Thursday 27 December 2018

খোজ কাঢ়ি পাৰ হলোঁ দলং বগীবিল
(গল্প নহয়, সত্য)


১. যিবোৰ লেখা এতিয়া গল্প হৈ গল...
সন্মুখৰ বিশাল জলৰাশিলৈ চাই চাই অনেক কিবাকিবি গুণা-গঁথা কৰি আছিলোঁ৷ দিনৰ ২.১০ বাজিল৷ হঠাতে ফেৰীখনে লৰচৰ কৰিলে৷ লগে লগে জয়ন্তদালৈ এছ.এম.এছ. দিলোঁ, আমাৰ অন্য এক এড্‌ভেন্‌চাৰ্‌ এই আৰম্ভ হওঁ হওঁ বুলি৷ নৌকাই টুলুং-ভুটুং কৰি থাকোঁতেই মই ছাদৰ ওপৰলৈ উঠি গলোঁ৷ কেমেৰাটো অন্‌ কৰি অনৰ্গল ক্লিক কৰি থাকিলোঁ চৌপাশৰ দৃশ্যাৱলী৷ মাজে মাজে জয়ন্তদাৰ সৈতে এছ.এম.এছ.ৰ উত্তৰ-প্ৰত্যুত্তৰ চলি থাকিল৷ তেওঁলোক পাচিঘাট পাইছেহি৷
বগীবিল দলংখন আমাৰ বাঁওহাতে নাতিদূৰত জিলিকি আছে৷ নিৰ্মাণ কাৰ্য স্থবিৰ৷ কেতিয়া সম্পূৰ্ণ হব কব নোৱাৰি৷ চকুৰ আগত লঠঙা হৈয়ে ৰৈছে কেইবাটাও খুঁটা৷ ব্ৰহ্মপুত্ৰত পানী কমিছে৷ ফেৰীখন পাক মাৰি ঘূৰি আহিবলগীয়া হৈছে৷ এসময়ত দলঙৰ তলেৰে গহীন ভাবত ফেৰীখন আগুৱাই যাব ধৰিলে৷ পশ্চিমত আবেলিৰ বেলি৷ সূৰ্যৰ জল্‌মলীয়া কিৰণ পানীত পৰি দৃষ্টিনন্দন চিক্‌মিকনি তুলিছে৷ সৌন্দৰ্যপিয়াসী মানুহক ফেৰীৰ ভিতৰৰ গম্ভীৰতাই তিলমানো আৱদ্ধ কৰি ৰাখিব নোৱাৰে৷ সেয়েহে অনেকজনেই ওলাই আহি মনপৰশা দৃশ্যসমূহ গাত গা লগাই হলেও উপভোগ কৰাত ব্যস্ত হল৷ দূৰ দিগন্তলৈ প্ৰসাৰিত সমূহ যাত্ৰীৰ দৃষ্টি৷ ফেৰীবোৰ আহিছে, গৈছে৷ ঘাট এৰাৰ প্ৰায় এঘণ্টাৰ মূৰত বগীবিল ফেৰীঘাটত নৌকা চপালে৷ আমি নামিলোঁ৷ পাৰ হোৱাৰ বাবদ গাইপতি ৬০ টকাকৈ ললে৷ (দ্ৰষ্টব্য মেন্‌-চু-খা’, ট্ৰেকিং-কেম্পিং-এড্‌ভেন্‌চাৰ্‌, দিনাংক ০২.১২.২০১৬)

২. দীঘল দলংখন অতিক্ৰম কৰাৰ পাছত...
সুন্দৰৰ নতুন আলিয়েদি বাট বুলি আমি দুয়ো এইবাৰ শদিয়ালৈ গলোঁ, দীঘল দলং চালোঁ৷ খোজ কাঢ়ি পাৰ হলোঁ হেঁপাহৰ নতুন দলং, ডক্টৰ ভূপেন হাজৰিকা সেতু, ৯.১৫ কিলমিটাৰ৷ যাবৰ দিনা এওঁক কৈছিলোঁ, চাবা দেই, লগত ওলাইছা হয়, বাজেট কিন্তু ডেৰ হাজাৰহে৷ ঘৰ পাই পেণ্টৰ বেক পকেটৰ পৰা মানিবেগটো উলিয়াবৰ পৰত দেখোঁ যে ২০ টকীয়া নোট এখন ঘূৰি আহিছে৷ এই ২০ টকাইদি আৰম্ভ কৰি এতিয়াৰে পৰা আকৌ ধন জমা কৰিব লাগিব, পৰৱৰ্তী যাত্ৰাৰ কাৰণে৷ (দ্ৰষ্টব্য পুচ্ছাংশ, শদিয়ালৈ গলোঁ, দীঘল দলং চালোঁ, দিনাংক ২৭.৫.২০১৭)

৩. চাওঁতে চাওঁতে পৰৱৰ্তী যাত্ৰাটো আহিয়ে গল...
ইচ্ছা এটা তেতিয়াই হৃদয়ত গভীৰভাৱে ৰোপণ কৰা আছিল যে বগীবিল-কাৰেং চাপৰিৰ মাজৰ ৪.৯৪ কিলমিটাৰ দৈৰ্ঘ্যৰ বগীবিল দলংখন মুকলি কৰিলেই ঢলা-শদিয়াৰ অনুৰূপ খোজ কাঢ়ি পাৰ হম৷ ২৫ তাৰিখে বিয়লি মাননীয় প্ৰধান মন্ত্ৰীয়ে ৰঙা ফিটা দুছেও কৰিবলৈহে পালে, নিশালৈ সপত্নীক উঠি দিলোঁ উজনিমুৱা কামৰূপ এক্সপ্ৰেছত৷ পুৱাই পুৱাই ডিব্ৰুগড়৷ তাৰ পৰা বিহিয়াটিং তিনিআলি, জামিৰা চাহ বাগিচা হৈ নতুন দলঙৰ দক্ষিণ মূৰত উপস্থিত৷ টেম্প চালকক সসন্মানে বিদায় দি পিঠিত ৰাক্‌চেক লৈ দুয়োৰে গৰ্বিত পদচালনা আৰম্ভ৷ সুন্দৰৰ দুখলপীয়া ন-আলিটোৱেদি দুঘণ্টা বাট বুলি সিপাৰ হৈ পালোঁগৈ চিলাপথাৰ৷
কৰ্দৈবাৰী মিচিং গাঁৱত বিৰল এসন্ধ্যা, চিলাপথাৰৰ মিচিং ভনীটিৰ ঘৰত এৰাতি, কুলাজান পামত পুৱাৰ ৰদচেৰেঙা, মালিনী থান ফুৰি-চাকি বিয়লি এঘণ্টীয়া গাড়ীযাত্ৰাৰে চিলাপথাৰৰ পৰা ডিব্ৰুগড়৷ সন্ধিয়াটি চিৰিং চাপৰিৰ থানা গলিত পাৰ কৰি নিশাৰ নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইল ধৰি আজি পুৱাতে ঘৰ, ডিফু৷

কিছুমান কথা এতিয়া সাধু হল, গল্প হল৷ কিছুমান কল্পনা বাস্তৱ হল৷ আশা কিছুমান পূৰণ হল৷ কথা বহুত আছে৷ লগতে নতুন নতুন অভিজ্ঞতাও৷

লিখিম চাগৈ লাহেকৈ, দেই৷

Saturday 8 December 2018

লাংৱকু

ৱিক্‌-এণ্ড এড্‌ভেন্‌চাৰ


নেপথ্যৰ আলাপ-১
(১৭.১১.২০১৮, শনিবাৰ, পুৱা ৬.১৫)

প্ৰাতঃভ্ৰমণ সমাপ্ত কৰি ৰাধাচূড়াজোপাৰ তলত দুটা খুঁটাৰ ওপৰত গজাল মাৰি থোৱা তক্তাচটাত প্ৰায়ে বহাৰ দৰে শাৰী পাতি বহিছোঁ৷ একাদিক্ৰমে অৰূপদা, প্ৰণৱ, মই৷ পৃষ্ঠপটত তাহানিতে ক ক ম ম আৰম্ভ কৰা মোৰ পাঠশালাখন৷ টাউন প্ৰাইমেৰী এল.পি. স্কুল নাম৷ স্থাপিত ১৯৫৯ চন৷ মুখৰ আগত থানা ৰডটো৷ বাঁওহাতে ন-ৰূপ পৰিগ্ৰহ কৰা ডিফু-লামডিং পথ৷ সুবিধাজনক কথা এটা আছে যে ইয়াত বহিলে আমাৰ ঘৰৰ আগফাল দেখি৷ ওলোটাকৈ যদি চাওঁ, ঘৰৰ সন্মুখত থিয় দিলেই মাতৃসমা প্ৰথম শিক্ষালয়খন দেখোঁ৷ সদায়ে৷ ইয়াকে লৈ মনে মনে গৰ্ববোধ কৰোঁ৷

৬ বাজি গল৷ ৰূপছিং, হৰেন, প্ৰদীপদা, সত্যে, এটাও আহি পোৱা নাই৷ আহিব চাগৈ নিজৰ নিজৰ ভাগে, নিজৰ নিজৰ সময় আৰু খোজৰ তালত৷ বাট চাই আছোঁ সিহঁতলৈ৷

আমাৰ এই প্ৰভাতী আড্ডাথলীত বিভিন্ন প্ৰসংগই ঠাই পায়৷ চাম্‌চাৰ পৰা ৰাষ্ট্ৰপতিলৈ, জকাইচুকৰ পৰা আমেৰিকালৈ, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা সংসদ ভৱনলৈ, ইত্যাদি ইত্যাদি৷ আজি পিছে কথা-কাণ্ড অলপ বেলেগ৷ আসন গ্ৰহণৰ পাছতে প্ৰণৱে মবাইলটো বাঁওহাতৰ তলুৱাত ললে৷ দৰ্শন ভংগীমা৷ মাত-কথা বন্ধ৷ চাঁত, চাঁত, চাঁত সোঁ তৰ্জনী অবিৰাম চলিছে৷ মন কৰিলোঁ, ইউটিউবত ভিডিঅ এটা উলিয়াই লৈছে৷ এখন য়ামাহা আৰ.এক্স ১৩৫ আৰু এখন হণ্ডা এক্টিভা ৩জি৷ ৩জন যুৱক৷ এটা যাত্ৰা৷

কৌতূহল বাঢ়ি গল মোৰ৷ মনোযোগ আৰু হাওলি চাই থকাৰ উমান পাই দুবাৰ টিকা চোঁচোৰাই প্ৰণৱ কাষ চাপি আহিল৷ হাই ফ্ৰেইণ্ডছ, হেল্ল দোস্তো বুলি কথা আৰম্ভ কৰি এৰা-ধৰাকৈ বিৱৰণী দি দি লৰাকেইজন অগ্ৰসৰ হৈছে৷ ডিফুৰ পৰা মাঞ্জা, মাঞ্জাৰ পৰা ডিলাই পালেগৈ৷ ডিলাই বজাৰৰ পৰা বাঁৱে সোমাল৷ সেইখিনিলৈকে মই জেগাবোৰ চিনি পাওঁ৷ লক্ষ্যস্থান অনুমান কৰি পেলালোঁ৷ লাংৱকুৱেই হব৷

লাংৱকু কি, কত, কিয় বিখ্যাত এই সম্পৰ্কেও মই নজনা নহওঁ৷ তালৈ এতিয়াও কম মানুহ যায়৷ এলেকাটো দুৰ্গম৷ ৰাস্তাৰ অৱস্থা ভাল নহয়৷ এতিয়া ভিডিঅটোতো দেখিলোঁ, জঘন্য৷ ৰাস্তা নোবোলাই ভাল৷ দুচকীয়াৰ বাদে গত্যন্তৰ নাই৷ হ'লেও গৈছে ডেকাহঁত৷ উৎসাহ দেখি ভাল লাগিছে৷ মনে মনে উচ্চাৰণ কৰিছোঁ, ছাবাছ বেটা৷ যিমানে সিহঁতকেইটা দুৰ্গমতাত সোমাই পৰিছে, আৰু ভাল লাগিছে৷ অনুসন্ধিৎসাও বাঢ়ি গৈছে৷ কোনেও একো ডিষ্টাৰ্ব নকৰাকৈ মন-প্ৰাণ সঁপি দি সমাপ্তিৰ লাইক আৰু চাবচক্ৰাইবৰ আহ্বান পৰ্যন্ত আমি তিনিও চালোঁ ভিডিঅটো৷ ৮ মিনিটমান গল৷ নিত্যসংগী অন্যান্যসকল পোৱাহিয়েই নাই৷

কালি ট্ৰেইনত বোকাজানৰ পৰা আহি থাকোঁতে লাংৱকুৰ বিষয়ে ওলাইছিল৷ সেয়ে প্ৰণৱ উত্তেজিত৷ সেয়েহে আজি পুৱাই পুৱাই এই ৰূপ৷ নিজে চোৱাৰ লগতে অন্য এক উদ্দেশ্যও আছে৷ সেয়া হ'ল, বিষয়টো মোৰ নজৰলৈ অনা৷ মোৰ লগত পৰি নতুনকৈ হোৱা এড্‌ভেন্‌চাৰিষ্ট৷ হেঁপাহটো বেছি হবই৷ এবাৰ ডিলাই পৰ্বত, এবাৰ খনবামনছ উঠাই দিলোঁ৷ লতা লাগি গৈছে৷ কত যাওঁ, কি চাওঁ মন৷ পুৱাই পুৱাই লাংৱকুৰ খবৰ লৈ আহিছে আজি৷ এনেকৈ কৈছে যেন মই আগতে শুনাহে নাই!

এইটো ঠিক যে লাংৱকুলৈ নিজে এতিয়াও গৈ পোৱা নাই মই৷ কিন্তু পূৰ্বতে ভ্ৰমি অহা, নিজ চকুৰে চাই অহা বন্ধুস্থানীয় দুই-একৰ মুখৰ পৰা সেই বিষয়ে শুনিছোঁ৷ তথ্যবোৰ বুকুত লৈছোঁ৷ কুমাৰী প্ৰকৃতিৰ দুৰন্ত ৰূপ চাবৰ উদ্দেশ্যে যাম যাম জপ কৰি আছিলোঁ তাহানিৰে পৰাই৷ সুযোগহে মিলা নাছিল৷ ভাগ্যৰবি উদয় হোৱা নাছিল৷ তাতে আকৌ ভিতৰুৱা, দুৰ্গম স্থান৷ যাওঁ বুলিলে লগ পোৱাটো মস্কিল৷ এনেয়ে হ'লে লগ-ভাগ ঢেৰ৷ টেইলৰ-মেড পেকেজ ট্যুৰৰ প্ৰতি আমাৰ আকৌ ঘোৰ অনীহা৷ দিল্লী-মুম্বাই-কলকতা-চেন্নাই৷ টিকট কাটি দিলেও মিছা৷ স্পনছৰ কৰিলেও যোৱাত নাই৷ অৰুণাচললৈ হলে ঠেং দাঙি থাকোঁ৷ গাঁঠিৰ ধন ভাঙি ওলাওঁগৈ কোনোবা অজান-অদেখা৷ কি হ'ল জানো, মানসিকতাটোৱেই এনেকুৱা হৈ পৰিল৷

এই মুহূৰ্ততো, উমি থকা পুৰণি জুইকুৰা বুকুৰ ভিতৰত মুহূৰ্ততে দপ্‌কৈ জ্বলি উঠিল৷ প্ৰণৱৰ আগ্ৰহ আৰু সপ্তাহান্ত সময়ৰ সদ্ব্যৱহাৰ কৰিব লাগিল৷ অৰূপদাও যোগাত্মক৷ যাব লাগে বুলি ৰায় দিছে৷ ঘোঁকট আৰু আজিও মানুহ যাবলৈ ভয় কৰা সিংহাসনলৈ কোন কেতিয়াবাতে যোৱা পিতৃৰ সন্তানতো! স্বভাৱটো তেজত আছে৷ বয়স বাঢ়িলে কি ডাল হল? সেয়ে ভাল লাগে৷

কালি কাণত পৰি অহা তথ্যৰ ভিত্তিত প্ৰণৱে জনালে, মাঞ্জাৰ পৰা ৱকেকআজি হৈ যাব পাৰি৷ থিয়ৈ থিয়ৈ প্ৰশ্ন কেইটামান সুধিলোঁ মই৷ সঠিকভাৱে উত্তৰ দিবলৈ বেচেৰাৰ হাততো সবিশেষ খবৰ নাই৷ আনহাতে, ডিলাই বজাৰৰ পৰা যাব পাৰি বুলি মই জানো৷ হাণ্ড্ৰেড পাৰ্চেণ্ট৷ এই যুৱককেইজনো সেইটো বাটেৰেই গৈছে৷ 'জেগালৈ দূৰত্ব কিমান হব?' উত্তৰ নাই৷ জানিবই লাগে যে পাহাৰৰ ভিতৰুৱা ঠাইৰ দূৰত্ব কিলমিটাৰত নোজোখে, ঘণ্টাৰেহে জোখে৷ 'কেই ঘণ্টা লাগিব?' তাৰো উত্তৰ সদ্যহতে নাই৷ যাত্ৰাবোৰ এনেকুৱাই৷ আৰু এইবোৰেই ভাল লাগে৷ এক কথাত বিৰাট উপভোগ্য৷

ৱিক্‌-এণ্ড এড্‌ভেন্‌চাৰটো কাইলৈ লাংৱকুলৈকে কৰি পেলোৱা যাওক নহলে৷ কৈ চালোঁ৷ কৈয়ে কেৰাহিকৈ চাইছোঁ অৰূপদা আৰু প্ৰণৱৰ ফালে৷ য়েছ-ন কোৱাৰ সুবিধা পোৱাৰ আগতেই আকৌ কলোঁ,মোৰ এজন বন্ধু আছে৷ ডিলাইত ঘৰ৷ চাকৰি ডিফুতে৷ তাক লগ ধৰিব লাগিব আজি৷ মনে মনে ভাবিব লাগিছোঁ, যিমান দূৰলৈকে পাৰি কঢ়িয়াই নিবলৈ অৰূপদাৰ (মানে আমাৰেই আৰু) জীপচি এড্‌ভেন্‌চাৰ এ.এছ.০৯-২৭৫৪টো আছেই৷ তাৰ পাছত দৰকাৰ হলে খোজ লম, বগাম৷ খোজ কাঢ়ি ভাল পোৱা, হাবি-জংঘল মহতিয়াই আগুৱাব পৰা, ওখলৈকে বগাব পৰা দম থকা মানুহৰ চিন্তা কিহৰহে?

মইহে ভাবিছোঁ এইদৰে৷ বাকী দুজনে কি ভাবিছে নাজানিলোঁ৷ কোনো স্থিৰ সিদ্ধান্ত অবিহনেই অলপ পাছতে দিনটোলৈ এৰা-এৰি হলোঁ৷ অৰূপদাই কলে, সন্ধিয়া বাৰোৱাৰীত লগ পাম দিয়া৷ তেতিয়া কথা হম৷ এতিয়া বিদায়৷



নেপথ্যৰ আলাপ-২
(দিনৰ ১১.০০)

প্ৰভাতী-আড্ডাৰ সমাপ্তিত ঘৰ সোমায়ে চিধাই মবাইলটো চুইচ অন্‌ কৰি লৈ লীলাধৰ টেৰণৰ সৈতে যোগাযোগ স্থাপনত লাগি গলোঁ৷ ডিফু চৰকাৰী বালক বিদ্যালয়ত আমি একালত একেলগে পঢ়া৷ ক্লাছ এইটত ডিলাইৰ পৰা ডিফুলৈ আহিছিল লীলাধৰ৷ কলেজো আমাৰ একেখনেই৷ ডিফু চৰকাৰী মহাবিদ্যালয়৷ শাখাহে বেলেগ আছিল৷ লীলাধৰ আৰ্টছত৷ মোৰ আকৌ হাবিয়াহ অভিযন্তা হোৱাৰ!

থাকোঁতে তাৰ দুটাকৈ কণ্টেক্ট নম্বৰ মজুত আছিল৷ দৰকাৰৰ সময়ত দেখোন এটাও নাবাজে৷ ছেঃ, কি হব এতিয়া! দুশ্চিন্তাই ঘেৰি ধৰিলে৷ হলেও কাবু হবলৈ দিয়া নাই৷ বিকল্প চিন্তাত তুৰন্তে লাগি গৈছোঁ৷

ঘৰৰ আগৰ ৰাস্তাটোত ৰৈ থাকিলেই লগ পাই যাম চাগৈ৷ এইফালেদিয়েই যিহেতু লীলাধৰৰ আহ-যাহ চলে, পুৱাতে কিজানিবা পায়ে যাওঁ! স্কুল ডিউটি খতম কৰি ঘূৰি অহাৰ পাছৰে পৰাই লামডিং ৰাস্তাত পায়চাৰি আৰম্ভ৷ চকু বিষাই গৈছে, দৰকাৰী মানুহটোৰ দেখাদেখি নাই৷ ইবাগে-সিবাগে চলাচল কৰি থকা দেখি চিনাকিজনৰ প্ৰশ্ন, ৰাস্তাত কিয়? কি উত্তৰ দিম? গোপন জুইকুৰাৰ খবৰ চবকেতো দিব নোৱাৰি৷ বুজি পাবও লাগিব নহয়৷ কৈ আছোঁ কিবাকিবি, চালে-বেৰে কোবাই৷ সময় উৰি গৈ আছে৷ উচ্‌পিচনিও বাঢ়ি আছে৷ লীলাধৰ নাই৷

বিপৰীত দিশলৈ চাই থাকোঁতেই বজাৰৰ ফালৰ পৰা চকলেটৰঙী আই ২০ এখন আহি প্ৰায় ওচৰেই পালেহি৷ লীলাধৰৰ গাড়ীৰ নম্বৰৰ শেষৰ দুটা সংখ্যা মোৰ মনত আছে৷ ৯৯৷ আগৰকেইটা পাহৰিলোঁ৷ চাপি অহা নম্বৰ প্লেটখনলৈ চাই হয়-নহয় গুণা-গঁথা কৰি থাকোঁতেই বাহনখন মুখৰ আগেৰেই পাৰ হ'ব ধৰিলে৷ ড্ৰাইভিং চিটত সেয়া লীলাধৰ৷ ঠিকেই দেখিছোঁ৷ ছিঃ৷ পায়ো হেৰুৱালোঁ৷ কি কৰোঁ এতিয়া? সৰ্বশক্তি প্ৰয়োগ কৰি চিঞৰ এটা মাৰি পঠিয়াইছিলোঁ৷ নাই, কাম নিসিজিল৷ আইনা বন্ধ৷ দূৰত্ব বাঢ়ি গ'ল৷ শুনিবনো কেনেকৈ? লীলাধৰৰ গাড়ী গৈ থাকিল গৃহাভিমুখে৷ কুশল চালকৰ দৰে দৃষ্টি তাৰ সন্মুখৰ ফালে৷ অৱশেষ, হবলৈ একো নাই৷ ঠোঁট-মুখ চেলেকি ঘৰ সোমালোঁহি৷

চিন্তাৰ চকৰি আকৌ নতুন শক্তিৰে ঘূৰাইছোঁ৷ সবল সিদ্ধান্ত এটা লোৱা হ'ল৷ ফটাফট গাটো ধুই লওঁ৷ ভাত-পানী পাছত হৈ থাকিব৷ মানুহটো আছে যেতিয়া অফিচলৈকে যাওঁগৈ৷ মুঠতে লগ ধৰিবই লাগে৷ যিমান পাৰি সোনকালে৷ লীলাধৰৰ কৰ্মস্থলী জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়টো আমাৰ পৰা বেছি দূৰত নহয়৷ একেৰাহে দৌৰ মাৰিলে ২ মিনিটো নালাগিব৷ ঠিক৷ এইটোৱেই উত্তম পন্থা হ'ব৷

স্কুটীখন লৈ মুহূৰ্ততে যথাস্থানত উপস্থিত৷ অফিচটোৰ দুৱাৰ-খিৰিকীবোৰ খোলা, নৰমনিচহে শূন্য৷ অহাই নাই নেকি কোনো? স্বগতোক্তি এটা আপোনা-আপুনি ওলাই আহিল৷ টেৰণ টেৰণ বুলি আটাহ পাৰি সোমাই গলোঁ৷ কাৰো সঁহাৰি নাই৷ পাছফাল পালোঁগৈ৷ পাছফালে সহ-সঞ্চালকৰ দুমহলীয়া কাৰ্যালয়৷ ওপৰৰ পৰা মাত এষাৰ ভাহি আহিছে৷ কৈছে, 'সুপ্ৰভাত'৷

মূৰ তুলি চালোঁ৷ মই বিচৰাজন নহয়, সেয়া কাংবুৰা ছিংনাৰ৷ প্ৰচাৰ ভাৰতীৰ সাংবাদিক৷ 'সুপ্ৰভাত৷ আপুনি ইয়াত?' 'পেপাৰ পঢ়ি আছোঁ৷ আহক ওপৰলৈ৷' এনেকৈ কোৱাত চিৰি বগাই ওপৰ মহলাৰ বাৰাণ্ডাত ছিংনাৰৰ ওচৰতে বহি ল'লোঁ৷ 'লীলাধৰক লগ পাব লাগে৷ এতিয়াই৷ ফোন মাৰি পোৱা নাই৷ সেয়ে আহিলোঁ৷' ছিংনাৰে ততালিকে বেলেগ নম্বৰ এটাৰে জনাই দিলে 'পুৰণা বন্ধু, জিৰ্প' আহিছে' বুলি৷ 'টেৰণ ডাঙৰীয়া অহাৰ পথত৷ আপোনাক বহিবলৈ কৈছে৷' তাৰ পাছত ফোন সামৰি মোলৈ প্ৰশ্ন, 'উদ্দেশ্য-বিধেয় কিবা?

আমি কথা পাতি থাকোঁতেই সিফালে লীলাধৰৰ আগমন৷ সি এতিয়া অফিচটোৰ বৰবাবু৷ আমাক কোঠাৰ ভিতৰলৈ মাতিলে৷ নিজৰ টেবুলৰ সন্মুখত বহিল৷ মুখামুখিকৈ মই আৰু ছিংনাৰ৷ পাতনি আৰম্ভ কৰি দিলোঁ৷ মন দি শেষ বাক্যটোলৈকে শুনি গ'ল উপস্থিত দুয়োজনে৷ লাংৱকুৰ বিষয়ে শেহতীয়া জ্ঞান বিচাৰি আপোনাৰ ওচৰলৈ আহিছোঁ৷' এইবুলি পুৰণি সহপাঠীলৈ চাই ৰ'লোঁ৷

কাষতে ফুলস্কেপ কাগজৰ খোলা পেকেট এটা৷ তাৰ পৰা লীলাধৰে খচ্‌কৈ পাত এখিলা টানি ললে৷ কলমৰ সাফৰ খুলিলে৷ অংকন আৰম্ভ৷ লগে লগে বুজায়ো গ 'এইখন যমু্না নদী৷ লাংৱকু ইয়াত৷ এইখিনিত ডিলাই...'

মুহূৰ্তৰ বাবে মোৰ মনলৈ আহিল বেংককৰ আৰ.টি.এছ. ইণ্টাৰ ট্ৰেন্সপৰ্ট এণ্ড টুৰ্‌ছ চাৰ্ভিচ কোম্পানী লিমিটেডৰ কাৰ্যালয়ত লগ পোৱা পুৱাদল চান্তাপুন, চমুকৈ নুই নামৰ সপ্ৰতিভ আৰু বন্ধুভাবাপন্ন কনচাল্টেণ্টজনৰ মুখখন৷ 'ফুগেট আৰু পাট্টায়ালৈ বেংককৰ পৰা কেনেকৈ যাম? খৰচ কিমান হ'ব?' উত্তৰত বগা কাগজত আঁকি-বাকি তেৱোঁ বুজাইছিল ভ্ৰমণসংগী ধনছিংদা আৰু মোক, সন্মুখৰ চকীত বহুৱাই৷ সেয়া আজিৰ পৰা প্ৰায় ৮ বছৰৰ আগৰ (২৮.৯.২০১০) কথা৷ ট্যুৰ কনচাল্টেণ্ট নহয় যদিও এতিয়া লীলাধৰেও সাইলাখ তাকেই যেন কৰি গৈছে! এনেকুৱা লাগিছে৷

লাংৱকু সম্বন্ধীয় আলোচনাই প্ৰায় ২০ মিনিট ললে৷ অচিনাকি ঠাইলৈ যাওঁতে স্থানীয় লোক লগত থকাটো বাঞ্ছনীয়ই নহয় অপৰিহাৰ্যও৷ এইটো জানো৷ লগত লৈও যাওঁ৷ অৱধাৰিতভাৱেই প্ৰস্তাৱ এটা উত্থাপন কৰি দিলোঁ৷ আপুনিও ওলাওক আমাৰ লগত৷
কেতিয়া যাব?
কাইলৈ৷
কাইলৈ! ইস্‌, মোৰ আকৌ…’
নিজৰ দুটা অসুবিধাৰ কথা উনুকিয়ালে লীলাধৰে৷ এক. নতুনকৈ সাজি থকা ঘৰটোত ইলেকট্ৰিকেল ৱায়াৰিঙৰ কাম চলিছে৷ 'তাৰ বস্তু আনিবলৈকে অথনি বজাৰলৈ গৈছিলোঁ৷ কাইলৈ দেওবাৰযে৷' মোক ৰাস্তাৰ দাঁতিত ৰৈ চাই থকা দেখিছিল৷ সিও হেনো কিবা এটা ইংগিত দিছিল৷ মইহে নুবুজিলোঁ! দুই. কাইলৈ কাৰবি লামমেত আমেইৰ মিটিং এখন আছে৷

লে কি হব, যিমান যিয়েই থাকক-নাথাকক, জুইৰ শক্তি সৰ্বাধিক৷ এই জুই যাৰ আছে, দৰাচলতে সিহে বুজে৷ লীলাধৰেও হয়তো ফিৰিঙতি কিছুমান বুকুত লৈ আছিল৷ এতিয়া সময়ৰ বতাহজাক বলাত জুইকুৰা জ্বলিব ধৰিলে৷

'একেলগে যাওঁ ব'লক, ভাল লাগিব৷' দুনাই লগ ধৰিলোঁ৷ কোন কোন যাব সুধিলে৷ সম্ভাব্য নামকেইটা জনাই দিলোঁ৷ তাৰ পাছত ক'লে, 'যাবলৈ মোৰো মন আছে৷ চাওঁচোন ৰ'ব, প্ৰব্লেম দুটাইহে অসুবিধাত পেলাইছে৷'

মই মন কৰিলোঁ, লীলাধৰে দোমোজাত কক্‌বকাইছে৷ হলেও যাব নোৱাৰিম বুলিও চাফ চাফ কৈ দিয়া নাই৷ কাগজখনলৈ চাই সি কিবা ভাবি থাকোঁতেই ছিংনাৰৰ ফালে মূৰটো ঘূৰালোঁ৷ আপুনিও ওলাওক আমাৰ সৈতে৷ টেৰণ যাবতো৷

ফোনটো হাতত লৈ লীলাধৰে নম্বৰ এটা ডায়েল কৰিলে৷ কাৰবি ভাষাত আলোচনা চলিছে৷ এবাৰ চকীৰ পৰা উঠি বাহিৰলৈও গল৷ জীপচিৰ কথা ওলাইছে৷ বুজি পাই মই কলোঁ, গাড়ী আছেতো আমাৰ৷ অৰূপদাৰ জীপচি৷ আৰু গাড়ী কিয় লাগিছে? নালাগে, নালাগে৷ হৈ যাব৷

নহয়, ময়ো ডিলাইৰ পৰা জীপচি এখন লৈ লৈছোঁ৷ ৰাস্তা চিনি পোৱা মানুহ লগত ল'ব লাগিব৷ মোৰ কেমেৰাও আছে৷ লৈ ল'ম৷ মিটিংখন বিয়লি ৪টাতহে৷ গতিকে ঘূৰি আহি পাই যাম৷ এইবুলি কৈ লীলাধৰ অলপমান ৰল৷ তাৰ পাছত আকৌ ক'ব ধৰিলে, এনেকুৱা কৰিম দেই, আজি গধূলি মই ডিলাইলৈ গুচি যাম৷ নিশাটো ঘৰত থাকিম৷ কাইলৈ পুৱা সাত, চাৰে সাত বজাত আপোনালোকক ডিলাই চেক গেটত লগ পাম৷ মই তাতে ৰৈ থাকিম৷ আপোনালোক সোনকালে ওলাব৷

মজা৷ আৰু পাই কোনে? ভাল লগ পাই ছিংনাৰেও যাবলৈ আগ্ৰহ প্ৰকাশ কৰিলে৷ লাংৱকুৰ নাম সি শুনিছে, ছবি দেখিছে৷ নিজ চকুৰে দেখা হ'লে আজিলৈ নাই৷ ইফালে সাংবাদিক মানুহ৷ নগৈ গড়গাঁৱৰ বতৰা দিয়া নিষেধ৷ সুধিলে, ৰাতিপুৱা কেইটাত ওলাব লাগিব৷
৫ বজাত৷ Start early, go safely, reach timely. 
ডায়লগ শুনি ছিংনাৰে কিবা এটা চিন্তা কৰি ৰ'ল৷


চিধাই অৰূপদালৈ ফোন লগালোঁ৷ দাদা, মোৰ বন্ধু লীলাধৰ টেৰণক অফিচত লগ ধৰিলোঁ নহয়৷ কাইলৈ আমাৰ যোৱাটো হব দেই৷ কাংবুৰা ছিংনাৰো যাব৷ ডিটেইল গধূলি৷ প্ৰণৱ আৰু প্ৰদীপদাক এতিয়াই কৈ আছোঁ৷



নেপথ্যৰ আলাপ-৩
(সন্ধিয়া ৭.০০)

ডি.আই.পি.আৰ.অ'.ৰ কাৰ্যালয়ত লীলাধৰ টেৰণ আৰু কাংবুৰা ছিংনাৰৰ যোগাত্মক সঁহাৰি পোৱাৰ পাছত উভতি ঘৰ সোমাইছোঁ৷ উইক-এ'ণ্ড এড্‌ভেন্‌চাৰ লাংৱকুলৈ৷ ইয়াকে কেন্দ্ৰ কৰি দেহে-মনে বেলেগ বিধৰ উৎসাহ-আনন্দ-উদ্যম-শিহৰণ৷ ভাত-পানী মাৰ গুলী৷ প্ৰণৱৰ নম্বৰটো শীঘ্ৰে ডায়েল কৰিব লাগে৷ স্কুটীখন থৈয়ে ব্যস্ত হৈ পৰিলোঁ৷ একেবাৰতে ৰিং হল৷ লেনিয়াই নাথাকি ডাইৰেক্ট কৈ দিছোঁ, কাইলৈ ৰাতিপুৱা লাংৱকু দেই৷ কথা ফাইনেল হৈ গল৷ ডিলাই হৈ যাম আমি৷ প্ৰত্যুত্তৰত প্ৰণৱে যি যি সুধিলে সকলো প্ৰশ্নৰে উত্তৰ লগে লগে দি শেষত সময়টো জনাই সকীয়ালোঁ, দেৰি নহয় যাতে দেই৷ ৪ বজাৰ আগতে ঘূৰি আহি পাব লাগিব৷

জংঘল-যাত্ৰাৰ খবৰটো প্ৰদীপদাকো জনোৱা উচিত৷ ২ অক্টোবৰত আমি ৪জন খনবামন পাইছিলোঁগৈ৷ লাংচিথিঙৰ ভেটা চাই আহিছোঁ, যৰ পানী ডিফু চহৰলৈ আজিও নিৰন্তৰ সৰবৰাহ হৈ আছে মধ্যাকৰ্ষণ বলত অন্তৰ্নিহিত কায়দাৰে৷ মই কামলা মাতি দিলোঁ নহয়৷ কাইলৈ ঘৰত বেৰা বন্ধাৰ কাম কৰিব লাগিব৷ গতিকে যাব নোৱাৰিম বুইছ৷ খাৰাংখাচ উত্তৰ প্ৰদীপদাৰ৷ আগতেই কব লাগে৷ হ'বদে, তহঁত যাবি৷ মোৰ নহ'ব এইবাৰ৷ পাছৰ কথাবিলাকত ক'ৰবাত অকণমান যেন দুখবোধ! যোৱাৰ ইচ্ছা আছে, কিন্তু নোৱাৰে৷ কামে বান্ধি পেলালে৷ লীলাধৰে কিন্তু মুহূৰ্ততে মেনেজ কৰি ল'লে৷ এই বন্ধা-এৰাটো মানুহৰ জীৱনৰ অবিচ্ছেদ্য ঘটনা৷ কোনে কেনেকৈ লয়, অনুসন্ধিৎসাৰ জুইশিখা কাৰ কিমান তীব্ৰ, টুকুৰিয়াই নাচালে ধৰা নাযায়৷

দিনটোৰ বাকী সময়খিনি অন্যান্য কামত ব্যস্ত থাকি গধূলি বাৰোৱাৰী অভিমুখে খোজ লৈছোঁ৷ লগত কোনো নাই৷ কৌতূহলৰ পিছ খেদিবলৈ ব্যাকুল হৈ পৰা এনেবোৰ 'আন্তৰিক কৰ্ম'ত সংবেদনহীন, প্ৰাণৰ আহ্বান বুজি নোপোৱা, বাহানাত অাসক্ত তথাকথিত লগ-ভাগবোৰ নথকাই শ্ৰেয়ঃ৷ সত্যসন্ধানী হৃদয়ে এনেবোৰ সময়ত অকলেই আগ বাঢ়িব খোজে, দুৰন্ত গতিৰে৷ বিচাৰে মাত্ৰ মাইণ্ডছেট মিলা, হিচাপৰ সংগীকেইজনক৷ ভ্ৰমণ কৰাটো নিচা বুলি কোৱা হয় যদিও অদ্ভুত নিচা এইবোৰ৷ পাগল বুলিও ক'ব পাৰে কোনোবাই৷ তাকে লৈ বেয়া পোৱা বা তৰ্ক কৰাত নাই৷ দৃষ্টি কেৱল লক্ষ্যপথত৷ চকু দুটাই জাল বন্ধাৰ আগতেই, আঁঠু দুটা অকামিলা হোৱাৰ পূৰ্বেই এনেবোৰ আহ্বানৰ প্ৰতি মনে-প্ৰাণে সঁহাৰি জনাব লাগিব৷ পাছত পস্তাই একো লাভ নাই৷

ভাবি ভাবি পূজা মন্দিৰ কেতিয়ানো পাই গ'লোঁ, ক'বই নোৱাৰিলোঁ৷ ছেক্ৰেটাৰী অৰূপদা জ্যেষ্ঠ আৰু সক্ৰিয় সদস্য কেইজনমানৰ সৈতে কিবা গম্ভীৰ আলোচনাত মগ্ন৷ এজনে টোপোলা খুলি ষঠ পূজাৰ প্ৰসাদ উলিয়াইছে৷ বহাৰ লগে লগে ময়ো পৰম্পৰাগত বিহাৰী খাদ্য গ্ৰহণৰ আহ্বান পালোঁ৷ কাগজ এখন ফালি ঠেকুৱা এটা মেৰিয়াই আগে-ভাগে পকেটত সুমুৱাই লৈছোঁ, সকলোৰে সন্মুখতে৷ এইটো মই ঘৰলৈ লৈ যাম৷ ছোৱালীজনীক দিমগৈ৷ এইবুলি আকৌ এটা তুলিলোঁ৷ এইবাৰহে মুখত৷ অৰূপদা, প্ৰণৱ আৰু মই কাহিলি পুৱাতে সিদিনা পানবাৰীত ষঠ পূজা চাইছিলোঁগৈ৷ মহাপ্ৰসাদ খোৱা নহ'ল৷ শত-সহস্ৰ লোকে ধৰমনলাৰ পানীত নামি সূৰ্য দেৱতাৰ বন্দনা কৰিলে৷ সেই আশীৰ্বাদেৰে শক্তিমন্ত হৈ আছোঁ যেন লাগিছে৷ সেই শক্তিয়ে এইবাৰ আমাক লাংৱ'কু পোৱাবগৈ নিশ্চয়৷

বাৰ্তালাপ আৰু হাঁহি-ধেমালিৰ মাজতে কিছু সময়ৰ পাছত লালচাহ, চিঙৰা, জেলেপি আহিল৷ মন্দিৰৰ কথাৰ মুখনি মৰা হ'ল৷ মোৰ সৈতে অৰূপদাই আৰম্ভ কৰিলে কাইলৈৰ প্ৰস্তুতি সম্পৰ্কীয় আলাপ৷ পুৱাৰ কাহিনীটোও বিতংভাৱে শুনাবলগীয়া হল৷ প্ৰণৱে ফোনতে ঘনে ঘনে যাত্ৰাৰ গম-গতি লৈ আছে৷ নতুন এড্‌ভেন্‌চাৰিষ্টতো! মন ইচাট্‌-বিচাট্‌৷ ঘৰত কৈছেনে নাই নাজানো৷ আমাৰ বাৰু সেইবোৰ টনা-আঁজোৰাই কেতিয়াবাই হাৰ মানিলে৷ ছাল খহটা হ'ল, কাণ গধুহ হ'ল৷ চকুৰ আগত কেৱল লাংৱ'কু৷

মানুহ মুঠতে কেইটা হলোঁ?
মানুহ বোলোঁতে আমি তিনিটা৷ প্ৰদীপদা নাযায়৷ ঘৰত কিবা বেৰা বন্ধাৰ কাম আছে হেনো৷ সিফালে টেৰণ আৰু ছিংনাৰ৷ টেৰণৰ লগত ডিলাইৰ পৰা আৰু কোনোবা থাকিব পাৰে৷ কেইজন নাজানো৷'
'প্ৰদীপ নাযায়? সি বুঢ়া হ'ল তাৰমানে?' অৰূপদাই চিৎকাৰ কৰি উঠিল৷ প্ৰদীপদা আৰু অৰূপদা সহপাঠী আছিল৷
'যুৱ, মানে Be young হৈ থাকিবলৈ যি উৎসুক সিহে দলত থাকিব৷ যি নাই নাই৷ বাদ দিয়ক আৰু৷' কথাৰ গূঢ়াৰ্থ বুজি পাই অৰূপদাই হাঃ হাঃকৈ হাঁহিলে৷
আচ্ছা, বজাৰ কি কি কৰিব লাগিব?'
'কি কৰিলে ভাল হ'ব বাৰু?'
কি লৈ যাম, কি কিনো-নিকিনো এই লৈ কিছুপৰ গম্ভীৰ চিন্তা-চৰ্চা চলিল৷ মানুহৰ হিচাপেই পৰিষ্কাৰ নহয়চোন৷ শেষত একোৱেই নিকিনিলোঁ৷
বাদ দিয়া, যি কৰিম কাইলৈ ডিলাইত কৰিম৷ এতিয়া যাওঁ বলা৷’ এইবুলি মোক উঠাই লৈ অৰূপদাই চুইফ্‌ট ডিজায়াৰখন ঘৰত থলেহি৷ দুয়ো আকৌ ওলাই আহিলোঁ মাৰুতি এড্‌ভেন্‌চাৰ্‌খন লৈ৷ গাড়ীত এতিয়াই তেল ভৰাই থব লাগিব৷ বাকী একো চাবলৈ-চিতিবলৈ নাই৷ ইঞ্জিন চলি থাকিলেই হল৷ চকা ঘূৰি থাকিলেই হ'ল৷

কাইলৈ পিছবেলা মোৰ এটা কাম আছেহে৷ সোনকালে উভতি আহিব লাগিব৷ ৩ বজামানত আহি পালেও হব৷ পৰা যাবনে?' হঠাৎ অৰূপদা গম্ভীৰ হৈ পৰিল৷
পাই যাব৷ লীলাধৰৰো ৪ বজাত মিটিং আছে বোলে৷ পুৱা সোনকালে গলে, তাত ভাত ৰান্ধি খোৱাৰ প্ৰগ্ৰাম নাই যেতিয়া, লাংৱ'কু চাই-চিতি নিশ্চয় পাই যামহি ডিফু৷'
'ভাত ক'ত খাম?'
'নাজানো৷'
'এ' হৈ যাব৷ ৰাতিপুৱা ডিলাইত পৰঠা খাই যাম৷ এসাজ নাখালে কোনো নমৰে দিয়া৷ ভাত খাবই লাগিব বুলি কিবা লিখা আছে নেকি ক'ৰবাত?'

জীপচি আহি তেল ডিপত সোমাল৷ চিনাকি কৰ্মচাৰীজনে টেংকিত তেল ভৰাই আছে৷ মনতে ভাবিছোঁ, অৰূপদাই অকলেনো কিয় সমুদায় খৰচ বহন কৰিব লাগিছে? সহায় অলপ কৰোঁ৷ ক'লোঁহে৷ এটকাও নললে৷ থৈ দিয়াহে' তোমাৰ পইচাকেইটা৷ কেই টকাৰনো তেল পুৰিবহে'? বুলি দমহে দিলে৷ আগচিটত চুপ-চাপ বহি থাকিলোঁ৷


মোক ঘৰৰ আগত নমাই দি অৰূপদাই গাড়ীখন ঘূৰাইছে৷ ৰাতিপুৱা আপুনি আহিব নালাগে, আমিয়ে যাম সেইখিনিলৈ৷ আপোনাৰ তাৰ পৰাই ফ্লেগ্‌ অফ্‌ হব দেই৷ চিঞৰি দিলোঁ এনেকৈ৷ বাক্যকেইটা শেষেই নহল৷ ভোঁ-ভোঁকৈ গাড়ী আগ বাঢ়িলেই৷ 



১৮.১১.২০১৮, দেওবাৰ
(ক. ডিলাই অভিমুখে)

কাউৰীয়ে কা কৰাৰ আগৰে পৰাই ঘৰৰ সন্মুখত থিয়দঙা দি আছোঁ, কাংবুৰা ছিংনাৰ আহিয়ে পোৱা নাই৷ ৫ বাজি পাৰ হ'ল৷ ফোনটোৰ চুইচ অন্‌ কৰি ললোঁ৷ সুপ্ৰভাত সাজি-কাচি ওলাই আহি আছোঁ৷ এইবুলি কলে৷ বাঃ, পুৱাই পুৱাই মাতষাৰত দেখিছোঁ বেচ জোৰ! তাৰ মানে শোৱাপাটী কেতিয়াবাতে, ৪টা মানতে এৰা হল চাগৈ৷ তাৎক্ষণিক প্ৰতিক্ৰিয়া স্বৰূপে মনটো মোৰ পুলকিত হৈ উঠিল৷

গুৰুত্বপূৰ্ণ দিন এটাৰ আৰম্ভণিতে সুখী সুখী ভাবনাৰে অৰূপদা আৰু প্ৰণৱকো একোবাৰ ৰিমাইণ্ডাৰ দি দিলোঁ৷ তেওঁলোকো উঠিল ইতিমধ্যে৷ লীলাধৰকহে কালি গধূলিৰে পৰাই একেলেথাৰিয়ে বহুত চেষ্টা কৰিও যোগাযোগ কৰিব পৰা নাই৷ মানুহটো গলনে নাই নাজানিলোঁ৷ ডিলাই পোৱাগৈৰ কথা আছিল৷ নিশা তাত থকাৰ সিদ্ধান্ত আছিল৷ পুৱা ডিলাই গেটত আমাৰ কাৰণে ৰৈ থকাৰ চুক্তি আছিল৷ যাব পাৰিলেনে নাই, যথাসময়ত যথাস্থানত সাক্ষাৎ পামগৈনে নাই, একো নাজানো৷ সম্পূৰ্ণ অনিশ্চয়তা৷

মিনিটৰ পাছত মিনিট নীৰৱে বাগৰি গৈ আছে৷ অথনিতেই 'আহি আছোঁ' বুলি কোৱা ছিংনাৰৰ টিকনিকেচোন দেখিবলৈ নোলোৱা হল! ইয়াক আকৌ কিহে পালে, ইমান দেৰি কৰিছে! এনেকৈ দেৰি কৰি থাকিলে একদম ভাল নালাগে৷ লামডিং ৰডলৈ চাই চাই আমনি লাগি গৈছে৷ ৰাক্‌চেক্‌টো এবাৰ পিঠিত লওঁ, এবাৰ নমাওঁ৷ বুকুত সূচনা হৈছে কাকো বুজাব নোৱাৰা এক ধৰণৰ ধৰ্‌ফৰণি৷

৫.৩০৷ আকৌ এবাৰ ফোন লগালোঁ৷ পাই গ'লোঁ দাদা৷ আপোনাক ৰৈ থকা দেখা পাই আছোঁ৷ ৰাস্তালৈ চাওক৷ ছিংনাৰ আহি থকাৰ ফালে মূৰটো ঘূৰালোঁ৷ ১০০ মিটাৰমান আঁতৰত ছায়ামূৰ্তি এটা৷ হয়, কাংবুৰা ছিংনাৰেই৷ খোজত ধৰিব পাৰি৷ ২ মিনিটতে কাষ পালেহি৷ পিঠিত ৰাক্‌চেক্‌ এটা৷ ডিঙিত কেমেৰা৷ ফিট্‌-ফাট্‌৷

কালবিলম্ব নকৰি লগে লগেই স্থান ত্যাগ দুয়োৰে৷ এতিয়া থানা ৰডেদি বাট বুলি অৰূপদাৰ ঘৰ পাবগৈ লাগিব৷ ৰৈয়ে আছে চাগৈ৷ ৰাস্তাটোৰে অলপ দূৰ নামি গৈছোঁ, হঠাতে চিনাকি মুখ এখনৰ আৱিৰ্ভাব৷ হৰেন তেৰাং৷ আপোনালোক কত যায় দাদা? লাংৱকু৷ লাংৱ'কু! ইস, মোৰো যাবলৈ মন গৈছে অ' দাদা লক, এতিয়াও সুযোগ আছে৷ আপোনাৰ ঘৰ সৌটোহে, দৌৰ মাৰি জনাই আহকগৈ যাওক৷ দুৰ্ভাগ্য, কালি আপোনাক বহুত বিচাৰিও নাপালোঁ৷ এতিয়া গ'লে ব'লক৷

ইচ্ছাৰ তীব্ৰতা তেওঁৰ আছিল৷ টনাটনিও চলিল৷ পিছে কি হ'ব? শালপতি অহাৰ কথা আছে হেনো৷ গতিকে যোৱা নহ'ব৷ 'আবেলি আহি পাই যামতো৷' আকৌ এবাৰ জোৰ দি চালোঁ৷ নাই, কাম নাই৷ আপোনালোক গৈ আহক৷ বুজিলোঁ, শালপতিৰ আঠাই তেৰাঙক নেৰিছে৷ 'থাকক তেনেহ'লে৷ গৈ থাকোঁ আমি৷'

তেৰাঙক এৰি ছিংনাৰ আৰু মই বীৰদৰ্পে অগ্ৰসৰ হৈছোঁ৷ থানাৰ সন্মুখেৰে যাওঁতে খোজ কাঢ়ি ঘৰলৈ উভতা চিনাকি দুই-একৰ সম্ভাষণসূচক মাত পালোঁ৷ অৰূপদাৰ ঘৰৰ সমীপ পাওঁতেই দেখা গল, পিঠিত ৰাক্‌চেক লৈ বিপৰীত দিশৰ পৰা প্ৰণৱ আহি আছে৷ বেগত কি কি আছে? দৰৱ-পাতিবোৰ লোৱা হৈছেনে? গাঁৱৰ মানুহৰ মাজত বিলাবলৈ হ'লে আটিব লাগিব দেই৷ গামোচা লোৱা হৈছেনে বাৰু? নৈ পাৰ হব লাগিব কিন্তু৷ পোনেই সন্মুখীন উপৰ্যুপৰি প্ৰশ্নৰ৷

প্ৰণৱেই অৰূপদালৈ ফোন লগালে৷ তাতে থাকা৷ এই আহি পালোঁ মই৷ শিক্ষক কলনীলৈ উঠি যোৱা ৰাস্তাটোৰে ওপৰ ফালৰ পৰা বগা জীপচিখন চৰ-চৰকৈ ধীৰে-সুস্থিৰে নামি আহিছে৷ কাউবয় টুপীৰে ড্ৰাইভিং চিটত অৰূপদা৷ দলটোৰ বৰ্ষীয়ান এড্‌ভেন্‌চাৰিষ্ট৷

গাড়ীখনৰ ভিতৰভাগ, বিশেষকৈ পাছফালটো ধূলিময় হৈ আছে৷ চাফা কৰি ৰখাৰ নিয়ম নাই৷ ঘৰৰ সন্মুখলৈ নি মালিকজনে মচা কাপোৰ আনিলেগৈ৷ সন্মিলিত প্ৰচেষ্টাত এফালৰ পৰা কোবাই কোবাই খৰধৰকৈ প্ৰথমে চাফাই কৰ্ম চলিল৷ এতিয়া তৈয়াৰ, এ.এছ.০৯-২৭৫৪, আমাৰ মাৰুতি এড্‌ভেন্‌চাৰ্‌৷ ছিংনাৰক জোৰ-জবস্তি আগচিটত বহুৱালোঁ৷ মই আৰু প্ৰণৱ পাছত৷ গাড়ী ঘূৰাই ল'লে অৰূপদাই৷ তৎমুহূৰ্ততে যাত্ৰা আৰম্ভ হৈ গল, ডিলাই অভিমুখে৷ ঘড়ীত সময় পুৱা ৬.০০৷



খ. পাই গলোঁ লীলাধৰক

ডিফু-মাঞ্জা ১৬ কিলমিটাৰ৷ মাঞ্জা-ডিলাই ১৭৷ ডিফুৰ পৰা আহি মাঞ্জা তিনিআলিত আমি উঠা ৰাস্তাটোৰ নামষাৰ ৰৈ-বৈ যোৱা৷ এক কথাত সমগ্ৰ ৰাষ্ট্ৰই জানে৷ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ৷ নগাঁও-ডবকা-ডিমাপুৰ৷ ৰাষ্ট্ৰীয় সম্পদ, ৰাষ্ট্ৰীয় যোগাযোগ ব্যৱস্থা৷ সম্প্ৰতি ভ্ৰমি থকা এইছোৱাত অৱস্থাহে পিছে একো চমকপ্ৰদ নহয়৷ গাঁতে-খালে উপচি পৰাত থেকেচি থেকেচি চলি থাকে দৈনন্দিনৰ অহা-যোৱা৷ বৰ বিলৈ হয় মানুহবোৰৰ৷ যাত্ৰী মাত্ৰেই বকি-জঁকি যায় কনট্ৰেকটৰ, ইঞ্জিনিয়াৰ, বিভাগীয় কৰ্তৃপক্ষ, শেষত চৰকাৰক৷ লাভ একোটো নাই৷ বৰং নিজৰহে শক্তিক্ষয়৷ সৰ্বোপৰি, মস্তিষ্ক অযথা উত্তপ্ত কৰা হয়৷ ৰাজমাৰ্গ মুঠতে ভাগি শেষ৷ আৰু কিমান ভাগিলে সাজিব জানো! কব নোৱাৰোঁ৷ অন্ততঃ জীপচিৰে যাত্ৰা কৰি থকা আমি ৪ যাত্ৰীয়ে উত্তৰ হ'লে দিব নোৱাৰিম৷ কাংবুৰা ছিংনাৰ, হব পাৰে প্ৰচাৰ ভাৰতীৰ 'ফেৰাংকে' অৰ্থাৎ সাংবাদিক, হ'ব পাৰে স্থানীয় নিউজ চেনেলৰ 'চীফ এডিটৰ' মানে শীৰ্ষ সম্পাদক, তেওঁৰ হাততো আশাব্যঞ্জক তথ্য নাই৷

উপায় দিব কোনে? লেথাৰি নিছিগা থেকেচনি উপভোগ(!) কৰি গৈ আছোঁ আটাইকেইটা৷ অৰূপদাই কাটি-কুটি নি আছে৷ কোনো কোনো জেগাত এনেকুৱা যে গাড়ীখন ৰখাই ভাবিব লগা হৈছে, কোনফালেদি আগ বাঢ়োঁ? মাননীয় গড়কাপ্তানি মন্ত্ৰী এজনাৰ সুশ্ৰী মুখমণ্ডল আৰু প্ৰতিশ্ৰুতিৰ ফুলজাৰিবোৰলৈ মনত পৰি যায়৷ স্ৰষ্টা-দ্ৰষ্টা, চাওঁতা-চিন্তোতা, এই মুলুকত যেন কোনো নাই! চব অকৰ্মণ্য৷ কেৱল লেকাম নথকা মুখখনহে৷ এনেকৈয়ে মাজে মাজে উত্তেজিত হৈ, সমালোচনা-গোৱাল গালিৰে নেদেখা কাৰোবাক থকা-সৰকা কৰি, আকৌ নিজকে-নিজে বুজাই-বঢ়াই, 'একো লাভ নাই' বুলি অন্য কথাৰে সেইসোপা তল পেলাই, হালি-জালি, হাঁহি-চিৎকাৰেৰে ওলালোঁহি ডিলাই গেট তিনিআলি৷ অকণমান স্বস্তি৷

৭ বাজি ১০ মিনিট পাৰ হল৷ সেউজীয়া বৰ্ডত বগা আখৰেৰে দূৰত্বৰ হিচাপ লেখা ওখ গেট এখন পাৰ হৈ আহিছোঁ৷ কেইনলমান মাত্ৰ৷ সৌৱা চেক গেট৷ লীলাধৰ ইয়াতে ৰৈ থকাৰ কথা আছিল৷ কালি নাপালোঁ যদিও অথনি ডিফু এৰাৰ পাছতে ভাগ্যক্ৰমে ফোনত এবাৰ পাইছিলোঁ৷ চিনাকি চেহেৰাটো কোনপিনে দেখিম বাৰু? চকুকেইটাই টিপ নমৰাকৈ বিচৰাত লাগি গল৷ লীলাধৰ আমাৰ মূল মানুহ৷ সি নহলে আজিৰ সমস্ত আশা আৰু শ্ৰম নিৰ্ঘাত পণ্ড হ'ব৷

তিনিআলিৰ পৰা বাঁওহাতে পাক লৈ সোমাই যোৱা সৰিয়হজানমুৱা গড়কাপ্তানি আলিটোৰে আমি যাব লাগিব৷ পোনে পোনে গৈ থাকিলে ডিমাপুৰ পামগৈ৷ সৰিয়হজানলৈ যোৱা ৰাস্তাটো বহুত দিনৰ মূৰত দেখা পালোঁ আজি৷ ভাল লাগিছে৷ নতুনকৈ সাজিলে৷ কিচ্‌কিচিয়া কলা বৰণ৷ গৈ মজা লাগিব কিন্তু৷ হলে কি হব, আমি বেছি দূৰ যাবলৈ নাপাম৷

গাড়ীখন বাঁৱে ঘূৰিল৷ সোঁহাতে হোটেল এখন৷ তাতে আমালৈ অপেক্ষাৰত অৱস্থাত লীলাধৰক দেখা পাই গলোঁ৷ কালি যোগাযোগ নাইকিয়া হ'ল কি হ'ল? যেনে বচন তেনে কৰম৷ ৰাস্তাৰ দাঁতিত তাৰ আই ২০খন৷ কাষতে হাৰ্ড-টপ জীপচি এখনো ৰৈ আছে৷ বুজিলোঁ, সেইখন লীলাধৰে বন্দৱস্ত কৰাখনেই হ'ব৷ কালি ফোনত কথা পতা শুনি আছিলোঁ৷ নালাগে বুলিছিলোঁ যদিও সি নুশুনিলে৷ উদ্যম মানিছোঁ৷ এনেকুৱা উদ্যমক চেলুট দিওঁ৷

অৰূপদাই যথাস্থানত ব্ৰেক মাৰিবলৈহে পালে, জাঁপ পাৰি পাছফালৰ পৰা ওলাই ডিলাইৰ মাটিত থিয় দিলোঁ৷ লীলাধৰক মাতষাৰ দিয়েই 'আহি আছোঁ' বুলি কৈ নতুন ৰাস্তাটোৰে আগলৈ দৌৰিব ধৰিলোঁ৷ দূৰৰ পৰা ডিলাইৰ দৃশ্য এটা কেমেৰাত বন্দী কৰাৰ মতলব৷ ভৌগোলিকভাৱে কাৰবি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত এইখন এখন পুৰণি উন্নত ঠাই৷ অসম বিধান সভাৰ ১৭-বোকাজান (অ.জ.) সমষ্টি আৰু পৰিষদৰ ২১-বৰজান সমষ্টিৰ অন্তৰ্ভুক্ত৷ ৰাজহ চক্ৰ ডিফু, উন্নয়ন খণ্ড লুম্বাজং, মৌজা বৰজান-২৷ ইয়াত ১৯৪৯ চনতে স্থাপিত চৰকাৰী মজলীয়া বিদ্যালয় আছে৷ তদুপৰি আছে প্ৰাদেশীকৃত উচ্চ ইংৰাজী বিদ্যালয়, আৰক্ষী চকী, ৰাজ্যিক চিকিৎসালয়, ডাকঘৰ, বন বিভাগৰ বিট অফিছ, কঁপাহ উন্নয়ন ফাৰ্ম, ভূমি সংৰক্ষণ আৰু গড়কাপ্তানি বিভাগৰ একোটাকৈ পৰিদৰ্শন বাংলা, খেলপথাৰ আদি৷ প্ৰতি শুক্ৰবাৰে ডাঙৰ সাপ্তাহিক বজাৰ এখনো বহে৷ তালৈ পাহাৰৰ পৰা কাৰবি, কুকি মানুহবোৰ নামি আহে৷ অন্য জাতি-জনগোষ্ঠীৰ মানুহবিলাকো থূপ খায়৷ যেন এক সমন্বয়ৰ থলী৷

ডিলাই পৰ্বত চূণশিলৰ বাবে বিখ্যাত৷ চিমেণ্ট কৰ্পৰেচন অফ্‌ ইণ্ডিয়াৰ বোকাজান চিমেণ্ট ফেক্টৰীলৈ সেই চূণা পৰ্বতৰ পৰাই চূণশিল সৰৱৰাহ কৰা হয়৷ প্ৰণৱ আৰু মই ডিফুৰ পৰা স্কুটী লৈ ২০১৬ৰ ২৯ অক্টোবৰত এবাৰ গৈছিলোঁ, ডিলাই পৰ্বত লাইমষ্টন মাইন্‌ছ দৰ্শন কৰিবলৈ৷ ৪ কিল'মিটাৰ আগলৈ গৈ জিৰ' পইণ্টৰ পৰা বাঁওফালে সোমাই যাব লাগে৷

লীলাধৰৰ ঘৰটো ডিলাইৰ ৰংথাৰৱেত৷ কাৰবি ভাষাত 'ৰং' মানে গাঁও, 'থাৰৱে'' মানে আম৷ আপোনাৰ ঘৰ কোনফালে বুলি সোধাত সেই ঠাই আমি বাটত ইতিমধ্যে পাৰ হৈ আহিছোঁ বুলি কলে৷ এইফালৰ পৰা গ'লে ডিলাই নৌপাওঁতেই, ১.৫ কিল'মিটাৰমান আগত, হাইৱে এৰি সোঁহাতে ৩০০ মিটাৰমান ভিতৰত সিহঁতৰ গাঁওখনৰ অৱস্থিতি৷ আজিৰ তাৰিখত ভাবিব নোৱাৰা এনেহেন ভিতৰুৱা অঞ্চলৰ পৰা একালত ওলাই গৈ মোৰ এজন পুৰণা সহপাঠীয়ে জীৱনত উদ্গতি কৰিছে৷ ভাল লাগিল ভাবি৷

অসম-নাগালেণ্ড ৰাজ্যিক সীমান্তলৈ ডিলাই তিনিআলিৰ পৰা প্ৰায় ১৭-১৮ কিল'মিটাৰ হ'ব৷ আমি যোৰহাটৰ পাৱেটত পঢ়ি থকা কালত অসম ৰাজ্যিক পৰিৱহণ নিগমৰ ডিফু-যোৰহাট দৈনিক সেৱাৰ ৰঙা বাছখনৰ সেইফালেৰেই আহ-যাহ হৈছিল৷ ডিলাই-সৰিয়হজান ৰাস্তাটোৰেও জীৱনত সংখ্যাতীতবাৰ অহা-যোৱা কৰিছোঁ৷ সেয়ে দৃশ্যপটবোৰ কম-বেছি পৰিমাণে চিনাকি৷ আজি পিছে কেতিয়াও নোযোৱা ৰাস্তা এটাৰেহে যাব লাগিব আমি৷ অলপ পাছত সেই ৰাস্তাৰ আৰম্ভণি মূৰটোত উপস্থিত হম৷ তাকে লৈ উৎকণ্ঠাৰ অন্ত নাইকিয়া হৈছে৷ সেইফালে কি কি আছে, কি কি দেখিম, নাজানো৷ একেবাৰে শেষত লাংৱ্'কু আছে বুলি জানো৷

কোনেও ঘৰত একো খাই-বৈ অহা নাই৷ ভোক বাৰুকৈয়ে লাগিছে৷ লীলাধৰৰ মধ্যস্থতাত হোটেলখনত গৰম গৰম পৰঠা আৰু চাহ খাই লোৱা হল৷ খাই থাকোঁতেই মোৰ কাষত লীলাধৰৰ সৈতে বেঞ্চত একেলগে বহি থকা অৱস্থাত দেখা পালোঁ পৰিচিত মুখৰ মানুহ এজন৷ ডিলাইৰ এই লোকজনক আগতে মই ডিফুত লগ পাইছোঁ৷ নামো জানো৷ জুলিৰাম তিমুং৷ তাৰ মানে তিমুঙক লগত লৈছে লীলাধৰে৷ তেওঁ লাংৱকুৰ ৰাস্তা চিনি পায়৷ সম্ভাষণ বিনিময়ৰ পাছতে যাওঁতে কিমান সময় লাগিব বুলি সোধাত গাড়ীৰে এঘণ্টামান যাব লাগিব বুলি জনালে৷ কিলমিটাৰৰ হিচাপ ক'ব নোৱাৰিলে৷

মুঠে-মাঠে কিমান হল আমাৰ? সুধিছিলোঁহে, লীলাধৰে লগে লগে চিঞৰি উঠিল, নালাগে দিব৷ আপোনালোক আমাৰ আলহীহে৷ অগত্যা কাষৰ দোকানখনৰ পৰা পাছত ভোক লাগিলে খাবলৈ বিস্কুট আৰু চকলেট কেইপেকেটমানকে কিনি ললোঁ৷ চকলেট এটুকুৰা মুখত থাকিলে খোজ কাঢ়িবলৈ বা বগাবলৈ ভাল৷ প্ৰণৱে পানীৰ বটল ললে৷ লাংৱকুত ভাত ৰান্ধি খোৱা নহব৷ লাংচিথিঙৰ দৰে চুঙাত সিজাই খাবলৈ মন আছিল৷ কিন্তু সময়ৰ টনাটনি৷ গতিকে বজাৰ-সমাৰো নিষ্প্ৰয়োজন৷ অফ্‌-ৰড ড্ৰাইভিং, ৰিভাৰ ক্ৰচিং, ট্ৰেকিং আৰু হিল ক্লাইম্বিংহে আজিৰ মুখ্য আকৰ্ষণ৷ বুলিব পাৰি এটা ইক-এড্‌ভেন্‌চাৰ৷



গ. লাংৱকু ৰ'ডেৰে

লীলাধৰে আই ২০খন ডিলাই বজাৰ তিনিআলিত এৰি থৈ যাব৷ ৭.৩০ত চে'ক গেট তিনিআলিৰ নামবিহীন হোটেলখনৰ সন্মুখৰ পৰা ৩খন গাড়ীয়ে শাৰী পাতি গতি আৰম্ভ কৰিলে৷ এ.এছ.০৯ ৭৯৬৫ নম্বৰৰ বগা জীপচিখনত জুলিৰাম তিমুং আৰু কাংবুৰা ছিংনাৰ৷ চালক কণ্টক ইংতি৷ চাহ খাই থাকোঁতেই স্থানীয় ডেকাজনৰ সৈতে পৰিচয় হৈ লৈছিলোঁ৷ আমাৰখনত অৰূপদা, প্ৰণৱ আৰু মই৷ ছিংনাৰ স্বেচ্ছাই সিখনলৈ যোৱাত মই আগত বহিবলৈ পালোঁ৷ হাতত কেমেৰা৷ বুকুত উৎকণ্ঠা৷

অকণমান গৈয়ে ডিলাই নৈৰ দলং অতিক্ৰম কৰি মুহূৰ্ততে কনভয়টো বজাৰ তিনিআলিত উপস্থিত হ'ল৷ পোনে পোনে হিদিপি আদিলৈ৷ সৰিয়হজানত এই ৰাস্তাটো মণিপুৰ ৰাজ্যৰ অন্তৰ্গত সুদূৰ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী ম'ৰেত আৰম্ভ হৈ ইম্ফল, ক'হিমা, ডিমাপুৰ হৈ নুমলীগড় চুই থকা ৩৯ নং ৰাষ্ট্ৰীয় মাৰ্গত একাকাৰ হৈছে৷ বাঁওহাতে গ'লে চিলনীজান, ৰঙাজান আদি৷ সোঁফালে ঘূৰিলে শুকানজান, বোকাজান ইত্যাদি৷

আমি পাৰ হৈ অহা নাতিবৃহৎ ডিলাই নৈখন কাৰবি আংলং জিলাৰ অন্যতম গুৰুত্বপূৰ্ণ নদী যমুনাৰ এখন উপনৈ৷ কিতাপত পোৱামতে ইয়াৰ উৎপত্তি ডিফু মহকুমাৰ প্ৰায় মধ্যাংশৰ ডাম্বুকছৰ দক্ষিণ-পূবৰ বোম্‌লি নামৰ ঠাইত৷ উৎসৰ পৰা নৈখন দক্ষিণ দিশত ৬ কিলমিটাৰ আহি হিংবুং পায়৷ তাৰ পৰা পূবমুৱাকৈ ৪ কিলমিটাৰ বৈ ছাইজঙৰ ওচৰত দক্ষিণমুৱা হৈছে৷ এনেকৈ ১.৫ কিলমিটাৰ আহি জিলাংছ আৰু আন কেইবাখনো সৰু জানক লগত লৈ আৰু ৫ কিলমিটাৰ আহি হিদিপি বজাৰ পাইছে৷ তাৰ পৰা ২ কিলমিটাৰ আহি ছাৰ্থে ইংলেং গাঁৱৰ কাষেৰে দক্ষিণ-পশ্চিমমুৱাকৈ ৩ কিলমিটাৰ বৈ আহিছে৷ ফুলক ইনগুৰ ওচৰত হাতাকাজান আৰু অকেহাই নামৰ নৈ দুখন ক্ৰমে বাঁওপাৰে আৰু সোঁপাৰে লগত লৈছে৷ তাৰ পৰা ৩ কিলমিটাৰ ভটিয়াই ডিলাই পাইছেহি৷ টিনজান নামৰ ডাঙৰ জান এটা ডিলাইতে নৈখনৰ বাঁওপাৰে পৰিছে৷ ডিলাইৰ পৰা নৈখন পশ্চিমমুৱা হৈ ১ কিলমিটাৰ গৈ বাঁওপাৰে ফেফেৰনদিছা আৰু আন সৰু জান কেইটামানক লগত লৈছে৷ তাৰ পৰা ২ কিলমিটাৰ গৈ কয়লাজানক সোঁপাৰে লৈছে৷ তাৰ পৰা ১.৫ কিলমিটাৰ গৈ মন তেৰাং গাঁৱৰ কাষত ৩৬ নং ৰাষ্ট্ৰীয় ৰাজমাৰ্গৰ কাষ চাপে৷ সেইখিনিতে আগুৰি নৈক বাঁওপাৰে লৈ উত্তৰ-পশ্চিমমুৱা হয়৷ ইয়াৰ পাছৰ পৰা ১ কিলমিটাৰ দূৰত্বৰ ব্যৱধানত ক্ৰমে খিল্লা নৈ, কিদিমথিবা নৈ আৰু থাপিয়া নৈ আহি ডিলাই নৈৰ সোঁপাৰে পৰে৷ পাছত নৈখন ২ কিলমিটাৰ ভটিয়াই আমলখিৰ পূবত হাফজানক বাঁওপাৰে লগত লৈছে৷ তাৰ পৰা আৰু ১ কিলমিটাৰ ভটিয়াই আমলখিৰ ওচৰত আমলখি নৈক বাঁওপাৰে লৈছে৷ আমলখিৰ পৰা নৈখন ৩ কিলমিটাৰ আহি ভাঁজদিছাক সোঁপাৰে লৈ আৰু ১ কিলমিটাৰ ভটিয়াই মাঞ্জাৰ পৰা ২ কিলমিটাৰ পূবে যমুনা নৈৰ বাঁওপাৰে পৰিছে৷

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গ্ৰেটাৰ ডিফু ৱাটাৰ চাপ্লাই স্কিমৰ মাঞ্জাস্থিত ইনটেক প্লাণ্টটো চাবলৈ আহোঁতে ডিলাই আৰু যমুনাৰ সংগমস্থলী মই দেখিছোঁ৷ এয়া সৌ-সিদিনা অৰ্থাৎ ১৩ নৱেম্বৰৰ কথা মাত্ৰ৷ সংগমস্থলৰ পৰা কেইমিটাৰমান আগত অৱস্থিত ৰংফাৰ গাঁৱত হাই প্ৰেচাৰ পাম্প হাউচ আছে৷ তাৰ পৰা উঠোৱা পানী প্ৰায় ১ কিল'মিটাৰ দূৰত্বত নেছনেল হাইৱে'ৰ কাষত সজা চেটেলমেণ্ট টেংক, ৰিজাৰ্ভাৰ টেংকত মজুত কৰা হয়৷ তাৰ পৰাই ১৮ ইঞ্চি ব্যাসৰ চি.আই. পাইপেৰে ডিফুলৈ যোগান ধৰি অহা হৈছে৷ পি.এইচ.ই.ৰ থাংগা ফাইহৰিয়েম নামৰ কৰ্মচাৰীজনে সকলোখিনি ধুনীয়াকৈ বুজাই দিছিল মোক৷ কি আচৰিত, ৫ দিনৰ ব্যৱধানত আজি ডিলাই নৈখন পাৰ হোৱাৰ সৌভাগ্য৷ যমুনাখনৰ আগলি অংশও দেখিমগৈ৷ পাৰো হ'ব লাগিব৷ এই কথা কালি লীলাধৰে অফিছত আঁকি-বাকি বুজাই দিছিল৷ গামোচা এখন ল'বলৈ কৈছিল৷ গামোচাৰ লগতে কাগজখনো মই লগত লৈ আহিছোঁ৷ মাঞ্জাৰ পৰা যমুনাৰ পাৰে পাৰে ৱ'কেকআজি হৈ লাংৱ'কুলৈ বাট আছে বুলি প্ৰণৱে কালি কোৱা শুনিছিলোঁ৷ ভাবিছোঁ, সেই ৰাস্তাটোৰ সংযোগস্থলো চাবলৈ পাম চাগৈ৷

বজাৰ তিনিআলিৰ পৰা এতিয়া আমি যাব লাগিব বাঁওহাতে৷ মুখৰ আগত এটা পুৰণা আৰু ঠেক পকা ৰাস্তা৷ দূৰলৈ চালে ছাল-চামৰা উঠি যোৱা দেখা পাই আছোঁ৷ আৰু আগলৈ অৱস্থাটোযে জৰাজীৰ্ণ হবগৈ আৰম্ভণিটো দেখিয়েই বুজিব পাৰিছোঁ৷ পাহাৰত কি ৰূপ লব তাৰো এটা অনুমান, এটা কল্পনা, মনলৈ আহি গৈছে৷ ইফালে অৰূপদাৰ জীপচিত ফৰ হুইল ড্ৰাইভ নাই৷ সিখনত আছে হেনো৷ আমাৰ একো অসুবিধা নহ'লেই হ'ল দেই৷ মনে-প্ৰাণে তাকেই কামনা কৰিছোঁ আৰু ঈশ্বৰক খাটিছোঁ৷

ৰাস্তাৰ দুয়োকাষে এইখিনিত দোকান-পোহাৰ কেইখনমান নথকা নহয়৷ বেছিভাগেই পিছে খোলাই নাই৷ ইফালে-সিফালে সন্ধানী দৃষ্টি নিগৰাই থাকোঁতে সোঁহাতৰ চাইনবৰ্ড এখনে চকু দুটা টানি নিলে৷ কাৰবি ছাত্ৰ সন্থাৰ ডিলাই মুখ্য শাখা কাৰ্যালয় নিৰ্দেশকাৰী চাইনব'ৰ্ড৷ বৰ্ডখনৰ নিম্নতম শাৰীত ৰাস্তাটোৰ বিষয়ে উল্লেখ কৰা হৈছে হক্‌ৱাইলাংছ (কয়লাজান) এণ্ড লাংৱকু ৰড বুলি৷ দূৰত্বৰ উল্লেখ নাই৷ কাৰবি ভাষাত 'হক্‌ৱাই' মানে কয়লা, এঙাৰ৷ 'লাংছ' মানে জুৰি বা জান৷ 'ছ'' শব্দটো সৰুৰ সমাৰ্থক৷

চিনাকি নে কি নাজানো, ৰাস্তাৰ বাঁওহাতে দোকান এখনৰ সন্মুখতে লীলাধৰে নিজৰ গাড়ীখন থৈ দিলে৷ কাৰোবাৰ সৈতে কথা পাতিছে৷ কিবা-কিবা কিনি লোৱাও দেখা গ'ল৷ আমিও নামিলোঁ৷ এনেয়ে৷ ৫ মিনিটমান ব্যয় হল ইয়াত৷ সুযোগ পাই ফটো দুখনমানকে তুলি পেলালোঁ৷ লীলাধৰ সিখন জীপচিত উঠিলগৈ৷ তাত মানুহ ৪ জন হ'ল৷ আমাৰখনত ৩৷ মুঠতে ৭ সত্যসন্ধানী৷ দল-বল ইমানেই৷ ঘড়ীত ৭.৪০ হৈছে৷ যাযাবৰী জীৱনৰ আৰু এক নতুন অভিজ্ঞতাৰ দুৱাৰ মুকলি হোৱাৰ ক্ষণ সন্নিকট৷ লাংৱকু ৰডেৰে জীপচি দুখন আগুৱাব আৰম্ভ ধৰিলে৷ গাইড, এচকৰ্টৰূপী সিখন আমাৰ আগে আগে থাকিল৷ অনামী শিহৰণ এটাই আপোনা-আপুনি লগ ল'লে দেহে-মনে মোৰ৷

অসুখীয়া বাট-পথ৷ আলকাতৰাৰ চামনিটো অদৃশ্য হৈ আহিছে৷ কৰবাত কৰবাত পকা অংশটোৰ আধা আছে, আধা নাই৷ ক'ৰবাত ক'ৰবাত নায়েই৷ মাজে মাজে খুব ধূলি উৰিছে৷ পি.ডব্লিউ.ডি.ৰ ভগ্নপ্ৰায় গ্ৰেভেল ৰ'ড৷ অকাই-পকাই গৈ আছোঁ৷ উঠা-নমা এতিয়ালৈ সিমান এটা নাই পোৱা৷ অৰূপদাই নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰাখি সাৱধানে চলাই আছে৷ কথা-বতৰাও চলি আছে আমাৰ মাজত৷ সমতল কমি আহিছে৷ সেউজীয়াৰ মাজত ৰাস্তাৰ উপৰিভাগৰ শিলগুটিবোৰে বেয়াকৈ দাঁত নিকটাই ৰৈছে৷ চিন্তা কৰিছোঁ, আমাৰ আলি-পদূলিবিলাকৰ অসুখবোৰ কেতিয়াকৈ ভাল হ'ব বাৰু?



ঘ. হক্‌ৱাইলাংছ (কয়লাজান) পাৰ হ'লোঁ

৮.০০ বজাত কয়লাজানত উপস্থিত হলোঁ৷ কাৰবি ভাষাত হক্‌ৱাইলাংছ’৷ দেখাত অকণমানি জনপদ এটা৷ দোকান-পোহাৰ বুলিবলৈ নামমাত্ৰ কেইখনমান৷ নতুন ঠাইটুকুৰাত পোনেই দৃষ্টি আকৰ্ষণ কৰিলে ৰাস্তাটোৰ বাঁওফালে বতাহত দুলি থকা সুশৃংখলিত এশাৰী বৌদ্ধ পতাকাই৷ হিচাপ কৰিলোঁ৷ ৮খন৷ ইয়াত বৌদ্ধ ধৰ্মাৱলম্বী মানুহ আছে তাৰ মানে৷ ভবাই নাছিলোঁ আগতে৷

মুখৰ আগত নৈ এখন৷ এইখনেই হক্‌ৱাইলাংছ, কয়লাজান৷ এতিয়া এইখন পাৰ হৈ যাব লাগিব৷ দলং নাই৷ থাকোঁতে সোঁহাতে বাঁহৰ দলং এখন আছে৷ মানুহ পাৰাপাৰ হব পাৰে৷ দেখিলোঁ, পানীত নমাই লৈ এজনে গাড়ী এখন ধুই আছে৷ আমাৰ জীপচি দুখন এই পাৰে গৰাৰ ওপৰতে স্থিৰ হৈ থাকিল৷ লীলাধৰ প্ৰথমেই নামিল৷ সি খৰধৰকৈ মোৰ ওচৰ পালেহি৷ কলে, নামি আহক, কয়লালাংছ লাংচুনটো দেখুৱাম৷ সৌ তললৈকে যাব লাগিব৷ কাৰবি শব্দ লাংচুনৰ অৰ্থ জলপ্ৰপাত৷

বাঁওহাতে অৱস্থিত ঘৰ এটাক উদ্দেশ্য কৰি লীলাধৰ গপ্‌গপাই নামি যাব ধৰিলে৷ যেন সদায় অহা-যোৱা চলে! বাঁহৰ ডবল বেৰা আৰু ওপৰত টিনপাত দিয়া ব্যক্তিগত বাসগৃহ৷ সি জপং জপংকৈ পাছফাল পালেগৈ৷ পাছে পাছে মই৷ মোক অনুসৰণ কৰি ছিংনাৰ৷ তিনিও থিয় গৰা এটাৰে নামিব ধৰিলোঁ৷ নামিয়েই আগলৈ যোৱাত ৩০ ফুটমান ওখ জলপ্ৰপাত এটাৰ একেবাৰে সন্মুখতে ওলালোঁহি৷ আচৰিত লাগিল যে লাংচুনটোৰ শিলাময় বুকুখনৰ বৰণটোচোন কলা! এনেকুৱা কিয় হ'ল? নাজানো৷

এই কয়লাজানখন অথনি পাই অহা ডিলাই নৈৰ সোঁপাৰে পৰিছেগৈ৷ কয়লাৰ স্তৰ থকা ঠাইৰ মাজেদি বৈ অহা কাৰণে নৈখনে এই নাম পালে হেনো৷ এসময়ত এই নৈৰ দাঁতিত এটা ডাঙৰ কয়লা খনি আছিল বুলি কোৱা শুনিছোঁ৷ যাওঁতে বাটত সেই কয়লা খনিটোৰ অৱস্থান লীলাধৰে আমাক দেখুৱাই নিব বুলি আশ্বাস দিছে৷ সি কোৱামতে সেয়া আছিল কাৰবি আংলঙৰ প্ৰথম কয়লা খনি৷ কয়লাজান এলেকাত কয়লাৰ লগতে ফেলস্পাৰ আছে বুলি মই এঠাইত পঢ়িবলৈ পাইছিলোঁ৷

এই জলপ্ৰপাতৰ পানীৰে আগতে থলুৱা জ্ঞান-বুদ্ধি খটুৱাই জলবিদ্যুৎ উৎপাদন কৰিছিল৷ সেই বিদ্যুৎ শক্তিৰে শাল চলাই মাকৈ খুন্দিছিল৷ লীলাধৰে পটুতাৰে বৰ্ণনা কৰি গল৷ শুনি মই আচৰিত হলোঁ৷ প্ৰমাণ স্বৰূপে যন্ত্ৰ প্ৰতিষ্ঠা কৰা ঠাই, মাকৈ পিহা জাঁতখনৰ ভগ্নাৱশেষো দেখা পালোঁ৷ হাবি-জংঘলে এতিয়া এলেকাটো আগুৰি পেলাইছে৷ জলপ্ৰপাততো পানী পূৰ্বতকৈ বহুত কমিছে৷ ৰাস্তাটোৰ লেভেলতে বান্ধ এটা দি পাইপ লগাই এভাগ পানী পথাৰলৈ বোৱাই নিয়া হৈছে৷ ওপৰৰ পৰা দেখা পাই থাকি৷

গৰাটো উঠি গাড়ীৰ কাষ পালোঁহি৷ আমি তিনিৰ বাদে বাকী এজনো নামি নগল৷ বোধ কৰোঁ গুৰুত্ব উপলব্ধি নকৰিলে৷ সঁচা কথা কবলৈ গলে জেগাটুকুৰাৰ ৰূপটো কিবা যেন বিশৃংখলিত! পাহাৰীয়া নৈ এখন আছে, জলপ্ৰপাত এটা আছে৷ সুন্দৰ কৰাৰ থল আছে যদিও শৃংখলা নথকাত গুৰুত্বহীন আৰু কদৰ্য ৰূপ পৰিগ্ৰহ কৰি ৰৈছে৷ যথোচিতভাৱে সজাওঁতাৰ অভাৱ উপলব্ধি কৰিলোঁ৷ অসমৰ বাহিৰত এনেবোৰকে সজাই-পৰাই টুৰিষ্টৰ পৰা ধন আহৰণ কৰি আছে৷ আমাৰ থাকিও লাভজনক একো হোৱা নাই৷

ছিংনাৰ আৰু লীলাধৰ উঠাৰ লগে লগে সিখন জীপচি নদী পাৰ হোৱাৰ উদ্দেশ্যে মাটিৰ ৰাস্তাটোৰে ধীৰে ধীৰে তললৈ নামি যাব ধৰিলে৷ নদীপৃষ্ঠত ১০ বৰ্গ ফুটমান ঠাই পকী কৰা আছে৷ তাৰ পিছৰ অংশত একো নাই৷ সোঁত বৈ আছে, সোঁপিনৰ পৰা বাঁওপিনলৈ৷ গভীৰতা ধৰা নাযায়৷ বিশৃংখলভাৱে ইফালে-সিফালে দেখা গৈ থকা হিউম পাইপবোৰৰ পৰা অনুমান হল, ইয়াত এসময়ত কালভাৰ্টজাতীয় নিৰ্মাণ এটা আছিল৷ প্ৰৱল বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা পানীৰ ধলে তচ্‌নচ্‌ কৰি পেলালে৷ গতিকে সদ্যহতে এই অৱস্থা৷ বেইলী ব্ৰীজ এখন সজা হলেই ঠিক আছিল৷ সেয়াও নাই হোৱা৷ বিপদসংকুলভাৱে কি মানুহ, কি বাহন, প্ৰত্যেকৰে এনেকৈয়ে অহা-যোৱা চলি আছে৷ উপায় নাই, পৰম্পৰা মানি আমিও এতিয়া এনেকৈয়ে হক্‌ৱাইলাংছ' পাৰ হ'ব লাগিব৷

লীলাধৰহঁতৰ জীপচিখন গৈ পকা অংশটোত ৰল৷ তাৰ পৰা লাহেকৈ পানীত নামিল৷ পানী অতিক্ৰম কৰিয়ে সিপাৰৰ গৰাটো৷ কণ্টক ইংতিয়ে গাড়ীখন উঠাই নিব ধৰিলে৷ কিন্তু নাই, নোৱাৰিলে৷ অলপ বগায়ে ৰৈ গল৷ পিছ মুহূৰ্ততে নামি গুচি আহিল পানীলৈ৷ প্ৰথম প্ৰচেষ্টা বিফল৷ দ্বিতীয় প্ৰচেষ্টা চলিল৷ গাড়ী লাহে লাহে উঠি গৈছে৷ পিছে এঢলীয়াডোখৰত ওপৰলৈ নাটানেহে নাটানে৷ আকৌ নামি আহিল পানীলৈ৷ দ্বিতীয় প্ৰচেষ্টাও বিফল৷ অলপ ৰৈ লৈ সেই স্থানৰ পৰাই ৩ নং প্ৰচেষ্টা৷ একেই ফলাফল৷ গাড়ীয়ে গৰা উঠিব পৰা নাই৷ নামি নামি আহিছে বাৰে বাৰে৷ দেখি ভয়েই লাগি গৈছে মোৰ৷ ৰাস্তাটোৰ থিয়খিনিত আগটো দাং খাই গলে কি অৱস্থা হব! দেখা যাওক বাৰু কি হয়৷ একো অঘটন নঘটিলেই হয় আৰু৷ চতুৰ্থ প্ৰচেষ্টাৰ বাবে আগ বাঢ়িছে চালক ইংতি৷ এইফালৰ পৰা মানুহ কিছুমানে চাই আছে৷ প্ৰত্যেকৰে মুখবোৰত চিন্তাৰ ৰেশ৷ গাড়ীখন উঠিবনে? অৰূপদায়ো খুব মনোযোগেৰে লক্ষ্য কৰি আছে৷ মই কাষতে ৰৈ আগতেই কেমেৰাৰ ভিডিঅ বুটামটো টিপি সমস্ত দৃশ্য বন্দী কৰাত ব্যস্ত৷ এনেকুৱা চিকুৱেন্স সতকাই কতনো পাম?

এইবাৰ কি হয়বা! উঠেনে নুঠে চাওঁ৷ নতুন উদ্যমেৰে চালকজনে গাড়ীখন উঠাই নিবৰ বাবে যৎপৰোনাস্তি বল দি আছে৷ পাছ চকা শ্লিপ খাব ধৰিলে৷ নাই, নহ'ল৷ সজোৰে নামি আহিল পানীৰ বুকুলৈ৷ চাৰিবাৰতো সফলকাম নহল৷ কি হব এতিয়া? পাৰ হব নোৱাৰিমেই নেকি আজি? এনেকুৱা হব লাগিলে যাত্ৰাটোৱেই বৰবাদ হবচোন! মনে মনে ভগৱানৰ নাম লৈ আছোঁ৷ কিবাকৈ পাৰ কৰি দিয়া দয়াময়...

পানীৰ মাজত গাড়ী ৰখাই যাত্ৰীকেইজনে কিবা এটা আলোচনা কৰা যেন লাগিল৷ একোবত গাড়ীখন সজোৰে পিছুৱাই পকাডোখৰত তুলি দিয়া দেখা গল৷ তাকে দেখি অৰূপদায়ো নিজৰখন পিছুৱালে৷ প্ৰণৱ অথনিৰে পৰাই জীপচিৰ পাছফালে উঠি আছে৷ চাই আছে ৰিভাৰ ক্ৰচিং, মাৰুতি জীপচিৰ৷ লীলাধৰ, তিমুং আৰু ছিংনাৰ গাড়ীখনৰ পৰা নামিল৷ একমাত্ৰ ইংতি ৰ'ল চালকৰ আসনত৷ বুজিলোঁ, ওজন কমাই দূৰৰ পৰা সজোৰ চেষ্টা চলিব এইবাৰ৷ হয়ো৷ আগতকৈ অলপ দবাই লৈ যোৱা হল গাড়ীখন৷ একে কোবেই উঠি গল এইবাৰ৷ ওপৰত ৰাখিলেগৈ৷ লীলাধৰ আৰু তিমুঙৰ মুখত হাঁহি বিৰিঙি উঠিল৷ দুয়ো খৰখেদাকৈ বাঁহৰ সাঁকোখনৰ ফালে যাব ধৰিলে৷ অলপ পাছত ছিংনাৰো সেইবাটে গল৷


এইবাৰ পাল অৰূপদাৰ৷ ইমানপৰে ষ্টিয়েৰিঙত বহি থাকি আগৰখন গাড়ীৰ উঠা-নমাবোৰ খুব মনোযোগেৰে লক্ষ্য কৰি আছিল৷ এতেকে পৰিৱেশ-পৰিস্থিতি, বাটটোৰ ভূগোল অধ্যয়ন তেওঁৰ ইতিমধ্যে হৈ গৈছে৷ দেখাত আগৰে পৰাই কনফিডেণ্ট৷ সিখন গাড়ী স্থিৰ হোৱাত নিজৰখনক লাহে লাহে নদীপৃষ্ঠলৈ নমোৱা আৰম্ভ কৰিলে৷ পকাডোখৰ পালেগৈ৷ তাৰ পৰা একেটা গতিতে পানী ফালি গৰাটো উঠা আৰম্ভ কৰি দিলে৷ কোনো সমস্যাই নহল৷ আৰামছে উঠি গৈ সিখনৰ পাছত ৰাখি মোৰ বাবে অপেক্ষা কৰি থাকিল৷ ভিডিঅ ৰেকৰ্ডিং সামৰি সাঁকোডালেৰে দৌৰি পাৰ হৈ গাড়ীত বহিলোঁহি৷ সিফালৰ পৰা মতাই-মাইকীয়ে থূপ খোৱা মানুহবোৰে আমালৈ চাই থাকিল৷ পুৱাই পুৱাই ভাল অভিজ্ঞতা এটা আহৰণ হ'ল৷



ঙ. পাংজাং পালোঁ

মাটিৰ ৰাস্তাৰে গাড়ী চলিছে এতিয়া৷ ৫ মিনিট গল কি নগল লীলাধৰৰ নিৰ্দেশত আকৌ ৰৈ গলোঁ৷ ওচৰলৈ আহি নামিব কলে আমাক৷ আহক, ব্ৰিটিছৰ দিনৰ কয়লা খনি কত আছিল দেখুৱাম৷ এইবুলি জংঘলৰ মাজলৈ সুমুৱাই নিলে৷ কলা বৰণীয়া পাথৰৰ ওপৰেদি বাগৰা গাখীৰ-বগা পানীৰে নাতিউচ্চ জলপ্ৰপাত এটা বুকুত লৈ পাহাৰৰ মাজত ঝৰ্ণা এটা৷ আমি তাৰ পাৰ পালোঁহি৷ অলপ আগতে অতিক্ৰম কৰি অহা কয়লাজানেই হয়৷ জলপৃষ্ঠৰ বুকুৰ শিলবোৰৰো অংশবিশেষ কলা৷ 

পাহাৰৰ ফালে আঙুলিয়াই লীলাধৰে উৎসাহেৰে কৈ উঠিল, সৌ তাতেই আছিল কাৰবি আংলঙৰ প্ৰথম কয়লা খনি৷ এতিয়া জংঘলময়৷ যাব নোৱাৰিব৷ সংযুক্ত মিকিৰ আৰু উত্তৰ কাছাৰ পাহাৰ জিলাৰ প্ৰথমগৰাকী উপায়ুক্ত তথা মিকিৰ পাহাৰ জিলা পৰিষদৰ প্ৰথমগৰাকী অধ্যক্ষ চি. এছ. বুথ; ষষ্ঠ অনুসূচী, স্বায়ত্তশাসিত ব্যৱস্থা আৰু জিলা পৰিষদৰ ৰূপকাৰ ৰেভাৰেণ্ড জেম্‌ছ জয়মোহন নিকল্‌ছ ৰয় সেই যুগতে আহিছিল ইয়ালৈ৷

সঁচা-মিছা নাজানো, আচৰিত কাণ্ড এটা হলে নিজ চকুৰে দেখা পালোঁ এইখিনিত ৰৈ৷ বৈ অহা ঝৰ্ণাটোৰ পানীখিনি এঠাইত প্ৰকাণ্ড পাথৰ এটাৰ তললৈ সোমাই গৈছে! আগলৈ নদীখনৰ গতিপথটো আছে, পানী নাই৷ ওলাই আছে কেৱল বিভিন্ন জোখৰ শিলবিলাক৷ আচৰিত! সেউজীয়াৰ মাজত বোঁৱতী জলধাৰাটো কত কেনেকৈ অন্তৰ্ধান হল? নৈখন নাইকিয়া হলবা কিয়? কি আশ্চৰ্য! এনেকুৱাওনো থাকেনে? ভটিয়াই কি আছে? স্ৰোতটো কৰবাত নিশ্চয় ওলাইছেগৈ৷ কত ওলাইছে? কাংবুৰা ছিংনাৰ আগুৱাই গল, সন্ধানী দৃষ্টি আৰু কৌতূহলী মন লৈ৷ নদীৰ ধাৰাবাহিকতা পুনৰ কোনখিনিৰ পৰা আৰম্ভ হৈছে জনা পিছে নগল৷ বেছি যাব নোৱাৰিলে তেওঁ৷ হকে-বিহকে ঢেৰ প্ৰশ্ন একে সময়তে, স্বাভাৱিকতে মনলৈ আহিব ধৰিলে নিজৰ মাজতে৷ সুৰংগৰ শেষ কত? কয়লা খনিৰ বৰ্তমান অৱস্থা কেনে? গছ-লতাই বেৰি ৰখাত ওচৰ চপাই মস্কিল৷ অৱস্থানহে দেখিলোঁ৷ অনুসন্ধান ৰৈ গল পৰৱৰ্তী আগমনকাৰীলৈ৷

৮.৪০ হ'ল৷ গাড়ীত বহিলোঁহি৷ পাহাৰৰ মাজত লহপহীয়া ধাননি এডৰাই দেখা দিলে৷ সৃষ্টিসম্ভৱা পথাৰ এয়া৷ ৰূপটো চায়ে ভাল লাগিছে৷ আকাশত বেলি নাই৷ কুঁৱলীঘন চৌদিশ৷ তাৰ মাজেৰেই অগ্ৰসৰ হৈছে জীপচি দুখন৷ গ্ৰেভেল ৰডৰ অন্ত পৰিল৷ শিলৰ ওপৰেদি বাগৰি অহা জুৰি এটা পাৰ হলোঁ৷ গোটেইখন ওখোৰা-মোখোৰা, খলা-বমা৷ ৰাস্তা বুলিবলৈ এতিয়া মাথো লিক্‌ দুটাহে আছেগৈ৷ দুকাষে হাবিয়নি৷ জীপচি বুলিহে আহি থাকিব পাৰিছোঁ৷

পথৰ দাঁতিত এতিয়া ওলাইছে চিত্ৰনেলা খেতি৷ বিপজ্জনক অৱস্থাত থকা দুটাকৈ নলা পাৰ হৈ ৰাস্তা এটাত উঠিলোঁহি৷ কয়লাজানৰ পৰা অহা ৰাস্তা দৰাচলতে এইটোহে বোলে৷ আগত গাড়ী চলাচল কৰিব নোৱাৰাকৈ বেয়া৷ সেয়ে জুলিৰাম তিমুং আৰু কণ্টক ইংতিৰ নিৰ্দেশক্ৰমে মানুহৰ ঘৰৰ আগে-পাছে, জেওৰাৰ কাষে কাষে, গাঁৱৰ মাজৰ অসুচল বিকল্প বাটেৰে উঠি আহি এইখিনিত সংযোগ হলোঁ৷ এই ঠাইটুকুৰাক পাংজাং বুলি কয়৷ মুলখাঙলৈ যোৱা ৰাস্তাটো অলপ আগত এৰি আহিলোঁ৷ সেইটো কুকি বসতিপ্ৰধান এলেকা৷ পাংজাঙো কুকি শব্দ যদিও এইডোখৰত নেপালী মানুহৰ বসতি আছে৷ বাটত বৌদ্ধ পতাকাও দেখা পালোঁ৷ কাষতে ছেত্ৰী বস্তি৷ গাড়ী ৰৈ গ'ল৷

হাত-ভৰিবোৰ পোনাই-পজৰাই লবলৈকে অলপ সময়ৰ বাবে আমি আটায়ে নামি দিলোঁ৷ দাঁতিত পূজাথলী এখন৷ কুঁৱলীয়ে আৱৰি ধৰাত দূৰলৈ একো নেদেখি৷ দেখাত ওখ-পাখ, কলা আৰু বগা ফুটুকা-ফুটুকী কুকুৰ এটাই ছিংনাৰক শুঙিবলৈ ধৰিছে৷ অদূৰত দেখিয়েই মোৰ দুশ্চিন্তা আৰম্ভ হৈ গল৷ ছিংনাৰো অস্বস্তিত নপৰা নহয়৷ সেইডাল মোৰ ওচৰ আহি নৌপাওঁতেই গাড়ীত উঠি লব লাগিব৷ অলপ আগতে কয়লালাংছত জলপ্ৰপাতলৈ নামি যাওঁতেও মানুহঘৰৰ পাছফালে মস্ত কুকুৰ এটা শুই আছিল৷ তলৰ পৰা উঠি আহোঁতে অকস্মাৎ দেখা পাই বৰ ভয় লাগিছিল মোৰ৷ ভাগ্যে একো অঘটন নঘটিল যেনিবা৷ অচিনাকি পৰিৱেশ, অচিনাকি কুকুৰ, অচিনাকি মানুহ৷ কি বিশ্বাস! দাঁত বহুৱাই দিলে হলেই আৰু! লাংৱকু যাত্ৰা ইমানতে আধ্যা পৰিব৷ এতেকে সৰ্বদিশতে নিজে সতৰ্ক হৈ থকাটোৱে সবাতোকৈ মংগলজনক৷

বাটত বাঁহ, টেঙামৰা, কল, অমিতা গছ আদি দেখা পাইছোঁ৷ এঠাইত আকৌ ওলাল চিত্ৰনেলা খেতি৷ এইফালে ব্যৱসায়িক ভিত্তিত কৰি অহা হৈছে৷ চিত্ৰনেলা বহুবৰ্ষজীৱী এজাতি বন৷ পাতবোৰ সুগন্ধি৷ বহলে ১ ছেণ্টিমিটাৰ, দীঘলে ৬০ ছেণ্টিমিটাৰ৷ কাষবোৰ দাঁৰযুক্ত৷ চিত্ৰনেলাৰ পাত আৰু কাণ্ডৰ পৰা এবিধ তেল প্ৰস্তুত কৰা হয়৷ এই তেল প্ৰাকৃতিকভাৱেই বীজাণুবাৰক আৰু পতংগবিৰোধক৷ চাবোন, তেল, ধূপ, সুগন্ধি, প্ৰসাধন সামগ্ৰী, মম আদিৰ প্ৰস্তুতকৰণত সুগন্ধযুক্ত ৰাসায়নিক দ্ৰব্য হিচাপে বিশ্বজুৰি এই তেলবিধৰ প্ৰয়োগ আছে৷ কোনো কোনো লোকৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ গতি বৃদ্ধিৰ কাৰণে পোনপটীয়াভাৱেও হেনো ব্যৱহাৰ কৰা হয়৷ চিত্ৰনেলা তেল উদ্ভিদজাত আৰু অবিষাক্ত৷ বৈজ্ঞানিক গৱেষণাৰ দ্বাৰা নিশ্চিত হোৱাৰ পাছত আমেৰিকাত ১৯৪৮ চনৰ পৰাই এইবিধ প্ৰাকৃতিক উপাদানৰ প্ৰয়োগ হৈ আহিছে৷ আনহাতে পতংগবিৰোধক হিচাপে কানাডাত ২০১২ চনত ইয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছিল যদিও ২০১৫ত নিষেধাজ্ঞা উঠাই লোৱা হৈছে৷ চীন আৰু ইণ্ডোনেচিয়াত পৃথিৱীৰ ভিতৰতে সৰ্বাধিক খেতি হয়৷ তাৰ পাছতে আছে টাইৱান, হণ্ডুৰাচ, গুৱাটেমেলা, শ্ৰীলংকা, ব্ৰাজিল, আৰ্জেণ্টিনা, ইকুৱেডৰ, জামাইকা, মাডাগাস্কাৰ, মেক্সিক', দক্ষিণ আফ্ৰিকা, ভাৰতবৰ্ষ আদি দেশসমূহ৷ চিত্ৰনেলা প্লেনটেচন ইণ্ডাষ্ট্ৰি কাৰবি আংলঙৰ অন্যতম এগ্ৰ-বেছড্‌ ইণ্ডাষ্ট্ৰি৷

ধীৰে ধীৰে আগুৱাই গৈ আছোঁ৷ চিত্ৰনেলাৰ সেউজীয়াৰ পাছত এইবাৰ সৰিয়হৰ হালধীয়াই লগ ল'লে৷ লহ্‌পহ্‌কৈ বাঢ়ি অহা সৰিয়হতলীৰ হালধীয়া ফুলে স্বাভাৱিকতেই দৃষ্টি টানি নিয়ে, হাত বাউল দিয়ে সৌন্দৰ্যপিয়াসী প্ৰতিজন লোককে৷ চিত্ৰনেলাৰ সেউজীয়াৰ অনুৰূপ এই হালধীয়াইও কঢ়িয়াই আনে কৃষকৰ ন ন সপোন, সলাব পাৰে কৃষিজীৱী মানুহৰ জীৱনৰ মান৷




চ. আদৰ্শ গাঁৱত এখন্তেক


১০ মিনিটমানৰ পাছত জনপদ এটাত উপস্থিত হলোঁ৷ বাটৰ সোঁকাষে বুঢ়া আমগছ দুজোপা৷ গছ দুজোপালৈ চাই পূৰ্বতে এই স্থানত মানুহৰ ঘৰ বা বসতি আছিল বুলি মােৰ ধাৰণা হ'ল৷ লীলাধৰে মোৰ অনুমান শুদ্ধ বুলি জনালে৷ গছৰ তলতে আমাৰ জীপচি দুখন ৰল৷ কেইমিটাৰমান আঁতৰত হাফৱাল আৰু লোৰ ফেন্সিঙেৰে ঘেৰি ৰখা স্মৃতিস্তম্ভ এটা৷ দূৰৰ পৰাই পঢ়িব পৰা অৱস্থাত চাইনবৰ্ড এখন৷ মামৰে ধৰিবলৈ আৰম্ভ কৰা আকাশী নীলা বৰ্ডখনত বগা আখৰেৰে গোট গোটকৈ লিখা আছে Boundary Wall at Langvoku Memorial Vill. Under T.F.C. 2013-14, Lumbajong Development Block, Manja.

লীলাধৰে আমাক সন্মুখলৈ আগ বঢ়াই নিলে৷ ফেন্সিঙৰ দৰজাখন খুলি দিলে৷ সোঁহাতে, বেৰৰ তলৰ অংশত মাৰ্বলৰ ফলক এখন লগোৱা অাছে৷ ক'লা ফলকখনত উল্লেখ কৰা হৈছে... Const. of Memorial Park T.F.C. Scheme at Langvoku Model Vill. Inaugurated by Sri Longki Timung, Honble E.M. i/c PWD, KAAC, Diphu. Lumbajong Development Block, Manja, K/A on 22.03.2015.

ফলক পঢ়ি বুজিলোঁ যে এয়া লাংৱকু আদৰ্শ গাঁও এলেকা৷ তাৰ মানে আমি লক্ষ্যস্থলৰ ওচৰ চাপিছোঁ৷ লীলাধৰে কাৰবি-কুকি সংঘাতৰ সময়ছোৱাৰ হৃদয় বিদাৰক কথা কিছুমান ক'লে৷ মনটো গধুৰ হৈ উঠিল৷ ২০০৪ চনৰ ২৪ এপ্ৰিল তাৰিখত এই স্থানতে ১৯জন কাৰবি লোকক কুকি উগ্ৰপন্থী সংগঠনৰ সদস্যই কিবা আলোচনা কৰিবলৈ আছে বুলি মাতি আনি এফালৰ পৰা নৃশংসভাৱে গুলীয়াই হত্যা কৰিছিল৷ স্মৃতিস্তম্ভত লগাই ৰখা মাৰ্বলৰ ফলকত মৃতকসকলৰ নাম, অভিভাৱকৰ নাম আৰু বয়স খোদিত আছে৷ দুৰ্ভগীয়াকেইজনৰ নামবোৰ একাদিক্ৰমে পঢ়ি গলোঁ৷ ৰিছ টেৰণ, থেদং টেৰণ, ধনছিং ক্ৰ, দিলীপ ক্ৰ, দকা ইংতি, টেনজিং ইংতি, চেমচন তিছ, বুৰা ৰংহাং, ছিং বে, লংকি তেৰাং, চোনা ইংলেং, কেনছিং ৰংহাং, দৰ টেৰণ, ছাৰ্থে ইংতি, বৰছিং ইংতি, চন্দ্ৰ তেৰাং, চন্দ্ৰ ইংতি, বীৰেন টেৰণ আৰু জিতেন টেৰণ৷ বয়স ২৫ৰ পৰা ৬৫ বছৰ৷ স্মৃতিস্তম্ভৰ সন্মুখত অকণমান ৰৈ, মৃতকসকলৰ আত্মাৰ সদ্‌গতি কামনাৰে মৌন প্ৰাৰ্থনা জনাই এসময়ত গাড়ীত বহিলোঁহি৷ ভাবি থাকিলোঁ, কয়লালাংছ', যমু্না, লাংৱ'কুৰ বুকুৰে অনেক পানী বৈ গ'ল, সোঁৱৰণী উদ্যানৰ চৌপাশটোহে উদ্যানসদৃশ হৈ উঠিবলৈ আজিৰ তাৰিখতো বাকী ৰ'ল!

জীপচি আকৌ চলিব ধৰিলে৷ ৰাস্তাৰ দাঁতিত ইন্দিৰা আৱাস যোজনাৰ ঘৰ কিছুমান দেখা পাইছোঁ৷ বৰজান এম.এ.চি. সমষ্টিৰ অন্তৱৰ্তী লাংৱকু মডেল ভিলেজত পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ তৰফৰ পৰা ২০১৭-১৮ চনৰ ৰাজ্যিক পৰিকল্পনাৰ অধীনত কমিউনিটি হল এটাও সাজি দিয়া হৈছে৷ এঘৰৰ আগফালে এপাল ছাগলী৷ দেখিয়ে মনটো ভাল লাগি গল৷ ছাগলীয়ে সাত জনমৰ ধাৰ শুজে বুলি কোৱা হয়৷ এই অঞ্চলত ছাগলী পালন এটা সুবিধাজনক আৰু লাভজনক বৃত্তি হব পাৰে বুলি মোৰ ভাব হৈছে৷ এঘৰত আকৌ শাৰী পাতি থকা অমিতা গছকেইজোপামানত লমালমে অমিতা৷ চকু টানি নিয়া দৃশ্য৷ ঘূৰি যাওঁতে কেইটামান লৈ যাব পৰা হলে! একেলগে থকা গছকেইজোপাৰ ফটো এখন তুলি নিবৰো ইচ্ছা থাকিল৷ এঢলীয়া, সাৰুৱা, ৰদঘাই জেগা এইবোৰ৷ জনঅৰণ্যৰ পৰা নিলগত৷ সম্প্ৰতি শান্তি বিৰাজমান যেনেই লাগিছে৷

অগা-পিছাকৈ দুখন গাড়ী আহি থকা গম পাই সৰু সৰু লৰা-ছোৱালীবোৰে নঙলা দেও দি, জপনা গুচাই, কৌতূহলেৰে চাইছেহি৷ আগচিটত বহি হাত জোকাৰি সিহঁতক সঁহাৰি জনাই গৈ আছোঁ৷ সৰুতে আমাৰ ঘৰৰ আগেদি মিলিটেৰী কনভয় গলে আমিও একে দৌৰে ৰাস্তালৈ ওলাই আহিছিলোঁ আৰু বাই বাই দিছিলোঁ৷ এতিয়া এয়া যেন তাৰেই নামান্তৰ৷ সময় বেলেগ, দৃশ্যপট বেলেগ, যাত্ৰী বেলেগ হব পাৰে৷ শিশু মনস্তত্ত্ব, ভাব-অনুভূতি হ'লে সাৰ্বজনীন৷

কেঁচা ৰাস্তাৰে আহি থাকি এঠাইত বাঁওহাতে ঘৰ এটাৰ দাঁতিত আগৰ গাড়ীখনে ব্ৰেক মাৰিলে৷ সোঁহাতে হেনলাংছ এল. পি. স্কুল৷ চাইনব'ৰ্ডত স্পষ্টভাৱে লিখা আছে৷ ইমান ভিতৰুৱা স্থানত টিনপাত দিয়া পকা স্কুলঘৰটো দেখি সুখী হলোঁ৷ ইলেকট্ৰিচিটিও আছে ইয়াত৷ বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান, শিক্ষাৰ গুণগত মান কি পৰ্যায়ৰ নাজানাে৷ সেইবোৰ গুণোৎসৱে ক'ব৷ শিক্ষয়িত্ৰী এগৰাকী বহুত দূৰৰ পৰা আহে বুলি কথা প্ৰসংগত শুনিবলৈ পালোঁ৷ কিমান কষ্ট স্বীকাৰ কৰিব লাগিব ইয়ালৈ প্ৰতিদিনে আহিবলৈ হ'লে! কথাটো চিন্তা কৰাৰ লগে লগে শ্ৰদ্ধানত হৈ পৰিলোঁ অচিনা শিক্ষয়িত্ৰীগৰাকীৰ প্ৰতি৷

জুলিৰাম তিমুং আৰু লীলাধৰ গাড়ীৰ পৰা নামিয়ে প্ৰায় দৌৰি যোৱাদি বাঁওহাতৰ ঘৰটোলৈ সোমাই গল৷ বাকীবোৰ ৰৈ আছোঁ৷ মনে মনে ভাবিছোঁ, ইহঁত দুটাই 'আৰাক' অৰ্থাৎ মদ বিচাৰিয়ে গৈছে নিশ্চয়৷ নহয়৷ মোৰ ধাৰণা ভুল৷ সেইটো আমৰেং ইংতি গাঁৱৰ চৰকাৰী গাঁওবুঢ়াৰ ঘৰ৷ গাঁওবুঢ়াকো আমাৰ লগত লৈ যোৱা হব৷ তেওঁ লাংৱকুৰ তল-ওপৰ চব ৰাস্তা চিনি পায়৷ সেয়ে লীলাধৰহঁতে 'কাংবুৰা' মানে গাঁৱৰ মুখিয়ালজনক নিয়াত উদ্যোগ লৈছে৷ ভাল কথা৷

হাতত দা, কান্ধত 'জাম্বৰং' অৰ্থাৎ কাৰবি মোনাসহ গাঁওবুঢ়া জামিৰ ইংতি ওলাই আহিল৷ মাছ ধৰিবলৈ জাল বিচাৰি থাকোঁতে দেৰি হ'ল৷ মাছ মৰাৰ বাবে আমাৰ হাতত সময় নহ'ব বুলি জনালত ওলোটাই তেওঁহে দুখ প্ৰকাশ কৰিলে৷ পাহাৰীয়া নৈত মাছ ধৰাত এই মানুহবোৰ পাকৈত৷ আলহীক দুটামান দি পঠাব নোৱাৰাটোও যেন সন্মান হানিকৰ কথা! লীলাধৰে উৎসাহেৰে ক'লে, সিহঁতে হেনো আগতে সৌ ৰংথাৰৱে'ৰ পৰা খোজ কাঢ়ি কাঢ়ি আহে যমুনা, লাংৱ'কুত মাছ ধৰাৰ উদ্দেশ্যে৷ এতিয়া ডিফু টাউনত থাকি স্বভাৱ সলনি হৈ গ'ল৷

শেষত আমি মানুহ মুঠতে ৮জন হ'লোঁ৷ গাঁওবুঢ়াজনক লীলাধৰহঁতৰ গাড়ীতে উঠাই লোৱা হল৷ কণ্টক ইংতিয়ে পুনৰ গতি আৰম্ভ কৰিলে৷ পিছে পিছে অৰূপদায়ো৷ ওপৰৰ পৰাই দেখা পাইছোঁ, ৰঙামাটিৰ ৰাস্তাটো তললৈ নামি গৈছে৷ কেঁকুৰিত অদৃশ্য হৈ আছে৷ অদূৰত নীলা নীলা পাহাৰ৷ সেয়াই নেকি লাংৱ'কু পাহাৰ? পৰ্বত খনবামনৰ ঠাল-ঠেঙুলিয়েইতো সেইবোৰ৷



ছ. পালোঁহি যমুনাৰ তীৰ

জনবসতি নাই৷ পাহাৰ ওচৰ চাপি আহিল৷ অকাই-পকাই গৈ থাকি এঠাইত দুয়োখন গাড়ী স্থিৰ হৈ ৰল৷ ৰাস্তাটো থিয়ভাৱে তললৈ নামি গৈছে৷ গাড়ী আৰু নাযায়৷ নাযায় বুলি ক'লে আচলতে ভুল হ'ব৷ নিব পৰা যাব৷ কিন্তু নমালেইযে বিপদ৷ পাছত উঠাই অনাটো সহজ নহব৷ তাতে বতৰটো গোমা৷ ঈশ্বৰে নকৰক, কেনেবাকৈ বৰষুণ পৰিব লাগিলেতো হলেই আৰু৷ আমাৰ জীপচিত ফ'ৰ হুইল ড্ৰাইভো নাই৷ গতিকে দকৈ ভাবি-চিন্তি এইকণ আগতীয়া সাৱধানতা অৱলম্বন কৰা হ'ল৷ সিদ্ধান্ত চূড়ান্ত৷ লীলাধৰে আগে-ভাগে মাটিত ভৰি দিলে৷ উচ্চস্বৰে ঘোষণা কৰি শুনাই দিলে, 'ইয়াৰ পৰা আমি খোজ কাঢ়িব লাগিব৷ ৰাস্তাটো শেষ হল বুলি ধৰক৷ তলত যমু্না৷'


বাঁওহাতে একাষৰীয়াকৈ জংঘলৰ মাজতে গাড়ী দুখন এৰি থৈ যোৱা হব৷ মানুহেই নাই যেতিয়া হৰণ-ভগন হ'বলৈনো কি? নামি লোৱাৰ পাছত প্ৰত্যেকে নিজৰ নিজৰ বয়-বস্তু নিজে নিজে তুলি লৈছে৷ সময় কিমান হল? ৯ বাজি ২৫ মিনিট গ'ল৷ ৭.৪০ত ডিলাই বজাৰ তিনিআলি এৰিছিলোঁ৷ গুৰুত্বপূৰ্ণ স্থানবিশেষে ৰৈ ৰৈ চাই-মেলি অহাত দুঘণ্টাতকৈ অলপ বেছিয়ে লাগি গ'ল৷ ঠিকেই আছে বাৰু৷ লীলাধৰ আৰু অৰূপদাৰ অসুবিধা নোহোৱাকৈ ঘূৰি গৈ ৪ বজাত ডিফু পালেগৈয়ে হল৷

প্ৰকৃতিৰ আৱৰ্তলৈ আমি জীৱনৰ ৰং আৰু উপলব্ধি বিচাৰি ওলাই আহিছোঁ৷ ওপৰৰ পৰা দেখা পাইছোঁ সীমাহীন প্ৰকৃতি৷ সৃষ্টিৰ এনেহেন বিশালতাৰ মাজত নিজকে এটা ক্ষুদ্ৰ বিন্দুসম অস্তিত্বহেন লাগে৷ সকলো অহংকাৰ দৰ্পচূৰ্ণ হৈ যায় আপোনা-আপুনি৷ খোজৰ তালে তালে লীলাধৰে দূৰলৈ আঙুলিয়ালে সৌখিনিতে আছে লাংৱকু লাংচুন৷ আঘোণমহীয়া কুঁৱলীৰ কাৰণে স্পষ্টভাৱে দেখা গৈ থকা নাই৷ লীলাধৰৰ কথাৰ পৰাই লাংৱকুৰ এটা বিশেষত্ব জানিলোঁ৷ লাংৱকুত দিনৰ দিনটো ৰদ পৰি থাকে৷ ভেলৌঘাট, কাংথিলাংছ আদিৰ ভৌগোলিক অৱস্থান কিন্তু এনেকুৱা নহয়৷ সেইবাৰ ঠাইত বেলি লুকাই যায়৷ ফলত সোনকালে আন্ধাৰ হৈ পৰে৷ ইয়াত বিপৰীত৷ সৌৰৰশ্মিৰ পোহৰ আৰু তাপ দেৰিলৈকে পোৱা যায়৷ অনুমানতে অৱস্থানটোৰ দিশ নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিলোঁ যদিও বিপাঙত পৰিলোঁ৷ সূৰ্যৰ অনুপস্থিতিত উত্তৰা-দক্ষিণা নে পূবা-পশ্চিমা একো ধৰিব পৰা নাই৷

১৯৫১ চনৰ ১৭ নৱেম্বৰ তাৰিখে সংযুক্ত মিকিৰ আৰু উত্তৰ কাছাৰ পাহাৰ জিলা গঠনৰ সময়ত নৱগঠিত জিলাখনৰ সদৰ ঠাই পাতিবৰ বাবে স্থান নিৰ্বাচনৰ প্ৰক্ৰিয়াও সমানে সমানে আৰম্ভ হৈছিল৷ কাৰবি আদৰবাৰৰ নেতৃত্বধাৰী খৰছিং তেৰাং, ছেমছনছিং ইংতি, ছাৰছিং টেৰণ হাবাই, বংলং তেৰাং, ছং বে প্ৰমুখ্যে অন্যান্য ব্যক্তিসকলৰ মাজত এই সম্পৰ্কে চলা অনানুষ্ঠানিক আলোচনাত কেইবাখনো ঠাইৰ নাম তালিকাভুক্ত হৈছিল৷ সেইবিলাকৰ ভিতৰত ৰামথেপি নামৰ ঠাই এখনৰ নামো ওলাইছিল৷ ৰামথেপিৰ অৱস্থান লাংৱকুৰ বিপৰীতে আমি ৰৈ থকাৰ ওচৰে-পাজৰে, এই পাহাৰতে আছিল বুলি লীলাধৰৰ মুখে গম পালোঁ৷

আমাৰ চকুৰ আগত সৌৱাই নেকি লাংৱকু পাহাৰ, খনবামনছ এলেকা? চকুৱে স্পষ্টভাৱে দেখি থকালৈকে ৰঙামাটিৰ ৰাস্তাটোৰ গঢ়-গতিলৈ চাই বুজিব পাৰিছোঁ যে এতিয়া আমি প্ৰথমে তললৈ নামিব লাগিব৷ তাৰ পাছত যমুনা পাৰ হৈ পুনৰ আৰোহণ কৰিব লাগিব৷ কিমান খোজ কাঢ়িব লাগিব সেয়াহে অনুমান কৰিব পৰা নাই৷ যমুনাৰ গভীৰতা কিমান, পাৰিমনে নোৱাৰিম, নাজানো৷ হ'লেও মনটো ভাল লাগিল৷ ট্ৰেকিং, হাইকিং, ৰিভাৰ ক্ৰচিং চলিব এতিয়া৷ পদযাত্ৰাটোৰ আৰম্ভণিতে প্ৰত্যেককে চকলেটৰ টুকুৰা দিলোঁ মুখত লবলৈ৷ ৰাক্‌চেক সামৰোঁতে, কুমাৰী প্ৰকৃতিৰ ফটো তোলাত নিমগ্ন হৈ থাকোঁতে ময়েই শাৰীটোৰ সৰ্বশেষত পৰি গ'লোঁ৷ স্ফূৰ্তিত ক'ব নোৱাৰা হৈ বাকীসকল গিৰ্‌গিৰ্‌কৈ নামি গ'লেই৷ গাঁওবুঢ়া একেবাৰে আগত৷ এনেকৈ গৈছে, যেন সকলো মহতিয়াই নিব!

কাৰবি আংলং বুলি কলেই প্ৰকৃতিৰ চিত্ৰ আৰু প্ৰসংগ মনলৈ অহাটো অৱধাৰিত৷ কাৰবি আংলঙৰ প্ৰকৃতি সম্পদশালী আৰু প্ৰকৃতপক্ষে আজিও অনাৱিষ্কৃত বুলিব পাৰি৷ দৃশ্যমান প্ৰকৃতিৰাণী আৰু ইয়াৰ সমৃদ্ধ স্বৰূপটোৱে কাৰবি আংলঙক সৌন্দৰ্যময়ী, সম্ভাৱনাময় তথা শক্তিশালী কৰি ৰাখিছে৷ ইয়াৰ ভূগৰ্ভত লো, ভেনেডিয়াম, টাইটেনিয়াম, ক্ৰমিয়াম আদি খনিজ পদাৰ্থ থকা বুলি প্ৰকাশ হৈ অহাৰ পাছত শেহতীয়াভাৱে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ব্যৱহাৰিক ভূতত্ত্ব বিভাগৰ অধ্যাপক দিলীপ মজুমদাৰে জানুৱাৰী ২০১৮ৰ পৰা চলাই অহা পৰীক্ষা-নিৰীক্ষাত জিলাখনৰ মধ্য-পূব খণ্ডত দুষ্প্ৰাপ্য প্লেটিনাম ধাতুৰ উপস্থিতি ধৰা পেলাইছে, ভাৰতীয় বজাৰত যাৰ ১ গ্ৰামৰ মূল্য হ'ব ১,৯৫৮ টকা৷ আমিও বোধ কৰোঁ সেই খণ্ডতে বিচৰণ কৰি আছোঁ৷ নাজানো৷

গৰাটোৱেদি ক্ৰমান্বয়ে ৫ মিনিট নামি যোৱাৰ পাছত যমুনাৰ তীৰত উপস্থিত হলোঁ৷ নীৰৱে বৈ আছে যমুনা নৈ৷ প্ৰকৃতিৰ ৰম্যভূমিৰ বক্ষ ভেদি কুলু কুলু সুৰেৰে বৈ অহা নদীখনে সৃ্ষ্টি কৰিছে এক বৰ্ণিল সেউজীয়া উপত্যকা৷ নৈসৰ্গিক শোভা বিৰাজিত, পৰ্যটন উদ্যোগৰ এখন সম্ভাৱনাময় ক্ষেত্ৰৰূপে এই স্থান ইতিমধ্যে বিবেচিত হৈছে৷ আমি দেখা পালোঁ, চৰকাৰীভাৱে ৪টা ৰেষ্ট শ্বেড সাজি থোৱা অৱস্থাত আছে৷ যমু্নাৰ পাৰত এইটো এটা পিক্‌নিক্‌ স্পট৷ (আগলৈ)



জ. যমুনাৰ পাৰত ৰৈ...

পিক্‌নিক্‌ স্পট, পিক্‌নিক্‌ স্পট, পিক্‌নিক্‌ স্পট৷ পৰ্যটনথলী উন্নয়নৰ নামত যেনি-তেনি কেৱল পিক্‌নিক্‌ স্পটৰহে আধিক্য দেখা পাওঁ৷ অন্য চিন্তা আৰু কৰণীয় নাইনে একো? লংচকাংথু পিক্‌নিক্‌ স্পট, কাংথিলাংছ পিক্‌নিক্‌ স্পট, শিলভেটা, ভেলৌঘাট সকলোতে কেৱল 'পিক্‌নিক্‌ স্পট'ৰে পয়োভৰ৷ পৰ্যটনথলী হিচাপে গঢ়িব নোৱাৰি নেকি এনেকুৱা স্থানবোৰ? মাত্ৰ পিক্‌নিক্‌ পিক্‌নিক্‌ কৰি থাকিলে, পিক্‌নিক্‌ স্পট খুলি ভোজভাত খাই থাকিলেই হব জানো? জিলাখনৰ টুৰিজম ডেভেলপমেণ্টৰ নামত এইটোৱেই একমাত্ৰ কাম, নে নতুন চিন্তা-চেতনা তথা ন ন শৈলীৰে সৃজনীমূলক অন্য কিবাকিবি কৰাৰো প্ৰয়োজন আছে?

পিক্‌নিক্‌ স্পট বুলি জনাৰ পাছতে আমাৰ আলোচনা তুংগত উঠিল৷ দৈনন্দিনৰ কৰ্মব্যস্ততাৰ পৰা আঁতৰি সময়-সুবিধা মিলাই পৰিয়াল-পৰিজন বা সবান্ধৱে হাঁহি-স্ফূৰ্তি কৰি হাবিভাত-বালিভাত খোৱা হয় ঠিকেই৷ তাত মজা আছে৷ ৰস আছে৷ পিছে পিক্‌নিকৰ নামত একাংশ লোকৰ দ্বাৰা বনভোজথলীত নৈসৰ্গিক শান্ত প্ৰাকৃতিক পৰিৱেশ আৰু সম্পদ বিনষ্টকাৰী যি অবাঞ্ছিত উদ্ভণ্ডালি, অত্যাচাৰ, হুলস্থূল, কাজিয়া, মাৰপিট ইত্যাদি ইত্যাদি ধ্বংসাত্মক কাৰ্যকলাপ সংঘটিত হোৱা দেখোঁ, শুনো, বাতৰি কাকতত পঢ়িবলৈ পাওঁ, টেলিভিচনৰ পৰ্দাত বছৰি চাবলৈ পাওঁ, সেইবোৰ মুঠেই ভাল নালাগে আৰু সমৰ্থনযোগ্যও নহয়৷ যমুনাপৰীয়া এই সুন্দৰ স্থানটিক কেনেকৈ নিৰাপদে ৰাখিব পাৰি? বাধ্যতামূলকভাৱে, পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ স্বাৰ্থত আৱৰ্জনা নিষ্কাষণ আৰু পৰিৱেশ অনুকূল ৰখাৰ স্বাৰ্থত নিচাযুক্ত দ্ৰব্য নিষিদ্ধকৰণ৷ আলোচনা কালত এই দুটা কথাই সৰ্বসন্মতি লাভ কৰিলে৷ আমি চিন্তা কৰাত লাগিলোঁ, এই এলেকাটোক বনভোজস্থলীৰ সমানে সমানে পৰ্যটনস্থলী হিচাপে কিদৰে গঢ় দিব পৰা যায়৷ সম্ভাৱনা কিমান আছে৷

উপত্যকাটোলৈ নামিল পোনেই চকুৰ আগলৈ আহিল লোৰ চাইনব'ৰ্ড এখন৷ কাৰবি ভাষাত লিখা ব'ৰ্ডখনৰ বৰণ ক'লা৷ আখৰবোৰ বগা৷ কান্দুৰা ৰংডমৰুৰ পৰা অহা ৪গৰাকী ভক্তিপ্ৰাণ লোকে ফলকখনত লিখি থৈ গৈছে উপদেশ কেইটামান৷ তদনুসৰি যমুনা নদীখন পাৰ হৈ যাবলৈ হ'লে একো নোখোৱাকৈ যাব লাগে৷ মদ-মাংস খাব নাপায়৷ খু-খেকাৰ পেলাব নাপায়৷ অবাইচ কথা ক'ব নাপায়৷ পেচাব-পায়খানা কৰিব নাপায়৷ জোতা খুলি যাব লাগে৷ একেবাৰে তলত আই এগৰাকীৰ লগতে সভাপতি, সম্পাদক আৰু ৰংথাৰৱে'ৰ গাঁওবুঢ়াৰ নাম লিখা আছে৷ দিনাংক ৩০.৭.২০১৮৷


প্ৰকৃতিৰ মায়া বা আকৰ্ষণত পৰি আমি ইয়ালৈ আহিছোঁ৷ লাংৱকুৰ ইতিহাস আমি নাজানো৷ সভ্যতাৰ আৰম্ভণিৰো কিমান আগৰ এই সৃষ্টি তাকো জনাৰ উপায় নাই৷ অতীজত ওচৰে-পাজৰে গাঁও আছিল বুলি লীলাধৰে কৈছে৷ দিন-তাৰিখ নাই৷ লাংৱ'কুৰ সোঁৱে আৰু বাঁৱে ক্ৰমে থেদংলাংছ'ৰ পৰা ক'ৱেবীৰলাংছ’ পৰ্যন্ত এসময়ত কাৰবি গাঁও কিছুমান সিঁচৰতি হৈ আছিল হেনো৷ সুবিধা, সুচলতা, আধুনিকতাৰ আকৰ্ষণতে কালক্ৰমত মানুহবিলাক উঠি গুচি গল ডিলাই, হিদিপি, বোকাজান, ডিফুলৈ৷

কাৰবি ভাষাত লাং মানে পানী৷ ৱকু মানে কুকুৰাই ডাক দিয়া বুজায়৷ লাংৱকু মানে যি পানীত কুকুৰাই ডাক দিয়ে৷ এচামৰ মতে অঞ্চলটোত এসময়ত ডাঙৰ ডাঙৰ সাপ আছিল৷ এচামে কয়, মাছ ঢেৰ আছে৷ ধৰা কিন্তু নহয়৷ ধৰিলেই বিপদ অৱশ্যম্ভাৱী৷ সঁচা-মিছা নাজানো৷ এইবোৰ মানুহৰ মুখত শুনা কথা৷ আহি থকা অৱস্থাত বাটত অথনি ইংতিৰ ঘৰৰ আগত ৰওঁতে গাঁওবুঢ়াজনে মাছ ধৰিবলৈ জাল বিচাৰি থকাত পলম হোৱা বুলিহে কোৱা শুনিছিলোঁ দেখােন!

তেনেহলে লাংৱকু আচলতে কি? লাংৱকু আছে কত? বাটত আমি লাংৱকু মেমৰিয়েল ভিলেজ, লাংৱকু মডেল ভিলেজ নামৰ গাঁও পালোঁ৷ লাংৱকু আংলং ওপৰৰ পৰা দেখি আহিছোঁ৷ লাংৱকু এখন পাৰ্বত্য নদীৰ নামবুলি কিতাপত পাইছোঁ যাৰ পানী ৪টা ভাগত বিভক্ত হৈ আমি ৰৈ থকাৰ বিপৰীতে ওচৰি-উচৰিকৈ যমুনাত পৰিছে৷ যাক কোৱা হয় লাংৱকু কেতক অৰ্থাৎ লাংৱকু আৰু যমুনাৰ সংগম৷


কেইবাটাও পৰিচয় একেলগে৷ আনহাতে আমি  উদ্দেশ্য কৰি অহা লাংৱকু হৈছে একে নামৰ পাহাৰত একে নামৰ নৈখনত থকা এটা জলপ্ৰপাত৷ স্বাভাৱিকতেই দুৰ্গমতাৰ মাজত, জনসমাগমৰ পৰা নিলগত৷ সেই স্থান পাবলৈ আৰু কেই মুহূৰ্তমান মাথো৷ যমুনা পাৰ হৈ যাব লাগিব তালৈ৷



ঝ. ওৱাৰটন আলুন : লাংৱ'কুৰ সজল সোঁৱৰণ


লাংৱকু আলাং চিথিং চৰিৰে
নাংনে নেফান চেৰ ৰূপ আলেক
নে চৰি নাং পেন
কাংহন আলামথে৷
(লাংৱকুৰ নিৰ্মল পানী নিবিচাৰোঁ, নালাগে মোক সোণ-ৰূপৰ মণিহাৰ, মই বিচাৰোঁ তোমাৰ মৰমৰ মাত এষাৰ)

ৰোমাণ্টিক কাৰবি গীতটিৰ স্ৰষ্টা আছিল কেহাই বে৷ ওৱাৰটন্‌ কুমাৰ বে ছদ্মনামধাৰী এই গীতি-কবিজনৰ জন্ম ১৯৪০ চনত ডিলাই বজাৰৰ পৰা ২ কিলমিটাৰ নিলগৰ ছিনত বে গাঁৱত হৈছিল৷ দেউতাকৰ নাম আছিল জেং বে আৰু মাকৰ নাম আছিল কা-এত তিছপী৷ ১৯৪৮ চনত ডিলাই-ডিমাপুৰ পথৰ নিম্ন হাটকা প্ৰাথমিক বিদ্যালয়ত কেহাই বেৰ শিক্ষাৰম্ভ হয়৷ প্ৰাথমিক শিক্ষা সাং কৰি ১৯৫৩ চনত ডিলাই চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ত ভৰ্তি হয়৷ সেই বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে কৰ্মৰত কালীচৰণ পাটগিৰি ১৯৫৬ চনত ডিলাইৰ পৰা ডিফুলৈ বদলি হৈ যোৱাৰ পাছৰ বছৰত ছাত্ৰ কেহাই বেকো লগতে ৰাখি উচ্চ শ্ৰেণীত শিক্ষা গ্ৰহণৰ সুবিধা কৰি দিয়ে৷ গুৰু নিবাসত থাকি কেহাই বেই আমাৰ মাতৃসমা শিক্ষানুষ্ঠান ডিফু চৰকাৰী বালক বিদ্যালয়ত অধ্যয়ন কৰিছিল৷ আমাৰ বাবে এইটো গৌৰৱৰ কথা৷ ১৯৬০ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছৰ পৰ্যায়ত তেওঁ গুৱাহাটীৰ কটন কলেজত পঢ়ি আই.এ. পাছ কৰাৰ লগতে স্নাতক ডিগ্ৰীও লাভ কৰে৷

ছাত্ৰাৱস্থাতে কেহাই বেই এনে কেতবোৰ মহত্ত্বপূৰ্ণ গীত ৰচিছিল যিবোৰে আজিও স্বজাতি ভাষা-সাহিত্যপ্ৰেমীৰ মন-প্ৰাণ জুৰাই আছে৷ এটা উদাহৰণ নেপী আলাম নে কাচিংহন চেনাম (মোৰ আইৰ মুখৰ ভাষাটোক মই অন্তৰেৰে মৰম কৰোঁ)৷ এইটো কাৰবি লাম্‌মেত আমেই (কাৰবি সাহিত্য সভা, প্ৰতিষ্ঠা ২৭.০৩.১৯৬৬)ৰ আৰম্ভণী গীত হিচাপে চলি আহিছে যি গীতৰ কথাংশই প্ৰতিখন কাৰবি-হৃদয়ক সকলো সময়তে শ্ৰদ্ধানত কৰে, আলোড়িত কৰে, উদ্বেলিত কৰে স্বকীয় ভাষা-সাহিত্য-সংস্কৃতিৰ উত্তৰণমুখী চিন্তা আৰু কৰ্মৰ প্ৰতি৷ আকাশবাণী গুৱাহাটীৰ কাৰবি ভাষাৰ কাৰ্যসূচীতো তেওঁ লিখা গীত বাজিছিল৷ কটন কলেজৰ বাৰ্ষিক আলোচনী কটনিয়ানকাৰবি ফকৰা-যোজনা শীৰ্ষক কেহাই বেৰ প্ৰবন্ধ প্ৰকাশ পাইছিল ১৯৬৩-৬৪ চনতেই৷

লাংৱ'কু শব্দটোৰ সৈতে কেহাই বে'ৰ নামটো বাৰুকৈয়ে সাঙোৰ খাই আছে৷ থই আৱমংৱে (ভৈয়ামৰ ভৰত পক্ষী) আছিল ওৱাৰটন্‌ কুমাৰ বে ছদ্মনামত ১৯৬৫ চনত প্ৰকাশিত কেহাই বেৰ ৰোমাণ্টিকধৰ্মী গীতৰ পুথি৷ নিজা সৃষ্টিসমূহৰ উপৰি পুথিখনত সন্নিৱিষ্ট কৰা হৈছিল সেই সময়ৰ হিন্দী কথাছবিৰ মাজৰে কিছু বছা বছা জনপ্ৰিয় গীতৰ কাৰবি অনুবাদ৷ ডক্টৰ ভূপেন হাজৰিকাৰ বিশ্ববন্দিত গীত মানুহে মানুহৰ বাবে কেহাই বেই ৰংবং তেৰাং ছাৰৰ অনুৰোধমৰ্মে নিজৰ মাতৃভাষালৈ অনুবাদ কৰি উলিয়াছিল, মণিত মণিত আফান লে, জংছি আছাপ্তা মাথাথে, মাজিছ আতাংজি্‌ন্‌ছ পেন, মাল কেমাথাজি পুথা, অৱে মাৰ্‌লি বুলি৷

১৯৯১ চনৰ ১০ জানুৱাৰীত বে' গাঁওস্থিত নিজা বাসভৱন শান্তি কুটিৰত কেহাই বে মৃত্যু ঘটে৷ নিজৰ গীতবোৰ ওৱাৰটন্‌ আলুন (ওৱাৰটনৰ গীত) নামে পৰিচয় দি যোৱা, স্বচ্ছ জলধাৰাসদৃশ উপৰিউক্ত ৰোমাণ্টিক গীতটোত লাংৱকুৰ উল্লেখ কোন কেতিয়াবাতে, যতদূৰ সম্ভৱ ১৯৬৪ চনমানতেই কৰা হৈছিল৷ বুজন বয়স পায়ো আমিহে গভীৰভাৱে লোৱা নাছিলোঁ কিজানি৷ সেয়ে শুনা পাইছিলোঁনে নাই, একেবাৰে মনত নাই৷ শুনিছিলোঁ যদিও গূঢ়াৰ্থ বুজা নাছিলোঁ৷ গীতিকাৰক দেখা পাইছিলোঁ চাগৈ৷ স্মৃতিত কিন্তু ধৰা পেলাব এতিয়াও পৰা নাই৷ আৰু সেয়েহে, লাংৱকুৰ আহ্বান হৃদয়ংগম কৰাটো আমাৰ ক্ষেত্ৰত বহুতেই পলম হল৷ লাংৱকু আলাং চিথিং চৰিৰে গীতে লাংৱকু সম্বন্ধে, পাহৰি পেলোৱা স্বনামধন্য গীতিকাৰজনৰ সম্পৰ্কে আজি এই মুহূৰ্তত অনুসন্ধিৎসাৰ মাত্ৰা আৰু মনৰ উত্তেজনা বঢ়াই তুলিছে লাংৱকুৰ সন্ধানত যমুনা উপত্যকাত দি থকা খোজবোৰৰ সমানে সমানে৷

নেপী আলাম (নেপী আলাম নে কাচিংহন চেনাম, ৰূৰেতিক পিৰথে কাৰবি আচেথে, ৱাৰ উনএ ৱাৰ নাংনে, লা নেপী আলাম)ৰ দৰে লাংৱকুৱেও অমৰ কৰি ৰাখিব ওৱাৰটন কুমাৰ, কেহাই বেক৷ ডিলাইৰ মানুহ হিচাপে মোৰ বন্ধু তথা এই যাত্ৰা সাকাৰ কৰি তোলা লীলাধৰহঁতে সদায়ে গৌৰৱ কৰে কেহাই বে'ক লৈ৷ ফুটনি কৰিবলগীয়া কথাও অৱশ্যে৷

লীলাধৰেই উৎসাহিত কণ্ঠে ক'লে, 'লাংৱকুক লৈ কেহাই বেই কবিতাও লিখি থৈ গৈছে৷ আপোনাক মই কিতাপ এখন দিম বাৰু৷' কেহাই বে'ৰ প্ৰকাশিত-অপ্ৰকাশিত কিতাপ কেইবাখনো৷ জ'লাং কাংদিৰ, জিৰদাত আছং কপুছন?, কেমেথা আকুমলিন, কাই আজৰলাং, হমছেৰা, কাৰবি জুতাং এছন ছননি, কাৰবি আছাৰলামথে, কাৰবি সাহিত্যৰ ইতিবৃত্ত আদি৷ এইটো বছৰৰে জানুৱাৰী মাহত কাৰবি লাম্‌মেত আমেইৰ উ্দ্যোগত লীলাধৰ আৰু চিত্ৰ কুমাৰ বে'ৰ সম্পাদনাত কেহাই বে'ৰ জীৱন আৰু কৰ্ম বিষয়ক গ্ৰন্থ এখন প্ৰকাশ পাইছে৷

এতিয়া কথা হ'ল, কাৰবি গীত আৰু কবিতাত তাহানিতে ঠাই পোৱা, আমাৰ ৱিকএণ্ড এড্‌ভেন্‌চাৰৰ লক্ষ্যস্থল লাংৱকু জলপ্ৰপাতৰ প্ৰকৃত অৱস্থান কত? প্ৰশ্নটোৰ সঠিক উত্তৰ পাবলৈ হলে নিশ্চয়কৈ আমাৰ মুখৰ আগত ওলোৱা যমুনা নদীখনৰ গতিপথটো অধ্যয়ন কৰা আৱশ্যক হ'ব, যিহেতু লাংৱ'কু যমুনাতে বিলীন হৈছে৷



ঞ. যমুনাৰ সিপাৰলৈ

লাংৱকু যমুনাৰ উপনৈ৷ ডিফু মহকুমাৰ দুই তৃতীয়াংশ পানী যমুনা নৈয়ে কঢ়িয়ায়৷ কিতাপৰ পৃষ্ঠাত পোৱামতে মহকুমাটোৰ প্ৰায় মধ্যাংশৰ ডাম্বুকছৰ পশ্চিমৰ ১,৩৬০ মিটাৰ ওখ টিং এটাৰ কাষত যমু্না নৈখন উৎপত্তি হৈছে৷ উৎস স্থানৰ পৰা দক্ষিণ-পূব দিশত ৭ কিলমিটাৰ আহি ডাম্বুকছৰ পৰা অহা লাংমিলি নৈক লাইলুই নামৰ ঠাইৰ কাষত বাঁওপাৰে লগত লৈ এক সমকোণত ঘূৰি দক্ষিণ-পশ্চিমমুৱা হয়৷ এনেকৈয়ে আৰু ২ কিলমিটাৰ আহি নিজৰ উৎসৰ দক্ষিণফালে ওলোৱা চোটা যমুনা নৈক সোঁপাৰে লয়৷ ইয়াৰ পৰা দক্ষিণ দিশত ৩ কিলমিটাৰ আহি জাওলিয়েন পায়৷ তাৰ পৰা পুনৰ দক্ষিণ-পশ্চিমমুৱা হৈ ৪ কিলমিটাৰ আহি ছংফেলৰ ওচৰত থেদংলাংছক লগত লয়৷ তাৰ পাছত পশ্চিমমুৱা হৈ ২ কিলমিটাৰ ভটিয়াই ডাকলাংছ জানক সোঁপাৰে লগত লয়৷ তাৰ পৰা দক্ষিণমুৱা হৈ ১.৫ কিলমিটাৰ অহাৰ পাছত দক্ষিণ-পশ্চিমমুৱা হয়৷ এনেকৈ ৩.৫ কিলমিটাৰ আহি লাংৱকু নৈক সোঁপাৰে লগ পায়৷ লাংৱকু নৈত এটা ৩০ মিটাৰ ওখ জলপ্ৰপাত আছে৷ ইয়াৰ উপনৈৰ নাম আঠাজান৷ লাংৱ'কু জলপ্ৰপাতটোক লক্ষ্য হিচাপে লৈয়ে আমিকেইটা এইখন জংঘলত সোমাইছোঁহি৷

কাৰবি আংলং জিলাৰ ১২ খন দৰকাৰী নদীৰ ভিতৰত অন্যতম হৈছে যমুনা৷ জিলাখনৰ ডিফু মহকুমা আৰু নগাঁও জিলাৰ দক্ষিণ-পূব খণ্ডৰ সিংহভাগ ঠাই যমু্না নৈৰ অৱবাহিকাই আৱৰি আছে৷ মাঞ্জা, মহংডিজুৱা, লংনিত, বকলীয়াঘাট, হাওৰাঘাট, ডবকা, যমুনামুখ, যোগীজান আদি ইয়াৰ পাৰৰ প্ৰধান ঠাই৷ যমুনামুখত নৈখন কপিলীত পৰিছে৷ অগ্ৰভাগৰ লাইলুই, জাওলিয়েন, ছংফেল ইত্যাদি কুকি অধ্যুষিত৷
  
ডিমাচাসকলে যমুনাক 'ডিজেন' বোলে৷ কালিকা পুৰাণত ইয়াৰ নাম 'দিব্য-যমুনা'৷ শ্লোকত আছে… 'মহতী দিব্য-যমুনা যমুনাবৎ ফলপ্ৰদা৷ দক্ষিণাদি সমুদ্ভূতা দক্ষিণোদধি গামিনী৷৷'

প্ৰাচীন কামৰূপৰ পূৰ্বভাগত অৱস্থিত যমুনা নদীখন দক্ষিণ পৰ্বতৰ পৰা ওলাই ব্ৰহ্মপুত্ৰত পৰি দক্ষিণ সাগৰলৈ গৈছে৷ এই নদী প্ৰসিদ্ধ যমুনাৰ দৰে ফলদায়িনী৷ আনহাতে, গ্ৰেটাৰ ডিফু ৱাটাৰ চাপ্লাই স্কিমৰ অন্তৰ্গত মাঞ্জাত ইনটেক প্লাণ্ট সাজি ডিফু নগৰলৈ পানী সৰৱৰাহ কৰি অহা হৈছে এইখন যমুনা নদীৰ পৰাই৷ অৰ্থাৎ ডিফু চহৰে ইয়াৰ পানী খাই আছে, য'ত সংমিশ্ৰিত হৈ আছে লাংৱ'কুৰ নিৰ্মল-স্বচ্ছ জলধাৰা৷ আজি আমি যমুনাৰ অৱবাহিকাতে সপ্তাহান্তিক চফৰ এটা কৰি আছোঁহি লাংৱ'কুক মুখ্য কৰি৷

এতিয়া নৈ পাৰ হব লাগিব৷ গামোচা আনিছে নহয়? পিন্ধি লওক আটায়ে৷ দেৰি নকৰোঁ৷ লীলাধৰে ঘোষণা কৰিলে৷ ৰেষ্ট শ্বেডত ৰৈ নিজৰ নিজৰ বেগ খোঁচৰি প্ৰত্যেকে গামোচা, হাফপেণ্ট যি আছে উলিওৱাত ব্যস্ত  হৈ পৰিল৷ মই হাফপেণ্ট পিন্ধি ললোঁ৷ লীলাধৰ, তিমুংহঁতে গামোচা৷

কাৰ্যসূচী অনুসৰি এতিয়া আছে যমুনা ৰিভাৰ ক্ৰচিং৷ এটা নতুন অভিজ্ঞতা আৰম্ভ হ'বলৈ গৈ আছে৷ পোনে পোনে দেখা পাই থকাত নদীৰ বুকুত এইটো পাৰৰ পৰা সিটো পাৰলৈ শিল কিছুমান জিলিকিছে৷ সেইবোৰ যেন পথ-নিৰ্দেশনাহে! আগলৈ পাৰি থোৱা আছে বাঁহ দুডালমান৷ এনে নিৰ্দেশনা অনুসৰণ কৰিয়ে আমি পাৰ হব লাগিব৷ জামিৰ ইংতি সকলোৰে সন্মুখত৷ তাৰ পাছত জুলিৰাম তিমুং৷ তেওঁৰ পাছত কাংবুৰা ছিংনাৰ, অৰূপ কলিতা, প্ৰণৱজ্যোতি বৰা, ...৷ পানীয়ে পানীয়ে জপং জপংকৈ মিছিল এটা আৰম্ভ হ'ল৷ আটাইৰে দেহে-মুখে আনন্দ-উল্লাস৷ সাৱধানে, কেয়াৰফুলি বুলিও সকীয়াই আছে কোনোবাই৷

যমুনাৰ জলে প্ৰাণ খুলি চিঞৰ এটা মাৰি প্ৰথম খোজটো দিয়েই শিয়ৰি উঠিলোঁ৷ আ-হা-হা ঠাণ্ডা! হলেও সিপাৰ হবতো লাগিবই৷ দুৰ্বল হলে নচলিব৷ ৰাক্‌চেক্‌টোৰ পৰা পাছফালে ওলমি থকা ফিটা দুডাল টান কৰি ললোঁ যাতে ইফাল-সিফাল কৰি নাথাকে৷ জোতা দুপাত ইপাতৰ লগত সিপাতৰ ফিটা গাঁঠি মাৰি ডিঙিত ওলোমাই লোৱা হৈছে৷ কেমেৰাটো দুলি আছেই আগৰে পৰাই৷ পাৰ হওঁতে সুবিধা চাই মাজে মাজে ফটো তুলি যোৱাৰ মতলব৷ অৰুণাচলৰ নামবিহীন অৰণ্যৰ অভ্যন্তৰত অতিপাত খৰস্ৰোতা সোৱণশিৰিৰ মৰণফান্দসদৃশ ওলোমা দলং পাৰ হওঁতেও ফটো তুলিবলৈ এৰা নাছিলোঁ৷ ইয়াত এৰিমনে? আনহাতে ইয়াত তাৰ তুলনাত বিপদৰ মাত্ৰা নগণ্য৷ সেয়ে অৰূপদাৰো মনত ভয় কমকৈ লাগিছে৷ নিৰ্জনতা ভাঙি স্ফূৰ্তিতে মাজে মাজে আকৌ চিঞৰিছোঁ, যমুনাৰ জলে...৷ ক'ৰ পৰানো শব্দযুগল হঠাতে মনলৈ আহি গ'ল, নাজানো৷ মাথো চিঞৰিছোঁহে চিঞৰিছোঁ৷ তাকে শুনি প্ৰণৱ, অৰূপদাহঁতৰ মুখত হাঁহি বিৰিঙিছে৷ শংকা ভাবটোও পলাইছে চাগৈ৷

মোৰ আগত অৰূপদা, প্ৰণৱ৷ পাছত লীলাধৰ৷ সাঁতুৰিব নাজানো বাবে ভয় মোৰ বেছিহে আছে৷ সেয়ে প্ৰতি মুহূৰ্ততে সাৱধানে, আনক লক্ষ্য কৰি, সোঁত আৰু গভীৰতা পৰীক্ষা কৰি এখোজ এখোজকৈ ভৰি আগ বঢ়াইছোঁ৷ চৰণেহে জানে মৰণৰ ঠাই কথাষাৰ জনা আছে৷ অলপ পাছতে পানীয়ে আঠুঁ চুলে৷ এহাতে পেণ্টটো দাঙিছোঁ৷ নাই, এছোৱা তিতিলেই৷ বচাব নোৱাৰি৷ বচালে নিজৰে বিপদ৷ কাপোৰ তিতকেই লাগে, সন্তুলন ৰক্ষা কৰিবই লাগিব৷ জোতাযোৰে দিগদাৰি দিব ধৰিলে৷ তিমুঙে ল'ব খুজিছিল, নিদিলোঁ৷ নিৰাপদ দূৰত্ব থাকোঁতে জোখ-মাখ আন্দাজ কৰি সৰ্বশক্তি প্ৰয়োগেৰে দলিয়াই দিলোঁ সিপাৰলৈ৷ অলপতে পানীত নপৰিল৷ ইংতি আৰু তিমুঙে প্ৰত্যেককে হাতত ধৰি ধৰি পাৰ হোৱাত সহায় কৰিছে৷ বেগ কঢ়িয়াই সিপাৰে থৈ আকৌ ঘূৰি আহিছে নৈৰ মাজলৈ৷ সাহস যোগাইছে৷

দুৰ্বল মানুহে যদি, জীৱনৰ কোবাল সুঁতি, পাৰ হয় তোমাৰে সাহত, তুমি হেৰুৱানো কি? কেদুক আমণিত জংছি, আকাই আলাংৰিব থেপি, কাপ্‌উন নাংপেন আজক, নাং কপি চেপ্লাংজি? ভূপেন হাজৰিকাৰ গীতৰ শাৰীকেইটা মনলৈ আহিল৷ কাৰবি অনুবাদৰ সৈতে আজিও সাঙোৰ খাই আছে কেহাই বেৰ নাম৷

নদীপৃষ্ঠত পিছল নোহোৱা জেগা অনুমান কৰি, সবল খোপনি ৰাখি, খোজ দি, দেও দি এসময়ত সিপাৰ পালোঁহি৷ প্ৰত্যেকৰে খুব আনন্দ লাগিছে৷ কাৰণ এতিয়াহে জলপ্ৰপাত দেখিবলৈ পাম৷ নতুবা কোনেও নেদেখে৷ যমুনা পাৰ হ'ব নোৱাৰিলে লাংৱ'কু চাম বুলি অহাটো তেনেই মিছা৷ দূৰৰ পৰাই নমস্কাৰ জনাই অহা বাটে উভতি যাব লাগিব৷




ট. লাংৱ'কু লাংচুন দেখিলোঁ

আমাৰ সময়টো ভাল হৈছে৷ যমুনাখন নিৰাপদে, ঠিকে-ঠাকে পাৰ হ'ব পাৰিলোঁ৷ বৰষুণ পৰিলে, পানী বাঢ়ি থাকিলে কিন্তু বিপদ অনিবাৰ্য৷ পাহাৰীয়া নৈ৷ পগলা ৰূপ এটা লুকাই থাকেই৷ হঠাতে কেতিয়া ভয়ংকৰ হৈ পৰে তাৰ একো খবৰ নাথাকে৷ দলং-চলঙো নাই৷ সেয়ে প্ৰথম আৰু শেষ কথা হ'ল সাৱধানতা, জুখি-মাখি ভৰিচালনা৷ যি হওক, সুকলমে পাৰ পাই গৈছোঁ আটায়ে৷ তাৰ লগে লগে যমুনাৰ বুকুৰ ভাষাও কিছু পৰিমাণে হ'লেও হৃদয়ংগম কৰিবলৈ সমৰ্থৱান তথা সৌভাগ্যৱান হ'লোঁ যেন লাগিছে৷

ৰিভাৰ ক্ৰচিঙৰ সফলতাৰ পাছত এতিয়া পুনৰাই আহি পৰিল ট্ৰেকিং-হাইকিং৷ নৈপৰীয়া শিলত বহি লৈ অথনি ৰাক্‌চেকত সামৰি থোৱা ট্ৰেকচুটযোৰৰ লগতে জোতা-মোজা আকৌ পিন্ধি লৈছোঁ৷ ঠাইখিনি সেমেকা, চেঁচা৷ লুংলুঙীয়া বাট এটা জংঘললৈ সোমাই যোৱা দেখা পাই আছোঁ৷ অনুমান হৈছে, আমি সেইফালেই যাব লাগিব৷ বৰ বেছি আগলৈ দেখা গৈও থকা নাই৷ মোৰ আন্দাজটোৱেই সত্য৷ হাতত দা লৈ পথ-প্ৰদৰ্শক আগুৱান হ'ল৷ পাছে পাছে আমি৷ খোজত খোজ মিলাই আছোঁ৷ অলপ গৈয়ে বাঁহনি৷ ধেনুভিৰীয়াকৈ থকা বাঁহগছবোৰৰ তলে তলে লিক্‌ এটা৷ খচমচ শব্দ তুলি ইংতিয়ে বাট দেখুৱাই নি আছে৷ তেওঁক অনুসৰণ কৰি গৰা বগাই উঠিবলগীয়াও হৈছে৷ নিলগতে শুনা পাইছোঁ বোঁৱতী পানীৰ মাত৷ দিনৰ ১০ বাজিবৰ হ'লহি৷

অলপতে পাম পাম যেন ধাৰণা এটা হৈছে, লাংৱ'কু লাংচুন৷ সেউজ প্ৰকৃতিৰাণীৰ স্নেপ লোৱাৰ নিচাটো জাগি উঠিল৷ ফটোৰ পাছত লাগি প্ৰণৱ আৰু মই গ'লোঁ পিছ পৰি৷ বাকীসকল নেদেখা দূৰত্বত৷ হৰ্‌হৰণিৰ শব্দটো ক্ৰমাৎ ডাঙৰ হৈ আহিছে৷ আগলৈ যোৱা প্ৰকৃত ৰাস্তাটো কেনি? একো চিন-মোকামো এৰি থৈ যোৱা নাই অগ্ৰগামীসকলে৷ বুজিলোঁ, তাৰ মানে আমি দুটা হেৰালোঁ৷ অচিন জংঘলত আমাৰ ট্ৰেইলটো ভুল হ'ল৷ বাট নিচিনি বেলেগ এফালে দিলোঁ সোমাই৷ জলপ্ৰপাতৰ তলফালহে এইটো৷ যাব লাগিছিল ওপৰলৈ৷ চকুৰ সন্মুখত শিলৰ ওপৰেৰে জৰ্‌জৰাই পানী বাগৰি আছে৷ এনে মুহূৰ্তত সংগীসকলক চিঞৰিও কোনো লাভ নাই৷ নুশুনে৷ ইয়াত শিল, গছ, লতা অসংখ্য৷ গছ আৰু শিলবোৰৰ ফাঁকে ফাঁকে, ক'ৰবাত লতাত ধৰি বগাই, ক'ৰবাত উঠি-নামি, ঘূৰি-পকি কিবাকৈ আচল দিশটো আৱিষ্কাৰ কৰিলোঁ যেনিবা৷ ৰক্ষা৷ ঈশ্বৰক ধন্যবাদ৷

কেইযোজনমান মাত্ৰ৷ শিলে শিলে দেও দি উৎসাহেৰে আগুৱাওঁতেই চকুৰ আগত ওলাই পৰিল স্বপ্নৰ লাংৱ'কু৷ গাখীৰ-বগা পানী পাহাৰৰ বুকুৰ পৰা ধাৰাসাৰে নামি আছে৷ মাজতে এক শৈলপ্ৰাচীৰ৷ বৃহৎ শিলটোৱে আঁৰ কৰি ধৰাত জলপ্ৰপাতটো সম্পূৰ্ণৰূপে নেদেখি৷ সোঁহাতে এসোঁত, বাঁওহাতে এসোঁত দেখা পাইছোঁ৷ সশব্দে পানী বাগৰি থকাৰ বাবে সৃষ্টি হোৱা ধাৰাবাহিক কোলাহলেৰে গোটেইখন তাল-ফাল৷ ক'ৰ পৰানো আহিছে ঔ ইমান পানী? সৌ ওপৰলৈ আছে কি? চকু দুটাই ওপৰলৈ চোৱাৰ সমানে সমানে কৌতূহলী মনটোৱে লগে লগে প্ৰশ্নবোৰ থিয় কৰিলেই৷ যাব পৰা যাবনে তালৈ, ৰহস্যৰ পম খেদি? হৃদয়খন উৰা মাৰিলেই শীৰ্ষ অভিমুখে৷ শৰীৰ ইফালে তলতে৷ উপস্থিত হৈছোঁহে মাত্ৰ৷

বাকীসকল লাংৱ'কুৰ কুমাৰী সৌন্দৰ্য পান কৰাত ব্যস্ত৷ আমাৰহে লিকৰ বেমেজালিত অকণমান পলম হৈ গ'ল৷ সি যি কি নহওক, তৎমুহূৰ্ততে এলেকাটো পৰ্যবেক্ষণ কৰি অংক এটা কৰিলোঁ যে যদিহে জলপ্ৰপাতটো সম্পূৰ্ণভাৱে চাবলৈ হয়, সন্মুখভাগ ঢাকি ধৰা মস্ত শিলটোত কিবাকৈ হ'লেও উঠিব পাৰিব লাগিব৷ ভবাৰ লগে লগেই কাৰ্যকলাপ আৰম্ভ৷ সাৱধানী শৈলাৰোহণেৰে তলৰ পৰা উঠি উঠি ওচৰ চাপি গ'লোঁ৷ লীলাধৰে বাঁওফালেৰে পানীয়ে পানীয়ে যিমান পাৰে আগ বাঢ়ি ফটো তোলাত লাগিছে৷ মই ওপৰত, সি তলত৷ মই এতিয়া আচল জেগাত উঠাৰ চেষ্টা চলাম৷ জোতা পিন্ধি পৰা নাই৷ এই পৰ্যন্ত এবাৰো পিছল খোৱা নাই যদিও এইডোখৰত ৰিস্ক ল'ব নোৱাৰি৷ সৰি পৰিলে হ'লেই আৰু৷ সেয়ে জোতা-মোজা খুলিলোঁ আৰু শিলৰ ওপৰত সজাই থ'লোঁ৷ ৰাকচেকো থ'লোঁ৷ কেমেৰাটো আছে ডিঙিত৷ খুব কষ্ট কৰি, বুদ্ধি খটুৱাই এসময়ত উঠি গ'লোঁ শিলটোত৷ আঃ এয়াহে দৃশ্য! উত্তেজনাত দুহাত প্ৰসাৰিত কৰি দিলোঁ দুগ্ধ-শুভ্ৰ জলৰাশিক মুখৰ আগত লৈ৷ যেন আলফুলে সাবতি ধৰিম লাংৱ'কু আলাংচিথিং, লাংৱ'কুৰ নিৰ্মল ধাৰাটোক!  পুৱাতে ঘৰৰ পৰা ওলাই আহি এয়া, জেগা পাই গ'লোঁ৷ মিছন চাকচেচ্‌ফুল৷

বিপৰীতফালে দৃষ্টি ঘূৰাইছোঁ৷ অৰূপদা তলত শান্তমনে শিল এটাত বহি আছে৷ ভাগৰ লাগিছে৷ জিৰাইছে৷ কাষত প্ৰণৱ আৰু জুলিৰাম তিমুং৷ ওপৰৰ পৰা দুবাৰ ইংগিত দিলোঁ, ম'বাইলৰ কেমেৰাৰে মোৰ ফটো এখন তোলকচোন বুলি৷ যিমান জোৰত কথা ক'লেও জলপ্ৰপাতৰ ধ্বনিৰ কোবত কোনে কি কৈছে একো নুশুনি৷ ইংগিতহে কাৰ্যকৰী৷ অৰূপদাই ম'বাইলটো হাতত লৈ ফটো তোলাৰ দৰে কৰাযেন লাগিল৷ কি কৰিলে, ফটো তুলিলেনে নাই জনাৰ উপায় নাই৷ এবাৰ হাতখন দঙা দেখিলোঁ অৱশ্যে৷

কাংবুৰা ছিংনাৰ আৰু জামিৰ ইংতি শিলটোৰ তলফালে ৰৈ আছেহি৷ দৃষ্টি ওপৰৰ ফালে, সোঁ ধাৰাটোত৷ দেখিয়েই বুজি পালোঁ, সোঁফালেৰে বগাই জলপ্ৰপাতটোৰ উচ্চভাগলৈ যোৱাৰ মতলব৷ মোৰো একান্ত ইচ্ছা আছিল৷ কিন্তু সিহঁতচোন আগ বাঢ়িলেই! কি হ'ব এতিয়া? নহ'ব নেকি আজি ওপৰৰ দৃশ্য চোৱা? ঠিক আছে, দেখা যাব বাৰু৷ প্ৰথমে এই আনন্দকে হিয়াভৰি লৈ লওঁচোন৷ জীৱনক ৰোমাঞ্চিত কৰা উপাদানসমূহৰ এটা হৈছে জলপ্ৰপাত৷ লাংৱ'কু জলপ্ৰপাত সহজে পোৱা অৱস্থানত নাই৷ কষ্ট কৰি নৈৰ সোঁত ফালি আহিব লাগে৷ গতিকে সোৱাদ সম্পূৰ্ণভাৱে ল'ব লাগিবই৷

অৰুণাচলৰ চিক'দিদ'ই কওঁ, কাৰবি আংলঙৰ কাংথিলাংছ' বা ডিক্ৰুটপীয়েই কওঁ, বা চাপানলাৰ চম্পাৱতীয়েই হওক, প্ৰত্যেকটো জলপ্ৰপাততে এবিধ উদ্ভিদৰ উপস্থিতি মই মন কৰি আহিছোঁ৷ গুলপীয়া ৰঙৰ ফুল ফুলে৷ নাম হ'লে নাজানো৷ পাতবোৰ কচুপাতৰ লেখিয়া৷ কিন্তু সৰু সৰু৷ ইয়াতো দেখিলোঁ, দেধাৰ আছে৷ ঘৰলৈ লৈ যাম লৈ যাম যেন লাগি গৈছে৷ আনিবলৈ যোৱাটোহে নিশ্চিতভাৱে হ'ব মূৰ্খামি৷ এনেকুৱা সময়ত আত্মনিয়ন্ত্ৰণ বা সম্বৰণ বৰ দৰকাৰী৷

পাহাৰৰ মাজৰ শিলৰ ফাঁকেৰে খৰবেগে নামি আহিছে সমস্ত পানীবোৰ৷ চালোঁ বহু পৰ৷ মোক ওপৰত উঠি থকা দেখি লীলাধৰো বগাই আহিল৷ অলপ পাছত তিমুং আৰু প্ৰণৱো উঠিলেহি৷ সৌন্দৰ্য দৰ্শনৰ ইচ্ছা পূৰণৰ লগে লগে ফটো চেচন এটাও চলি গ'ল৷ ইফালে কোনো নাহোঁতেই মই জলপ্ৰপাতৰ ভিডিঅ' এটা কৰি থৈছোঁ৷ ঘৰ গৈ পাই ইউটিউবত আপল'ড কৰিলে ইচ্ছুকসকলে চাব পাৰিব৷ কাৰবি আংলঙৰ হাবিত কি আছে গম পাব৷ আগ্ৰহীজন আহিব পাৰিব৷ সচিত্ৰ বাটৰ বিৱৰণী মোৰ ব্লগত বিনাখৰচত পঢ়ুৱাবলৈ মই আছোঁৱেই৷ লগ দিবলৈ স্থানীয় চৰকাৰী গাঁওবুঢ়া ইংতি আছে, ডিলাইৰ তিমুং আছে, ডিফুৰ লীলাধৰ আছে৷ অৰূপদাৰ জীপচিখন আছে৷

হেঁপাহ পলুৱাৰ পাছত নামি আহি অৰূপদাৰ ওচৰ নৌপাওঁতেই ওপৰলৈ চাই দেখোঁ যে ইংতি আৰু ছিংনাৰ উঠি উঠি জলপ্ৰপাতৰ শীৰ্ষ পালেগৈ৷ ওপৰত মস্ত আমগছ এজোপা দেখা গৈ আছে৷ সিমানলৈকে যোৱাৰ ইচ্ছা মোৰো আছে৷ অথনি লীলাধৰে ডিলাইত চাহ খাই থাকোঁতে সেইজোপাৰে কথা কৈছিল৷ শিলৰ বুকুত গজি ডাঙৰ হৈ প্ৰকাণ্ড জোখৰ হৈ পৰিল৷ অলপ সময়ৰ পাছতে ছিংনাৰ আৰু ইংতি দুয়োজনেই নেদেখা হৈ গ'ল৷ কোনফালে আগ বাঢ়িল জনাৰ উপায় নাই৷ মোৰহে আফচোচ ৰৈ গ'ল, একেলগে যাব নোৱাৰি৷ সোণালী সুযোগ হেৰোৱালোঁ৷ এই যাত্ৰাত ছিংনাৰহে ধনী হ'ল৷ মোৰ কোনো কাহিনীয়ে নাথাকিব৷ কাক বুজাম চাটি-ফুটি কৰি থকা অন্তৰৰ গুপুত কথাবোৰ? স্মৃতিৰ ভঁৰাল কি এনেয়ে চহকী হব নেকি, যদিহে লাংৱ'কুৰ সৌ বিখ্যাত আমজোপালৈকে এবাৰ নবগাওঁ? ইয়ালৈ আহি নিজৰ মানসিক-শাৰীৰিক শক্তি আৰু দুঃসাহসৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিলোঁজানো? শীৰ্ষস্থানত বিচৰণ কৰিব নোৱাৰিলে মুক্ত পখীৰ অনুভূতিয়েইবা বুজিম কেনেকৈ? কথাবোৰ গোপনে চিন্তা কৰি আছোঁ৷



ঠ. জলপ্ৰপাতত হেৰাই গ'ল ২ সংগী

১০.৩০ হৈছে৷ নামনিত শিলৰ ওপৰত বহি আমি ৫জনে কুমাৰী প্ৰকৃতিৰ মনোমোহা দৃশ্যপট উপভোগ কৰি আছোঁ৷ বিভিন্ন কথা পাতিছোঁ৷ আশ্চৰ্যচকিত হৈছোঁ, প্ৰকৃতি ইমানেই নিভাঁজ আৰু মনোৰম ইয়াত! কাৰবি আংলঙৰ ভৌগোলিক পৰিধিৰ ভিতৰত চাবলৈ কিমানবোৰযে নিৰ্ভেজাল সুন্দৰতা আৰু আশ্চৰ্য আছে, জীৱনতো শেষ কৰিব পাৰিমনে নোৱাৰিম, ডাঠি কোৱা নাযায়৷ বহুখিনিয়ে বোধ কৰোঁ নেদেখাতে থাকি যাবগৈ৷ অৱধাৰিতভাৱেই এদিন সকলোটি গুচি যাম সিপুৰীৰ নেদেখা দেশলৈ৷ হ'লেও মানুহ আৰু প্ৰকৃতিৰ মাজৰ দূৰত্ব নোহোৱা কৰাৰ চেষ্টাত অহৰহ লাগি থাকোঁ আৰু যিমানেই গভীৰতালৈ গতি কৰোঁ, বুজাব নোৱাৰা হিচাপত সুখী হৈ পৰোঁ৷ নগৰ-মহানগৰৰ হাই-উৰুমি, কোনো ধৰণৰ কৃত্ৰিমতা, প্ৰদৰ্শনকামিতা একদম অপছন্দ৷ ভাল লাগে এনেকুৱা নিৰ্জন এলেকা য'ত অৱস্থিতি সত্য, শিৱ আৰু চিৰসুন্দৰৰ৷ অজানা-অচিনা স্থানত হেৰাই যোৱাৰো হেঁপাহ এটা জাগে৷ এনেকৈ হেৰাই যোৱাৰ আনন্দ আছে৷

'ছিংনাৰ আৰু ইংতি ক'ত হেৰাই গ'ল? এতিয়ালৈ দেখা-দেখি নাইযে!' প্ৰশ্ন তুলিছোঁ৷ অন্য এজনৰ ক্ষোভ আৰু আশংকা, 'কথা নাই বতৰা নাই ছিংনাৰে ইংতিক কিয় বাৰু তেনেকৈ লৈ যাব লাগে? ভিডিঅ কেমেৰা লৈ আহিছে বুলিয়েই আনবোৰক এৰি থৈ আগে-ভাগে তেনেদৰে আগ বাঢ়িব নালাগেতো৷ ঈশ্বৰে নকৰক, কিবা অঘটন-অথন্তৰ ঘটি যায় যদি!' অনুপস্থিত ২ সংগী স্বাভাৱিকতে যোগ-বিয়োগ উভয় দৃষ্টিভংগীৰেই চৰ্চালৈ আহিছে৷

'কাৰবি আংলং... প্ৰকৃতি, সৌন্দৰ্য আৰু সম্পদ'৷ এইটোকে theme হিচাপে লৈ সম্পূৰ্ণ নিজা চিন্তা আৰু তৎপৰতাত একে মন-মগজু, একে উদ্দেশ্য-আনন্দৰ সীমিতসংখ্যক জ্যেষ্ঠ-কনিষ্ঠ ভাই-বন্ধুৰ আন্তৰিকতাপূৰ্ণ সহযোগিতা তথা স্থানীয় আগ্ৰহী লোকবিশেষৰ স্নেহ আৰু কৃপাধন্য হৈ ভিতৰুৱা অথচ গুৰুত্বপূৰ্ণ spotবোৰ দৰ্শন-পৰিদৰ্শন কৰি ছবি সংগ্ৰহৰ উপৰি পূৰ্ণাংগৰূপী এলানি ভ্ৰমণ-লেখা যুগুতোৱাৰ প্ৰচেষ্টা চলাই আছোঁ, গোপনে৷ ইয়াৰ জৰিয়তে বিশেষভাৱে, এড্‌ভেন্‌চাৰপ্ৰেমী, দুঃসাহসী পৰ্যটনকাৰীসকলে এনে কেতবোৰ information পাব যিবোৰ সহজলভ্য নহয় বুলি মই ভাবোঁ৷ লাংৱ'কু আগমন মোৰ এই গুপ্ত উদ্দেশ্যৰে অংশস্বৰূপ৷ সেয়ে কালি পুৱা ৰাধাচূড়াৰ তলত কথা ওলোৱাৰ লগে লগে যাত্ৰাটো সাকাৰ কৰাত আগ-ভাগ লৈ লৈছিলোঁ৷ ফলস্বৰূপে আজি এয়া আহিও ওলালোঁ৷ লাংৱ'কুৰ পাছত কি? আলোচনা চলি আছে৷ কেইবাজনেও কৈছে সিংহাসন৷ সিংহাসন পৰ্বতলৈ যাব লাগে৷


অৰূপদাই বেগ খুঁচৰি আপেল আৰু কমলা বাহিৰ কৰিছে৷ ৰাতিপুৱা ঘৰ এৰি ওলোৱাৰ মুহূৰ্তত ডাইনিং টেবুলৰ ওপৰত দুটা আপেল আৰু দুটা কমলা পালে৷ তাকে লৈ আহিছিল, কামত আহিব বুলি৷ এতিয়া কামত আহিছে৷ তাকে আমি ৫জনে ভগাই খাই আছোঁ৷ দুজন ইতিমধ্যে অন্তৰ্ধান৷ কত আছেগৈবা, কি কৰিছেবা, সিহঁতে জানে আৰু ভগৱানে জানে৷ উঠি যোৱাটো দেখা পাইছিলোঁ৷ বিপদসংকুল বাট সেইটো৷ যাব নালাগিছিল৷ উঠোঁতে বাৰু যেন-তেন৷ নমাত কিন্তু মস্কিল আছে৷ পিছল হ'ব৷ হাঁহি-মাতি আপেল-কমলা চোবাই আছোঁ যদিও ঘূৰি ঘূৰি নিৰুদ্দিষ্ট সংগীদ্বয়ৰ প্ৰসংগটো ওলায়ে আছে আৰু সময় যিমানে আগুৱাই গৈছে, দুয়োকে লৈ চিন্তা বেছিকৈ লাগি আহিছে আমাৰ৷

ওপৰৰ পৰা প্ৰৱল বেগেৰে পৰি আছে লাংৱকুৰ জলৰাশি৷ পাইপত ভৰাই ডিফুলৈ বোৱাই দিব পাৰিলে আমাৰ চহৰখনৰ খোৱাপানীৰ সমস্যা নিৰ্ঘাত আঁতৰিলেহেঁতেন৷ পানীৰ গুণাগুণ কেনে ক'ব নোৱাৰোঁ পিছে৷ বিজ্ঞানীয়েহে বিশ্লেষণ কৰি সঠিককৈ কব পাৰিব৷ ক'ব পাৰিব জলপ্ৰপাতটোৰ শিলৰ গঠন আৰু প্ৰকাৰ, উচ্চতা আৰু বেধ, নিৰ্গমন হোৱা পানীৰ পৰিমাণ, ক্ষয় কাৰ্যৰ প্ৰাৱল্য, খৰস্ৰোতবোৰ কিমান থিয়গৰীয়া, কিমান বিস্তৃত, কেটাৰেক্ট, কাছ্‌কেড, পানীত দ্ৰৱীভূত হৈ কি আছে কি নাই, উচিত-অনুচিত, ঠিক হ'ব-নহ'ব ইত্যাদি ইত্যাদি৷ আমি এজনো সেই জাতৰ মানুহ নহওঁ৷ সামান্য পুথিগত জ্ঞানেৰে ইমানখিনিয়েই জানো যে যেতিয়া নদীয়ে কোনো কঠিন শিলাৰ ওপৰেদি আহি হঠাতে কোমল বা দ্ৰৱণশীল শিলাত অৱক্ষয় আৰম্ভ কৰে, তাতেই জলপ্ৰপাতৰ সৃষ্টি হয়৷

জলপ্ৰপাতৰ জল-নিৰ্গমনৰ আয়তন আৰু গতিশক্তিৰ ওপৰত ভিত্তি কৰি সৰু-বৰ জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰা যায়৷ লাংৱকুৰ এনেকুৱা জৰীপ হৈছেনে নাই, তেনেকুৱা চিন্তা কিবা চলিছে নেকি সেয়াও নাজানো৷ খট্‌খটিৰ দৰে কিছুমান সৰু সৰু জলপ্ৰপাত হ'লে দৃষ্টিগোচৰ হৈছে৷ গতিপথত যেতিয়া আনুভূমিক অথবা উলম্বিকভাৱে কঠিন আৰু কোমল শিলা একান্তৰভাৱে অৱস্থিত হয় তেতিয়া এনেকুৱা খৰস্ৰোত বা ৰেপিড্‌ছবোৰ সৃষ্টি হয় বুলি পঢ়িবলৈ পাইছিলোঁ৷ ইয়াত পানীৰ পৰিমাণলৈ চাই খৰালি শুকাই যোৱা বিধৰ নহয় যেনেই লাগিছে৷ বহুত পানী আছে৷ অন্ততঃ নগাঁও-কাৰবি আংলং সীমান্তৰ আকাশীগংগাৰ দৰে নহয়৷ কল্পনা কৰিছোঁ, বাৰিষা অধিক বৃষ্টিপাতৰ ফলত জলপ্ৰপাতটো কিমান আহল-বহল হবগৈ পাৰে৷ জীৱনকালত এই পৰ্যন্ত মই ভালেমান জলপ্ৰপাত দেখিছোঁ৷ সেউজীয়া আৱেষ্টনীৰ মাজত আত্মগোপন কৰি থকা লাংৱকুৰ কিন্তু স্বকীয়ত্ব এটা নথকা নহয়৷ বহুতেই এতিয়াও দেখাহি নাই৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ জলপ্ৰপাতে পৰ্যটকক সহজতে আকৰ্ষণ কৰে৷ চৰকাৰী ৰাজকোষলৈ ৰাজহ সংগ্ৰহৰ বাটো মোকলাব পাৰে, যদিহে যথাযথভাৱে সজাই-পৰাই তোলা হয়৷ লাংৱ'কুৰ অৰ্থনৈতিক স্থিতি নিঃসন্দেহে এক গম্ভীৰ বিচাৰ্য বিষয়েই হব৷

খুব চাবৰ মন গৈছে উচ্চভূমিৰ গতিপথটো৷ চাবৰ মন, ওপৰত কি আছে৷ কৰ পৰা পানীবোৰ হৰহৰাই আহি আছে৷ লীলাধৰৰো ইচ্ছা একেটাই৷ উদাত্ত কণ্ঠে ক'লে, 'আহিছোঁ যেতিয়া চাই যাবই লাগিব৷' ইফালে এই আশা পূৰ্ণ হবলৈ হলে জংঘল মহতিয়াই পাহাৰ বগাই উঠাটো ধৰা-বন্ধা৷ সমস্যা এটা হল যে বাট দেখুৱাবলৈ লগত অনা আমৰেং ইংতি গাঁৱৰ গাঁওবুঢ়া জামিৰ ইংতি নাপাত্তা হৈ গল৷ কাংবুৰা ছিংনাৰো নাপাত্তা৷ তলৰ পৰা চিঞৰিছোঁহে চিঞৰিছোঁ, টেঁটু ফালিলেও কোনো সঁহাৰি নাই৷ জলপ্ৰপাতৰ পানীৰ শব্দত আমাৰ আটাহবোৰ নগণ্য বিবেচিত হৈছে৷ কোনে আমাক বাট দেখুৱাই নিব? লীলাধৰৰ পেটে পেটে ভীষণ খং উঠিছে ছিংনাৰলৈ৷ 'কি কাৰণে সি গাঁওবুঢ়াক লগত লৈ আগে-ভাগে ওপৰলৈ উঠি যাব লাগে? এতিয়া ইমান পৰে দেখাদেখি নাই৷ ভগৱানে নকৰক, কিবা অঘটন ঘটিছে যদি কিযে হব নহয় আজি!' তিমুঙে আকৌ ওপৰফালে উঠা বাট চিনি নাপায়৷ দা এখন হাতত আছে বাৰু৷ সেয়াই সাহসৰ সম্বল৷ ৰৈ নাথাকি তেওঁকে শিখণ্ডী হিচাপে লৈ অভিযান আৰম্ভ হল৷

ইংতি আৰু ছিংনাৰৰ কাপোৰ, মোনা, জোতা আদি শিল এটাৰ ওপৰত সিঁচৰতি হৈ আছে৷ এৰি থৈ গৈছে ইয়াত৷ 'কি কৰা যায় এইবোৰ? লগত লৈ লোৱা উচিত হব নে থাকক এনেকৈয়ে?' দেখা পাই সকীয়ালোঁ মই৷ লীলাধৰে সিদ্ধান্ত দিলে, 'নাই নাই, যেনে আছে তেনেই পৰি থাকক৷ কত গল কোনে জানে? কেতিয়া আহিব, আহিবনে নাহিব, তাৰো ঠিকনা নাই৷' এই দুটাক বিচাৰিহে যেন ওলাইছোঁ আমি! দুঃসাহস আৰু কষ্টক সন্মুখত লৈ ওপৰলৈ বগাবৰ মন সিমান নাথাকিলেও অৰূপদা আৰু প্ৰণৱো বাধ্য হ'ল বাকী তিনিক অনুসৰণ কৰিবলৈ৷



ড. বুঢ়া আমজোপাক সাবটি ধৰিলোঁ

৫ জনীয়া দলটো সাজু হৈছে৷ প্ৰথমেই লাংৱকুৰ নিম্নগামী সোঁ ধাৰাটো পাৰ হব লাগিব৷ সেয়ে আৰম্ভণিতে কিছু বেক্‌ ট্ৰেকিং৷ শিল কিছুমানৰ ওপৰেদি সাৱধানে পানী অতিক্ৰম কৰিছোঁ৷ একেবাৰে পাছত থকা অৰূপদাইহে ভুলতে পিছল জেগাত ভৰি দি খেলিমেলিখন লগালে৷ কৰ্ফাল খাই পৰাৰ পৰা সৌভাগ্যক্ৰমে বাচিল যেনিবা৷ শিলৰ ওপৰত বহি, চোঁচৰি চোঁচৰি পাৰলৈ আহিল৷ চিঞৰ-বাখৰ আৰু উদ্ধাৰ কাৰ্যত সময় নষ্ট হ'ল অলপ৷ এনেয়ে দুজনক লৈ চিন্তা, আশংকাৰ শেষ নোহোৱা হৈছে৷ তাতে আৰু কোনোবাজনৰ কিবা অথন্তৰ ঘটিব লাগিলে হ'লেই আৰু৷ ইয়াৰ পৰা কঢ়িয়াই বাহিৰ উলিয়াই নিয়াই টান হ'ব৷ দুৰ্গম ঘোঁকটত ইতিমধ্যে সোমাই পৰিছোঁ৷

পানী পাৰ হৈয়ে হাবি৷ হাবি কলে ভুল হব৷ অৰণ্য৷ বেলিৰ পোহৰো যত অস্পৃশ্য৷ বাট বুলিবলৈ শূন্য৷ তথাপিতো তিমুঙে প্ৰথমে ট্ৰেইল বিচৰাত লাগিল৷ নাই, কেনিও একো চিন-চাব উলিয়াব পৰা নাই৷ এতিয়া তেওঁ যেনি দাৰে গছৰ ডাল-পাতবোৰ ঘপিয়াইছে, লতাবিলাক কাটিছে, সেয়াই ট্ৰেইল৷ আনহাতে, থিয়কৈ উঠি যাওঁ, সোনকালে পাম বুলি ভাবিলেও আহুকাল৷ মাজে মাজে গহ্বৰ একোটা আছে৷ ইমানৰ মাজতো খোজ আগ বঢ়োৱাৰ সমানে সমানে অলপ সময়ৰ ব্যৱধানত হেৰোৱা দুজনক উদ্দেশ্য কৰি যিমান পাৰি সিমান ডাঙৰকৈ চিঞৰ মাৰি গৈছোঁ৷ কিজানি কেনিবা কিবা সঁহাৰি কাণত পৰেই! 'অ'ই ইংতি, ... ছিংনাৰ... কনা চি দ' (ক'ত আছে)?' ৰৈ ৰৈ একোটা আৰ্তচিৎকাৰ৷ কাৰো লগত হুইছেল এটাও নাই৷ এনেকুৱাই জংঘল-আৰোহী! পাহাৰ বগাবলৈ আহিছে ডিফুৰ পৰা! ক্ৰমে ক্ৰমে গভীৰতৰলৈ সোমাই যাব ধৰিছোঁ ৫টা প্ৰাণী৷ দিশ ঠিক আছেনে নাই তাকো ক'ব পৰা নাই৷

জলপ্ৰপাতৰ পৰা আঁতৰি, জংঘল মহতিয়াই উঠি আছোঁ ওপৰলৈ৷ লাংৱ'কুৰ হাবিত ঢেৰ অৰ্কিড থকা বুলি শুনিছিলোঁ৷ শেনদৃষ্টি ৰাখিছোঁ যদিও ধৰা হ'লে পৰা নাই৷ ধৰা পৰিলেও ঘৰলৈ মই নিয়াত নাই৷ সৰু চাই শিলগুটি এটাহে নিম, স্মৃতি-চিহ্ন স্বৰূপে৷ ইতিমধ্যে এনেকুৱা শিলগুটি মোৰ শ্ব'কেচত অনেকটা গোট খাইছে৷ প্ৰত্যেকটোৱেই মোৰ বাবে একো একোখন স্মৃতি-ফলক৷ বহুত কথাই কৈ যায় এইবোৰে৷ মাজে মাজে উলিয়াই, হাতত লৈ চাওঁ৷ ডং, য়াং, মায়'ডিয়া, মেন্‌চুখা, ঝুক' ভেলী, ঢলা-শদিয়া দলং, শেহতীয়া লাংচিথিঙলৈকে৷ তাৰিখবোৰ লেখা আছে৷ কেইবা ঠাইতো আকৌ সংগ্ৰহ কৰিবলৈ পাহৰিয়ে আহিছোঁ৷ সেয়ে এতিয়া নাপাহৰিবৰ বাবে মাজে মাজে মনত পেলাই আছোঁ৷ চুপে-চাপে জপ কৰি আছোঁ, শিলগুটি, শিলগুটি বুলি৷

শিলত ঠেকা খাই উৎপত্তি হোৱা জলপ্ৰপাতৰ পানীৰ শব্দবোৰ নুশুনা হৈ পৰিল৷ জুলিৰাম তিমুং আগে আগে৷ হাতত উন্মুক্ত দা৷ তিমুঙৰ পাছতেই মই৷ মোৰ পাছত লীলাধৰ৷ তাৰ পাছত প্ৰণৱ৷ অৰূপদা শেষত৷ কেতিয়াবা তেওঁ আগ বাঢ়ে, প্ৰণৱ পাছ পৰে৷ এইফালে তিমুং বেছি আগুৱালে মই ৰ'বলৈ অনুৰোধ জনাওঁ, যাতে আমাৰ মাজৰ দূৰত্বটো হিচাপতকৈ অধিক হৈ নপৰে আৰু কোনেও যাতে লিংক নেহেৰুৱায়৷ নহ'লে বিপদ হ'ব৷ জংঘলৰ অভ্যন্তৰত ভয়ো একেবাৰে নলগা নহয়৷ লাগিছে৷ পিছে এনেহেন আগৰণুৱা পথ-প্ৰদৰ্শক লগত থাকিলে ভয়বোৰ জলীয় বাষ্পৰ দৰে উৰি নোহোৱা হয়৷ সাহস গোটাই সকাহমনে গৈ থাকিব পাৰি শাৰীটোক ভৰসা কৰি৷ তিমুঙক সাৰথিৰূপে লৈয়ে এতিয়া গৈ আছোঁ অকাই-পকাই, এখোজ দুখোজকৈ লাহে লাহে উঠি উঠি৷ মাজে মাজে ৰৈছোঁ, দিশ অনুমান কৰিছোঁ৷

সূৰ্যৰ ৰশ্মিয়ে মাটি চুই নোপোৱা ৰেইন ফৰেষ্টৰ মাজত নিজকে কিবা বন-মানুহ, কিবা টাৰ্জান যেনেই লাগি গৈছে৷ ইয়াত ডাঙৰ ডাঙৰ অসংখ্য শিল আছে৷ অন্যান্য উদ্ভিদৰ লগতে প্ৰকাণ্ড প্ৰকাণ্ড গছো আছে৷ উঠোঁতে-নামোঁতে শিলত খুন্দা-খুন্দলি খাইছোঁ৷ কাঁইটৰ আঁচোৰো খাইছোঁ৷ হাৰ্ড ট্ৰেক এইটো৷ ৰাস্তা নিজৰ৷ যেনি-তেনি বৰষুণৰ পানীৰ ধল বৈ যোৱাৰ চিন কিছুমান দেখা গৈছে৷ হেৰোৱা সংগীক উদ্দেশ্য কৰি সঘনাই বিকট চিঞৰ একোটা মৰা হৈছে যদিও লাভ নাই হোৱা৷ হ'লেও মনেযে নামানে! একেলগে আহিছিলোঁ লাংৱ'কু চাবলৈ৷ ইয়ালৈ আহি দুৰ্ভগীয়া দুজন হেৰাই থাকিল৷ কান্দি দিম যেনেই লাগিছে৷ তথাপি সাহস আৰু ধৈৰ্য ৰাখি চাওঁগৈচোন ওপৰত বুলি ঊৰ্ধ্বগতি অব্যাহত ৰখা হৈছে৷

১১ বাজিছে৷ জলপ্ৰপাতৰ ওপৰত উপস্থিত হ'লোঁ৷ মুখৰ আগত বিখ্যাত আমগছজোপা৷ এটা সফলতা, তাৰ লগতে কিছু সুখবোধ৷ ৰাক্‌চেক্‌টো নমাই থ'লোঁ৷ গা-গছডালক অাঁকোৱালি ধৰিব পাৰিম নেকি? নাই ঢুকি নাপাওঁ৷ ইমান ডাঙৰ হ'ল? কেনেকৈ গজিল ইয়াত? কেনে ৰুলে? কেতিয়া হ'ল? কি আম এইজোপা? নানানটা প্ৰশ্ন৷ উত্তৰ নাই৷ টিলিকি আমেই হ'ব চাগৈ৷ শিপাবোৰ তেনেই শিলৰ ভিতৰত৷ আমাৰ ঘৰৰ পাছফালে পাহাৰৰ ওপৰতো দূৰৰ পৰাই দেখি থকাকৈ টিলিকি আম এজোপা আছিল৷ জুমতলীলৈ যোৱা বৰাদা নামৰ মানুহজনৰ সৈতে লুংলুঙীয়া বাটেৰে পদযাত্ৰা কৰি তল পাওঁগৈ৷ স্কুলীয়া দিনৰে স্মৃতি৷ সেইজোপালৈ তৎক্ষণাৎ মনত পৰি গ'ল৷ এতিয়া পিছে অস্তিত্বই নাই৷ মানুহৰ বসতিয়ে এইবোৰ নামানে৷ গছ কাটিব লাগে, ঘৰ হ'ব লাগে৷ বৃক্ষ ৰোপণ, বন সংৰক্ষণ আজিৰ মানুহক শিকাবলগীয়া হৈছে৷ অৰূপদাৰ বৰ খং উঠে হকে-বিহকে গছবোৰ কাটিলে৷ অলপ আগতে এইহেন জংঘলতো গছ কাটি বগৰাই থোৱা দেখি আহিছোঁ৷ নিব কেনেকৈ ভাবি পোৱা নাই৷ দৃষ্টিশূলস্বৰূপ দৃশ্যটো দেখা পায়ে অৰূপদাই অজ্ঞাত কটোৱালক উদ্দেশ্য কৰি গোৱাল-গালি এসোপা পাৰিলে৷ কঁকালৰ উচ্চতাত কটা গছ এজোপা আকৌ গা-গছডাল খুলি পেলোৱা অৱস্থাত পালোঁ৷ দেখাতে কিবা ৰহস্যজনক৷ লীলাধৰেহে ভেদ ভাঙি দিলে, 'ইয়াত মৌৰ বাহ আছিল৷ ধৰি নিলে৷'

বৃহৎ কায়াৰ আমজোপা তলৰ পৰা ওপৰলৈ ভালকৈ চালোঁ৷ ঠিক তলতে শিৱলিংগৰ দৰে শিল এটা পোতা অৱস্থাত আছে৷ দুয়োফালে ওঁ শব্দটো ৰঙা ৰঙেৰে লিখি থৈছে৷ কাষতে ত্ৰিশূল এপাট আৰু মালা এধাৰি৷ ফটো এখনো আছিল৷ এতিয়া ফটোখন নাই, ফ্ৰেমটোহে আছে৷ ওচৰতে ধূপৰ পেকেট এটা আৰু জুইশলা এটা পৰি আছে৷ প্ৰণৱ মোৰ কাষত উপস্থিত হোৱাত শিৱলিংগত প্ৰণাম জনাবলৈ ক'লোঁ৷ জোতা-মোজা খুলি সি কামফেৰা কৰিলে যেনিবা৷ ইমান উচ্চতালৈযে সুকলমে উঠি আহিব পাৰিলোঁ তাৰ বাবে নেদেখাজনক ধন্যবাদ দিয়াৰ লগতে হেৰোৱা সংগী দুজন য'তে আছে ঠিকে যাতে থাকে তাৰে প্ৰাৰ্থনা কৰা হ'ল৷

ইয়াৰ পৰা অথনি আমি অহা মাটিৰ ৰাস্তাটো সন্মুখৰ পাহাৰত জংঘলৰ মাজত পোনে পোনে দুঠাইত ৰিণিকি ৰিণিকি দেখা পোৱা গৈছে৷ যমুনাখনৰো এচমকা দেখা পালোঁ৷ যথেষ্ট ওখত আছোঁ আমি৷ হঠাতে হেঁপাহ জাগিল আমজোপাৰ সোঁকাষে থকা গছৰ ডালত ধৰি তললৈ হাউলি পানী বৈ থকা দৃশ্য চোৱাৰ৷ প্ৰচেষ্টা নচলা নহয়, চলিল৷ এবাৰ, দুবাৰ৷ অৰূপদাই দেখা পালে গালি নিদিয়াকৈ নেৰে বুলি জানো৷ কাষেদি পানীৰ ধল কোবেৰে নামি গৈছে৷ ডাল ভাগি সৰি পৰিম বুলি ভয় লগাত আনন্দফেৰা(!) বাদ দিয়া হ'ল৷ তিমুঙে আকৌ অাগতে এবাৰ সকীয়াইছিল, 'ইয়াত পেচাব-চেচাব নকৰিব দেই' বুলি৷


জলপ্ৰপাত তলৰ পৰা বহুতে দেখিছে৷ চাই ভাল লাগে৷ শিহৰণ জাগে৷ প্ৰকৃতিৰ প্ৰতি নতশিৰ হোৱা যায়৷ কিন্তু ওপৰৰ পৰা? এইবাৰ ওপৰৰ পৰা দেখিলোঁ৷ অক্লান্তভাৱে নামি গৈ আছে লাংৱ'কু৷ কেতিয়াৰে পৰা নাজানো৷ ইয়াকে লৈ উপলব্ধি কৰিছোঁ নতুন শিহৰণ৷ এতিয়াৰে পৰা কৰবাত জলপ্ৰপাত চাবলৈ গলে তলৰ পৰা চায়ে ক্ষান্ত নাথাকিম৷ ওপৰলৈকে বগোৱাৰ চেষ্টা চলামেই৷ তেতিয়াহে দেখা পোৱা যায় আচল সৌন্দৰ্য৷ Drone উৰুৱাই monitorত পোৱা দৃশ্য নিজৰ অভিজ্ঞতাৰ সমকক্ষ কেতিয়াও হ'ব নোৱাৰে৷ ইয়ালৈ আহি নতুন আৱিষ্কাৰ বুলিবলৈ এইটোৱে পালোঁ৷



ঢ. ওপৰলৈ, আৰু ওপৰলৈ

বৰ সুজলা ঠাই এয়া৷ পানীবােৰ ক'ৰ পৰানো নিৰন্তৰ বৈ আহি আছে গম নাপাওঁ৷ শিল এটাত উঠিলৈ অকলে অকলে নিৰীক্ষণ কৰি আছোঁ লাংৱ'কুৰ ওপৰৰ জলভাগৰ গতিধাৰা৷ কেনি আহিছে, কেনি নামিছে? যেন সূক্ষ্মদৃষ্টিসম্পন্ন গৱেষক, বিজ্ঞানীহে! আন এফালে এটা শিলত ধুনীয়াকৈ হেলান দি অৰূপদা মত্ত হৈ পৰিছে দৃশ্য উপভোগত৷ পৃথিৱীৰ সমস্ত চিন্তা-ভাবনাৰ পৰা যেন মুক্ত! এনে পৰিৱেশে তন-মন আচলতে তেনেকুৱাই কৰি পেলায়৷ সেয়েহে প্ৰত্যেকে নিজৰ নিজৰ ভাগে ব্যস্ত হৈ পৰিছে, সাক্ষী হৈছে প্ৰকৃতিৰ এই বিনন্দীয়া, মনোমোহা, কুমাৰী, গুপ্ত ৰূপ-সুষমাৰ৷ খুব কমসংখ্যক মানুহেহে বোধহয় ইয়ালৈ আহি লাংৱ'কুৰ অমল চিত্ৰবোৰ প্ৰত্যক্ষ কৰিব পাৰিছে৷

উচ্চতা কম যদিও ইয়াত পানীৰ শক্তি দেখিছোঁ এলা-পেচা নহয়৷ নামি যোৱা অংশটোৰ গতি-প্ৰকৃতি বেছ ভয়ংকৰ৷ গোটেইখন ফেনময় আৰু বগা৷ কেনেবাকৈ পৰিব লাগিলে জীৱনেই শেষ৷ সেয়ে সাৱধানে বিচৰণ কৰি আছোঁ৷ শিলে শিলে দিয়া প্ৰতিটো খোজতেই মানি চলিছোঁ সাৱধানতাৰ সূত্ৰ৷

'আৰু ওপৰলৈ যাবনে? ব'লক যাওঁ৷' লীলাধৰক উদ্দেশ্য কৰি জোৰ দিয়েই ক'লোঁ৷
'ব'লক৷' লীলাধৰে সন্মতি জনালে৷ শুনিয়েই মোৰ ভাল লাগি গ'ল৷ এনেকুৱা সংগীহে লাগে৷
'ইয়ালৈ আহিছোঁৱেই চাবৰ কাৰণে৷'
লীলাধৰে যেন মােৰ মনৰ বাক্য এটাহে সংযোগ কৰিলে! ৱাঃ!

সেইখিনিৰ পৰা ওলাই জংঘলে জংঘলে আকৌ ঊৰ্ধ্বগতি৷ ছিংনাৰ আৰু ইংতিক চিঞৰিবলৈ হ'লে এৰা নাই৷ ১০-১৫ মিনিটমান একে লেথাৰিয়ে বগালোঁ৷ দূৰ হৈ ঘূৰি, উঠি, আকৌ ওচৰ চাপিছোঁ, পানী বাগৰাৰ শব্দ পুনৰ কাণত বাজিছে ৰিণিকি ৰিণিকি৷ তাৰ ওচৰ পাবগৈ লাগিব৷

প্ৰণৱক অথনি কোদোৱে কামুৰিলে৷ প্ৰায় লগে লগে থকা অৰূপদা বাচি গ'ল৷ বেচেৰাৰ সোঁভৰিৰ ঊৰুটো উখহি গৈছে৷ খোজ কঢ়াত অসুবিধা পাইছে৷ হ'লে কি হ'ব? বিকল্প নাই৷ উঠি আছে লাহে লাহে৷ আগত গৈ থকাকেইটাই, মানে আমি, কোদোসোপাক জোকাই থৈ যোৱা বুলি বিশেষকৈ মোৰ ওপৰত এতিয়া জোৰদাৰ অভিযোগ উঠাইছে৷ ইফালে কোদোৰ কথা মই গমেই নাপাওঁ৷ সেই সময়তে কিন্তু মোৰ চকুৰ আগত বাদুলীৰ দৰে অচিন চৰাই এটা উৰি ফুৰা দেখিছিলোঁ৷ চোঁচা মাৰি আহিছিলোঁ৷ মূৰটো হাওলাই আস্তেকৈ বহি দিলোঁ৷ একো নহ'ল যেনিবা৷ সিয়েই জোকালে চাগৈ কোদোসোপাক৷ মনে মনে আকৌ ভাবি আছোঁ, কোদো, বাদুলীনো কোন কুটা? কেংলংপ' ওলাব লাগিলেহে হৈছে আৰু! কাৰবি আংলঙৰ হাবিত কেংলংপ' থাকে৷ সংগীসকলে সাহস নেহেৰুৱাওক বুলিয়ে এই মুহূৰ্তত কথাটো ৰাজহুৱা কৰিব বিচৰা নাই৷ সেয়ে পেটতে ৰাখি থৈছোঁ৷

'য়াহু, পাই গ'লোঁ৷' দৃশ্য দেখি আপোনা-আপুনি মুখৰ পৰা শব্দকেইটা ওলাই আহিল৷ লাংৱ'কুৰ তৃতীয় খলপ এইটো৷ প্ৰকাণ্ড শিলৰ এটাৰে এতিয়া আমি নামিব লাগিব৷ আন্দাজ লগালোঁ, তলৰ শিলাময় সমতলটুকুৰালৈ উচ্চতা কিমান হ'ব পাৰে৷ ওপৰৰ পৰা সঠিক বিচাৰ কৰা সহজ নহয় যদিও ১৪ ফুটৰ বেছি নহ'ব যেনেই লাগিছে৷ জঁপিয়ায়ে দিওঁ নেকি? ধপ্‌কৈ তলত ৰ'মগৈ, জিমনাষ্টৰ দৰে! বগামাটিত দলঙৰ পৰা তেনেকৈয়ে নামিছিলোঁ৷ পাৰফেক্ট লেণ্ডিং৷ অভিজ্ঞতাপুষ্ট মনটোৱে সদ্যহতে জোৰ দি আছে তাকে কৰিবলৈ৷ এবাৰ কয়, মাৰি দে জাঁপ৷ ইফালে বিবেকে ৰখায়৷ কয়, নালাগে নামাৰিবি৷ ভৰি দুখন কিন্তু কাষলৈ চোঁচৰি গৈ আছে৷ খোপনি এই এৰোঁ, এই এৰোঁ৷ বিবেকে হঠাতে চূড়ান্ত সংকেত দি দিলে৷ এনেয়ে দলৰ দুটাৰ এতিয়াও দেখাদেখি নাইকিয়া৷ ট্ৰেকত এটাক কোদোৱে বালে৷ এজনে তাৰো আগতে, আৰম্ভণিতেই ভয় খুৱাই থৈছে৷ মোৰ আকৌ এইমাত্ৰ আকস্মিকভাৱে কিবা এটা হৈ যাওক! তাতোকৈ নালাগে জঁপিয়াব৷ শৰীৰ, শক্তি আৰু মন এক নহ'লে এনেবোৰ কাণ্ড কৰা অনুচিত৷ একাষে থকা লতাত ধৰি চোঁচৰি নামি আহিলোঁ ইজনৰ পাছত সিজনকৈ৷ এইডালক সাৰথি কৰিয়ে আমি পুনৰ উঠিব লাগিব৷ অন্য উপায় নাই৷

তলত থিয় দিয়ে মুকলি আকাশখনলৈ চাইছোঁ৷ হেৰোৱা সংগীৰ চেহেৰা কেনিবা দেখোঁ নেকি? তাকে ভাবিও চকু ঘূৰাইছোঁ৷ প্ৰথম গুৰুত্ব সেইটোতহে৷ নাই, ইয়াতো নাইচোন! গ'ল ক'লৈ ইহঁত? তিমুঙে চিঞৰি-বাখৰি সোঁতৰ বিপৰীতে যিমানখিনিলৈকে পাৰি আগুৱাই গ'ল৷ হালি-জালি জুমি-মেলিও চালে৷ আৰু যাব নোৱাৰে৷ গেজেপনি মৰা হাবি৷ সেইফালেৰেই বৈ আহিছে ঝৰ্ণাটো৷ হাউলি পৰা বাঁহবোৰে নেদেখা কৰি ঢাকি পেলাইছে৷ এইটো স্পষ্ট হ'ল যে আমি ইয়াৰ পৰা আৰু আগুৱাব নোৱাৰিম৷ সবে মিলি অনুমান কৰিছোঁ, ঝৰ্ণাটোৰো এতিয়া পোৱাৰ দৰে জলপ্ৰপাতৰ ৰূপ আগলিছোৱাত আৰু খুব সম্ভৱ নাই৷ কাৰণ পাহাৰটোৰ আমি শীৰ্ষ আৰোহণ কৰিলোঁ৷ কেওফালে জংঘলময়৷

আটায়ে শিলত বহিলোঁ৷ অৰূপদাই মোনাৰ পৰা কিবা এটা উলিয়াইছে৷ মিঠা আলু৷ লৰুলাংছ' বজাৰত কিনা৷ কালি সন্ধিয়া দাদাৰ ঘৰলৈ যাওঁতেই মই শুনিছিলোঁ, ঘৰত কাম কৰা কুন্তীৰ মাকক কৈছিল, 'আলু গোটেইখিনি সিজাই থ'বি৷ কাইলৈ লাগিব৷' এতিয়া শিলৰ ওপৰত প্লাষ্টিকৰ ঠোঙাটোক ঘেৰাও কৰি ঘূৰণীয়াকৈ বহি হাতে হাতে তুলি লৈ বাকলি গুচোৱাত ব্যস্ত আমি ৫জন৷ ২জনৰ খবৰ নাই৷ অৰূপদাই অথনি আপেল, কমলা খুৱালে৷ এতিয়া মিঠা আলু৷ মোৰ মনত পৰিল পূব অৰুণাচলৰ ৱালং সমীপৱৰ্তী 'মিলেনিয়াম চানৰাইজ স্পট' ডঙৰ পৰা নামি আহি লোহিতৰ হটস্প্ৰিঙত গা ধুই মোৰ ভাগৰ ব্ৰেকফাষ্টৰ বচাই ৰখা ৰুটি দুখনকে ভোকত ৰ'ব নোৱাৰি ৪জনৰ মাজত ভাগ-বতোৱাৰা কৰি খাইছিলোঁ৷ শিলৰ ওপৰত গােলকৈ আমি বহি লৈছিলোঁ৷ অৰুণদা, অনিলদা, সঞ্জু আৰু মই৷ অনিলদাই ভগাইছিল, বান্দৰে পিঠা ভগোৱা সাধুটোৰ দৰে৷ ইয়াতো একেই কাণ্ড৷ আইটেম বেলেগ, মানুহ বেলেগ৷ মনবিলাক একে৷ দৃশ্য দুটা আজীৱন মনত থাকি যাব৷

ডাল-পাতেৰে ভৰা আমগছজোপাৰ ওপৰৰ অংশটো আমি দেখি আছোঁ৷ বহুত দূৰত সিপাৰৰ পাহাৰখনৰো একাংশ উজলি আছে৷ যমুনাখন অনেক তলত৷ মুখৰ আগত লাংৱ'কুৰ হৰ্‌হৰাই থকা জলপ্ৰপাতৰ ফেনীল পানী৷ মিঠা আলু শেষ কৰি মুখ আৰু হাত দুখনতো ধুলোঁৱেই, পানীও পি ল'লোঁ পেট ফিট্‌ফিটীয়াকৈ৷ পৰ্বতীয়া নদীত এনেকুৱাকৈ পানী খোৱাত বেলেগ মজা এটা আছে৷ সেয়ে সুযোগ পালেই ভৰাই লওঁ৷ মুহূৰ্ততে কিবা এক শক্তি ঘূৰাই পোৱা যেন লাগি যায়৷ ২ অক্টোবৰত চাফাপানীৰ সন্ধানত খনবামনলৈ যাওঁতে-আহোঁতেও একে কাণ্ডই কৰিছিলোঁ৷

আলু-পানী খাই আড্ডা মাৰি থাকোঁতেই নিজা অভিজ্ঞতা এটা কৈ গ'ল লীলাধৰে৷ 'ইয়াত এজাতি মাছ আছে, শিলে শিলে বগাই জলপ্ৰপাতৰ তলৰ পৰা ওপৰলৈ উঠি আহে৷ ওচৰৰ গাঁৱৰ মানুহে সেই মাছৰ গতিপথটোৰ অনুসন্ধান চলাই শিলৰ বুকুত সন্তৰ্পণে জুমি ফুৰে৷ কেনেবাকৈ এবাৰ চকুত পৰিলেই কাম শেষ৷ সুদীৰ্ঘ সময় খাপ পাতি ৰৈ থাকে৷ মাছটো এসময়ত ওপৰৰ পৰা তলৰ জলাশয়লৈ ঘূৰে৷ আহি থকা অৱস্থাত দেখা পালেই আগৰে পৰাই সুযোগৰ সন্ধানত থকাজনে দাৰে ঘপিয়াই কাটে বা মাৰে৷' এনেকুৱা অদ্ভুত কথা-কাণ্ড কিছুমান সচৰাচৰ চলি থাকে পৰ্বতৰ অভ্যন্তৰত, নৈ-নিজৰাত৷ বহুতে নাজানে৷

পৰ্বতটোৰ শিলাময় বুকুখনত ঠায়ে ঠায়ে ঘূৰণীয়া আকৃতিৰ গাঁত কিছুমান৷ দ কিমান হ'ব? আঁঠু কাঢ়ি ওচৰতে বহি ল'লোঁ যদিও হাত ভৰাবলৈ ভয়েই লাগিল৷ নিৰ্ঘাত কেঁকোৰা-চেঁকোৰা থাকিব৷ তাতে পানীৰ হৌ-হৌ শব্দই এলেকাটো জয়াল কৰি তুলিছে৷ শিলৰ ওপৰত দেখা বিশেষত্বপূৰ্ণ দীঘল দীঘল ফাট কিছুমানেও ভবাই তুলিলে৷ গাঁতকেইটা দেখিয়েই মোৰ মনত পৰিল মেন্‌-চু-খালৈ৷ য়াৰলুং প'ষ্টৰ পৰা উভতাৰ বাটত গুৰুদ্বাৰ, যাদুঘৰ, ওলোমা দলং চাই, ভাৰতীয় সেনাবাহিনীৰ আতিথ্যত লংঘৰত এসাজ খাই, শিখ গুৰু নানকজীৰ তপোস্থান চাবলৈ গৈছিলোঁ তদাৰককাৰী বল্‌জিন্দৰ সিঙৰ তৎপৰতাত৷ প্ৰাকৃতিক গুহাটো চোৱাৰ পাছত আমাৰ সৈতে যোৱা দেম্‌ডাপ্‌ দাৰচুমে ম'বাইল ফোনৰ টৰ্চৰ পোহৰ পেলাই কাষতে থকা দুটা বিশালাকাৰ শিলৰ মাজৰ অন্ধকাৰ ঠেক গলিৰে মোক পাৰ কৰাই লৈ গ'ল৷ তলত খৰস্ৰোতা, শিলাময় বম্‌চু জুৰিৰ অৱস্থান৷ নৈসৰ্গিক পৰিৱেশ৷ নানকদেৱৰ স্নানথলী আছিল বুলি কোৱা হয়৷ লাংৱ'কুৰ তুলনাত পোহৰ নায়েই৷ ইয়াত দেখাৰ দৰেই নদীপৃষ্ঠৰ শৈলবক্ষত পানী উপচি থকা গোলাকাৰ গাঁত কিছুমান তাতো আছিল৷ কাঠৰ জখলাৰে সাৱধানে নদীপৃষ্ঠত নমাৰ পাছত দেম্‌ডাপে মোক হাত ভৰাই চাবলৈ কোৱাত বিনা-বাক্য-ব্যয়ে মৰসাহ কৰি আস্তিন কোঁচাই ততালিকে সোঁহাতখন ভৰাই দিছিলোঁ এটা গাঁতত৷ হাত কাটি নিয়া যেন লগা পৰ্যায়ৰ চেঁচা বৰফ গলা পানীৰে পূৰ্ণ গাঁতটোৰ তলিৰ পৰা দেম্‌ডাপে কোৱাভাগেই চকু মুদি অনুমানতে বুটলি আনিছিলোঁ মনোকামনা পূৰণৰ পুৰণি বিশ্বাস বিজড়িত সৌভাগ্যৰূপী 'বগা' শিলগুটি এটা৷

এই স্থানত বোধ হয় তেনেকুৱা কথা একাে নাই৷ অথচ প্ৰকৃতিৰে কিবা যেন অদ্ভুত সাদৃশ্য!



ণ. বিদায় লাংৱ'কু, আকৌ আহিম

মিঠা আলু ভোজন পৰ্ব সমাপ্ত৷ উচ্চতালৈ আৰোহণো আৰু কৰিবলৈ নাই৷ দিনৰ ১২ বাজোঁ বাজোঁ৷
'যাওঁ ব'লক৷' বহি থকা অৱস্থাতে লীলাধৰ টেৰণে ঘোষণা কৰিলে৷
ওভতনি পদচালনা আৰম্ভ হ'ল৷ তাৰ আগে আগে আদিগন্ত প্ৰসাৰি চৌদিশ এবাৰ হেঁপাহ পলুৱাই চাই ল'লোঁ৷ আকৌ কেতিয়া আহিম নাজানো৷ সুযোগ মিলিলেই ওলামহি কিন্তু৷ ইফালে, হেৰোৱা সংগীদ্বয়ৰ শুং-সূত্ৰ এতিয়ালৈ নাই৷ ক'ত যাব পাৰে? তাকে লৈ মনবোৰ হাজাৰটা প্ৰশ্নবোধকেৰে ইতিমধ্যে ভাৰাক্ৰান্ত হৈ আছেই৷ ৰৈ থাকিবও নোৱাৰি ইয়াত৷ ডিফু পাবগৈ লাগে৷ সময়যে বন্ধা৷

বিদায় লাংৱ'কু৷ অন্তৰৰ নিভৃত কোণত লাংৱকুৰ অস্তিত্ব যুগমীয়া হৈ থাকিব৷ অন্তিম বাৰলৈ ঘূৰি চাই লতাডালৰ সহায়ত শৈলাৰোহণ কৰি শাৰী পাতি জংঘলত সোমাই পৰিলোঁ৷ এতিয়া নমাৰ পাল৷ নিৰ্দিষ্ট বাট নাই৷ যেনি-তেনি গৈ আছোঁ৷ জুলিৰাম তিমুঙেহে জানে আমি কোনফালে যাম৷ মুঠতে তল পাবগৈ লাগে৷ হাতত থকা দাখনেৰে তেওঁ অভ্যাসবশতঃ ঘপিয়াই গৈ আছে মুখৰ আগত পোৱা ডাল-পাত-লতা৷

লীলাধৰৰ কি হ'ল? খৰকৈ আহিব পৰা নাই দেখোন! পুৰণা সমস্যা এটা আছে তেওঁৰ৷ আঁঠুৰ সমস্যা৷ খোজ কঢ়াত অসুবিধা হয়৷ আচৰিত হ'লোঁ যে তৎসত্ত্বেও পুৰণা বন্ধুজনে আমাক লগ দিছে! উঠোঁতে বাৰু যেন-তেন, নামোঁতে কিন্তু দিগদাৰ হয়৷ সংযোগ নেহেৰুৱাবলৈ মই বাটে বাটে মাজে মাজে ৰৈ ৰৈ দিওঁ৷ সিংহাসন পৰ্বত বগাবলৈ যোৱাৰ কথা পাতোঁ৷ খোজ কঢ়াৰ এই বেমেজালিটোৰ কাৰণেই লীলাধৰে মনটো থাকিলেও বৰ এটা আগ্ৰহ প্ৰকাশ কৰা নাই৷ কথাৰ লাচতে অন্য এটা কথাহে উনুকিয়ালে৷ 'দেবেন তিমুঙে মোক আমগছজোপাৰ কথা কৈছিল৷ আমি সেইডাল চুই আহিলোঁ৷ তাতোকৈ ডাঙৰ কথা, লাংৱ'কুৰ একেবাৰে ওপৰলৈকে উঠিব পাৰিলোঁ৷ চাক্‌চেচ হাণ্ড্ৰেড পাৰ্চেণ্ট৷ এতিয়া মই ডিফুত গৈ খুব বাহাদুৰি মাৰিম৷' লীলাধৰৰ শেষ বাক্যটোৱে চলন্ত অৱস্থাতে বেচ ৰসৰ সঞ্চাৰ কৰিলে৷ অহা-যোৱা মিলাই ৪বাৰ পানী পাৰ হৈ, শিলে-কাঁইটে বগাই-বিন্ধাই উঠি-নামি ক'বলৈ গ'লে ইয়ো এক বাহাদুৰিয়েই৷

আচৰিতভাৱে চকুৰ সন্মুখত জাংগল ট্ৰেইল এটা ওলাল৷ একেবাৰে আগত থকা তিমুঙে লুংলুঙীয়া লিকটো দেখিয়েই উৎসাহেৰে চিঞৰি উঠিল, 'লাচ' ত'ৱাৰ ল'৷ বাট এইটোৱেই৷ এতিয়াহে পাই গ'লোঁ৷' তাৰ পাছত আৰু ট্ৰেকটো এৰা নাই৷ একা-বেঁকাকৈ অনুসৰণ কৰি আহি থাকি সোমাই পৰিলোঁ বাঁহনি এখনত৷

শুকান বাঁহপাতত সমদলটোৰ পদধ্বনি উঠিছে, মৰক-মৰক, খৰ্‌মৰ্‌-খৰ্‌মৰ্‌৷ নামনিত লাংৱ'কুৰ পানী এভাগে সৃষ্টি কৰা জুৰিটো৷ আমি জুৰিটোৰ পাৰত উপস্থিত হ'লোঁহি৷ শিলে শিলে খোজ ৰাখি সুকলমে পাৰো হ'লোঁ আটায়ে৷ যাওঁতে ভুলবশতঃ অৱস্থানটো বেলেগ আছিল৷ অৰূপদা পৰিবই ধৰিছিল৷ জুৰিৰ সিপাৰে আকৌ বাঁহনি৷ তাৰ পাছত হাবিয়নি৷ ওলাই গ'লোঁ যমুনাৰ পাৰলৈ যোৱা লুংলুঙীয়া বাটটোত৷ সন্মুখত সৌখন যমুনা৷ বৈ আছে একে লেথাৰিয়ে, অথনি এৰি থৈ যোৱাৰ দৰেই৷ নিৰৱে৷

'ৰাইজ এতিয়া আমি পাৰ হ'ব লাগিব৷' জোতা-মোজা পাৰতে খোলা হ'ল৷ অাগৰ দৰেই হাফপেণ্ট পিন্ধি ল'লোঁ৷ ৰাক্‌চেক্‌ পিঠিত৷ জোতা দুপাত ফিটাত গাঁঠি মাৰি ডিঙিত ওলমোৱা অৱস্থাত৷ কেমেৰাও আছে দুলি৷ পানী স্পৰ্শ নকৰোঁতেই পুনৰ মুখলৈ আহি গ'ল সেই শব্দ দুটা... যমুনাৰ জলে৷ ওঁঠত হাঁহি, বুকুত আত্মবিশ্বাস ৰাখি পাৰ হ'ব ধৰিছোঁ আটাহ পাৰি পাৰি৷ নদীপৃষ্ঠৰ সৈতে এইবাৰ অলপ হ'লেও পৰিচয় আছে বাৰু৷ এইকণ সম্বলেৰে নিজকে সমৃদ্ধ কৰিছে পূৰ্বৰ অভিজ্ঞতাই৷ অৱধাৰিতভাৱে সাহসৰ মাত্ৰাটো অকণমান হ'লেও বাঢ়িছে৷



ত. দেখা পালোঁ হেৰোৱা সংগীক

হাৰে, সিপাৰে সৌটোচোন কাংবুৰা ছিংনাৰ! জামিৰ ইংতিও আছে এফালে! হয়তো৷ ঠিকেই দেখা পাইছোঁ আমি৷ সিহঁতহাল দৃষ্টিগোচৰ হোৱা মাত্ৰকে লীলাধৰ আৰু তিমুং অগ্নিশৰ্মা হৈ উঠিল৷ কাৰবি ভাষাৰে এইপাৰৰ পৰাই চিঞৰি চিঞৰি কিবাকিবি বকিবলৈ ধৰিলে৷ ওচৰত পালে মাৰ মাৰিয়েই দিব যেন! বতাহত উৰি আহি মোৰ কাণত সোমোৱা ডাইলগবিলাকৰ পৰা যি বুজিলোঁ, কথা নাই বতৰা নাই হঠাতে অন্তৰ্ধান হৈ ওৰে বাট আমাক দিয়া টেনচনৰ বাবেই এই পুৰস্কাৰ(!) বৰ্ষণ৷ ঠিকেই আছে৷ চোটোকা এটা দুয়ো পাব লাগে৷ ভৱিষ্যতলৈ মনত থাকিব৷ 'হেৰাই যোৱাৰ আনন্দ' উভয়ৰে ইমানপৰে চাগৈ বৰবিহলৈ ৰূপান্তৰিত হৈছেই!

ছিংনাৰে সিটো পাৰে থিয় দি ৰেকৰ্ডিং কৰিব ধৰিছে ইতিমধ্যে আৰম্ভ হৈ যোৱা আমাৰ ৰিভাৰ ক্ৰছিং৷ মুখমণ্ডললৈ চাই মই ধৰা পেলাইছোঁ, সেমেকা হাঁহিৰ আভা৷ একো উত্তৰ নাই৷ জানিছে যে প্ৰত্যুত্তৰ দিবলৈ গ'লে বিপদ অৱশ্যম্ভাৱী৷ সিহঁতৰ কথা-কাণ্ডত গভীৰভাৱে ৰেখাপাত কৰিবলৈ গৈ অন্যমনস্ক হোৱাৰ ফলত হঠাতে অঘটন এটা মোৰহে ঘটি গ'ল৷ অকস্মাতে ডিঙিৰ পৰা পিছলি জোতা দুপাট সৰি পৰিল৷ লগে লগে পানীত থেপেৰ্‌৷ বোঁৱতী ধলে পাই তেনেই জেপজেপীয়া কৰি পেলালে৷ পিন্ধিব নোৱাৰা অৱস্থা৷ ক্ষন্তেকতে ঘটি গ'ল দুৰ্কপলীয়া কাণ্ডটো৷ ছেহ, কি হ'ব এতিয়া? দেখি বাকীবোৰৰ গিৰ্জনি৷ এইফালে মোৰ অৱস্থা নাজল-নাথল৷ আগলৈ গৈ এপাট এপাটকৈ খুব জোৰত দলিয়াই দিলোঁ পাৰৰ ফালে৷ বালিত উফৰি পৰিলগৈ৷ মানসিকভাৱে প্ৰস্তুত হৈ ল'লোঁ যে শুদা ভৰিৰেই যাব লাগিব বাকীছোৱা, ঘৰ পৰ্যন্ত৷

যমুনাখন পাৰ হ'লোঁ৷ মাঞ্জাৰ ওচৰৰ পৰা বাইক লৈ ল'ৰা ৪টা আহিছে লাংৱ'কু চাবলৈ৷ অন্য ৫টা আহিছে পিক্‌নিক্‌ খাওঁ বুলি৷ ভাত-পানী ৰান্ধি ৱেইটিং শ্বেডতে ঢাকি থৈ জলপ্ৰপাত চাবলৈ বুলি নদী পাৰ হোৱাৰ বাবে উদ্যত৷ কথা পাতিলোঁ কেইটামানৰ লগত৷ মাজে-মধ্যে ইয়ালৈ আহি থাকে বুলিলে৷ ভয়-ভীত অকণো নাই৷ ভাল লাগে সাজে-পোছাকে, চুলিয়ে-চেহেৰাই জবৰদস্ত এনেকুৱা ডেকা-চেঙেলীয়াবোৰ৷ হ'লেও আমাৰ সমান বগাব পাৰিবনে নাই তাত অকণমান সন্দেহ আছে৷

'খুব গৈছিল নহয়, অকলে অকলে৷ কিমানলৈকে উঠিল আপোনালোকে?' ছিংনাৰৰ কাষ পায়ে জেৰা আৰম্ভ৷
'নাই, যিহে পিছল! নোৱাৰিলোঁ নহয়৷ বাট ভুল হ'ল৷ ঘূৰি আহিলোঁ৷ আপোনালোকহে ফাৰ্ষ্ট হ'ল৷ একেবাৰে টপ পালেগৈ ন?'
'আমগছ স্পৰ্শ কৰি আহিলোঁ৷ ঝৰ্ণাটোও নেদেখা হৈ পৰা পৰ্যন্ত চালোঁ৷ মুঠতে লাংৱ'কু কমপ্লিট৷'
'মানুহ ঠিক আছে দেই হ'লে...' ছিংনাৰে প্ৰশংসা-বাণী শুনোৱাত লাগিল৷ এতিয়া টেনচন আৰু কাৰো নাই৷

আগে-ভাগে উঠি গৈছিল যদিও তেওঁলোক সফল নহ'ল৷ তাৰ মানে বুজিলোঁ, মোৰহে কাহিনী দীঘলীয়া হ'ব৷ কথা পাতি পাতি ঘৰ্মাক্ত কাপোৰবোৰ এটা এটাকৈ খুলি আছোঁ৷ হাবি-বননিৰ ওপৰতে ছেদেলি-ভেদেলিকৈ মেলি দিছোঁ৷ উদ্দেশ্য, যমুনাত গা ধুম৷ সিদিনা লাংচিথিঙত ধুইছিলোঁ৷ পাহাৰীয়া নৈত স্নান কৰাৰ মজা এটা আছে৷ এনে সুযোগ কমেইহে আহে৷ হেৰুৱাব নোৱাৰি৷ তাৰে প্ৰস্তুতি চলিছে এয়া৷ বেগ খুঁচৰি চাবোনটুকুৰা উলিয়াই ল'লোঁ৷

'এতিয়া আছে গা ধুৱা পৰ্ব৷ কোনে কোনে ধুব? আহি যাওক৷ মই হ'লে ধুম দেই৷'
কেৱল লীলাধৰহে ওলাল৷ অৰূপদা, প্ৰণৱকে আদি কৰি বাকী এজনেও নুধুৱে৷ যমুনাৰ ঠাণ্ডা পানীয়ে বিপদ মাতিব বুলি মনত শংকা৷ মই জানো, এই শংকা অমূলক৷ 'সময় কিমান হ'ল?' '১ বাজিবৰে হ'ল৷' পলম নকৰি নিৰাপদ স্থান চাই যমুনাত নামি দিলোঁ৷ 'আঃ, কি ঠাণ্ডা ঔ!' আপোনা-আপুনি মুখৰ পৰা শব্দকেইটা ওলাই আহিল৷ হ'লেও এৰাত নাই আজি৷

প্ৰণৱক পাছফালে শিলৰ ওপৰত উঠি থাকিবলৈ কৈছোঁ, যাতে কিবা কাৰণত সোঁতে টানি নিলে বচাবলৈ কোনোবা এটাক পাওঁ৷ মোৰ পৰা কেইফুটমান সিফালে, অকণমান মাজলৈ লীলাধৰ৷ পানী একাঁঠু৷ চেঁচা যদিও হাঁহি-স্ফূৰ্তিৰ মাজত, চাবোন দলিয়া-দলি কৰি ঠিকছে গা ধোৱা হ'ল৷ জলপ্ৰপাতত স্নান কৰিম বুলি ঘৰৰ পৰাই লৈ আহিছিলোঁ চাবোনটুকুৰা৷ লাংৱ'কুত অথনি নামিব লওঁতে মানা কৰিলে, বোলে ইয়াত নাপায়৷ এতিয়া যমুনাত হেঁপাহটো পূৰাইছোঁ৷ সৌৱা, সিপাৰে, কেইমিটাৰমান আগত লাংৱ'কুৰে এটা ধাৰা নামি আহি যমুনাত মিলিছে৷ মাঞ্জাৰ পৰা পাইপেৰে সৰৱৰাহ কৰা এই পানীকে ডিফুবাসীয়েও খাইছে৷ ছিংনাৰে ৰৈ ৰৈ আমাৰ ফটো তুলি থাকিল৷



থ. ওভতনি যাত্ৰা, ডিলাই অভিমুখে

গাটো ধুই উঠিলোঁহে, খুব ভোক লাগিব ধৰিলে৷ যমুনাৰ তীৰৱৰ্তী পিক্‌নিক্‌ স্পটৰ ৰে'ষ্ট শ্বেড এখনতে সকলোৱে নিজৰ নিজৰ বস্তুবোৰ থান-থিত লগাই আছোঁ৷ তিতা কাপোৰবোৰ বেলেগে সামৰিছোঁ৷ জোতাযোৰেও লগালে পয়মাল৷ খবৰ কাগজেৰে ভাত ঢাকি থৈ জলপ্ৰপাত চাবলৈ গৈছে ডিলাইৰ ওচৰৰ গাঁও এখনৰ পৰা অহা ল'ৰাকেইটা৷ ঘূৰি আহি খাব৷ কাগজৰ ফাঁকেৰে দেখা গৈ থকা বগা ভাতকেইটা চকুত পৰা মাত্ৰক খাওঁ খাওঁ লাগিছে মোৰ৷ নাই নাই, সেইটো কৰিব লাগিলে বৰ বেয়া কথা হ'ব৷ বিস্কুট আছিল নহয় মোৰ ৰাক্‌চেকটোত৷ কাপোৰ-কানি পিন্ধাৰ পাছতে বেগৰ পৰা পেকেটবোৰ উলিয়ালোঁ৷ এফালৰ পৰা আটাইৰে মাজত বিলালোঁ৷ অৰূপদাই আমাৰ ভাতসাঁজৰ সম্পৰ্কে সোধাত লীলাধৰে ক'লে, 'ভাত আমি ডিলাইত খাম৷ চিন্তা কৰিব নালাগে৷ ব'লক এতিয়া গাড়ীলৈ আগ বাঢ়োঁ৷'

১ বাজি ১৫ মিনিট৷ জীপচি অভিমুখে খোজ আৰম্ভ৷ মই দেখিলোঁ, লীলাধৰে জোতা পিন্ধিছে৷ প্লাষ্টিকৰ কেৰী বেগ এটাৰ ভিতৰত হাৱাই ছেণ্ডেলযোৰ জিলিকি আছে৷ সেইযোৰকে খুজি ল'লোঁ৷ নহ'লে ক'ত কিমান খোঁচ খাম ঠিকনা নাই৷ এতিয়া অন্ততঃ অকণমান হ'লেও নিৰাপদ হ'লোঁ৷

সদলবলে উঠি আছোঁ কেঁচামাটিৰ ৰাস্তাৰে৷ ছিংনাৰৰ হাতত বিস্কুটৰ ডাঙৰ পেকেট এটা৷ বাকীবোৰে হাত সুমুৱাই দুই-তিনিটা যি উঠিছে লৈছে৷ মোলৈ আগ বঢ়াই হাঁহি হাঁহি ক'লে, 'খাওক খাওক, বাংলাদেশী বিস্কুট খাওক আৰু লাংৱ'কু আংলং বগাই থাকক৷' মই পেকেটটোলৈ চালোঁ৷ প্ৰাণ বিস্কুট৷ ৰসিক মানুহৰ কথাবোৰযে আৰু! য'তে-ত'তে ৰস উলিয়াব পাৰে৷ এনেকুৱা মানুহ দলত থাকিবই লাগে৷ উৎসাহ বাঢ়ে, ভাগৰ টুটে৷ অথনি জলপ্ৰপাতত হেৰাই যোৱা, লীলাধৰ আৰু তিমুঙৰ পৰা টান কথা শুনি থেৰ্‌থেৰীয়া হোৱাৰ প্ৰসংগ আঁজুৰি আনি ছিংনাৰক মই খোঁচা-বিন্ধা কৰি যাব ধৰিলোঁ৷ আগতে টাইকোৱানডো খেলা তাগ্ৰা মানুহ৷ এতিয়া প্ৰচাৰ ভাৰতীৰ সাংবাদিক৷ স্ফূৰ্তিবিলাক মিলে৷ কাহিনী কৈ কৈ প্ৰাণ খুলি হাঁহিলোঁ দুইটাই৷ ৰজন্‌জনাই গ'ল চৌপাশ৷

১০ মিনিটমানৰ পাছতে গাড়ীৰ কাষ চাপিলোঁহি৷ মালিক আৰু চালকৰ মূৰত স্বাভাৱিকতে চিন্তা এটা অনৱৰতে লাগি থাকেই, যেতিয়া আদবাটতে নিজৰ বাহনখন অদৃষ্টৰ ওপৰত ভৰসা কৰি এনেকৈ পেলাই থৈ যোৱা হয়৷ ইয়াত পিছে দুয়োখন গাড়ীয়ে সম্পূৰ্ণ অক্ষত অৱস্থাতে পালোঁহি৷ মানুহেই নাই, ক্ষতি কৰিবনো কোনে? বিপদ মানুহৰ পৰাহে৷ বেয়া মতলবৰ মানুহ পৃথিৱীৰ সকলো স্থানতেই আপদ৷ এইটো সূৰ্যৰ নিচিনাই চিৰসত্য৷

অহাৰ দৰেই আমি ভাগে ভাগে গাড়ীত বহি ল'লোঁ৷ অৰূপদাই আমাৰখন ষ্টাৰ্ট দিলে৷ গৰা উঠি আছোঁ একেৰাহে৷ অলপমান গৈয়ে কিহে পালে জানো, হঠাতে ইঞ্জিনে নটনা হ'ল৷ হাৰে, কি হ'ল আমাৰ মাৰুতি এড্‌ভেন্‌চাৰৰ? এঢলীয়াত ব্ৰেকেও থিৰেৰে ৰাখিব পৰা নাই গাড়ীখন৷ চোঁচৰি চোঁচৰি তললৈ যাব ধৰিছে৷ এই কথাই কথা নহয়৷ প্ৰণৱ আৰু মই ঘপাঘপ নামি দিলোঁ৷ এতিয়া কৰ্তব্য কি? ৰাস্তাৰ দাঁতিত ডাঙৰ চাই পাথৰৰ সন্ধান৷ বিচাৰি যথাশীঘ্ৰে পাছ চকাত যোগান লগাইছোঁ৷ বেছি সময় নালাগিল৷ শক্তি সংগ্ৰহ কৰি অৰূপদাই কিবা কায়দাৰে ঘেঁ-ঘেঁকৈ উঠাই লৈ গ'ল যেনিবা৷ যোগানৰ শিল আমাৰ দুয়োৰে হাতত৷ ওচৰ পালত গাড়ীৰ পাছফালে তুলি ৰখা হ'ল৷ ৰাস্তা যিহে, ক'ৰবাত আকৌ লাগি যাব পাৰে৷ তাতোকৈ লগত ৰাখি দিয়াই ভাল৷ আচলতে এনেবোৰ ঠাইলৈ আহিলে যোগান আৰু যোগালি উভয়ৰে দৰকাৰ৷ আমি নাজানিছিলোঁ৷

অথনি জলপ্ৰপাতৰ ফালৰ পৰা চাওঁতে জংঘলৰ মাজত এই ৰাস্তাটোৰ দুটা খণ্ড দেখা পাইছিলোঁ৷ ভাবি আহিছোঁ যে সঠিক জেগা চাই এইফালৰ পৰা লাংৱ'কুৰ ফটো এখন তুলিম৷ সুন্দৰ হ'ব৷ সিফালৰ পাহাৰখনলৈ এতিয়া ঘূৰি ঘূৰি চাই চাই আহিছোঁ৷ ৰ'দ পৰি চৌদিশ জলমলাই আছে৷ ইকি! আমাৰ জীপচিখন আকৌ নুঠা হ'লচোন! লগে লগে নামিলোঁ জাঁপ মাৰি৷ আকৌ আগৰ কাৰবাৰ৷ চকাত যোগান লগালোঁ৷ পাথৰকেইটা আছিল যেনিবা৷ ঠেলাও মাৰিবলগীয়া হ'ল৷ জীপচিয়ে গতি লৈ ল'লে৷ অৰূপদাই চিঞৰি চিঞৰি কৈ গ'ল, 'মই একেকোবে ওপৰত উঠাই লওঁ৷ তোমালোক খোজ কাঢ়ি আহি থাকা৷' হ'ব বুলি কৈ দিলোঁ হয়, ইফালে কেমেৰাটো গাড়ীতে গুচি গ'ল৷ মনটো অস্থিৰ হৈ উঠিল৷ প্ৰণৱৰ সৈতে খোজ মিলাই আছোঁ৷ পাকেপতি ঘূৰি ঘূৰি চাই গৈছোঁ৷ লাংৱ'কুৰ ভাল ফ্ৰেম কেইটামানো পালোঁ৷ ফটো হ'লে এখনো তোলা নহ'ল৷ মনৰ কেমেৰাতে বন্দী কৰি ল'লোঁ বিপৰীতফালৰ পাহাৰৰ বক্ষত ৰ'দ জিলিকা লাংৱ'কু জলপ্ৰপাতৰ দৃশ্য৷ আগৰ কেঁকুৰিটো নোপোৱা পৰ্যন্ত ঘূৰি ঘূৰি সেইফালেই চাই গৈ আছোঁ৷ হেঁপাহ ৰৈ গ'ল লাংৱ'কুৰ সৈতে৷ বতৰ চাই আকৌ এদিন আহিব লাগিব, এই শ্বটবোৰ ল'বলৈকে৷


বিশ্বমানৱৰ সভ্যতা-সংস্কৃতিৰ পম খেদিলে এটা কথা স্পষ্ট হয় যে মানৱ সভ্যতা অভ্যুদয় আৰু বিকাশপ্ৰাপ্ত হৈছে জল অৰ্থাৎ পানীক কেন্দ্ৰ কৰি৷ লাংৱকুৰ সেউজ-সুন্দৰ লীলাভূমি এৰি যমুনা উপত্যকা পাৰ হৈ এইখিনিত খন্তেক জিৰাওঁতে ভাবিছোঁ, যমুনাৰ পাৰত আমি এৰি অহা পিক্‌নিক্‌ স্পটটোত হবনে কেতিয়াবা পৰ্যটন মহোৎসৱ এটা, যি আজিও সৰহ মানুহে নজনা-নেদেখা লাংৱকুৰ প্ৰচাৰত আগ-ভাগ লব? ওলাবনে গুৰিবঠা ধৰা সজ্জন কোনোবা? জিলাখনৰ সভ্যতা-সংস্কৃতিৰ বাহক যমুনা নৈ, যাৰ মুঠ ৮৭ কিলমিটাৰ দৈৰ্ঘ্যৰ গতিপথটোৰ ৬৩ কিলমিটাৰেই কাৰবি আংলঙত, সুদূৰ অতীতৰ পৰাই যাৰ নিছিগা সোঁতে জাতি-জনগোষ্ঠীৰ মিলনৰ বতৰা বহন কৰি আহিছে, তাৰ পাৰতে এইটো অঞ্চলত পূৰ্ণযৌৱনা লাংৱকুৰ উৰ্বৰ সৌন্দৰ্য-সুষমাক আশ্ৰয় কৰি এদিন হয়তো গঢ় লৈ উঠিব নদীমাতৃক নতুন সভ্যতা৷ সচৰাচৰ ৰূপান্তৰিত হোৱাৰ দৰে চৌদিশ হৈ পৰিব কংক্ৰিটময়৷ নাথাকিব এতিয়া দেখা পাই থকা বিস্তাৰিত সৌ সেউজীয়াবোৰ৷ অপ্ৰিয় যদিও সত্য এইটোৱেই৷

অৰূপদাই আমাৰ বাবে আগত অপেক্ষা কৰি আছে৷ কথা পাতি পাতি আমি দুটাও পালোঁহি৷ বহা মাত্ৰক গাড়ী আকৌ চলিব লাগিল৷ কেঁচা মাটিৰ ৰাস্তা৷ বৰষুণৰ পানীয়ে মাজত খালৰ সৃষ্টি কৰি থৈছে৷ সাৱধানে নচলালে বিপদ৷ এবাৰ আন্দাজ ভুল কৰি অৰূপদাই সোঁফালেৰে নিবলৈ চেষ্টা কৰোঁতে বাওঁটো আগ চকা খালত পৰি গ'ল৷ উলিয়াই নিবলৈ বুলি জোৰ দিওঁতে একে ফালৰ পাছ চকাটোও সোমাই পৰিল৷ শেষ৷ এতিয়া খালত বন্দী আমাৰ জীপচি৷ কি কৰা যায়? এঢলীয়াত গাড়ী একতীয়া৷ মনটোৱে আগে-ভাগে বেয়া চিন্তাটোহে সক্ৰিয় কৰিলে৷ আজি যাব নোৱাৰিম আৰু চাগে'৷ ইয়াতে থাকি যাব লাগিব৷ সিখন জীপচিও আগে আগে গুচি গ'ল৷ সন্মুখত কেঁকুৰি৷ বিপৰীত দিশৰ পৰা সতকাই দেখা নাযায়৷ ফলত আমাৰ এই গম্ভীৰ সমস্যাটোৰ কথা সিহঁতে গম নোপোৱাটোৱে স্বাভাৱিক৷ ইয়াত ম'বাইল ফোনৰো কোনো বাহাদুৰি নাই৷ হাতে হাতে আছে যদিও নিমাত, নিষ্ক্ৰিয়৷

খৰকৈ ভাবিব ধৰিছোঁ, কি কৰা উচিত হ'ব, বুদ্ধিটো কেনেকুৱা হ'ব লাগিব? গাড়ীত থকা যোগান নামৰ শিলকেইটা এটা এটাকৈ পাছ চকাৰ গুৰিত জাপিলোঁ৷ ওচৰে-পাজৰে শিলগুটি নায়েই৷ বিচাৰি বিচাৰি অলপ আঁতৰৰ পৰা আনিলোঁগৈ কেইটামান৷ সেইকেইটা ঢালি দি আকৌ গ'লোঁ৷ আকৌ আনিলোঁ৷ আকৌ গ'লোঁ৷ গা-পা ধুই সতেজ হৈ আহিছিলোঁ৷ উদ্ধাৰ কাৰ্যত সক্ৰিয় ভাও লৈ পুনৰ ঘাম বাজ হ'ল৷ বহু পৰ হ'লত আমাৰ গাড়ীখন নহা দেখি ছিংনাৰহঁতৰো চাগৈ সন্দেহ ঘনীভূত নোহোৱাকৈ নাথাকিল৷ এঠাইত গাড়ী ৰাখি এজন এজনকৈ আমাৰ ফালে নামি আহিব ধৰিছে৷ ইফালে খালটো ভৰ্তি হোৱাত অৰূপদা ষ্টিয়েৰিঙত বহিল৷ কায়দাটো ক'লে৷ বেক গীয়েৰ লগাই পাছলৈ উঠাব৷ এক্সেলাৰেটৰ হেঁচি পূৰা জোৰ দি দিব ধৰিলে তেওঁ৷ চল চাই আমিও মাৰিলোঁ ঠেলা৷ চকাটো ঠাইতে ঘূৰি আছে, চিউঁ-চিউঁ চিউঁ-চিঁউ৷ শিল-মাটি ছিটিকি গৈছে৷ অলপ পৰ যুদ্ধ কৰাৰ পাছত সফল হ'লোঁ যেনিবা৷ ৰাস্তাটো আকৌ তলফাললৈ হেলনীয়া৷ কাজেই পাছ চকাত যোগান দিবলগীয়া হ'ল৷ লাহে লাহে সুচল জেগা চাই গাড়ীখন উঠাই নি থাকিল অৰূপদাই৷ এসময়ত আমি নিজৰ নিজৰ জেগাত বহিলোঁ৷ পুনৰ ৰাওনা৷ এইবাৰ সাৱধানে, যাতে আগৰ ভুলটো নহয়৷



দ. আকৌ এবাৰ উপলব্ধি কৰিলোঁ ঈশ্বৰৰ অস্তিত্ব


মোৰ বন্ধুস্থানীয় লেখক বিদ্যাছিং ৰংপিয়ে ২০০৩ চনত প্ৰকাশিত তেওঁৰ প্ৰবন্ধ সংকলন লামজিৰ কাংদাকত সন্নিৱিষ্ট যমুনা নদীৰ ঐতিহাসিক তাৎপৰ্য শীৰ্ষক লেখাত 'মাঞ্জাস্থিত বৃহত্তৰ ডিফু পানী যোগান আঁচনিৰ অন্তৰ্গত যমুনা নদীৰ উজনি ভাগৰ লাংৱকুৰ পৰা পানী তোলাৰ ব্যৱস্থা কৰা হৈছে' বুলি উল্লেখ কৰি থোৱাটো মোৰ মনত পৰিছে৷ জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে সেই সময়ত তেনেকুৱা কিবা পৰিকল্পনা বা আঁচনি হাতত লৈছিল যদিও নাজানো, লাংৱকুৰ পৰা পানী সৰৱৰাহৰ কোনো ব্যৱস্থাপনা হলে কেনিও আজি নামমাত্ৰও দেখা নাপালোঁ৷ চৰকাৰী মেৰপাক বা টালি-বাজি সমূলি ধৰিব নোৱাৰা আমি হ'লোঁ হাণ্ড্ৰেড পাৰ্চেণ্ট বেচৰকাৰী মানুহ৷ সম্ভাৱনাৰ প্ৰচুৰতা হ'লে দেখি আহিলোঁ৷

সৰ্পিল পথটোৰে যিমানেই ডিলাই অভিমুখীকৈ যাব ধৰিছোঁ লাংৱকু, যমুনা ক্ৰমান্বয়ে আমাৰ পৰা আঁতৰ হৈ গৈ আছেঁ৷ জিলাখনক জীপাল আৰু সাৰুৱা কৰা পশ্চিমৰ কাৰবি লাংপী আৰু পূবৰ পাহাৰশ্ৰেণীৰ পৰা ওলাই অহা যমুনাক ক্ৰমে 'কাৰবি আংলঙৰ বাহু' আৰু 'কাৰবি আংলঙৰ মেৰুদণ্ড' বুলি কোনো কোনোৱে সত্য অৰ্থতে একোটিকৈ অভিধা স্বেচ্ছাই আৰোপ কৰিব খোজে৷ কাৰবিসকলে চমনা বোলা যমুনা নৈৰ সৈতে জনগোষ্ঠীটোৰ জনজীৱনৰ সম্বন্ধ বৰ গভীৰ৷ ইয়াৰ সৈতে সম্পৃক্ত হৈ আছে তেওঁলোকৰ কিংবদন্তী, লোক-কথা, লোক-প্ৰবাদ৷ কাৰবিসকলৰ ভাষা-সংস্কৃতি আৰু আৰ্থিক-বাণিজ্যিক দিশতো এই নদীৰ অৱদান আৰু প্ৰভাৱ সুদূৰপ্ৰসাৰী৷ ১৭শ আৰু ১৮শ শতিকাত বাণিজ্যিক, অৰ্থনৈতিক তথা যাতায়াতৰ দিশত যমুনা নদীৰ বেছ গুৰুত্ব আছিল বুলি আমি কিতাপত পঢ়িবলৈ পাইছোঁ৷ ভৌগোলিক সংজ্ঞামতে অৱশ্যে যমুনা নদী নহয়, এখন উপনৈহে৷

এই 'চমনা' নামটোৰ উৎপত্তি বিচাৰ কৰিলে পোৱা যায়, শিঙিজাতীয় সৰু মাছ চমনা অধিকভাৱে উপলব্ধ হোৱাৰ বাবেই নৈখনৰ নামটো চমনাল৷ পুৰণা কাহিনী অনুসৰি, চমনা নদীত বিহ দি মাছ মাৰি ফুৰোঁতে গঞা মহিলা এগৰাকীৰ জোঁৱায়েকৰ মৃত্যু হৈছিল৷ কথাটো জানি কাৰবি মানুহগৰাকীয়ে দুখতে কলে যে কেপ্ৰুকে চমনা, কিথিকে থেপাক৷ অৰ্থাৎ, বিহ দিছিল যমুনাত, মৃত্যু ঘটিল জোঁৱাইৰ৷ কালক্ৰমত তেওঁলোকৰ মাজত এই বাক্যটি হৈ পৰিল ব্যৱহাৰোপযোগী, কাৰ্যকৰী, এটা ফকৰা৷ অসমীয়া ভাষাত ইয়াৰ শুদ্ধ সমাৰ্থক হিচাপে কোনো কোনোৱে কয় লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটিবাজিব লাগিছিল টেমী কটাৰী, বাজিছে হাঁচতি বুলিও কোনো কোনোৱে কব খোজে৷ এই চমনা শব্দটোৱেই অনাকাৰবিৰ মুখত পৰি যমুনা হোৱা বুলিও ভবাৰ থল নথকা নহয়৷

মানুহৰ মুখ বাগৰি অহা অন্য এক কাহিনী অনুসৰি অতি পুৰণি কালত ইংলং নামৰ পাহাৰীয়া ডেকা এজনে চমনাক অৰ্থাৎ যমুনাক বিয়া কৰাবলৈ মন মেলিলে৷ এদিন সি তাইক বাটতে আগচি ধৰি বিয়াৰ প্ৰস্তাৱ দিলে৷ চমনা লাজতে ৰঙা-চিঙা পৰিল৷ ওঁঠ দুটা কঁপিবলৈ ধৰিলে৷ খঙৰ ভমকত তাই ইংলঙক সেই ঠাইতে শিল হৈ পৰি থাকিবলৈ অভিশাপ দিলে৷ চমনাৰ অভিশাপত ইংলং শিল হৈ পৰি ৰ'ল৷ চমনা তাৰ ওপৰেদিয়ে পাৰ হৈ গন্তব্য স্থানলৈ গুচি গ'ল৷ তাই যাওঁতে কৈ গ'ল, 'মই যেতিয়া উলটি আহিম তেতিয়াহে তোৰ মুক্তি হ'ব৷' চমনা সেই যি গ'ল আজিলৈকে সম্ভৱ ঘূৰি অহা নাই৷ তেতিয়াৰে পৰাই ইংলং ডেকাই আজি পৰ্যন্ত শিল হৈয়ে নৈখনক ভেটা দি আছে৷ সেয়াই শিলভেটা৷ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মাঞ্জাৰ পৰা বকলীয়াৰ দিশে গ'লে বাওঁহাতে সহজেই দেখা পোৱা যায়৷

ইফালে, ১৮৪১ চনত নগাঁও জিলাৰ অসামৰিক প্ৰশাসক হিচাপে নিযুক্ত মেজৰ জন বুটলাৰে তেওঁৰ ভ্ৰমণ বৃত্তান্ত ট্ৰেভেল্‌ছ ইন্‌ আছামত জলধাৰাৰ নামটো 'যমুনা' বুলিয়ে উল্লেখ কৰি গৈছে৷ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই আকৌ কাৰবি শব্দ জইমুনাকৰ পৰা যমুনা শব্দটো সৃষ্টি হোৱা বুলি কৈছিল৷ জইমুনাক মানে অধিক সহজ৷

প্ৰসংগক্ৰমে, সেই সময়ত দুৰ্গম অৰণ্য আৰু পাহাৰীয়া বাটেৰে অহা-যোৱা কৰাতকৈ নৈৰ বুকুৱেদি আহ-যাহ কৰাটো অধিক সহজ আৰু সুৰক্ষিত আছিল৷ তেতিয়াৰ দিনত থই-ইংলং অৰ্থাৎ পৰ্বত-ভৈয়ামবাসীৰ যোগাযোগৰ একমাত্ৰ পথ আছিল যমুনাৰ জলপথ৷ যমুনা নদীক সাৰথি কৰিয়ে পাছলৈ ডবকাৰ পৰা ৰাস্তা নিৰ্মাণ কৰা হৈছিল৷ ডবকাৰ ইতিহাসপ্ৰসিদ্ধ মিকিৰপাৰ, তুলাৰাম সেনাপতিৰ ৰাজধানী মৌদংগা, কাৰবি বীৰাংগনা ৰংফাৰপী ৰংবেৰ ঐতিহাসিক ৰংতেপ্লং অৰ্থাৎ তেপ্লং গাঁও, বৃহৎ বাণিজ্যিক কেন্দ্ৰ শিলভেটা আদি যমুনাৰ পাৰে পাৰেই আছিল৷ বুটলাৰে এনে দৃশ্য বিৰল বুলি উল্লেখ কৰি যোৱা শিলভেটাৰ জলপ্ৰপাতক পৰ্যটন বিভাগে টুৰিষ্ট স্পট হিচাপ গঢ়ি তোলা আমি দেখিছোঁ যদিও লাংৱকুৰ উন্নয়ন হবলৈ আজিও বাকী৷

প্ৰকৃতি হৈছে ঈশ্বৰৰ শিল্প৷ লাংৱ'কুত দেখি অহা প্ৰকৃতিৰ শৈল্পিক সৃষ্টি আৰু সুঠাম কাৰুকাৰ্যই ভগৱানৰ অস্তিত্বকে পুনৰবাৰ সুদৃঢ় ৰূপত প্ৰতীয়মান কৰিলে মোৰ মানসপটত৷ কেইটামান বিশেষ বিশেষ স্থানত থিয় দিওঁতে মুখৰ পৰা আপোনা-আপুনি ওলাই আহিল আশ্চৰ্যপ্ৰকাশক সেই শব্দযুগল... অ'হ গ...ড৷



ধ. সম্ভাৱনাৰ লাংৱ'কু

'নীল নীল পাহাৰৰে, সেউজীয়া সুষমাৰে, য'ত নাচে ৰামধেনুৰ সাত ৰং, এয়া কাৰবি আংলং, মৰমী কাৰবি আংলং, চেনেহী কাৰবি আংলং৷' ৰবীনা ক্ৰ'পীয়ে গোৱা গীতটো গুণগুণাই আহিছোঁ৷ আমাৰ গৃহভূমিক লৈ সুন্দৰ কথা, মধুৰ কণ্ঠ আৰু সন্তুলিত সংগীতৰ সমাহাৰেৰে সৃষ্ট, মোৰ ভাল লগা গানৰ অন্যতম৷ দূৰ-দিগন্তত কৰ্দৈসিৰীয়া নীলা পাহাৰবোৰ৷ কথাংশৰ সৈতে যেন মিলি গৈছে! মনটো নাচি উঠিছে৷

কল্পনা কৰিছোঁ, ডিলাই বজাৰৰ পৰা আমি এৰি থৈ অহা যমুনাৰ পাৰলৈ চাইক্লিং এক্সপিডিচন এটা কৰিব পৰা হলে কেনে হলহেঁতেন? এভাৰেষ্টাৰ খৰছিং তেৰাঙৰ সৈতে ট্ৰেকিঙৰ মাধ্যমেৰে ফিটনেচ কেম্পেইন এটা চলাব পৰা হ'লেও! কিবাকৈ এটা হিল্‌ টেৰাইন চাইক্লথন পাতিব পৰা যায় নেকি এইফালে? সম্ভৱ হবনে কেতিয়াবা? অৰুণাচল প্ৰদেশৰ মেন্‌-চু-খাত আগন্তুক ২৩, ২৪, ২৫ নৱেম্বৰত অনুষ্ঠিতব্য 'এড্‌ভেন্‌চাৰ্‌ এট্‌ মেন্‌-চু-খা ২০১৮'ৰ সৈতে সংগতি ৰাখি এইবাৰৰ ষষ্ঠ সংস্কৰণত চাইক্লিং এক্সপিডিচন পাতিবলৈ পশ্চিম অৰুণাচল সমষ্টিৰ মাননীয় সাংসদ তথা কেন্দ্ৰীয় গৃহ-ৰাজ্য মন্ত্ৰী কীৰেন ৰিজিজু, বলিউডৰ তাৰকা অভিনেতা ছলমান খান উঠি-পৰি লাগিছে৷ অৰুণাচল টুৰিজমৰ ব্ৰেণ্ড এম্বেচাদৰ জন আব্ৰাহামো প্ৰম'চনত লাগি আছে৷ প্ৰম'ট, চাপ'ৰ্ট, ক'ভাৰেজৰ ক্ষেত্ৰত এই মুলুকত তেনে ধৰণে আগ-ভাগ ল'ব কোনে?

আকৌ ভাবিছোঁ, এড্‌ভেন্‌চাৰ জ'ন হিচাপে ঘোষিত হওক লাংৱ'কু অঞ্চলটো৷ আমি স্নান কৰি অহা যমুনাৰ সেই অংশটোত পাৰাপাৰ হ'বলৈ দলং কেতিয়াও সাজিব নালাগে৷ নদীপৃষ্ঠত জিলিকি থকা বৃহৎ শিলটোৰ দৰে মস্ত মস্ত শিল পৰিকল্পিতভাৱে, দূৰত্ব ৰাখি স্থাপন কৰি তাৰ ওপৰে ওপৰে জঁপিয়াই জঁপিয়াই পানী পাৰ হব পৰা কৰিব লাগে৷ আমি দেখি অহা লাংৱ'কু জলপ্ৰপাতটোৰ ওপৰলৈকে পাহাৰৰ দুটা মূৰৰ পৰা উঠা-নমা কৰিব পৰাকৈ চাৰ্কুলাৰ ট্ৰেক কাটিব লাগে৷ এফালেদি উঠি আনফালেদি নমাৰ ব্যৱস্থা থাকিব লাগে, ছামাৰ এক্সপিডিচনত নাগালেণ্ড-মণিপুৰ সীমান্তৰ আত্মা-আলোড়নকাৰী ঝুক' ভেলীৰ পৰা আমি নামি আহোঁতে পোৱা ঝাখামামুখী ষ্টেপবোৰৰ অনুৰূপ৷ শীৰ্ষত হ'ব লাগে কেম্পিং চাইট৷ লাংৱকু এনেকৈয়ে বিখ্যাত হৈ পৰক, যমু্না এনেকৈয়ে প্ৰখ্যাত হৈ পৰক, একক আৰু অনন্য সজ্জাৰে৷ কাৰবি আংলঙৰ লাংৱ'কু হৈ পৰক সহস্ৰজনৰ এড্‌ভেন্‌চাৰ্‌ টুৰিজম ডেষ্টিনেচন৷ মামুলি পিক্‌নিক্‌ স্পট নহয়৷

সম্পদ আৰু সম্ভাৱনাৰ প্ৰোজ্জ্বলতা সম্বন্ধে চাক্ষুষভাৱে, প্ৰত্যক্ষ উমান ল'বলৈকে, প্ৰাকৃতিক ওৰণিয়ে ঢাকি ৰখা এনেবোৰ সুপ্ত আৰু গুপ্ত স্থানলৈ গুৰুত্বসহকাৰে নিজে যাওঁ৷ বাৰে বাৰে যাওঁ৷ কোনো বাধা-নিষেধে গতিৰুদ্ধ কৰিব নোৱাৰে৷ প্ৰকৃতিৰ আৱেদন, হৃদয়ৰ আৱেদন একে মাত্ৰাৰ নোহোৱাজনে অৱশ্যেই বুজিব নোৱাৰিব ইয়াৰ মজা কি৷ বুলিব বাতুলতা, বুলিব উন্নাসিকতা৷ অৱধাৰিতভাৱেই আমাৰ সংগীৰ সংখ্যাও তাকৰ৷ কাৰণ এইবোৰ কষ্টসাধ্য হৃদয়গ্ৰাহ্য অন্বেষণ৷ সহজসাধ্য বিনোদন নহয়৷ অৱধাৰিতভাৱেই, সংগীও বদলি যায় প্ৰতিটো যাত্ৰাৰ পৰৱৰ্তী যাত্ৰাটোত৷ এৰা-ধৰাৰ মাজতো সত্যসন্ধানী চফৰ চলি থাকে৷ চলি থাকিবও৷ কিয়নো, আগতেই কৈছোঁ, এয়া হৈছে হৃদয়ৰ আৱেদন৷

অলপ আগেয়ে যুঁজ-বাগৰ কৰি গাড়ীখন উঠাই অনাৰ পাছত জীপচিচালক অৰূপদাই আগলৈ আৰু ভুল কৰা নাই৷ খালে-বামে হ'লেও সু্ন্দৰভাৱে নি আছে৷ সুযোগ বুজি ইফালে-সিফালে চাই গৈছে৷ কথাও কৈ আছে৷ তেওঁ জানে, এনেকুৱা মুহূৰ্ত আৰু ভ্ৰমণৰ সুযোগ জীৱনলৈ কমেইহে আহে৷ গাড়ী বহুতৰে আছে, ভাল ভাল গাড়ী আছে৷ কিন্তু হ'লে কি হ'ব? ঘৰত আবদ্ধ, গেৰেজত তলা বন্ধ৷ অৰূপদাৰ মতে গাড়ী থাকিলে চলাব লাগে৷ নহ'লে ল'বই নালাগে৷ মচি-কাচি সজাই থ'বলৈ লয় নেকি গাড়ী? কাজেই তেওঁ প্ৰফুল্লচিত্তে চলাই আছে, যিফালে যি দেখা গৈছে তাক প্ৰাণভৰি উপভোগ কৰি গৈছে৷ আনন্দ-মন্থনৰ কলা তেওঁ জানে৷ ন' কমপ্লেইন৷ মোৰ আকৌ গাড়ী নাই৷ চলাবও নাজানো৷ গাড়ী থকা এনেকুৱা দিলদৰিয়া, বেপৰোৱা ককাইযে আছে, আহুকলীয়া ৰাস্তাতো নিজে ড্ৰাইভ কৰিবলৈযে প্ৰতিবাৰেই উৎসাহী হয়, আগ্ৰহী হয়, সেয়াই মোৰ ভাগ্য৷

চহৰৰ আঁচ পৰা মসৃণ ৰাস্তা, ৰঙা-নীলা লাইট, ফ্লাই অ'ভাৰ, শ্বপিং মল, হোটেল-ৰেস্তোৰাঁৰ ভূৰি-ভোজন ইয়াত নাই৷ কোনো তথাকথিত কৃত্ৰিমতা নাই৷ তেনেহ'লে আছেনো কি? কওঁ? সৌৱা, পাহাৰীয়া পৃষ্ঠপটত কেঁচাঘৰ এটাৰ সন্মুখত নেজ-কাণ লৰাই লৰাই এপাল ছাগলী৷ গাত গা লাগি থকা গছ কেইজোপামানত কেঁচা-পকা থোপা-থোপে অমিতা৷ অপলক নেত্ৰে বাহন দুখনলৈ চাই ৰোৱা সৌৱা কেইটামান শেঙুন-নকা৷ কাষতে ৰ'দ পুৱাই বগীকৈ কুকুৰ এজনী৷ এঘৰৰ চোতালত আপোনমনে চৰি আছে এজাক কুকুৰা৷ গোটা বাঁহৰ কেংদংদাঙত উঠি খৰকৈ অহা-যোৱা খেল কৰি থকা দুই চেঙেলীয়া৷ মেঠনি মাৰি কুঁৱাৰ পাৰত স্নানৰতা কোনোবা অজ্ঞাত নাৰী৷ এইবোৰেই বাটৰ বিচিত্ৰ ছবি৷ মুহূৰ্তে মুহূৰ্তে বদলি থাকে এই ছবি৷ অমিতা দুটামান পাৰিলে গৃহস্থক খুজি-মাগি নিয়াৰ বিষয়ে অথনি যাওঁতেই ভবা হৈছিল৷ নিবৰ বেলিকা অৰূপদাই গাড়ী নৰখালে৷ পৰিৱেশ আৰু চিত্ৰপটৰ গভীৰতাত অৱগাহন কৰি পাহৰিলেই চাগৈ৷ একো নক'লোঁ৷ পাৰ হৈ গ'লোঁ ঠোঁট-মুখ চেলেকি৷ স্বাভাৱিকতেই আৰু এক হেঁপাহ ৰৈ গ'ল কেঁচাবাটৰ খলা-বমাত৷ কেতিয়াবা আকৌ আহিলে দেখা যাব৷

লাংৱ'কু মডেল ভিলেজ পালোঁহি৷ জামিৰ ইংতিক ঘৰৰ আগত আগতেই নমাই অহা হৈছে৷ দিনটোৰ খোৰাকি হিচাপে ভ্ৰমণকাৰী দলটোৰ হৈ কিবা এটা দিব খুজিছিল অৰূপদাই৷ নাই, নল'লে৷ মাছ ধৰি খুৱাব নোৱাৰাৰ দুখত ওলোটাই তেওঁহে ম্ৰিয়মান৷ শিল-ঘৰিয়া দুটামান গাড়ীৰ পাছফালে তুলি দি পঠাব নোৱাৰাটো যেন গাঁওবুঢ়াৰ কোনোদিনে নোহোৱা অপৰাধহে হ'ল! মাতিলে অন্য এদিন৷ ক'লে, 'আগতীয়াকৈ খবৰ দি আহিব৷' আন্তৰিক ধন্যবাদ আৰু ভৱিষ্যতে পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তেওঁক এৰি আমি আগুৱান হ'লোঁ৷



ন. পাৰ হ'লোঁ কয়লাজান

চিত্ৰনেলা খেতিৰ মাজে মাজে চলি পাংজাং পালোঁহি৷ অভ্যাসবশতঃ চালকজনে পিন্ধি থকা হাতঘড়ীটোলৈ মন কৰিলোঁ৷ ঘণ্টাৰ কাঁটাডালে ২ সংখ্যাটো চুইছে৷ প্ৰথম তিনিআলিটোতে গাড়ী বাওঁহাতে ঘূৰিল৷ আচল ৰাস্তাটো পোনে পােনে আছিল যদিও অথনি কোৱামতে এতিয়া মটৰেবল নহয় হেনো৷ যিফালে সোমালোঁ, এইফালেনো কি বৰ মটৰেবলটো? গাড়ী যেনে-তেনে গৈছেহে বুলিছোঁ৷ ওখোৰা-মোখোৰাৰে কাটি-কুটি, খাল-ডোং কিছুমান পাৰ কৰি চলাই নিছে অৰূপদাই৷ অলপ-ধতুৱা চালক হ'লে কেতিয়াবাই হাত দাঙি দিলেহেঁতেন৷ অকণমান সাহসী, অবৈয়াল মেজাজৰ মানুহে কিন্তু গাড়ী চালনাৰ প্ৰেক্টিকেল পৰীক্ষাৰ উপৰি ইয়াতেই আহৰণ কৰিব পাৰিব মনত ৰৈ যোৱাকৈ নতুন অভিজ্ঞতা৷ প্ৰসংগক্ৰমে, ১৯৮৮ চনৰ ২৮ ছেপ্টেম্বৰত জামছেদপুৰৰ টাটা ইঞ্জিনিয়াৰিং এণ্ড লক'মটিভ কোম্পানী (টেলক')লৈ যাওঁতে তাত দেখা নৱনিৰ্মিত ট্ৰাকবিলাকৰ দৃষ্টিআকৰ্ষক টেষ্টিং এৰেনালৈ মনত পৰি গ'ল৷ পঞ্জাবী ড্ৰাইভাৰৰ কি চালনা! মেইন গে'ট, জুবিলী পাৰ্কত তোলা ফটোবোৰ মোৰ এলবামত এতিয়াও ধুনীয়া হৈ আছে৷ এইবোৰে আজিও কথা কয়৷ অতীতৰ কথা৷ কিবা এটা মিলি যোৱাত এই মুহূৰ্তত মনলৈ আহি গ'ল৷

আৰু সিখনৰ ডেকা চালক কণ্টক ইংতি, ইও দেখিছোঁ কম বস্তু নহয়৷ তাৰ জীপচিখন আমাৰ আগে আগে৷ খলা-বমাৰ মাজতো চান্স পালেই দৌৰাই দিয়ে৷ নাজানো, হয়তো লীলাধৰৰ নিৰ্দেশো থাকিব পাৰে৷ কাৰণ ডিফুত তাৰ জৰুৰী মিটিং আছে৷ এনে লাগিছে, জংঘলৰ মাজে মাজে আমি যেন খেদিহে আছোঁ সিহঁতক ধৰিবলৈ! সৰুতে চিনেমাত দেখা গুণ্ডা আৰু পুলিচৰ মাজৰ খেদাখেদি! হলৰ পৰ্দাত কিমানযে চালোঁ বাৰেবিংকৰা ফৰ্মূলাবোৰ! শেষত গুণ্ডাৰ গাড়ীয়ে গছত খুন্দা মাৰি দিয়ে৷ নহ'লেবা ৰাস্তা ভুল কৰি পানীত পৰি যায়! নতুবা বন্ধ ৰে'ল গে'টত ফচি যায়৷ লীলাধৰহঁতক অনুসৰণ কৰি কৰি আমি এসময়ত কুকি বস্তি মুলখাং, মুলহইলৈ সোমাই যোৱা আলিমূৰটোত উপস্থিত হ'লোঁ৷ ৰোৱাৰ সকাম নাই৷ দুয়োখন চলি থাকিল হালি-জালি, যাত্ৰীক থেকেচি থেকেচি৷

মাটিৰ ৰাস্তাটোত এতিয়া খেলিমেলিকৈ শিলগুটিৰো পয়োভৰ৷ এঠাইত দেখা পালোঁ, ৮জন মানুহে বেছ শকত শকত ৰছীৰ সহায়ত ট্ৰাক এখনত মস্ত মস্ত কাঠৰ কুণ্ডা উঠাই আছে৷ অবিশ্বাস্য৷ বৈধ-অবৈধ নাজানো৷ অলপ আগলৈকে হৰ্ষোৎফুল্ল অৰূপদাই তাকে দেখি ভোৰভোৰণি আৰম্ভ কৰি দিলে৷ 'কাৰবি আংলঙৰ বনাঞ্চল চোৰৰ প্ৰতাপত আজি উদংপ্ৰায়৷ নীতিবহিৰ্ভূতভাৱে কাঠ-বাঁহ, শিল-বালি, গছৰ ছাল-পাত-শিপা, ক'লা হীৰা কয়লা দিনৌ ট্ৰাকে ট্ৰাকে ওলাই গৈ আছে৷ একাংশ ৰাজনীতিক, আৰক্ষী, বিভাগীয় বিষয়া-কৰ্মচাৰী এই লুটমাৰত বনচোৰৰ লগত সনা-পিটিকা৷ সেউজী কাৰবি আংলঙক, নীল নীল পাহাৰক, আমাৰ পৰ্যাৱৰণক বচাব কোনে? সংৰক্ষণৰ হকে, ধ্বংসকাৰ্য ৰােধ কৰাৰ অৰ্থে মাত কোনে মাতিব? কোনে মটিভেচন দিব? সকলোফালে যেন কিবা নিমিলা অংক! ৰক্ষকেই ভক্ষক৷ প্ৰকৃতিৰ সন্তুলন গ্ৰাহ্য নকৰি মানুহে জধে-মধে ধ্বংসকাৰীৰ ভূমিকাত অৱতীৰ্ণ হোৱাটো অবাঞ্ছনীয়ই নহয়, অক্ষমণীয়ও৷ ইয়াৰ পৰিণাম জীৱকুলে ভুগিবলগীয়া হৈছেই ইতিমধ্যে৷ পৰৱৰ্তী প্ৰজন্মবোৰৰ বাবে নিশ্চয়কৈ আহি আছে ভয়াৱহ ভৱিষ্যৎ, য'ত উশাহ লোৱাই টান হ'বগৈ৷ ভাবিলে ভয়েই লাগে৷'

অৰূপদাই ঠিকেই কৈছে৷ গছ-গছনি কটা, জীৱ-জন্তু মৰাৰ দৰে কাম তেওঁ একেবাৰে ভাল নাপায়৷ পৰা হ'লে নামি গৈ খুব পিটিলেহেঁতেন সেইকেইটাক৷ এইফালে মই মনে মনে ভাবি অহা পৰ্যটন উদ্যোগৰ বিকাশৰ অন্তৰালতো প্ৰকৃতিৰ অৱদানেই হৈছে প্ৰথম আৰু প্ৰধান৷ অধ্যয়ন তথা গৱেষণাৰ পৰা এয়া দৃঢ় প্ৰতীয়মান হৈছে যে ভৌতিক পৰিৱেশৰ ওপৰত পৰ্যটনৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে৷ প্ৰকৃতি আৰু পৰিৱেশৰ অবিহনে পৰ্যটন ক্ষেত্ৰখনৰ অস্তিত্ব একোপধ্যে কল্পনা কৰিব নোৱাৰি৷ তেনেস্থলত অনাকাংক্ষিত বনাঞ্চল ধ্বংসযজ্ঞ পৰ্যটন উদ্যোগটোৰ খাচ পৰিপন্থী৷


পৰ্যটনৰ বিভিন্ন ভাগ-বিভাগবোৰৰ ভিতৰত সাম্প্ৰতিক বিশ্বত সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু লাভজনক হিচাপে বিবেচিত হৈছে ইক টুৰিজম অৰ্থাৎ পৰিৱেশ পৰ্যটন৷ ইয়াৰ বিশেষত্ব উপলব্ধি কৰি এনে শেহতীয়া ধাৰণা বৃহত্তৰ লাংৱ'কু এলেকাত প্ৰয়োগ কৰি অঞ্চলটোক পৰ্যটনৰ সম্ভাৱনাময় ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ সোনকালেই পদক্ষেপ হাতত লোৱা উচিত৷ ধ্বংসৰ পৰিৱৰ্তে সৃষ্টিৰ প্ৰতি মানুহক আকৰ্ষিত কৰাৰ সঁচাৰ-কাঠী ইয়াৰ অন্তৰালতে লুকাই নথকা নহয়৷ সম্পদক পেলাই নাৰাখি যথাযথ পৰিকল্পনা, ঐকান্তিক প্ৰচেষ্টা, সময়োপযোগী ব্যৱহাৰ আৰু বিকাশৰ জৰিয়তে অঞ্চলটো পোহৰাই তুলিলে ইয়াৰ স্থানীয় বাসিন্দাসকলে বিচৰা অৰ্থনৈতিক অগ্ৰগতি নোহোৱাকৈ নিশ্চয় নাথাকিব৷ তেতিয়া এনে ধ্বংসাত্মক ছবিও আৰু হয়তো দেখা নাযাব৷ এটা স্পষ্ট উদাহৰণ, নাগালেণ্ডৰ খনমাত আমি দেখি অহা আংগামীসকল৷ তেওঁলোকৰ বৰভেটিত কোনোবাই গছ কাটিলে, জন্তু চিকাৰ কৰিলে তেওঁলোকৰ সমাজে বিচাৰ কৰে, জৰিমনা বিহে, শাস্তি দিয়ে৷ তেওঁলোকেই এতিয়া বনাঞ্চলৰ সংৰক্ষক, বন্যজন্তুৰ প্ৰতিপালক৷ মন কৰিবলগীয়া কথা৷

এঠাইত ৰাস্তাটোৰ বাঁওফালে গছৰ মুঢ়া এটা ওলাই আছিল৷ ক্ষোভিত চালকজনে উত্তেজনাতে চাগৈ, টলকিবই নোৱাৰিলে৷ ট্ৰাকখনলৈ চাওঁতেই মুহূৰ্তৰ অন্যমনস্কতা৷ ফলস্বৰূপে মাৰি দিলে তাতে৷ ঘেটেং৷ উজুটি খাই পলকৰ বাবে তিনি আৰোহী শূন্যত৷ চেহেৰা হেপেটিমুৱা৷ থেকেচাটো পালতহে সম্বিৎ ফিৰি আহিল চালকৰো৷ কি হ'ল কি হ'ল বুলি বিচাৰ-খোঁচাৰ আৰম্ভ হ'ল৷ কথাত মজি মুঢ়াটো হয় তেওঁ দেখাই নাপালে, নহ'লে শেষ মুহূৰ্তত দেখিও বচাব নোৱাৰিলে৷ নিশ্চিত হ'ল যে মোৰ ফালৰ চকাটোৱেই খুন্দিয়াইছে৷ ইয়াৰ পাছৰ পৰাই, কি কালিকা লাগিল জানো, এক্সেলাৰেটৰ বেছিকৈ দবালেই বাহনখনে দেখোন এটা অস্বাভাৱিক কঁপনি তোলা আৰম্ভ কৰিলে! অনিচ্ছাসত্ত্বেও লাহে লাহে, নিয়ন্ত্ৰিত বেগেৰেহে যাবলগীয়াত পৰিলোঁ৷ সময়ৰ হীন-ডেঢ়িত লীলাধৰহঁত আমাতকৈ বহুত আগ বাঢ়িল৷

পৰিৱেশৰ ওপৰত কোনো ক্ষতি বা কুপ্ৰভাৱ বিস্তাৰ নকৰাকৈ পাৰিপাৰ্শ্বিক পৰিৱেশৰ লগতে থলুৱা বাসিন্দাসকলৰো উন্নতি যাতে সাধন হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাকৃতিক সৌন্দৰ্য আৰু সম্পদেৰে চহকী ঠাইসমূহলৈ পৰ্যটকসকলৰ আগমন ঘটোৱাৰ যোগেদি যি প্ৰকাৰৰ পৰ্যটন গঢ়ি উঠে সেয়াই পৰিৱেশ পৰ্যটন৷ এই শ্ৰেণীৰ অন্তৰ্ভুক্ত পৰ্যটকসকলৰো মূল উদ্দেশ্য হৈছে পৰিৱেশ-প্ৰকৃতিৰ একো অনিষ্ট নকৰাকৈ, বৰঞ্চ এইসমূহৰ সুৰক্ষা আৰু সংৰক্ষণৰ মাধ্যমেৰে প্ৰকৃতিৰ ৰূপ-ৰস, সৌন্দৰ্য তথা নৈসৰ্গিকতাক হৃদয়ভৰি উপভোগ কৰা৷ গতিকে এনে অঞ্চলবিশেষত স্থানীয় আৱাসীৰ সমানে সমানে আগমনকাৰীৰো দায়বদ্ধতা নথকা নহয়৷

অতীতৰ ক'লা হীৰাৰ খনি এলেকাটো পাৰ হৈ সুকলমে আমি কয়লাজানৰ কাষ চাপিলোঁহি৷ যাবৰ বেলিকা ঘটাৰ দৰে ঘটনা এইবাৰ যেনিবা নহ'ল৷ একে কোবতে প্ৰথমে উঠি গ'ল কণ্টকৰ জীপচি৷ আমাৰখনো একে বাৰতেই৷ অলপ সময়ৰ বাবে ঘোদালি অহা হ'ল হক্‌ৱাইলাংছ'ৰ ঘেটেলা পানী৷ যেনে আছে তেনেই পৰি থাকিল ভগ্ন কালভাৰ্ট, চৌপাশৰ জঘন্য লেতেৰাবোৰ৷ স্বচ্ছ ভাৰত অভিযান, প্ৰদূষণমুক্ত পৰিৱেশ, স্বচ্ছ পৰিৱেশতন্ত্ৰ ইত্যাদি শব্দবোৰ আজিৰ তাৰিখতো এইখিনি পোৱাহিয়েই নাই যেনহে লাগিছে৷ স্থানীয় লোকসকলক দায়বদ্ধতাৰ শিক্ষা কিমান দিয়া হৈছে সন্দেহ৷ সৰুকৈ হ'লেও ইয়াত জলপ্ৰপাত এটা নথকা নহয়৷ যাওঁতে চাই গৈছিলোঁ৷ উত্তৰ ভাৰত বা দক্ষিণ ভাৰত হোৱা হ'লে তাকে দেখুৱায়ে ধন উপাৰ্জন কৰিলেহেঁতেন৷ ইয়াত অনাদৃত, অৱহেলিতভাৱে পৰি ৰৈছে৷

২.১৫ হৈছে৷ পাহাৰত উঠাতকৈ সময় কম লাগে নামি আহোঁতে৷ নৈখন অতিক্ৰম কৰি গৰাৰ ওপৰলৈ উঠাৰ পাছতে মূৰটো খজুৱাই খজুৱাই অৰূপদাই কৈ গ'ল, 'জীপচিখন এইবাৰ বনাম৷ ফ'ৰহুইল লগাই ল'ম৷ পাছফালৰ চিটকেইটাও চিধা কৰিব লাগিব৷ তাৰ পাছত তুমি কৈ থকা অৰুণাচলৰ টুটিঙলৈ...৷' টুটিঙলৈ! শুনিয়ে মোৰ হিয়া-মন থৌকি-বাথৌ হৈ পৰিল৷
'অৰুণাচলৰ পাহাৰত টানিবনে এইখনে, দাদা?'
'কিয় নাটানিব?'
'তেনেহ'লে সোনকাল কৰক৷ খৰছ কিমান হ'ব? আমিও কনট্ৰিবিউট কৰোঁ৷' মই পিছফালে বহি অহা প্ৰণৱলৈ চালোঁ৷ প্ৰণৱ ব্যস্ত জংঘলত কোদোৱে কামোৰা ভৰিখনক লৈ৷ ঠাইটুকুৰা ফুলি আছে৷ বিষো বাঢ়িছে চাগৈ৷ বেচেৰাটো!
'ধেইত, নালাগে৷'
অৰূপদা প্ৰস্তাৱটোত সন্মত নহ'ল৷ ইফালে কাৰবি পাহাৰৰ টিঙে টিঙে উৰি উৰি মোৰ মনটো টুটিং পালেগৈয়ে৷ টুটিং, গেলিং, বিশ্বিং৷ হেঁপাহ বহুদিনীয়া৷ সাকাৰো কৰিবই লাগিব, মৰাৰ আগতে হ'লেও৷ ছিয়াং অৰ্থাৎ ব্ৰহ্মপুত্ৰ মহানদ ভাৰতলৈ সোমােৱা বাটটো চামগৈ, যেনেকৈ কিবিথুত চাইছিলোঁ লোহিতখনৰ প্ৰৱেশ পথ৷ জীপচি লৈ যাম৷ ৪জন এড্‌ভেন্‌চাৰিষ্ট৷ গাড়ীত থাকিব তম্বু, শ্লিপিং বে'গ, গেছ চিলিণ্ডাৰ, ষ্ট'ভ, বাচন-বৰ্তন, চাউল-দাইলকে ধৰি প্ৰয়োজনীয় সমস্ত বস্তু৷ গৈ থাকিম, গৈ থাকিম৷ পামগৈ চীন সীমান্ত৷ চলন্ত গাড়ীত কথাই কথাই চূৰ্চুৰীয়াকৈ প্ৰাক্‌-প্ৰস্তুতিৰ সভা এখনেই হৈ গ'ল আমাৰ মাজত৷ এটা যাত্ৰাই আন এটা যাত্ৰাৰ বাটযে কাটে, কথাষাৰ একদম সঁচা৷ তাতে আকৌ অৰুণাচলৰ আঠা, সহজে এৰুৱাব পাৰি নেকি?



প. ডিলাইত এসাঁজ

বিয়লি ২.৩০ত আমি ডিলাই বজাৰ পাওঁ পাওঁ হ'লোঁ৷ তাৰ মানে এতিয়া বুকুত হাত থৈ ক'ব পাৰিম যে ইয়াৰ পৰা যমুনাৰ তীৰলৈকে পূৰাপূৰি এঘণ্টা লাগে৷ পুৱা জুলিৰাম তিমুঙক যাওঁতে কিমান সময় লাগিব বুলি প্ৰশ্ন কৰাত গাড়ীৰে এঘণ্টামান যাব লাগিব বুলি কৈছিল৷ ঠিকেই আছে৷ আনহাতে দূৰত্বটো কিল'মিটাৰ হিচাপত কিমান বুলি সোধাত তেওঁ ক'ব পৰা নাছিল৷ এতিয়া মোৰো সেই দশা৷ সঠিককৈ ক'ব নোৱাৰিম৷ পাহাৰত দূৰৰ পৰিমাণ ঘণ্টাৰেহে জোখে, কিল'মিটাৰত নহয়৷ সেইবোৰ হিচাপ সংশ্লিষ্ট বিভাগীয় দায়িত্ববাহী বেলেগ কোনোবাই উলিয়াই থাকিব৷ মাইল প'ষ্টত লিখি আমাক জনাব৷ আমি মুঠতে জেগালৈ গৈ আহিলোঁ, স্বচক্ষে লাংৱ'কু দেখা পালোঁ, ৱিকএণ্ড এড্‌ভেন্‌চাৰৰ অচিলাৰে, পৰিৱেশ পৰ্যটকৰ ৰূপত৷ 

ভাবি অতি আহ্লাদিত হৈছোঁ যে কালি পুৱা প্ৰণৱে স্কুলৰ সন্মুখত উলিয়াইছিলহে কথাটো৷ আজি গৰকিয়ে আহিলোঁ৷ ইয়াতকৈ আৰু সুখৰ কথা কি? এই সফলতাই গাড়ীখনত যাত্ৰা কৰি থকা তিনিওকে আনন্দ দান কৰিব ধৰিছে৷ ফাষ্ট ট্ৰেক একচন৷ ছিংনাৰ আৰু লীলাধৰৰো একে অনুভৱেই হ'ব৷ হিচাপ কৰিছোঁ, আমাৰ আশে-পাশে কি কি চোৱা হৈ গ'ল, কি কি বাকী আছে৷ নিজৰ ওচৰে-পাজৰেই প্ৰকৃতিৰ কোলাত অনেকবোৰ শ্ৰেষ্ঠ সম্পদ আছে, সৌন্দৰ্য আছে, সম্ভাৱনা আছে, চাবলগীয়া আছে৷ এইবোৰৰ বিষয়ে জনাটো, এইবোৰক এ' টু জেদ পোহৰলৈ অনাটো কাৰ কৰ্তব্য? থলুৱা মানুহৰ নহয়জানো? নে কি ইউৰোপ, অষ্ট্ৰেলিয়াৰ পৰা আহি চকু মুকলি কৰালেহে ৱাঃ ৱাঃ হাত-চাপৰি!

আগত সৌৱা লীলাধৰ, জীপচিখনৰ পৰা নামিছে৷ ইক-এড্‌ভেন্‌চাৰ ট্ৰিপ অন্ত পেলাই নিজৰ আই ২০খনত বহিলগৈ৷ আমিও পালোঁহি৷ আমি গতি কৰি অহা হক্‌ৱাইলাংছ (কয়লাজান) এণ্ড লাংৱকু ৰডটো বজাৰ তিনিআলিত ডিলাই-সৰিয়হজান গড়কাপ্তানি পথত লাগিছে৷ ইয়াত অকণমান ৰৈ এতিয়া গৈ আছোঁ সোঁফালে, চে'ক গে'ট তিনিআলিলৈ, য'ত এই ডিলাই-সৰিয়হজান ৰাস্তাটো ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত চামিল হৈছে৷

'হাইৱে'ৰ সিপাৰে থকা সুভাষ হোটেলতে ভাত খোৱা হ'ব৷ ব'লক তালৈকে৷' গাড়ীৰ আইনাখন ঘপাঘপ নমাই লীলাধৰে জনাই দিলে৷ প্ৰণৱক খুব উৎসাহী দেখা গ'ল৷ চাকৰিৰ খাতিৰত ডিলাইলৈ আহি থকা হয়৷ গতিকে হোটেলখন চিনি পায়৷ কেইমিনিটমানৰ ভিতৰতে তিনিওখন গাড়ী গৈ সন্মুখত অৱস্থান কৰিলে৷ আমি পোনে পোনে ভিতৰচ'ৰালৈ সোমাই গ'লোঁ৷

পাহাৰ বগাই অহা হৈছে৷ ভোকত মুখৰ মাতবোৰো কমি গৈছে৷ হাত-মুখ ধুই শাৰী পাতি দিব খাম, দিব খামকৈ বেঞ্চত বহি আছে৷ মোৰ সোঁফালে প্ৰণৱ, বাঁৱে অৰূপদা৷ সিফালে ছিংনাৰ৷ মুখামুখিকৈ লীলাধৰ৷ লীলাধৰৰ দুকাষে তিমুং আৰু ইংতি৷ থালকেইখন দিলেহে মাত্ৰ, গো-গ্ৰাসে গিলা আৰম্ভ৷ সৰু মাছৰ আঞ্জাখন অসম্ভৱ জ্বলা৷ সেহাই সেহাই জনালে প্ৰণৱে৷ 'কিয় ইমান জ্বলা দিয় ঐ তহঁতে?' চিঞৰি চিঞৰি কমপ্লেইন এটাও দিলে৷ অমুকা আজন্ম শাকাহাৰী মানুহ৷ মাছ-কাছৰ সা-সোৱাদ আজিকোপতি নাজানাে৷ দাইল, শাকভাজি, নেমুটেঙা৷ বছ৷ কোনেও খাতিৰ কৰি থাকিব নালাগে৷ ইয়াতো এনেকৈয়ে চলাই দিলোঁ৷ ন' কমপ্লেইন৷

চব মিলাই কিমান হল আমাৰ? হাত-মুখ ধুই উঠি কাউণ্টাৰত সুধিছিলোঁহে, লীলাধৰে লগে লগে বাধা দি উঠিল, ঠিক পুৱাবেলাৰ দৰেই৷ নালাগে দিব আপুনি৷ আপোনালোক আমাৰ আলহী হয়৷ 'হয় নেকি?' নিদিলোঁ৷ 'ডিলাইৰ মানুহেই আতিথ্যৰ হেঁপাহটো পূৰাওক বাৰু৷ আমাৰো দিন আহিব৷' অগত্যা ঘৰলৈ দুবিধ মিঠাই ১০টা ১০টাকৈ কিনি লৈ গাড়ীত বহিলোঁহি৷ ডিলাই, হিদিপিৰ মিঠাইকেইটা ভাল৷ কি মৰম ওপজিল নাজানো, লাংৱ'কুৰ পৰা অহা বুলি গম পাই দোকানীজনেওচোন এটা এটা মিঠাই দুয়োটা ঠোঙাতে লগাই দিলে৷ ১০টাত এটা ফ্ৰী! অ'ফাৰ চলিছে? নে ডিলাইৰ মৰম! লাংৱ'কুৰ আদৰ! ভাবি থাকোঁতেই লীলাধৰৰ পৰা প্ৰস্তাৱ আহিল৷ 'আমাৰ গাঁৱত মোৱা মাছ ধৰিছে৷ মোলৈ ফোন আহিছে৷ লাগিব নেকি আপোনালোকক? লৈ যাওক৷ একদম তাজা৷ কেজি ২০০ টকা৷ অৰূপদা আৰু প্ৰণৱে তৎমুহূৰ্ততে ইচ্ছা প্ৰকাশ কৰি দিলে৷ এইবোৰ কথাত মোৰ হেঁপাহ বা আগ্ৰহ কোনোটোৱেই নাই৷ নিৰামিষ মানুহ৷ মাছ বিচাৰি য'লৈ যাব লগে, যোৱাত হ'লে আছোঁ কিন্তু৷

হোটেলৰ সন্মুখতে ধন্যবাদ আৰু কৃতজ্ঞতাৰে লগ এৰিলোঁ জুলিৰাম তিমুং আৰু কণ্টক ইংতিৰ৷ দুয়ো আমাক আজি বৰ সহায় কৰিলে৷ এৰাএৰিৰ সময়ত কণ্টকে অৰূপদাৰ গাড়ীচালনাক প্ৰশংসা কৰি গ'ল 'দাদা গাড়ী চলোৱাত ঠিক আছে দেই' বুলি৷ ছিংনাৰেও সুৰতে সুৰ মিলাই দুআষাৰ যোগ দিলে৷ জীপচিখন ঘূৰাই দুয়ো প্ৰস্থান কৰালৈ একেৰাহে চাই ৰ'লোঁ৷ তাৰ পাছতে নতুন উৎসাহেৰে আমি ওলালোঁ লীলাধৰৰ পৈতৃক ভেটি অভিমুখে৷

হাইৱে'ৰ ওপৰেদি পাৰ হৈ যোৱা সেউজীয়া ব'ৰ্ডখনত লিখা আছে, মাঞ্জালৈ ১৭ কিল'মিটাৰ৷ ডবকা ১০৯, নগাঁও ১৪৭৷ ডেৰ কিল'মিটাৰমান গৈ, ৰাস্তাৰ পৰা অলপমান সোমাই ৰংথাৰৱে'ত লীলাধৰৰ চাবেক ঘৰখন৷ ৩.০০ বাজিছে৷ পথ-প্ৰদৰ্শক আগে আগে৷ নিজা গাড়ীৰে৷ পাছে পাছে আমি৷ সোনকালেই পালোঁহি৷ সম্পৰ্কীয় পুৰুষ-মহিলা কেইগৰাকীমানে চোতালত ঘূৰণীয়াকৈ বহি লৈ মাছ ভগাই আছে৷ আন একাংশই কাষে কাষে থিয়দঙা দি আলেখলেখ চাই আছে৷ হাস্যমধুৰ পৰিৱেশ এটা৷ মাছ লৈ থপিয়াথপিও চলিছিল কিজানি৷ মানুহখিনিৰ সৈতে পৰিচয় কৰোৱাৰ পাছত আমাক আদৰি নি চ'ৰাঘৰত বহুৱালে৷ ভতিজী এজনীয়ে প্লে'টভৰ্তি চাহ-মিঠাই দি গ'ল৷ ভাতৰ ওপৰত এইগাল খাব লাগিব এতিয়া! একে সময়তে আটাইৰে একেটাই চিন্তা মনলৈ আহিল৷ নাখালেও বেয়া কথা হ'ব৷ সবে মিলি হাঁহি-ধেমালিৰে কথা পাতি পাতি যি পাৰোঁ খালোঁ৷

'সোনকালে ঘূৰি যাব লাগিব দেই৷ অৰূপদাৰ কাম আছে৷' আমি আহিবলৈ ওলালোঁ৷ ধন্যবাদেৰে গৰাকীক চমজালোঁ অতপৰে ব্যৱহাৰ কৰি থকা তেওঁৰ হাৱাই ছেণ্ডেলযোৰঅৰূপদা আৰু প্ৰণৱে মোৱা মাছ আধা কেজিকৈ পালে৷ 'পাতত দি খামগৈ আজি৷' দুয়োকে বেছ সন্তুষ্ট আৰু সপ্ৰতিভ দেখা গ'ল৷ ওলাই আহোঁতে লীলাধৰে ৰাস্তাটোৰ সিপাৰলৈ নি সিহঁতৰ বৃহৎ কলনিখন দেখুৱাবৰ আগ্ৰহ কৰিলে৷ 'কালি মাত্ৰ ঘৰৰ মানুহে গোটেই কলবোৰ বিক্ৰী কৰি দিলে৷ নহ'লে আপোনালোকক কিছু কিছু দি পঠাব পাৰিলোঁহেঁতেন৷' কথাত আক্ষেপৰ সুৰ৷ একো চিৰিয়াচলি নলৈ মই দৃষ্টি নিবদ্ধ কৰিলোঁ কলবাৰীৰ ফেন্সিঙৰ কাষতে মুকলি ঘাঁহনিত এদ'মমান ৰবাব টেঙা গোটাই বল খেলিবলৈ উদ্যত হোৱা কিশোৰ তিনিটাৰ প্ৰতিহে৷ হাতত সময় থকা হ'লে! ইহঁতৰ লগত দৌৰা-দৌৰি অলপমান কৰিব পৰা গ'লহেঁতেন৷ বিচাৰি পালোঁহেঁতেন নিজৰ শৈশৱ-কৈশোৰক৷ সুযোগবোৰ জীৱনলৈ এনেকৈয়ে আহে৷ অজানিতে৷ সময়ৰ বাছ-বিচাৰ নকৰি৷ আনন্দ লোৱা-নোলোৱাটো আলাদা বেপাৰ৷ 



ফ. ভৰা মন এটা লৈ ঘৰ সোমালোঁ

'মই অলপ পাছতে গৈ আছোঁ, আপোনালোক আগ বাঢ়ি থাকক' বোলাত লীলাধৰৰ পৰা বিদায় লৈ গাড়ীত বহিলোঁ৷ সঁচা কথা ক'বলৈ গ'লে প্ৰাক্তন সহপাঠী, বন্ধুজনৰ বাবেই আমাৰ লাংৱ'কু দৰ্শন সম্ভৱপৰ হ'ল৷ জীৱনলৈ মনত থাকি যাব এই উৎসাহ, এই সহায়, এই সহযোগিতা, এই আতিথ্য৷ থিয়ৈ থিয়ৈ হেণ্ডশ্বেক এটা মাৰি খালী ভৰিৰেই অগ্ৰসৰ হ'লোঁ গাড়ীখনলৈ৷ ওভতনি যাত্ৰা আৰম্ভ হৈ গ'ল৷ মই আগত বহিছোঁ৷ প্ৰণৱ আৰু ছিংনাৰ পাছফালে৷ 'ঘড়ীয়ে কি কয় দাদা?' ইঞ্জিন ষ্টাৰ্ট দিয়াৰ লগে লগে অৰূপদাক সুধিলোঁ৷ '৩ বাজি ৪০ মিনিট গৈছে৷' কাণত নোসোমাল৷ দুনাই সুধি নোটবুকখনত টুকি থ'লোঁ৷

ৰংথাৰৱে'ৰ পৰা ওলাই আহিয়ে ৩৬ নং ৰাজমাৰ্গ৷ মাঞ্জালৈ সোঁফালে৷ ছাল-বাকলি উঠি যোৱা তথাকথিত ৰাষ্ট্ৰীয় ঘাইপথেৰে আমাৰ জীপচি ধাৱমান হৈছে৷ পশ্চিম আকাশত ৰাঙলী বেলিৰ হেঙুলীয়া ৰহণ৷ দিনটোৱে মেলানি মাগিবলৈ বেছি পৰ নাই৷ এটা ব্যস্ত আৰু স্মৰণযোগ্য দিন ইতিহাসৰ পৃষ্ঠা হ'বলৈ সামৰণিৰ দিশে গৈ আছে৷

৪.২০ত মাঞ্জা পালোঁ৷ ৰখা-ৰখি কাৰবাৰ নাই ইয়াত৷ কথাৰ লাচতে বাঁৱে কাটি ডিফুমুৱা হ'লেই অৰূপদা৷ আৰু ১৬ কিল'মিটাৰ মাত্ৰ৷ ভাল ৰাস্তা পালেও স্পীড বেছিকৈ দিব নোৱাৰি৷ গাড়ীখন কঁপে৷ অথনি মুঢ়াটো মহতিওৱাৰ ফল৷ তথাপি ভালে ভালেই গৃহ-চহৰৰ দুৱাৰমুখ পালোঁ৷ ৱেলকাম টু ডিফু টাউন, চাইনব'ৰ্ডে ছাঁ-পোহৰৰ মাজতে আদৰিলে আমাক৷

বিজুলী চাকিবোৰ কেউফালে জ্বলি উঠিছে৷ চিধাই লামডিং ৰ'ড৷ প্ৰথমে ছিংনাৰক নমাই অহা হ'ল৷ কষ্ট কৰি আমাক লগ দিয়াৰ উপৰি জলপ্ৰপাতত হেৰাই নোযোৱাকৈ বাচি অহাৰ বাবে ধন্যবাদ এটা জনালোঁ৷ আকৌ জোকালোঁ এবাৰ৷ 'ভাল ভয় খুৱালে দেই আজি৷ সঁচাকৈ পৰি যোৱাহেঁতেন কিযে হ'ল হয় এতিয়ামানে! টেৰণপীয়ে শুদাই নেৰিলেহেঁতেন আমাক৷' ছিংনাৰ হাঁহি হাঁহি ঘৰমুৱা হ'ল৷

এইবাৰ ৰংথাৰৱে'ৰ পৰাই শুদা ভৰিৰে আগত বহি আহি থকা মোৰ পাল৷ অৰূপদাই মোক যেতিয়া আমাৰ ঘৰৰ আগত নমালে, সময় সন্ধিয়া ঠিক ৫.০০৷ ক'ৰবালৈ ওলাই গৈ এনেকৈ নগ্নপদে উভতি অহাৰ ৰেকৰ্ড আজিলৈ কোনোদিনে নাছিল৷ লাংৱ'কু ৱিক্‌এণ্ড এড্‌ভেন্‌চাৰে এইটো অভিজ্ঞতাও দি গ'ল! সি যি কি নহওক, ভৰি শুদা হ'লেও এটা ভৰা মন লৈ ঘৰ সোমালোঁ৷

উপসংহাৰ...

পৰিৱেশ পৰ্যটন বা ইক টুৰিজম হৈছে পৰ্যটন ক্ষেত্ৰখনত শেহতীয়াকৈ সংযোজিত হোৱা এক বিভাগ৷ ইয়াৰ প্ৰধান উপাদান তিনিটা৷ সেয়া হ'ল প্ৰকৃতি, পৰিৱেশ আৰু স্থানীয় বাসিন্দা৷ বিশ্ব পৰ্যটন সংস্থাৰ সংজ্ঞামতে Ecotourism is that involves travelling to relatively undisturbed natural areas with the specified object to studying, admiring and enjoying nature and its wild plants and animals as well as existing cultural aspects found in the area. ইফালে, ১৯৯১ চনতে Ecotourism Societyএ সদৰি কৰা তথ্য অনুসৰি Ecotourism is responsible travel to natural areas that conserves the environment and sustain of well-being of local people.

জানিব পৰামতে সমগ্ৰ ভাৰতবৰ্ষত সিঁচৰতি হৈ থকা ইকনসমূহক মুঠ ৬টা ভাগত বিভক্ত কৰা হৈছে৷ তাৰ ভিতৰত এক উল্লেখযোগ্য ক্ষেত্ৰ হৈছে আমাৰ উত্তৰ-পূৰ্বাঞ্চল৷ গুৱাহাটী, কাজিৰঙা, মাজুলী, তেজপুৰ, শিৱসাগৰ, ভালুকপুং, শ্বিলং, চেৰাপুঞ্জী, কহিমা আৰু টাৱাং৷ এইকেইখন এইটো মণ্ডলত অন্তৰ্ভুক্ত প্ৰধান থলী৷ এই আটাইকেইখন ঠাইলৈকে মোৰ যোৱাৰ সৌভাগ্য ইতিমধ্যে হৈছে৷ বিপৰীতে, তালিকাত ঠাই নোপোৱা আমাৰ পাহাৰীয়া জিলাখনৰ ভিতৰুৱা স্থানতোযে অযুত সম্ভাৱনা লুকাই আছে সেয়া হয়তো বিদ্বান-গৱেষকৰ আজিও স্বপ্নৰো অগোচৰ৷ উগ্ৰপন্থী সংগঠনৰ আশ্ৰয়স্থল আৰু অনাকাংক্ষিত কাৰ্যকলাপৰ বাবেই অভ্যন্তৰীণ বনাঞ্চলৰ বিস্ময়কৰ সঁচাৰূপ পোহৰলৈ অহাত পলম হৈছে বুলি কোনো কোনোৱে ন-দি ক'ব খোজে৷ এতিয়া অৱশ্যে দিন আৰু পৰিৱেশ সলনি নোহোৱাকৈ থকা নাই৷


নিঃসন্দেহে জৈৱ-বৈচিত্ৰ্যৰ ক্ষেত্ৰত অত্যন্ত চহকী আৰু স্পৰ্শকাতৰ পৰিৱেশতন্ত্ৰৰ আলয় হব পাৰে কাৰবি আংলঙৰ লাংৱকু৷ ইয়াৰ নৈসৰ্গিকতাই প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটকৰ প্ৰতি নিশ্চয় আকৰ্ষণ জগাব৷ আমাৰ চৌপাশে উপলব্ধ এনে সম্পদৰাজিক ভিত্তি কৰি পৰিৱেশ পৰ্যটনৰ প্ৰসাৰতা একেবাৰেই হোৱা নাই বুলি চৰজমিন পৰিভ্ৰমণ কৰি আমাৰ অনুভৱ হৈছে৷ ইয়াৰ বাবে প্ৰতিকূল পৰিস্থিতি, অজ্ঞতা, প্ৰচাৰহীনতা, উপযুক্ত আঁচনি আৰু আন্তঃগাঁথনিৰ অভাৱ, পৰিৱেশ-প্ৰকৃতিৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধতাহীনতা আদিয়ে মূলতঃ জগৰীয়া৷

এলেকাটোক লৈ ফিল্ম প্ৰমচন হোৱাৰ লগতে জল সংৰক্ষণ, পৰিৱেশ সংৰক্ষণ, প্ৰদূ্ষণশূন্যতাৰ প্ৰতি জাগৰণ উঠক৷ পৰিৱেশকেন্দ্ৰিক অধ্যয়নৰ আদৰ্শ স্থললৈ ৰূপান্তৰিত হওক লাংৱকু৷ চৰকাৰৰ পৰ্যটন বিভাগৰ 'আমাৰ আলহী' ৰুৰেল হোমষ্টে স্কীমে ঢুকি পাওক ইংতি, তিমুং, টেৰণহঁতক৷ লগতে এই কথাও গুৰুত্বসহকাৰে ল'ব লাগিব যে পৰ্যটন উদ্যোগে ঠন ধৰি উঠিবলৈ হ'লে বিশেষত্বপূৰ্ণ, বিশ্বাসী, মৰমিয়াল, অতিথিপৰায়ণ, হাঁহিমুখীয়া ভাল মানুহৰ খুব প্ৰয়োজন আছে, ঠিক যেন পৰ্যটক-অনুকূল অৰুণাচল প্ৰদেশৰ দৰে

সুপৰিকল্পিত ৰূপত লাংৱ'কুক সৰ্বাংগসুন্দৰ থলীত পৰিণত কৰিব পাৰিলে নিশ্চিতভাৱে পৰিৱেশ পৰ্যটনে জিলাখনত এক সুদূৰপ্ৰসাৰী ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হব৷ পৰিৱেশ পৰ্যটনৰ সম্প্ৰসাৰণে প্ৰকৃতিৰ সন্তুলন তথা ভাৰসাম্য নিয়ন্ত্ৰণ কৰাত সহায় কৰিব৷ পৰিৱেশ নিকা আৰু প্ৰদূষণমুক্ত কৰি ৰখা কাৰ্যই পৰ্যটক-আৱাহনীৰে স্থানীয় অধিবাসীসকলৰ আৰ্থিক, সামাজিক, সাংস্কৃতিক, শৈক্ষিক, ইত্যাদি দিশসমূহ সমৃদ্ধিশালী কৰি তুলিব বুলি আশা কৰিব পাৰি৷


লাংৱকুৰ সৌন্দৰ্য আৰু এই ভ্ৰমণ কাহিনীৰ সত্যতা নিৰূপণৰ অৰ্থে নেচাৰেলিষ্ট-এড্‌ভেন্‌চাৰিষ্ট পাঠক বন্ধু-বান্ধৱীসৱৰ প্ৰতি আহ্বান জনালোঁ৷ আহক, প্ৰত্যেকে নিজকে একোজন পৰিৱেশ পৰ্যটকৰ শাৰীলৈ উন্নীত কৰোঁ৷ আহক, বিনন্দীয়া প্ৰকৃতিৰ মাজত জীৱনটো নকৈ উদ্‌যাপন কৰিবলৈ শিকোঁ৷ (সমাপ্ত)

সহায়কাৰী গ্ৰন্থ...
১. অসমৰ নদ-নদী, ডক্টৰ যোগেন্দ্ৰ নাথ শৰ্মা, অসম সাহিত্য সভা, যোৰহাট-১, প্ৰথম প্ৰকাশ, জানুৱাৰী ১৯৯৩
২. কাৰবি আংলং জিলাৰ ভূগোল পৰিচয়, লংকাম টেৰণ, ষ্টুডেণ্টচ্‌ ষ্টৰচ্‌, গুৱাহাটী-১, দ্বাদশ সংস্কৰণ ২০০৪
৩. স্বৰ্ণজ্যোতি, সোণালী জয়ন্তী স্মৃতিগ্ৰন্থ, ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, ডিফু, মুখ্য সম্পাদক বিষ্ণু প্ৰসাদ সন্দিকৈ, ১৫ অক্টোবৰ ২০০৬
৪. ৰূপালী জয়ন্তী স্মৃতিগ্ৰন্থ, কাৰবি আংলং জিলা পৰিষদ, ডিফু, সম্পাদক বি. এন. বৰদলৈ, ২৩ জুন ১৯৭৭
৫. লংৰি আমেলুৰ, সম্পাদক বিদ্যাছিং ৰংপি, কাৰবি লাম্‌মেত আমেই, ১৫ এপ্ৰিল ১৯৯৯
৬. উদ্ভিদ জ্ঞানকোষ, ডক্টৰ বলদেৱ শৰ্মা, বাণী মন্দিৰ, গুৱাহাটী, প্ৰথম প্ৰকাশ ডিচেম্বৰ ২০০২
৭. থই আৱ মংৱে আলুনচেপ কেহাই বে, সম্পাদক চিত্ৰ কুমাৰ বে আৰু লীলাধৰ টেৰণ, কাৰবি লাম্‌মেত আমেই, ১৯ জানুৱাৰী ২০১৮
৮. যমুনা, স্মৃতিগ্ৰন্থ, অসম সাহিত্য সভাৰ চতুঃষষ্টিতম হাওৰাঘাট অধিৱেশন, ১৯৯৮, সম্পাদক অনিল হাজৰিকা
৯. লামজিৰ কাংদাক (প্ৰবন্ধ সংকলন), বিদ্যাছিং ৰংপি, কাৰবি লামমেত আমেই, প্ৰথম প্ৰকাশ, ২০০৩ চন

সমল ব্যক্তিসকল...
১. লীলাধৰ টেৰণ, ডিলাই
২. জুলিৰাম তিমুং, ডিলাই
৩. কণ্টক ইংতি, ডিলাই
৪. জামিৰ ইংতি, গাঁওবুঢ়া, আমৰেং ইংতি গাঁও