৪.৩ কাৰবি পাহাৰৰ পৰা মিছিমি পাহাৰলৈ...
দেওপানী পাৰ হৈয়ে মিছিমি পৰ্বতৰ
আৰম্ভণি ৷ পাদদেশেৰে অকোৱা-পকোৱা আৰু ক্ৰমান্বয়ে ঊৰ্ধ্বমুখী আনিনিৰ বাট ৷ ১৮২৫ চনত ব্ৰিটিছ ইণ্ডিয়ান আৰ্মীৰ লেফটেনেণ্ট বাৰ্টনে তিব্বত আৰু চীনলৈ সম্ভাব্য
পথৰ সন্ধানত ব্ৰহ্মপুত্ৰৰ উচ্চভাগত অভিযান চলাওঁতে প্ৰথমবাৰ মুখামুখি হৈছিল মিছিমি লোকৰ ৷
লোহিত, আঞ্জাৱ,
দিবাং ভেলী, ল’ৱাৰ দিবাং
ভেলী আৰু আপাৰ চিয়াং ৷ অৰুণাচল প্ৰদেশৰ পূ্ৰ্বোত্তৰৰ এই পাঁচোখন জিলা মিছিমিসকলৰ
গৃহভূমি ৷ বৃহৎ ভূখণ্ডটো পৰম্পৰাগতভাৱেই মিছিমি হিলছ নামে অভিহিত হৈ আহিছে ৷ কাল নিৰূপণ
কৰিব নোৱাৰা দিনৰে পৰাই মিছিমিসকলৰ তিনিটা প্ৰধান শাখা আৰু তিনিটা উপ-শাখাৰ মানুহৰ
ইয়াত বসতি ৷ ইদু বা চুলিকটা মিছিমিসকলে দিবাং ভেলীত সম্পূৰ্ণৰূপে, ল’ৱাৰ দিবাং ভেলীৰ পাৰ্বত্য এলেকাবোৰত
আৰু আপাৰ চিয়াঙৰ অংশবিশেষত প্ৰভাৱ বিস্তাৰ কৰি আছে ৷ মিজু বা কামান মিছিমি আৰু ডিগাৰু
বা তাৰাওঁ মিছিমিসকলে লোহিত আৰু আঞ্জাৱ জিলাত বাস কৰে ৷ নিজ নিজ দোৱানক বাদ দি সংস্কৃতি,
পৰম্পৰাগত নীতি-নিয়ম, সাজ-পাৰ আৰু জীৱন-শৈলীৰ ফালৰ পৰা মিজু আৰু ডিগাৰু মিছিমিসকলৰ
সামঞ্জস্য আছে ৷ আনহাতে ইদুসকলৰ আংশিকহে মিল দেখা যায় প্ৰশাসনীয় নিয়ম, বিবাহ, চিকাৰ
কৰা আৰু মাছ ধৰাৰ কায়দাৰ সৈতে ৷ দোৱানৰ ক্ষেত্ৰত ইদুসকল মিজুতকৈ ডিগাৰুৰ কাষ চপা
৷
আগৰবাৰ মায়’ডিয়ালৈ যাওঁতে এক্সকেভেটৰে পথটো কাটি-খান্দি আছিল ৷ ঠায়ে ঠায়ে
কালভাৰ্ট সাজি থকা হৈছিল ৷ আহুকলীয়া ৰাস্তাছোৱা সম্পূৰ্ণ হৈ গ’ল ৷ পূৰ্বতে থকা এছ. টাৰ্ণ, ইউ. টাৰ্ণ, জেদ্
টাৰ্ণবোৰৰো ঘনত্ব কমিল ৷ মনত পৰিছে, ১২ কিল’ত পথৰ বাওঁহাতে তললৈ চাং বাংল’যুক্ত ৰিজ’ৰ্ট এটা আছিল ৷ দিবাং ভেলী জাংগল কেম্প ৷ সেইখিনিতে ভিউ পইণ্টত
এখন্তেক ৰৈ লোহিত্য সংগমলৈ ধাবিত ডিবাংখনৰ নান্দনিক ৰূপ প্ৰত্যক্ষ কৰিছিলোঁ ৷ তাৰ আগতে
হায়ুলিয়াঙৰ ৰাস্তাত মিছিমি পাহাৰতে অৱস্থিত ৱাই জংছনৰ পৰা ৩ কিল’মিটাৰ নিলগত সাজি থোৱা লোহিত ভিউ পইণ্টত গাড়ী
ৰাখি ভৈয়ামলৈ চালে দেখা লোহিতখনৰ দুপাৰৰ বিশাল উপত্যকাটোৰ নয়নাভিৰাম দৃশ্য হেঁপাহ
পলুৱাই চাইছিলোঁ ৷ অৰণ্যৰ মাজে মাজে দৃশ্যমান হৈছিল ১৫ কিল’মিটাৰ দূৰত্বৰ তেজু সংযোগী সৰ্পিলাকাৰ পথটো ৷ আজিৰ
তাৰিখত সিফালে কেনে ধৰণৰ পৰিৱৰ্তন ঘটিল নাজানো, এইফালে কিন্তু পৰিৱেশ সলনি হ’ল ৷ চিন ধৰাই টান হৈ পৰিছে ৷ ছুম’খন গোঁ-গোঁৱাই উঠি আছে ৷ ৰোৱাৰ সম্ভাৱনা নাই
৷ চিটৰ পৰাই চাই চাই গৈ আছোঁ চকুৱে সামৰিব পৰা চৌপাশ ৷
ৰ’য়িঙত দেওপানীৰ পাৰ ৷ পাচিঘাটত চিয়াঙৰ পাৰ ৷ মাজৰছোৱা মোৰ বাবে
আজিও missing link৷ জানো যে সেই অঞ্চলতে আছে এই বোঁৱতী দিবাংখন, ডামবুক আদি ৷ ভেদ
ভাঙিবলৈ কেতিয়াবাৰে পৰাই সুযোগৰ অপেক্ষাত অধীৰ হৈ আছোঁ ৷ ভাঙিম কেতিয়াবা ৷
এইবাৰেই, শেষ মুহূৰ্তত চ’ক’ তায়ুৰ এছ.এম.এছ.টো নহা হ’লে… ৷ মাজে মাজে দেখা দি থকা দিবাংখনে এনেকুৱা ভাব কিছুমানো মনলৈ আমদানি নকৰাকৈ নাথাকিল ৷ পুৱাৰ নিৰ্মল বতাহৰ সোঁ-সোঁৱনি, সন্মুখৰ আইনাখনত আকাশৰ পৰা উৰি আহি
পৰা বৰষুণৰ সূক্ষ্ম কণিকাই দেহে-মনে বুজাব নোৱাৰা অনুভূতি কিছুমান প্ৰদান কৰি গ’ল ৷
খিৰিকীৰ আইনাখন আধাতকৈও বেছিকৈ নমাই থোৱা আছে ৷ সম্বিৎ অহাত মোৰ ঠিক
পাছৰ আসনত বহি অহা যুৱতী যাত্ৰীক সুধিলোঁ, ‘তকলিফ হ’তাহে’ ক্যা ছিষ্টাৰ ?’ তাই ‘না না’ কৰি উঠিল ৷ ঠাণ্ডা লাগিলেও বাটৰ সৌন্দৰ্য নোচোৱাকৈতো নোৱাৰি ৷ প্ৰকৃতি চোৱাৰ উলাহ-আনন্দৰ তাড়নাত এনেকুৱা ঠাণ্ডা বতাহৰ কোবো বিনা-প্ৰতিবাদে সহ্য কৰি যাব পাৰি ৷ আসনৰত
অৱস্থাৰ পৰাই যেতিয়াই যিফালেই মন গৈছে দৃশ্যসমূহ মাজে-মধ্যে ক্লিক্ কৰি গৈছোঁ৷
কেমেৰাটো ফুল চাৰ্জ দি অনা হৈছে ৷ ল’ড কৰা আছে ৩২ জিবিৰ মেম’ৰী কাৰ্ড ৷ চিন্তা কিহৰ ?
ডক্টৰ জে. পি. ৱেডে ১৭৯৮ চনতে লিখি থৈ যোৱা অসমৰ নৈবোৰৰ চমু
ভৌগোলিক বিৱৰণত উল্লিখিত ‘গাভৰু লুইত’ বা ‘লুইত’ অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ অন্যতম শক্তিশালী উপনৈ দিবাং ৷ মিছিমিসকলে
তাল’ বোলে ৷ বিজ্ঞানসন্মত নদী অধ্যয়নৰ বাটকটীয়া
অধ্যাপক যোগেন্দ্ৰ নাথ শৰ্মাৰ ‘অসমৰ নদ-নদী’ গ্ৰন্থত পঢ়িবলৈ পোৱামতে দি আ + পাং = দিয়াপাং ~ দিপাং ~ দিবাং ৷ অসমীয়াকৰণত দিবাং বা ছিকাং হৈছে ৷ নৈখনৰ উৎস অৰুণাচল প্ৰদেশৰ উত্তৰ সীমাৰ সমীপৰ ৫,৩৫৫ মিটাৰ উচ্চ
পৰ্বত শিখৰ ৷ অজোন নাম লৈ চীন সীমান্তৰ বৰফাবৃত অঞ্চলৰ পৰা ওলাই পোনভাৱে
দক্ষিণলৈ বৈ আহিছে ৷ ৫০ কিল’মিটাৰ আহি আনিনি পাইছে ৷ তাৰ পৰা দিবাং নামে ১২ কিল’মিটাৰ অহাৰ পাছত দ্ৰি আৰু আংগি নৈ লগ হৈছে ৷ ২০
কিল’মিটাৰ আহি টগান (তাল') নৈক বাঁওপাৰে লৈছে ৷ আৰু ৭ কিল’মিটাৰ আহি এমৰা নৈক সোঁপাৰে লৈছে ৷ তাৰ পৰা ১০
কিল’মিটাৰ ভটিয়াই আঞ্চলি পায় ৷ তাত আহুই নৈক
সোঁপাৰে লৈছে ৷ আৰু ৮ কিল’মিটাৰ ভটিয়াই ইথুন নৈক বাওঁপাৰে লৈ দক্ষিণ-পশ্চিমমুৱা হয় ৷ তাৰ পৰা
২২ কিল’মিটাৰ আহি অছুনপানী (আচুপানী) নামৰ ঠাইত প্ৰৱেশ কৰে
৷ তাতে চিৰকি আৰু ইচি নৈ আহি সোঁপাৰে পৰেহি ৷ সেইখিনিৰ পৰা নৈখন বহল ৷ এটা শাখাই
দোলাং কং নামে ফাটি মূল নৈখনৰ পূবেদি দক্ষিণমুৱা হৈ বৈ গৈছে ৷ বাটত দিগি নামৰ এখন
উপনৈক বাঁওপাৰে সামৰি নাম লৈছে ইফিপানী ৷ গতিপথত এই ইফিপানীয়েই বাওঁপাৰে দেওপানীক সাবটি
দক্ষিণলৈ আহি অসমত সোমাই ২ কিল’মিটাৰ ভটিয়াই মূল নৈৰ লগ লয় ৷ মূল নৈখনে ইচি নৈৰ মুখৰ পৰা ভটিয়াই
বাটত চিহি, আগৰু, তপত, কৰং আদি নৈক বুকুত লৈ বমজুৰৰ কাষেদি ১০ কিল’মিটাৰ দক্ষিণলৈ আহি দুভাগত বিভক্ত হৈছে ৷ এটা ভাগ গংগো নামে পশ্চিমফালে ফাটি মূল নৈখনৰ পৰা এটা দীঘলীয়া বৃহৎ চাপৰিৰ
দ্বাৰা পৃথক হৈ দক্ষিণ-পশ্চিমমুৱাকৈ ৩০ কিল’মিটাৰ বৈ লোহিতত পৰে ৷ মূল নৈখন ১০ কিল’মিটাৰ দক্ষিণলৈ আহি অসমত সোমায় ৷ বাটত দেওপানীক
বাওঁপাৰে লৈ ১৫ কিল’মিটাৰ ভটিয়াই কুণ্ডিল ঘাটৰ পৰা ৭ কিল’মিটাৰ পশ্চিমে লোহিতত পৰে ৷
দিবাং নৈখন আৰু ইয়াৰ উপনৈসমূহে পৰ্বতৰ মাজেদি বৈ আহোঁতে দ দ
গিৰিখাতৰ সৃষ্টি কৰিছে ৷ দুপাৰৰ প্ৰাকৃতিক দৃশ্যসমূহো অতি মনোৰম ৷ দিবাং নৈৰ
অৱবাহিকাই ১২,২৭০ বৰ্গ কিল’মিটাৰ এলেকা আগুৰি আছে ৷ নৈখনেদি প্ৰৱাহিত পানীৰ বাৰ্ষিক সৰ্বোচ্চ
পৰিমাণ প্ৰতি ছেকেণ্ডত ২,৬০০ৰ পৰা ৯,৭০০ ঘনমিটাৰ ৷ এই নৈয়ে বাৰ্ষিক গড়ে ১,৫৫,০০০
হেক্টৰ মিটাৰ গেদ কঢ়িয়ায় ৷ এই নদ-নদীসমূহৰ নতুন জৰীপ, নতুন গৱেষণা,
গতিপথ অধ্যয়ন ইত্যাদি অৰ্থাৎ ৰি-ডিচক’ভাৰৰ প্ৰয়োজনীয়তা আহি নপৰা নহয় ৷
ভাৰতৰ অন্তিম পূবৰ পৰা বৈ আহি থকা লোহিতখনে শদিয়া এৰি ৮ কিল’মিটাৰ যোৱাৰ পাছত দিবাং সংযুক্ত হৈছে ৷ আগলৈ
গৈ চিয়াং অৰ্থাৎ দিহাঙৰ চিবিয়া সুঁতিটো লগ লাগোঁতেই নাম লৈছে ব্ৰহ্মপুত্ৰ নদ ৷ মহানদ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰেই ইতিহাসৰ বিভিন্ন ক্ষণক সাক্ষী কৰি গঢ় লৈ উঠিছে
ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতা ৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰে কাৰবি পাহাৰৰ পৰা মই আহিছোঁ
দিবাং উপত্যকাৰ মিছিমি পাহাৰলৈ ৷ ইয়াৰ প্ৰকৃতি, ইয়াৰ মাটি, পানী, বতাহ আৰু মানুহক
নিচেই ওচৰৰ পৰা চাবলৈ, অনুভৱ কৰিবলৈ ৷ (ক্ৰমশঃ)
No comments:
Post a Comment