ঘন বনাঞ্চলেৰে
পৰিৱেষ্টিত সেউজীয়া মিছিমি হিল্ছে শীতত বৰণ সলাই বগা হৈছে, অৰুণাচল প্ৰদেশৰ মায়’ডিয়াত ৷ ৱিণ্টাৰ ফেইৰী লেণ্ডতহে যেন
প্ৰৱেশ কৰিলোঁ এইমাত্ৰ ! এনেকুৱা লাগিছে মোৰ ৷
এইটো মূৰৰ
পৰা চালে ৰাস্তাটোৰ বাঁওহাতে দীঘলকৈ এটা ঘৰ ৷ টিনপাতৰ চালিৰ ওপৰত বৰফলৈ ৰূপান্তৰিত তুষাৰকণাই চটা
বান্ধি আছে ৷ দিনটো আগ বঢ়াৰ লগে লগে ধীৰে ধীৰে তললৈ নামি আহিব, গলিবলৈ আৰম্ভ কৰিব ৷ দাঁতিতে জাপি থৈ দিয়া কাঠবিলাকো ঢাকি পেলালে বৰফে ৷ ড্ৰাম তিনিটামান আছে ৷
সেইকেইটাৰো ঢাকনিবোৰ যেন হিম-বিন্দুৰ সমষ্টিৰেহে তৈয়াৰী ! কাষৰ গছ-গছনিবোৰৰো কি অদ্ভুত চেহেৰা ! বগাসাজ পৰিহিত পৰীয়েহে যেনিবা পিৰিকিয়াই আছে উপস্থিত অভ্যাগতলৈ ! জয়াল পৰিৱেশটোত, কোনো নথকা অৱস্থাত,
অকলে অকলে ঘূৰি-ফুৰি থাকিবলৈ হ’লে
অলপধতুৱা মানুহৰ মনত আনন্দ নহয়, সংশয়ৰ ভাবহে জাগিব ৷ সেইটো নিৰ্ঘাত ৷ সুন্দৰতাৰোযে ভয় লগাব
পৰা চৰিত্ৰ একোটা থাকিব পাৰে, মুখৰ আগৰ ঘোপ মৰা অৱস্থাটোৱে, কিয় জানো ভাবিবলৈ
বাধ্য কৰালে মোক প্ৰথম দৃষ্টিতে ৷ ইয়েই নেকি বাৰু মায়া ?
মইহে এইবোৰ ভাবত ডুবি আছোঁ ৷ সহযাত্ৰীমখাৰ সমূলি ভ্ৰূক্ষেপ নাই ৷ স্ফূৰ্তিতে দুজনীমানে দুহাত
সম্প্ৰসাৰিত কৰি দিছে, যেন সমস্ত মায়’ডিয়াখনকে বুকুৰ মাজত
সাবটি ল’ব ! এক কথাত, আটায়ে উৰুলীকৃত এতিয়া ৷ ছুম’খন ৰখাই দিয়াৰ ছেগতে যিমান পাৰি মস্তি কৰি ল’ব লাগে ৷ চিনাকি-অচিনাকি
পাহৰি নামি পৰিছে বৰফৰ ক্ষেত্ৰখনত ৷ নিজৰ নিজৰ ম’বাইল উলিয়াই প্ৰত্যেকেই ভাগে ভাগে লাগি গ’ল ফটো কেপচাৰ কৰাত, ছেলফী তোলাত, প’জ দিয়াত, এজনে
আনজনক স্নেপ লৈ দিয়াত ৷ মোৰো কেমেৰাই প্ৰাণ পাই উঠিল ৷ হেৰাই গ’লোঁ শুকুলাৰ আৱেষ্টনীত ৷ ‘Our similarities brings us to a
common platform’, কথাফাকিৰ
যথাৰ্থতা এইখিনিতেই ৷
আনহাতে পৰিৱেশটোত দীৰ্ঘ সময়যে আমি নাথাকিম, সেয়াও প্ৰতিজনেই জানো ৷ অলপ পাছতে
এৰিব লাগিব মায়’ডিয়াৰ মোহ ৷ হয়
আগলৈ, নহয় পাছলৈ ৷ আগুৱাই যোৱাটোৱেই কাম্য ৷
জীৱনত নেদেখা দৃশ্য কিছুমান ৷ উত্তেজিত
হৈ পৰিছোঁ ৷ সাৱধানো হৈছোঁ ৷ অধিক কাষলৈ যোৱাটো একেবাৰেই উচিত নহ’ব ৷ নহ’লে হিমৱাহৰ কবলত অনন্ত গহ্বৰত চিৰদিনলৈ অন্তৰ্ধান হৈ যাব লগা হ’ব পাৰে ৷ মায়াৰ নিচিনাকৈ ৷ কথিত আছে, মায়া বোলা যুৱতীজনী এদিন এই গিৰিপথতে
বৰফৰ বুকুত নিখোজ হৈ গৈছিল ৷ বেচেৰীক আৰু বিচাৰি পোৱা নগ’ল ৷ নেপালী ছোৱালীজনীৰ নামটোৰ
পৰাই ঠাইখিনিৰ নাম মায়’ডিয়া হৈছে ৷ শুনা কথা ৷ মায়া
নামে হোটেল এখন আগলৈ আছে বুলি গম পাওঁ ৷ শ্ৰীনিবাসেই কৈছিল সিবাৰ ৷ আমি নগ’লোঁ ৷ ঘটনাৰ সৈতে নামটোৰ
কিবা স্মৃতি সাঙোৰ খাই আছে যদিও নাজানো ৷
সেইবোৰ
বাদ ৷ এতিয়া অভিজ্ঞতা আহৰণৰ সময় ৷ এনেকুৱা সুযোগ সদায় নাহে ৷ ততাতৈয়াকৈ হাতমোজা খুলি পকেটত সুমুৱালোঁ
আৰু আঁজলি ভৰাই তুলি ল’লোঁ শুভ্ৰ-সুকোমল হিমকণা ৷ যিমান পাৰোঁ ওচৰৰ পৰা খুব ভালকৈ নিৰীক্ষণ চলিল ৷ তাৰ পাছতে চেপি ধৰিলোঁ দুহাতেৰে ৷ কাহানিও কৰি নোপোৱা কাম ৷ অনুভৱ ? কি বুলি ক’ম ? কপাহ
বুলিম নে নিমখৰ গুড়ি বুলিম নে পিঠাগুড়ি ? নে আন কিহৰ সৈতে ৰিজাওঁ ? একোৰে দৰেই নহয় ৷ বৰফ বৰফেই ৷ চুলেহে জানিব পাৰি ৷ ময়ো এইমাত্ৰহে জানিলোঁ ৷ ইয়াৰ আগলৈকে
জ্ঞান কিম্বা অভিজ্ঞতা দুয়োটাই আছিল শূন্য ৷ কোনোবাই কোৱা শুনিছিলোঁ বোলে কপাহৰ দৰে, বোলে কমোৱা
তুলাৰ দৰে ৷ চব মিছা কথা ৷ বৰফ বৰফেই ৷ একক আৰু অনন্য ৷ নিজে স্পৰ্শসুখ নোপোৱা পৰ্যন্ত প্ৰত্যেকৰে বাবেই ৰহস্য ৷ তাকে পাবলৈ মায়’ডিয়ালৈ আহিলেই হয় ৷ দূৰলৈ কিয় ভাবিব লাগিছে ?
পাৰাস্তম্ভ কিমান নিম্নগামী হৈছে বাৰু এইখিনিত ?
গম নাপাওঁ ৷ জাৰ লাগিলেও বুদ্ধি এটাই ৷ উত্তেজনাৰেই বশ কৰিব লাগিব ৷ এদ’ম বৰফত মণিবন্ধলৈকে হাত এখন সুমুৱাই দিলোঁ ৷ ছেলফী
ল’লোঁ ৷ জোতাৰে সৈতে ভৰি এখন
সুমুৱায়ো স্নেপ ল’লোঁ ৷ একোবত দ’ম লাগি থকা বৰফ এখিনিৰ ওচৰলৈ ঢপলিয়াই গৈ দুই আঙুলিৰে বৰফ আঁতৰাই নিজৰ নামটোকে খোদিত কৰি পেলালোঁ ৷ পাছত অন্ততঃ ক’বলৈকে হ’ব, বোলে, বৰফৰ দলিচাত লিখি থৈ আহিলোঁ নিজৰ নাম ! স্ন’মেন সাজি চোৱাৰো বৰ ইচ্ছা আছিল
৷ পিছে সময়ে অনুমতি নিদিয়ে ৷ একে ঠাইতে নাথাকি আগলৈও যাব লাগে, দৃশ্য চাবলৈ ৷ মুঠিয়ে মুঠিয়ে বৰফকণিকাবোৰ দলিয়ালোঁ
যেনি-তেনি ৷ আকাশলৈও দলিয়ালোঁ ৷ নামি আহি নিজৰ মূৰতে পৰিলহি ৷ দুখ ? নাই পোৱা ৷ আনন্দহে
লাগিছে প্ৰচুৰ ৷
পাৰভঙা আনন্দ লৈ উন্মাদৰ
দৰে সৰগীয় লহৰৰ মাজত বৰফ খেলত তেনেই মজি আছিলোঁ ৷ তেনেতে কোনোবাই কোৱা শুনা
পালোঁ, ‘চি.এম. চাহাবকা কনভয় সামনে যা ৰহা হে’ ৷’ ‘ক্যা ?’ ‘অৰুণাচল কা চিফ মিনিষ্টাৰ ৷’ ৱাঃ, মুখ্য মন্ত্ৰী ডাঙৰীয়ায়ো এইবাৰ এডভেনচাৰ ৰ’ড ট্ৰিপ লৈ ল’লে ! আনিনিত কাইলৈৰ পৰা আয়োজন কৰা ৰে’হ ফেষ্টিভেললৈ গৈ আছে ৷ বঢ়িয়া ৷ নেতা এনেকুৱা হ’ব লাগে ৷ এনেয়েও পেমা খাণ্ডু, কীৰেন
ৰিজিজু আদি অৰুণাচলী মন্ত্ৰীসকল অলপ বেলেগ ধৰণৰ, বেলেগ মন-মতলবৰ ৷ ভাল পাওঁ তেওঁবিলাকৰ দুঃসাহসিক স্বভাৱটো ৷ হেলিকপ্টাৰেৰেওতো উৰি যাব পাৰিলেহেঁতেন আনিনিলৈ ৷ কম সময়তে,
কম আয়াসতে, সাউতকৈ পালেগৈহেঁতেন ৷ কিয় আহিল বাটে বাটে ? দীৰ্ঘ দূৰত্ব আৰু বেয়া ৰাস্তাত পদে পদে বিপদসংকুলতাক আঁকোৱালি
লোৱাৰ দৰকাৰ কিনো আছিল ? আমাৰ কথা বাৰু অন্য ৷ প্ৰশ্নৰ উত্তৰ এটাই ৷ স্বভাৱৰ
দাস ৷ তদুপৰি এতিয়াইতো উপযুক্ত সময় ৷ নিজৰ ৰাজ্যখনৰ প্ৰান্তৱৰ্তী প্ৰকৃতিৰ আজিৰ সঁচা ৰূপবোৰ এতিয়াই নিজ চকুৰে নাচালে, নিজে হৃদয়ংগম নকৰিলে, সম্ভাৱনা সম্পৰ্কে চিন্তা-চৰ্চা কৰিবইবা কিদৰে ?
সঠিক কৰ্ম পৰিকল্পনা বা আঁচনি যুগুতাব কেনেকৈ ?
উত্তেজনা আৰু অকণমান বাঢ়ি গ’ল ৷ জোতাযোৰত খুব এটা ভৰসা নাই ৷ ঠাণ্ডাও প্ৰতিহত কৰিব পৰা নাই ৷ তথাপি খুপি খুপি খোজ পেলোৱা আৰম্ভ কৰি দিলোঁ আগলৈ ৷ অকলেই ৷ লক্ষ্য মায়’ডিয়া পাছ লিখা হালধীয়া ব’ৰ্ডখন ৷ নে’টৱৰ্ক পালেই হ’ল ৷ ফোন কৰিম ঘৰলৈ ৷ ঘৰতকৈও
আনিনিলৈহে বেছি জৰুৰী ৷ চ’ক’ তায়ুক এবাৰ পাব লাগে মুঠতে ৷
অৱস্থিতি জনাই দিম ৷ নহ’লেও এটা
এছ.এম.এছ. ৷ হ’মষ্টে’ৰ গৰাকীয়ে পুৱাৰ বাৰ্তাটো পালেনে নাই বা ! তাকো গম পাম ৷ ৰঙাৰঙী শিৱ মন্দিৰটো, আৰ্মীৰ কেম্পটো আগত দেখা গৈছেই ৷ শ্ৰীনিবাসক
লগ পোৱা যাব নেকি বাৰু ? কাৰ্গ’ৰ পকেটটো এনেয়ে এবাৰ খেপিয়াই চালোঁ, ম’বাইলটো যথাস্থানত আছেনে ? আছে ৷ বাকী বস্তুবোৰ ঠিকে-ঠাকে আছেতো ? আছে ৷
আমাৰ গাড়ীৰ আগত ৰৈ থকা বলেৰ’খনৰ আগচকাৰ
গুৰিত দীঘল চেইন দুডাল পেলাই ৰাখিছে ৷ বিপদময় বৰফাবৃত্ বাট নিৰ্বিঘ্নে অতিক্ৰম কৰিবলৈ চকাত
শিকলি বান্ধি লোৱাটো সাৱধানতাৰ পৰিচায়ক ৷ বৰফ কাটি নগ’লে ঘটনা ঘটাৰ আশংকা থাকে ৷ এনেকুৱা ৰাস্তাত গাড়ী চলোৱাটোও সহজ নহয় ৷ চকা বাৰে বাৰে পিছলি
যায় ৷ দুৰ্ঘটনাৰ কথা ক’ব নোৱাৰি ৷ চালকজন ওস্তাদ আৰু সাহসী নহ’লেতো নহাই ভাল ৷ আমাৰ ছুম’খনত চেইন-তেইনৰ
ব্যৱস্থা আছেনে নাই গম নাপাওঁ ৷ নাই চাগৈ ৷ ক’তনো থাকিব ? ড্ৰাইভাৰ কিন্তু ঠিক আছে যেন লাগে ৷ নিয়মিত
অহা-যোৱা কৰা অভিজ্ঞতাৰে পুষ্ট ৷ চালকজনৰ জ্ঞান আৰু নিয়ন্ত্ৰণ-কুশলতাই এতিয়া আমাৰ সাৰথি ৷
অফ্ ৰ’ড ক্ষমতাসম্পন্ন টয়টা
ফৰচুনাৰকে আদি কৰি শাৰী পাতি ৰৈ আছে হুনলিমুৱা কেইবাখনো বাহন ৷ চি.এম. ছাৰৰ কনভয় এইটোৱেই
৷ কি মিনিষ্টাৰ, কি চিকিউৰিটি, কি পাব্লিক, কি চাপ্ৰাচী, গাড়ীৰ পৰা নামি আটায়ে
সমানে উপভোগ কৰি আছে তুষাৰাবৃত মায়’ডিয়াৰ
বিপুল বৈভৱ ৷ প্ৰকৃতিৰ দৰবাৰত সকলো সমান ৷ তাতে এয়া বাৰে বাৰে বা সতকাই হাতলৈ
নহা সোণালী সুযোগ ৷ সৌন্দৰ্যৰ সন্মোহনীয়ে একে স্থানতে একত্ৰিত কৰি পেলাইছে
ইয়ালৈ অহা সকলোজনকে ৷ দর্শনকাৰীসকলৰ মাজত আখৈ ফুটাদি ফুটিছে আশ্চৰ্যপ্ৰকাশক
শব্দ-বাক্য ৷ তাৰ লগে লগে ৰূপমুগ্ধতাৰ শাৰীৰিক বহিঃপ্ৰকাশ ৷ ওচৰ চাপি যাওঁতে দেখিলোঁ আৰু প্ৰতিক্ৰিয়াবোৰো মই শুনা পালোঁ ৷ পুলিছৰ হুইছেল আৰু ৰক্ষীৰ গিজগিজনি নেদেখিলোঁ হ’লে ৷ গৈ থাকিলোঁ মানুহ আৰু গাড়ীৰ ফাঁকে
ফাঁকে ৷
আগৰবাৰ আহোঁতে স্পষ্টভাৱে দেখিছিলোঁ যে ৰাস্তাছোৱা ভালদৰে পকী কৰা ৷ বি.আৰ.অ’.ই সজা ৷ এতিয়া উপৰিভাগ দেখা গৈ থকা অৱস্থাত নাই ৷ বৰফৰ আস্তৰণ, দৰ্শনকাৰীৰ
খোজত চেপেটা হোৱা বৰফৰ গুড়ি, ফিচিকি ওলোৱা পানী আদিয়ে গোটেইখন ঢাকি ধৰিলে ৷ যেনিয়েই
চাওঁ তেনিয়েই ৰাশি ৰাশি বৰফ ৷ বিশেষকৈ গছ-গছনিবোৰে তুষাৰকণাবোৰ ডালে-পাতে ধাৰণ কৰি কিযে অপৰূপ তথা আচৰিত ৰূপ পাইছে ! তলফালে চাই ভালো লাগিছে, ভয়ো জাগিছে ৷ নীলিম আকাশখন আজি হেৰাই থাকিল
৷ দূৰলৈ গুচি গ’ল ৷ বৰফকণাবোৰৰে জয়জয়কাৰ যেন সৰ্বদিশে ৷ দলিচা পাৰি বহি লৈছে ৷ বতৰে
উজ্জ্বলতা হেৰুৱালে ৷ নিশা হ’বলৈহে গৈ আছে যেন ! এনে লাগিছে ৷
মন্দিৰটো পালোঁ ৷ বাওঁহাতে
কেম্পটোও পালোঁ ৷ চালৰ ওপৰ, ট্ৰাকৰ ওপৰ, পানীৰ টেংকি, পাইপ, কাঁটা তাঁৰৰ ফেন্সিং, আৰ্মীৰ ছিগনেল পেনেল, মন্দিৰৰ ওপৰত ৰখা সৰ্পৰ ফণা, ক’ত নাই হিমকণিকাৰ স্থান ? যেনি-তেনি ওলমি আছে ৷ বৰফৰ চাদৰেৰেহে যেন মেৰিয়াই
আছে কেউপাশ ৷ আগৰবাৰ এইডোখৰতে ৰৈ শ্ৰীনিবাসৰ সৈতে কথা পাতিছিলোঁ ৷ এতিয়া ইউনিফৰ্মত থকা জোৱান এজনক
পাই মনটোক দমাব নোৱাৰি চিধাচিধি সুধিয়ে পেলালোঁ, ‘ইয়াত শ্ৰীনিবাস বুলি এজন আছিল… ৷’ কেই চেকেণ্ডমান চিন্তা কৰিলে তেওঁ ৷ উত্তৰ দিলে, ‘নাই, ইমানদিন ধৰি ইয়াত কোনো নাথাকে ৷ ট্ৰেন্সফাৰ হ’ল নিশ্চয় ৷’
কল্পনা কৰিছিলোঁ সেই তেতিয়াই ৷ মন্দিৰটোৰ স্থানতে
মহাদেৱৰ প্ৰকাণ্ড জোখৰ প্ৰতিকৃতি এটা সাজিব পৰা হ’লে
বৰফ পৰা দিনকেইটাত কৈলাশৰ অন্যৰূপ যেনেই লাগিলহেঁতেন চাগৈ ৷ অতিৰিক্ত এটা টুৰিষ্ট এট্ৰেকচনো হ’লহেঁতেন
নিশ্চয় ৷ সিবাৰ কল্পনা কৰা ছবিখন এইবাৰ বেছি শক্তিশালী হৈ উঠিল ৷ (ক্ৰমশঃ)
No comments:
Post a Comment