‘হোটেল মিম’ কোনফালেনো
?’ বাছৰ পৰা নামি মাটিত ভৰি দিওঁ কি
নিদিওঁতেই কণ্ডাক্টৰজনলৈ চাই সুধিলোঁ, অসমীয়াতে ৷ তেওঁ অসমৰ যুৱক ৷ ‘সৌখন, যাওক ৷’ বাওঁহাতলৈ আঙুলি টোঁৱাই ক’লে ৷ ‘অ’ ওচৰতেইচোন ! চিন্তা কৰিবলগীয়া
একো কথাই নাই ৷’ স্বগতোক্তি মোৰ ৷ লগতে প্ৰথম শ্বেলটাৰটো হেলাৰঙে পাই যোৱাৰ আনন্দ ৷
১৯৮০ চনৰ জিলা
পুনৰ্গঠন আইন অনুসৰি অবিভক্ত ডিবাং ভেলী জিলাৰ একাংশ কাটি ৰ’য়িঙক সদৰ হিচাপে লৈ ২০০১ চনৰ ১৬
ডিচেম্বৰ তাৰিখে প্ৰযোজ্য হোৱাকৈ গঠন হৈছিল ল’ৱাৰ ডিবাং ভেলী জিলা ৷ মাটিকালি ৩,৯০০ বৰ্গ কিল’মিটাৰ ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি
জনসংখ্যা ৫৩,৯৮৬ ৷ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিল’মিটাৰত ১৪ জন ৷ সাক্ষৰতাৰ হাৰ শতকৰা ৭০.৩৮ ৷ ১ নং অৰুণাচল পূব
সংসদীয় সমষ্টিৰ অধীনস্থ এই জিলাখনৰ বিধান সভা সমষ্টি দুটা ৷ ৪২-ডামবুক (অ.জ.) আৰু ৪৩-ৰ’য়িং (অ.জ.) ৷ প্ৰশাসনীয় কাম-কাজৰ
সুবিধাৰ্থে জিলাখনক ৫টা মহকুমা (ৰ’য়িং, পাৰবুক, হুনলি, ডামবুক, পাগলাম), ৩টা উন্নয়ন খণ্ড (ৰ’য়িং-কৰনু, হুনলি-ডেচালি, ডামবুক-পাগলাম)
আৰু ৭টা ৰাজহ-চক্ৰ (ৰ’য়িং, কৰনু, পাৰবুক, হুনলি, ডেচালি, ডামবুক, পাগলাম)ত বিভক্ত কৰা হৈছে ৷ ৰ’য়িং মহকুমাটো সবাতোকৈ পুৰণা ৷
১৯৫১ চনৰ ৷ আনহাতে পাৰবুক আৰু পাগলাম ২০১৯ত সৃষ্টি কৰা হৈছে ৷ ১৯৮৪ চনমানত তেতিয়াৰ আনিনি
জিলাত কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত জাগিৰ সিং নামৰ উপায়ুক্তগৰাকীক ‘ৰ’য়িঙৰ খনিকৰ’, Architect of Roing বুলি কোৱা
হয় ৷
এয়া ল’ৱাৰ মাৰ্কেট ৷ পিঠিত ৰাক্চেক
আৰু বুকুৰফালে স্কুলবেগটো ধৰি লৈ ফুটপাথেৰে খোজ পেলোৱা আৰম্ভ কৰিছোঁ ৷ ইফালে-সিফালে লক্ষ্য
কৰিও গৈছোঁ ৷ ৰ’য়িংখন ডাঙৰ হ’ল আগতকৈ ৷ চেহেৰা সলনি হৈ গ’ল ৷ যোৱাবাৰ আহোঁতে মেইন ৰ’ডটোৰ কাম চলি আছিল ৷ গোটেইখন ধূলিময় আছিল ৷ এতিয়া ধূলি-মাকতি নাই ৷
বাওঁহাতে হালধীয়া
ৰং দিয়া তিনিমহলীয়া বিল্ডিংটোত লিখি থোৱাই আছে, হোটেল মিমু বুলি ৷ এতিয়াহে সম্বিৎ
আহিল যে হোটেলখনৰ নামটো মিম’ নহয়, মিমুহে ৷ এম.আই.এম.ইউ. ৷ মইহে ভুলতে মিম’ মিম’কৈ আছিলোঁ ৷
ভাইচাহাব, মিমুকা
ৰিচেপচন কাউণ্টাৰ কিধৰ হে’ ? এইবাৰ হিন্দী মাৰিলোঁ, থলুৱা সুৰত ৷ গ্ৰাউণ্ড ফ্ল’ৰৰ গেলামাল দোকানখনত গ্ৰাহক দুজনমান
আছে যদিও মোৰ লক্ষ্য দোকানীজন ৷ অনা-অৰুণাচলী বুলি মুখাবয়ৱলৈ চাই সহজেই ধৰিব পাৰিছোঁ
৷ হাত দুখনেৰে অদ্ভুত কিছু অংগী-ভংগী কৰি তেওঁ ইংগিত দিলে, বেৰখনৰ সিফালেদি, ওপৰলৈ ৷ নিৰ্দেশ দিয়া
ধৰণেই খটখটিৰে উঠি গ’লোঁ ৷ বাটটো ঠেক ৷ মনতে ভাবি ভাবি গৈছোঁ, চিন্তা্নো কিহৰ, অনলাইনত কাহানিবাতে
ৰূম বুক কৰি থোৱাই আছে ৷ কেৱল উপস্থিত হ’ব লাগে, ধন জমা দিব লাগে আৰু অধিকাৰ কৰিব লাগে ৷ দুপৰীয়া ১২ বজাত চেক্ ইন্ বুলি
এছ.এম.এছ. বাৰ্তা পাইছিলোঁ ৷ কিন্তু আহি গ’লোঁ ৩ ঘণ্টামানৰ আগতেই ৷ এই লৈহে কথা ছিঙিব লাগে ৷ হৈ যাব, ন’ প্ৰব্লেম ৷ চ’ক’ তায়ুৰ চিন্তাটোৱেহে তৰণি দিয়া
নাই ৷ মাজে মাজে উক দিয়েহি ৷ নিৰন্তৰ ফোন কৰিব লাগিব মানুহটোক ৷ আগে ৰূমত থিতাপি
লৈ লওঁ ৷
ৰিচেপচন কাউণ্টাৰত
কম বয়সীয়া ল’ৰা এটাই
খচমচাই কিবা খুঁচৰি আছে ৷ কাউণ্টাৰৰ ওপৰত মৰা কৰ্কশ টোকৰকেইটা কাণত পৰাত সি মোলৈ দৃষ্টি দিলে ৷ ‘মোৰ ৰূম বুক কৰা আছে ৷’ হিন্দীতে পাতনি আৰম্ভ কৰিলোঁ ৷
‘য়ে’ দেখ ল’’ বুলি কৈ ম’বাইলৰ স্ক্ৰীণখনো দেখুৱাই দিলোঁ
৷ হাতত তুলি লৈ চালে মনোযোগেৰে ৷ মুখমণ্ডল অধ্যয়ন কৰি এনে লাগিল, সি একো বুজা নাই ৷ মই ক’লোঁ, ‘OYOৰ যোগেদি অনলাইন বুকিং হৈছিল যোৱা ২৩ তাৰিখে ৷’
ল’ৰা আৰু এটা আছিল, ওচৰতে ৷ সিও চাপি আহিল ৷ পাঠোদ্ধাৰত লাগি গ’ল দুয়ো ৷ হচপিটেলিটি উদ্যোগখণ্ডৰ ব্যক্তিগত মালিকানাধীন কোম্পানী OYOৰ মাধ্যমেৰে ৰ’য়িঙৰ হোটেল মিমুত আগতীয়াকৈ এজনীয়া কোঠা এটা লৈ থৈছিলোঁ যাতে সময়ত ধৰফৰাই ফুৰিবলগীয়া নহয় ৷ গতিকে এতিয়া মুঠতে ৰূমটো মই পাব লাগে ৷ কথা সিমানেই ৷
ল’ৰা আৰু এটা আছিল, ওচৰতে ৷ সিও চাপি আহিল ৷ পাঠোদ্ধাৰত লাগি গ’ল দুয়ো ৷ হচপিটেলিটি উদ্যোগখণ্ডৰ ব্যক্তিগত মালিকানাধীন কোম্পানী OYOৰ মাধ্যমেৰে ৰ’য়িঙৰ হোটেল মিমুত আগতীয়াকৈ এজনীয়া কোঠা এটা লৈ থৈছিলোঁ যাতে সময়ত ধৰফৰাই ফুৰিবলগীয়া নহয় ৷ গতিকে এতিয়া মুঠতে ৰূমটো মই পাব লাগে ৷ কথা সিমানেই ৷
উত্তৰহে কিবাচোন বেলেগ আহিল ৷ ‘OYO কা সাথ ক'ই কানেকচন নেহী হে’ হামাৰা ৷ আপক’ কমৰা আপনাচে লেনা পড়েগা ৷’
কি
? মই অবাক ৷ কোন সঁচা, কোন মিছা ? অনলাইনযোগে পে’মেণ্ট কৰাৰ নিৰ্দেশোতো
আহিছিল ৷ ঘৰ এৰাৰ আগে আগে পে’মেণ্ট কৰিবলৈয়ে উদ্যত হৈছিলোঁ ৷ কিবা অজ্ঞাত কাৰণত চাবমিট নহ’ল ৷
সময়ৰ নাটনিৰ অজুহাতত এৰি দিলোঁ তেনেকৈয়ে ৷ নহ’লেতো ধন আদায়ো হৈয়ে যায় ৷ সি যি কি নহওক, এতিয়া জেগাত আহি এই অৱস্থা ! এনে লটিঘটি কিয় ? সিফালৰ পৰা চাফাই দি দিলে ৷ ‘এনেকুৱা বহুত কাষ্টমাৰৰে হয় ৷ আমাৰ কিন্তু কোনো এজেন্সিৰ লগতে তেনেকুৱা একো চুক্তি নাই ৷’
তেনেহ’লে বিকল্প কি হ’ব এতিয়া ? ৫০০ টকাত এটাচ্চ বাথ চিংগল ৰূম এটা পালোঁ যেনিবা ৷ চালোঁগৈ সোমায় ৷ এৰাতিহে ৷ চলি যাব ৷ ৰূম নম্বৰটো নোটবুকত টুকি ল’লোঁ ৷ ২০৪ ৷
ৰেজিষ্টাৰত নাম-ধাম লিখি আছোঁ ৷ নৱদম্পতী এটা আহি ওলাল ৷ গুৱাহাটীৰ পৰা আহিছে ৷ মায়’ডিয়া চাব, বৰফ খেলিব ৷ ইয়াতে ৰূম বুক কৰা আছিল, OYOৰ জৰিয়তে ৷ কাণ্ড একেই ৷ কাউণ্টাৰৰ পৰাও একেটাই উত্তৰ ৷ অ’ফাৰ পাই তেওঁলোকে ইতিমধ্যে পে’মেণ্টো কৰি দিলে চাগৈ ! ভালদৰে গম নাপালোঁ যদিও হাহাকাৰ অৱস্থাটো দেখি তেনে যেনেই লাগিল ৷ অনলাইন হোটেল ৰূম বুকিং এজেন্সিক সমালোচনাৰে থকা-সৰকা কৰিছে দুয়ো ৷ কে’চ দিম বুলিও কৈছে ৷ গুজৰি-গুমৰি তললৈ নামি গ’ল ৷
মোৰ অৱশ্যে এনে অভিজ্ঞতা জীৱনত এয়াই প্ৰথম ৷ বেগ দুটা ৰাখি নিজৰ ৰূমটো খৰধৰকৈ অধিগ্ৰহণ
কৰিয়েই নামি গ’লোঁ কিবা এটা খাওঁগৈ বুলি ৷ (ক্ৰমশঃ)ৰেজিষ্টাৰত নাম-ধাম লিখি আছোঁ ৷ নৱদম্পতী এটা আহি ওলাল ৷ গুৱাহাটীৰ পৰা আহিছে ৷ মায়’ডিয়া চাব, বৰফ খেলিব ৷ ইয়াতে ৰূম বুক কৰা আছিল, OYOৰ জৰিয়তে ৷ কাণ্ড একেই ৷ কাউণ্টাৰৰ পৰাও একেটাই উত্তৰ ৷ অ’ফাৰ পাই তেওঁলোকে ইতিমধ্যে পে’মেণ্টো কৰি দিলে চাগৈ ! ভালদৰে গম নাপালোঁ যদিও হাহাকাৰ অৱস্থাটো দেখি তেনে যেনেই লাগিল ৷ অনলাইন হোটেল ৰূম বুকিং এজেন্সিক সমালোচনাৰে থকা-সৰকা কৰিছে দুয়ো ৷ কে’চ দিম বুলিও কৈছে ৷ গুজৰি-গুমৰি তললৈ নামি গ’ল ৷
No comments:
Post a Comment