বতৰা... ‘জীৱনৰ মহোৎসৱ’ৰ
(ব্ৰাজিল ১৪ৰ পৰা)
ঠিকে-ঠাকে চলি আছে মাহজোৰা ‘জীৱনৰ মহোৎসৱ’৷ ধাৰাবাহিকতা ৰক্ষা কৰি নিতৌ আগ বাঢ়ি আছে ফুটবলকেন্দ্ৰিক নৈশ উন্মাদনা৷
যোৱা ১২জুনত কে’ক কাটি উদ্বোধন কৰা এই উৎসৱে আজিৰ তাৰিখত ফাৰ্ষ্ট ৰাউণ্ড পাৰ কৰিলে৷ ৩২ৰ ১৬ই নিজৰ যাত্ৰা সামৰিলে৷ থাকিল এই ১৬... গ্ৰুপ এৰ ব্ৰাজিল আৰু মেক্সিকো, গ্ৰুপ বিৰ নেদাৰলেণ্ডছ আৰু চিলি, গ্ৰুপ চিৰ কলম্বিয়া আৰু গ্ৰীচ, গ্ৰুপ ডিৰ কষ্টাৰিকা আৰু উৰুগুৱে, গ্ৰুপ ইৰ ফ্ৰান্স আৰু চুইজাৰলেণ্ড, গ্ৰুপ এফৰ আৰ্জেণ্টিনা আৰু নাইজেৰিয়া, গ্ৰুপ জিৰ জাৰ্মানী আৰু ইউ.এছ.এ. আৰু গ্ৰুপ এইচৰ বেলজিয়াম আৰু আলজেৰিয়া৷
বহু আগজাননী, বহু অংক অৱধাৰিতভাৱেই জংক-পংকলৈ পৰ্যবসিত হ’ল৷ বহুজনৰ মাত হেৰাল, জাৰ্চি সোলোকাই থ’বলগীয়াও হ’ল সমৰ্থিত দলৰ দুৰ্দশা কল্পে৷
বেৰত ওলোমাই ৰখা ফিফা ৱৰ্ল্ডকাপ কেলেণ্ডাৰখনৰ দ্বিতীয়খিলা পাত আমি লুটিয়াই দিলোঁ৷ এতিয়াৰ পৰা দৃষ্টি নিবদ্ধ থাকিব তৃতীয়টো পৃষ্ঠাত৷ ৬৪ৰ ৪৮ গ’লেই৷ সন্মুখত ব্ৰাজিল বনাম চিলি, কলম্বিয়া বনাম উৰুগুৱে, নেদাৰলেণ্ডছ বনাম মেক্সিকো, কষ্টাৰিকা বনাম গ্ৰীচ, ফ্ৰান্স বনাম নাইজেৰিয়া, জাৰ্মানী বনাম আলজেৰিয়া, আৰ্জেণ্টিনা বনাম চুইজাৰলেণ্ড আৰু বেলজিয়াম বনাম ইউ.এছ.এ. ৷ তাৰ মানে ৰাউণ্ড অৱ চিক্সটিনৰ ৮, কোৱাৰ্টাৰ ফাইনেল ৪, ছেমি ফাইনেল ২, তৃতীয় স্থানৰ ১ আৰু ফাইনেল ১ হিচাপত মাত্ৰ ১৬খনহে ৰ’লগৈ৷ অৰ্থাৎ উপভোগ কৰিবলৈ বাকী আছে চাৰিভাগৰ এভাগহে মাত্ৰ, তিনিভাগ ইতিমধ্যে শেষ! ইস্!! ভাবিবলৈকে কষ্ট হয় দেখোন৷ আকৌ চাৰিটা বছৰৰ মূৰত আহিবলগীয়া ৰাছিয়া ২০১৮লৈ বাট চোৱাৰ বাদে গত্যন্তৰোযে নাই৷
ব্যক্তিগতভাৱে, ব্ৰাজিল ২০১৪ৰ সংগতিত তিনিটাকৈ মৰমৰ উপহাৰ হাতত আহি পৰিল৷ পুতুলদাৰ পৰা, কলকাতাত তৈয়াৰীকৃত ব্ৰাজিল ১৪ টি-চাৰ্ট, ডাক্তৰ ভূপেন শইকীয়া-ৰুমঝুম শইকীয়া দাদা-বৌৱে কাটাৰৰ দোহাৰ পৰা কঢ়িয়াই অনা ব্ৰাজিল কেপ৷ সুপ্ৰিয়দাই কানাডাৰ টৰণ্টোৰ পৰা আনি দিয়া ব্ৰাজিল ফেন কেপ৷ অ’... ল’ৰা-ছোৱালী আৰু পৰিবাৰে দিল্লীত মাহদিয়েক আগতে কিনা হালধীয়া-সেউজীয়া ব্ৰাজিলৰ জাৰ্চিটোৰ কথা একদম পাহৰিছিলোঁ দেই৷ গতিকে তিনিটা নহয়, চাৰিটা৷ ক্ষমা কৰিব, শুধৰাই লৈছোঁ৷
ইফালে, ‘মাই প্ৰেডিকচন ব’ৰ্ড’ৰ ১৭জনৰ আগজাননী ভুল বুলি পৰিগণিত হ’ল৷ জাৰ্মানী এইবাৰ চেম্পিয়ন হ’লে চেলিব্ৰেট কৰিবৰ বাবে সুপ্ৰিয়দাই লণ্ডনৰ পৰা চেম্পেইনৰ বটল এটা আনি আনুষ্ঠানিকভাৱে পুতুলদাৰ হাতত অৰ্পণ কৰিছে খেলৰ হাফ-টাইমতে৷
যি কি নহওক, ৰাউণ্ড অৱ চিক্সটিন আৰম্ভ হোৱাৰ লগে লগে ব্ৰাজিল ১৪ প্ৰাংগণৰ ‘জীৱনৰ মহোৎসৱ’লৈও নিশ্চয়কৈ নতুন ক্লাইমেক্স, নতুন প্ৰাণ নামি আহিব৷ মনে-মগজুৱে ৰচনা হ’ব ন-ন সমীকৰণ, জল্পনা-কল্পনা৷ এই মুহূৰ্তত আঙুলিৰ মূৰত গণিব পৰা আগন্তুক দিনকেইটাত আমি তাকে লৈ সৰৱ আৰু উত্ৰাৱল হ’ম৷ ব্যস্ত থাকিম ফুটবলে যোগান ধৰা নিৰ্ভেজাল আনন্দৰস যিমান পাৰোঁ সিমান পান কৰাত৷
No comments:
Post a Comment