চকুৰ
টিপ মাৰিবলৈকো যেন টান পাইছোঁ ! সন্মুখলৈ অনৰ্গলভাৱে আহি থকা চৌপাশৰ নান্দনিক
সৌন্দৰ্য সানন্দে উপভোগ কৰোৱাই ওপৰলৈ নি আছে ছুম’খনে ৷ কিবা এটা ৰহস্য যেন আছেই আছে আগত !
এনেকুৱাও লাগিছে ৷ তাকে লৈ ৫ বছৰ পুৰণা স্মৃতি ঘূৰাই অনাৰ চেষ্টা অকণমান কৰা দৰকাৰ বুলি ভাবিবলৈ বাধ্য হ’লোঁ ৷
মনত
আছে, আগৰবাৰ আহোঁতে ব’হাগ বিহুৰ
ভৰপক বতৰ ৷ ১৬ এপ্ৰিল আছিল ৷ ৰৌদ্ৰোজ্জ্বল পুৱাটোত মায়’ডিয়া টপত কি কি পাইছিলোঁ তেতিয়া ? সোঁহাতে ৰাস্তাৰ দাঁতিতে টিনপাতৰ
চালিৰে শিৱ মন্দিৰ এটা ৷ টিকটিকীয়া ৰঙা ৰং সনা ৷ বিপৰীতে, অস্থায়ী ৰূপত সেনাৰ নাতিবৃহৎ
কেম্প ৷ ৰাস্তাটো সেইখিনিত প্ৰায় ১ কিল’মিটাৰকৈ আগলৈ-পাছলৈ শিল-বালি-চিমেণ্টৰ মিশ্ৰণেৰে ঢালাই কৰা
আছিল ৷ উদ্দেশ্য, এনেকুৱা তুষাৰবৃষ্টিৰ দিনত যাতে যাতায়াত ব্যাহত নহয় ৷ মন্দিৰটোৰ দাঁতিত
৩০০ হেক্টৰ ভূমিৰে মেডিচিনেল প্লেণ্ট কনজাৰ্ভেজন এৰিয়া ৷ দুষ্প্ৰাপ্য গছ-গছনিৰ সংৰক্ষিত এলেকাটোৰ সৈতে সংলগ্ন ২৮১.৫০ বৰ্গ কিল’মিটাৰজোৰা মেহাও
বন্যপ্ৰাণী অভয়াৰণ্য ৷ নাতিদূৰত দেখা মিছিমি পৰ্বতলানিৰ শিখৰে শিখৰে বৰফৰ শোভা ৷ ঠিক এনেকুৱাই
আছিলতো !
কে.
আৰ. শ্ৰীনিবাস ৷ হয় ঠিকেই ৷ ঘপহকৈ মনলৈ আহি গ’ল নামটো ৷ লগতে চেহেৰাটোও ৷ ইণ্ডিয়ান
আৰ্মীৰ ছিগনেল বিভাগৰ কৰ্তব্যত নিয়োজিত দক্ষিণ ভাৰতীয় ৷ ভালেকেইটা
টালি-টোপোলাৰে ঘৰলৈ যাব ওলাইছিল সিদিনা ৷ ভৰিৰ পৰা মূৰলৈকে সৈনিকৰ সাজ ৷ মায়’ডিয়াৰ পৰা নামি ৰ’য়িং, ৰ’য়িঙৰ পৰা তেজু, তেজুৰ পৰা ডিব্ৰুগড়, ডিব্ৰুগড়ৰ পৰা চেন্নাই ৷
মানুহজনক সহায় কৰিব পৰাকৈ আমাৰ স্কৰপিঅ’খনত ঠাই অকণোৱেই নাছিল পিছে ৷ পৰশুৰাম কুণ্ডৰ পৱিত্ৰজল, লোহিতৰ হট
স্প্ৰীঙৰ গন্ধকমিহলি পানীৰ বটল, ডঙত সংগৃহীত বনৰীয়া ফুল, বাটে-ঘাটে উঠাই লোৱা বিভিন্ন বৰণৰ
সৰু-বৰ শিলগুটি, চাল্লি লে’কৰ পাৰৰ
পূৰঠ আমলখিৰ টোপোলা, নিজৰ নিজৰ লাগেজ ইত্যাদিৰে ছেদেলি-ভেদেলি আৰু থেপা-থেপিকৈ ভৰ্তি ৷ কথা পাতি
থাকোঁতেই শ্ৰীনিবাসে তেওঁৰ টাচ্চ-পেড ম’বাইলটো উলিয়াই ঠাইটুকুৰাৰ বৰফাবৃত্ত দিনৰ ফটোগ্ৰাফ দেখুৱাই কৈছিল, ‘জানুৱাৰী-ফেব্ৰুৱাৰী মে’ আও ৷ তব দেখেগা মায়’ডিয়াকা আচলি নজাৰা ৷ অভিত’ বৰ্ফ ভাগ গয়া ৷’
অপূৰ্ব
সৌন্দৰ্য ৷ ফটো চাই আহ্লাদিত হোৱাৰ সমানে সমানে হাতত ফোন লৈ থকা দেখা পায়ো আচৰিত
হৈছিলোঁ ৷ ‘ভাইচাহাব
আপকা হাথ মে’ ম’বাইল, লেকিন নে’টৱৰ্কত’ য়হাঁ হে’ নে’হী !’ ডাঠ মোছকোছাৰ তলেৰে মিচিকিয়াই চাউথ
ইণ্ডিয়ানজনে আঙুলিয়াই দিছিল কেইমিটাৰমান দূৰত দণ্ডায়মান হালধীয়া ব’ৰ্ডখনলৈ, য’ত উল্লেখ আছিল Welcome Mayodiya Pass Altitude 2655
mtr. 62 UDK 752. ‘আপ ৱহাঁ চলা যায়িয়ে ৷ ঠিক ব’ৰ্ড কে’ নিচ্চে ৷
বি.এছ.এন.এল. নে’টৱৰ্ক মিল
যায়েগা ৷’ সংগীসকলে
কথাটো টং কৰাৰ আগতেই হাতত সাৰে ভৰিত সাৰে সেইখিনিত উপস্থিত হৈছিলোঁগৈ আৰু ছিগনেল
পায়ে ঘৰলৈ ফোন লগাইছিলোঁ... মই এতিয়া মায়'ডিয়াত...
সেই তেতিয়াই ভাবি থৈছিলোঁ যে আকৌ আহিম ৷ মায়’ডিয়াৰ ওপৰত প্ৰকৃতিৰ অসীম কৃপাৰ ছবিখননো কেনেকুৱা, তাক স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ আকৌ আহিবই লাগিব ৷ আৰু এয়া… আহি গৈছোঁ ৷ প্ৰকৃতিৰ আহ্বান, মায়’ডিয়াৰ আহ্বান ৷ ‘The forest call each and everyone of us. Only a certain few
hears the call.’ প্ৰণিধানযোগ্য কথাষাৰ লগে লগে মনত ভাহি উঠিল ৷ আমাৰ তেতিয়াৰ টীম মাৰ্ক’ পল’ৰ প্ৰাক্তন সংগীসকলৰ
এজনোৱেই এই মূহূৰ্তত মোৰ লগত নাই ৷ অকলশৰীয়াকৈ, কিছুমান অচিনাকি যাত্ৰীৰ সৈতে বৰফময়
মায়’ডিয়াত পদাৰ্পণ কৰিছোঁ ৷ পুনৰবাৰযে আহিব পাৰিছোঁ, সঁচাকৈয়ে এয়া প্ৰকৃতিৰ আহ্বান, মায়’ডিয়াৰ অকুণ্ঠ আহ্বান যেনেই লাগিছে ৷ শ্ৰীনিবাসক ওপৰত পোৱা যাব নেকি বাৰু ? ভাবিলোঁ ৷ পালেই সাবটি ধৰিম ৷ ভাইচাহাব, একদম ঠিক কহা থা আপনে’ বুলি ৷
বৰফ
খেলা, ছেলফী লোৱা, খোজ কাঢ়ি পৰিৱেশৰ আনন্দ লৈ ফুৰা কেইজনমানক পাৰ হৈ আহিছোঁ ৷ গাড়ী তেনেকৈ
নাই পোৱা ৷ তুষাৰপাত বেছিকৈয়ে হৈছে নেকি বাৰু ? চৌপাশৰ পৰিৱেশেতো তাৰেই ইংগিত বহন কৰে ! তাকে
লৈ মনটো দুৰু দুৰু নকঁপাও নহয় অৱশ্যে ৷ পাৰ হ’ব পাৰিমনে ? নিজকে নিজে প্ৰশ্ন কৰিছোঁ ৷ প্ৰকাশ কৰা নাই কাৰো আগত ৷
অন্তিম
কেঁকুৰিটো ঘূৰোঁতেই দেখা গ’ল, আগৰ গাড়ীবোৰ নিথৰ ৷ ৰাস্তাৰ সোঁমাজতে ৰখাই থৈছে ৷ ষ্টাৰ্ট বন্ধ ৷
অত্যুৎসাহী মানুহ কিছুমানে স্তূপীকৃত বৰফবোৰ চাই মজা লৈ আছে ৷ সুযোগ পালে ময়ো নামি যাম ৷ চিনেমাৰ নিচিনাকৈ দলিয়া-দলি খেলিম ৷ এইবুলি ভাবিছিলোঁহে মাত্ৰ...
‘ৰ’ড ব্লক হ’ গিয়া লাগতা হে’ ৷ আগে’ যানে নে’হী দে’গা আজ ৷’ এইবুলি কৈয়ে আমাৰ ড্ৰাইভাৰ চাহাবেচোন জিভা কামুৰিলে ! ইলেকট্ৰিক চক্ খোৱাৰ
দৰে লাগিল মোৰ ৷ এক মুহূৰ্তৰ কাৰণে মনটোও ভীষণ অশান্ত হৈ পৰিল ৷ তেন্তে কি হ’ব এতিয়া ? উভতিব লাগিব নেকি ইয়াৰ পৰাই ? কি হ’ব মোৰ আনিনিৰ স্বপ্নটো ! আকৌ নতুন
অনিশ্চয়তাৰ মেৰপেঁচত সোমাই পৰিলোঁ নেকি ! এসোপামান দুশ্চিন্তাই একেলগেই যেন আক্ৰমণ কৰিবলৈ আগ বাঢ়ি আহিল হৃদয়খনক ৷ আন যাত্ৰীসকলেও নিজ নিজ ভাগে তাৎক্ষণিক
প্ৰতিক্ৰিয়া ব্যক্ত নকৰাকৈ নাথাকিল ৷ চ’ক’ তায়ুৰ কথা মনলৈ আহিল ৷ তেৱোঁতো গৈছে ৷ সিদিনা মাত্ৰ ৷ একেটা ৰাস্তাৰেই ৷ বৰফৰ
মাজেৰেই পাৰ হৈছে নিশ্চয় ৷ এইবিলাক কথাটো একো মোক জনোৱা নাই ৷ আমিও যাব পাৰিলেই হয় দেই ঈশ্বৰ !
শাৰীৰ
অন্তিমত থকা মিনি ট্ৰাকখনৰ পাছতে আমাৰ ছুম’খনে ব্ৰে’ক মাৰিলে ৷ সময়টো চালোঁ ৷ ৯ বাজি ২০ মিনিট ৷ তলৰ পৰা উঠি থাকোঁতে একেৰাহে কেইমিনিটমান
ভিডিঅ’ ৰেকৰ্ডিং কৰি আহি আছিলোঁ ৷ উল্লাসেৰে ভৰপূৰ হৃদয়, দেহ, মন, মগজু, সৰ্বশৰীৰ ৷
অনাকাংক্ষিতভাৱে গাড়ীখন হঠাতে এনেকৈ ৰোৱাৰ লগে লগে কেমেৰা সামৰিবলৈ বাধ্য হ’লোঁ ৷ দৰজা খুলিবলৈ লৈ ভাবিছোঁ, আগত কি হৈছে-নহৈছে তাৰ অনুসন্ধান
কৰিব লাগিব ৷ যাবই লাগিব আজি, যেনেকৈ হ’লেও ৷
কোনেবা যাবলৈ নিদিয়ে বুলিছে ড্ৰাইভাৰে ! সেইটো জানিব লাগিব ৷ কিয় নিদিয়ে তাকো জানিব লাগিব ৷ যাওঁ খবৰ লওঁগৈ ৷
তাৎক্ষণিক দুশ্চিন্তাবিলাকৰ মাজতো গাড়ীৰ
পৰা নামি মাটিত (মাটিত নহয়, শুভ্ৰ দলিচাত) ভৰি দিয়েই মই পাগল হৈ গ’লোঁ ৷ জীৱনত এনেকুৱা আগতে
কাহানিও দেখা নাই ৷ চকুৰে মণিব পৰালৈকে কেৱল বগা আৰু বগা ৷ গছে গছে ওলমিছে শুভ্ৰ ৰুমাল ৷ কিযে মনমোহিনী দৃশ্য ! প্ৰাচুৰ্যময় প্ৰকৃতিৰ শ্বাসৰুদ্ধকাৰী ৰং-ৰূপে বলিয়া কৰি দিলে মোক ৷
মোকেই নহয়, ছুম’খনৰ প্ৰত্যেকজন যাত্ৰীকে ৷ ৱাঃ ৱাঃ, ৱাউ ৱাউ, য়াহু... ৷ হৈ-হাল্লা কৰি
নামিল আৰু য’ৰ গাড়ী ত’তে এৰি আটায়ে পিয়াপি দিলে ৷ মায়’ডিয়াৰ মায়াই কাক কেনি টানি নিছে
হিচাপ নোহোৱা হ’ল ৷ কাষৰ দ’মবোৰলৈকে চাব নে পাছত এৰি অহা দৃশ্যটোকে মন কৰিব নে বৰফত খোজ দি আৰু আগলৈ গুচি যাব ? মুঠতে চৌদিশৰ অবিশ্বাস্য পৰিৱেশ দেখি মানুহবোৰ ক’ব নোৱাৰা হৈ পৰিল ৷ আশ্চৰ্যৰ ভাবৰ লগতে মোৰ মনত বাৰে বাৰে প্ৰশ্ন একোটাই দোলা দিছেহি ৷ কি অদ্ভুত বেশভূষা ! হে’ ভগৱান, কি দেখিছোঁ এয়া ! এনেকুৱাওনো থাকেনে ? যি দেখিছোঁ সঁচানে
এয়া ? নিজকে যেন চিকুটিহে চাম ! মই ক’ত আছোঁ ? ওপৰলৈ এবাৰ চালোঁ আৰু হাতযোৰ কৰি চকু দুটা মুদি
দিলোঁ ৷
বৰফৰ
ওৰণিয়ে ঢাকি ধৰা মায়াময় মায়’ডিয়া পাছত
উপস্থিত হৈয়েই পৰিৱেশটো কিবা ভৌতিক ভৌতিক লাগি গ’ল ৷ ৰ’য়িঙৰ পৰা সেউজীয়াৰ মাজেৰে উঠি উঠি ক’তযে এতিয়া বগাৰ মাজত ওলালোঁহি আহি ! বাৰে বাৰে ভাবিছোঁ একেটাই কথা ৷ এনেকুৱাও
থাকেনে ? হে’ ভগৱান ! কি দেখুৱাইছা মোক ? এনেকুৱা দৃশ্যও সৃষ্টি হ’ব পাৰে নেকি ? কোনজন বিশ্বকৰ্মাই সাজিলেহিজানো ধৰণীৰ এইটো প্ৰান্ত
? ইমান ধুনীয়া ! মায়াৰ চানেকি মায়’ডিয়া বুলি
এনেয়ে নকয় ৷ প্ৰমাণ হাতে হাতে পাই গ’লোঁ ৷
প্ৰকৃতিৰ মাদকতাভৰা সঁচাৰূপ প্ৰত্যক্ষ কৰি ঈশ্বৰক ধন্যবাদ জনালোঁ ৷ চকুৰ কোণত দুটোপাল আনন্দলোতক
আপোনা-আপুনি জমা হোৱা যেন লাগিল ৷ সুখৰ চকুলো ৷ প্ৰাপ্তিৰ চকুলো ৷ অনুৰূপ
অৱস্থা মোৰ ঝুক’ ভেলীৰ অবিশ্বাস্য মখমলীয়া শ্যামলী ৰূপ দেখা পাই হৈছিল, শিখৰৰ পৰা মেন্-চু-খাৰ বিস্তাৰিত সৌন্দৰ্য দৰ্শনত হৈছিল, নামতি ভেলীত নীল-সেউজীয়া লোহিতৰ মন মতলীয়া কৰা লয়লাস ভংগী দেখা পাই হৈছিল ৷
সঁচাৰ্থতে মানুহৰ কল্পনাৰ সৰগীয় সৌন্দৰ্যৰে পৃথিৱীখনতে সৃষ্টিকৰ্তাই এনে কেতবোৰ সাজোন সজাই ৰাখিছে, য’ত উপস্থিত
হ’লে মুখেদি নিজে নিজেই ওলাই আহে… অ’ গড্ বুলি ৷ নিগৰি আহে আনন্দলোতক, নিজৰ অজ্ঞাতে ৷ ভগৱান বুলি কিবা অদৃশ্য শক্তি এটাযে আছে তেতিয়াই স্পষ্ট উমান পাওঁ ৷ প্ৰকৃতিয়েই ভগৱান বুলিও নীৰৱে মানি লওঁ ৷ ভাবি লওঁ যে মোৰ বাবে এয়াই সৰগ ৷ সৰগ বেলেগে আৰু নাই ৷ (ক্ৰমশঃ)
No comments:
Post a Comment