Sunday 18 October 2015

আজি পুৱা
(গল্প নহয়, সত্য)

পুৱা ল’ৰা থ’বলৈ যাওঁতে স্কুলৰ সন্মুখত চলা আড্ডাতে ডাক্তৰ শৰ্মাই কালি সুধিছিল, ‘আপুনি এলাৰ্ম দি থয় নে নেছাৰেল এলাৰ্ম?’ মই বোলো নেছাৰেল এলাৰ্ম৷ নেছাৰেল এলাৰ্ম অনুসৰিয়েই নিতৌ সাৰ পাই আহিছোঁ৷

আজিও একে কথা৷ পুৱা নিৰ্দিষ্ট সময়তে সাৰ পাই গ’লোঁ৷ দাঁত ব্ৰাছ কৰা আৰু ভৰি-হাত ধোৱা, এই দুটা একেলগে চলে৷ তাৰ পিছতে হাত-মুখ ধুই পানী এগালমান খোৱা আৰু সাজ পিন্ধা কামটো৷ বৰ বেছি পোন্ধৰ মিনিট৷ তাৰ পিছত খটখটি বগাই ৰাস্তা৷

সচৰাচৰৰ দৰেই আজিও ৰাস্তাটোত তেতিয়া নৰমনিচ নাছিল৷ মুকলি পথ৷ কুঁৱলীঘন পৰিৱেশ৷ খোজ আৰম্ভ হৈ গ’ল৷ অলপ পিছত সিফালৰ পৰা আহি থকা দুই-এক চকুৰ আগত বিৰিঙিবলৈ ধৰিলে, ছায়াচিত্ৰৰ দৰেই৷ বহুদিনৰ বিৰতিৰ পিছত ৰেখাহঁতো ওলাইছে৷ মহালয়াৰ অন্তত সিহঁতৰ এই পুনৰাম্ভণিটো দেখি কিবা এটা ভাল লাগিল৷ তাই মোক সম্ভাষণ জনালে৷ ময়ো জনালোঁ৷ কোনো ৰৈ নাথাকিল৷ নিজৰ নিজৰ গতিত, নিজৰ নিজৰ কক্ষপথত গৈ থাকিলোঁ৷

আপানা, আংকায়া, আপাড়া, পুস্তম, চিৰঞ্জী আদি আমি সৰুৰে পৰা দেখি অহা পি.ডব্লিউ.ডি. ৰ’ডছৰ মাষ্টাৰ ৰ’লৰ লে’বাৰ৷ নেপালী লে’বাৰ ৰামবাহাদুৰ, কৃষ্ণবাহাদুৰ, ডিলবাহাদুৰ বা উড়িয়া লে’বাৰ দুখী, প্ৰধানহঁতৰ দৰেই এই মাদ্ৰাজী (?)বোৰেও কুঁৱাৰ পৰা পানী তুলি ভাৰেৰে নি ক’লনীৰ মানুহৰ ঘৰে ঘৰে, ড্ৰামে ড্ৰামে ভৰাই দিয়ে৷ সিহঁতবোৰ এতিয়া নাই৷ দেচ(?)লৈ গুচি গ’ল৷ কোনোবা কোনোবা মৰিলো৷ সিহঁতবোৰৰ দৰেই পি.ডব্লিউ.ডি. ৰ’ডছৰে বৰ্তমান কৰ্মৰত এজন শ্ৰমিক ডি. আদিনাৰায়ণ৷ ঠিকনা মেট্টিপল্লী, অন্ধ্ৰ প্ৰদেশ৷

আজি কিছুদিন ধৰি আদিনাৰায়ণক ষ্টেট বেংকটোৰ ওচৰৰ থকা পথ ডিভাইদাৰত গজি উঠা অদৰকাৰী বন-জংঘলবোৰ একেৰাহে গুচাই থকা দেখি আহিছোঁ৷ তলমূৰকৈ, অকলেই, একান্তমনে লাগি থাকে৷ পাৰ হৈ যাওঁতে সদায় মাত দিওঁ, ‘গুড মৰ্নিং’ বুলি৷ প্ৰত্যুত্তৰত মূৰটো ঘূৰাই হাঁহি মাৰি দক্ষিণৰ সুৰত তেৱোঁ মোক কয়, ‘গুডডা মাননিং ছাৰ’৷

মানুহটোৱে জংঘলবোৰ এফালৰ পৰা উভালিলে৷ তাৰ পিছত পিৰালি-সুন্দৰী ফুলৰ পুলি কিছুমান আনি শাৰী শাৰীকৈ ৰুলে৷ আদিনাৰায়ণৰ নিৰ্বাচনটো একদম ঠিক যেন লাগিছে৷ ধলপুৱাতে পিয়াপি দি ফুৰা ফুল-চোৰমখাই এপাহো নিছিঙে, ছাগলী-গৰুৱেও নাখায়৷ আজি আকৌ দেখিলোঁ, বাল্টি-মগ লৈ গছবোৰত তেওঁ পানী ঢালি আছে৷ অলপমান আঁতৰত থকা নিজৰ কোৱাৰ্টাৰটোৰ পৰাই কঢ়িয়াই আনিছে৷ শেষ হৈছে, আকৌ আনিছে৷ এশ মিটাৰমান দৈৰ্ঘ্যৰ ডিভাইদাৰটোত জংঘলেই গজে নে ফুলেই গজে সেই লৈ ইমানদিনে কোনেও মূৰ ঘমোৱা নাই৷ জনমযুগীয়া আনন্দৰ বাবে ফুলনি পাতিবলৈ জ্ঞানীলোকে কৈ যোৱা কথাষাৰৰ মূল আদিনাৰায়ণেহে দেখিছোঁ বুজি পাইছে৷ আদিনাৰায়ণৰ দৰে মানুহৰ বাবেই তাত এতিয়া অদৰকাৰী বন-জংঘলৰ পৰিৱৰ্তে গুলপীয়া-বগা ফুল কিছুমান অনৱৰতে ফুলি থাকিব, ঠাইখিনি সৌন্দৰ্যময় হৈ উঠিব৷ ঘূৰি আহোঁতে তেওঁক মই নাম-ধাম সুধিলোঁ৷ ইমানদিনে আমাৰ চকুৰ চিনাকিহে আছিল৷

মোৰ দৰেই টেৰণপীয়েও নিতৌ এপাক মাৰে৷ মোৰ দৰেই তেওঁৰ লগতো আন কোনো নাথাকে৷ নিজৰ স্বাস্থ্য, নিজৰ কথা৷ সেয়াই যেন মূলমন্ত্ৰ৷ বাৰোৱাৰীৰ গোল চক্কৰত পাক লৈ ঘূৰি আহোঁতে আই. এছ. অফিচৰ সন্মুখত তেওঁৰ সৈতে মুখামুখি হ’লোঁ৷ কৰি থকা কিতাপ এখনৰ সংক্রান্তত দুটামান তথ্যৰ সন্ধান বিচাৰি কালিয়ে তেওঁক দুআষাৰ অনুৰোধ জনাইছিলোঁ৷ ওচৰ পালত পোনেই সেই বিষয়ে তেওঁ কিবা এটা ক’ব খুজিলে৷ পিছে মুখতে বাধা দি নতুন চিন্তাৰ পাতনি এটাহে তৰি দিলোঁ৷ ‘স্বাস্থ্য বস্তুটো কোনেও কাকো দিব নোৱাৰা বস্তু৷ গতিকে ব্ৰহ্মপুৱাতেই আমি ‘চেলফিচ’ হৈ পৰোঁ৷ পুৱাই পুৱাই এটা আপোনপেটীয়া বেপাৰ৷ কথাটো হয়নে নহয়? চিন্তা কৰি কৰি গৈ থাকক এতিয়া৷ উত্তৰটো পিছত ল’ম৷’ স্পীডটো সামান্য কমাই ফটাফট বাক্যকেইটা কৈ দিলোঁ৷ তাৰ পিছত নিজৰ নিজৰ ডিৰেকচনত, নিজৰ নিজৰ ভাবনাৰে, নিজৰ নিজৰ গতিত আমি গৈ থাকিলোঁ৷

এল. পি. স্কুলখনৰ ওচৰত, চাৰিআলিটো মোৰ ফিনিচিং পইণ্ট৷ অৰূপদা, সুধাংশুদাৰ অপেক্ষাত তহলদি আছোঁ৷ তাৰ লগে লগে পৰি-ধৰি থকা পেন্সিলৰ টুকুৰা এটা কেনিবা পাওঁ নেকি চকু দুটাই বিচাৰি আছে৷ নাই পোৱা৷ স্কুলৰ আগতো চালোঁগৈ৷ নাই৷ কি কৰা যায়? চাৰিআলিটোৰ সোঁমাজত বালিমাটি এখিনি৷ তাতে কাঠী এডালেৰে লিখিব ধৰিলোঁ৷ ডি. আদিনাৰায়ণ৷ মেট্টিপল্লী৷

থানাৰ আগেৰে পাকটো মাৰি ঘৰমুখী হৈ টেৰণপী আহি আছে৷ ওচৰ পালত সুধিলে, ‘কি কৰি আছে?’ ‘শব্দ দুটামান লিখি থৈছোঁ ৰ’ব৷ নহ’লে কথা পাতিলেই পাহৰি থাকিম৷’ তেওঁ হাঁহিলে৷ মই সুধিলোঁ, ‘কথাটো ভাবি চালেনে?’ এইবাৰো তেওঁ চিধাই কিতাপৰ কথালৈহে গুচি গ’ল৷ ‘নহয় নহয়৷ অথনিযে কৈছিলোঁ চিন্তা কৰিব চাবলৈ৷’ স্পীডটো সামান্য কমালে তেওঁ৷ উত্তৰটো উৰি আহিল, ‘হয় হয়, ঠিকেই কৈছে আপুনি৷ জীৱ মাত্ৰেই ‘চেলফিচ’৷ মনুষ্য জাতি এখোপ চৰা৷’ থাউকতে হাঁহিৰ লহৰ এটা খেলি গ’ল অলপপৰলৈ৷

তেনেতে দেখা গ’ল, সিফালৰ পৰা ৰূপা আহি আছে৷ তায়ো সদায় ওলায়৷ অকলে৷ তাৰ মানে তায়ো ‘চেলফিচ’! কিতাপখনৰ বাবে প্ৰয়োজনীয় তথ্যাদিৰ আশাৰে টেৰণপীৰ দৰে তাইকো জনোৱা হৈছিল৷ পূজাৰ বন্ধ বাবে তাই আজি ঘৰলৈ যাবগৈ হেনো৷ গতিকে বেছি দূৰলৈ নগৈ ঘূৰি আহিব৷ অৰূপদাহঁতলৈ বাট চাই চাই চ’কটোত ওপৰ-তল কৰি থাকোঁতেই তাই ঘূৰি আহিল৷ কাগজৰ টুকুৰা এটা মোলৈ আগ বঢ়ালে৷ নাম নাইকিয়া স্মৃতিগ্ৰন্থ এখনৰ ভিজি থকা কোনোবা পৃষ্ঠাৰ এফাল৷ ‘চাওকচোন দাদা, কিবা কামত আহিব পাৰে নেকি এইখন? ৰাস্তাৰ দাঁতিত পৰি আছিল৷’ আচৰিত লাগিল৷ মই বিচাৰি থকা লেখা এটাৰে একাংশ! দৰকাৰী বস্তু এটা এনেকৈ কেনেকৈযে হাত পালেহি! সঁচাকৈয়ে আচৰিত৷ পৰি থকা অৱস্থাত পাই বেচেৰীয়ে বুটলি আনিছে৷ নিয়ৰত আধা তিতা৷ সযতনে লৈ থ’লোঁ মই৷ এৰাএৰিৰ আগতে ৰূপাই গতি স্তব্ধ কৰি আৰু দুটামান দৰকাৰী তথ্যৰ সম্ভেদ দিলে৷ এতিয়া কিতাপখনৰ স্বাৰ্থত সেই সূত্ৰৰ পিছে পিছে দৌৰিব লাগিব৷ উত্তেজনাটো বাঢ়ি আহিল৷

স্ফূৰ্তি মনেৰে ঘৰৰ আগ পালোঁহি৷ জামুজোপাৰ সৰাপাতবোৰ বুটলি চাফা কৰাটো নৈমিত্তিক কাম৷ সেয়া কৰি থাকোঁতেই চিন্ময়, তৃষ্ণামণি আৰু জ্যোতিমণি আহিল৷ সিহঁত শংকৰদেৱ বিদ্যা নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী৷ আমাৰ পিছফালে থকা শ্ৰেষ্ঠ আচাৰ্যৰ ওচৰত পঢ়িবলৈ আহিছে৷ ইহঁতৰ লগত ধেমালি কৰি ভাল লাগে৷ ওচৰতে এনেয়ে কথা পাতি ৰৈ থকাত চাপি গ'লোঁ৷ বুদ্ধি কৰি প্ৰশ্ন এটা সিহঁতৰ মাজত এৰি দিলোঁ৷ ‘অৰুণাচল শব্দটো থকা গীত এটা মোক লাগে৷ কোনে ক'ব পাৰিবা?' কুইজৰ উত্তৰটো গোটেইকেইটাই ভাবিবলৈ ধৰিলে৷ তেনেকুৱাতে সিহঁতৰ লগৰে পল্লৱ আহিল৷ প্ৰশ্নটো তালৈকো ঠেলি দিলোঁ৷ টিউচনৰ সময় হোৱাত খটখটি নামি সিহঁত আগ বাঢ়িব খুজিছিল৷ কেইটামান ষ্টেপ নমাৰ পিছতে পল্লৱ দেখোন ঘূৰি আহিল! মোৰ গাতে গা লগাই ৰ’ল৷ 'এটা গান পালোঁ৷' লগতে গাবও ধৰিলে৷ ‘জিলেলে জিলেলে অ’ জিলেলে জিলেলে, যাবগৈ লাগিব মই অৰুণাচললৈ… ঠাইতে ওখ, ঠাইতে চাপৰ, বগাব মই নোৱাৰোঁ… বান্দৰ বিড়ি এটি জ্বলাই যাবগৈযে লাগিব…’ বাকীকেইটাই তালৈ উভতি চালে৷ মনত পেলাই পেলাই সি পিছৰখিনিও গাই গ'ল৷ গীতৰ কথাংশ আকৌ এবাৰ সুধি মনত ৰাখি ল’লোঁ৷ ‘কোনে গায়’ বুলি সোধাত ক’লে ‘সীমান্ত শেখৰে গায়’ বুলি৷

ভুল-শুদ্ধ নাজানো, মুঠতে মোৰ কাম হৈ গ’ল৷ মোক লগা লেখা এটাৰ উপৰি গীত এটাও আজি পুৱাতে পাই গ’লোঁ৷ কিতাপৰ কাম সামৰি অলপতে আমিও যামগৈ অৰুণাচললৈ৷ পিঠিত ৰাকচেক৷ কান্ধত শ্লিপিং বেগ৷ ভৰিত ট্ৰেকিং বুট৷ মূৰত বান্দৰ টুপী৷ হেৰাই যোৱাৰ বিৰল সুযোগ৷ এতিয়া কেৱল গাই আছোঁ, জিলেলে জিলেলে অ’ জিলেলে জিলেলে...

Sunday 11 October 2015

আজি পুৱা
(গল্প নহয়, সত্য)

ইমান ডাঙৰ! অলপদিন ধৰি টেলিভিচনৰ পৰ্দাত দেখি অহা সেই বিজ্ঞাপনটোৰ সুৰতে সুৰ মিলাই ময়ো কৈ উঠিলোঁ, 'বাঃ ইমান মানুহ!' মাইকীয়ে-মতাই, ছোৱালীয়ে-ল'ৰাই নেদেখা নেদেখা মানুহ কিছুমানেৰে ৰাস্তাটো আজি ভৰি পৰিছে৷ বিৰ দি বাট পোৱাই মস্কিল৷ প্ৰাতঃভ্ৰমণৰ ৰেগুলাৰ প্ৰাণীকেইটাই আগ বাঢ়িবলৈ বাটকে বিচাৰি নোপোৱা হৈছোঁ৷ পেণ্ডুকনাৰ পৰা বুঢ়ীলৈকে, টেঁটেৰাৰ পৰা পেটুৱালৈকে চেণ্ডেল চোঁচৰাই চোঁচৰাই লাহে-ধীৰে হেপোৰ-তেপোৰকৈ গৈ আছে, আহি আছে৷ মই তাৰ মাজে মাজে বাট কাটিবলগীয়া হৈছে৷ ট্ৰেক চুটৰ সাজত খৰ খোজেৰে আগ বাঢ়ি যাওঁতে সিহঁতবোৰে মোলৈ ঘূৰি ঘূৰি চাইছে৷ ময়ো ভাবিছোঁ, আজি কি হ'ল এইমখাৰ? ইমান মানুহ মৰ্নিং ৱাকত ওলাইছেযে! কথাটো কি? চীনক পিছ পেলোৱাৰ অগ্ৰিম ছবি এখন অৱলীলাক্ৰমে যেন আজি পাই গৈছোঁ মই!

বাৰোৱাৰী পূজা মন্দিৰৰ সন্মুখত দেধাৰ মানুহ৷ মাইকী মানুহ আৰু ছোৱালীৰ সংখ্যাটো বেছি৷ মাইকত কিবা গাই আছে৷ সেইখিনিতে সদায় ১নং পুলিচ পইণ্টত ঘূৰণীয়া পাকটো লৈ ঘূৰি আহোঁ৷ চিনাকি এজনক দেখি চাপি গ'লোঁ৷ সুধিলোঁ, 'কথাটো কিহে মহাশয়? ৰাইজক কিহে পালে আজি?'
'হেই আপুনি নাজানে নেকি? আজি মহালয়া৷'
'কওকচোন কওক অলপ…'
'কৈলাশৰ পৰা দুৰ্গাই আজি ধৰাত লেণ্ড কৰিব৷ ধৰ্মবুদ্ধি মোৰো সিমান নাই৷ গতিকে ডিটেইলচ নাজানো দিয়ক৷ পিছে তাকে লৈ উৎসাহিত ভক্তগণৰ এয়া আৰু..., দেখিছেই নহয় কোব৷'

মন্দিৰটোৰ সন্মুখত ভক্তপ্ৰাণ ৰাইজৰ হঠাতে লগা অস্বাভাৱিক ভিৰটো দেখি বিচূৰ্তি খোৱাৰে কথা৷ ইটো ৰাস্তাৰে আহিছে মানুহ, সিটো ৰাস্তাৰেও আহিছে মানুহ, জাক জাক মানুহ৷ তাৰে কিছুমানৰ গাত আকৌ নতুন নতুন লগা কাপোৰ৷ পূজা লাগিলেই তাৰ মানে! গৃহস্থ বাটলৈ ওলাই অহাত কুকুৰবোৰেও পিছ শুঙি শুঙি যেনি-তেনি তহলদি ফুৰিছে৷ ভাদমহীয়া ক'ৰ্চটোৰ ৰৈ যোৱা অংশ পূৰণৰো প্ৰচেষ্টা কেনিবাদি নচলা নহয়৷ য'তে-ত'তে অপদস্থ হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰি পেলায় ইহঁতে৷ গৃহস্থৰ ইফালে খবৰ নাই৷ তেওঁ এতিয়া দুৰ্গাক লৈ ব্যস্ত৷ বাকী বাদ৷

মা দুৰ্গাৰ উৎসাহিত ৱেলকামাৰ কিছুমানক গাড়ীতো উঠি অহা দেখিলোঁ৷ ভক্তিত গদগদ গুৰু-গম্ভীৰ মুখমণ্ডল৷ ডেকা-চেঙেলীয়াক পিছে আজি পাই কোনে? পালচাৰ, গ্লেমাৰ, স্পেলণ্ডাৰ, এপাচি লৈ দলে দলে ওলাইছে৷ বাইক ৰে'লীহে যেন! দুৰ্গাৰ সাইলাখ নাতিনীয়েকহঁতো কম নহয়৷ মেষ্ট্ৰ', এক্টিভা, প্লিজাৰ৷ চাঞ্চ পাই ব্ৰহ্মপুৱাতে ৰঙা সাজত চুলি উৰুৱাই দিছে৷ আহিছে, গৈছে৷ আকৌ আহিছে৷ উভয়ে পাক মাৰিয়ে আছে, মাৰিয়ে আছে৷

সকলো মিলি উপদ্ৰৱটো এনেকুৱা হৈ পৰিছে যে ৰাস্তাত চলা-ফিৰাটো আজি আমাৰ দৰে সাধাৰণ নৰ-মনিচৰ কাৰণে টানেই হৈ পৰিছে৷ বাটতে পোৱা মৰ্নিং ৱাকাৰ এজনেতো খাৰাংখাচ সুৰত কৈয়েই দিলে, 'এই বাইক-স্কুটীবোৰে আজি ইমান ডিষ্টাৰ্ব কৰিছে, ওচৰত পালে চৰ সোধালোঁহেঁতেন৷' মই লগে লগে বাধা দি উঠিলোঁ, 'হেই হেই তেনে নকৰিব৷ শান্ত হওক৷ নিজৰ ৰাস্তা নিজে কাটক৷ এইবোৰ বয়সৰ কথা৷ আমাৰ দিনত নাছিল, এতিয়া আছে৷'

কিছুমানক দেখিলোঁ কাউৰী পুৱাতেই ম'বাইল টিপাটিপি কৰি আছে৷ গান্ধী পাৰ্কৰ ষ্টেপত এগাল ছোৱালী৷ হাতে হাতে 'ছেকেণ্ড চউল'৷ মুঠতে গলগ্ৰহই নেৰিছে৷ টোপনিৰ সময়কণহে বাদ৷ সাৰ পালেই হাত বন্দী৷ মহিষমৰ্দিনীক এইবাৰ অইন নালাগে, একষ্ট্ৰা হাত এখন-দুখনৰ বাবে আৱেদন জনোৱাহে কথা৷ নহ’লে বৰ দিগদাৰ হৈছে৷

বাটতে শইকীয়া বৰদেউতা মোৰ লগ লাগিল৷ সোধাত ক'লে, 'হিমালয়ৰ পৰা দেৱী মৰ্ত্যলৈ নামি অহাৰ দিন আজি৷ সাদিনীয়া টুৰ৷ সাত দিনৰ পিছত পাবহি৷' জনালে, দুৰ্গা পূজাৰ চান্দা বিচাৰি পৰহি হেনো দুৰ্গা বন্দনাত মন-প্ৰাণ সঁপি দিয়া এপাল মাইকী মানুহ আহিছিল তেওঁৰ ওচৰলৈ৷ পূজাখনৰ বাবে এহাজাৰ টকা লাগেই৷ ডিমাণ্ড৷ তেওঁ ক'লে, 'কোনো কথা নাই, দিম বাৰু৷ কিন্তু সদ্যহতে কওকচোন, মা দুৰ্গাই তেৰাৰ দহোখনি হাতেৰে কি কি বস্তুনো ধাৰণ কৰি আছে? সেইবোৰৰ গূঢ়াৰ্থনো কি? উত্তৰ দিব নোৱাৰি ভেচভেচীয়া হৈ শক্তিপূজাৰ দুৰ্বল সেৱিকাসকল অহা বাটেই প্ৰস্থান কৰিলে! তাকে লৈ আমাৰো ৰগৰ অলপ চৰিল৷

দেখিছোঁ, ৰাস্তাকেইটাত বাঙালী লোকেই বেছি৷ বাঙালীৰ ‘বাৰ মাহত তেৰটা পূজা’ বুলি কথা এষাৰ কেতিয়াৰে পৰাই শুনি আহিছোঁ৷ সি যি কি নহওক, মাক-পুতেক-জীয়েক আদি কৰি বাঙালী পৰিয়াল এটা বিপৰীত ফালৰ পৰা আহি আছিল৷ কণমানি পুত্ৰই বাহাদুৰী মাৰি লগৰটোক শুনাই গৈছে, 'আজি মই চাৰিটা বজাতে ৰাস্তাত ওলাইছোঁ৷ ন মা?' মাকৰ সঁহাৰিত ধমকিৰ সুৰ, 'পঢ়া-শুনা কৰিবলৈ যদি এনেকৈ উঠিলিহেঁতেন!' বেচেৰা! মাকজনীয়ে আজিৰ এইকণ আনন্দদায়ক সময়ত এনেকৈনো তাক ক'ব লাগেনে? স্ফূৰ্তিকণ তেনেই পণ্ড কৰি দিলে তাৰ৷ সি নিশ্চুপ হৈ পৰিল৷ তাক দেখি মোৰ হাঁহি উঠি গ'ল৷ দুখো লাগিল বেচেৰালৈ৷ সিনো কিডাল জানে? মাক-বায়েকহঁত ওলাইছে কাৰণেহে...

ঘৰৰ ওচৰ চাপিলোঁহি৷ সিফালৰ পৰা অতুল আহি আছে৷ মাইকী মানুহৰ লানি চাই সিও বৰ ৰস পাইছে৷ মোক চিন্তিত যেন দেখি ক'লে, 'চিন্তা নকৰিবা৷ বুন্দীয়া, জেলেপি খাবলৈ যোৱা মানুহবোৰ আজিহে যি দেখিছা, কাইলৈৰ পৰা এটাও নেদেখা ৰাস্তাত৷ আমিয়েই থাকিম৷ চাবা, হয়নে নহয়৷ আজি অলপ কষ্ট কৰা আৰু৷' দুৰ্গাৰ এইবাৰৰ কনভয়টোৰ বিষয়েও সিয়েই জানিবলৈ দিলে যে মা বোলে হাতীত আহিব, লাহে লাহে আহিব, বেলগছৰ তলত থাকিব৷ নাৱত যাবগৈ৷ মহিলাসকলৰ হাতে হাতে দেখা পাই থকা প্লাষ্টিকৰ ঠোঙাটোহঁতৰ বিষয়েও সিয়েই ব্যাখ্যা দাঙি ধৰিলে, তাত কি কি আছে৷ মই নাজানিছিলোঁ৷ তেতিয়াহে জানিলোঁ৷

কান্ধত কেঁচুৱা আৰু শিশু এটা লগত লৈ এগৰাকী গৈ আছে৷ বিপৰীত দিশৰ পৰা হাত ঠোঙা লৈ এপাল মহিলা৷ এ মহালয়া বুলি কবই নোৱাৰ নেকি? আমি আহিলোঁগৈয়ে৷ তই এতিয়াহে ওলাইছ! শেষেই হল নহয়! মহালয়াৰ খোজ নহয়, তেওঁ লৰা-ছোৱালীহালক ফুৰাইছে৷ সিগৰাকীয়ে কেঁচুৱাটো চালে অলপ পৰ৷ কিবাকিবি পাতিলে৷ তাৰ পিছত দিহাদিহি গলগৈ৷ মন কৰিলোঁ, ঠোঙাৰ পৰা বুন্দীয়া, জেলেপি কেইটামান উলিয়াই হোঁ খাবিগৈ, ল বুলি অকণো নিদিলে হলে৷

স্কুলৰ আগৰ গছ এজোপাৰ তলত বেঞ্চ এখন পতা আছে৷ খোজ সামৰি তাতে বহি ল'লোঁ, আলেখ-লেখ চাওঁ বুলি৷ পিছত কোনোবা ডেকা এটাক বহুৱাই পুৱাতে ৰাস্তাত স্কুটী শিকি থকা ছোৱালীবোৰ গ'ল কলৈ? এনেয়ে হ'লে সিহঁতবোৰৰ দপদপনিও কম নহয়৷ খোজ কঢ়াত বাধা জন্মায়৷ লাহে লাহে মানুহবোৰ কমি আহিল৷ মহালয়াৰ বাবে আজি ৰাস্তাত ইহঁতকেইজনীও দেৰিকৈ ওলাবলগীয়া হৈছে৷ মানুহৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ সিহঁতে অলপ সময় ৰৈ দিছে৷ আমি পিছে নিয়মিত সময়তে ঘৰৰ পৰা ওলাই আহিছোঁ৷ উপভোগ কৰিছোঁ বছৰৰ বাকী দিনকেইটাত বিৰল কিছু দৃশ্য৷

মৰ্নিং ৱাক শেষ কৰি সিফালৰ পৰা হালৈ আহিল৷ মোৰ কাষতে বহিল৷ তেওঁৰ মুখৰ পৰা প্ৰথম বাক্যটো ওলাল, 'মাইকীবোৰক দুৰ্গাই লম্ভিলে আজি৷' দুয়ো কথা পাতিব ধৰিলোঁ৷ বজাৰৰ মাজৰ হিমালয় হোটেলত হেনো বিৰাট ভীৰ৷ সোমাবকে নোৱাৰি৷ তেওঁ দেখি আহিছে৷ বেছিভাগেই পুৰী-চবজি খাই আছে৷ পেণ্ডুকনাবোৰৰ বোলে ধাণ্ডা সেইটোহে৷ ক'ৰ দেৱী ক'ত আহে ক'ত যায় কথা নাই৷ তিনিবজাৰে পৰাই হেনো দলদোপ-হেন্দোলদোপ৷ ৰাস্তাত খোজ পেলোৱাত তেৱোঁ বৰ কষ্ট পালে আজি৷ মহিলাৰ গাত খুন্দা-খুন্দলিও লাগিল হেনো৷

তেনেতে পূজা কমিটিৰ বৰ্মন বোলাজন আহি ওলাল৷ বাঁওকাষে বহোঁতেই মহালয়াৰ প্ৰসংগ টানিলোঁ৷ তেওঁ যি জানে অলপমান ক'লে৷ পঞ্জিকাৰ উদ্ধৃতি দি এইটো ক্লিয়েৰ কৰি দিলে যে দেৱী ঘোঁৰাত আহিব, দোলাত যাব৷ অতুলে কোৱাৰ দৰে নহয়৷ আৰু ক'লে যে ঘোঁৰাত অহাৰ বাবে কাজিয়া-পেছাল হ'ব৷ দোলাত যোৱাৰ বাবে মাৰি-মৰক হ'ব৷ মই তেওঁৰ মুখৰ ফালে ৰ-লাগি চাই থাকিলোঁ৷

সঁচা-মিছা নাজানো, আলোচনাৰ অন্তত এই সিদ্ধান্তত উপনীত হ'লোঁ যে এইকেইদিন খুব সচেতন হৈ থকাই বুদ্ধিমানৰ কাম হ'ব৷ দুৰ্গাই যাতে নিজৰ প্ৰভাৱ খটুৱাই কাৰো লগত কাজিয়া লগাব নোৱাৰে, অসুখতো যাতে পেলাব নোৱাৰে তাৰ বাবে নিজৰ জিভাখন চম্ভালি থাকিম৷ এইকণ শিকনিকে লৈ প্ৰাতঃভ্ৰমণ শেষ কৰি ঘৰ সোমালোঁহি৷

Friday 9 October 2015

আকৌ হেৰাই যোৱাৰ সুযোগ!
(গল্প নহয়, সত্য)

স্বৰ্ণদী অৰ্থাৎ সোৱণশিৰিকেই প্ৰথমে ভবা হৈছিল তিব্বত হিমালয়ৰ উত্তৰ ঢালেৰে ভাৰতলৈ সোমাই অহা চাংপো অৰ্থাৎ অসমৰ ব্ৰহ্মপুত্ৰখনৰ আগলি বুলি৷ সোৱণশিৰি নে দিহাং, এই লৈ অনেক বাদ-বিবাদো আছিল৷ ১৮৭৭ত কেপ্টেইন উদথ্ৰপেহে নিশ্চিত কৰিলে যে সেইখন লকং চুহে৷ চাংপো, চিয়াং, দিহাং বা ব্ৰহ্মপুত্ৰ এখনো নহয়৷ তিব্বতৰ ৫,০৫৯ মিটাৰ উচ্চতাৰ পেৰেম শৃংগৰ বিস্তীৰ্ণ চিৰতুষাৰ ক্ষেত্ৰৰ পৰা লকং চু নাম লৈ ওলাই পিছত অৰুণাচলেৰে বৈছে সোৱণশিৰি নৈ৷ সোৱণশিৰিৰ পাৰতে অৱস্থিত দাপৰিজো চহৰ৷ আপাৰ সোৱণশিৰি জিলাৰ সদৰ৷ দাপৰিজোৰ পৰা সোৱণশিৰিৰ পাৰে পাৰে ওপৰলৈ গৈ থাকিলে ১১২ কিলমিটাৰত আছে ভাৰত-চীন আন্তৰাষ্ট্ৰীয় সীমান্ত, লাইন অফ একচুৱেল কণ্ট্ৰল৷ সোণ কমোৱা সোৱণশিৰিখন গোগামুখৰ সমীপৱৰ্তী ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত অনেকবাৰ দেখিছোঁ, গেৰুকামুখতো দেখিছোঁ৷ দাপৰিজো হলে এই পৰ্যন্ত দেখাগৈ নাই৷

কোনটো উৎসৰ পৰা আপুনি জীৱনৰ সৰ্বাধিক আনন্দ লাভ কৰে? প্ৰশ্নটোৰ উত্তৰ মানুহ মাত্ৰেই ভিন ভিনভাৱে দিব৷ স্বাভাৱিক কথা৷ মোৰ ওচৰতো স্পষ্ট উত্তৰ এটা নথকা নহয়৷ হেৰাই থাকিয়ে মই সবাতোকৈ অধিক আনন্দ লভোঁ৷ হেৰাই যোৱাৰ উৎস সন্ধান কৰি থাকোঁতেই নভবাকৈয়ে সিদিনা আহি গল এটা আনন্দদায়ক বাৰ্তা৷ বাৰ্তাবাহক অৰূপদা৷ তিনিদিনৰ আগেয়ে মৰ্ণিং ৱাকত ভেটাভেটি হওঁতে মন্ত্ৰ মতাদি কৈ গ দুৰ্গম পৰ্বত, খাদ্যসামগ্ৰীসহিত নদীৰ পাৰে পাৰে পদযাত্ৰা, মুকলি আকাশৰ তৰা লেখি তম্বুৰ তলত শ্লিপিং বেগত নিশা কটোৱা, জুৰিৰ পানী উতলাই খোৱা ইত্যাদি ইত্যাদি৷

অৰূপদা খাৰাংখাচ, স্ফূৰ্তিবাজ, এথলেট টাইপৰ মানুহ৷ ট্ৰেইল ডিটেইলছ তেওঁৰ হাততো নাছিল৷ যি বুজিলোঁ, হিমালয়ৰ পাদদেশেৰে ইণ্ডো-চাইনা বৰ্ডাৰলৈ দুঃসাহসিক ট্ৰেকিং হব এইটো৷ আঠ-দহদিন বা বেছিও লাগিব পাৰে৷ মবাইল ফোনৰ নেটৱৰ্ক নাই বুলি কলে৷ ফাৰ ফ্ৰম দ্যা মেডিং ক্রাউড৷ আ গোটেইকেইটাইচোন মোৰ পছন্দৰ বস্তু৷ কাজেই মনটোৱে দুলিবলৈ আৰম্ভ কৰি দিলে৷ কল্পনাৰ পাখি কোবাই মুহূৰ্ততে উৰিবলৈ আৰম্ভ কৰিয়ে দিলোঁ, অৰুণাচলৰ অজান শিখৰলৈ৷

অৰূপদাই আকৌ কলে, যাকে-তাকে কোৱা নাই৷ তোমাক কলোঁ৷ ওলাবা৷ অৰুণোদয়ৰ বাট বিচাৰি বহাগ বিহুৰ সময়ত ভাৰতবৰ্ষৰ অন্তিম পূবলৈ সফলতাপূৰ্বক যাত্ৰা কৰি অহাৰ পিছত বাটৰ কাহিনী খণ্ড খণ্ডকৈ কেইবাদিনো শুনাবলগীয়া হৈছিল এই মানুহজনক৷ ইতিমধ্যে অকবত সবিস্তাৰে উপস্থাপন কৰা ভ্ৰমণ-লেখাটোৰ ৪২০ পৃষ্ঠাৰ ফটোবিহীন এ-ফৰ প্ৰিণ্ট আউট এটা কালি উলিওৱা হল বুলি গম পায়ে পাত লুটিয়াবলৈ দৌৰি আহিল তেওঁ৷ তেতিয়াও কলে, তুমি গলে কথাবোৰ লিপিবদ্ধ হব৷ কেমেৰাৰ কামটোও ভাল হব৷ ওলাবা৷

শেহতীয়াকৈ যিটো ইংগিত পাইছোঁ, সমস্ত কাৰবাৰটো হব ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনৈ সোৱণশিৰিক লৈ৷ লোহিত, চিয়াং, দিবাঙৰ পিছত এইবাৰ সোৱণশিৰিয়ে হাতবাউল দিছে৷ তাকে লক্ষ্য কৰিয়ে প্ৰথম পেৰেগ্ৰাফটোৰ কথাখিনি৷ স্বাভাৱিকতে দেহে-মনে অবুজ উত্তেজনাই বিৰাজ কৰিছে৷ চিয়াঙৰে গালং ... ওঁঠৰ পৰা নুগুচাই হৈছে৷ যোৱাবাৰ অৰূপদাহঁতে সোৱণশিৰিত ৰাফটিং এক্সপিডিচন চলাইছিল৷ দাপৰিজোৰ উচ্চতাত নিজকে ভহাই দি তলৰ গেৰুকামুখত ৰৈছিলহি৷ ৰোমাঞ্চকৰ সেই কাহিনী মুখে মুখে শুনিছোঁ৷ লিপিবদ্ধ ৰূপ নাই৷ তাৰ বাবে অৰূপদাৰ মনত দুখ৷ আমাৰ ভ্ৰমণ-কথাৰ ভলিউম আৰু কনটেণ্ট দেখি বিচূৰ্তি৷

এইবাৰ পিছে গতি ঊৰ্ধ্বমুখী৷ হেন জানি ময়ো অৰূপদাৰ পিছ এৰা নাই৷ অৰুণাচলৰ নিৰ্মল শ্যামল প্ৰকৃতিৰ বুকুত বেকপেকিঙেৰে খুপি খুপি হেৰাই যোৱাৰ আনন্দ ল’বলৈ ৰাজী হৈছোঁ৷ তাতে আকৌ সন্মুখত ইণ্টাৰনেছনেল ব’ৰ্ডাৰ৷ ইণ্ডিয়ান আৰ্মীৰ ট্ৰেক৷ লগত প’ৰ্টাৰ আৰু গাইড৷ সীমান্ত বুলিলেই বুজাব নোৱাৰা মাদকতা, উৎসুকতা এটা সদায়ে থাকেই৷ এতেকে প্ৰস্তাৱটোও লোভনীয়৷

সেই বাটে ইতিমধ্যে ট্ৰেকিং কৰি অহা অগ্ৰগামীজনৰ পৰা অভিজ্ঞতাপুষ্ট দু-আষাৰ জানিবলৈ আগ্ৰহী হৈ ৰলোঁ৷ তেনে বৰ্ণনাই হেৰাই যোৱাৰ প্ৰস্তুতিত মোকো নিশ্চয় সহায় কৰিব৷ আনহাতে, আগৰ ভ্ৰমণ-লেখাবোৰ পঢ়ি কোনো কোনোৱে পিছৰবাৰত মোকো টুকুৰিয়াবচোন বুলি কৈ থৈছিল৷ সেয়া মোৰ মনত আছে৷ প্ৰধানকৈ এই দুটা কথাৰ বাবেই পষ্টটো লিখিলোঁ৷ এতিয়ালৈ ইমানেই৷ ইফালে, দুজনীয়া তম্বু কিনিবলৈ অৰূপদা আজি পুৱাতে কেনিবা গলেই! জুইকুৰা তেওঁৰো ভালকৈয়ে জ্বলিছে৷