Monday, 20 April 2020

৫.৪ নতুন শিহৰণ...



হুনলি হিল ষ্টেচন ৷ আনিনিৰ বাটত মায়ডিয়াৰ পৰা ৩৪ কিলমিটাৰ আগলৈ আহি এই স্থান পালোঁ ৷ সমুদ্ৰপৃষ্ঠৰ পৰা ১,২৫০ মিটাৰ উচ্চতাত ঠাইডোখৰৰ অৱস্থিতি ৷ মায়ডিয়া গিৰিপথৰ সিফালে আমি পাৰ হৈ অহা তিৱাৰী গাঁৱৰ উচ্চতাও তুলনামূলকভাৱে ওচৰা-উচৰিয়েই আছিল, ১,৩০০ মিটাৰ ৷ হিচাপ কৰি চালোঁ, ইমান সময়ে গিৰিপথৰ পৰা ১,৪০৫ মিটাৰ তললৈ নামিলোঁ আমি ৷ আকৌ উঠিব লাগিব ৷ কাৰণ আনিনি হুনলিতকৈ ওপৰত অৱস্থিত ৷

এতিয়া ১২ বাজিছে ৷ পুৱা ৰ'য়িং এৰাৰ পৰা ৫ ঘণ্টাত ৯০ কিল'মিটাৰ আহিলোঁ ৷ আৰু ১৩৮ কিল'মিটাৰ বাকী আছেই ৷ কিমান সময় লাগিব, ভাত ক'ত খুৱাব, একো নাজানো ৷

হুনলি লৱাৰ ডিবাং ভেলী জিলাৰ এটা মহকুমা ৷ হুনলি-ডেচালি উন্নয়ন খণ্ড আৰু হুনলি ৰাজহ-চক্ৰৰ অন্তৰ্গত নাতিবৃহৎ মহকুমা সদৰখনত উপস্থিত হৈ মনৰ বহুদিনীয়া হেঁপাহ এটা পূৰ হোৱা যেন লাগিছে ৷ সৰু ঠাই হুনলি ৷ ২০১১ চনৰ লোক-গণনা অনুযায়ী ১৩১টা ইদু মিছিমি পৰিয়ালেৰে জনসংখ্যা ৫০৫ মাত্ৰ ৷ ইয়াত আৰক্ষী নিৱেশ, ডাকঘৰ, আৱৰ্ত ভৱন, হেলিপেড, বিদ্যালয়, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, হাট-বজাৰ ইত্যাদি আছে ৷ ওচৰৰে কুপুন্‌লিত গুহা মন্দিৰ এটা আছে বুলি শুনিছিলোঁ ৷ দুঘণ্টা ট্ৰেকিং কৰিলে পোৱা যায় ৷

এসময়ত ৰ'য়িঙৰ পৰা হুনলিলৈকেহে আলিবাট আছিল ৷ গাড়ী চলিছিল হুনলি পৰ্যন্ত ৷ আনিনিলৈ ইয়াৰ পৰা খোজেৰেই যাব লাগিছিল ৷ হুনলি সোমাওঁতেই সোঁফালৰ পৰা ৰাস্তা এটা আহি আনিনি অভিমুখে আমি যাবলগীয়া পথটোৰ লগ লাগিল ৷ অদূৰত দেখা দি থকা সেউজীয়া চাইনবৰ্ড এখনে জানিবলৈ দিলে যে সেইবাটে হুনলিৰ পৰা মেটেংলিয়াং ১৫০ কিলমিটাৰ, হায়ুলিয়াং ১৬০ কিলমিটাৰ ৷

হায়ুলিয়াং ! শব্দটো দেখা পায়ে অতিৰিক্ত শিহৰণ এটা জাগিব ধৰিলে মোৰ দেহে-মনে ৷ আঞ্জাৱ জিলাৰ এটা মহকুমা সদৰ হায়ুলিয়াং ৷ তেজু-ৱালং পথৰ মূল ঠাই হায়ুলিয়াঙলৈ তেজুৰ পৰা দূৰত্ব ১০২ কিলমিটাৰ ৷ ভালকৈ মনত আছে, কিবিথুলৈ গৈ থকা অৱস্থাত ৱালঙৰ দিশে হায়ুলিয়াঙৰ পৰা ১ কিলমিটাৰমান আগ বঢ়াৰ পাছতে বাঁওহাতে ওপৰলৈ উঠি যোৱা ৰাস্তা এটা দেখি কৌতূহলী হৈ পৰিছিলোঁ, কলৈনো যায় সেইফালে বুলি ৷ স্কৰপিঅৰ চালক সুমিত সিং পেটেলে এটা শব্দত উত্তৰ দিছিল, চাগলাগাম ৷ সেইটো ৰাস্তাই মেটেংলিয়াং, চাগলাগাম হৈ এইফালেৰে হুনলি ওলাইছেহি যেন মোৰ অনুমান হৈছে ৷

মিছিমি দোৱানত হায়ুলিয়াঙৰ অৰ্থ the place of my liquor ৷ সমুদ্ৰপৃষ্ঠৰ পৰা ৭৫০ মিটাৰ উচ্চতাত থকা হায়ুলিয়াঙৰ জলবায়ু শীতল, সুখদায়ক আৰু স্বাস্থ্যকৰ ৷ চৰকাৰী পৰিদৰ্শন বঙলা, কাৰ্যালয়, কোৱাৰ্টাৰ, পষ্ট অফিচ, উচ্চতৰ মাধ্যমিক স্কুল, ভাৰতীয় ষ্টেট বেংকৰ শাখা কাৰ্যালয়, বি.এছ.এন.এল.ৰ টাৱাৰ, টেলিফোন একচেঞ্জ, টিভি ট্ৰেন্সমিটাৰ, কমিউনিটি হেল্‌থ চেণ্টাৰ, বৰ্ডাৰ ৰ'ডছ্‌ টাস্ক ফৰ্চ (বি.আৰ.টি.এফ.)ৰ কেম্প, ইণ্ডিয়ান আৰ্মীৰ ছাউনী আদি আছিল হায়ুলিয়াঙত ৷ হাস্পতাল এখন নিৰ্মাণ কৰি থকা হৈছিল ৷ হায়ুলিয়াঙতে ব্ৰহ্মপুত্ৰৰ পূবৰ প্ৰধান উপনৈ লোহিতৰ লগ লাগিছে দাউ নামৰ শাখা নৈ এখন ৷ স্থানীয় মিছিমি আৰু সেনাবাহিনীৰ লোকসকলৰ কাৰণে সেইটো পথত হায়ুলিয়াঙেই আছিল লাষ্ট ৰিজৰ্ট ৷ অন্য কথাত শেষ বজাৰ ৷ এতিয়া চেহেৰা সলনি হব পায় চাগৈ ৷

হুনলিৰ মাটিত ৰৈ হায়ুলিয়াঙৰ চিন্তাত আপোন-বিভোৰ হৈ থাকোঁতেই ড্ৰাইভাৰে এক্সেলাৰেটৰত হেঁচা প্ৰয়োগ কৰিলে ৷ ততালিকে মোৰো সম্বিৎ ফিৰি আহিল ৷ সোঁ তপিনাই আমনি দি আছে যদিও গাড়ীখন আগ বঢ়াৰ লগে লগে আগলৈ দৃষ্টি দি পোন হৈ বহাৰ চেষ্টা কৰিলোঁ ৷ হাতত উদ্যত কেমেৰা ৷

সিফালে মুকলি আকাশত বগা ডাৱৰবোৰে নীলা পাহাৰক ঢাকিবৰ প্ৰয়াস চলাইছে ৷ পকাৰ চামনি কেতিয়াবাই উঠি কেঁচা ৰূপ পৰিগ্ৰহ কৰা, ভগ্ন পথেৰে আগুৱাইছোঁ ৷ হুনলি এৰি আধা ঘণ্টামান অহাৰ পাছত লোৰ ঠেক দলং এখন পালোঁ ৷ পিলাৰ এটাত লিখা আছে ইথুন ব্ৰিজ, স্পান ১৬০ ফুট ৷ ডিবাং নদীৰ গতিপথৰ বুজ লওঁতে কিতাপত পাইছিলোঁ, ইপু গাঁৱৰ সমীপত ইথুন নৈক বাঁওপাৰে লৈ ডিবাংখন দক্ষিণ-পশ্চিমমুৱা হৈছে ৷ ২২ কিলমিটাৰ বৈ আচুপানীক লগ পায় ৷ এইখনেই ইথুন ৷ গতিপথৰ দৈৰ্ঘ ৭৭ কিল'মিটাৰ ৷ ডেচালিৰো বহু আগলৈ মিছিমি পৰ্বতৰ ৫,০০০ মিটাৰ উচ্চতাত উৎপত্তি ৷ ডিবাঙত মিলিত হোৱালৈকে অৱবাহিকা অঞ্চলৰ বিস্তৃতি ১,৩৪০ বৰ্গ কিল'মিটাৰ ৷ ঘটং ঘটংকৈ ছুম'খনে দলং অতিক্ৰম কৰিলে ৷ পাৰ হৈয়ে পথটোত ভাঁজ এটা ৷ লগতে থিয় পাহাৰ ৷ ৰেইন ফৰেষ্ট এলেকা যেন অনুভৱ হ'ল ৷

ইথুন নদী পাৰ হৈ জংঘলী ৰাস্তাৰে ৫-৬ মিনিট অহাৰ পাছতে আমি আৰ্থ কাটিং জনত সোমাই পৰিলোঁ ৷ হুনলিৰ পৰা ৯-১০ কিল'মিটাৰ আগুৱালোঁ চাগৈ ৷ পুৱা য়িং এৰি যাত্ৰা আৰম্ভ কৰাৰ পাছত মিছিমি পাহাৰৰ ভিতৰত এই প্ৰথম দেখিলোঁ খনন কাৰ্য চলা অঞ্চল ৷ উদ্দেশ্য, উন্নত মানৰ পথ নিৰ্মাণ ৷ ছুম কাউণ্টাৰত কালি আনে কৈ থাকোঁতে শুনা পাই উমি উমি জাগি উঠা অনুসন্ধিৎসা কিছুমান সুপ্ত হৈ আছিলেই ৷ এতিয়া থলী পাই যোৱাৰ লগে লগে জাগ্ৰত হৈ পৰিল ৷ চকুৰ সন্মুখত সম্পূৰ্ণ এক পৃথক দৃশ্যপট ৷

ভাৰত চৰকাৰৰ Ministry of Road Transport and Highways (MoRTH)ৰ অন্তৰ্গত কোম্পানী National Highways and Infrastructure Development Corporation (NHIDCL)ৰ দ্বাৰা ৰয়িঙৰ পৰা আনিনিলৈ নিৰ্মাণ হ'ব ধৰিছে ২ লেনযুক্ত ৩১৩ নং ৰাষ্ট্ৰীয় ঘাইপথ, ট্ৰেন্স অৰুণাচল হাইৱে' ৷ ৰ'য়িং, কেবালি, ক্ৰনলি, এমিলি, কান', ৰিয়ালি হৈ আনিনি ৷ তিৱাৰী গাঁও, মায়'ডিয়া, ছিক্সটি ফাইভ, বাৰ গোলাই, হুনলি সদৰ আদি স্পৰ্শ নকৰাকৈ বাহিৰে বাহিৰে ব্যৱস্থা ৷ ২৫০ মিলিয়ন ইউ.এছ. ডলাৰ ব্যয়সাপেক্ষ ১১০.৭০ কিল'মিটাৰ দৈৰ্ঘৰ হুনলি-আনিনি পথ উন্নয়নৰ কাম ৬টা খণ্ডত বিভক্ত ৷ ৰ'য়িঙৰ পৰা টু লেন হাইৱে'ৰে ১৬ কিল'মিটাৰজোৰা এছোৱা সুন্দৰ পথ যাত্ৰাৰ আৰম্ভণিতে অতিক্ৰম কৰি আহিছোঁ ৷ তাৰ পাছৰে পৰা আমি অহা পুৰণা ৰাস্তাটোৰ পৰা ফালৰি কাটি ডিবাং নদীৰ পাৰে পাৰে নতুন ৰাস্তা আগুৱাই আহিব আৰু হুনলি-আনিনি পথৰ ২১.৫০ কিল'মিটাৰত এইমূৰে সংযোগ হ'ব ৷ আমি এতিয়া সোমাই পৰিছোঁ হুনলি-আনিনি নিৰ্মীয়মান অংশত ৷ ভংগুৰ, বোকাময় আৰু ভূমিস্খলনত বিধ্বস্ত এই ৰাস্তাই ডিবাং ভেলী, ল'ৱাৰ ডিবাং ভেলীৰ মানুহক জ্বলা-ক'লা খুৱাই থৈছে ৷ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'লে বছৰটোৰ সকলো সময়তে অহা-যোৱা কৰাত সুচলতা আহিব ৷ ৰ'য়িং আৰু আনিনিৰ মাজত প্ৰায় ৮০ কিল'মিটাৰ পথ-দূৰত্ব হ্ৰাস পাব ৷ ৰ'য়িঙৰ পৰা হুনলি ৮১.৬০, হুনলিৰ পৰা আনিনি ৮১.১০ কিল'মিটাৰ, অৰ্থাৎ ৰ'য়িঙৰ পৰা আনিনিলৈ হৈ পৰিব ১৬২.৭০ কিল'মিটাৰ ৷

পুৰণা ৰাস্তাটো বহলাবৰ নিমিত্তে ছোৱা ছোৱাকৈ ইয়াত খহাই পেলোৱা হৈছে পৰ্বতৰ শৰীৰ ৷ সেউজী বক্ষ শূন্য কৰি গছ-গছনিবোৰ বগৰাই দিয়া হৈছে ৷ ব্লাষ্টিঙেৰে বিদীৰ্ণ কৰি পঠোৱা হৈছে শিলাময় দেহা ৷ এফালে উন্নয়ন, আনফালে বনাঞ্চলৰ ধ্বংসযজ্ঞ ৷ গছ নাকাটিলে পথ নহয় ৷ পথ নহ'লে যোগাযোগ নহয় ৷ যোগাযোগ ঠিক নহ'লে সুযোগ নাহে ৷

ওখ ওখ পৰ্বত ৷ তাৰ মাজে মাজেই আমাৰ গন্তব্য ৰাস্তাটো ৷ একেটা অঞ্চলতে ঘূৰি-পকি আগুৱাই আছোঁ ৷ সিটো ঢাল পাবলৈকে গৈ থকা হৈছে যদিও ছুমখন বহু সময় ধৰি এইটো ঢালতে অকাই-পকাই ঘূৰি আছে ৷ আমেজ লাগিছে অৱশ্যে গৈ থাকি ৷ সহযাত্ৰীসকলক মন কৰোঁ, কি কৰি আছে ৷ যাত্ৰাৰ আনন্দ লৈছেনে নাই ৷ এঠাইত জলপ্ৰপাত এটা কাষতে পালোঁ ৷ প্ৰকৃতিয়ে দিয়া সুন্দৰ দান ৷ পৰ্যটন উন্নয়নৰ এনে উপাদানবোৰ যথাযথভাৱে সংৰক্ষণ কৰিব লাগে ৷ আৰু আগুৱাই অন্তিম মূৰটো পাই পাক এটা ঘূৰি ছুম'খন সিটো ঢালত উঠিল ৷ এৰি থৈ অহা ঢালটো এতিয়া এইফালৰ পৰা স্পষ্ট ৷ মন কৰিছোঁ, এতিয়া গৈ থকা ঢালটোহেচোন অধিক বিপদজনক ! থিয় থিয়কৈ কটা পৰ্বতৰ গাৰে ৰাস্তাটো যেনি-তেনি দেখা পাই আছোঁ ৷

শ্লাইডিং জন ৷ চাইনব'ৰ্ড মৰা আছে ৷ তাতে আকৌ, আগতে হৈ যোৱা বৰষুণ এজাকে বাটটো পিছল কৰি পেলালে ৷ খুঁটি পুতি ফিটা বান্ধি থোৱা হৈছে যাতে কোনো বাহনে লক্ষ্মণৰেখা অতিক্ৰম নকৰে ৷ অন্যথা তিন টেলেঙনি খাই সৌ নদীগৰ্ভত সলিল সমাধি ঘটাৰ পূৰ্বেই আদবাটতে ৰাম নাম সত্য হৈ যাব ৷ গত্যন্তৰ নাথাকিব ৷ হেন জানি সাৱধানতাই আদি কথা আৰু সাৱধানতাই শেষ কথা ৷ আমাৰ ডেকা চালকে অতি সতৰ্কতাৰে পাৰ কৰাই নি আছে ৷ মাত-বোল বন্ধ ৷ সুধিলেও একো নকয় ৷ কিবা কথা এটা লৈ দুবাৰ প্ৰশ্ন কৰিলোঁ ৷ নাই, উত্তৰ নাই ৷ মোৰো আকৌ তেতিয়াহে খেয়াল হ'ল যে তেওঁ এতিয়া বিশেষভাৱে সতৰ্ক ৷ চকু আলিবাটত, ভৰি ব্ৰেক আৰু ক্লাটছ্‌ পেডেলত ৷ দুহাতে ষ্টিয়েৰিং চম্ভালিছে ৷ এক ধ্যানে লাহে লাহে চলাই আছে ৷ মুহূৰ্তৰ ভুলে কি অঘটন ঘটাব পাৰে কল্পনা কৰিব নোৱাৰি ৷ মই বহাৰফালে তললৈ সুগভীৰ গিৰিখাদ ৷ চাৰিওকাষে চাই চাই গৈ আছোঁ ৷ খিৰিকীখন সম্পূৰ্ণভাৱে খুলি দিছোঁ ৷ নামনিলৈও চাওঁ ৷ মাজে মাজে ফটো তোলোঁ ৷

উভালি পেলোৱা গছ, শিল, মাটি ইত্যাদি নিক্ষেপ কৰা হৈছে ১০০ মিটাৰমান তলেৰে বৈ থকা নৈখনত ৷ ফলত নৈখন ঠেক হৈ পৰিছে ৷ এইখনেই ডিবাং ৷ আদিসকলে কয় ছিকাং ৷ ইদু মিছিমিসকলে কয় তাল' ৷ ৰয়িং এৰাৰ পাছত ১২ কিলৰ ওচৰৰ পৰা ভৈয়ামলৈ চাওঁতে প্ৰশস্ত ৰূপত দেখা পাইছিলোঁ ৷ উজনিত এতিয়াহে প্ৰথম মুখামুখি হ'লোঁ ৷ পানীৰ বৰণ নীল-সেউজীয়া ৷ খুব আকৰ্ষণীয় ৷ ধুনীয়া নৈখন পৰ্বতৰ ফাঁকে ফাঁকে একা-বেঁকাকৈ বৈ আহিছে ৷ ৰেপিডছ্‌বিলাক সুন্দৰ দেখা গৈছে ৷ খিৰিকীৰ কাষত বহি সুন্দৰী ডিবাঙৰ ৰূপসুধা পান কৰি গৈ আছোঁ ৷ শিহৰণকাৰী যাত্ৰা ৷ (ক্ৰমশঃ)

No comments:

Post a Comment