৫.১ বৰফৰ ভেটা ভাঙি...
এতিয়া পুৱা ৯ বাজি ৪৫ মিনিট গৈছে ৷ পদব্ৰজে
মায়া হোটেলৰ আগ পাইছোঁহি ৷ বিশেষত্ব এয়ে যে প্ৰচণ্ড শীতৰ মাজতো এই হোটেলখন ২৪
ঘণ্টাই খোলা পোৱা যায় ৷ এইখন এতিয়াৰ নহয় ৷ বহুত পুৰণা আৰু এইডোখৰত একমাত্ৰ ৷ কাঠৰ
দৰজা ৷ ওপৰত টিনপাত ৷ আলকতৰাৰ ড্ৰামশ্বিটৰ অস্থায়ী বেৰ ৷ বাহিৰৰ পৰা দেখাত ইমানেই
৷ ড্ৰামশ্বিটৰ ওপৰতে ৰোমান আখৰত বৰফৰ বৰণেৰে ডাঙৰ ডাঙৰকৈ লিখা আছে ‘মায়া হোটেল’ ৷ অদ্ভুত চমক সৃষ্টি কৰি থকা হিমস্তুপৰ
বেষ্টনীত এই ধৰণৰ প্ৰাচীন ৰূপ এটাৰেই আজিও বৰ্তি আছে মায়া হোটেল, পৰ্যটকৰ সহায় আৰু
সাহস হৈ ৷ কৃষ্ণ বাহাদুৰ তামাং নামৰ লোকজনৰ অধিকাৰিত্বত চলে ৷
মায়া হােটেলৰ চালৰ ওপৰত শুভ্ৰতাৰ ডাঠ আচ্ছাদন ৷ পাৰ হৈ যাওঁতেই ডিঙিত গামোচা লৈ থকা এক যুৱকক দেখা পালোঁ দুৱাৰমুখতে ৷ অসমৰে হ’ব লাগে বুলি মনতে নিশ্চিত হৈছোঁ ৷ আন এজনৰ হাতত পানীৰ বটল দুটা ৷
চৌপাশে তুষাৰকণাই ছানি আছে ৷ অথচ মিনাৰেল ৱাটাৰৰ বটল নিকিনিলেই নহয় ৷ মোৰ বেগতো
আছে ৷ এটা কথা লক্ষ্য কৰি আহিছোঁ আৰু আচৰিতো হৈছোঁ যে আমাৰ গাড়ীখনত অহা
সহযাত্ৰীসকলৰ কোনেও এবাৰো পানী এটোপা খোৱা এতিয়ালৈকে চকুত পৰা নাই ৷ ৰ’য়িং এৰাৰ পাছৰে পৰাই মইহে সময়ে সময়ে এঢোক
দুঢোক গিলি আহিছোঁ ৷ বটলটোত আধাতকৈ অলপ কমহে আছেগৈ এতিয়া ৷
এই বৰফবিলাক গলিলে পানীবোৰ ক’লৈ যায় বাৰু ? কিয় জানো, প্ৰশ্নটো
হঠাতে উদ্ৰেক হ’ল ৷ নানানটা
শাখা-প্ৰশাখাৰে বাগৰি গৈ শেষত নিশ্চয়কৈ ডিবাঙতে পৰিব লাগিব ৷ তাৰ পাছত
ব্ৰহ্মপুত্ৰলৈ ৷ চিয়াং আৰু লোহিত অৱবাহিকাৰো এনেকুৱা বৰফগলা পানী চীন সীমান্তৰ
বৰফাবৃত উচ্চ শিখৰৰ পৰা অহৰহ নামনিলৈ বৈ আহিয়েই আছে ৷ এনেস্থলত কোনোবাই আশংকা
কৰাৰ দৰে ব্ৰহ্মপুত্ৰত পানী নোহোৱা হোৱাৰ সম্ভাৱনা কাৰ্যতঃ কিমান যুক্তিসংগত ? অৰুণাচলত
এনেয়েও পানীয়েই পানী ৷ দেশৰ জলভাণ্ডাৰ বুলিব পাৰি এই ৰাজ্যখনক ৷ ইয়াৰ পানী গুণকাৰী
৷ এটা উপযুক্ত উদাহৰণ মেন্-চু-খা, ঔষধি গুণযুক্ত বৰফৰ পানী ৷ আনহাতে বায়ুমণ্ডলত অক্সিজেনৰ স্তৰো ইয়াত বহুত উন্নত ৷ স্বাস্থ্যৰ পক্ষে এই দুবিধ অতি উপকাৰী
৷ সেয়ে অৰুণাচললৈ আহিলেই এই দুপদ উপাদান মই হেঁপাহ পলুৱাই সেৱন কৰি লওঁ ৷হাওঁফাওঁ সম্পূৰ্ণ ফুলাই দীঘল
দীঘলকৈ উশাহ টানো, জান-জুৰিৰ পানী আঁজলি ভৰাই পি পেট পূৰাই পেলাওঁ ৷
ইমান খৰকৈ যাবলৈ কিহে পাইছে
যুৱতীকেইজনীক ? যেন গাড়ীখনৰ লগত অঘোষিত প্ৰতিযোগিতাহে ! অত্যুগ্ৰ সাহসী আৰু স্ফূৰ্তিবাজ
ইহঁতবোৰ ৷ অথনি খোজ যেই আৰম্ভ কৰিলে, পাছলৈ আৰু ঘূৰি চাবৰ নাই ৷ আমি পুৰুষ হৈও
লগ ধৰিবকে পৰা নাই ৷ নোৱাৰিমো ৷ দুবাৰকৈ বাগৰি পৰি মজা ভালকৈ পাই গৈছোঁ ৷ পুৰুষ
সংগী আন দুজনে যেনিবা সুৰতে সুৰ মিলাই মোলৈ অগা-পিছাকৈ সহযোগিতা আগ বঢ়ালে ৷ দুজন
বাচি আছে ৷ তাৰে এজন সদ্যহতে লগত আছে ৷ চাই আছোঁ, কেতিয়া পৰে ৷ তামাম ধেমালি কৰিম
৷
এখন
বগা অচিনাকি পৃথিৱী ৷ অবিৰতভাৱে উদ্ভাসি আছে কিছুমান চমৎকাৰ দৃশ্যপট ৷ সপোন-জালত আচ্ছন্ন
মন-মগজু ৷ দৃশ্যবোৰ কিবা স্বপ্নিল, কথা-কাণ্ডবোৰ কিবা সপোন সপোন লাগিছে ৷ সুন্দৰতাৰ
এনে মধুৰ খবৰবোৰ অৰুণাচল বা অসমৰ একাংশতে সীমাবদ্ধ হৈ আছে কিয় ? বহুলভাৱে প্ৰচাৰ-প্ৰসাৰ হ’ব লাগে চাৰিওফালে ৷ চিত্ৰতাৰকা
ছলমান খানে মেন্-চু-খাক প্ৰম’ট কৰাৰ ধৰণে মায়’ডিয়াৰো প্ৰম’চন হ’ব লাগে ৷ শ্ৰীনিবাসে ক’বৰ দৰে, জানুৱাৰী-ফেব্ৰুৱাৰীত
আহক মায়’ডিয়ালৈ ৷ জীৱনৰ বাবে লৈ যাওক
বিৰল স্মৃতি কিছুমান ৷ সঁচাই হয় ৷
তুলনামূলকভাৱে গতি মোৰ অতি মন্থৰ হৈ ৰোৱাত দলটোৰ একেবাৰে অন্তিমত পৰি গ’লোঁ ৷ ৰাস্তাৰ দাঁতিয়ে দাঁতিয়ে, অলপ অলপ বৰফকণা থকা অংশৰে
চূড়ান্ত সাৱধানতাৰে গৈ আছোঁ ৷ মাজে মাজে তপিনাত হাত দি চাওঁ ৷ আপদীয়া বিষটোৱে ৰৈ
ৰৈ আমনি দি আছে যদিও ভাবিছোঁ, ৰক্ত সঞ্চালন স্বাভাৱিক হৈ গ’লে বেদনাৰ মাত্ৰা ইয়াতকৈ অধিক নহ’বগৈ চাগে’ ৷ এই বুলিয়ে যন্ত্ৰণাক দমন কৰি
পদচালনা অব্যাহত ৰাখিছোঁ ৷ লগ এৰিব বিচৰা নাছিলোঁ যদিও স্বাভাৱিকতে ব্যৱধান আগতকৈ বাঢ়ি গ’ল আমাৰ চাৰিজনৰ মাজত ৷
অলপ পাছতে ছুম’খন আনি মোৰ কাষতে ৰখাই দিলে ৷ ১ নম্বৰ চিটৰ গাভৰুজনী চিটতে ৰ’লচোন ! এইজনীও কম নহয় ৷ গাড়ী চোঁচৰিলতো বহা জেগা এৰা নাই ৷
‘আপ উঠ
যায়িয়ে ৷ আয়িয়ে আয়িয়ে ছাৰ, আপ গাড়ী মে’ বেইঠ যায়িয়ে ৷’ ড্ৰাইভাৰজনে উপৰ্যুপৰি দুবাৰকৈ চিঞৰিলে ৷ বুজিছোঁ, মোকেই
উদ্দেশ্য কৰি কৈছে ৷ অথনি চিত্ ভোলোঙা দিয়া দৃশ্যটো নিশ্চয় ভালকৈয়ে দেখিছে ৷ এতিয়া সেয়ে
ওচৰত পায়ে এই আহ্বান ৷ গৈ থকাৰ ইচ্ছা আছিল ৷ তৎসত্ত্বেও উঠি দিলোঁ ৷ অলপ আগত ডেকা তিনিজনক তুলি
লোৱা হ’ল ৷ অত্যুৎসাহী
৪ যুৱতী আৰু ১ যুৱক এতিয়াও আমাৰ পৰা বহুত দূৰৈত ৷ সন্মুখত গৈ থকা মহিন্দ্ৰ মিনি
ট্ৰাকখনৰ আগে আগে নাচি-বাগি ইচ্ছামতে স্ফূৰ্তি কৰি গৈ আছে সিহঁতে ৷ মাজে মাজে
দৌৰা-দৌৰিও দেখা পাইছোঁ ৷ নিজৰ মাজতে যেন প্ৰথম হোৱাৰ প্ৰতিযোগিতা ৷ ভাল লাগিছে চাই ৷ ওমলি-জামলি মুকলি আকাশৰ তলত আপোন-পাহৰা হৈ উপভোগ কৰিব জানিছে ৷ তাকে দেখি হিংসাও লাগিছে ৷ মোৰো খুব হেঁপাহ আছিল
৷ কিন্তু নহ’ল ৷ মনটোৱে হাহাকাৰ কৰি উঠাৰ লগতে কৈছে, মোৰ যদি খোপনি আজি ঠিক থাকিল হয়, প্ৰথমত থকাৰ প্ৰতিযোগী ময়ো হ’লোঁহেঁতেন ৷ জোতাযোৰৰ ওপৰত পুনৰবাৰ খংটো টিঙিচকৈ উঠি আহিল ৷ জোতাৰ বিবেচনাটো কিমানযে গুৰুত্বপূৰ্ণ ! ভাল শিক্ষা এটা হ’ল ৷
ইমান ঠাণ্ডাৰ মাজত, যিকোনো মুহূৰ্তত
উপৰিভাগত পিছল খাই পৰাৰ দুৰ্ভাৱনাকো কেৰেপ নকৰি পাচোঁজনে ভালেখিনি দূৰত্বলৈ পদযাত্ৰা
চলালে ৷ এইটো কম চেলেঞ্জিংনে ? এনেয়ে হিচাপ এটা কৰি চালোঁ, আৰম্ভ কৰাৰ পৰা আধা
ঘণ্টামানেই হ’ল ৷
একেৰাহে খোজ কাঢ়িছে ৷ ২ কিল’মিটাৰৰো বেছি অতিক্ৰম কৰিলে ইহঁতে ৷ জীৱনৰ নিৰ্ভেজাল,
আনন্দপ্ৰদায়ক সোণোৱালী অভিজ্ঞতা এইবোৰহে ৷ ছুম’খন দলটোৰ কাষ পোৱাত আটাইকে উঠিবলৈ কোৱা হ’ল ৷
জোৰদি মতা বাবেহে ৷ নহ’লে আৰু আগলৈ গৈয়ে থাকিলহেঁতেনযেন ! হাঁহি-মাতি
সকলোটি নিজ নিজ আসনত বহিল ৷ ছুম’ চলিবলৈ আৰম্ভ কৰিলে ৷ এইবাৰ গাড়ীৰ ভিতৰত আৰম্ভ হ’ল ৰগৰ ৷ পাছৰ চিটৰ ডেকাকেইজনে অথনি
পিছল খাই পৰা বিষয়টোক লৈ ইজনে সিজনক কটাক্ষ কৰি ডাইলগ প্ৰতি-ডাইলগ এৰিছে ৷ এনে
লাগিছে, অচিনাকিও চিনাকি হৈ গ’ল, মায়’ডিয়াৰ
বুকুত ৷ আগৰ সেই অচিন অচিন ভাবটো কেনিবাদি উৰি গ’ল ৷ এজনে ডাঙৰকৈ কৈ উঠিল, ‘ৱ’ আংকল ত’ দ’ বাৰ গিৰা ৷ না আংকল ?’ জানিছোঁ, মোক উদ্দেশ্য কৰিয়ে কৈছে ৷ ডিঙি ঘূৰাই চালোঁ
পাছফালে ৷ হাঁহি এটা মাৰি আঙুলিৰে দেখুৱাই দিলোঁ ভি আকৃতি ৷ পুনৰ গোটেইসোপাৰ মাজত হাঁহিৰ এজাউৰি ৷ সকলোৰে ভিতৰত বয়সত ময়েই সৰ্বোচ্চ ৷ সেইবোৰ একো ছেদ-ভেদ নাৰাখি
খোলামনে সহযোগ কৰিছোঁ আটাইৰে লগত ৷ ‘মিলিব লাগে, মিলাব লাগে, জীণ যাবলৈ হ’লে’ ৷ আনন্দ প্ৰকাশৰ ভাগ-বতোৱাৰা অব্যাহত থাকিল ৷ সমানে সমানে
মায়’ডিয়াৰ অপৰূপ ৰূপৰ গুণগান ৷ ছুম’খন
এতিয়াযেন এখন ঘৰ হৈ পৰিছে ৷ ভিতৰত থকা আমি ১১জন এই ঘৰখনৰ একো একোজন আনন্দবিভোৰ সদস্য
৷
বাহিৰতো শিহৰণযেন শেষ নহ’বই ! মাজে মাজে চকা এতিয়াও পিছল খাইছে
৷ ড্ৰাইভাৰে বাঁৱে কাটি নিয়ন্ত্ৰণাধীন কৰি আকৌ আগুৱাই নিছে ৷ লাহে লাহে ৷ গছে-পাতে
ওলমি থকা বৰফবোৰ ওপৰৰ পৰা থল থলকৈ সৰিছে ৷ ছিটিকিও অহা দেখিছোঁ ৷ চিটত বহি
এইবোৰকে উপভোগ কৰিব ধৰিছোঁ ৷ কেতিয়াও নোপোৱা অভিজ্ঞতা, কেতিয়াও নেদেখা দৃশ্যৰ
পয়োভৰ ৷ হকে-বিহকে ভিডিঅ’ কৰিছোঁ
৷ মাজে মাজে স্নেপো লৈছোঁ ৷ কোনো মুহূৰ্তকেইযেন বাদ দিব নোৱাৰি ৷
সিফালৰ পৰা হলৌচোলা পিন্ধি আহি আছে ৩গৰাকী
মহিলা ৷ ওচৰ চাপিলতহে মহিলা বুলি গম পালোঁ ৷ কান্ধত কোৰ-বেলচা ৷ ৰাস্তাৰ পৰা বৰফ
আঁতৰোৱা কৰ্মী ৷ যন্ত্ৰচালিত বাহন ব্যৱহাৰ কৰি পুৱাতে ৰাস্তাৰ বৰফ আঁতৰোৱা হয় যদিও ইমান নিম্নগামী উষ্ণতাত এওঁলোকৰ কামটোও খুব চেলেঞ্জিং ৷ মনত
আছে, মেৰুণৰঙী হলৌসাজ পৰিহিত মনপা চাফাই-কৰ্মী দেখিছিলোঁ, টাৱাঙত ৷ অইনে বাহিৰলৈ
হাত-কাণ-নাক উলিয়াব নোৱাৰা অৱস্থা ৷ তেওঁলোকে নিৰ্বিবাদে কাম কৰি গৈছিল ৷
আনিনিতবা কি দৃশ্য দেখোঁগৈ ! 'ঠাণ্ড ত' বহত হে'' বুলি কালি ফোনতে কৈছিল ৷
এইফালে তুষাৰপাতৰ প্ৰকোপ বেছি যেনহে
লাগিছে ৷ মায়াজালৰ মাজত সোমাই কিবা যেন বাট বিচাৰি নোপোৱা অৱস্থা ! একে ঠাইতে
পাক মাৰি মাৰি ঘূৰি আছোঁ ৷ এই শুভ্ৰতাৰ শেষ ক’ত ? বৰফৰ মাজলৈ ক্ৰমে বেছিকৈহে সোমাই গৈ আছোঁ যেন লাগে
কোনো কোনো মুহূৰ্তত ৷ ক’লৈ গৈ আছোঁ বাৰু ? আনিনিৰ বাট
হয়তো এইটো ? আচম্বিতে এনে প্ৰশ্নও মনলৈ নহাকৈ থকা নাই ৷
এনেতে বৰফৰ মাজত বাটৰ কাষত সোঁহাতে
দণ্ডায়মান হুনলি ৩০ লিখা মাইল প’ষ্ট এটা পাৰ হ’লোঁ ৷ ইমান পৰে শিখৰৰ পৰা মাত্ৰ ৪ কিল’মিটাৰহে নামিলোঁ তাৰ মানে ! অথনিৰে পৰা একেৰাহে নামিয়েই আছোঁ
৷ এইফালৰ পৰা মায়ডিয়া পাছলৈ চাইছোঁহে চাইছোঁ ৷ একোৱেই নেদেখি ৷ আগফাল, পাছফাল আৰু
দাঁতিৰ কেইমিটাৰমানলৈহে পৰিষ্কাৰ ৷বাকী ধূঁৱলী-কুঁৱলী ৷ ভিজিবিলিটি ইমানেই কম
৷ বেলি নাই ৷ বিপৰীত দিশে দূৰত ওপৰলৈ নীলা আকাশৰ ক্ষীণ উপস্থিতি ধৰা পৰিছে ৷
সুবিধাজনক
এঠাইত মিনি ট্ৰাকখন অতিক্ৰম কৰিলে আমাৰ চালকে ৷ নহ'লে নিজৰ গতি বাধাপ্ৰাপ্ত হয় ৷ দুখন বাইকত গৈ থকা বাইকাৰ্ছ চাৰিজন
এতিয়া আমাৰ আগে আগে ৷ মটৰ চাইকেলৰ চকা বাৰে বাৰে পিছলিছে ৷ পিছ মুহূৰ্ততে উঠিছে ৷ ধৰাধৰিকৈ
বাইক তুলিছে ৷ স্থিৰ হৈ অকণমান ৰৈ আকৌ চালনা আৰম্ভ কৰিব খোজে ৷ আকৌ পৰি যায় বৰফৰ চামনিত ৷ ‘য়ে ল’গ ভি, ইতনা ডেনজাৰ মে’ ক্যা… ! চাইড দে’ দ’ ভাই, হামক’ যানে’ দ’ ৷’ ড্ৰাইভাৰৰ অসন্তুষ্টি ৷ আমাৰ
গিৰ্জনি, সিহঁতে পৰা দেখি ৷ দুখ পায়নে নাপায়জানো ! মই হ'লে পালোঁ অথনি ৷
একোবত
বাইকাৰ্ছকো পাছত থৈ আগ বাঢ়িলোঁ আমি ৷ এইবাৰ ছুম’ এখন আহিল ওলাল, বিপৰীত ফালৰ পৰা ৷ আমাৰখন পাহাৰৰ
যিমান পাৰি কাষ চপালে ৷ সিখনো চাই-চিতি ৰৈ দিলে ৷ বুজাবুজি নকৰিলে বিপদ উভয়ৰে ৷ ৰছীৰ
ওপৰেৰে পাৰ হোৱা, ইটোৱে সিটোক বাট এৰি নিদিয়া অহংকাৰী ছাগলীহালৰ নিচিনা দশা হ’ব ৷ পৰস্পৰে পৰস্পৰক অতিক্ৰম কৰাৰ সময়তে আমাৰ চালকে সিখনৰ
চালকলৈ চাই ক’ব ধৰিলে, ‘লগতা হে’ আজ তে’ৰা ছুম’ নে’হী উঠেগা ৰে’ ৷ চান্স কম হে’ ৷ ইতনা শ্লিপ মাৰা বাপ ৰে’ বাপ ! আজ বহত জ্যাদা গিৰা হে’ ৷ মিনিষ্টাৰ
ল’গ যা ৰহা
হে’ ব’লকে আনে’ দিয়া ৷ নে’হী ত’… ৷’ খবৰা-খবৰিবোৰ
এনেকৈয়ে চলে ইয়াত ৷ ম’বাইলৰ কাম
নাই ৷ সিজন চালকো সমবয়সীয়া যেনেই লাগিছে ৷ মুখত প্ৰথমে হাঁহিৰ ৰেশ দেখা গৈছিল
যদিও বাক্যকেইটা শুনাৰ পাছত কপালৰ ৰেখাবোৰ কোঁচ খাই পৰিল তেওঁৰ ৷ প্ৰতিকূল এনে
পৰিস্থিতিত ওপৰলৈ উঠিব নোৱাৰি বহুতেই তলতে যাত্ৰা বাতিল কৰিবলগীয়া হয় ৷ নতুবা খপিবলগীয়া
হয় অনুকূল সময়ৰ ক্ষণ গণি ৷
তথাপিও, যান্ত্ৰিকতা আৰু কৃত্ৰিমতাৰ প্ৰাত্যহিক জীৱন-যাত্ৰা, দৈনন্দিনৰ কৰ্ম-ব্যস্ততা, সাংসাৰিক জ্বালা-যন্ত্ৰণাৰ পৰা ক্ষণিকৰ বাবে মুক্তি ল’বলৈকে অনেক মানুহেই বৰফ পৰাৰ দিনত মায়’ডিয়ালৈ ঢাপলি মেলে ৷ নয়নাভিৰাম প্ৰাকৃতিক দৃশ্যবোৰ হেঁপাহ পলুৱাই চাই মন-প্ৰাণ জুৰ পেলায় ৷ এনেকুৱা ভয়ংকৰ, ৰোমাঞ্চকৰ, শিহৰণকাৰী যাত্ৰাকো হেলাৰঙে স্বীকাৰ কৰি লয় ৷ লাডাখতকৈও বেছি ধুনীয়া, হিদেন জেমছ অৱ ইণ্ডিয়া, চুইজাৰলেণ্ড অৱ দা ইষ্ট, হেভেন অন আৰ্থ, হেভেন অফ দা নৰ্থ-ইষ্ট, ইনক্ৰেডিবল অৰুণাচল প্ৰদেশ ইত্যাদি ইত্যাদি ভাব-ভাষাৰে অপৰূপা মায়’ডিয়াক দি যায় কত কি বিশেষণ ! আমিও আজি ওপৰৱালাৰ কৃপাতে পৰ্বত-চূড়া জয় কৰিলোঁ ৷ আন্তৰিক-মানসিক উৎসাহ আৰু শক্তি যেন এতিয়া তুংগত ৷
তথাপিও, যান্ত্ৰিকতা আৰু কৃত্ৰিমতাৰ প্ৰাত্যহিক জীৱন-যাত্ৰা, দৈনন্দিনৰ কৰ্ম-ব্যস্ততা, সাংসাৰিক জ্বালা-যন্ত্ৰণাৰ পৰা ক্ষণিকৰ বাবে মুক্তি ল’বলৈকে অনেক মানুহেই বৰফ পৰাৰ দিনত মায়’ডিয়ালৈ ঢাপলি মেলে ৷ নয়নাভিৰাম প্ৰাকৃতিক দৃশ্যবোৰ হেঁপাহ পলুৱাই চাই মন-প্ৰাণ জুৰ পেলায় ৷ এনেকুৱা ভয়ংকৰ, ৰোমাঞ্চকৰ, শিহৰণকাৰী যাত্ৰাকো হেলাৰঙে স্বীকাৰ কৰি লয় ৷ লাডাখতকৈও বেছি ধুনীয়া, হিদেন জেমছ অৱ ইণ্ডিয়া, চুইজাৰলেণ্ড অৱ দা ইষ্ট, হেভেন অন আৰ্থ, হেভেন অফ দা নৰ্থ-ইষ্ট, ইনক্ৰেডিবল অৰুণাচল প্ৰদেশ ইত্যাদি ইত্যাদি ভাব-ভাষাৰে অপৰূপা মায়’ডিয়াক দি যায় কত কি বিশেষণ ! আমিও আজি ওপৰৱালাৰ কৃপাতে পৰ্বত-চূড়া জয় কৰিলোঁ ৷ আন্তৰিক-মানসিক উৎসাহ আৰু শক্তি যেন এতিয়া তুংগত ৷
ছুম’খন পাৰ হৈ নিজবাটে গুচি আহিলোঁ আমি ৷ সিখনে কি
চিন্তা কৰিলে, গ’ল নে নগ’ল, গম নাপাওঁ ৷ এতিয়াও মাজৰ ক’লা ক’লা দুছোৱা বাদ দি পাহাৰীয়া ৰাস্তাটোৰ আন আনফালে বগা মুকুতাৰে দলিচা ৷ অলপ অলপ গম পাইছোঁ যে অথনি সেউজীয়াৰ পাছত বগাৰ উন্মেষ ঘটাৰ দৰে বগাৰ পাছতো সেউজীয়া আহি
আছে ৷ বৰফেৰে মণিব নোৱাৰা ৰাজ্যখন পাছফালে এৰি থৈ ডিবাং
উপত্যকাৰ সেউজীয়াৰ পৰিশীলিত ৰূপ দৰ্শনাৰ্থে অতিমাত্ৰাই ব্যাকুল হৈ আছোঁ ৷
বৰফৰ ভেটা ভাঙি আগুৱাই গৈ থাকি ১০.২০ত ৬৫ পালোঁ ৷
(ক্ৰমশঃ)
No comments:
Post a Comment