Sunday 29 June 2014

ব্ৰাজিল ১৪ৰ পৰা...

ঐ ঐ, তহঁতি অলপ পিছত বহচোন...

নাজল-নাথল দশা হৈছে ইটালী, স্পেইন, ইংলেণ্ড, পৰ্তুগালৰ সমৰ্থকসকলৰ৷ সমৰ্থিত দলে প্ৰথম ৰাউণ্ডতে ছত্ৰভংগ দিয়াৰ লগে লগে সমৰ্থকৰো দুৰ্দশা হৈছে পুতুলদাৰ চোতালত৷ বিনা প্ৰত্যুত্তৰে হজম কৰিব লগা হৈছে কতনা কটু বাক্যবাণ৷ প্ৰতিবাদত দাঁত কৰচিলেও লাভ নাই৷ স্পৰ্টিং স্পিৰিট বৰ্তাই ৰাখি পৰৱৰ্তী খেল উপভোগ কৰি যোৱাটোৱেই উত্তম৷

তহঁতৰতো আৰু কাম নাই... পিছলৈ যা... সৌ তাৰ পৰা চালেও হব দে...

আকৌ ভাহি আহে নতুন ডাইলগ একোটা৷ Sony SHAKE-6D Black Hi-Fi Systemৰ প্ৰচণ্ড শব্দ-প্ৰাৱল্যকো যেন সেইবোৰে হেলাৰঙে চেৰ পেলাই যায়৷ তাৰ লগে লগে উৎপত্তি হয় এলানি হাঁহিৰ গিৰ্জনি, হাত-চাপৰি৷ এইবোৰকে লৈ দুপৰ নিশাও জমি উঠে ব্ৰাজিল ১৪ প্ৰাংগণ৷ একেটা উদ্যমেৰে সেই ১২তাৰিখটোৰ পৰাই৷ ফলত মধ্যৰাতিও উত্তাল এই চোতাল৷

বিশ্বকাপ আৰম্ভ হোৱাৰ আগে আগে শিলিগুৰিলৈ গৈ নিজলৈ তিনিটাকৈ জাৰ্চি কিনিছে প্ৰদীপদাই৷ প্ৰদীপ সিং পুতুলদাৰ তাহানিৰ সেই ঐতিহাসিক যাত্ৰাটোৰ দুই সংগীৰ এজন, যিসকলে ১৯৮৬চনত একেলগে বিশ্বকাপৰ খেল চাবলৈ ৰাওনা হৈছিল ৷ তিনিটা জাৰ্চি ৰখাটো বিধিবিৰুদ্ধ কথা যদিও তেওঁৰ ব্যাখ্যা কিছু সুকীয়া৷ নেদাৰলেণ্ডছ, কলম্বিয়া বা আৰ্জেণ্টিনাৰ খেল থকাৰ সময়ত তেওঁ নিৰ্দিষ্ট জাৰ্চিটোৰে সদম্ভে উপস্থিতি ঘোষণা কৰি আহিছে, স্বাভাৱিক সৰৱ কণ্ঠস্বৰেৰে৷ ইফালে সুপ্ৰিয়দাৰ পৰা গিফট পোৱা ফক্স ফৰ্টি হুইচেলটোৰে কাণ ফালোঁ ফালোঁ কৰে অসম ভলীবলৰ এসময়ৰ আগশাৰীৰ ৰেফাৰী সুধাংশুদাই৷ পকামূৰীয়া মানুহজন ব্ৰাজিলৰ ঘোৰ সমৰ্থক, এতিয়াৰ নহয়, তেতিয়াৰ পৰাই৷ আনহাতে জাৰ্মানীয়ে গল স্কৰ কৰিলেই কক্সিৰোলাটো উলিয়াই পঁ-পঁকৈ বজাই বজাই অদ্ভুত নাচোন-ভংগীৰে শৰতে গোটেই চোতালখন মহতিয়াই ফুৰে৷ আগৰে পৰাই চোপ লৈ থকা পুতুলদাই ঠিক তেনেকুৱা সময়তে NIKON D3200 কেমেৰাটোৰ ফ্লাচ লাইটৰ পোহৰ চাঁত চাঁতকৈ চাৰিওফালে বিয়পাই দিয়ে৷ আৰু অলপ পিছতে কম্পিউটাৰটোলৈ দৌৰি গৈ ফটোবোৰ আপলড কৰি দিয়ে নিজৰ ফেচবুক একাউণ্ট Putul Borah Germanত৷ তেওঁৰ দুহিতা জেইনে দূৰৈৰ পৰাই নিশাটোৰ সমস্ত কাহিনী বন্দী কৰাৰ প্ৰয়াস চলায় Sony HDR-PJ380E Handycam এটাৰে৷ খেলুৱৈৰ মাজত বল লৈ অৰিয়াঅৰি বা লেং মৰামৰি চলা দেখা পালেই গ্ৰেচী বৌৱে হাঁহি থমাব নোৱাৰা হয়৷

সময় এতিয়া ফুটবলৰ৷ আন কোনো কথাই এই চোতালত ঠাই নাপায়৷ ৱৰ্ল্ডকাপৰ উখল-মাখলত ৰাইজৰ টোপনি পলাই কৰবালৈ ফাট মাৰে৷ Tea Hot Drumত মজুত থাকে ৰঙা চাহ, কাষত বিস্কুত, পানী ইত্যাদি৷ কোনে কিমান খায়, হিচাপ ধৰোঁতা নাই৷ সকলোৱে মাত্ৰ এটা কথাই জানে... খাব লাগে আৰু চাব লাগে৷ আৰু জানে ডিচপজেবল গিলাচটো অৰ্থাৎ গোটা পদাৰ্থ কত পেলাব লাগে বা গিলাচটোত ৰৈ যোৱা চাহখিনি অৰ্থাৎ জুলীয়া পদাৰ্থ কত পেলাব লাগে৷ লগতে মনত ৰাখে অন্য এক গুৰুত্বপূৰ্ণ বাক্য... ফুটবলৰ আনন্দ লওক যিমান ইচ্ছা সিমান, কিন্তু অনুগ্ৰহ কৰি অবাইচ মাত নামাতিব৷ কথাষাৰ লিখি থোৱা হৈছে Sony KDL-55W950B LED TVটো ওলোমাই থোৱা বেৰখনৰে একাষত, সকলোৰে চকুত পৰাকৈ৷

চলি আছে ফুটবলৰ মহাৰণ, পুতুলদাৰ চোতালত, এনেকৈয়ে ৰাতিৰ পিছত ৰাতি পাৰ কৰি৷ পৰিৱেশটোৱে মানুহবোৰক কেৱল ব্ৰাজিল বিশ্বকাপৰ সোৱাদ দিয়াতেই সীমাবদ্ধ থকা নাই৷ নিঃসন্দেহে প্ৰত্যেককে লৈ গৈছে নিজৰ নিজৰ ফুটবল অতীতলৈ৷ কৰি তুলিছে ভাববিভোৰ, নষ্টালজিক৷ হাফ টাইমত তাৰেই আলোচনা শুনা যায়৷


কোনোবাই কাৰোবাক এগল দিলেই আকৌ ডাইলগ ভাহি আহে... আমাৰ লগত খেলিব আহে? চিনি পোৱা নাই... হুঃ











Saturday 28 June 2014

সুখৰ আৰু এক বতৰা...
(মণ্টু বিকাশ বড়াৰ হাতত, মৰমেৰে)











এখোজ-দুখোজকৈ দেৱশ্ৰী সোমাই আহিল৷ এহাতেৰে কঢ়িয়াই অনা পলিথিনৰ ঠোঙাকেইটা দীঘলীয়া চিটটোৰ ওপৰতে এমূৰীয়াকৈ তাই লাহেকৈ থ’লে৷ তাৰ পিছত মোৰফালে দৃষ্টি নিক্ষেপ কৰিলে৷ মই কিহত ব্যস্ত আছোঁনো? চাগৈ, তাৰেই উমান ল’লে৷


দেৱশ্ৰী অসম বিশ্ববিদ্যালয়ৰ ডিফু কেম্পাচৰ গৱেষিকা ছাত্ৰী৷ বৰাক ভেলীৰ ছোৱালী৷ ইয়াত ৰুম এটা ভাৰালৈ লৈ পঢ়া-শুনা আগুৱাই আছে৷ আমাৰ পৰা দলিটোৰ বাট মাত্ৰ৷ দেৱশ্ৰীৰ সৈতে মোৰ চিনাকি তাইৰ গৱেষণা-পত্ৰ, ছেমিনাৰ পে’পাৰ আদিৰ কাম-কাজৰ জৰিয়তেই৷ মাজে মাজে কিতাপ-পত্ৰও খুজি নি পঢ়ে৷ যথেষ্ট অধ্যয়নশীল আৰু চিন্তাশীল প্ৰকৃতিৰ ধীৰ-স্থিৰ যুৱতী৷

তাই আহি কাষতে থিয় হ’ল৷
‘দাদা... ভালনে?’‘অঁ, ভাল৷ তোমাৰ? ... বহাচোন৷’
কাষতে থকা চকীখন লৈ তাই বহিল৷
‘দাদা, ইয়াতে বোলে পুতুল বৰা নামৰ পাগল এজনে ফুটবল খেলা পাতিছে৷ আমাৰ চন্দনদাহঁতে ৰাতি ৰাতি চাবলৈ যায়৷ আপুনিও যায় নেকি?

তাইলৈ নোচোৱাকৈয়ে মই মাথো অৰ্থপূৰ্ণভাৱে হাঁহিলোঁ৷ বুজিলোঁ, ফুটবলৰ আগ্ৰাসন দিনতেই আহি গ’ল৷ কৰি থকা কামটো সিমানতে স্তব্ধ কৰি অৱধাৰিতভাৱেই সিখন দুনীয়াত সোমাই পৰিলোঁ, যাৰ মজা এইকেইদিন লেথাৰি নিছিগাকৈ লৈ আছোঁ৷
‘হয় নেকি? তেনেহ’লে তোমাক এটা বস্তু দেখুৱাওঁ ৰ’বা৷’

এইবুলি চিধাই ‘অকব’ খুলিলোঁ৷ ‘আয়োজন… ব্ৰাজিল ১৪’ চকুৰ আগত কম্পিউটাৰৰ স্ক্ৰীণত ভাহি উঠিল৷ পুতুলদাৰ চোতালৰ পেনোৰামা আকাৰৰ ফটোখন দেখিয়েই স্বভাৱগত কৌতূহলেৰে দেৱশ্ৰীও ক্ষন্তেকতে সষ্টম হৈ পৰিল৷ তাই চিঞৰি চিঞৰি পঢ়িবলৈ আৰম্ভ কৰি দিলে৷ সূত্ৰধাৰৰ ভূমিকা পালন কৰিব লগা হ’ল মই, পুনৰবাৰ৷ অনেক প্ৰশ্নৰ সন্মুখীন হ’লোঁ৷ সিবিলাকৰ যথাযথ উত্তৰো তৎমুহূৰ্ততে দি গ’লোঁ৷ যিহেতু ‘জাৰ্মানী-পাগল’জনৰ কাণ্ড-কাৰখানাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকাৰ সুযোগকণ মই পাইছোঁ, এতেকে উত্তৰবোৰ জিভাৰ আগত ৰেডীয়ে আছিল৷ ইফালে গৱেষিকাৰ দৃষ্টিভংগীৰে দেৱশ্ৰীৰ মনে বিশ্বকাপ ফুটবলৰ উক্ত আয়োজনৰ ভূগোল, বুৰঞ্জী, অৰ্থনীতিকে ধৰি তথ্যৰ সন্ধানত খুঁচৰিবলৈ লাগি গ’ল৷ আগতীয়াকৈ কেইষাৰমান বাক্য কৈ লৈ এইবাৰ মই মোৰ ব্লগটো অ’পেন কৰিলোঁ৷ তাইৰ সন্মুখত মুকলি কৰি দিলোঁ... ‘অনন্য এক কাহিনী, ফুটবলৰ’৷ ‘অকব’ত বহু আগতেই এই সত্য উন্মোচিত হৈ গৈছে৷ মাউচটো নিজেই স্ক্ৰল কৰি কৰি তায়ো খৰগতিৰে এফালৰ পৰা পঢ়া আৰু সংলগ্নকৃত চিত্ৰ তথা সংলাপসমূহত চকু ফুৰোৱা আৰম্ভ কৰি দিলে৷ এগৰাকী চিৰিয়াচ পাঠক হাততে পাই ময়ো এক ধৰণৰ উত্তেজনা অনুভৱ কৰিলোঁ৷

‘ডাই-হাৰ্ড জাৰ্মান ফেন’ৰ সম্পৰ্কে সবিশেষ জানি দেৱশ্ৰী আপ্লুত হ’ল৷‘বাঃ, এইখন দেখোন কিতাপেই হ’লগৈ দাদা!’
‘অঁ, ব্ৰাজিলত এইবাৰ জাৰ্মানী চেম্পিয়ন হ’লে তাৰ পিছত হয়তো তুমি ভবাৰ দৰেই কিতাপ আকাৰে প্ৰকাশ পাব৷ তাৰ আগলৈকে কিন্তু, এই পৰ্যন্ত, আমাৰ ‘অসমীয়াত কথা-বতৰা’ গোটৰ সদস্যসকলৰ বাহিৰে কোনেও ক’তো পঢ়াৰ সুযোগ পোৱা নাই৷ আনকি সাংবাদিকৰ হাততো নাই এই তথ্য৷ ‘জীৱনৰ মহোৎসৱ’ৰ ধাৰাবাহিক বৰ্ণনা ধৈৰ্য সহকাৰে পঢ়াৰ বাবে তোমালৈ অশেষ ধন্যবাদ দেই৷

প্ৰত্যুত্তৰত দেৱশ্ৰীৰ মুখত এটা ভাবব্যঞ্জক হাঁহি বিৰিঙি উঠিল৷ দীৰ্ঘদিনীয়া কষ্টখিনিৰ সাৰ্থকতাকেই যেন সেই ভাবটোত বিচাৰি পালোঁ, মনে মনে৷
বতৰা... ‘জীৱনৰ মহোৎসৱ’ৰ 
(ব্ৰাজিল ১৪ৰ পৰা)









ঠিকে-ঠাকে চলি আছে মাহজোৰা ‘জীৱনৰ মহোৎসৱ’৷ ধাৰাবাহিকতা ৰক্ষা কৰি নিতৌ আগ বাঢ়ি আছে ফুটবলকেন্দ্ৰিক নৈশ উন্মাদনা৷

যোৱা ১২জুনত কে’ক কাটি উদ্বোধন কৰা এই উৎসৱে আজিৰ তাৰিখত ফাৰ্ষ্ট ৰাউণ্ড পাৰ কৰিলে৷ ৩২ৰ ১৬ই নিজৰ যাত্ৰা সামৰিলে৷ থাকিল এই ১৬... গ্ৰুপ এৰ ব্ৰাজিল আৰু মেক্সিকো, গ্ৰুপ বিৰ নেদাৰলেণ্ডছ আৰু চিলি, গ্ৰুপ চিৰ কলম্বিয়া আৰু গ্ৰীচ, গ্ৰুপ ডিৰ কষ্টাৰিকা আৰু উৰুগুৱে, গ্ৰুপ ইৰ ফ্ৰান্স আৰু চুইজাৰলেণ্ড, গ্ৰুপ এফৰ আৰ্জেণ্টিনা আৰু নাইজেৰিয়া, গ্ৰুপ জিৰ জাৰ্মানী আৰু ইউ.এছ.এ. আৰু গ্ৰুপ এইচৰ বেলজিয়াম আৰু আলজেৰিয়া৷

বহু আগজাননী, বহু অংক অৱধাৰিতভাৱেই জংক-পংকলৈ পৰ্যবসিত হ’ল৷ বহুজনৰ মাত হেৰাল, জাৰ্চি সোলোকাই থ’বলগীয়াও হ’ল সমৰ্থিত দলৰ দুৰ্দশা কল্পে৷

বেৰত ওলোমাই ৰখা ফিফা ৱৰ্ল্ডকাপ কেলেণ্ডাৰখনৰ দ্বিতীয়খিলা পাত আমি লুটিয়াই দিলোঁ৷ এতিয়াৰ পৰা দৃষ্টি নিবদ্ধ থাকিব তৃতীয়টো পৃষ্ঠাত৷ ৬৪ৰ ৪৮ গ’লেই৷ সন্মুখত ব্ৰাজিল বনাম চিলি, কলম্বিয়া বনাম উৰুগুৱে, নেদাৰলেণ্ডছ বনাম মেক্সিকো, কষ্টাৰিকা বনাম গ্ৰীচ, ফ্ৰান্স বনাম নাইজেৰিয়া, জাৰ্মানী বনাম আলজেৰিয়া, আৰ্জেণ্টিনা বনাম চুইজাৰলেণ্ড আৰু বেলজিয়াম বনাম ইউ.এছ.এ. ৷ তাৰ মানে ৰাউণ্ড অৱ চিক্সটিনৰ ৮, কোৱাৰ্টাৰ ফাইনেল ৪, ছেমি ফাইনেল ২, তৃতীয় স্থানৰ ১ আৰু ফাইনেল ১ হিচাপত মাত্ৰ ১৬খনহে ৰ’লগৈ৷ অৰ্থাৎ উপভোগ কৰিবলৈ বাকী আছে চাৰিভাগৰ এভাগহে মাত্ৰ, তিনিভাগ ইতিমধ্যে শেষ! ইস্!! ভাবিবলৈকে কষ্ট হয় দেখোন৷ আকৌ চাৰিটা বছৰৰ মূৰত আহিবলগীয়া ৰাছিয়া ২০১৮লৈ বাট চোৱাৰ বাদে গত্যন্তৰোযে নাই৷

ব্যক্তিগতভাৱে, ব্ৰাজিল ২০১৪ৰ সংগতিত তিনিটাকৈ মৰমৰ উপহাৰ হাতত আহি পৰিল৷ পুতুলদাৰ পৰা, কলকাতাত তৈয়াৰীকৃত ব্ৰাজিল ১৪ টি-চাৰ্ট, ডাক্তৰ ভূপেন শইকীয়া-ৰুমঝুম শইকীয়া দাদা-বৌৱে কাটাৰৰ দোহাৰ পৰা কঢ়িয়াই অনা ব্ৰাজিল কেপ৷ সুপ্ৰিয়দাই কানাডাৰ টৰণ্টোৰ পৰা আনি দিয়া ব্ৰাজিল ফেন কেপ৷ অ’... ল’ৰা-ছোৱালী আৰু পৰিবাৰে দিল্লীত মাহদিয়েক আগতে কিনা হালধীয়া-সেউজীয়া ব্ৰাজিলৰ জাৰ্চিটোৰ কথা একদম পাহৰিছিলোঁ দেই৷ গতিকে তিনিটা নহয়, চাৰিটা৷ ক্ষমা কৰিব, শুধৰাই লৈছোঁ৷

ইফালে, ‘মাই প্ৰেডিকচন ব’ৰ্ড’ৰ ১৭জনৰ আগজাননী ভুল বুলি পৰিগণিত হ’ল৷ জাৰ্মানী এইবাৰ চেম্পিয়ন হ’লে চেলিব্ৰেট কৰিবৰ বাবে সুপ্ৰিয়দাই লণ্ডনৰ পৰা চেম্পেইনৰ বটল এটা আনি আনুষ্ঠানিকভাৱে পুতুলদাৰ হাতত অৰ্পণ কৰিছে খেলৰ হাফ-টাইমতে৷

যি কি নহওক, ৰাউণ্ড অৱ চিক্সটিন আৰম্ভ হোৱাৰ লগে লগে ব্ৰাজিল ১৪ প্ৰাংগণৰ ‘জীৱনৰ মহোৎসৱ’লৈও নিশ্চয়কৈ নতুন ক্লাইমেক্স, নতুন প্ৰাণ নামি আহিব৷ মনে-মগজুৱে ৰচনা হ’ব ন-ন সমীকৰণ, জল্পনা-কল্পনা৷ এই মুহূৰ্তত আঙুলিৰ মূৰত গণিব পৰা আগন্তুক দিনকেইটাত আমি তাকে লৈ সৰৱ আৰু উত্ৰাৱল হ’ম৷ ব্যস্ত থাকিম ফুটবলে যোগান ধৰা নিৰ্ভেজাল আনন্দৰস যিমান পাৰোঁ সিমান পান কৰাত৷

Monday 16 June 2014

আয়োজন... ‘ব্ৰাজিল ১৪’







২০১৪চনৰ ব্ৰাজিল বিশ্বকাপৰ বাবে কামত হাত দিছিলোঁ ২০১৩চনৰ মাৰ্চ মাহতে৷ খেলৰ সময়ত বাহিৰৰ পৰা আমন্ত্ৰিত হৈ অহা বিশেষ আলহীৰ বাবে চাংঘৰ সদৃশ আৱাস এটা সজাৰ প্ৰক্রিয়া তেতিয়াই আৰম্ভ কৰা হৈছিল৷ মিজো ট্ৰেডিচনেল ডিজাইনত কাঠ আৰু টিনপাতেৰে নিৰ্মাণ কৰি উলিওৱা এই পেভিলিয়নটোৰ নাম ৰখা হৈছে ‘ব্ৰাজিল ১৪’৷ ১৯৯০চনত সূচনা হোৱা মোৰ বিশ্বকাপ ফুটবলৰ আয়োজনসমূহত ২০১০চন পৰ্যন্ত নিয়মীয়াভাৱে উপস্থিত থকা ৯জনীয়া বিশেষ বন্ধুৰ উপস্থিতিত, তাৰ মাজৰে এজন, আমাৰ অগ্ৰজপ্ৰতিম সুধাংশু ৰঞ্জন দে’ৰ হাতেৰে ফিটা কটোৱাই চাংঘৰটো ইতিমধ্যে আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে যোৱা ৩০.৯.২০১৩ তাৰিখে৷ ব্ৰাজিল বিশ্বকাপৰ সময় ওচৰ চাপি অহাৰ লগে লগে পেভিলিয়নৰ লগতে ইয়াৰ চৌপাশৰ মুক্ত প্ৰাংগণ বাহিৰে-ভিতৰে আকৰ্ষণীয় ৰূপত সজাই-পৰাই তোলা হৈছে৷
বিভিন্ন ক্রীড়া আলোচনীত ১৯৯০চনৰ পৰা ২০১০চনৰ বিশ্বকাপলৈকে প্ৰকাশিত চিত্ৰসমূহৰ সহায়ত ৫ফুট x ১০ফুট জোখৰ ৱৰ্ল্ডকাপ প’ষ্টাৰ (ক’লাজ) এখন নিজহাতে ২০১৪ৰ মাৰ্চ মাহত কৰি উলিওৱা হৈছে আৰু প্ৰদৰ্শনৰ বাবে স্থাপন কৰা হৈছে৷
২০১৪ৰ জানুৱাৰীৰ আগভাগতে ব্ৰাজিল বিশ্বকাপক কেন্দ্ৰ কৰি বহলে ৯.৫ ইঞ্চি আৰু দীঘলে ২৮.৫ ইঞ্চি জোখৰ চাৰিপৃষ্ঠাজোৰা মাল্টিকালাৰ ‘ফিফা ৱৰ্ল্ডকাপ কেলেণ্ডাৰ’ এখন ছপা কৰোৱা হৈছে৷ ফুটবলক ভাল পোৱা আৰু মোৰ আয়োজনৰ সমৰ্থনকাৰী, ‘গ্ৰেটাৰ ডিফু ফুটবল ফেনচ’ৰ ১০০জন বিশেষ ব্যক্তিক উদ্দেশ্য কৰি সীমিতসংখ্যক ক’পী ছপোৱা হৈছে৷ ৱৰ্ল্ডকাপ কেলেণ্ডাৰখনৰ এটা বিশেষত্ব হৈছে, অংশগ্ৰহণ কৰা দলসমূহৰ বিষয়ে জ্ঞান থাকক বা নাথাকক, যিকোনো ব্যক্তিয়েই কেলেণ্ডাৰখন মেলি লৈ আগতীয়াকৈ নিজৰ ভৱিষ্যৎ-বাণী কৰিব পাৰিব কোন চেম্পিয়ন হ’ব, কোন হ’ব ৰানাৰ্ছ-আপ আদি৷ তদুপৰি তথ্যসমূহ ভৱিষ্যতলৈ সংৰক্ষণো কৰিব পাৰিব৷
আনন্দৰ কথা যে এই কেলেণ্ডাৰখন ইতিমধ্যে মোৰ সমৰ্থিত দলটোৰ দেশ সুদূৰ জাৰ্মানী পাইছেগৈ৷ ডিমাপুৰৰ নগা যুৱক মিষ্টাৰ জুৰেন কিকনৰ জৰিয়তে যোৱা ২৭মে’ ২০১৪ তাৰিখে জাৰ্মানীৰ নেকাৰচাল্মত বাস কৰা ডেনিয়েল ডেপনাৰৰ পৰিয়ালবৰ্গক অৰ্পণ কৰা হৈছে ৱৰ্ল্ডকাপ কেলেণ্ডাৰখন৷ জাৰ্মানীৰ পৰা অনা এইবাৰৰ বিশ্বকাপত জাৰ্মান দলে পৰিধান কৰিবলগীয়া জাৰ্চি আৰু জাতীয় পতাকা যোৱা ৩০মে’ ২০১৪ তাৰিখে মিষ্টাৰ জুৰেন কিকনে পিতৃ-মাতৃ আৰু আত্মীয়সহ মোৰ ঘৰলৈ আহি মোক অৰ্পণ কৰে৷
সময়ৰ সৈতে খাপ খুৱাকৈ এইবাৰো ব্ৰাজিল বিশ্বকাপক লৈ আয়োজন কৰিছোঁ ‘উপহাৰ কুপন খেল’৷ অহা ১৫জুলাইত খেলখন অনুষ্ঠিত কৰা হ’ব৷ ১০০খন কুপন৷ ৫০টা উপহাৰ৷ উপহাৰ সামগ্ৰীসমূহ সংগ্ৰহ কৰা ইতিমধ্যে হৈ গৈছে৷ প্ৰতিগৰাকী সদস্যকে আগতীয়া বিশেষ উপহাৰ হিচাপে দিয়া হৈছে এখনকৈ ৱৰ্ল্ডকাপ কেলেণ্ডাৰ আৰু My prediction অনুসৰি নিজৰ প্ৰিয় দলটোৰ নাম জিলিকি থকা একোটাকৈ ব্ৰাজিল ১৪ টি-চাৰ্ট৷ কলকতাত তৈয়াৰ কৰোৱা হৈছে এই টি-চাৰ্ট৷ এই টি-চাৰ্ট পৰিধান কৰি ফুটবলপ্ৰেমীসকলে চোতালত বিশ্বকাপৰ খেলা উপভোগ কৰিবহি৷ ইয়াৰ মাধ্যমেৰে পৰিৱেশটো কিছু হ’লেও ষ্টেডিয়ামৰ অনুৰূপ হৈ পৰিব বুলি আশা ৰাখিছোঁ৷
চোতালৰ সাজ-সজ্জা চালে চকুৰোৱা কৰি তোলাৰ লক্ষ্যৰে চৌহদৰ চৌপাশে প্ৰতিষ্ঠা কৰা হৈছে এইবাৰৰ বিশ্বকাপত অংশগ্ৰহণকাৰী ৩২খন দেশৰ ৩২খন ফ্লেগ৷ সম্প্ৰতি ডুবাইত কৰ্মৰত আমাৰ শুভাকাংক্ষী মধুস্মিতা ডি. চাংমাৰ আন্তৰিক প্ৰচেষ্টাত মুম্বাইৰ পৰা এই পতাকাসমূহ অনোৱা হৈছে৷১২খন ষ্টেডিয়ামক প্ৰতিনিধিত্ব কৰি ১২খন নানাৰঙী পতাকা স্থাপন কৰা হৈছে গ্ল’-চাইন ব’ৰ্ডৰ ওপৰত৷বিশ্বকাপৰ মূল ফিক্সাৰখনৰ সৈতে দৰ্শনস্থলীত এইবাৰ লগোৱা হৈছে ‘My prediction ব’ৰ্ড’, য’ত উল্লেখ কৰা হৈছে বিশেষ ১০০জন ব্যক্তিৰ লগতে ফে’চবুকৰ ‘অসমীয়াত কথা-বতৰা’ (‘অকব’) গোটৰ ৫গৰাকী সদস্যই ফাইনেল সম্পৰ্কে পূৰ্বতে প্ৰকাশ কৰা আগজাননী৷
ব্ৰাজিল ১৪ প্ৰাংগণ পৰিষ্কাৰ-পৰিচ্ছন্ন তথা স্বাস্থ্যসন্মত কৰি ৰখাৰ উদ্দেশ্যে ‘ৱৰ্ল্ডকাপ ডাষ্টবিন’ তৈয়াৰ কৰা হৈছে৷ বন্ধু অকণ সিনহাৰ যাদুকৰী স্পৰ্শত ডাষ্টবিনৰ এফালে এইবাৰৰ বিশ্বকাপৰ ল’গ’ আৰু আনফালে শুভংকৰ ‘ফুলেক’ই প্ৰাণ পাই উঠিছে৷
ৰাজহুৱা স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি চোতালৰ উপৰি বাহিৰত এখন আৰু ডিফু চহৰৰ সচৰাচৰ জনপূৰ্ণ দুটা স্থানত খেল-সূচী স্থাপন কৰা হৈছে যাতে ফুটবল জ্বৰত আক্রান্ত ৰাইজে সেয়া চাই সহজে বুজিব পাৰে কাৰ কেতিয়া ক’ত খেল আছে৷
শিক্ষামূলক ভাবনাৰে এইবাৰৰ সৰু-ডাঙৰ বেনাৰসমূহ ডিজাইন কৰা হৈছে৷ বিশ্বকাপ ফুটবলৰ বুৰঞ্জী, ষ্টেডিয়ামৰ সবিশেষ, সম্ভাব্য কোৱাৰ্টাৰ ফাইনেলিষ্ট দল ৮টাৰ খেলুৱৈৰ তালিকা, তাৰকা খেলুৱৈকেইজন; বিভিন্ন বাতৰি কাকত, আলোচনী, ই-আলোচনী আৰু ই-মেডিয়াত প্ৰকাশিত বিগত আয়োজনৰ বাতৰিসমূহ, আগজাননী ফলক আদি উল্লেখযোগ্য৷
বিশ্বকাপ ফুটবলক কেন্দ্ৰ কৰি জনতাৰ মাজত উৎসাহ তথা সচেতনতা বৃদ্ধিৰ লক্ষ্য আগত ৰাখি দৃশ্য-শ্ৰাব্য (অ’ডিঅ’-ভিজুৱেল) ‘ফিফা ৱৰ্ল্ডকাপ কুইজ কম্পিটিচন’ অনুষ্ঠিত কৰা হ’ব৷ ১৫বছৰৰ পৰা ৩০বছৰ বয়সৰ দুজনীয়া যোগদানকাৰীৰে গঠিত প্ৰতিযোগী দলসমূহৰ মাজত মুকলিভাৱে আয়োজিত এই প্ৰতিযোগিতাৰ বাবে দিন ধাৰ্য কৰা হৈছে অহা ৬ আৰু ৭জুলাই৷ শ্ৰেষ্ঠ প্ৰতিযোগীলৈ প্ৰাইজমানি, চাৰ্টিফিকেট আৰু উপহাৰ আগ বঢ়োৱা হ’ব৷
পৰম্পৰাগত নিয়ম অটুট ৰাখি এইবাৰো ‘ৱৰ্ল্ডকাপ কে’ক’ কাটি দৰ্শনীৰ শুভাৰম্ভ কৰা হ’ব৷ ভাৰতীয় জাতীয় দলক প্ৰতিনিধিত্ব কৰা প্ৰসিদ্ধ ফুটবলাৰ দেৱাশিস ৰায়ৰ হাতেৰে এইবাৰ ব্ৰাজিল ১৪ প্ৰাংগণত ১২জুন তাৰিখে (আজি) নিশা ৮.০০বজাত কে’কটো কটোৱা হ’ব৷ উক্ত সন্ধিক্ষণতে বিশিষ্ট ক্রীড়াবিদগৰাকীক ‘গ্ৰেটাৰ ডিফু ফুটবল ফেনচ’ৰ তৰফৰ পৰা ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হ’ব৷ এইবাৰৰ বিংশতিতম ফিফা ৱৰ্ল্ডকাপ কে’কটোৰ ওপৰত অঁকা আছে আয়োজক দেশ ব্ৰাজিলৰ সেউজীয়া-হালধীয়া জাতীয় পতাকা৷ তদুপৰি খোদিত কৰা থাকিব ব্ৰাজিল ১৪৷
ব্ৰাজিল বিশ্বকাপৰ স্মৃতি সজীৱ কৰি ৰখাৰ মানসেৰে প্ৰাক্তন ফুটবলাৰগৰাকীৰ হাতেৰে মোৰ চৌহদত ৰোপণ কৰোৱা হ’ব এটি বগা চন্দন গছৰ পুলি৷ তাৰ পিছতে দৰ্শনী চলিব ৫৫ইঞ্চি আকাৰৰ এল.ই.ডি. টেলিভিছনত৷ ফুটবলপ্ৰেমী দৰ্শকৰ সুবিধাৰ্থে মূল টিভিটোৰ উপৰি ৩২ ইঞ্চি জোখৰ অন্য এটা এল.ই.ডি. টিভি আৰু এখন প্ৰজেক্টৰ স্ক্ৰীণো থাকিব৷
খেলৰ সময়ত নিৰৱচ্ছিন্নভাৱে বিদ্যুৎ যোগান চলাই ৰাখিবলৈ ব্ৰাজিল ১৪ত জেনেৰেটৰ স্থাপন কৰা হৈছে৷ তদুপৰি ৰখা হৈছে ডিশ্ব টিভি, টাটা স্কাই, কেবল টিভি, ৱাই-ফাই আদি সকলো ধৰণৰ কানেকচন যাতে মোৰ ‘জীৱনৰ মহোৎসৱ’টিৰ উদযাপনত ৰাইজে কোনো ধৰণৰ অসুবিধা নাপায়৷
এইখিনিতে কৃতজ্ঞতাৰে উল্লেখ কৰিব বিচাৰোঁ যে ব্ৰাজিল বিশ্বকাপৰ এই আয়োজন ইমান জাকজমকীয়া কৰি তোলাটো সম্ভৱ হৈছে মোৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ অকুণ্ঠ সহায়-সহযোগিতা, নিৰীক্ষণ-সমৰ্থন আদিৰ বাবেহে৷
এইবাৰ মোৰ আশা, মোৰ সমৰ্থিত দল জাৰ্মানী বিশ্ব চেম্পিয়ন হ’ব আৰু ২০বছৰৰ আগতে মই মাটিত পুতি দিয়া পাচপ'ৰ্ট স্কটচৰ বটলটোৱে সূৰ্যৰ পোহৰ দেখা পাব৷
ব্ৰাজিল বিশ্বকাপৰ এমহীয়া দৰ্শনীত ফুটবলপ্ৰেমীৰ আনন্দ আৰু আন্তৰিকতাপূৰ্ণ সহযোগিতা তথা উপস্থিতি সহৃদয়ে কামনা কৰিলোঁ৷ ধন্যবাদ৷
পুতুল বৰা
'ডাই হাৰ্ড জাৰ্মান ফেন'
পুলিচ ৰিজাৰ্ভ, ডিফু
ফোন নং ৯৪৩৫০৬৬৩৯২

Tuesday 3 June 2014

হাৱা
(গল্প নহয়, সত্য)

দিল্লী, জয়পুৰ, আজমীৰ, কলকাতা মহতিয়াই আমাৰ এওঁলোক কালি দুপৰীয়া ঘৰ সোমালহি৷ এওঁলোক মানে পৰিবাৰ, পুত্ৰ আৰু কন্যা৷

... ইহঁত দুটাই ভ্ৰমণ ডায়েৰী লিখিলেনে বাৰু?

আজি পুৱা বেগৰ পৰা বস্তু-বাহানিবোৰ এটা এটাকৈ উলিয়াই মজিয়াত হৰেক মালৰ বজাৰ মেলা মাকলৈ চাই সুধিলোঁ৷ তেওঁ তেতিয়া বেগটোৰ পৰা আহল-বহল ডায়েৰী দুখন ঠিক উলিয়াই মজিয়াতে থৈছে৷ লৰা-ছোৱালীহালে একোখনকৈ লৈ গৈছিল, কৈ গৈছিল লিখিব বুলি৷

... এপাত যদি লিখিলেহেঁতেন ঐ! একো এটা লেখা নাই বুইছেনে? এনেয়ে নিলে৷ মিছাতে মই ভাৰ বলোঁ৷

মাকে দুখেৰে উত্তৰ দিলে৷ কথাখিনি কৈ থাকি বেগটোত হাত সুমুৱাই কিতাপ এখন উলিয়াই আনিলে৷

... কিতাপখন পঢ়িলা?

যাত্ৰাকালত পঢ়িম বুলি তেওঁ নিয়া চেতন ভগতৰ Revolution 2020লৈ চাই সুধিলোঁ৷ তেওঁ তেতিয়া বেটুপাতটোত আলাসেৰে মোহাৰ এটা মাৰিছে৷

... নাই, চাৰিপাতমানহে পঢ়িলোঁ নেকি জানো!

... কিয় নপঢ়িলা?

... চবেই স্ফূৰ্তি কৰি থাকে, মইনো আৰু কত পঢ়িব পাৰোঁ?

কথা শুনি মোৰ হাঁহি উঠি গল৷ খংটোও আৰম্ভ হৈ গল তলে তলে৷

...তোমালোকেহে কিতাপে-বহীয়ে ভৰাই লৈছিলা৷ যেন একেবাৰে বিৰাট কিবা লিখিবা-পঢ়িবা, তেনে ভাবত৷ ভ্ৰমণত লেখা-পঢ়া কৰাটো সকলোৰে পক্ষে সম্ভৱ নহয় বুইছা৷ মই তেতিয়াই কৈছিলোঁ দেখোন যে নহব, অন্ততঃ তোমালোকৰ দ্বাৰা নহব৷ নুশুনিলা৷ অযথা গোটেই বাট কঢ়িয়াই কঢ়িয়াই আকৌ আনি ঘৰ পোৱালাহি৷ ছেঃ, তোমালোকোযে আৰু...

মিহিকৈ এচাট দি দিলোঁ৷ এওঁ সৰোজিনী মাৰ্কেটত পুতেক-জীয়েকৰ লগতে নিজলৈ কিনা নতুন কাপোৰকেইযোৰ উলিয়াই পকাখনতে দম কৰিলে৷

...পঢ়িম বুলি নিছিলোঁ আৰু... নহল পঢ়া৷

বেগৰ ভিতৰৰ পৰা এওঁ এইবাৰ নতুনকৈ কিনা জয়পুৰী চেণ্ডেলকেইযোৰ উলিয়ালে৷ তাৰ পিছে পিছে আৰু ঢেৰ কিবাকিবি৷

...হাৱা বুইছা, চব হাৱা৷ ইয়াকে ভাব দিয়া বুলিও কোৱা হয়৷ বহু মানুহে তেনেকৈয়ে জীৱনটো চলাই আহিছে৷

চেগ চাই ময়ো চাবটো ভালকৈ বহুৱাই দিলোঁ৷ সন্মুখত দেখা কাপোৰ, চেণ্ডেল আৰু কিবিকিবিবোৰে খংটো ক্ৰমাৎ তুংগলৈ নি আছিলেই৷

(ৰচনা : ২৪ এপ্ৰিল ২০১৪)

Monday 2 June 2014

চূড়ান্ত সুখৰ সেই পাহৰিব নোৱাৰা মুহূৰ্তটো...
(গল্প নহয়, সত্য)

হয়, মনত পৰিছে৷ অৰ্জুন৷ অৰ্জুনেই আছিল তাৰ নামটো৷ ওখকৈ ল’ৰাটো৷ নুমলীগড় ৰিফাইনেৰী প্ৰজেক্টত আমাৰ চাইট অফিচৰ দিনৰ ভাগৰ পিয়ন-কাম-চকীদাৰ আছিল সি৷

অৰ্জুনহঁতৰ ঘৰত কুঁহিয়াৰ খেতি প্ৰচুৰভাৱে কৰা হয় বুলি খবৰ পোৱাৰ পাছৰে পৰাই মনটোৱে লকলকাই আছিল, সেই বাৰীখনত কেতিয়াকৈনো পদাৰ্পণ কৰিব পাৰোঁ, তাৰে আশাত৷ তেল-গৰমৰ পৰা হেনো কেই কিল’মিটাৰমান সোমাই যাব লাগে সিহঁতৰ ঘৰলৈ৷ আমাৰ ফালৰ পৰা একেটা দাবীকে তাক নিৰন্তৰ জনাই থকাও হৈছিল... ‘ঐ অৰ্জুন, তোমাৰ ঘৰলৈ কেতিয়াকৈ নিবা?’ বুলি৷ সিও ‘নিম ছাৰ, নিম ছাৰ’ কৈ থাকে, অথচ দিনটো হ’লে ঘোষণা নকৰে৷ তেনেস্থলত ধৈৰ্য ধৰাৰ বাহিৰে উপায়োযে নাই৷

যা হওক, এদিন দেওবাৰ এটাত বহুপ্ৰত্যাশিত নিমন্ত্ৰণটো আহিল৷ পুৱাৰ ভাগতেই যোৱাটো আগদিনাই আমি ঠিক কৰি থ’লোঁ৷ আমি মানে চাইট ইঞ্জিনিয়াৰ শিশিৰ ভঁৰালী, পাৰ্থপ্ৰদীপ বৰা, অমল শৰ্মা, মই আৰু লগতে আমাৰ ইলেকট্ৰিচিয়ান ‘পোৱালি’ শৰ্মা৷ অৰ্জুনে ৰাতিপুৱাই চাইকেল মাৰি আহি গৈছিল আমাক আগ বঢ়াই নিবলৈ৷

কেম্পৰ ৰান্ধনি অকণে টেবুলত যতনাই দিয়া ৰুটি-ভাজি-চাহ পেটত পেলাই লৈ কেওটাই বিষ্ণুপুৰৰ পৰা পদচালনা আৰম্ভ কৰি দিলোঁ৷ তেল-গৰমৰ বাওঁহাতে ফাটি যোৱা কেঁচা ৰাস্তাটোৰে আমাক সুমুৱাই নিলে অৰ্জুনে৷ গাঁৱলীয়া পৰিৱেশটো ভাল লাগিল৷ এনেয়েও চহৰতকৈ গাঁৱৰ প্ৰতি মোৰ টানটো সদায় বেলেগ৷ এসময়ত আমি অৰ্জুনহঁতৰ নেপালী অধ্যুষিত গাঁওখনত উপস্থিত হ’লোঁগৈ৷

পোনতে সি আমাক আথেবেথে নি ঘৰত ভিতৰত বহুৱালে৷ তাৰ পিছত পৰিয়ালৰ লোকসকলৰ সৈতে আনুষ্ঠানিক চিনাকি পৰ্ব৷ সোনকালেই ঘৰুৱা হৈ পৰিলোঁ আমি৷ মনে বিচৰাৰ দৰেই তাৰ অলপ পিছতে কুঁহিয়াৰনীলৈ ধাৱমান হোৱাৰ সুযোগ আহিল৷ আমাৰ উৎসাহৰো প্ৰধান বিষয় আছিল সেইটোৱেই৷

কুঁহিয়াৰনীৰ ভিতৰত ভৰি দি বেছ আহ্লাদিত হ’লোঁ৷ দেখিলোঁ, কুঁহিয়াৰ পেৰা শাল এখন৷ সিফালে সৰুকৈ খেৰৰ চালি অকণমান৷ গুৰ পগোৱা কেৰাহী, চৌকা, অন্যান্য সা-সৰঞ্জাম আদিও আছে৷ নেপালী গোৱালে গাখীৰ দিওঁতে ব্যৱহাৰ কৰা ছিলভাৰৰ জগ এটা আৰু প্লাষ্টিকৰ গিলাচ কেইটামান অৰ্জুনে হাতত লৈয়ে গৈছিল৷ সেইবোৰ থৈ দাখন হাতত লৈ প্ৰথমে পূৰঠ চাই কুঁহিয়াৰ কেইডালমানৰ সন্ধানত ওলালোঁ৷ জন্তুৰ সলনি শালখনো নিজেই ঘূৰোৱাত লাগি গ’লোঁ৷ ৰস ওলাল৷ জগটোত সোমাল৷ জগৰ পৰা গিলাচ৷ গিলাচৰ পৰা পেট৷ ৰস ঢুকাল৷ আকৌ কুঁহিয়াৰ বিচাৰি আনিলোঁগৈ৷ শাল ঘূৰিল, সমস্ত ৰসে পেটে পেটে থিতাপি ল’লেগৈ৷ ডিঙিৰ গুৰিলৈকে পূৰাই কেইবাগিলাচো পি ল’লোঁ৷ ফলস্বৰূপে মোৰ পেটে ফিটফিটীয়া দিলে৷ খোজবোৰ ক্রমাৎ গহীন হৈ পৰিল৷ দীৰ্ঘদিনীয়া হেঁপাহটো ঠিকমতে পলুৱাই লৈ এসময়ত কুঁহিয়াৰনী ত্যাগ কৰিলোঁ৷ হেঁপাই-ফোঁপাই আহি অৰ্জুনহঁতৰ চ’ৰাঘৰতে বিশ্ৰাম ল’লোঁহি৷

চোফাত হেলান দি লেকচাৰ মৰা আৰম্ভ হ'ল৷ ওফন্দা পেট জামৰিবলৈ পালে কি নাপালে, ভিতৰৰ পৰা মাক-ভনীয়েকহঁতে তৈয়াৰ কৰি দিয়া গৰমা-গৰম এগালমান মালপোৱাসহ অৰ্জুন সন্মুখত হাজিৰ হ’লহি৷ পিছে পিছে চাহো আহিল৷ কেম্পত ক’তনো আৰু এইবোৰ পাওঁ আমি?  এতেকে কাঁহী উদং কৰি পঠিয়ালোঁ৷ তেহে শান্তি৷

আৰু কিছু বেলি কথা চোবোৱাৰ অন্তত আমি পাঁচোটাই বিদায় মাগিলোঁ৷ অৰ্জুন ঘৰতে ৰ’ল৷ গেৰেউ-গেঁথেউ পেট লৈ খুব ধীৰ গতিৰে আগুৱাইছোঁ৷ আহি আছোঁ, আহি আছোঁ৷ তেনেকুৱাতে অথন্তৰটো ঘটিল নহয়৷ মানে, এনেকুৱা জোৰত সিবিধ লাগি গ’ল যে ৰ’ব নোৱাৰাই হৈ পৰিলোঁ৷ নেওচিব নোৱাৰা প্ৰকৃতিৰ সেই আচম্বিত আহ্বানত অৱস্থা কি কৰোঁ গোপাল, ক’লৈ যাওঁ কৃপাল হ’ল৷ ওচৰত মানুহৰ ঘৰ এটা ক’ত পাওঁ, পানী কেনি দেখা পাওঁ এতিয়া? ইফালে সেইছোৱাত জনবসতি নাই৷ সুবিধাকণ থাউকতে নোপোৱাত টেনচনো তুংগত উঠিল৷ এক কথাত, চিটুৱেচন ডেনজাৰাচ৷

পেটৰ ভিতৰত চলি থকা বিদ্ৰোহ পাৰ্যমানে নিয়ন্ত্ৰণ কৰি আহি আহি পুৰণি সৰু খেৰীঘৰ এটাৰ সন্মুখত উপস্থিত হ’লোঁহি৷ আৰু চাবলৈ নাই, ইংগিত এটা দিয়েই সমদলৰ পৰা ফালৰি কাটি চিধা গুচি গ’লোঁ, পিছফাললৈ৷ আচৰিত! সেইঘৰ মানুহৰ পায়খানা-ঘৰ কিন্তু চকুত নপৰিল৷ বাঁহতল বুলিবলৈও নাই৷ এতিয়াহে মৰিলোঁ৷ ধৈৰ্য্যচ্যুতি ঘটেহে লাগে৷ সৌভাগ্যক্রমে কেঁচা কুঁৱা এটা দেখা পালোঁ৷ পাৰত ৰছী-বাল্টিও৷ উঃ ভগৱান, ৰক্ষা৷ সৰু বাল্টিটো তৎমুহূৰ্ততে নাদৰ পানীলৈ দলিয়াই দিলোঁ৷ ভেকুলী কেইটামান ছিটিকি পলাল৷ ঘপাঘপ পানী এবাল্টি তুলি লৈ পোনাই দিলোঁ নাতিদূৰৈৰ কলগছৰ আঁৰলৈ৷ কাৰণ, কালক্ষয় কৰিলেই বিপদ অনিবাৰ্য৷ কুঁহিয়াৰৰ ৰসে হেঁচা মাৰি প্ৰেছাৰটো চূড়ান্ত পৰ্যায় পোৱাইছেগৈ৷

আঃ কি সুখ! বাৰীৰ চুকৰ কলনিৰ ফাঁকত নিৰ্দিষ্ট ভংগীমাত আসন গ্ৰহণ কৰাৰ লগে লগে নিমিষতে আৰাম লাগি গ’ল৷ সেই মুহূৰ্তত, সঁচা কথা ক’বলৈ গ’লে নিজকে পৃথিৱীৰ সবাতোকৈ সুখী মানুহজন যেনেই লাগিল৷ মনত পৰি গ’ল তাহানিতে কিতাপত পঢ়া বীৰবল আৰু আকবৰৰ কাহিনীটোলৈ৷ প্ৰমাণ পাই গ'লোঁ৷

কামফেৰা সমাধা কৰি শৌচাচাৰৰ নামত বাওঁহাতখন মাটিতে ঘঁহি-পিহি ভালকৈ ধুই পেলালোঁ৷ তাৰ পিছত হাঁহি এমোকোৰা মুখত বিৰিঙাই আকৌ দলত চামিল হৈ গ’লোঁ৷ ইমানৰ পিছতো ঘৰটোত কিন্তু এটা প্ৰাণীও চকুত নপৰিল৷ অথনি ‘ঘৰত কোন আছে?’ বুলি ৰিং এটা মাৰিছিলোঁ যদিও কোনো নোলাল৷ কোনেও গমেই নাপালে মুহূৰ্ততে কোন অচিনাকি বাটৰুৱা সোমাই ক’ত কি কৰিলেহি৷ গতিকে ধন্যবাদটো ঈশ্বৰকে ডাইৰেক্ট দি দিলোঁ৷ আনহাতে যাত্ৰাৰ পাছৰছোৱাত পেলোৱা প্ৰতিটো খোজ মোৰ বাবে স্বাভাৱিকতে অত্যন্ত আনন্দদায়ক হৈ উঠিল৷

(ৰচনা : ১.৬.২০১৪)

Sunday 1 June 2014

জীৱনৰ ডুখৰীয়া ছবি...
(গল্প নহয়, সত্য)

পুৱা এবাৰ আৰু দুপৰীয়া এবাৰ, দিনটোত দুবাৰকৈ প্ৰজেক্টটোৰ সন্মুখলৈ যাব লগা হয়৷ উগ্ৰপন্থীৰ হুমকিত মাজতে ভালেমান দিন ধৰি স্থবিৰ হৈ থকাৰ পিছত সম্প্ৰতি ৰাতিয়ে-দিনে দ্ৰুতগতিত কাম চলি আছে ইয়াৰ কনষ্ট্ৰাকচন চাইটত৷ এখন মেডিকেল কলেজ তথা ৰিচাৰ্চ ইনষ্টিটিউটৰ নিৰ্মাণস্থল এয়া৷

মোৰ গন্তব্যস্থানৰ সন্মুখেৰে যোৱা সৰু পকী পথটোৰ দাঁতিত গাঁথি থকা বাউণ্ডেৰী ৱালখন দিনক-দিনে ওখ হৈ আহিছে৷ নাতিদূৰত পাহাৰৰ বক্ষত কেইবাখনো এক্সকেভেটৰৰ সহায়ত আৰ্থ কাটিঙৰ কাম চলিছে৷ সমতলৰ খলা-বমাবোৰ ফিলিং হৈ আছে শাৰী শাৰীকৈ ডাম্পাৰে কঢ়িয়াই অনা মাটিৰে৷ ৰোলিঙৰ পিছত সমান হৈ পৰা ঠাইত শিল-বালিয়ে দম বান্ধিছে৷ পোনে পোনে চকুৱে দেখা দূৰত্বলৈকে একেলগে চলিছে শাৰী শাৰীকৈ পাইল ফাউণ্ডেচনৰ কাম৷ কেইবাটাও মিক্সাৰ মেচিনৰ ঘৰ্ঘৰণিৰ শব্দ একেলগে ভাহি আহিছে৷ পানীৰ পাম্পে অহৰহ পানী টানিছে৷ কাষ্টিঙৰ কামত ভাইব্ৰেটৰ চলিছে৷ বনুৱাবোৰ পূৰ্ণোদ্যমে লাগি গৈছে৷ অদূৰত সিহঁতৰ অস্থায়ী বেৰৰেক, অফিচ, মাল-গুদাম আদি৷ সময়ৰ লগত তাল মিলাই নিতৌ কাম-কাজ আগুৱাই আছে৷ ওচৰে-পাজৰে দোকান-পোহাৰৰ সংখ্যা ক্রমায়ে বেছি হব ধৰিছে৷ ব্যস্ততা বৃদ্ধি হোৱাৰ ফলতে কিবা যেন এক নতুন প্ৰাণ সঞ্চাৰিত হৈছে ঠাইখিনিলৈ৷ সকলো মিলি বাসিন্দাসকলৰ মুখবোৰ হাঁহিৰে জীপাল হৈ উঠা দেখা গৈছে৷

পৰিৱেশটোৱে মনটো উৰুৱাই লৈ গল পাৰ হৈ অহা জীৱনটোৰ এটা অধ্যায়লৈ৷ চন ১৯৯৫৷ স্থান নুমলীগড় শোধনাগাৰৰ নিৰ্মাণস্থলী৷ ১৯৮৫চনত সম্পাদিত অসম চুক্তিৰ পৰিপ্ৰেক্ষিতত নিৰ্মাণ কৰিবলৈ লোৱা হৈছিল খাৰুৱা তেলৰ এই শোধন কাৰখানা, অত্যাধুনিক প্ৰযুক্তিৰে৷

উভতি চাই দেখিছোঁ, কুৰি বছৰেই হয়হি এতিয়া৷ আৰ্থ ৱৰ্ক সমাপ্ত হোৱাৰ অন্তত এদিন পদাৰ্পণ কৰিছিলোঁ উক্ত নিৰ্মাণস্থলত৷ বৰষুণ বেছিকৈ হোৱা অঞ্চলটোত আলতীয়া মাটিয়ে তোলা বোকা খচকি উপস্থিত হৈছিলোঁ প্ৰস্তাৱিত ডি.চি.ইউ. এলেকাটোৰ চাৰিসীমা চমজি লওঁ বুলি৷ বোকাৰ ভৰত জোতা গধুৰ হৈ পৰিছিল৷ কোনোবা মুহূৰ্তত অভিযাত্ৰী যেনেই লাগি গৈছিল নিজকে৷ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা ৰিফাইনেৰীৰ অস্থায়ী অফিচ ঘৰটোৰ বাহিৰে চকুত পৰাত একোৱেই নাছিল তেতিয়া৷ দুই-এটা কোম্পানীয়ে আমাৰ দৰে নিজৰ নিজৰ প্ৰজেক্ট চাইট চাবলৈ আহিছে৷ পৰিৱেশ দেখি মনতে এটা উৎসাহ জাগিছিল যে কিবা এটা কৰাৰ সুযোগ পাইছোঁ৷ শূন্যৰ পৰাই আৰম্ভ কৰিব লাগিব এই যাত্ৰা৷ শিক্ষানুষ্ঠানত আহৰণ কৰা অভিযান্ত্ৰিক শিক্ষণৰ জ্ঞানকণক কামত খটুৱাৰ, প্ৰেক্টিকেলৰ কষটি শিলত নিজকে পৰীক্ষা কৰাৰ সময় এয়া৷ থিয়ৰীৰ পৰা প্ৰেক্টিকেললৈ যেন এক নতুন পৰিক্রমা৷

ৰিফাইনেৰীৰ বাউণ্ডেৰী ৱালৰ সিপাৰে বিষ্ণুপুৰ৷ সেই অঞ্চলতে আমাৰ বাবে খেৰ-বাঁহৰ অস্থায়ী কেম্প সাজি থকা হৈছিল৷ তাৰেই এমূৰীয়া কোঠা এটাত জুন মাহৰ মধ্যভাগৰ কোনোবা এদিন কেম্পখাটখন পাৰি নিজৰ বেডিং মেলি দিলোঁ৷ বিদ্যুৎ সংযোগ নাছিল৷ লালটেন আৰু মেন্থল লাইটৰ পোহৰেই আছিল সাৰথি৷ জোনাকী পৰুৱাৰ জিলমিলনি, ভেকুলীৰ টোৰটোৰণি, জিলীৰ ঝিঁঝিঁয়নী আদিবোৰ আছিল নিত্যসহচৰ৷ ৰিফাইনেৰীৰ ভিতৰত বাঁহ-খেৰেৰে চাইট অফিচ সজাৰ কামো একে সময়তেই আৰম্ভ হল৷ ৱৰ্ক ফ্ৰণ্ট চিনি-বুজি অন্যান্য দলবোৰেও যথাসময়ত কামত ধৰিলেহি৷ ওচৰা-ওচৰিকৈ কেম্পবোৰো গঢ় লৈ উঠিল৷ লাহে লাহে আগতে কাহানিও নোপোৱা সম্পূৰ্ণ বেলেগ ধৰণৰ পৃথিৱী এখনলৈ অগ্ৰসৰ হলোঁ৷

দ-বতাহ-বৰষুণৰ সৈতে নিৰন্তৰ মোকাবিলাৰ মাজেৰে আমাৰ দৈনন্দিন আগুৱাই গৈ থাকিল৷ স্থানীয় গঞা, স্থায়ী-অস্থায়ী বনুৱা, অসমীয়া-অনাঅসমীয়া কাৰ্যবাহীকে ধৰি বিভিন্নজন ব্যক্তিৰ সান্নিধ্য লাভ কৰিলোঁ৷ অঞ্চলটোত প্ৰায়ে দেখা দিয়া বনৰীয়া হাতীজাকৰো মুখামুখি হোৱাৰ সৌভাগ্য (!) হল৷ তেনেকৈয়ে তেজ, ঘাম, শ্ৰম আৰু টেকনলজীৰ সমন্বয়ত লাহে লাহে এদিন মূৰ দাঙি উঠিল ডিলেইড ককাৰ ইউনিট৷

দিনবোৰে এতিয়া মনৰ পৰ্দাত পুনৰবাৰ ভুমুকিয়াই উঠিছে, সন্মুখত চলি থকা এই মেডিকেল কলেজ প্ৰজেক্টৰ কাম-কাজবোৰ দেখি৷ ইয়াতোযে আজি শত-সহস্ৰজন লোকৰ শ্ৰম-ঘাম-ৰক্তৰ সমাহাৰ ঘটিছে৷ কাৰ্যক্ষম হোৱাৰ পিছত চাগৈ এইসকলৰ কোনোজনেই ইয়াত স্থায়ীভাৱে নাথাকিব, স্বগৃহাভিমুখে প্ৰত্যাৱৰ্তন ঘটিব তেওঁলোকৰ, যিদৰে নুমলীগড় তৈল শোধনাগাৰৰ ক্ষেত্ৰত মোৰ ঘটিছে৷ আৰু কেতিয়াবাকৈ কিবা কাৰণত আহিলেও তেওঁ নিশ্চয়কৈ উৎফুল্লিত কণ্ঠে কব... সৌখিনিত, পাহাৰৰ কাষত আমি অমুকটো সাজিছিলোঁ, যিদৰে আজিও কেতিয়াবা কিবা কাৰণত এন.আৰ.এল.ৰ আগেৰে পাৰ হৈ যাব লগা হলে সহযাত্ৰীক সেইফালে আঙুলিয়াই দেখুৱাই এবাৰলৈ হলেও মই উৎসাহেৰে এইষাৰ কওঁৱেই... সৌযে দেখিছা ... সেই ইউনিটটো আমি সাজিছিলোঁ

জীৱন তেনেকুৱাই৷ কোনোবাই কষ্টেৰে জন্ম দিয়ে, কোনোবাই প্ৰতিপালন কৰে৷ সত্য সেইটোৱেই৷


(ৰচনা : জানুৱাৰী ২০১৪)