৬.১ আনিনিৰ বাটেৰে আগ বাঢ়ি…
গৈ থাকোঁতে ওপৰৰ পৰা চাওঁতে দেখা দৃশ্যটো এনেকুৱা,
পাছফালৰ পৰা আহি তাল’খনে ইটালিনৰ বুকুত ধুনীয়াকৈ এছ টাৰ্ণ এটা লৈ আগুৱাই গৈছে ৷ এছটোৰ
আগলিত সিফালৰ পৰা পৰ্বতৰ ফাঁকেৰে ভুমুকি মৰা ড্ৰিখন লগ লাগিছে যদিও দূৰত্ব বেছি আৰু পোহৰ কমি
অহাত সংগমথলী স্পষ্ট হৈ থকা নাই ৷ আনিনিৰ বাটে আগ বাঢ়ি যোৱাৰ লগে লগে তাল’ও আমাৰ চকুৰ আঁতৰ হ’ল ৷
তাল’ক পাছফালে এৰি আমি এতিয়া ঢাপলি মেলিছোঁ ড্ৰি নদীক চুবলৈ ৷ ৰাস্তা
ভাল নহয় ৷ পথ বহলাবৰ কাৰণে মাটি কটাৰ ফলত খাৱলা-খাৱলি হৈ আছে ৷ এঠাইত এজন মানুহক বিপৰীতফালৰ পৰা উধাতু খাই আহি থকা দেখা পালোঁ ৷ ড্ৰাইভাৰক গাড়ীখন ৰখাবলৈ নিৰ্দেশ দিলে ৷ ক’লে বোলে
আগত এইমাত্ৰ লেণ্ডস্লাইড হৈ গ’ল ৷ ৰাস্তা ব্লক হৈ থাকিল ৷ গাড়ী নাযাব ৷ কৈয়ে তেওঁ দৌৰ মাৰিলে এক কিল’মিটাৰমান
পাছত দলং এখনৰ কাষত আমি এৰি থৈ অহা কেম্পটোলৈ ৷ তাত খবৰটো দিব
আৰু এক্সকেভেটৰ লৈ পুনৰ আহিব ৷ তেতিয়ালৈকে ৰ’ব লাগিব ৷ মানুহজনৰ সচেতনতা আৰু কৰ্তব্যনিষ্ঠাই আকৰ্ষণ কৰিলে যদিও দুৰ্ভাবনা এটায়ো উৎফুল্লিত মনটোক ততালিকে গ্ৰাস কৰি পেলালে ৷
আকৌ লম্ভিলে এটা অনিশ্চয়তাই ! স্বগতোক্তিটো আপোনা-আপুনি মুখৰ পৰা ওলাই আহিল ৷ গাড়ী মাজৰাস্তাত থিয় ৷ পাচিঘাটৰ
যুৱতীও নামিছে ৷ ৰাস্তাৰ দাঁতিতে ৰৈ কিবা ভাবত মগন ৷ প্ৰকৃতিয়েই চাইছে নে আনিনিত অপেক্ষা
কৰি থকা বায়েকলৈকে মনত পেলাই অস্বস্তি উজাৰিছে নাজানো ৷ আজি যদি ইয়াতে থাকিবলগীয়া হয়, কি হ'ব ? নাই, আন্ধাৰে গ্ৰাস কৰাৰ আগতেই খৰ খোজেৰে গৈ জেগাটো
নিজ চকুৰে চাই অহাই বুদ্ধিমানৰ কাম হ’ব ৷ ক’ত কি হৈছে
তেতিয়া পৰিষ্কাৰকৈ জানিব পাৰিম ৷ ভাবিলোঁ আৰু ক'লোঁ ৷ পিছে সংগীচোন কোনোৱেই লৰচৰ নকৰিলে ৷ ৪ বাজি ৪০
মিনিট পাৰ হ’ল ৷ সন্ধিয়া বেলাৰ বিষাদ-গাঁথাৰে আটাইৰে মন-প্ৰাণ যেন
দুৰ্দশাগ্ৰস্ত ৷ ক্যা হ’গা অভি ! এনে ভাবনাৰে ভাৰাক্ৰান্ত ৷ আমি দুজনৰ বাদে বোকামাটিত ভৰি দিয়া নাই আন কোনো এজনেও ৷ থমথমকৈ গাড়ীতে বহি আছে ৷
উন্নয়নৰ কামত বাধা-বিপত্তি অনেক আহে ৷ সেইবোৰ অতিক্ৰম কৰিয়েই নতুন ৰাস্তা নিৰ্মাণ কৰা হয়, যেনেকৈ এই ৰাস্তাটো ৷ সোঁহাতে জলপ্ৰপাত এটা নামি আহিছে ৷ ৰাস্তাৰ ওপৰেৰেই চিৰ্চিৰ্কৈ বৈ গৈছে পানীবোৰ ৷ খুপি খুপি গ’লোঁগৈ ওচৰলৈকে ৷ ড্ৰিখন কেনি আছে ? বিপৰীতফালে চাওঁ বুলিও কাণি-মুনি হৈ অহাত স্পষ্টকৈ নেদেখাই হ’লোঁ ৷ তাল’ আৰু ড্ৰি দুয়ো নদীতে
একোটাকৈ বান্ধ সাজি ৩,০৯৭ মেগাৱাট ইটালিন হাইড্ৰ’ ইলেকট্ৰিক
প্ৰজেক্ট নিৰ্মাণৰ প্ৰস্তাৱ লৈ থোৱা হৈছে ৷ অৰুণাচলৰ পানীৰ
জীৱনদায়িনী শক্তিৰ লগতে আছে জীৱন সলাব পৰা ক্ষমতা তথা সম্ভাৱনা ৷ সেই সম্ভাৱনাবিলাকৰ
ভিতৰতে লুকাই আছে ডিবাং ভেলী, ল'ৱাৰ ডিবাং ভেলী, অৰুণাচলৰ ৰাইজৰ ভৱিষ্যৎ ৷
কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা সম্ভাৱনাৰ অংক অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ
ৰাজ্যকেইখনৰ বিজুলী উৎপাদন ক্ষমতা ৬৩,০০০ মেগাৱাট ৷ তাৰ ভিতৰত এই ৰাজ্যৰ ক্ষমতা অকলেই ৮০ শতাংশৰ ওচৰা-উচৰি ৷ অহৰ্নিশে বৈ থকা নৈ-নিজৰাবোৰৰ পানীয়ে অৰুণাচলক বৃহৎ সম্ভাৱনাৰে চহকী
আৰু সম্পদৰ মৰ্যাদাসম্পন্ন গৰাকী কৰি ৰাখিছে ৷ তাৰে এতিয়ালৈ কেৱল ১০-২০ শতাংশহে ব্যৱহৃত হৈছে বুলি কোৱা হয় ৷ চৰকাৰে এই বৃহত্তৰ সম্ভাৱনাক মানুহৰ জীৱনৰ বিকাশ ঘটোৱাৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ আঁচনি
হাতত ল’লেও সকলোফালে হেঙাৰস্বৰূপ হৈ আহিছে জৈৱ-বৈচিত্ৰ্যৰ প্ৰশ্নটো ৷ সেয়ে শেষ সিদ্ধান্ত গ্ৰহণ কৰাটোও হৈ পৰিছে কঠিন ৷
জলবিদ্যুৎ উৎপাদনৰ পৰিমাণৰ ভিত্তিত প্ৰকল্পৰ শ্ৰেণী বিভাজন অনুসৰি
১০০ কিল’ৱাট উৎপাদনক্ষম প্ৰকল্পক মাইক্ৰ’, ১০১ কিল’ৱাটৰ পৰা ২ মেগাৱাট উৎপাদনক্ষম প্ৰকল্পক মিনি, ২ মেগাৱাটৰ আধিক্যৰ
পৰা ২৫ মেগাৱাটলৈকে ক্ষুদ্ৰ আৰু ৫০০ মেগাৱাটৰ ওপৰৰ বিজুলী উৎপাদনক্ষম প্ৰকল্পক মেগা
প্ৰজেক্ট বোলা হয় ৷ সেইফালৰ পৰা, ৩,০৯৭ মেগাৱাট ইটালিন প্ৰকল্পটো এটা মেগা প্ৰজেক্ট ৷ উৎপাদনৰ
মাপকাঠীৰে ই ভাৰতৰ ভিতৰতে বৃহত্তম হ’বলৈ ওলাইছে ৷ ২৫,২৯৬.৯৫
কোটি টকা ব্যয়সাপেক্ষ প্ৰজেক্টটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সময় ধাৰ্য কৰা হৈছে ৭
বছৰ ৷
কাৰিকৰী বৰ্ণনা অনুসৰি ইটালিন জলবিদ্যুৎ প্ৰকল্পটোত দুটা বান্ধ থাকিব ৷ ইটালিনৰ পৰা ২০ কিল’মিটাৰ আঁতৰত ইটালিন চাৰ্কোলৰ আথুনলি গাঁৱত
তাল’ নদীত ৮০ মিটাৰ উচ্চতাৰ বান্ধ দিয়া হ’ব ৷ আকৌ, আনিনি চাৰ্কোলৰ য়ুৰন গাঁৱত ড্ৰি নদীত ১০১.৫০ মিটাৰ ওখ বান্ধ সজা হ’ব ৷ এইটো হৈছে ৰান-অফ-দা ৰিভাৰ চৰিত্ৰৰ জলবিদ্যুৎ
প্ৰকল্প য’ত বান্ধ আৰু পাৱাৰ হাউচৰ মাজত দূৰত্ব
থাকে ৷ দুয়োটা বান্ধৰ পৰা টানেলেৰে পানী বোৱাই নিয়া হ’ব ইটালিনৰ সমীপত তাল' আৰু ড্ৰিৰ সংগমথলীৰ নিকটত নিৰ্মাণ হ’বলগীয়া আণ্ডাৰগ্ৰাউণ্ড পাৱাৰ হাউচলৈ ৷ টাৰ্বাইন
ঘূৰাই ওলাই যোৱা পানীভাগ পুনৰ এৰি দিয়া হ’ব ড্ৰি আৰু তাল’ৰ সংগমত ৷ সেইবাবে দুয়োখন নদীৰ পানী কেতিয়াও
নুশুকাব ৷
ইটালিন প্ৰকল্পটোৰ কথা চিন্তা কৰা হৈছিল বিগত ২০০৩ চনতে ৷ ২০০৮
চনত জিন্দাল পাৱাৰ লিমিটেডক নিৰ্মাণৰ ঠিকা দিয়া হৈছিল ৷ প্ৰকল্পটোৰ নিৰ্মাণকাৰীৰ দায়িত্বত
থকা ইটালিন হাইড্ৰ’ ইলেকট্ৰিক পাৱাৰ কোম্পানী লিমিটেড হৈছে
জিন্দাল পাৱাৰ লিমিটেড আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্য চৰকাৰৰ অন্তৰ্গত হাইড্ৰ’পাৱাৰ ডেভেলপমেণ্ট কৰ্প’ৰেচন অফ অৰুণাচল প্ৰদেশ লিমিটেডৰ যৌথ উদ্যোগ ৷
২০১৭ চনৰ জানুৱাৰী
মাহত ভাৰত চৰকাৰৰ পৰ্যাৱৰণ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ নদী, উপত্যকা আৰু
জলবিদ্যুৎ প্ৰকল্পৰ বাবে থকা বিশেষজ্ঞ মূল্যায়ন কমিটিয়ে প্ৰকল্পটোৰ বাবে পৰিৱেশ
সংক্ৰান্তীয় সেউজ সংকেত প্ৰদান কৰিছিল যদিও পাছত
পুনৰীক্ষণৰ বাবে উক্ত অনুমোদন ৰদ কৰা হয় ৷ প্ৰস্তাৱিত প্ৰকল্পটোৰ ফলত
জৈৱ-বৈচিত্ৰ্যৰ ওপৰত পৰিব পৰা প্ৰতিকূল প্ৰভাৱৰ সন্দৰ্ভত আলোচনা-বিলোচনা চলোৱাৰ
পাছত ইয়াক পুনৰাই পৰীক্ষা কৰাৰ পৰামৰ্শ দিয়া হয় ৷
এই প্ৰকল্পত ব্যৱহৃত হ’ব
ঘন অৰণ্যৰে আৱৰা ১,১৬৫.৬৬ হেক্টৰ মাটি ৷ তাৰে ১৩৪ হেক্টৰ অতি ঘন অৰণ্য আৰু ২৬৭ হেক্টৰ
মধ্যমীয়াভাৱে ঘন অৰণ্য ৷ ভূখণ্ডটোৰ উপৰিভাগত থকা ১০০ বছৰ পুৰণা গছকে ধৰি ২,৮০,৬৭৭জোপা
গছ কটা যাব ৷ এলেকাটোত থকা ১৮খন গাঁৱৰ ২৮৫টা পৰিয়াল স্থানান্তৰিত আৰু পুনৰ্সংস্থাপিত
হ’ব ৷
বন উপদেষ্টা সমিতিয়ে প্ৰকল্পটোৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ কাৰণ
হ’ল, হিমালয় অঞ্চলৰ এই প্ৰস্তাৱিত এলেকাটো বিশ্বৰ
সকলোতকৈ চহকী জীৱ-ভৌগোলিক অঞ্চলসমূহৰ ভিতৰত অন্যতম ৷ প্ৰত্ন-সুমেৰীয়, ইন্দো-চীনীয়
আৰু ইন্দো-মালায়ান জীৱ-ভৌগোলিক অঞ্চলৰ সংযোগস্থলত এলেকাটো অৱস্থিত ৷ বাঘ আৰু অন্য
বনৰীয়া জীৱ-জন্তুৰো মুক্ত বিচৰণভূমি ৷ ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ মতে ১২টাকৈ
নাহৰফুটুকী বাঘ, ৮টাকৈ গোধাফুটুকী বাঘকে ধৰি ডাঙৰ প্ৰজাতিৰ মেকুৰীৰ বাসভূমি প্ৰকল্প নিৰ্মাণ হ'বলগীয়া অঞ্চলটো ৷ পৃথিৱীজুৰি বিলুপ্তপ্ৰায় ৬ প্ৰকাৰৰ স্তন্যপায়ী প্ৰজাতিৰ জন্তুও অঞ্চলটোত পোৱা যায়
৷ তাৰে ৩ বিধ সংকটাপন্ন আৰু ৩ বিধ হননীয় অৱস্থাত আছে ৷
আনফালে পক্ষী বিশেষজ্ঞ আৰু সংৰক্ষণৰ সৈতে জড়িতসকলো সমস্যাক লৈ অধিক পৰিমাণে উদ্বিগ্ন ৷ চৰাইৰ কাৰণে ক্ষতিকাৰক হোৱাৰ বাবেও কাম আগ বঢ়াত বাধা
আহি পৰিছে ৷ অঞ্চলটো প্ৰায় ৬৮০ প্ৰজাতিৰ পক্ষীৰ আবাসভূমি ৷ ভাৰতত প্ৰাপ্ত পক্ষীৰ
প্ৰজাতিৰ ৫৬ শতাংশ ইয়াত উপলব্ধ ৷ সেইসমূহৰ ভিতৰত ১৯ বিধ বিশ্বজুৰি সংশয়াত্মক অৱস্থাত
আৰু ১০ বিধ কম-বেছি পৰিমাণে সংশয়াত্মক অৱস্থাত আছে ৷ ১৯ বিধৰ ৪ বিধ সংকটজনকভাৱে বিপন্ন,
২ বিধ বিপন্ন আৰু ১৩ বিধ দুৰ্বল প্ৰজাতিৰ ৷ ৩ বিধ সম্পূৰ্ণ থলুৱা আৰু বিৰল সীমাবদ্ধ
পৰিসীমাৰ ভিতৰত বিচৰণ কৰা চৰাই আছে ৷ ইয়াত এনেকুৱা চৰায়ো আছে যি পৃথিৱীৰ দ্বিতীয় কোনো ঠাইতে পাবলৈ
নাই ৷
সমগ্ৰ অঞ্চলটো প্ৰকৃতি সংৰক্ষণৰ আন্তৰ্জাতিক সংস্থা, দেশীয় পক্ষী
এলেকা, আন্তৰ্জাতিক জৈৱ-বৈচিত্ৰ্য স্থল, পৃথিৱীৰ মানসম্পন্ন আৰু গুৰুত্বপূৰ্ণ জৈৱ-বৈচিত্ৰ্য
এলেকাৰ অন্তৰ্ভুক্ত ৷ এনে পৰিস্থিতিত নিৰ্মাণ কাৰ্য আগুৱাব লাগিলে পৰ্যাৱৰণ, প্ৰাণীকুল,
উদ্ভিদকুল সকলোৰে বিস্তৰ হানি-বিঘিনি হোৱাটো স্বাভাৱিক ৷ অঞ্চলটোৰ পৰ্যাৱৰণক লৈ ২০১৪,
২০১৫, ২০১৬ আৰু ২০১৭ চনত আলাপ-আলোচনা চলি আহিছে ৷ শেহতীয়াভাৱে, ২০১৯ চনৰ ১৭ অক্টোবৰত অনুষ্ঠিত সভাত বন উপদেষ্টা সমিতিয়ে বিষয়টো
পুনৰবাৰ আলোচনা কৰে আৰু সম্পূৰ্ণ আশ্বস্ত নোহোৱাত পূৰ্বৰ স্থিতিতে ৰৈ যায় ৷ ভূমিৰ
পৰিমাণ কমাব পাৰি নেকি, সম্প্ৰতি উপ-সমিতি গঠন কৰি তাৰে চিন্তা-চৰ্চা চলাই থকা হৈছে
৷
২০১৫
চনতে গম পোৱা গৈছিল যে এই প্ৰজেক্টৰ পৰা কেৱল ডিবাং
ভেলী জিলাই নহয়, সমগ্ৰ অৰুণাচল প্ৰদেশৰে লাভ হ’ব ৷ ইয়াৰ পৰা প্ৰাপ্ত বিজুলীয়ে স্থানীয় বাসিন্দাসকলৰ ভৱিষ্যৎ
উজ্জ্বল কৰি তুলিব ৷ প্ৰতি মাহে ১০০
ইউনিট বিজুলী বিনামূলীয়াকৈ লাভ কৰিব ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ৷ উৎপাদিত বিজুলীৰ ১ শতাংশ সাংসদৰ স্থানীয় এলেকা
উন্নয়ন পুঁজিৰ ৰূপত ব্যৱহাৰ হ’ব যাক ৰাজহ সংগ্ৰহ, কল্যাণ আঁচনি আৰু আন্তঃগাঁথনি উন্নয়ন কাৰ্যত খটুৱা হ’ব ৷ এই প্ৰকল্পৰ নিৰ্মাণ চলিলে পটু, অপটু আৰু কাৰিকৰী কৰ্মসংস্থান ওলাব
৷ সেয়েহে স্কিল ডেভেলপমেণ্ট চেণ্টাৰ খোলা হ’ব য’ত ৰাজ-মিস্ত্ৰী, জালি-মিস্ত্ৰী, কাঠ-মিস্ত্ৰী,
পাইপ-মিস্ত্ৰী আদি কামৰ বাবে থলুৱা যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হ’ব ৷ ক্ষমতা অনুসৰি ঠিকা কামৰ সুযোগ ইতিমধ্যে
দি অহা হৈছে ৷
আৰু কোৱা হৈছিল যে ইটালিন, আথুনলি আৰু পুনলিত থকা বিদ্যালয়সমূহত উন্নত
শিক্ষাৰ ব্যৱস্থা গঢ়ি তোলা হ’ব ৷আথুনলি আৰু পুনলিৰ দুখন মধ্য ইংৰাজী বিদ্যালয়ক উচ্চ মাধ্যমিক বিদ্যালয়
স্তৰলৈ উন্নীত কৰা হ’ব ৷
ইটালিনৰ মধ্য ইংৰাজী বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰ্যায়লৈ উন্নীত কৰা হ’ব ৷ সকলো স্কুলগৃহকে সুন্দৰকৈ নিৰ্মাণ কৰাৰ লগতে
আচবাব, লেবৰেটৰী, ক্ৰীড়াৰ সুবিধা, কম্পিউটাৰ কেন্দ্ৰৰ দৰে সুবিধাসমূহ আগ বঢ়োৱা
হ’ব ৷ শিক্ষাক গতি দিয়াৰ
উদ্দেশ্যে মেধাৱী ছাত্ৰবৃত্তিও প্ৰদান কৰা হ’ব ৷ যোগ্য বিদ্যাৰ্থীক প্ৰশিক্ষণ দিয়া হ’ব যাতে তেওঁলোক অভিযন্তা হ’বগৈ পাৰে ৷ সেইসকলেই ভৱিষ্যতে প্ৰকল্পসমূহ চম্ভালিব
আৰু ৰাজ্যখনক নতুন উচ্চতালৈ লৈ যাব ৷ স্থানীয় ক্ৰীড়া প্ৰতিভাসমূহক বিচাৰি উলিওৱাৰ
বাবে স্প’ৰ্টছ ক্লাব আৰু ক্ৰীড়াংগনৰ
সুবিধা বিনামূলীয়াভাৱে দিয়া হ’ব ৷ স্বাস্থ্য আৰু চিকিৎসা সুবিধা হাতে ঢুকি পোৱাতে উপলব্ধ কৰা হ’ব ৷ পূৰ্বতে থকাবিলাকক উন্নীত কৰা হ’ব আৰু সহায়তাও আগ বঢ়োৱা হ’ব ৷ টীকাকৰণ কাৰ্যসূচী আৰু স্বাস্থ্য পৰীক্ষা শিৱিৰ
পতা হ’ব ৷ পানী যোগান আৰু অনাময়
ব্যৱস্থাতো সঠিকভাৱে চকু ৰখা হ’ব ৷ ইটালিনত সমূহীয়া প্ৰসাধন-গৃহ নিৰ্মাণ কৰা হ’ব ৷ ম’বাইল ট্ৰেন্সমিছন টাৱাৰ বহুওৱা হ’ব ৷ বিধবালৈ আৰ্থিক সাহায্য, শাৰীৰিকভাৱে অক্ষমলৈ অনুদান, কন্যাৰ বিবাহত সহায়তা, মেডিকেল কেম্প আদি সমাজ কল্যাণমূলক আঁচনিও ৰখা হ’ব ৷ জনজাতীয়সকলৰ সামূহিক প্ৰগতিৰ অৰ্থে স্থানীয় আৰ্ট
এণ্ড ক্ৰাফটসমূহক উৎসাহ যোগোৱা হ’ব ৷ তেওঁলোকৰ দ্বাৰা নিৰ্মিত সমলেৰে কাৰ্যালয়
আৰু অতিথিশালা সজোৱা হ’ব ৷ বিশ্বজুৰি সেইসমূহৰ প্ৰদৰ্শন আৰু বিপণনৰ দিশত হস্তশিল্পীসকললৈ সহায়
আগ বঢ়োৱা হ’ব যাৰ
দ্বাৰা তেওঁলোকৰ ভাল উপাৰ্জন যাতে হয় ৷ কৃষিৰ বৃদ্ধিৰ হকেও আঁচনি গ্ৰহণ কৰা হ’ব ৷ হেচ্চাৰী আৰু ফিছাৰীৰ বিকাশ ঘটোৱা হ’ব ৷ মৎস্য উৎপাদনত গুৰুত্ব প্ৰদান কৰা হ’ব ৷
পৰ্যাৱৰণ সংক্ৰান্তত কোৱা হৈছিল যে পৰ্যাৱৰণৰ নিয়মসমূহত সম্পূৰ্ণৰূপে ধ্যান
দিয়া হ’ব ৷ সেউজ পৰিৱেশ, পৰিষ্কাৰ
আৰু সুস্থ বাতাবৰণ বৰ্তাই ৰখা হ’ব ৷ বায়ু আৰু শব্দ প্ৰদূষণহীন কৰি ৰখা হ’ব প্ৰকল্পথলী ৷ স্বাস্থ্যযতন, এম্বুলেন্স আৰু
আপাতকালীন সেৱাত বিশেষ মনোযোগ দিয়া হ’ব ৷ বতাহ আৰু পানীৰ পৰা হ’ব পৰা বেমাৰ প্ৰতিৰোধৰ কাৰণে টীকাকৰণ শিৱিৰ খোলা হ’ব ৷ জাবৰ নিষ্কাষণ, পুনৰ্ব্যৱহাৰ আৰু উচিত ৰফাকৰণৰ
পদক্ষেপ লোৱা হ’ব ৷
শিক্ষা, ৰোজগাৰ আৰু এটা উন্নত ভৱিষ্যতৰ প্ৰবল আশা জগাইছে ইটালিন প্ৰকল্পটোৱে ৷ অনাগত
দিনত চৰকাৰ আৰু ৰাইজে মিলি কেনে পদক্ষেপ লয় সেয়া লক্ষণীয় হ’ব ৷
এইবোৰ ভাবি থাকোঁতেই পাছফালৰ পৰা বলেৰ’ এখন আহিল
৷ পথ বন্ধ হোৱাটো চাগৈ গম নাপায় ৷ আমাকো একো সোধা নাই ৷ এবাৰ মাত্ৰ চালে আৰু দপদপাই
গুচি গ’ল ৷ তাকে দেখা পাই আমাৰ চালকেও ষ্টাৰ্ট দি দিলে ‘যা কে’ দেখে’গা’ বুলি ৷
No comments:
Post a Comment