Thursday, 23 April 2020

৫.৭ ৰানলিৰ ধোঁৱাই থকা ভাতসাঁজ


ৰাস্তাটোৱে এইখিনিত এছ টাৰ্ণ লৈছে ৷ বাঁওহাতে বল্ডাৰৰ ভেটি এটা ৷ তাৰ ওপৰতে বাঁহৰ ধপলা-ধপল বেৰ, মামৰে ধৰা টিনপাত, গোলাকাৰ খুঁটা, টুকুৰা তক্তা, ড্ৰামশ্বিট, ঢাৰি, বাঁহ, কাঠ, ছিগি যোৱা তাঁৰৰ জালি ইত্যাদি উপাদানেৰে নিৰ্মিত এটা দীঘলীয়া ঘৰ ৷ পুৰণা হৈছে বুলি ধৰিব পাৰি ৷ বেৰত ডিশ্ব টিভিৰ ছেটেলাইট ডিশ্ব, চালৰ ওপৰত ছলাৰ পেনেল ৷ নাম-ধাম জানিবলৈ চাইনবৰ্ড নাই যদিও আচলতে এইখন এখন হোটেল ৷

গাড়ী ৰখোৱাৰ লগে লগে আটায়ে নামিলোঁ ৷ মাটিত ভৰি দিয়ে নাকে-কাণে চেঁচা অনুভৱ এটা বৈ গল ৷ এখন বলেৰ আৰু দুখন বাইক আগৰে পৰাই ৰৈ আছিল ৷ নম্বৰ প্লেটত এ.এছ. ২২ লিখা দেখিয়ে ধৰিব পাৰিলোঁ যে বলেৰখন অসমৰ ৷ অনুমান, ধেমাজি জিলাৰ হ'ব লাগে ৷ অলপ পাছতে গলগৈ ৷ মানুহখিনি অৰুণাচলী যেন লাগিল ৷

মিছিমি হিল্‌ছৰ অভ্যন্তৰৰ আহল-বহল ঠাইটুকুৰা প্ৰথম দৃষ্টিতে ভাল লাগি গৈছে ৷ হাত-ভৰি পোনাই, কঁকালটো কেইবাৰমান ইফালে-সিফালে টনা-টনি কৰি ওপৰলৈ উঠি গলোঁ ৷ পুৰণা ৰাস্তাটোৰ অংশটোলৈ চাই ধৰিব পাৰিছোঁ যে নিচেই কাষতে আছিল হোটেলখন ৷ হাইৱেৰ বাবে কেঁকুৰিৰ বক্ৰতা হ্ৰাস কৰাত ২০ ফুটমান আঁতৰি আহিল ৷ ভালেই হৈছে ৷ পাৰ্কিঙৰ জেগা ওলাইছে ৷ ছিক্সটি ফাইভৰ দৰে ৰাস্তাত লাগি থকা নাই ৷

বাহিৰফালে এখন খিৰিকী ৷ তাঁৰৰ জালি আধা ওলমি আছে, আধা খহিল ৷ বিস্কুট, চিপ্‌চ ইত্যাদি লাগিলে এইটো বাটেদিয়ে ল'ব পাৰি ৷ হোটেলৰ লগতে এইবোৰো পায় ৷ সৰু ছোৱালী এজনী বহি আছে ৷

খিৰিকীৰ লগালগিকৈ থকা একমাত্ৰ দৰজাখনেৰে ভুমুকি মাৰি পঠিয়ালোঁ ৷ ভিতৰত প্লাষ্টিকৰ টেবুল আৰু চকী কেইখনমান সজাই থোৱা হৈছে ৷ ঢিমিক-ঢামাককৈ ছলাৰ লাইট এটাও জ্বলিছে ৷ বৈদ্যুতিক পৰিবাহী লাইন সন্মুখেদি গৈছে যদিও সংযোগ নাই ৷ হাঁকুটিও দেখা নাই ৷ সোঁমাজতে থৈ লোৱা মিঠাতেলৰ টিং এটাৰ ভিতৰত জ্বলি থকা জুই একুৰাক ঘেৰি ধৰি চাৰিজন যুৱকে ভাত খাই আছে ৷ ভাতৰ ধোঁৱা, জুইৰ ধোঁৱা একাকাৰ হৈ পৰিছে ৷ বাহিৰত ৰখা মটৰ চাইকেল দুখনৰ আৰোহীয়েই হব চাগৈ ৷ আন এজন ডেকাই ব্যস্ততাৰে সোধ-পোছ কৰি আছে ৷ চেহেৰাত নেপালী যেন লাগিল ৷ পৰ্বতীয়া ঠাইত খেতি-বাতি, বেহা-বেপাৰ, ৰন্ধা-বঢ়া, ৰখীয়া ইত্যাদি কাম কৰাত নেপালীসকল বিশ্বস্ত আৰু সেয়েহে নাম আছে ৷ যলৈকে গৈছোঁ ততেই পাইছোঁ ৷ এতিয়াও মালিকপক্ষ নেপালী বুলি প্ৰতিপন্ন হ'ল, যেতিয়া তেওঁলোকে নিজৰ মাজত পতা কথা শুনিলোঁ ৷

শাকাহাৰী খানা পাইনছ্‌, অ' দাঁই ?’ ময়ো ভুলে-ভালে নেপালী মাৰি দিলোঁ, দোস্তি বাঢ়ক বুলিয়ে ৷ ভাষাই দোস্তি বঢ়ায় ৷
হঁজুৰ, পাইনছ্‌ ত ৷

হাত ধুবলৈ কোনফালে, জানিব বিচৰাত পাছফাললৈ আঙুলিয়াই দিলে ৷ এইটো ঘৰৰ লগালগিকৈ পৃথক ঘৰ এটাও আছে ৷ সেয়া পাকঘৰ ৷ তাৰ কাষেৰে মুক্তাংগনলৈ ৷ অদূৰত প্ৰসাধন গৃহ সাজি দিয়া হৈছে ৷ পিছে কতনো ইমান সোনকালে হাত ধুৱা হয়, দৃশ্য চাই চাই সেইফালেই বিভোৰ হৈ পৰিলোঁ ৷ অকণমান আগুৱাই গ'লে পৰ্বতৰ ঢাল ৷ তাতে ৰৈ আমি অহা ৰাস্তাটো পৰ্যবেক্ষণ কৰিব ধৰিলোঁ, অকলে অকলে ৷ তাৰ লগে লগে ফটো তোলা কামটোও হ'ল ৷ নদীখন এইফালে অহা নাই দেখোন ! কেনি লুকাল ? শাৰী শাৰী পৰ্বতবোৰ নীলা নীলাকৈ উজলি আছে ৷ তাৰ কোনোবা ফাঁকেৰে ডিবাং কেনিবা লুকাই পৰিল ৷ পথে পথে আগ বাঢ়িলে আকৌ পামগৈ কিজানি ৷

পাচিঘাটৰ যুৱতীগৰাকীয়ে বল্ডাৰৰ ওপৰত অৱস্থান কৰিছে ৷ মুক্ত আকাশৰ তলত বহি লৈ পুৱাতে ৰয়িঙৰ শৰ্মা চুইট্‌ছৰ পৰা টোপোলা বান্ধি অনা খোৱা-বস্তুবোৰ উলিয়াইছে ৷ দৃশ্য চাই চাই খাব ৷ বাহিৰখনত ইমান ঠাণ্ডা যদিও তাইৰ আয়োজনটো দেখি ভাল লাগিল ৷ বাকীসকলক হোটেলৰ ভিতৰত প্ৰৱেশ কৰা দেখিছিলোঁ ৷

হাত-মুখ ধুই সোমাই যাওঁতে দেখিলোঁ, ৪ যুৱতীয়ে পাকঘৰত একেলগে জুইৰ গুৰিত ঢাৰি পাৰি মজাছে ঠাই অধিকাৰ কৰি লৈছে ৷ নিজৰ দোৱানত নিজৰ মাজত অনৰ্গল কথা পাতিছে ৷ অন্য মহিলা এগৰাকীয়ে প্লেটত ভাত বাঢ়ি দিছে ৷ ধোঁৱাই থকা ভাত ৷ চৌকাৰ আশে-পাশে প্ৰেচাৰ কুকাৰকে আদি কৰি বিভিন্ন ধৰণৰ পাত্ৰসমূহ ৷ ড্ৰাইভাৰ আৰু এক যুৱককো ভিতৰত দেখা পালোঁ ৷ পাহাৰীয়া ঠাণ্ডা নেওচিবলৈ জুইকুৰাই সৰ্বোত্তম উপায় ৷ জুহালে সকলোকে আকৰ্ষণ কৰে ৷

সামান্য অপেক্ষা ৷ ডেকাজনে মোকো ভাত দিলেহি ৷ তেৱেঁই পৰিচালক ৷ ভাত, দাইল, ভাজি, আচাৰ, পাপৰ ৷ পৰিষ্কাৰ পৰিৱেশন ৷ লগতে এক জাৰ গৰম পানী ৷ খাদ্য-বস্তুৰ পৰা নিৰ্গত ধোঁৱাৰ প্ৰকোপত চকু মেলাই টান হৈ পৰিল ৷ যেন চৌকাৰ পৰা নমায়েই পোনে পোনে গ্ৰাহকলৈ লৈ আহিছে !  একেৰাহে অলপ সময় ফু ফু কৰিবলগীয়া অৱস্থা ৷ ইফালে হাত-কাণ বাহিৰ কৰিবলৈ মন নোযোৱা ঠাণ্ডা ৷ বাকী ৩ পুৰুষ যাত্ৰীয়েও টেবুল অধিকাৰ কৰি তপতে তপতে খোৱাৰ আশাত বহিছে ৷ অন্য গ্ৰাহক নাই ৷ বাইকাৰ্ছসকল ৰাওনা হ'ল ৷

ডিবাং ভেলীত তৃপ্তিৰে খালোঁ এসাঁজ ৷ চাউল ভাল ৷ খাই থাকোঁতে নাগালেণ্ডৰ খনমা আৰু ঝুক ভেলীত খোৱা পাহাৰীয়া চাউলৰ ভাতকেইটালৈ মনত পৰিল ৷ কৰবাত যেন কিবা মিল অকণমান বিচাৰি পালোঁ ৷

নিৰামিষ ৯০ টকা ৷ ১০০ টকাৰ ভিতৰত আপোনাৰ দিনৰ আহাৰ হৈ যাব বুলি চ'ক' তায়ুৱে ফোনত মোক ঠিক কথাই কৈছিল যাত্ৰাটোৰ প্ৰস্তুতিকালতে ৷ ধন পৰিশোধ কৰাৰ সুযোগ লৈ হোটেল পৰিচালক ডেকাজনৰ লগত হিন্দীতে আলাপ কৰিব ধৰিলোঁ ৷
এই ঠাইখিনিৰ নাম কি ?
ৰানলি ৷
আপোনাৰ নামটো ?
মোৰ নাম অমিত পুন মগৰ ৷
ইয়াত কিমান দিন হল ?
৩০ বছৰ ধৰি হোটেল চলাই আছোঁ ৷

৩০ বছৰ ! কল্পনা কৰি মই আচৰিতেই হলো ৷ ওচৰে-পাজৰেচোন কোনোৱেই নাই ! অৰুণাচলৰ ক্ষুদ্ৰ গাঁও এখনৰ নিকটৱৰ্তী, মূল ৰাস্তাৰ দাঁতিৰ অকলশৰীয়া জেগাটুকুৰাত এই মানুহজনে ভাল সেৱা আগ বঢ়াই সুদীৰ্ঘদিন ধৰি জীৱিকা অৰ্জন কৰি আছে দেই ৷ ৰাস্তাটো বহল হোৱানো কিমান দিন হৈছে, তাৰ আগতেতো অৰণ্যও বেছি আছিল নিশ্চয়কৈ ৷ কথাবোৰ ভাবিছোঁ মনে মনে ৷ মনত পৰিছে মেন্‌-চু-খালৈ যাওঁতে হিৰগ' গাঁৱত চিক'-দিদ' জলপ্ৰপাতৰ কাষতে খোলা হিবা লাইন হোটেলৰ প্ৰকাশ ছেত্ৰীলৈ ৷ ৱালঙৰ গড়কাপ্তানি পৰিদৰ্শন বঙলাৰ ৰান্ধনি কৃষ্ণ প্ৰধানলৈ ৷ হাৱাইৰ যাত্ৰী নিবাসৰ ৰান্ধনি গণেশ শৰ্মালৈ ৷ হায়ুলিয়াঙৰ সমীপৰ খুপাৰ চিমা তামাং আৰু কমল ধুংগানালৈ ৷ এই মানুহবোৰে কষ্ট কৰিব পাৰে আৰু সাহসো আছে ৷

ইমান গৰম গৰম ভাত খুওৱাটো কেনেকৈ সম্ভৱ ?’ নুসুধি নোৱাৰিলোঁ প্ৰশ্নটো ৷
পৰ্বতৰ ভাঁজে ভাঁজে আহি থকা ছুম দূৰত থাকোঁতেই আমি দেখা পাই যাওঁ ৷ পেচেঞ্জাৰে ইয়াতেই ভাত খাই যায় ৷ গতিকে গাড়ী দেখিলেই জুইৰ ওপৰত বহুৱাই দিওঁ ৷ বস্তুবোৰ আমাৰ ৰেডীয়ে থাকে ৷ আহি পোৱালৈকে খানা তৈয়াৰ হৈ যায় ৷
বস্তু-বাহানি কৰ পৰা আনে ?
তলৰ ৰয়িঙৰ পৰাই অনা হয় ৷
কেনেকৈ আনে ?
ছুমবোৰ চলি থাকে নহয় ৷ সিহঁতেই কঢ়িয়াই লৈ আহে ৷

ৰানলিৰ ভাতসাঁজত মই খুব সন্তুষ্ট হলোঁ ৷ ৰয়িঙতকৈও ভাল লাগিছে ৷ কথা প্ৰসংগত মগৰেও স্বীকাৰ কৰিলে, ৰয়িঙত ঠাণ্ডা-গৰম একো বাছ-বিচাৰ নাই ৷ আমি তেনেকুৱা নকৰোঁ ৷ ইয়াত সকলো সময়তে আপুনি গৰম খানাই পাব ৷
আপ কাঁহা যা ৰহে হ ছাৰ ? কথাৰ মাজতে ঘূৰাই মোক সুধিলে তেওঁ ৷
আনিনি ৷ চমু উত্তৰ ৷
কিছ কাম ছে ?
এইছেই, ঘূমনে ৷
কাল ছে' ত' আনিনি মে' ইদু ল'গকা ফেষ্টিভেল ভি চুৰু হ' ৰহাহে'...  তেওঁ সংযোজন কৰিলে ৷ পিছ মুহূৰ্ততে কৈ উঠিল, ৱহাঁ লেকিন ঠাণ্ডা বহত জ্যাদা হে' ৷

মই মূৰ দুপিয়ালোঁ ৷ যিমান ঠাণ্ডা হলেও আহিছোঁ যেতিয়া সহ্য কৰিবই লাগিব ৷ পাৰিম বুলি দৃঢ়মনা হৈ আছোঁ ৷ জেকেট আৰু ইনাৰৰ ওপৰত পূৰ্ণ বিশ্বাস আছে ৷ টেম্পাৰেচাৰ লাগিলে মাইনাচেই হওক ৷ জুই একুৰা পালেই হ'ল ৷ কেৱল জোতাযোৰহে ৷ বিশ্বাসঘাতকতাও কৰিলে দুবাৰকৈ ৷ তপিনা বিষাই আছে ৷

আৰু নাভাবোঁ বুলি অথনিতে পণ লৈছিলোঁ যদিও প্ৰসংগক্ৰমে জোতাৰ বিষয়টো আহি পৰাত চালোঁ এবাৰ ভৰি দুখনলৈ ৷ সংগীসকলৰ ভৰিতো স্পৰ্টছ শ্বুজেই দেখিছোঁ ৷ কাৰোবাৰ সৰু গাঁঠিলৈকে ওখ জোতা ৷ যাৰ যেনেকুৱাই নহওক, দৰাচলতে ভৰি আৰু ভ্ৰমণহে অংগাংগী ৷ ভৰি নচলিলে ভ্ৰমণ নকৰাই শ্ৰেয় ৷ জোতা তাৰ আৱৰণ মাত্ৰ ৷ জোতাত লিখা থাকে যাত্ৰাৰ দিন-বাৰ ৷ ছুমখনৰ ১১জনীয়া দলটোৰ প্ৰত্যেকৰে জোতাতে লিখা আছিল একেটাই তাৰিখ, ৩১.০১.২০২০ ৷ সেয়েহে আটাইকেইজনে একেলগে যাত্ৰা আৰম্ভ কৰিবলৈ পালোঁ আনিনি অভিমুখে !

কথাবোৰ ভাবিলোঁহে, নকলোঁ ৷ অমিত আৰু মই অন্তৰংগতাৰে কথা পাতি থকা অৱস্থাতে পাচিঘাটৰ যুৱতীও কিবা বিচাৰি আহিল ৷ চাহ পোৱা যাব নেকি সুধিলে অমিতক ৷ মোলৈ চাই প্ৰশ্ন, আপ চ্যায় লেংগে' ছাৰ ?’ মায়'ডিয়াৰ পাছে যাত্ৰীসকলৰ মাজত বন্ধুত্বৰ বৃদ্ধি ঘটাইছে ৷ চাহৰ প্ৰস্তাৱো আহিল এতিয়া ৷
লালচ্যায় মিলনেছে
মিলেগা, জৰুৰ মিলেগা ৷ মগৰে দুকাপ চাহ কৰি আনিবলৈ পাকঘৰলৈ পোনালে ৷ তাইৰ বাবে গাখীৰ চাহ, মোৰ বাবে লালচাহ ৷

আমি থিয়ৈ থিয়ৈ কথা পতাত ধৰিলোঁ ৷ জানিলোঁ যে তেওঁ আদি জনগোষ্ঠীৰ ৷ ইদু নহয় ৷ পাচিঘাটত পৰিসংখ্যা বিভাগত চাকৰি কৰে ৷ আনিনিত থকা বায়েকৰ তালৈ আহিছে ৷ ভিনিয়েক ডিপাৰ্টমেণ্ট অফ্‌ পাৱাৰৰ ইঞ্জিনিয়াৰ ৷ ইয়াৰ পূৰ্বেও আনিনিলৈ যোৱা হৈছিল ৷ সেইবাৰ হেলিকপ্টাৰত ৷ এইবাৰ প্ৰথম অভিজ্ঞতা গাড়ীত অহাৰ ৷ ৰাস্তাটোক লৈ চিন্তিত হৈ আছে ৷

মগৰে আগ বঢ়োৱা চাহকাপত শেষ শোহাটো মাৰিবলৈ লওঁতেই ড্ৰাইভাৰে হৰ্ণ বজাই জাননী দিলে যে যাবৰ হ'ল ৷ গোটেইখিনি যাত্ৰীকে ছুমখনৰ আগত থিয় কৰাই গ্ৰুপ ফটো এখন তুলিম বুলি মনে মনে ভাবি আছিলোঁ, সুযোগেই নাপালোঁ ৷ আয়িয়ে, আয়িয়ে বুলি খৰখেদা লগাই দিলে ৷ স্পীকাৰত গান এটাও বজাই লৈছে ৷ অমিত পুন মগৰক মাতষাৰ লগাই ছুম'লৈ আগ বাঢ়িলোঁ ৷ আৰজু চাৰ্কোলৰ এই ৰানলিতে টুৰিষ্ট লজ্‌ এটা থকাৰ কথা চৰকাৰী নথিত পাইছিলোঁ ৷ এভাৰেষ্টাৰ টিনে মেনা তাৰ তত্ত্বাৱধায়ক ৷ লজ্‌টো কোনফালে আছেজানো, গম নাপালোঁ ৷ মগৰকো সোধা নহ'ল ৷

গাড়ীখনত উঠিয়েই ঘৰৰ পৰা অনা তামোলৰ টোপোলাটো বেগ খুঁচৰি বাহিৰ কৰিলোঁ ৷ তাৰে এখন মুখত ভৰাই আৰামকৈ বহি লৈছোঁ সন্মুখলৈ আহিবলগীয়া দৃশ্যপটলৈ বাট চাই ৷ কাষৰ ইদু যুৱতীজনীক যাচিছিলোঁ ৷ তাই মূৰ জোকাৰিলে ৷ মানে নাখায় ৷ ক'লে, 'চক্কৰ আতা হে' ৷' ময়ো টোপোলা সামৰি কেমেৰাত মন দিলোঁ ৷

২.০০ বজাত পৰৱৰ্তী খেপৰ যাত্ৰা আৰম্ভ হল ৷ (ক্ৰমশঃ)

No comments:

Post a Comment