁকুৰিৰ পাছত কেঁকুৰি ঘূৰাৰ সমানে সমানে দৃশ্যাৱলীৰো পৰিৱৰ্তন হৈ গৈ থাকিল ৷ গাঢ়ৰ পৰা
গাঢ়তৰ ৷ ক’লা ৰাস্তাটো মাজতে দুফাল ৷ উত্তেজনা আৰু উল্লাসে পাৰ ভাঙিবলৈ উদ্যত হ’ল ৷ কেৱল মোৰেই নহয়, ছুম’খনত থকা প্ৰত্যেকৰে একে ধৰণৰে প্ৰতিক্ৰিয়া ৷ উঃ, ৱাঃ ৱাঃ, ৱাউউউ ৷ স্বতঃস্ফূৰ্তভাৱে ওলাই অহা আৱাজবোৰতে গম ধৰিব পাৰিছোঁ মানসিক অৱস্থা কোন পৰ্যায় পাইছেগৈ ৷
আনৰ কি নাজানো, মোৰ বাবেতো জনমত নেদেখা দৃশ্য ৷ লগতে নতুন অভিজ্ঞতা ৷ তাকে সম্পূৰ্ণকৈ পাবৰ বাবে চঞ্চলতাৰে ক্ষণ গণি গণি গৈ আছোঁ ৷ খিৰিকীৰ আইনা নমাই ক্লিক কৰিছোঁ ৷ গ্ল’ভছ খুলি পেলােৱাত হাত ঠেৰেঙা লাগিছে ৷ হ’লেও এৰা নাই ৷ মায়’ডিয়া মায়’ডিয়া গোন্ধ এটা যেন নাকত লাগিছেহি ! একেৰাহে উঠি উঠি গৈ থকাৰ পাছত ক’ফি হাউচ গে’ষ্ট হাউচৰ নামনিত থকা মেঠোন-গে’টখনে দি দিলে প্ৰাপ্তিৰ আগজাননী ৷ এইখিনিৰ সৈতে মায়’ডিয়া পাছৰ উচ্চতাৰ তাৰতম্য ১০ মিটাৰ মাত্ৰ ৷ দূৰত্বও বেছি নহয় ৷ অকাই-পকাই খুব বেছি ৫-৬-৭ মিনিট ৷
সন্মুখৰ
পৰ্বতখন তেনেই বগা ৷ তুষাৰধৱল শৃংগবিলাকে গিৰিপথছোৱাতযে সৰগীয় লহৰ চলি আছে
তাৰ আগজাননী দি দিছে ৷ উৎকণ্ঠিত সময় ৷ শ্বাসৰুদ্ধ মুহূৰ্ত ৷ (ক্ৰমশঃ)আনৰ কি নাজানো, মোৰ বাবেতো জনমত নেদেখা দৃশ্য ৷ লগতে নতুন অভিজ্ঞতা ৷ তাকে সম্পূৰ্ণকৈ পাবৰ বাবে চঞ্চলতাৰে ক্ষণ গণি গণি গৈ আছোঁ ৷ খিৰিকীৰ আইনা নমাই ক্লিক কৰিছোঁ ৷ গ্ল’ভছ খুলি পেলােৱাত হাত ঠেৰেঙা লাগিছে ৷ হ’লেও এৰা নাই ৷ মায়’ডিয়া মায়’ডিয়া গোন্ধ এটা যেন নাকত লাগিছেহি ! একেৰাহে উঠি উঠি গৈ থকাৰ পাছত ক’ফি হাউচ গে’ষ্ট হাউচৰ নামনিত থকা মেঠোন-গে’টখনে দি দিলে প্ৰাপ্তিৰ আগজাননী ৷ এইখিনিৰ সৈতে মায়’ডিয়া পাছৰ উচ্চতাৰ তাৰতম্য ১০ মিটাৰ মাত্ৰ ৷ দূৰত্বও বেছি নহয় ৷ অকাই-পকাই খুব বেছি ৫-৬-৭ মিনিট ৷
No comments:
Post a Comment