Monday, 2 June 2014

চূড়ান্ত সুখৰ সেই পাহৰিব নোৱাৰা মুহূৰ্তটো...
(গল্প নহয়, সত্য)

হয়, মনত পৰিছে৷ অৰ্জুন৷ অৰ্জুনেই আছিল তাৰ নামটো৷ ওখকৈ ল’ৰাটো৷ নুমলীগড় ৰিফাইনেৰী প্ৰজেক্টত আমাৰ চাইট অফিচৰ দিনৰ ভাগৰ পিয়ন-কাম-চকীদাৰ আছিল সি৷

অৰ্জুনহঁতৰ ঘৰত কুঁহিয়াৰ খেতি প্ৰচুৰভাৱে কৰা হয় বুলি খবৰ পোৱাৰ পাছৰে পৰাই মনটোৱে লকলকাই আছিল, সেই বাৰীখনত কেতিয়াকৈনো পদাৰ্পণ কৰিব পাৰোঁ, তাৰে আশাত৷ তেল-গৰমৰ পৰা হেনো কেই কিল’মিটাৰমান সোমাই যাব লাগে সিহঁতৰ ঘৰলৈ৷ আমাৰ ফালৰ পৰা একেটা দাবীকে তাক নিৰন্তৰ জনাই থকাও হৈছিল... ‘ঐ অৰ্জুন, তোমাৰ ঘৰলৈ কেতিয়াকৈ নিবা?’ বুলি৷ সিও ‘নিম ছাৰ, নিম ছাৰ’ কৈ থাকে, অথচ দিনটো হ’লে ঘোষণা নকৰে৷ তেনেস্থলত ধৈৰ্য ধৰাৰ বাহিৰে উপায়োযে নাই৷

যা হওক, এদিন দেওবাৰ এটাত বহুপ্ৰত্যাশিত নিমন্ত্ৰণটো আহিল৷ পুৱাৰ ভাগতেই যোৱাটো আগদিনাই আমি ঠিক কৰি থ’লোঁ৷ আমি মানে চাইট ইঞ্জিনিয়াৰ শিশিৰ ভঁৰালী, পাৰ্থপ্ৰদীপ বৰা, অমল শৰ্মা, মই আৰু লগতে আমাৰ ইলেকট্ৰিচিয়ান ‘পোৱালি’ শৰ্মা৷ অৰ্জুনে ৰাতিপুৱাই চাইকেল মাৰি আহি গৈছিল আমাক আগ বঢ়াই নিবলৈ৷

কেম্পৰ ৰান্ধনি অকণে টেবুলত যতনাই দিয়া ৰুটি-ভাজি-চাহ পেটত পেলাই লৈ কেওটাই বিষ্ণুপুৰৰ পৰা পদচালনা আৰম্ভ কৰি দিলোঁ৷ তেল-গৰমৰ বাওঁহাতে ফাটি যোৱা কেঁচা ৰাস্তাটোৰে আমাক সুমুৱাই নিলে অৰ্জুনে৷ গাঁৱলীয়া পৰিৱেশটো ভাল লাগিল৷ এনেয়েও চহৰতকৈ গাঁৱৰ প্ৰতি মোৰ টানটো সদায় বেলেগ৷ এসময়ত আমি অৰ্জুনহঁতৰ নেপালী অধ্যুষিত গাঁওখনত উপস্থিত হ’লোঁগৈ৷

পোনতে সি আমাক আথেবেথে নি ঘৰত ভিতৰত বহুৱালে৷ তাৰ পিছত পৰিয়ালৰ লোকসকলৰ সৈতে আনুষ্ঠানিক চিনাকি পৰ্ব৷ সোনকালেই ঘৰুৱা হৈ পৰিলোঁ আমি৷ মনে বিচৰাৰ দৰেই তাৰ অলপ পিছতে কুঁহিয়াৰনীলৈ ধাৱমান হোৱাৰ সুযোগ আহিল৷ আমাৰ উৎসাহৰো প্ৰধান বিষয় আছিল সেইটোৱেই৷

কুঁহিয়াৰনীৰ ভিতৰত ভৰি দি বেছ আহ্লাদিত হ’লোঁ৷ দেখিলোঁ, কুঁহিয়াৰ পেৰা শাল এখন৷ সিফালে সৰুকৈ খেৰৰ চালি অকণমান৷ গুৰ পগোৱা কেৰাহী, চৌকা, অন্যান্য সা-সৰঞ্জাম আদিও আছে৷ নেপালী গোৱালে গাখীৰ দিওঁতে ব্যৱহাৰ কৰা ছিলভাৰৰ জগ এটা আৰু প্লাষ্টিকৰ গিলাচ কেইটামান অৰ্জুনে হাতত লৈয়ে গৈছিল৷ সেইবোৰ থৈ দাখন হাতত লৈ প্ৰথমে পূৰঠ চাই কুঁহিয়াৰ কেইডালমানৰ সন্ধানত ওলালোঁ৷ জন্তুৰ সলনি শালখনো নিজেই ঘূৰোৱাত লাগি গ’লোঁ৷ ৰস ওলাল৷ জগটোত সোমাল৷ জগৰ পৰা গিলাচ৷ গিলাচৰ পৰা পেট৷ ৰস ঢুকাল৷ আকৌ কুঁহিয়াৰ বিচাৰি আনিলোঁগৈ৷ শাল ঘূৰিল, সমস্ত ৰসে পেটে পেটে থিতাপি ল’লেগৈ৷ ডিঙিৰ গুৰিলৈকে পূৰাই কেইবাগিলাচো পি ল’লোঁ৷ ফলস্বৰূপে মোৰ পেটে ফিটফিটীয়া দিলে৷ খোজবোৰ ক্রমাৎ গহীন হৈ পৰিল৷ দীৰ্ঘদিনীয়া হেঁপাহটো ঠিকমতে পলুৱাই লৈ এসময়ত কুঁহিয়াৰনী ত্যাগ কৰিলোঁ৷ হেঁপাই-ফোঁপাই আহি অৰ্জুনহঁতৰ চ’ৰাঘৰতে বিশ্ৰাম ল’লোঁহি৷

চোফাত হেলান দি লেকচাৰ মৰা আৰম্ভ হ'ল৷ ওফন্দা পেট জামৰিবলৈ পালে কি নাপালে, ভিতৰৰ পৰা মাক-ভনীয়েকহঁতে তৈয়াৰ কৰি দিয়া গৰমা-গৰম এগালমান মালপোৱাসহ অৰ্জুন সন্মুখত হাজিৰ হ’লহি৷ পিছে পিছে চাহো আহিল৷ কেম্পত ক’তনো আৰু এইবোৰ পাওঁ আমি?  এতেকে কাঁহী উদং কৰি পঠিয়ালোঁ৷ তেহে শান্তি৷

আৰু কিছু বেলি কথা চোবোৱাৰ অন্তত আমি পাঁচোটাই বিদায় মাগিলোঁ৷ অৰ্জুন ঘৰতে ৰ’ল৷ গেৰেউ-গেঁথেউ পেট লৈ খুব ধীৰ গতিৰে আগুৱাইছোঁ৷ আহি আছোঁ, আহি আছোঁ৷ তেনেকুৱাতে অথন্তৰটো ঘটিল নহয়৷ মানে, এনেকুৱা জোৰত সিবিধ লাগি গ’ল যে ৰ’ব নোৱাৰাই হৈ পৰিলোঁ৷ নেওচিব নোৱাৰা প্ৰকৃতিৰ সেই আচম্বিত আহ্বানত অৱস্থা কি কৰোঁ গোপাল, ক’লৈ যাওঁ কৃপাল হ’ল৷ ওচৰত মানুহৰ ঘৰ এটা ক’ত পাওঁ, পানী কেনি দেখা পাওঁ এতিয়া? ইফালে সেইছোৱাত জনবসতি নাই৷ সুবিধাকণ থাউকতে নোপোৱাত টেনচনো তুংগত উঠিল৷ এক কথাত, চিটুৱেচন ডেনজাৰাচ৷

পেটৰ ভিতৰত চলি থকা বিদ্ৰোহ পাৰ্যমানে নিয়ন্ত্ৰণ কৰি আহি আহি পুৰণি সৰু খেৰীঘৰ এটাৰ সন্মুখত উপস্থিত হ’লোঁহি৷ আৰু চাবলৈ নাই, ইংগিত এটা দিয়েই সমদলৰ পৰা ফালৰি কাটি চিধা গুচি গ’লোঁ, পিছফাললৈ৷ আচৰিত! সেইঘৰ মানুহৰ পায়খানা-ঘৰ কিন্তু চকুত নপৰিল৷ বাঁহতল বুলিবলৈও নাই৷ এতিয়াহে মৰিলোঁ৷ ধৈৰ্য্যচ্যুতি ঘটেহে লাগে৷ সৌভাগ্যক্রমে কেঁচা কুঁৱা এটা দেখা পালোঁ৷ পাৰত ৰছী-বাল্টিও৷ উঃ ভগৱান, ৰক্ষা৷ সৰু বাল্টিটো তৎমুহূৰ্ততে নাদৰ পানীলৈ দলিয়াই দিলোঁ৷ ভেকুলী কেইটামান ছিটিকি পলাল৷ ঘপাঘপ পানী এবাল্টি তুলি লৈ পোনাই দিলোঁ নাতিদূৰৈৰ কলগছৰ আঁৰলৈ৷ কাৰণ, কালক্ষয় কৰিলেই বিপদ অনিবাৰ্য৷ কুঁহিয়াৰৰ ৰসে হেঁচা মাৰি প্ৰেছাৰটো চূড়ান্ত পৰ্যায় পোৱাইছেগৈ৷

আঃ কি সুখ! বাৰীৰ চুকৰ কলনিৰ ফাঁকত নিৰ্দিষ্ট ভংগীমাত আসন গ্ৰহণ কৰাৰ লগে লগে নিমিষতে আৰাম লাগি গ’ল৷ সেই মুহূৰ্তত, সঁচা কথা ক’বলৈ গ’লে নিজকে পৃথিৱীৰ সবাতোকৈ সুখী মানুহজন যেনেই লাগিল৷ মনত পৰি গ’ল তাহানিতে কিতাপত পঢ়া বীৰবল আৰু আকবৰৰ কাহিনীটোলৈ৷ প্ৰমাণ পাই গ'লোঁ৷

কামফেৰা সমাধা কৰি শৌচাচাৰৰ নামত বাওঁহাতখন মাটিতে ঘঁহি-পিহি ভালকৈ ধুই পেলালোঁ৷ তাৰ পিছত হাঁহি এমোকোৰা মুখত বিৰিঙাই আকৌ দলত চামিল হৈ গ’লোঁ৷ ইমানৰ পিছতো ঘৰটোত কিন্তু এটা প্ৰাণীও চকুত নপৰিল৷ অথনি ‘ঘৰত কোন আছে?’ বুলি ৰিং এটা মাৰিছিলোঁ যদিও কোনো নোলাল৷ কোনেও গমেই নাপালে মুহূৰ্ততে কোন অচিনাকি বাটৰুৱা সোমাই ক’ত কি কৰিলেহি৷ গতিকে ধন্যবাদটো ঈশ্বৰকে ডাইৰেক্ট দি দিলোঁ৷ আনহাতে যাত্ৰাৰ পাছৰছোৱাত পেলোৱা প্ৰতিটো খোজ মোৰ বাবে স্বাভাৱিকতে অত্যন্ত আনন্দদায়ক হৈ উঠিল৷

(ৰচনা : ১.৬.২০১৪)

No comments:

Post a Comment