Sunday, 11 October 2015

আজি পুৱা
(গল্প নহয়, সত্য)

ইমান ডাঙৰ! অলপদিন ধৰি টেলিভিচনৰ পৰ্দাত দেখি অহা সেই বিজ্ঞাপনটোৰ সুৰতে সুৰ মিলাই ময়ো কৈ উঠিলোঁ, 'বাঃ ইমান মানুহ!' মাইকীয়ে-মতাই, ছোৱালীয়ে-ল'ৰাই নেদেখা নেদেখা মানুহ কিছুমানেৰে ৰাস্তাটো আজি ভৰি পৰিছে৷ বিৰ দি বাট পোৱাই মস্কিল৷ প্ৰাতঃভ্ৰমণৰ ৰেগুলাৰ প্ৰাণীকেইটাই আগ বাঢ়িবলৈ বাটকে বিচাৰি নোপোৱা হৈছোঁ৷ পেণ্ডুকনাৰ পৰা বুঢ়ীলৈকে, টেঁটেৰাৰ পৰা পেটুৱালৈকে চেণ্ডেল চোঁচৰাই চোঁচৰাই লাহে-ধীৰে হেপোৰ-তেপোৰকৈ গৈ আছে, আহি আছে৷ মই তাৰ মাজে মাজে বাট কাটিবলগীয়া হৈছে৷ ট্ৰেক চুটৰ সাজত খৰ খোজেৰে আগ বাঢ়ি যাওঁতে সিহঁতবোৰে মোলৈ ঘূৰি ঘূৰি চাইছে৷ ময়ো ভাবিছোঁ, আজি কি হ'ল এইমখাৰ? ইমান মানুহ মৰ্নিং ৱাকত ওলাইছেযে! কথাটো কি? চীনক পিছ পেলোৱাৰ অগ্ৰিম ছবি এখন অৱলীলাক্ৰমে যেন আজি পাই গৈছোঁ মই!

বাৰোৱাৰী পূজা মন্দিৰৰ সন্মুখত দেধাৰ মানুহ৷ মাইকী মানুহ আৰু ছোৱালীৰ সংখ্যাটো বেছি৷ মাইকত কিবা গাই আছে৷ সেইখিনিতে সদায় ১নং পুলিচ পইণ্টত ঘূৰণীয়া পাকটো লৈ ঘূৰি আহোঁ৷ চিনাকি এজনক দেখি চাপি গ'লোঁ৷ সুধিলোঁ, 'কথাটো কিহে মহাশয়? ৰাইজক কিহে পালে আজি?'
'হেই আপুনি নাজানে নেকি? আজি মহালয়া৷'
'কওকচোন কওক অলপ…'
'কৈলাশৰ পৰা দুৰ্গাই আজি ধৰাত লেণ্ড কৰিব৷ ধৰ্মবুদ্ধি মোৰো সিমান নাই৷ গতিকে ডিটেইলচ নাজানো দিয়ক৷ পিছে তাকে লৈ উৎসাহিত ভক্তগণৰ এয়া আৰু..., দেখিছেই নহয় কোব৷'

মন্দিৰটোৰ সন্মুখত ভক্তপ্ৰাণ ৰাইজৰ হঠাতে লগা অস্বাভাৱিক ভিৰটো দেখি বিচূৰ্তি খোৱাৰে কথা৷ ইটো ৰাস্তাৰে আহিছে মানুহ, সিটো ৰাস্তাৰেও আহিছে মানুহ, জাক জাক মানুহ৷ তাৰে কিছুমানৰ গাত আকৌ নতুন নতুন লগা কাপোৰ৷ পূজা লাগিলেই তাৰ মানে! গৃহস্থ বাটলৈ ওলাই অহাত কুকুৰবোৰেও পিছ শুঙি শুঙি যেনি-তেনি তহলদি ফুৰিছে৷ ভাদমহীয়া ক'ৰ্চটোৰ ৰৈ যোৱা অংশ পূৰণৰো প্ৰচেষ্টা কেনিবাদি নচলা নহয়৷ য'তে-ত'তে অপদস্থ হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰি পেলায় ইহঁতে৷ গৃহস্থৰ ইফালে খবৰ নাই৷ তেওঁ এতিয়া দুৰ্গাক লৈ ব্যস্ত৷ বাকী বাদ৷

মা দুৰ্গাৰ উৎসাহিত ৱেলকামাৰ কিছুমানক গাড়ীতো উঠি অহা দেখিলোঁ৷ ভক্তিত গদগদ গুৰু-গম্ভীৰ মুখমণ্ডল৷ ডেকা-চেঙেলীয়াক পিছে আজি পাই কোনে? পালচাৰ, গ্লেমাৰ, স্পেলণ্ডাৰ, এপাচি লৈ দলে দলে ওলাইছে৷ বাইক ৰে'লীহে যেন! দুৰ্গাৰ সাইলাখ নাতিনীয়েকহঁতো কম নহয়৷ মেষ্ট্ৰ', এক্টিভা, প্লিজাৰ৷ চাঞ্চ পাই ব্ৰহ্মপুৱাতে ৰঙা সাজত চুলি উৰুৱাই দিছে৷ আহিছে, গৈছে৷ আকৌ আহিছে৷ উভয়ে পাক মাৰিয়ে আছে, মাৰিয়ে আছে৷

সকলো মিলি উপদ্ৰৱটো এনেকুৱা হৈ পৰিছে যে ৰাস্তাত চলা-ফিৰাটো আজি আমাৰ দৰে সাধাৰণ নৰ-মনিচৰ কাৰণে টানেই হৈ পৰিছে৷ বাটতে পোৱা মৰ্নিং ৱাকাৰ এজনেতো খাৰাংখাচ সুৰত কৈয়েই দিলে, 'এই বাইক-স্কুটীবোৰে আজি ইমান ডিষ্টাৰ্ব কৰিছে, ওচৰত পালে চৰ সোধালোঁহেঁতেন৷' মই লগে লগে বাধা দি উঠিলোঁ, 'হেই হেই তেনে নকৰিব৷ শান্ত হওক৷ নিজৰ ৰাস্তা নিজে কাটক৷ এইবোৰ বয়সৰ কথা৷ আমাৰ দিনত নাছিল, এতিয়া আছে৷'

কিছুমানক দেখিলোঁ কাউৰী পুৱাতেই ম'বাইল টিপাটিপি কৰি আছে৷ গান্ধী পাৰ্কৰ ষ্টেপত এগাল ছোৱালী৷ হাতে হাতে 'ছেকেণ্ড চউল'৷ মুঠতে গলগ্ৰহই নেৰিছে৷ টোপনিৰ সময়কণহে বাদ৷ সাৰ পালেই হাত বন্দী৷ মহিষমৰ্দিনীক এইবাৰ অইন নালাগে, একষ্ট্ৰা হাত এখন-দুখনৰ বাবে আৱেদন জনোৱাহে কথা৷ নহ’লে বৰ দিগদাৰ হৈছে৷

বাটতে শইকীয়া বৰদেউতা মোৰ লগ লাগিল৷ সোধাত ক'লে, 'হিমালয়ৰ পৰা দেৱী মৰ্ত্যলৈ নামি অহাৰ দিন আজি৷ সাদিনীয়া টুৰ৷ সাত দিনৰ পিছত পাবহি৷' জনালে, দুৰ্গা পূজাৰ চান্দা বিচাৰি পৰহি হেনো দুৰ্গা বন্দনাত মন-প্ৰাণ সঁপি দিয়া এপাল মাইকী মানুহ আহিছিল তেওঁৰ ওচৰলৈ৷ পূজাখনৰ বাবে এহাজাৰ টকা লাগেই৷ ডিমাণ্ড৷ তেওঁ ক'লে, 'কোনো কথা নাই, দিম বাৰু৷ কিন্তু সদ্যহতে কওকচোন, মা দুৰ্গাই তেৰাৰ দহোখনি হাতেৰে কি কি বস্তুনো ধাৰণ কৰি আছে? সেইবোৰৰ গূঢ়াৰ্থনো কি? উত্তৰ দিব নোৱাৰি ভেচভেচীয়া হৈ শক্তিপূজাৰ দুৰ্বল সেৱিকাসকল অহা বাটেই প্ৰস্থান কৰিলে! তাকে লৈ আমাৰো ৰগৰ অলপ চৰিল৷

দেখিছোঁ, ৰাস্তাকেইটাত বাঙালী লোকেই বেছি৷ বাঙালীৰ ‘বাৰ মাহত তেৰটা পূজা’ বুলি কথা এষাৰ কেতিয়াৰে পৰাই শুনি আহিছোঁ৷ সি যি কি নহওক, মাক-পুতেক-জীয়েক আদি কৰি বাঙালী পৰিয়াল এটা বিপৰীত ফালৰ পৰা আহি আছিল৷ কণমানি পুত্ৰই বাহাদুৰী মাৰি লগৰটোক শুনাই গৈছে, 'আজি মই চাৰিটা বজাতে ৰাস্তাত ওলাইছোঁ৷ ন মা?' মাকৰ সঁহাৰিত ধমকিৰ সুৰ, 'পঢ়া-শুনা কৰিবলৈ যদি এনেকৈ উঠিলিহেঁতেন!' বেচেৰা! মাকজনীয়ে আজিৰ এইকণ আনন্দদায়ক সময়ত এনেকৈনো তাক ক'ব লাগেনে? স্ফূৰ্তিকণ তেনেই পণ্ড কৰি দিলে তাৰ৷ সি নিশ্চুপ হৈ পৰিল৷ তাক দেখি মোৰ হাঁহি উঠি গ'ল৷ দুখো লাগিল বেচেৰালৈ৷ সিনো কিডাল জানে? মাক-বায়েকহঁত ওলাইছে কাৰণেহে...

ঘৰৰ ওচৰ চাপিলোঁহি৷ সিফালৰ পৰা অতুল আহি আছে৷ মাইকী মানুহৰ লানি চাই সিও বৰ ৰস পাইছে৷ মোক চিন্তিত যেন দেখি ক'লে, 'চিন্তা নকৰিবা৷ বুন্দীয়া, জেলেপি খাবলৈ যোৱা মানুহবোৰ আজিহে যি দেখিছা, কাইলৈৰ পৰা এটাও নেদেখা ৰাস্তাত৷ আমিয়েই থাকিম৷ চাবা, হয়নে নহয়৷ আজি অলপ কষ্ট কৰা আৰু৷' দুৰ্গাৰ এইবাৰৰ কনভয়টোৰ বিষয়েও সিয়েই জানিবলৈ দিলে যে মা বোলে হাতীত আহিব, লাহে লাহে আহিব, বেলগছৰ তলত থাকিব৷ নাৱত যাবগৈ৷ মহিলাসকলৰ হাতে হাতে দেখা পাই থকা প্লাষ্টিকৰ ঠোঙাটোহঁতৰ বিষয়েও সিয়েই ব্যাখ্যা দাঙি ধৰিলে, তাত কি কি আছে৷ মই নাজানিছিলোঁ৷ তেতিয়াহে জানিলোঁ৷

কান্ধত কেঁচুৱা আৰু শিশু এটা লগত লৈ এগৰাকী গৈ আছে৷ বিপৰীত দিশৰ পৰা হাত ঠোঙা লৈ এপাল মহিলা৷ এ মহালয়া বুলি কবই নোৱাৰ নেকি? আমি আহিলোঁগৈয়ে৷ তই এতিয়াহে ওলাইছ! শেষেই হল নহয়! মহালয়াৰ খোজ নহয়, তেওঁ লৰা-ছোৱালীহালক ফুৰাইছে৷ সিগৰাকীয়ে কেঁচুৱাটো চালে অলপ পৰ৷ কিবাকিবি পাতিলে৷ তাৰ পিছত দিহাদিহি গলগৈ৷ মন কৰিলোঁ, ঠোঙাৰ পৰা বুন্দীয়া, জেলেপি কেইটামান উলিয়াই হোঁ খাবিগৈ, ল বুলি অকণো নিদিলে হলে৷

স্কুলৰ আগৰ গছ এজোপাৰ তলত বেঞ্চ এখন পতা আছে৷ খোজ সামৰি তাতে বহি ল'লোঁ, আলেখ-লেখ চাওঁ বুলি৷ পিছত কোনোবা ডেকা এটাক বহুৱাই পুৱাতে ৰাস্তাত স্কুটী শিকি থকা ছোৱালীবোৰ গ'ল কলৈ? এনেয়ে হ'লে সিহঁতবোৰৰ দপদপনিও কম নহয়৷ খোজ কঢ়াত বাধা জন্মায়৷ লাহে লাহে মানুহবোৰ কমি আহিল৷ মহালয়াৰ বাবে আজি ৰাস্তাত ইহঁতকেইজনীও দেৰিকৈ ওলাবলগীয়া হৈছে৷ মানুহৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ সিহঁতে অলপ সময় ৰৈ দিছে৷ আমি পিছে নিয়মিত সময়তে ঘৰৰ পৰা ওলাই আহিছোঁ৷ উপভোগ কৰিছোঁ বছৰৰ বাকী দিনকেইটাত বিৰল কিছু দৃশ্য৷

মৰ্নিং ৱাক শেষ কৰি সিফালৰ পৰা হালৈ আহিল৷ মোৰ কাষতে বহিল৷ তেওঁৰ মুখৰ পৰা প্ৰথম বাক্যটো ওলাল, 'মাইকীবোৰক দুৰ্গাই লম্ভিলে আজি৷' দুয়ো কথা পাতিব ধৰিলোঁ৷ বজাৰৰ মাজৰ হিমালয় হোটেলত হেনো বিৰাট ভীৰ৷ সোমাবকে নোৱাৰি৷ তেওঁ দেখি আহিছে৷ বেছিভাগেই পুৰী-চবজি খাই আছে৷ পেণ্ডুকনাবোৰৰ বোলে ধাণ্ডা সেইটোহে৷ ক'ৰ দেৱী ক'ত আহে ক'ত যায় কথা নাই৷ তিনিবজাৰে পৰাই হেনো দলদোপ-হেন্দোলদোপ৷ ৰাস্তাত খোজ পেলোৱাত তেৱোঁ বৰ কষ্ট পালে আজি৷ মহিলাৰ গাত খুন্দা-খুন্দলিও লাগিল হেনো৷

তেনেতে পূজা কমিটিৰ বৰ্মন বোলাজন আহি ওলাল৷ বাঁওকাষে বহোঁতেই মহালয়াৰ প্ৰসংগ টানিলোঁ৷ তেওঁ যি জানে অলপমান ক'লে৷ পঞ্জিকাৰ উদ্ধৃতি দি এইটো ক্লিয়েৰ কৰি দিলে যে দেৱী ঘোঁৰাত আহিব, দোলাত যাব৷ অতুলে কোৱাৰ দৰে নহয়৷ আৰু ক'লে যে ঘোঁৰাত অহাৰ বাবে কাজিয়া-পেছাল হ'ব৷ দোলাত যোৱাৰ বাবে মাৰি-মৰক হ'ব৷ মই তেওঁৰ মুখৰ ফালে ৰ-লাগি চাই থাকিলোঁ৷

সঁচা-মিছা নাজানো, আলোচনাৰ অন্তত এই সিদ্ধান্তত উপনীত হ'লোঁ যে এইকেইদিন খুব সচেতন হৈ থকাই বুদ্ধিমানৰ কাম হ'ব৷ দুৰ্গাই যাতে নিজৰ প্ৰভাৱ খটুৱাই কাৰো লগত কাজিয়া লগাব নোৱাৰে, অসুখতো যাতে পেলাব নোৱাৰে তাৰ বাবে নিজৰ জিভাখন চম্ভালি থাকিম৷ এইকণ শিকনিকে লৈ প্ৰাতঃভ্ৰমণ শেষ কৰি ঘৰ সোমালোঁহি৷

No comments:

Post a Comment