আকৌ হেৰাই যোৱাৰ সুযোগ!
(গল্প নহয়, সত্য)
স্বৰ্ণদী অৰ্থাৎ সোৱণশিৰিকেই প্ৰথমে ভবা হৈছিল
তিব্বত হিমালয়ৰ উত্তৰ ঢালেৰে ভাৰতলৈ সোমাই অহা চাংপো অৰ্থাৎ অসমৰ ব্ৰহ্মপুত্ৰখনৰ আগলি
বুলি৷ সোৱণশিৰি নে দিহাং, এই লৈ অনেক বাদ-বিবাদো আছিল৷ ১৮৭৭ত কেপ্টেইন উদথ্ৰপেহে নিশ্চিত
কৰিলে যে সেইখন লকং চুহে৷ চাংপো, চিয়াং, দিহাং বা ব্ৰহ্মপুত্ৰ এখনো নহয়৷ তিব্বতৰ ৫,০৫৯
মিটাৰ উচ্চতাৰ পেৰেম শৃংগৰ বিস্তীৰ্ণ চিৰতুষাৰ ক্ষেত্ৰৰ পৰা লকং চু নাম লৈ ওলাই পিছত
অৰুণাচলেৰে বৈছে সোৱণশিৰি নৈ৷ সোৱণশিৰিৰ পাৰতে অৱস্থিত দাপৰিজো চহৰ৷ আপাৰ সোৱণশিৰি
জিলাৰ সদৰ৷ দাপৰিজোৰ পৰা সোৱণশিৰিৰ পাৰে পাৰে ওপৰলৈ গৈ থাকিলে ১১২ কিল’মিটাৰত আছে ভাৰত-চীন আন্তৰাষ্ট্ৰীয়
সীমান্ত, লাইন অফ একচুৱেল কণ্ট্ৰল৷ সোণ কমোৱা সোৱণশিৰিখন গোগামুখৰ সমীপৱৰ্তী ৫২ নং
ৰাষ্ট্ৰীয় ঘাইপথত অনেকবাৰ দেখিছোঁ, গেৰুকামুখতো দেখিছোঁ৷ দাপৰিজো হ’লে এই পৰ্যন্ত দেখাগৈ নাই৷
কোনটো উৎসৰ পৰা আপুনি জীৱনৰ সৰ্বাধিক আনন্দ লাভ
কৰে? প্ৰশ্নটোৰ উত্তৰ মানুহ মাত্ৰেই ভিন ভিনভাৱে দিব৷ স্বাভাৱিক কথা৷ মোৰ ওচৰতো স্পষ্ট
উত্তৰ এটা নথকা নহয়৷ হেৰাই থাকিয়ে মই সবাতোকৈ অধিক আনন্দ লভোঁ৷ হেৰাই যোৱাৰ উৎস সন্ধান
কৰি থাকোঁতেই নভবাকৈয়ে সিদিনা আহি গ’ল এটা আনন্দদায়ক বাৰ্তা৷ বাৰ্তাবাহক অৰূপদা৷ তিনিদিনৰ
আগেয়ে মৰ্ণিং ৱাকত ভেটাভেটি হওঁতে মন্ত্ৰ মতাদি কৈ গ’ল… ‘দুৰ্গম পৰ্বত, খাদ্যসামগ্ৰীসহিত
নদীৰ পাৰে পাৰে পদযাত্ৰা, মুকলি আকাশৰ তৰা লেখি তম্বুৰ তলত শ্লিপিং বেগত নিশা কটোৱা,
জুৰিৰ পানী উতলাই খোৱা’ ইত্যাদি ইত্যাদি৷
অৰূপদা খাৰাংখাচ, স্ফূৰ্তিবাজ, এথলেট টাইপৰ মানুহ৷
ট্ৰেইল ডিটেইলছ তেওঁৰ হাততো নাছিল৷ যি বুজিলোঁ, হিমালয়ৰ পাদদেশেৰে ইণ্ডো-চাইনা ব’ৰ্ডাৰলৈ দুঃসাহসিক ট্ৰেকিং হ’ব এইটো৷ আঠ-দহদিন বা বেছিও লাগিব
পাৰে৷ ম’বাইল ফোনৰ নেটৱৰ্ক নাই বুলি ক’লে৷ ফাৰ ফ্ৰম দ্যা মেডিং ক্রাউড৷
আ… গোটেইকেইটাইচোন মোৰ পছন্দৰ বস্তু৷
কাজেই মনটোৱে দুলিবলৈ আৰম্ভ কৰি দিলে৷ কল্পনাৰ পাখি কোবাই মুহূৰ্ততে উৰিবলৈ আৰম্ভ
কৰিয়ে দিলোঁ, অৰুণাচলৰ অজান শিখৰলৈ৷
অৰূপদাই আকৌ ক’লে, ‘যাকে-তাকে কোৱা নাই৷ তোমাক ক’লোঁ৷ ওলাবা৷’ অৰুণোদয়ৰ বাট বিচাৰি ব’হাগ বিহুৰ সময়ত ভাৰতবৰ্ষৰ অন্তিম
পূবলৈ সফলতাপূৰ্বক যাত্ৰা কৰি অহাৰ পিছত বাটৰ কাহিনী খণ্ড খণ্ডকৈ কেইবাদিনো শুনাবলগীয়া
হৈছিল এই মানুহজনক৷ ইতিমধ্যে ‘অকব’ত সবিস্তাৰে উপস্থাপন কৰা ভ্ৰমণ-লেখাটোৰ
৪২০ পৃষ্ঠাৰ ফটোবিহীন এ’-ফ’ৰ প্ৰিণ্ট আউট এটা কালি উলিওৱা
হ’ল বুলি গম পায়ে পাত লুটিয়াবলৈ
দৌৰি আহিল তেওঁ৷ তেতিয়াও ক’লে, ‘তুমি গ’লে কথাবোৰ লিপিবদ্ধ হ’ব৷ কেমেৰাৰ কামটোও ভাল হ’ব৷ ওলাবা৷’
শেহতীয়াকৈ যিটো ইংগিত পাইছোঁ, সমস্ত কাৰবাৰটো
হ’ব ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনৈ
সোৱণশিৰিক লৈ৷ লোহিত, চিয়াং, দিবাঙৰ পিছত এইবাৰ সোৱণশিৰিয়ে হাতবাউল দিছে৷ তাকে লক্ষ্য
কৰিয়ে প্ৰথম পেৰেগ্ৰাফটোৰ কথাখিনি৷ স্বাভাৱিকতে দেহে-মনে অবুজ উত্তেজনাই বিৰাজ কৰিছে৷
‘চিয়াঙৰে গালং ...’ ওঁঠৰ পৰা নুগুচাই হৈছে৷ যোৱাবাৰ
অৰূপদাহঁতে সোৱণশিৰিত ৰাফটিং এক্সপিডিচন চলাইছিল৷ দাপৰিজোৰ উচ্চতাত নিজকে ভহাই দি তলৰ
গেৰুকামুখত ৰৈছিলহি৷ ৰোমাঞ্চকৰ সেই কাহিনী মুখে মুখে শুনিছোঁ৷ লিপিবদ্ধ ৰূপ নাই৷ তাৰ
বাবে অৰূপদাৰ মনত দুখ৷ আমাৰ ভ্ৰমণ-কথাৰ ভলিউম আৰু কনটেণ্ট দেখি বিচূৰ্তি৷
এইবাৰ পিছে গতি ঊৰ্ধ্বমুখী৷ হেন জানি ময়ো অৰূপদাৰ পিছ এৰা নাই৷ অৰুণাচলৰ নিৰ্মল শ্যামল প্ৰকৃতিৰ বুকুত বেকপেকিঙেৰে খুপি খুপি হেৰাই যোৱাৰ আনন্দ ল’বলৈ ৰাজী হৈছোঁ৷ তাতে আকৌ সন্মুখত ইণ্টাৰনেছনেল ব’ৰ্ডাৰ৷ ইণ্ডিয়ান আৰ্মীৰ ট্ৰেক৷ লগত প’ৰ্টাৰ আৰু গাইড৷ সীমান্ত বুলিলেই বুজাব নোৱাৰা মাদকতা, উৎসুকতা এটা সদায়ে থাকেই৷ এতেকে প্ৰস্তাৱটোও লোভনীয়৷
সেই বাটে ইতিমধ্যে ট্ৰেকিং কৰি অহা অগ্ৰগামীজনৰ
পৰা অভিজ্ঞতাপুষ্ট দু-আষাৰ জানিবলৈ আগ্ৰহী হৈ ৰ’লোঁ৷ তেনে বৰ্ণনাই হেৰাই যোৱাৰ প্ৰস্তুতিত মোকো
নিশ্চয় সহায় কৰিব৷ আনহাতে, আগৰ ভ্ৰমণ-লেখাবোৰ পঢ়ি কোনো কোনোৱে পিছৰবাৰত ‘মোকো টুকুৰিয়াবচোন’ বুলি কৈ থৈছিল৷ সেয়া মোৰ
মনত আছে৷ প্ৰধানকৈ এই দুটা কথাৰ বাবেই প’ষ্টটো লিখিলোঁ৷ এতিয়ালৈ ইমানেই৷ ইফালে, দুজনীয়া তম্বু
কিনিবলৈ অৰূপদা আজি পুৱাতে কেনিবা গ’লেই! জুইকুৰা তেওঁৰো ভালকৈয়ে জ্বলিছে৷
No comments:
Post a Comment