খোজ কাঢ়ি পাৰ হ’লোঁ দলং বগীবিল
(গল্প নহয়, সত্য)
১. যিবোৰ লেখা এতিয়া গল্প হৈ গ’ল...
সন্মুখৰ বিশাল জলৰাশিলৈ চাই চাই
অনেক কিবাকিবি গুণা-গঁথা কৰি আছিলোঁ৷ দিনৰ ২.১০ বাজিল৷ হঠাতে ফেৰীখনে লৰচৰ কৰিলে৷
লগে লগে জয়ন্তদালৈ এছ.এম.এছ. দিলোঁ, আমাৰ অন্য এক এড্ভেন্চাৰ্ এই আৰম্ভ হওঁ
হওঁ বুলি৷ নৌকাই টুলুং-ভুটুং কৰি থাকোঁতেই মই ছাদৰ ওপৰলৈ উঠি গ’লোঁ৷ কেমেৰাটো অন্ কৰি
অনৰ্গল ক্লিক কৰি থাকিলোঁ চৌপাশৰ দৃশ্যাৱলী৷ মাজে মাজে জয়ন্তদাৰ সৈতে এছ.এম.এছ.ৰ
উত্তৰ-প্ৰত্যুত্তৰ চলি থাকিল৷ তেওঁলোক পাচিঘাট পাইছেহি৷
বগীবিল দলংখন আমাৰ বাঁওহাতে
নাতিদূৰত জিলিকি আছে৷ নিৰ্মাণ কাৰ্য স্থবিৰ৷ কেতিয়া সম্পূৰ্ণ হ’ব ক’ব নোৱাৰি৷ চকুৰ আগত লঠঙা
হৈয়ে ৰৈছে কেইবাটাও খুঁটা৷ ব্ৰহ্মপুত্ৰত পানী কমিছে৷ ফেৰীখন পাক মাৰি ঘূৰি
আহিবলগীয়া হৈছে৷ এসময়ত দলঙৰ তলেৰে গহীন ভাবত ফেৰীখন আগুৱাই যাব ধৰিলে৷ পশ্চিমত
আবেলিৰ বেলি৷ সূৰ্যৰ জল্মলীয়া কিৰণ পানীত পৰি দৃষ্টিনন্দন চিক্মিকনি তুলিছে৷
সৌন্দৰ্যপিয়াসী মানুহক ফেৰীৰ ভিতৰৰ গম্ভীৰতাই তিলমানো আৱদ্ধ কৰি ৰাখিব নোৱাৰে৷
সেয়েহে অনেকজনেই ওলাই আহি মনপৰশা দৃশ্যসমূহ গাত গা লগাই হ’লেও উপভোগ কৰাত ব্যস্ত হ’ল৷ দূৰ দিগন্তলৈ প্ৰসাৰিত
সমূহ যাত্ৰীৰ দৃষ্টি৷ ফেৰীবোৰ আহিছে, গৈছে৷ ঘাট এৰাৰ প্ৰায় এঘণ্টাৰ মূৰত বগীবিল
ফেৰীঘাটত নৌকা চপালে৷ আমি নামিলোঁ৷ পাৰ হোৱাৰ বাবদ গাইপতি ৬০ টকাকৈ ল’লে৷ (দ্ৰষ্টব্য – ‘মেন্-চু-খা’,
ট্ৰেকিং-কেম্পিং-এড্ভেন্চাৰ্, দিনাংক ০২.১২.২০১৬)
২. দীঘল দলংখন অতিক্ৰম কৰাৰ
পাছত...
সুন্দৰৰ নতুন আলিয়েদি বাট বুলি
আমি দুয়ো এইবাৰ শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ৷ খোজ কাঢ়ি পাৰ হ’লোঁ হেঁপাহৰ নতুন দলং,
ডক্টৰ ভূপেন হাজৰিকা সেতু, ৯.১৫ কিল’মিটাৰ৷ যাবৰ দিনা এওঁক কৈছিলোঁ, ‘চাবা দেই, লগত ওলাইছা হয়,
বাজেট কিন্তু ডেৰ হাজাৰহে৷’ ঘৰ পাই পেণ্টৰ বেক পকেটৰ পৰা মানিবে’গটো উলিয়াবৰ পৰত দেখোঁ
যে ২০ টকীয়া নোট এখন ঘূৰি আহিছে৷ এই ২০ টকাইদি আৰম্ভ কৰি এতিয়াৰে পৰা আকৌ ধন জমা
কৰিব লাগিব, পৰৱৰ্তী যাত্ৰাৰ কাৰণে৷ (দ্ৰষ্টব্য – পুচ্ছাংশ, ‘শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ’, দিনাংক ২৭.৫.২০১৭)
৩. চাওঁতে চাওঁতে পৰৱৰ্তী
যাত্ৰাটো আহিয়ে গ’ল...
ইচ্ছা এটা তেতিয়াই হৃদয়ত
গভীৰভাৱে ৰোপণ কৰা আছিল যে বগীবিল-কাৰেং চাপৰিৰ মাজৰ ৪.৯৪ কিল’মিটাৰ দৈৰ্ঘ্যৰ বগীবিল
দলংখন মুকলি কৰিলেই ঢলা-শদিয়াৰ অনুৰূপ খোজ কাঢ়ি পাৰ হ’ম৷ ২৫ তাৰিখে বিয়লি মাননীয়
প্ৰধান মন্ত্ৰীয়ে ৰঙা ফিটা দুছেও কৰিবলৈহে পালে, নিশালৈ সপত্নীক উঠি দিলোঁ
উজনিমুৱা কামৰূপ এক্সপ্ৰেছত৷ পুৱাই পুৱাই ডিব্ৰুগড়৷ তাৰ পৰা বিহিয়াটিং তিনিআলি,
জামিৰা চাহ বাগিচা হৈ নতুন দলঙৰ দক্ষিণ মূৰত উপস্থিত৷ টেম্প’ চালকক সসন্মানে বিদায় দি
পিঠিত ৰাক্চেক লৈ দুয়োৰে গৰ্বিত পদচালনা আৰম্ভ৷ সুন্দৰৰ দুখলপীয়া ন-আলিটোৱেদি
দুঘণ্টা বাট বুলি সিপাৰ হৈ পালোঁগৈ চিলাপথাৰ৷
কৰ্দৈবাৰী মিচিং গাঁৱত বিৰল
এসন্ধ্যা, চিলাপথাৰৰ মিচিং ভনীটিৰ ঘৰত এৰাতি, কুলাজান পামত পুৱাৰ ৰ’দচেৰেঙা, মালিনী থান
ফুৰি-চাকি বিয়লি এঘণ্টীয়া গাড়ীযাত্ৰাৰে চিলাপথাৰৰ পৰা ডিব্ৰুগড়৷ সন্ধিয়াটি চিৰিং
চাপৰিৰ থানা গলিত পাৰ কৰি নিশাৰ নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইল ধৰি আজি পুৱাতে ঘৰ, ডিফু৷
কিছুমান কথা এতিয়া সাধু হ’ল, গল্প হ’ল৷ কিছুমান কল্পনা বাস্তৱ
হ’ল৷ আশা কিছুমান পূৰণ হ’ল৷ কথা বহুত আছে৷ লগতে নতুন নতুন অভিজ্ঞতাও৷
লিখিম চাগৈ লাহেকৈ, দেই৷
No comments:
Post a Comment