Thursday, 9 April 2020

৪.৪ লাহে লাহে প্ৰৱেশ কৰিলোঁ অৰণ্যৰ গভীৰতাত


য়িঙতকৈ ইতিমধ্যে কেইমিটাৰমান উঠিলোঁ যেন লাগিছে ৷ ৰিণিকি ৰিণিকি তললৈ দেখা গৈ থকা টাউনখন, ভৈয়ামৰ মুকলি দৃশ্যবোৰ অদৃশ্য হল ৷ বিৰামহীন গতিৰে সোমাই যাব ধৰিলোঁ ৰহস্যময় মিছিমি পৰ্বতৰ আৱৰ্তলৈ ৷ ১২ কিলৰ পৰা আৰম্ভ কৰি ইটাপানী পৰ্যন্ত এলেকাটো পক্ষীপ্ৰেমী তথা অনুসন্ধিৎসু গৱেষকৰ বাবে ভূ-স্বৰ্গ বুলি জনা যায় ৷ সমুদ্ৰপৃষ্ঠৰ পৰা ২০০-৫০০ মিটাৰ উচ্চতাত ইয়াৰ অাৰম্ভণি ৷
য়িং এৰি প্ৰায় ১৬-১৭ কিলমিটাৰ যাত্ৰা কৰাৰ পাছতে বহল ৰাস্তাটোৰ পৰিসমাপ্তি ঘটিল ৷ স্বাভাৱিকতে প্ৰশ্ন এটায়ো মগজুত কোবালেহি যে হাইৱে নিৰ্মাণৰ কামটো ইমানলৈকেহে নেকি ? আগলৈ দেখোন কাম চলাৰ একো উম-ঘামেই নাই ! কি কথা ? উত্তৰ নাই ৷
ছুমখন এইবাৰ ঠেক, পুৰণা ৰাস্তাটোৰে আগ বাঢ়িব ধৰিলে ৷ হাবি-জংঘলবোৰযেন চাপিহে আহিল ! অলপ আগলৈকে পাই থকা আৰামটো নাইকিয়া হল ৷ গতিও আগতকৈ মন্থৰ হল ৷ সহযাত্ৰীসৱৰ হুমুনিয়াহ ৷ মোৰ কিন্তু ভালহে লাগিল ৷ কিয়নো, আৰণ্যক গোন্ধটো এতিয়াহে ঠিককৈ পাম ৷ প্ৰকৃতি, নিৰ্জনতা আৰু দুৰ্গমতা, জনসমুদ্ৰৰ পৰা আঁতৰি হেৰাই যোৱাৰ আনন্দ লবৰ বাবে উত্ৰাৱল হৈ পৰা প্ৰাণটোৱে কিছুদিনৰ পৰা বিচাৰি থকা প্ৰিয় পৰিৱেশটো পাই সুখ অনুভৱ কৰিলে আৰু মিছিমি পৰ্বতৰ গভীৰতাত অৱগাহন কৰিবলৈ সাজু হল৷ গা-মূৰ জোকাৰি ভালকৈ বহি ললোঁ ৷ কোনো প্ৰকাৰৰ বাধা বা অসুবিধা, কাৰো কোনো নিৰ্দেশ কিম্বা হাৰাশাস্তি, একোৱেই তিলমানো কাম্য নহয় এনেকুৱা মুহূৰ্তত ৷ মবাইল নেটৱৰ্ক নথকাটোও এক প্ৰকাৰৰ আশীৰ্বাদহে ৷ পকেটত সোমাই থকা হেণ্ডছেটটো এনেয়ে এবাৰ হাতলৈ আনি চালোঁ ৷ নাই, নেটৱৰ্ক গায়েব ৷ বঢ়িয়া ৷ গৈ থাকা এতিয়া ৷
পক্ষী দৰ্শনকাৰীৰ বাবে এই অঞ্চলটো অতিকৈ মনোযোগ আকৰ্ষণকাৰী ৷ বিলুপ্ত প্ৰজাতিৰ কেইবাবিধো চৰাই ইয়াত পোৱা যায় ৷ গতিপথত পোৱা বিশেষ আলি-কেঁকুৰি একোটাই বিশিষ্ট বাৰ্ডিং স্পটৰূপে গুৰুত্ব লভি আহিছে ৷ আগৰবাৰ আহোঁতে দীঘল দীঘল লেন্স লৈ চৰাই জুমি থকা থাইলেণ্ডৰ ১০জনীয়া দল এটাক পাইছিলোঁ ৷ এঠাইত গাড়ী ৰখাই বাটৰ কাষতে গজা পকা পকা ৰঙা-চানেকীয়া গৰু-খিচবোৰ খুব খাইছিলোঁ ৷ তাৰ দুদিনৰ পাছতে গুঁইজানত ডিবৰুৰ পাৰৰ বনশ্ৰী ইক টুৰিজিম ৰিজৰ্টত, পক্ষী-দৰ্শন সম্পৰ্কীয় আড্ডাত চৰাইক মতাৰ কিটিপ কিছুমান বুজাই দিয়াৰ উপৰি নিজৰ ফোনত ৰেকৰ্ডিং কৰি ৰখা বাৰ্ড কলিঙৰ অডিঅ এটা শুনাইছিল উদ্ভিদ আৰু জীৱকুল সম্পৰ্কে বিস্তৰ জ্ঞানসম্পন্ন বেনুদা ওৰফে জয়নাল আবেদিনে ৷ মনলৈ আহিছে সমস্ত কথাবোৰ ৷
সেউজীয়াৰ মাজে মাজে আহি থাকি তিৱাৰী গাঁও পালোঁ ৷ তিৱাৰী গাঁৱক ২৮ বুলিও কয় ৷ ঠাইটুকুৰা ৰয়িং আৰু মায়ডিয়া গিৰিপথৰ ঠিক সোঁমাজত ৷ ৰাস্তাৰ জোখ-মাখৰ উদ্দেশ্যে এতিয়াৰ পৰা প্ৰায় ৫৭ বছৰৰ পূৰ্বে উত্তৰ প্ৰদেশৰ পৰা তিৱাৰী উপাধিৰ এজন লোক ইয়ালৈ আহিছিল ৷ পাহাৰৰ মাজৰ এই ঠাইডোখৰ তেওঁ ইমানেই ভাল পালে যে ইয়াতে থকাৰ সিদ্ধান্ত লৈ ললে ৷ তেতিয়াৰে পৰা জনপদটোৰ নামটো তিৱাৰী গাঁও হল ৷ শুনা কথা ৷ এইডোখৰৰ উচ্চতা ১,৩০০ মিটাৰ ৷ তাৰ মানে ৰয়িঙতকৈ বহুত ওখলৈ উঠিলোঁ ৷
এই পথছোৱা অৰুণাচল প্ৰদেশৰ আটাইতকৈ সন্মানীয় জীৱ মেঠোনৰ মুক্ত বিচৰণথলী ৷ ৰাস্তাটোত আগতে কেইবাখনো গেট পাইছিলোঁ ৷ ৰখীয়াবিহীন গেট ৷ খিৰিকীৰ কাষত বহাজনৰ দায়িত্বই হয়গৈ যে প্ৰতিবাৰেই গাড়ীৰ পৰা নামি দৌৰ মাৰি গেট খুলি দিবগৈ লাগিব ৷ গাড়ীখন পাৰ হোৱাৰ পাছত জপাই দিয়াটো দ্বিতীয় কৰ্তব্য ৷ আমাৰ স্কৰপিঅখনৰ চালক সুমিত সিং পেটেলে তেতিয়া মোক বুজাইছিল, মেঠোনক আবদ্ধ কৰি ৰখাৰ বাবেই গেটবোৰ সজা হৈছে ছাৰ ৷ সিহঁত যাতে নিৰ্দিষ্ট এলেকাৰ বাহিৰলৈ যাব নোৱাৰে তাৰ কাৰণেই এই ব্যৱস্থা ৷ ইফালে, এই ৰাজ্যখনৰ অৰঙে-দৰঙে ঘূৰি-পকি ফুৰা সত্ত্বেও অইনফালে ইমান পথ-জপনা হলে মই দেখা নাই ৷ এইটোও ঠিক যে এই ৰাস্তাটো বহল হোৱাৰ লগে লগে মেঠোন-গেটো নিশ্চয় অন্তৰ্ধান হব ৷ ঘনাই গাড়ীৰ চলাচল হলে মেঠোনো ৰাস্তালৈ নাহিব, যেনেকৈ গৰু-ছাগলীবিলাক লাহে লাহে নোহোৱা হৈ পৰে ৷ সিহঁতে জনা হৈ যায় যে সেই জেগা সিহঁতৰ বাবে নহয় ৷ মানুহ আৰু যান-বাহনৰহে ৷ সি যি কি নহওক, এতিয়া এইটো অৱধাৰিত যে সন্মুখত গেট পালে খোলাৰ ভাৰ হব মোৰে, কাৰণ মই আগচিটৰ, দৰজাৰ কাষৰ যাত্ৰী ৷
মেঠোন বনগৰু গোষ্ঠীৰ অন্তৰ্ভুক্ত প্ৰাণী ৷ তৃণভোজী যদিও কিছুমান উগ্ৰও হয় ৷ কিছুমান ইমানেই প্ৰকাণ্ড আকৃতিৰ হয় যে কেৱল বাঘেহে ইহঁতক চিকাৰ কৰিব পাৰে ৷ সেয়ে প্ৰাণীবিধক কোনো কোনোৱে বনষাঁড় বুলিও কয় ৷ পূব অৰুণাচলৰ ৱালঙলৈ যাওঁতে বা সোৱণশিৰিৰ পাৰে পাৰে মধ্য অৰুণাচলৰ লিমেকিঙলৈ যাওঁতেও, আমি বাট ভেটি ধৰাকৈ মেঠোনৰ জাক পাইছিলোঁ ৷ দুই-তিনিটা থকা জেগাত গাড়ী ৰখাই মৰসাহস কৰি বিস্কুটো খুৱাইছিলোঁ ৷ মেঠোন-গেটহে পোৱা মনত নপৰে ৷
অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ পৰা আৰম্ভ কৰি মিজোৰামৰ চিৰহৰিৎ বৰ্ষাৰণ্য অঞ্চলটো পৰ্যন্ত এলেকা উত্তৰ-পূব ভাৰতৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰধান অঞ্চল হিচাপে চিহ্নিত হোৱা বুলি পঢ়িবলৈ পাইছিলোঁ ৷ আনিনিৰ ৰাস্তাত জৈৱ-বৈচিত্ৰ্যপূৰ্ণ বনাঞ্চল যথেষ্ট পৰিমাণে আছে ৷ ইয়াৰ আৰ্দ্ৰ জলবায়ু জীৱ জগতৰ বাবে অতিশয় স্বাস্থ্যকৰ ৷ ইয়াত বৰষুণৰ পৰিমাণ বেছি ৷ বাৰ্ষিক ৪,৫০০-৫,০০০ মিলিমিটাৰ ৷ মাৰ্চ মাহৰ পৰা আৰম্ভ কৰি অক্টোবৰ মাহ পৰ্যন্ত প্ৰচুৰ বৃষ্টিপাত হয় ৷ জলীয় বাষ্পৰ পৰিমাণ ৯০ শতাংশতকৈও অধিক থাকে ৷ জটিল গঠনৰ ওখ-চাপৰ পাহাৰ আৰু জলবায়ুৰ কাৰণে প্ৰাণীকুল আৰু উদ্ভিদকুল উভয়ৰে ক্ষেত্ৰতে বিভিন্নতা আৰু বিচিত্ৰতা দেখা যায় ৷ এনে ভৌগোলিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিয়ে গৱেষক, বিজ্ঞানী, পৰ্যটকৰ বাবে আকৰ্ষণীয় কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে ঘন অৰণ্যৰে পৰিৱেষ্টিত, মিছিমি হিলছৰ সুবৃহৎ অঞ্চলটো ৷
বাৰ্ডছ্‌ অফ্‌ ইণ্ডিয়াৰ দ্বাৰা প্ৰকাশিত চেক-লিষ্টৰ মতে ৰয়িঙক কেন্দ্ৰ কৰি মিছিমি পৰ্বত আৰু উপকণ্ঠ অঞ্চলত ৬৮১ প্ৰজাতিৰ চৰাই আছে ৷ ভাৰতবৰ্ষত মুঠতে প্ৰায় ১,২০০বিধ পক্ষী পোৱা যায়৷ সেইফালৰ পৰা এছিয়াৰ ভিতৰতে এই বনাঞ্চল বিশেষগুণে সমৃদ্ধ ৷ এতিয়াও অচিনাক্ত অৱস্থাতে ৰোৱা কেতবোৰ চৰায়ো ইয়াত আছে বুলি ধাৰণা কৰা হয় ৷ চৰাইৰ বাহিৰে অঞ্চলটো নানান বনৰীয়া পশুৰো অবাধ বিচৰণভূমি ৷ বিভিন্ন প্ৰজাতিৰ বাঘ, বনমেকুৰী, পহু, হৰিণ, গিবন, লুপ্তপ্ৰায় ৰঙা পাণ্ডা, মেঠোন, মিছিমি টাকিন আদি তাৰ ভিতৰত উল্লেখযোগ্য ৷ কেতবোৰ জন্তুৰ বিচৰণস্থল মিছিমি পাহাৰৰ ২,৫০০ মিটাৰ উচ্চতাত ৷ ৬,০০০তকৈও অধিক প্ৰজাতিৰ উদ্ভিদ, ৫০০ প্ৰজাতিৰ অৰ্কিড, ১০০ বিধ স্তন্যপায়ী জীৱ, পখিলা, কীট-পতংগ, ৫২ ধৰণৰ ফুলেৰে মিছিমি পৰ্বত মেটমৰা ৷ বহুতৰে পূৰ্ণাংগ হিচাপ হবলৈ এতিয়াও বাকী ৷ চল্লিশৰ দশকত পক্ষীবিদ ডক্টৰ চালিম আলি আৰু ডিলন ৰিপ্লেই এলেকাটোত চলোৱা জৰীপৰ সময়ত এনে এবিধ চৰাই পাইছিল যাৰ বিষয়ে পৃথিৱীয়ে তেতিয়াহে জানিব পাৰিছিল ৷ শুনামতে তেনেকুৱা অচিনাকি চৰাই এতিয়াও হেনো ইয়াত আছে ! তাৰেই সন্ধানত চৰাইৰ পিছ খেদি ভাল পোৱা, চৰাইৰ গৱেষণাত জীৱন উছৰ্গা কৰা মানুহৰ উপস্থিতি এই হাবিৰ মাজত অনৱৰতে দেখাটো এটা সুলভ দৃশ্য ৷
মেগা বায়-ডাইভাৰচিটি হটস্পট স্বৰূপে পৃথিৱীৰ অন্যতম বুলি অভিহিত মিছিমি পাহাৰৰ অংশবিশেষহে এয়া ৷ ইয়াত থকা দুষ্প্ৰাপ্য হলৌ বান্দৰৰ জংঘল ৰজনজনাই যোৱা হুক্‌-কু হুক্‌-কু আৱাজ, চৰাই-চিৰিকটিৰ অনৰ্গল কিচিৰ-মিচিৰ, চিন-অচিন পতংগৰ চীঁ-চিয়নিৰে সৈতে মোৰ পৰিচয় হৈছিল আগৰবাৰ ৰয়িঙতে, মিছিমি হিল কেম্পৰ চোতালৰ পৰাই, যি ৰয়িং বাৰ্ড ৱাচ্ছিঙৰ বাবে মিছিমি হিল্‌ছলৈ অহা কৌতূহলীজনৰ বাবে ফাৰ্ষ্ট ষ্টপেজ হিচাপে পৰিগণিত ৷
বিশাল এলেকাটোৰ পৰা ঔষধি গছ-গছনি সংগ্ৰহ কৰা নিষেধ ৷ চিকাৰ কাৰ্য ৰোধিবৰ বাবে চৰকাৰীভাৱে বলবৎ কৰা হৈছে কঠোৰ নিষেধাজ্ঞা ৷ তেনে অৱস্থাত কৰবাত কোনোবা ধৰা পৰিলে ১৯৭২ চনৰ বন্যপ্ৰাণী সংৰক্ষণ আইনমতে দণ্ড অৱশ্যম্ভাৱী ৷ জীৱ-জন্তুৰ মুক্ত বিচৰণত যাতে কোনো ধৰণৰ ব্যাঘাতৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি খিৰিকীৰ আইনা উঠাই লোৱা, হাই-উৰুমি নকৰা, হৰ্ন পৰিহাৰ কৰা আদি বাক্য লিখা কিছুমান জাননী-ফলক সিবাৰ আহোঁতে গছে গছে আঁৰি থোৱা দেখা পাইছিলোঁ ৷ এতিয়া চকুত পৰা নাই ৷ ছুমখনৰ মিউজিক প্লেয়াৰো বন্ধ হোৱা নাই ৷ নিয়ন্ত্ৰিত গতি এটাৰে অকাই-পকাই উঠি উঠি আগলৈ গৈ থকা হৈছে ৷ (ক্ৰমশঃ)

No comments:

Post a Comment