৫.৬ ডিবাঙৰ পাৰে পাৰে…
নীলা-সেউজীয়া ডিবাঙক নামনিত ৰাখি ওপৰৰ পৰ্বতে পৰ্বতে সৰ্পিলাকাৰ পথেৰে আমাৰ গাড়ী
অগ্ৰসৰ হৈছে ৷ বেটিছ কেম্প পাৰ হৈ আহিলোঁ ৷
ডিবাং
উপত্যকাৰ মূল উপনৈ আৰু শাখানৈসমূহক লৈ চলোৱা বিস্তৰ অধ্যয়ন, বিশ্লেষণ আৰু পৰ্যবেক্ষণৰ
অন্তত ভাৰত চৰকাৰৰ পৰ্যাৱৰণ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে ২০১৬ চনৰ জুলাই মাহত
প্ৰকাশ কৰা চূড়ান্ত প্ৰতিবেদনখনত চিহ্নিত হৈছিল ডিবাং অৱবাহিকাৰ অন্তৰ্নিহিত শক্তি
কিমান ৷ ২২ মেগাৱাটৰ পৰা ৩,০৯৭ মেগাৱাট, মুঠ ৯,৯৭৩ মেগাৱাট বিজুলী শক্তি উৎপাদন ক্ষমতাসম্পন্ন
১৮টা জলবিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা বিগত সময়ত যুগুতাই উলিওৱা হৈছিল ৷ তাৰে ১৪টাৰ অনুমোদনো
জনোৱা হৈছে ৷ দৰাচলতে অৰুণাচল
প্ৰদেশত প্ৰস্তাৱিত প্ৰায় ৫০,০০০ মেগাৱাট শক্তিসম্পন্ন জলবিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে
১৪৭টা নদীবান্ধ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ইতিমধ্যে অনুমোদন দিয়া হৈছে
৷ ডিবাং অৱবাহিকাত উজনিৰ
পৰা নামনি অনুক্ৰমে নিৰূপিত ১৮টা প্ৰকল্প হৈছে মাথু নদীত ২টা, ড্ৰিত ২টা, এনজেপানীত ১টা,
তাল’ত ২টা, আননপানীত ১টা, ড্ৰি আৰু
তাল’ত সন্মিলিতভাৱে ১টা, এম্ৰাত
২টা, আহিত ১টা, ইথুনত ২টা, ইথিপানীত ১টা, ডিবাঙত ১টা, আচুপানীত ১টা আৰু চিচিৰিত ১টা ৷
ইয়াৰে ইথুন নৈখন আমি অথনিয়ে পাৰ হৈ আহিছোঁ ৷
এইখন
ডিবাঙৰ ওপৰত হ’বলগীয়া ডিবাং বহুমুখী প্ৰকল্পটোৰ
উৎপাদন ক্ষমতা পোনতে নিৰ্ধাৰণ কৰা হৈছিল ৩,০০০ মেগাৱাট ৷ পুনৰীক্ষণৰ পাছত থিৰাং হয় ২,৮৮০ মেগাৱাট ৷ প্ৰকল্পথলী মুনলি ৷ আনিনিলৈ নিৰ্মাণৰত ট্ৰেন্স অৰুণাচল হাইৱে’ৰে ৰ’য়িঙৰ
পৰা ৪৩ কিল’মিটাৰ ৷
আচুপানী আৰু ডিবাঙৰ সংগমথলীৰ পৰা ১.৫ কিল’মিটাৰ নিম্নসোঁতত বান্ধৰ অৱস্থান ৷ আচুপানী
নৈখন মায়’ডিয়াৰ বৰফাবৃত পৰ্বতমালাৰ ২,৫০০
মিটাৰ উচ্চতাত উৎপত্তি হৈছে ৷ ২৮ কিল’মিটাৰ গতি কৰি ই ডিবাঙৰ বাঁওপাৰে পৰিছে ৷ অৱবাহিকাৰ বিস্তৃতি
১১০ বৰ্গ কিল’মিটাৰ ৷
জলবিদ্যুৎ প্ৰকল্পৰ
ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰতে ডিবাঙৰ বান্ধটো সবাতোকৈ ওখ বান্ধ হ’ব ৷ প্ৰস্তাৱিত
প্ৰকল্পটোৰ কংক্ৰিট গ্ৰেভিটি ডেমৰ উচ্চতা ২৭৮ মিটাৰ ৷ দৈৰ্ঘ ৩৭৫
মিটাৰ ৷ অৱবাহিকা অঞ্চল ১১,২৭৬ বৰ্গ কিল’মিটাৰ
৷ ডিবাং আৰু আচুপানী উভয়ৰে পানী ধাৰণ কৰাকৈ নিৰ্মাণ হ’বলগীয়া
ধাৰকৰ দৈৰ্ঘ ৪৩ কিল’মিটাৰ
৷ ধাৰণ ক্ষমতা ৩.৮৫ বিলিয়ন কিউবিক মিটাৰ ৷ প্ৰজেক্টটো সম্পূৰ্ণ কৰিবলৈ সময় লাগিব ৯ বছৰ ৷
ভাৰতৰ তদানীন্তন প্ৰধান
মন্ত্ৰী মনমোহন সিঙে ২০০৮ চনৰ ৩১ জানুৱাৰী তাৰিখে ইটানগৰত ডিবাং বহুমুখী প্ৰকল্পৰ
আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰিছিল ৷ তাৰ পাছৰ পৰাই দীৰ্ঘসময় ধৰি বিভিন্ন
কাৰণত গাঁথি লাগি থাকিল ৷ মূলতঃ ডিবাংপৰীয়া ইদু মিছিমি অধিবাসীসকলে তেওঁলোকৰ
পৈত্ৰিক ভেটি উছন, গৃহ স্থানান্তৰকৰণ, কৃষিভূমিৰ বিলুপ্তি, অধিকাৰ হেৰুৱাৰ আশংকা, নৈপৰীয়া
স্বাভাৱিক জীৱন-যাত্ৰাত আহি পৰিবলগীয়া হেঙাৰ আদি ন্যায্য কাৰণবোৰক লৈ ২০০৮ চনৰ পৰা ২০১৩ চন পৰ্যন্ত এই প্ৰকল্পটোৰ
ঘোৰ বিৰোধিতা কৰি আহিছিল ৷ বৃহৎ নদীবান্ধ যিহেতু ক্ষতিকাৰক, সেয়ে স্বাভাৱিকতে প্ৰশ্ন উঠিছিল, এয়া উন্নয়ন নে বিভীষিকা ? অৰণ্য ধ্বংস, পৰিৱেশ নষ্ট,
পৰ্যাৱৰণত বিৰূপ প্ৰভাৱ ইত্যাদি যুক্তিসংগত কাৰণত সমগ্ৰ ৰাজ্য তথা আন্তঃৰাষ্ট্ৰীয়
পৰ্যায়তো তুমুল প্ৰতিবাদ হ’ল, গেৰুকামুখৰ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সমানেই ৷
ভাৰত চৰকাৰৰ পৰ্যাৱৰণ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ
বন পৰামৰ্শদাতা সমিতিয়ে পুনৰীক্ষণৰ সন্দৰ্ভত ২০১৩ চনৰ জুলাই আৰু
২০১৪ চনৰ এপ্ৰিল মাহত প্ৰজেক্টটো দুবাৰকৈ নাকচ কৰে ৷ সেউজ সংকেত নোপোৱাত
আৰম্ভণিও পিছুৱাই গৈ থাকে ৷ অৱশেষত ২০১৬ৰ চূড়ান্ত প্ৰতিবেদনৰ ভিত্তিত চৰকাৰে নতুনকৈ বিবেচনা কৰি ২,৮৮০ মেগাৱাট ডেম হাইড্ৰইলেকট্ৰিক পাৱাৰ
প্ৰজেক্টটো নিৰ্মাণৰ সিদ্ধান্ত লয় ৷
২০১৮ চনৰ জুন মাহৰ হিচাপ
অনুযায়ী ২৮,০৮০.৩৫ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্পৰ বাবে ভাৰত চৰকাৰৰ অৰ্থনৈতিক
পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে ২০১৯ চনৰ জুলাই মাহত প্ৰাক-নিয়োজিত ব্যয় হিচাপে ১,৬০০
কোটি টকা মোকলাই দিয়াত অনুমোদন জনায় ৷ স্থানান্তৰ কৰিবলগীয়া
অধিবাসীসকলৰ ক্ষতিপূৰণ, সলনি বনানীকৰণ, প্ৰজেক্টথলীলৈ পথ-দলং নিৰ্মাণ আদি শিতানৰ বিপৰীতে এই ধনৰাশি ধাৰ্য
কৰা হৈছে ৷
ডিবাং বহুমুখী প্ৰকল্প নিৰ্মাণৰ নামত অৰুণাচলৰ সেউজ বনাঞ্চলৰ প্ৰায় ৩.৫ লাখ গছ কটা যাব ৷ পানীৰ তলত ডুব যাব ৩,৫৪৬ হেক্টৰ ভূমি ৷
তাৰে ১,১৭৬ হেক্টৰ নদীগৰ্ভ ৷ প্ৰকল্পটোৰ বাবে প্ৰয়োজন হোৱা মাটিৰ পৰিমাণ ৫,৩৪৯
হেক্টৰ ৷ তাৰে ৪,৫৭৭.৮৪ হেক্টৰ অবৰ্গীকৃত ৰাজ্যিক বনাঞ্চল, ৭০১.৩০ হেক্টৰ
বনাঞ্চলহীন বাসোপযোগী ভূমি, ৭০ হেক্টৰ পানীখেতিৰ মাটি ৷
প্ৰকল্পটোৰ নিৰ্মাণকাৰী নেছনেল হাইড্ৰ’-ইলেকট্ৰিক
পাৱাৰ কৰ্প’ৰেচন
লিমিটেড, চমুকৈ এন.এইচ.পি.চি. ৷ ২০১৫ চনৰ মে’ মাহতে পৰ্যাৱৰণ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে ক্লিয়েৰেন্স
ৰিপ’ৰ্ট দিছিল
যদিও সংস্থাটােৱে কামত হাত দিয়া নাছিল ৷
২০১৯ বৰ্ষত একো কামেই নচলিল ৷ ২০২০ত চলাৰ কথা ৷ সেইমতে হ’লে
২০২৯-৩০ত সম্পূৰ্ণ হৈ উঠিব লাগে ২,৮৮০ মেগাৱেট ডিবাং বহুমুখী জলবিদ্যুৎ প্ৰকল্প ৷ আনহাতে তাৰ আগতেই সম্পূৰ্ণ হৈ উঠিব আমি আহি থকা ৰ'য়িং-আনিনি ট্ৰেন্স অৰুণাচল
হাইৱে’ ৷
প্ৰকল্পটো কাৰ্যক্ষম হ'লে উৎপাদিত
বিজুলীৰ ১২ শতাংশ অৰ্থাৎ ১৩.৪৬ মেগাৱাট অৰুণাচল প্ৰদেশক বিনামূলীয়াভাৱে যোগান ধৰা
হ’ব ৷
সাংসদৰ স্থানীয় এলেকা উন্নয়ন পুঁজিলৈও বিনামূলীয়াকৈ আগ বঢ়োৱা হ’ব ১ শতাংশ ৷ থলুৱা চাহিদা পূৰণৰ পাছত অৱশিষ্ট বিজুলী
অৰুণাচলে চুবুৰীয়া আন ৰাজ্যক বিক্ৰীও কৰিব পাৰিব ৷ ফলত ৰাজহৰ আমদানি হ’ব ৷ কেন্দ্ৰীয়
চৰকাৰৰ পুঁজিৰ ওপৰত নিৰ্ভৰশীলতা কমি যাব ৷ স্থানীয়ভাৱে নিয়োগৰো বিশাল সুবিধা ওলাব
৷ বহুমুখী প্ৰকল্পটোৰ অন্তনিৰ্হিত এক উদ্দেশ্য হ’ল ব্ৰহ্মপুত্ৰৰ বান নিয়ন্ত্ৰণ, যাৰ জৰিয়তে অসমত বানপানী নিয়ন্ত্ৰিত হ’ব ৷ কৃষিভূমিত জলযোগান অপৰ্যাপ্ত হ'ব ৷
প্ৰস্তাৱিত জলবিদ্যুৎ প্ৰকল্পবোৰৰ মাধ্যমেৰে আন্তঃৰাষ্ট্ৰীয় সীমান্তত লাগি থকা চুবুৰীয়া
ৰাষ্ট্ৰ চীন দেশেও এটা বাৰ্তা পাব যে অৰুণাচল প্ৰদেশ ভাৰতৰ ৷ ভাৰত চৰকাৰে এই ভূখণ্ড এৰি দিয়া নাই বা গুৰুত্বহীনভাৱে পেলাই থোৱা নাই ৷ গতিকে চীনে এই ভূখণ্ডত অনৈতিক দখলদাৰী কিম্বা অনৰ্থক চকু দি থকাৰ
কোনো অাৱশ্যক নাই ৷ স্মৰ্তব্য যে ভাৰত চৰকাৰে অৰুণাচল প্ৰদেশত ৰাস্তা নিৰ্মাণ কৰাক
লৈও চীনে এসময়ত অসন্তুষ্টি প্ৰকাশ কৰিছিল ৷ সিফালে ৪২,০০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য লৈ নিজৰ দেশত ১,৬০০ কিল'মিটাৰজুৰি য়াৰলুং চাংপো আৰু উপনৈসমূহত তেওঁলোকে সাজিছে ৪০টাকৈ নদীবান্ধ আৰু ৰিজাৰ্ভাৰ ৷ নিৰ্মীয়মান প্ৰকল্প আৰু ভূমিস্খলনৰ বাবে চিয়াঙৰ পানী ঘোলা হোৱা বুলি ভাৰতজুৰি চৰ্চা হৈছিল ৷
উত্তৰ-পূবৰ সবাতোকৈ ঈৰ্ষণীয় সম্পদ-সম্ভাৰেৰে
চহকী অৰুণাচল প্ৰদেশ ৷ এই সম্ভাৰৰ বাবে কেতবোৰ ৰাজ্যই অৰুণাচললৈ বাট চাই থকাটোও অস্বাভাৱিক কথা নহয় ৷ প্ৰতি মুহূৰ্ততে অগ্ৰগতি আৰু বিকাশৰ দিশে ধাৱমান আজিৰ সভ্য,
উন্নত বিশ্বখনত বিদ্যুৎ শক্তি অবিহনে মানুহৰ অস্তিত্বই সংকটাপন্ন হৈ পৰাটো এতিয়া
সকলোৱে জনা সত্য আৰু সহজবোধ্য কথা ৷ সমগ্ৰ অৰুণাচল প্ৰদেশ শক্তিৰ অক্ষয় ভাণ্ডাৰৰ ৰূপত সুপ্ত হৈ আছে ৷ আধুনিক যুগৰ মানুহে এয়া কেনে ধৰণে হৰণ-ভগন কৰে সেয়া সময়ে ক'ব ৷
ৰাষ্ট্ৰীয়
প্ৰকল্পবোৰ যথাযথভাৱে সম্পূৰ্ণ আৰু কাৰ্যক্ষম হ’বলৈ হ’লে
দেশৰ ৰাজনৈতিক, অৰ্থনৈতিক মানচিত্ৰত অৰুণাচলৰ স্থান তথা মান ক’তযে
ৰ’বগৈ ! কল্পনা কৰিব নোৱাৰি ৷ সংস্থাপনহীন
কোনোৱেই নাথাকিব ৷ Rich Land Poor People, সেয়াই অৰুণাচল প্ৰদেশ বুলি হাইলেণ্ডাৰসকলৰ
বিষয়ে বিৰূপ মন্তব্য কৰাসকলৰ মুখ চিৰকাললৈ বন্ধ হৈ পৰিব ৷
অৰুণাচল অক্ষয় জ্ঞান আৰু গৱেষণাৰ
ভাণ্ডাৰ ৷ সেই ভাণ্ডাৰত ডুব মাৰি মোৰ দৰে নিমাখিত প্ৰাণীয়ে ক’ত পাৰ পাম ? কাটিং জ’ন, বিপদজনক
এঢলীয়া, ঠেক মাটিৰ ৰাস্তাৰে মোহময়ী ডিবাঙৰ পাৰে পাৰে ঢৌ লেখি লেখি একেৰাহে উঠি আহি থাকোঁতে
ভাবনাত কেতিয়ানো বুৰ গ’লোঁ ক’বকে নোৱাৰোঁ ৷ হুঁচ আহিল, যেতিয়া দেখিলোঁ যে সন্মুখৰ
ৰাস্তাটোচোন বন্ধ !
গোটা বাঁহেৰে সজা গে’ট এখনে বাট
ভেটি ৰাখিছে ৷ মেঠোন গে’ট নেকি ? এইফালেতো মেঠোনৰ একো কথাই থাকিব নোৱাৰে ৷ জনবসতিয়ে য’ত নাই ৷ পথ
নিৰ্মাণৰ কামহে চলি থকা পাই আহিছোঁ একে লেথাৰিয়ে ৷ তেনেস্থলত ?
আগচিটত বহা যাত্ৰীৰ যি দায়িত্ব ৷ স্বজ্ঞানে বুজি পাই বিনা-বাক্য-ব্যয়ে
নামি গ’লোঁ ৷ যুঁজিছোঁহে যুঁজিছোঁ, খুলিব পৰা নাই ৷ কি ধৰণৰ কিটিপ লগালে
ঔ এইখনত ? ধৰিবকে পৰা নাইচোন ! ড্ৰাইভাৰলৈ চাইছোঁ ৷ খঙো উঠিছে ৷ অধৈৰ্যও হৈছোঁ
অলপমান ৷ পেটৰ ভিতৰত নিগনি দৌৰি আছে ৷ দুজনমানে গাড়ীৰ ভিতৰৰ পৰাই চিঞৰ মাৰিছে,
এইছা কিজিয়ে, ৱেইছা কিজিয়ে…৷ মোৰ অসহায়
অৱস্থাটো দেখি ড্ৰাইভাৰে ধুমধাম হৰ্ণ বজোৱাত লাগি গ’ল ৷ সন্মুখত
কেঁকুৰি ৷ কেঁকুৰিতে ঘৰ এটা ৷ সিফালে কি আছে দেখা নাযায় ৷
হৰ্ণৰ বিকট শব্দ শুনা পায়ে আঁতৰৰ পৰা মানুহ এজন দৌৰি-ঢাপৰি ওলালহি
৷ লোৰ মাৰি এডাল কেনিবাদি সুমুৱাই বন্ধ কৰি ৰাখিছিল ৷ মই দেখাই নাপালোঁ ৷ গোপন চাবিটো খুলি মানুহজনে গে’টখন মেলি দিলে
৷ ছুম’ পাৰ হ’ল ৷ দুই মিনিট গ’লোঁ কি নাই,
দৃশ্যপট বেলেগ হৈ পৰিল ৷
অলপ আগলৈকে কেঁচা ৰাস্তাত হালি-জালি আছিলোঁ ৷ এতিয়া মুখৰ আগত পকা
ৰাস্তা, হাইৱে’ ৷ মসৃণ পথ পাই চালকেও স্পীড বঢ়াই দিলে ৷ এক-দুই, এক-দুই কৰি ইঞ্জিনটোৱেযেন
ইমানপৰে উশাহ নোপোৱা কিহবাতহে বন্দী হৈ আছিল ! আপাৰ গিয়েৰত পৰি ভোঁ-ভোঁৱাই দৌৰিব
ধৰিলে ৷ যাত্ৰীসৱলৈ চালোঁ ৷ চকু-মুখবোৰ সপ্ৰতিভ হৈ পৰিছে ৷ গুণগুণনি আকৌ আৰম্ভ হৈছে ৷
No comments:
Post a Comment